অন্যযুগ/


নীলমণি ফুকনৰ কবিতা : বোধ, বৈভৱ আৰু সমৃদ্ধিৰ ব্যাখ্যান

ড° প্ৰাণজিৎ বৰা


নীলমণি ফুকনৰ কবিতাৰ বিষয়ে আলোচনা কৰিবৰ পৰত প্ৰখ্যাত কবি-সমালোচক হীৰেন্দ্ৰনাথ দত্তই এষাৰ অতি গুৰুত্বপূৰ্ণ কথা কৈছে– ‘এক ট্ৰেজিক বোধৰ দ্বাৰা মুহূৰ্মুহঃ শিহৰিত বেদনাৰ অনুভূতি ফুকনৰ কল্পনাশক্তিৰে ধাৰ ৷এই ট্ৰেজিক বোধৰ ব্যাখ্যা দত্তই আগ বঢ়োৱা নাই, কিন্তু আন এগৰাকী স্বনামধন্য কবি-সমালোচক হৰেকৃষ্ণ ডেকাই ফুকনৰ সম্পূৰ্ণ কবিতাত লিখা নিজৰ দীঘলীয়া ৰচনাখনত তাৰ ব্যাখ্যা আগ বঢ়াইছে ঠিক এইদৰে– ‘জগতৰ সামগ্ৰিক অযৌক্তিকতাৰ বিষয়ে জ্ঞাত হৈও যেতিয়া মানুহে মনৰ যৌক্তিক পৰিচালনাৰে জীৱনক অৰ্থপ্ৰদ কৰিবলৈ প্ৰকল্প গ্ৰহণ কৰে আৰু শেষ অৰ্থত জগতৰ যুক্তিহীনতাত এই প্ৰকল্প পৰাজিত হব বুলি জানিও মানৱতাৰ প্ৰয়োজনত এই বীৰত্বব্যঞ্জক প্ৰকল্পক ত্যাগ নকৰে, তেতিয়া এই প্ৰচেষ্টাতেই Tragic sense-ৰ উদ্ভৱ হয় ৷ সমাজ-ক্ষেত্ৰত যুক্তিহীন বিশৃংখলাৰ আধিপত্যৰ মাজত ফুকনৰ মানৱীয়তাৰ পক্ষে যি যৌক্তিক প্ৰচেষ্টা, তাৰ নান্দনিক প্ৰকাশ এনেবোৰ কবিতাত ঘটাৰ কাৰণে তেখেতৰ কবিতাত Tragic sense অনুভৱ কৰা যায় ৷

এনেবোৰ কবিতাৰ জৰিয়তে ডেকাই মুখ্যতঃ ফুকনৰ দ্বিতীয় পৰ্বৰ কবিতাসমূহকে বুজাব খুজিছে ৷ নীলমণি ফুকনৰ কবিতাৰ পৰ্বান্তৰক কেন্দ্ৰ কৰি ইতিমধ্যে যিবোৰ আলোচনা হৈছে আমি সেইবোৰৰ পুনৰাবৃত্তি কৰিব খোজা নাই ৷ আমাৰ প্ৰশ্ন একেবাৰে পোনপটীয়াকৈ এয়ে যে হৰেকৃষ্ণ ডেকাদেৱে উল্লেখ কৰা নীলমণি ফুকনৰ দ্বিতীয় পৰ্বৰ উল্লেখিত কবিতাবোৰ আৰু তেনে ধৰণৰ আন কবিতাবোৰৰ মাজত জগতৰ যুক্তিহীনতাত এই প্ৰকল্প পৰাজিত হব বুলি জানিওএকান্তই উদ্দেশ্যপ্ৰণোদিত ধৰণে কেৱল মানৱতাৰ প্ৰয়োজনত এই বীৰত্বব্যঞ্জক প্ৰকল্পক ত্যাগনকৰাৰ প্ৰৱণতাৰ কিবা সাক্ষ্য আছে নেকি?

ফুকনে নিজৰ প্ৰকাশিত কোনোখন সংকলনতে সংকলিত নকৰা কটনিয়ানৰ পাতত প্ৰকাশিত (১৯৫৪) জাৰুৱালীৰ কবিতাত লিখিছে

              মূৰত সৰুদৈয়া সিয়া জাপি নাই

              জাৰুৱালী !

              তোৰ চেলেঙৰ সিয়নিত

              সাতোটা টাপলি

                    ...

                    ...

             দৈন্যজৰ্জৰ তোৰ জীৱনৰ উচ্ছল ফাগুন বনত

             বনজুইৰ পয়মাল...

১৯৫৪ চনৰ এই অনুৰণন ১৯৮১-ত প্ৰকাশিত তেওঁৰ সংকলন কবিতামুঠি মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলিত স্পষ্ট ৷ ১৯৫৪ চনত তোৰসৰ্বনামটোৰ ব্যৱহাৰৰ জৰিয়তে যি আন্তৰিক সম্বোধনযাৰ মাধ্যমেদি জাৰুৱালীগৰাকীয়ে প্ৰতিনিধিত্ব কৰা শ্ৰেণীটোৰ সৈতে কবিৰ এক নিবিড় অন্তৰংগ possessiveness সাব্যস্ত হৈছে, ১৯৮১-ৰ মুঠি মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলিৰ বাইগৰাকীয়ে তাক প্ৰায় তিনিটা দশকলব্ধ বোধ আৰু অভিজ্ঞতাৰে অধিক প্ৰগাঢ় ৰূপত মাথোঁ ৰূপায়িত কৰিছে

             মুঠি মুঠিকৈ কাটি তোৰ ঢেকীয়াৰ আঙুলি

             আজাৰৰ আন্ধাৰত তয়ে বেচ

 

             বাই তোৰ কোন গাঁৱত ঘৰ

              মৰেনে মানুহ তাত

                    ...

                    ...

             বাই তোৰ কোন গাঁৱত ঘৰ

             পিন্ধনে জেতুকা তই ফাটি যোৱা কলিজাত

এই শেষৰ যিটো বাক্য, তাৰ সামৰণিকল্পে কোনো ধৰণৰ যতিচিহ্নৰ ব্যৱহাৰ ফুকনে কৰা নাই (গোটেই কবিতাটোতে আৰম্ভণিৰপৰা শেষলৈকে এটাও যতিচিহ্ন, আনকি এটা হাইফেনো পাবলৈ নাই)। ইয়াৰ অৰ্থ এয়ে যে কবিয়ে বাইগৰাকীলৈ যিটো almost self-assertive প্ৰশ্ন প্ৰক্ষেপ কৰিছে, সমকালীন আৰ্থ-সামাজিক ব্যৱস্থাটোৰ পৰিপ্ৰেক্ষিতত তাৰ কোনো উত্তৰ নাই ৷ উত্তৰ একো নাই বাবেই যতিচিহ্নই বান্ধি দিব পৰা সীমাৱদ্ধতাৰো কোনো প্ৰশ্ন নাই ৷ ১৯৮১-ৰ দৈন্যজৰ্জৰ জীৱনৰ বাবেই এই একেবোৰ কথায়েই প্ৰায় তিনি দশকৰ আগৰ ১৯৫৪-ৰ জাৰুৱালীৰ কবিতাতো আছেকিন্তু জাৰুৱালীৰ কবিতাৰ এই সামৰণি মনৰ যৌক্তিক পৰিচালনাৰে জীৱনক অৰ্থপ্ৰদ কৰিবলৈগ্ৰহণ কৰা অত্যন্ত সচেতন (delibrate) এক প্ৰকল্পৰ ফল বুলি ভাবিব পাৰিনে?–

              ডাৱৰত উঠিব পৰা হলে বিজুলীবোৰ

              মুঠিয়ে মুঠিয়ে আনি সিহঁতৰ

              ঘৰবোৰত ছটিয়াই দিলোহেঁতেন৷

              তেতিয়া বাৰু

              পৃথিৱীখন কিমান ধুনীয়া হলহেঁতেন?

              জাৰুৱালী !

              ইমান ভাল লাগে তোক মোৰ !

১৯৫৪-ৰ মুঠিয়ে মুঠিয়ে আনিআৰু ১৯৮১-ৰ মুঠি মুঠিকৈ কাটিৰ মাজত হৃদয়বত্তাৰ যি গহীন আন্তৰিক প্ৰকাশ, তাত পাৰ্থক্য একো নাই ৷ ১৯৮১-ত প্ৰত্যক্ষভাৱে মাথোঁ বাই তোক কিমান ভাল লাগে মোৰ!বুলি কোৱা হোৱা নাই; কিন্তু বাই তোৰ আখলৰ লাওৰ খোলাত / সাঁচ দিনবুলি কওঁতে বোধ আৰু মননৰ বিপুল বিস্তৃত সমৃদ্ধিয়ে আমাক ঋদ্ধ কৰিছে ৷

বহুতেই কব খোজে যে এয়া বৰং বহুখিনিলৈ এক ৰমন্যাসিক দৃষ্টিভংগীৰ ফচল ৷ যদি সেয়া সঁচাও হয়, সেই দৃষ্টিভংগী কিন্তু limited নহয়৷ বৰং সৌন্দৰ্য আৰু বীভৎসতা, পূৰ্ণতা আৰু সীমাৱদ্ধতা, ক্ষয় আৰু সমৃদ্ধি আদি যুগ্ম বৈপৰীত্যসমূহৰ মাজৰ নিৰন্তৰ বিৰোধৰ সৈতে জড়িত মৌলিক প্ৰশ্নসমূহৰ দাৰ্শনিকসুলভ বীক্ষণেৰে সেই দৃষ্টিভংগীয়ে এক cosmic চৰিত্ৰ অৰ্জন কৰিছে ৷ একেবাৰে আৰম্ভণি পৰ্বৰেপৰা ফুকনৰ কবিতাসমূহত ব্যাপ্ত এই cosmic দৃষ্টিভংগীৰ পৰিপ্ৰেক্ষিতত এক নতুন সাজ পৰিধান কৰি সাব্যস্ত হোৱা তেওঁৰ ৰমন্যাসিকতাক নাকচ কৰাৰ কোনো যুক্তি নাই; কিন্তু ইয়াৰ মাজত যি স্বতস্ফূৰ্ততা আহিনমহীয়া সন্ধিয়া নিৰলে ফুলা শেৱালিৰ শুভ্ৰ সুৱাসৰ দৰে ব্যাপ্ত হৈ ৰৈছে তাক অত্যন্ত সচেতন, delibrate এক মানৱতাবাদী প্ৰয়াস বুলি ভাবিলেও অন্যায় হব ৷

অস্তিত্ববাদীৰ সংশয় আৰু নেতি ফুকনৰ কবিতাত নাই৷ বৰং মহিম বৰাৰ কবিতাত পোৱা ‘অজস্ৰ মৃত্যুৰে ৰঙীন’ মাছ যেন হৈ জীৱনৰ অনন্ত প্ৰৱাহ কবিৰ চেতনা আৰু উপলব্ধিত বাৰে বাৰে সবাক আৰু দীপ্ত৷ প্ৰতিবন্ধকতা, প্ৰতিকূলতা, সমসাময়িক পৰিস্থিতিৰ জটিলতাই মনলৈ অনা সংশয়, আতংক, হতাশা কিম্বা অস্থিৰতা এইবোৰ আছে ঠিকেই, কিন্তু  এইবোৰ এনেকুৱা কাহানিও হৈ পৰা নাই যে কেৱল এইবোৰৰ বাবে জীৱন হৈ পৰিছে যুক্তিহীন, নিৰৰ্থক এক কাৰবাৰ৷ একেটা মুহূৰ্ততে ধ্বংস আৰু সৃষ্টিৰ যুৰীয়া উপস্থিতিৰে মহীয়ান জীৱনক তেনেকৈয়ে গ্ৰহণ কৰাৰ বা আঁকোৱালি লোৱাৰ প্ৰৱল ইচ্চা তথা বিপুল আগ্ৰহহে বৰং তেওঁৰ কবিতাই বিস্ময়কৰভাৱে বহন কৰিব লাগিছে৷ ‘ভুলতে তোমাক বিছনাখনত খেপিয়াই ফুৰিছিলোঁ’ কবিতাত মৃত্যুৰপৰা ওপজা যি কাৰুণ্য আৰু বিষাদ, সেয়া জীৱনৰ ধাৰাৱাহিকতাৰ ‘কৰুণ’ (নিঃসহায় নহয়) স্বীকৃতিৰে শুভ্ৰ তিলফুলবোৰৰ দৰেই স্নিগ্ধ, নিস্কলুষ৷ ইয়াৰ মাজত অস্তিত্ববাদী সংশয়ৰ কোনো প্ৰশ্ন নাই৷ জীৱনৰ অযৌক্তিকতাৰ উপলব্ধিৰ ৰেশ ক’ত ইয়াত? ‘এই যেন প্ৰথম শুনিলো সেই মাত / ইমান নিজান / ‘ক’ৰে নাৱৰীয়া তই’ত আনহাতে জগতৰ অপাৰ বেদনাই কবিক জানো দিক্‌ভ্ৰান্ত বা দিশহাৰা কৰাৰ চিন আছে? তেজীমলাৰ দৰে নিঃসহায়-নিস্পাপ যিসকলৰ জীৱন-যৌৱন ব্যৰ্থ হৈ গৈছে তেওঁলোকৰ হৃদয়-বেদনাক কবিয়ে বৰং নিজৰ মাজত বহন কৰাৰ আকুতিহে তাত অনুৰণিত হৈছে গা শিয়ৰাই তুলিব পৰাকৈ সক্ষম সমাহিত মিতব্যয়ী বাক্‌ভংগিমাত–

    এই যেন প্ৰথম শুনিলো সেই মাত 

    ইমান নিজান

    নিজৰে মাতত

‘নিজৰে মাতত’ আনৰ বেদনা এইদৰে অনুভৱ কৰাটো অৱশ্যেই কোনো সচেতন ‘বীৰত্বব্যঞ্জক প্ৰকল্প’ৰ অংশ হ’ব নোৱাৰে৷ একেবাৰে আৰম্ভণিৰ পৰ্যায়ত প্ৰবল শূন্যতাবোধ কিম্বা অৰ্থহীনতাৰ অনুভৱৰ মাজত বাট হেৰুৱাই পেলোৱাহ’লে সূৰ্য হেনো নামি আহে এই নদীয়েদিত সেই ষাঠিৰ দশকৰ আৰম্ভণিতেই ফুকনৰ বাবে কাহানিও এনে ধৰণৰ উচ্চাৰণ সম্ভৱ হৈয়ে নুঠিলেহেঁতেন–

    আমাৰ প্ৰথম শিশুটিৰ মৃত্যুৰ দিনা

    দুয়ো চকুপানী টুকি টুকি 

    ভাবিছিলোঁ,

    পৃথিৱীৰ আটাইবোৰ মানুহ মাতি আনি

    একে ঠাইতে

    যদি একেলগে থাকিব পাৰিলোহেঁতেন৷

ব্যক্তিগত এক শোকক সহনীয় কৰি তোলাৰ নিমিত্তে জগতৰ আটাইবোৰ মানুহক মাতি আনিবৰ এই আকাংক্ষাক ব্যক্তিগত পৰ্যায়ৰ পলায়নবাদিতাৰ নামান্তৰ বুলিলে ভুল হ’ব৷ কবিতাৰ শেষৰ শাৰীৰৰ ‘দাড়ি’ যতিচিহ্নয়ো প্ৰতিপন্ন কৰিছে যে কবিৰ এয়ে হৈছে চূড়ান্ত বোধ৷ ভাববোধক [!] চিহ্ন সেয়ে তাত ব্যৱহাৰ হোৱা নাই৷ ষাঠিৰ দশকৰে মাজভাগৰ নিৰ্জনতাৰ শব্দত সংকলিত ‘তোমাৰ দুখ’ত কবিয়ে তেওঁক ‘পিঙত পেলাই’ মৰা শূন্যতাক অতিক্ৰম কৰাৰ কথা ক’বৰ পৰত তেওঁৰ এই বোধ আৰু প্ৰৱল আৰু স্পষ্ট হৈ ধৰা দিছে–

একুৰা জ্বলি থকা জুইৰ মাজেদি আকৌ পৃথিৱীত মই বিচৰণ কৰোঁ৷

মই সেৱন কৰা বায়ু আৰু ভক্ষণ কৰা আহাৰৰ ভিতৰেদি তোমাৰ

দুখ মোলৈ আহে৷ তোমাৰ দুখে, অন্ধকাৰ এটা টানেলেৰে মোক

লৈ যায় অন্তহীন মানুহৰ মাজলৈ৷

‘অন্তহীন মানুহৰ মাজলৈ’ কবিৰ যাত্ৰাৰ আয়োজনে তাৰ পাছত ‘দহজন ডেকা মানুহৰ প্ৰত্যাৱৰ্তন’ৰ দৰে ষাঠিৰ দশকৰ শেষৰ ফালৰ (আৰু কি নৈশব্দ সংকলনত সংকলিত) কবিতাত কবিক মুখামুখি কৰাই দিছে এটা ভগা মন্দিৰৰ ভিতৰৰপৰা ওলাই আহি পুনৰ ভিতৰলৈ সোমাই যোৱা বিবস্ত্ৰা পাগলী তিৰোতা এজনীৰ সৈতে, সেই নাৰীৰ বিকট চিঞৰ, বিবৰ্ণ মাত আৰু কৰুণ কণ্ঠস্বৰৰ সৈতে৷ এই বিশেষ কবিতাটোৰ গাঁথনি ফুকনৰ আন বেছিভাগ কবিতাৰপৰা ব্যতিক্ৰম– বিশেষ পৰিস্থিতি এটাৰ নাটকীয় তেওঁৰ আন কবিতাত নাই বুলিলেও ভুল নহ’ব৷ কিছু পাছৰ ‘গোটেই ৰাতিটো গুলিয়াগুলি চলি আছিল’ কবিতাটো হয়তো কিছুদূৰলৈ একে চৰিত্ৰৰ৷ যি নহওক, এই কবিতাটো সংকলিত হৈ থকা সত্তৰৰ দশকৰ আৰম্ভণিৰ ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে সংকলনত শূন্যতাবোধ বা স্তব্ধতাক যন্ত্ৰণাদগ্ধ আন কাৰোবাৰ প্ৰতি একান্ত সহমৰ্মিতাৰে নিজৰ কৰি লোৱাৰ বাবে কবিৰ যি তাড়না, সি যেন নাটকীয় অভিঘাত এৰি সৰল অথচ সবল প্ৰকাশৰ বাটো বিচাৰি পালে৷ ‘হিম হৈ যোৱা তেওঁৰ হাতখনলৈ আকৌ’ শীৰ্ষক কবিতাৰ এই পংক্তিটোত জাকি মাৰি উঠা সৰল, নিভাঁজ সহমৰ্মিতাবোধৰ এই অভিব্যক্তিলৈ চাওক–

হাত দুখন তেওঁৰ মোৰ হাতৰ মাজলৈ তুলি ল’লোঁ৷

মেলি দিলোঁ ইটোৰ পিছত সিটো আঙুলি৷

অনুভৱ হ’ল– সিহঁতে যেন

মোৰ আঙুলিত সোমাবলৈ বিচাৰিছে,

হাত দুখন মোৰ তেওঁৰ হাতৰ মাজত

ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰিছে৷

সত্তৰৰ দশকৰ মাজভাগৰ কাঁইট আৰু গোলাপ আৰু কাঁইটত এই অভিব্যক্তি আৰু অধিক প্ৰাণৱন্ত আৰু বেগৱান–

ফেকুৰি-ফেকুৰি কেঁচুৱাটোৱে মৰা মাকৰ পিয়াহ চুপিছে

কেলৈ লাগে মুখত দিব সোণ-ৰূপ

পিয়াহ দুটা স্বাধীনতাৰ

উচুপি উচুপি মাকে মৰা কেঁচুৱাটোৰ গা ধুৱাইছে

কেলৈ লাগে গাত দিব হালধি-মাহ

কেঁচুৱাটো স্বাধীনতাৰ

ক’লৈ উৰি গ’ল সহস্ৰ সূৰ্যৰ সেই চন্দ্ৰতাপ

কি কওঁ সিহঁতক মই কি কওঁ

কাঢ়ি থওঁ ক’ত মোৰ চকুদুটা আঁৰি থওঁ ক’ত

শেষৰ শাৰীটোত যন্ত্ৰণাদগ্ধ জনতাৰ মুখৰ ভাষাই ফুকনৰ কবিতাৰ ভাষাক একাকাৰ কৰি পেলোৱা কথাটো অতি গুৰুত্বপূৰ্ণ৷ গোলাপী জামুৰ লগ্ন, নৃত্যৰতা পৃথিৱী আৰু অলপ আগতে আমি কি কথা পাতি আছিলোঁৰ দৰে পাছৰ সংকলনসমূহত পৰিচিত সকলো বন্ধন সোলকাই কবিতাৰ ভাষা হৈ উঠিছে আৰ্ত জনতাৰ বুকুৰ বেথা আৰু মনৰ সন্তাপেৰে দোকোলটঁকা–

ক) লঘোণীয়া বুঢ়ীজনীয়ে ক’লে

‘বোপাই আৰু নক’বি

পানী গুচি শিল হ’ল

অন্ন গুচি বিহ হ’ল


চাব নোৱাৰোঁ

শুনিব নোৱাৰোঁ

ক’ব নোৱাৰোঁ

ভাবিব নোৱাৰোঁ

খাব নোৱাৰোঁ

শুব নোৱাৰোঁ


খ) ফুলবাৰীলৈ যাম

ফুলবাৰীত তোৰ কোন আছে

টুনি চৰাইবোৰ আছে

কি কৰিবিগৈ তেনে তাত

পথাৰলৈ যাম

পথাৰলৈ গৈনো কি কৰিবি

সুৱাগমণি ধান হ’ম

ধান হৈনো কি কৰিবি

পকিলে টুনি চৰায়ে খাব

...

ফুলবাৰীলৈ যাম

তোৰ লগত ময়ো যাম

এতিয়া বাৰু যাব নেলাগে থাক

গন্ধসৰৈ জ্বলে গাত


গ) এপষৰ আগতে সৰুকণ ঘাটৈয়ে আহি ক’লেহি

পেহীটি বেগতে ওলা

দেখিলোঁগৈ ঘাটতত গোটেইখন গঞা

নৈৰ বালিত উখহি উঁৱলি যোৱা

দুপৰীয়া এটা

‘মানসিকভাৱে আৱেগিকভাৱে আন্তৰিকভাৱে’ ‘গোটেইখন গঞা’ৰ মাজত নিজৰ অধিস্থানৰ প্ৰত্যক্ষ উপলদ্ধি ব্যতিৰেকে এই ধৰণৰ অভিব্যক্তি অসম্ভৱ কথা ৷ এইমাত্ৰ উল্লিখিত স্তৱক কেইটাত কোৱাৰ দৰে সত্তৰ আৰু আশীৰ দশকৰ অসমৰ অভূতপূৰ্ব সামাজিক-ৰাজনৈতিক পৰিস্থিতিয়ে বিভ্ৰান্ত কৰা গঞাৰ দুৰ্ভোগ আৰু যন্ত্ৰণাৰ যি মৰ্মন্তুদ ছবি  ফুকনৰ কবিতাত উপলব্ধ, এয়া কোনো ‘কৰো বুলি কৰা’ প্ৰয়াসৰ ফল নহয় ৷ এই পৰিস্থিতিৰ স্ব-বিৰোধসমূহকো সাঙুৰি সকলোখিনিকে– আনকি ভয়াৱহ নিষ্ঠুৰতা আৰু ব্যথা-যন্ত্ৰণাকো তেওঁ নিনিৰ্মেষ ধৰণে একান্তই মানৱীয় বুলি গ্ৰহণ কৰিব পৰাৰ গুণেহে দৰাচলতে সম্ভৱ হৈ উঠিছে তেওঁৰ মানৱীয় অৱস্থান ৷ ইয়াৰ ব্যতিৰেকে কেৱল মানৱতাৰ প্ৰয়োজনত নিজকে মানৱীয় কৰি তুলিবৰ সাধ্য কাৰো নাই আৰু নহ’বও ৷ ষ্টেলিনৰ একনায়কত্ববাদী সময়ত মানৱাত্মাৰ যন্ত্ৰণা আৰু আৰ্তিৰ সাক্ষ্যদান কৰা আনা অখমাতোভাৰ কবিতাৰ দৰেই ফুকনৰ কবোতায়ো এছোৱা কালান্তক সময়ৰ সাক্ষ্যদান কৰিছে ঠিকেই– কিন্তু সি কালান্তক ইতিহাসৰ নিচক ধাৰাভাষ্য হৈ নাথাকি হৈ পৰিছে ভীষণভাৱে মানৱীয় – মানুহৰ বুকুৰ যন্ত্ৰণাবোধ আৰু অপাৰ বেদনাৰাশিৰে মহীয়ান৷ যন্ত্ৰণা আৰু ক্ষয়ৰ অবাৰিত অধ্যায়বোৰৰ এই গাঁথাবোৰে অপাৰ কৰুণা আৰু বেথাৰে বিগলিত কৰি তোলে মানৱাত্মা : উত্থাপন কৰে বৰ্তমান আৰু ভৱিষ্যতক লৈ সংবেদনশীল প্ৰাণৰ হাহাকাৰ আৰু আকূতি৷

কবিতাৰ মাজেৰে সাৰ পাই উঠা tragic sense-অৰ কথাটো হয়তো ঠিক এইখিনিতে প্ৰাসংগিক৷ চেক্সপীয়েৰৰ খুউব সম্ভৱ সৰ্বশ্ৰেষ্ঠ ট্ৰেজেদি কিং লিয়াৰ-ত এই ট্ৰেজিক বোধৰ উপলব্ধিয়ে সৰ্বোচ্চ শিখৰত আৰোহণ কৰিছে, যেতিয়া নিজেও মুমূৰ্ষুপ্ৰায় লিয়াৰে নিজৰ কনিষ্ঠা কন্যা কৰ্ডেলিয়াৰ মৃতদেহ কান্ধত লৈ চিঞৰি চিঞৰি কৈছে – 

         No, no, life!

        Why should a dog. A horse, a rat have life,

        And thou no breath at all? Thou’lt come no more,

        Never, never, never, never, never!

‘Never’ বোলা এই এটা মাথোঁ শব্দৰ পাঁচবাৰ পুনৰাবৃত্তিয়ে মৰ্মন্তুদ ক্ষয় আৰু তাৰ পাছৰ আগন্তুক সময়ৰ পৰিপ্ৰেক্ষিতত যি মানৱীয় প্ৰশ্ন নিক্ষেপ কৰিছে, সি এৰি যোৱা ট্ৰেজিক বোধ অনন্য আৰু অক্ষয় ৷ সি অন্তৰ কঁপাই তোলে অপাৰ কৰুণা আৰু বেথাৰে আৰু পাঠকক– সমস্ত পাঠকক কৰি তোলে ভীষণভাৱে মানৱীয়৷ নীলমণি ফুকনৰ কবিতাতো সেয়ে হৈছে ৷ সমসাময়িক পৰিস্থিতিৰ তেওঁ এগৰাকী constant participant– তেওঁৰ এই অংশগ্ৰহণ জগতৰ সামগ্ৰিক অযৌক্তিকতাৰ বিষয়ে জ্ঞাত হৈও মনৰ যৌক্তিক পৰিচালনাৰে জীৱনক অৰ্থপ্ৰদ কৰিব খোজা প্ৰকল্পৰ ফচল নহয়৷ এয়া বৰং জন্ম আৰু মৃত্যুৰ ক্ষয় আৰু সমৃদ্ধিৰ যুগ্ম বৈপৰীত্যৰ আৱৰ্তত গতি কৰি থকা আৱহমান জীৱনছন্দৰ প্ৰতিয়েই এক সঁহাৰি মাথোঁ ৷ এই সঁহাৰি গুণেই ফুকনে অভ্ৰান্ত দৃষ্টিৰে প্ৰত্যক্ষ কৰিব পাৰিছে সাম্প্ৰতিকক –

        ক’লৈ আহিলোঁ গ’লাগৈ ক’লৈ

        নেজানো কোনেও …

        নেজানো কোনেও নেজানো

        কুৰুৱাৰ ধুমুহাত কাৰ ডুবিল নাও

        বাটত জঁপিয়াই পগলা ঘোঁৰাৰ

        হেঁহনি

কিন্তু এই সত্যই কাবু কৰি পেলোৱা ‘চিনিক’ তেওঁ নহয়, জাৰ বাবে পাছ মুহূৰ্ততে কোনো প্ৰস্তুতি নোহোৱাকৈ তেওঁ ক’ব পাৰিছে – 

        নুৰুবানে সেইবুলি

        অকৌ সোন্দাকলৰ পুলি

বৰ্তমানৰ ক্ষয়গ্ৰস্ততাৰ বিপৰীতে ভৱিষ্যতৰ জীপাল উকমুকনিৰ এই অব্যৰ্থ উচ্চাৰণৰ মাজতে ফুকনৰ মানৱতাবাদী অধিস্থান ৷ এই অধিস্থানৰ পূৰ্ণ উপলব্ধিৰ বাবেই তেওঁৰ ট্ৰেজিকবোধৰ উপলব্ধিও সেয়ে অত্যন্ত জৰুৰী এক চৰ্ত ৷

                                                              ---


ভ্ৰাম্যভাষ : ৯৭০৬০৩৭৮৮৬

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ