অন্যযুগ/


কবিৰ সামাজিক অৱস্থিতি আৰু নীলমণি ফুকন

 ড° বিৰিঞ্চি কুমাৰ দাস


বিংশ শতিকাৰ প্ৰথমাৰ্ধৰ সাহিত্য চিন্তনৰ ক্ষেত্ৰখনত নিজৰ সপ্ৰতিভ উপস্থিতি সাব্যস্ত কৰা ইউৰোপীয় আধুনিকতাবাদৰ প্ৰভাৱে সাহিত্যত সামাজিক বিষয়তকৈ ব্যক্তিসত্তাৰ তমসাময় অন্তৰ্জগতৰ অন্বেষণৰ বিষয়টোক অধিক গুৰুত্বপূৰ্ণ অৱস্থানলৈ লৈ অহা দেখা যায় যদিও এইটো কোনোপধ্যে অস্বীকাৰ কৰাটো সম্ভৱ নহয় যে সকলো সাহিত্যিকৰে একোটা সামাজিক অৱস্থিতি থাকে আৰু এই সামাজিক অৱস্থিতিয়েই তেওঁৰ সাহিত্যৰ গতিপথ নিৰ্দ্ধাৰণ কৰে। আনকি সামাজিক বিষয়ৰপৰা আঁতৰি আহি ব্যক্তিকেন্দ্রিক বিষয়তে নিজক নিমগ্ন ৰখা সাহিত্যিকৰ সাহিত্যত প্ৰকাশিত ব্যক্তিকেন্দ্ৰিকতাও একোটা নিৰ্দিষ্ট সামাজিক প্ৰেক্ষাপটৰপৰা বিচ্ছিন্ন নহয়। এলিয়টৰ সমসাময়িক আৰ্থ-সামাজিক পটভূমি, সেই সময়ৰ আৰ্থ-সামাজিক কাৰকসমূহৰ মাজৰ আন্তঃসম্পর্ক অথবা দ্বন্দৰপৰা দৃষ্টি নিলগাই তেওঁৰ জে আলফ্রেড প্ৰুফ্ৰকৰ জটিল অন্তৰ্জগতখনৰ ওপৰত সম্পূৰ্ণকৈ পোহৰ পেলোৱাটো সম্ভৱ বুলি ধাৰণা কৰিব নোৱাৰি। সকলো সাহিত্যিকৰে -- তেওঁ আধুনিকতাবাদীয়েই হওক বা উত্তৰ আধুনিকতাবাদী বা উত্তৰ উত্তৰ আধুনিকতাবাদী- সাহিত্যিক দৃষ্টিভঙ্গীৰ বিকাশ একোটা সুনিৰ্দিষ্ট আৰ্থ-সামাজিক প্ৰেক্ষাপটৰ মাজত হবই লাগিব, কাৰণ আধুনিকতাবাদ বা উত্তৰ আধুনিকতাবাদো নিৰ্দিষ্ট একোটা সামাজিক ব্যৱস্থাগত আদৰ্শৰ সৃষ্টি আৰু সেই কাৰণে যিকোনো সাহিত্যকৰ্মৰে আলোচনাৰ ক্ষেত্ৰত এইবোৰৰ সামাজিক তাৎপৰ্য এটা গুৰুত্বপূৰ্ণ মাপকাঠি হব পাৰে। আনকি নিৰ্দিষ্ট একোগৰাকী সাহিত্যিকৰ সাহিত্যত প্ৰকাশিত হোৱা সমাজৰপৰা বিচ্ছিন্নতাবোধৰো এক সামাজিক তাৎপৰ্য থাকে। নীলমণি ফুকনৰ কবিতাৰ আলোচনাতো আমি এই কথাবোৰ সম্পূৰ্ণৰূপে উলাই কৰিব নোৱাৰোঁ।

এগৰাকী কবিৰ সামাজিক অৱস্থিতি সদায়েই যে তেওঁৰ কবিতাত সামাজিক বিষয়ৰ পোনপটীয়া উপস্থাপনৰ মাজেৰেই প্ৰকাশিত হব লাগিব, তেনে কোনো কথা নাই। যিকোনো কবিৰ সামাজিকতাক আমি বিভিন্ন দিশৰপৰা মন কৰিব পাৰোঁ; সামাজিক ঘটনাসমূহৰ প্ৰতি তেওঁৰ সচেতন বা অচেতন সঁহাৰি বা প্ৰতিক্ৰিয়া (আনকি নিৰ্লিপ্ততা), তেওঁৰ দ্বাৰা সামাজিক প্ৰপঞ্চসমূহ আৰু এইবোৰৰ মাজৰ সম্পর্ক তথা দ্বন্দসমূহৰ ঐতিহাসিক তাৎপৰ্যৰ অনুধাৱন আদিৰ প্ৰকাশৰ মাজেৰেই  এগৰাকী কবিৰ সামাজিক অৱস্থিতিৰ প্ৰতিফলন তেওঁৰ কবিতাত ঘটিব পাৰে।

যেতিয়া আমাৰ কবিতা অধ্যয়নৰ পৰিসৰৰ ভিতৰলৈ আহে নীলমণি ফুকনৰ দৰে এগৰাকী কবি, যিয়ে কবি হিচাপে এক সুবিশাল কাব্যিক আয়তনৰ মাজত বিচৰণ কৰাই নহয়, ব্যক্তি হিচাপে সামাজিক উত্থান-পতনৰ প্ৰতিও সচেতন সঁহাৰি সময়ে সময়ে নজনোৱাকৈ থকা নাই, কবিতাৰ সমাজমুখিতাৰ বিষয়টোৱে আমাৰ চিন্তনক বিশেষভাবে আলোড়িত কৰাটো তেনেই স্বাভাৱিক। জীৱনক ইয়াৰ সমস্ত বিশালতাৰে সৈতে উপলদ্ধি কৰাৰ প্ৰয়াস কৰা নীলমণি ফুকনৰ কবিতাৰ বহুমাত্রিকতাৰ বাবেই  কবি হিচাপে এতিয়ালৈকে তেওঁক বিভিন্ন দৃষ্টিকোণৰপৰা ব্যাখ্যা কৰা হৈ আহিছে। কবিগৰাকীৰ কবিতাত প্ৰকাশিত বিশাল মানৱীয় অভিজ্ঞতাই বিভিন্ন স্তৰৰ মাজেদি উদ্ভাসিত হোৱাৰ ফলস্বৰূপে তেওঁৰ কবিতাক বিভিন্ন কাব্যিক দৃষ্টিকোণেৰে বিচাৰ কৰাটো সম্ভৱ। কিন্তু এই বিভিন্ন দৃষ্টিকোণৰ মাজত কবিৰ সামাজিক অৱস্থিতিৰ কথাটো যে বহু সময়ত তল পৰি যায়, সেয়াও অনস্বীকার্য।

ইয়াৰ কাৰণ ভালকৈ অনুধাবন কৰিবলৈ যাওতে আমি প্ৰথমতে এই কথাটোলৈকে চাব পাৰোঁ যে কবিগৰাকীৰ প্ৰথমখন কাব্য সঙ্কলন প্ৰকাশ হোৱাৰ অনেক আগতেই, অৰ্থাৎ ১৯৫৬ চনতেই বিভিন্ন কবিৰ কবিতা সন্নিৱিষ্ট কৰি নতুন কবিতা নামৰ কাব্য সঙ্কলন এখন সম্পাদনা কৰি উলিওৱা মহেন্দ্র বৰাই সেই সময়ৰ সাপেক্ষে নতুন’ (অৰ্থাৎ আধুনিক অসমীয়া কবিতাৰ প্ৰাৰম্ভিক স্তৰৰ) কবিসকলক দুটা শ্ৰেণীত বিভক্ত কৰিছিল- জনতাৰ কবি আৰু নিৰ্জনতাৰ কবি; এনে ধৰণৰ শ্ৰেণী বিভাজন বহু দিশৰপৰাই অসম্পূৰ্ণ যদিও আমি গুৰুত্ব নিদি নোৱাৰোঁ যে তেওঁৰ এই শ্ৰেণী বিভাজনত নীলমণি ফুকনৰ স্থান আছিল দ্বিতীয়টো শ্ৰেণীত। ইয়েই তদানীন্তন অসমীয়া কবিতাৰ মানচিত্ৰত ফুকনৰ অৱস্থিতি সম্পৰ্কে আমাক এটা সাধাৰণ ধাৰণা দিয়ে। অৱশ্যে বৰাই ফুকনক ঠিক নিৰ্জনতাৰ কবি হিচাপে  নহয়, ‘নিৰ্জনাতীতৰ কবি হিচাপে ব্যাখ্যা কৰাটোহে অধিক পছন্দ কৰিছিল, আৰু এই ব্যাখ্যাৰ আঁৰত তেওঁৰ নিজস্ব যুক্তি আছিল । এইটো অনস্বীকার্য যে নিৰ্জনতা-নিসঙ্গতা তথা নিৰ্জনতাকেন্দ্ৰিক আত্মমগ্নতাৰ সৈতে নীলমণি ফুকনৰ বহু কবিৰ কবিতাৰ অন্তৰঙ্গতা অনেক প্ৰকট।

                 ওপৰলৈ মুখ কৰি

                  থিয় হৈ আছে যেন এজন নিঃসংগ মানুহ”

                               (এজন নিঃসংগ মানুহ) 

কবিতাটোত পানীৰপৰা ওলাই থকা জাহাজৰ মাস্তুলডালে প্ৰতিনিধিত্ব কৰা নিঃসংগ সত্তাটোৱে ওপৰলৈ মুখ কৰি নিজৰ ভূমাস্পৃহা প্ৰকাশ কৰিছে, আৰু এই ভূমাস্পৃহাৰ মাজতেই নিহিত হৈ আছে এই সত্তাটোৰ বিচ্ছিন্নতা আৰু নিঃসংগতাবোধৰ উৎস। কিন্তু জীৱনৰ অপাৰ ৰহস্যৰ সন্ধান কৰা এই সত্তা ভূমিৰপৰাও সম্পূর্ণ বিচ্ছিন্ন হব নোৱাৰে, যেনেকৈ কল্পচিত্ৰ হিচাপে অহা মাস্তুলডাল বিচ্ছিন্ন নহয় পানীৰপৰা।

এতিয়া মন কৰিবলগীয়া কথা হ, কবিৰ এই সুগভীৰ আত্মমুখিতাক সমসাময়িক সামাজিক কাৰকসমূহৰ প্ৰতি তেওঁৰ অনীহা বুলি নিশ্চয় কব নোৱাৰি। এয়া বৰং সামাজিক কাৰকসমূহৰ প্ৰতি দৃষ্টি আঁতৰাই নিনিয়াকৈয়ো এইবোৰৰ উৰ্দ্ধত কিবা এক বিশালতৰ জীৱন-বীক্ষাৰ সন্ধান কৰাৰ বাবে কবিৰ এক অন্তহীন প্ৰয়াসৰ ফলহে। কাৰণ ওপৰত উল্লেখ কৰা নিঃসংগ মানুহজনৰ দৰেই উৰ্দ্ধমুখী যাত্ৰাৰ সময়ত মাটিৰপৰা নিজকে সম্পূর্ণ বিচ্ছিন্ন নকৰা কবিয়ে সময়ে সময়ে মাটিলৈ নামি অহাৰ অনেক নিদৰ্শন আছে।

কিন্তু মহেন্দ্র বৰাৰ নতুন কবিতাৰ সময়ৰপৰা (ঊনৈছ শ পঞ্চাছৰ দশকৰ মাজভাগ) নীলমণি ফুকনৰ কবিতাই পৰৱৰ্তী বহুকেইটা দশকৰ দীঘলীয়া কাব্যিক পৰিক্ৰমাৰ মাজেদি আগ বাঢ়ি নিজৰ আয়তন বিশালতৰ কৰি গৈ আছে আৰু সেয়ে কেৱল আৰম্ভণিৰ সময়ছোৱাত প্ৰকট হৈ থকা নিৰ্জনতাবা নিৰ্জনাতীতৰ ধাৰণাৰে নীলমণি ফুকনৰ কবিতাৰ সামগ্রিক ব্যাখ্যা এতিয়া আৰু সম্ভৱ নহয়। এগৰাকী পৰিপূৰ্ণ শিল্পীৰ দৰে নীলমণি ফুকনে তেওঁৰ কবিতাক বিভিন্ন গতিপথত বিচৰণ কৰিবলৈ দিছে আৰু এনে কৰোঁতে তেওঁ সামাজিক প্ৰপঞ্চসমূহৰ প্ৰতিও একেবাৰে মনোযোগী নোহোৱাকৈ আছে বুলি কব নোৱাৰি। সেয়ে আমি চাবলগীয়া কথাটো হল নিৰ্জনতা বা নিঃসংগতা আৰু এই নিৰ্জনতা-উদ্ভূত আত্মমগ্নতাই নীলমণি ফুকনৰ কবিতাক কবিৰ সামাজিক অৱস্থিতিৰপৰা কিমানখিনি আঁতৰাই আনিছে।

ঊনৈছ শ সত্তৰৰ দশকত দেশৰ সামগ্ৰিক পৰিৱেশ উত্তাল কৰি ৰখা সামাজিক-ৰাজনৈতিক ঘটনাপ্ৰৱাহে কবিগৰাকীৰ দৃষ্টি বিশেষভাবে আকৰ্ষণ কৰিছে বা ১৯৮৩ চনৰ নেলীৰ গণহত্যাই তেওঁৰ কবিমনক জোকাৰি গৈছে। কিন্তু এয়া এক আকস্মিকভাবে হোৱা কথা বা কোনো নিৰ্দিষ্ট সামাজিক-ৰাজনৈতিক কাৰকৰ প্ৰতি তাৎক্ষণিক প্ৰতিক্ৰিয়াৰ ফল বুলি কব নোৱাৰি। কথাটো এনেকুৱাকৈ লব নোৱাৰি যে ইমানদিনে নিৰ্জনতাৰ সুখত আত্মমগন হৈ থকা কবিক সামাজিক অসূয়ামূলক ঘটনাসমূহে বাৰুকৈয়ে আমনি কৰিলে আৰু তেওঁ হঠাৎ তেওঁৰ নিজৰ সামাজিক অৱস্থিতি সম্পৰ্কে সচেতন হৈ পৰিল। স্বকীয় সামাজিক অৱস্থিতি সম্পর্কে সচেতনতা কবিৰ পূৰ্বৰেপৰা আছিলেই, কাৰণ ঊনৈছ শ পঞ্চাছৰ দশকৰ আৰম্ভণিৰ পৰ্যায়ত তেওঁ নিজৰ কাব্যিক পৰিক্ৰমাৰ সূচনা কৰোঁতে তেওঁৰ কলমৰপৰা সৃষ্টি হৈছিল জাৰুৱালীৰ গানবা জুইৰ দৰে কবিতাও, ত সমসাময়িক আৰ্থ-সামাজিক প্ৰেক্ষাপটৰ প্ৰতি কবিমনৰ সক্ৰিয় সঁহাৰি স্পষ্ট ৰূপত পৰিলক্ষিত হয়। কিন্তু শিল্পসচেতন কবিক শৈল্পিক ৰূপেৰে আশ্বস্ত কৰিব নোৱৰা জাৰুৱালীৰ গানবা জুইআদি কবিতাই নীলমণি ফুকনৰ বাবে কোনো কাব্যিক পথ ৰচনা কৰাৰ পৰিৱৰ্তে নিজেই অস্তিত্বহীন হৈ পৰিছিল মূলতঃ এই কাৰণেই যে প্ৰকৃতিৰ সুগভীৰ সান্নিধ্য, লোকজীৱনৰ প্ৰতি আকৰ্ষণ, জীৱন আৰু মৃত্যুৰ অন্তহীন ৰহস্যৰ প্ৰতি সজাগ সঁহাৰিয়ে কবিৰ মনলৈ কঢ়িয়াই অনা জটিল প্ৰশ্নসমূহৰ প্ৰেক্ষাপটত এক জীৱন-চৰ্যাৰ সন্ধান কৰাৰ প্ৰতি কবিগৰাকীৰ কবিমানস অধিক আগ্ৰহী হৈ উঠিছিল, যাৰ ফলত সামাজিক বিষয়সমূহ কিছু নিলগত ৰৈ গৈছিল। প্ৰতীকবাদ, অধিবাস্তৱবাদ আদি বিভিন্ন ধাৰাৰ প্ৰভাৱ আৰু বিভিন্ন আঙ্গিকগত পৰীক্ষা-নিৰীক্ষাৰ মাধ্যমেৰে আহি পৰা কাব্যিক উত্তৰণৰ বিভিন্ন স্তৰৰ মাজেৰে যাত্ৰা কৰা কবি নীলমণি ফুকনৰ কবিতাই ঊনৈছ শ সত্তৰৰ দশকৰপৰা তদানীন্তন অসমৰ আৰ্থ-সামাজিক, ৰাজনৈতিক ঘটনাপ্ৰৱাহৰ পিনে দৃষ্টি নিক্ষেপ কৰিবলৈ লোৱা কথাটোৱে এইটো নুবুজায় যে কবিয়ে নিজৰ কাব্যিক গতিপথ সলনি কৰি ইমানদিনে চকুত নপৰা জগৎ এখন সম্পৰ্কে হঠাৎ সচেতন হৈ পৰিল; বৰং কব পাৰি এয়া কবিৰ কাব্যিক পৰিক্ৰমাৰ অন্য এক স্তৰ। সত্তৰ আৰু আশীৰ  দশকৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ঘটনা-প্ৰবাহৰ মাজত নিহিত প্ৰচণ্ড অস্থিৰতাৰ পৰিৱেশে কবিয়ে ইমান দিনে নিজৰ আকাংক্ষাৰ মাজত বহন কৰি থকা চিৰন্তন সত্যসমূহৰ সন্ধানক বাধাপ্ৰাপ্ত কৰিছিল আৰু এই অস্থিৰতাৰ প্ৰতি সজাগ সঁহাৰি সেয়ে তেওঁৰ সংবেদনাৰ বাবে এক স্বাভাৱিক কথাই হৈ পৰিছিল। এই সঁহাৰি কেৱল কবিতাৰ বিষয়বস্তুগত দিশতেই পৰিস্ফূট হোৱা নাই; বিভিন্ন চিত্ৰকল্পৰ ৰূপতো সমসাময়িক আৰ্থ-সামাজিক পৰিৱেশে নীলমণি ফুকনৰ কবিতাত ধৰা দিছে। আশীৰ দশকৰ প্ৰথমাৰ্ধ্বত চলা অবৈধ প্ৰব্ৰজনকাৰী বিতাড়ন আন্দোলনৰ গইনা লৈ গা কৰি উঠা উগ্ৰ জাতীয়তাবাদী ভাবধাৰাৰ প্ৰতিমুখেও নীলমণি ফুকনৰ কবিমানসে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ থকা নাছিল। ১৯৮৩ চনৰ নেলীৰ গণহত্যাই বাৰুকৈয়ে ব্যথিত কৰা কবিৰ কলমে তেওঁৰ মনৰ এই গভীৰ ব্যথাক দ্ব্যৰ্থহীন ভাষাৰে প্ৰকাশ কৰিছে।

     হিংসা প্ৰতিহিংসা ঘৃণাৰ জুইত

    জ্বলে অকাল ৰাতি

    শিয়াল কুকুৰৰ টনা-আঁজোৰাত

    দেশৰ নাড়ী-ভুৰু-হাড়

        (কোনো নাই ইয়াত শিশু নাৰী বৃদ্ধ)

 এই সময়ছোৱাৰ কবিতাসমূহত দেখিবলৈ পোৱা এক কাৰুণ্যবোধেৰে সিক্ত সুগভীৰ মানৱতাবোধৰ মূল উৎসই হৈছে সমসাময়িক সামাজিক প্ৰপঞ্চসমূহৰ সন্দৰ্ভত কবিৰ সচেতনতা। কবিৰ সামাজিক অভিজ্ঞতাই তেওঁৰ বিভিন্ন কবিতাত ধৰা দিছে বিভিন্ন ধৰণেৰে। এক অস্থিৰ ৰাজনৈতিক বাতাবৰণে আনি দিয়া হিংসা আৰু সন্ত্ৰাসজৰ্জৰ পৰিৱেশৰ বিষয়ে তেওঁ মৰ্মান্তিক ধৰণেৰে লিখিছে

    টায়াৰ পোৰা গোন্ধাইছে

    ৰাকেইটাক টায়াৰ জ্বলাই পুৰিছে

        (আজি বহুদিন ধৰি দিনে নিশাই)

 অৱশ্যে সমসাময়িক আৰ্থ-সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিয়ে সকলো সময়তে ইয়াৰ সম্পূৰ্ণ শাৰীৰিক অৱয়বেৰে কবিতাত উপস্থিত হোৱা নাই। কেতিয়াবা কেতিয়াবা এই পৰিস্থিতি বা ঘটনাসমূহৰ প্ৰতি কবিমনৰ সংবেদনাত্মক সঁহাৰিয়ে এক ইংগিতধৰ্মী প্ৰকাশভংগীও বাচি লৈছে।

        কথাটো বৰ সাংঘাতিক

        নিজৰ চকু এটা নিজে কাঢ়ি

        হাতত লৈ ফুৰাৰ দৰে

        বৰ সাধাৰণ

        পাৰ এযোৰ পোহাৰ দৰে

            (আৰু তেতিয়াই অজ্ঞান হৈ পৰিছিলোঁ)

হিংসা আৰু নৃশংসতাৰ প্ৰাবল্যই মানৱতাক ভূলুণ্ঠিত কৰা পৰিৱেশে কবিক ব্যথিত কৰিছে যদিও এই ব্যথাৰ প্ৰকাশতেই কবি ক্ষান্ত হৈ ৰোৱা নাই। যিসকল লোকে এনেদৰে মানৱতাক ধ্বংসৰ মাজলৈ ঠেলি দি এক আত্মতৃপ্তিত ভুগি আছে, সেইসকলৰ প্ৰতি প্ৰশ্নবানো তেওঁ নেৰাকৈ থকা নাই। সেইসকলৰ কামৰ অন্তঃসাৰশূন্যতাৰ বিষয়ে এক সঁকীয়নিয়েও তেওঁৰ কবিতাত ভূমুকি মাৰিছে।

     দেখিলানে নিজকে ওপঙি থকা

    নিজৰে তেজৰ ডোঙাত

    বহুত সময় হবহুত সময়

    হে পৰিতৃপ্ত মানৱ

            (পালানে কিবা উত্তৰ)

 সমাজৰ প্ৰতি এক দায়ৱদ্ধ দৃষ্টি ৰখা নীলমণি ফুকনৰ কবিতাত সামাজিক বাস্তৱতাৰ প্ৰকাশে সদায়ে এক পৰিৱৰ্তনকামী বৈপ্লৱিক তাৎপৰ্য বহন কৰি ওলাই অহা নাই। সমসাময়িক ঘটনাস্ৰোতৰ মাজত মানৱতাবোধৰ বিলুপ্তিৰ প্ৰকট সম্ভৱনাই তেওঁক শংকিত কৰি তুলিছে । তেওঁৰ কবিমানসে পূৰ্বৰেপৰাই সন্ধান কৰি অহা চিৰায়ত কথাবোৰৰ কৰুণ পৰিসমাপ্তি তেওঁ নিবিচৰা বাবেই সমসাময়িক ঘটনাপ্ৰবাহৰ প্ৰতি তেওঁ সক্ৰিয়ভাবে সঁহাৰি দিছে । এই সঁহাৰিয়ে কেতিয়াবা দেশৰ চাৰিসীমাও অতিক্ৰম নকৰাকৈ থকা নাই। সেয়ে যুগোশ্লাভিয়াৰ বিপ্লৱৰ ছহীদসকলৰ ত্যাগৰ প্ৰতিও তেওঁ প্ৰত্যয়পূৰ্ণ সঁহাৰি জনাইছে।

     জুইকুৰা হল এতিয়া এটা বগা পাথৰ

    এটা থিয় ওখ পাথৰ

    পাথৰটোত পৰি আছে এটা বগা চৰাই

        (জুইকুৰা হল এতিয়া এটা বগা পাথৰ)

 সামাজিক প্ৰপঞ্চসমূহৰ প্ৰতি সজাগ দৃষ্টি সকলো সময়তে যে নীলমণি ফুকনৰ কবিতাৰ মূল শক্তি হৈ উঠা নাই,সেইটো ঠিক। কিন্তু তেওঁৰ সামাজিক দৃষ্টিকোণে জীৱন আৰু জগতৰ প্ৰতি তেওঁৰ সঁহাৰিক বিভিন্ন ধৰণেৰে প্ৰভাৱিত কৰিছে। সামাজিক কাৰকসমূহৰ প্ৰতি তেওঁৰ পূৰ্বৰ দৃশ্যমান নিৰ্লিপ্ততা আৰু এইবোৰৰ প্ৰতি তেওঁৰ পৰৱৰ্তী সময়ৰ সজাগতা তেওঁৰ কাব্যিক পৰিক্ৰমাৰ দুটা পৰস্পৰবিৰোধী স্তৰ নহয়; বৰং দুয়োটা স্তৰ তেওঁৰ কাব্যিক পৰিক্ৰমাৰ এক ধাৰাবাহিকতাৰ অংশহে, যি কাব্যিক পৰিক্ৰমাৰ মূল তাৎপৰ্যই হৈছে নিজতকৈ উত্তৰণৰ বাবে প্ৰয়োজনীয় চিৰায়ত প্ৰমূল্যৰ সন্ধান।

                               *****

ঠিকনা :

অধ্যক্ষ

বিএইচবি. মহাবিদ্যালয়, সৰুপেটা

ডাকঘৰ সৰুপেটা

জিলা বজালী

পিন ৭৮১৩১৮

ভ্ৰাম্যভাষ - ৭০০২১৪৩৩২৫

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ