অন্যযুগ/


নীলমণি ফুকনৰ সিখন হাত...

ধ্ৰুৱজ্যোতি দাস

কবিতা - কবিতা পঢ়ি ভাল লগা, কবিতাই আক্কাদিত কৰা আৰু কবিতাৰ প্ৰাণৱন্ত ৰূপে হৃদয় চুই যোৱা... এই কথাৰ লগত কবিতাৰ অপাৰ বিস্ময় কথাটো একে নহয় ৷ তাড়ণাত উপস্থিত হোৱা ভাব, ‘ভাবৰ অপাৰ বৈচিত্ৰ্য, কল্পনাৰ বিস্ময়কৰ বিস্তাৰ, দূৰ দিগন্তৰ লগত এক নিবিড় অন্তৰংগতা আৰু অতল গৰ্ভত লুকাই থকা অনিৰ্বচনীয় ৰহস্য, নৈসৰ্গিক অথচ কালাতিক্ৰান্ত সত্তা’ৰে মহিমাময় কবিতাৰ ৰূপকাৰ বুলি আধুনিক অসমীয়া কবিতাৰ জগতখনত কেৱল দুগৰাকী কবিলৈ আঙুলিয়াই দিব পাৰোঁ - এন. কে. বি. আৰু অজিৎ বৰুৱা ৷ তাৰ পাছত গৈ গৈ বা আহি আহি ৰৈ যোৱা যায়; যেন “গম্ভীৰ বিস্তৰ সাগৰক লাগ পাইলা ৷৷” গম্ভীৰ বিস্তৰ নীলমণি : কবিতাৰ অন্য এক নাম৷

নীলমণি ফুকনৰ কবিতাৰ যি পৰিক্ৰমা, সি বিৰল ৷ কবিয়ে ১, ২, ৩, ৪... কৈ কবিতা নিৰ্মাণ কৰি আছে; এই নিৰ্মিতি সণ্ঢালনি ৰূপত চলি আছে৷ এনেকুৱা আৰু এটা বা অন্য এটা ৰূপ আমি থাওকতে আঙুলিয়াই দিব নোৱাৰোঁ৷ সিংহভাগ কবিৰ ক্ষেত্ৰতে এটা সময়ত নিজৰ কবিতাই নিজেই অনুসৰণ কৰা কথাটো পৰিলক্ষিত হয়; নিশ্চয়কৈ এই কথাটো সুখকৰ হ’ব নোৱাৰে ৷ নীলমণি ফুকন ব্যতিক্ৰম ৷ সেইবাবেই নীলমণি ফুকনৰ কবিতা অনন্য মহিমাৰ কবিতা ৷ 

নীলমণি ফুকনৰ কবিতাই আমাক আহ্লাদিত কৰাৰ সময়ত আমি চমকিত হৈ লক্ষ্য কৰিছিলোঁ আপোন আপোনবোধৰ সুৰৰ জীৱন-মানস ৷ চহা জীৱনৰ ভক্তি, গৰখীয়া ল’ৰাৰ আশীৰ্ৱাদ, আশাৰ জীৱন, প্ৰেম আৰু হতাশা, বানপানীৰ ৰূপ ইত্যাদিৰে ভৰপূৰ লোক-জীৱনৰ ছবিখনৰ মাজৰ চিনাকি চিনাকি ভাষাত গাঁথিছে কবিয়ে আধুনিক কবিতা ৷ এটা সময় আছিল, লোকছবিৰ চমকপ্ৰদ কল্পচিত্ৰৰ প্ৰয়োগ প্ৰসংগ বুকুত সাবটিও গালে-মুখে হাত থৈ বহি থাকিছিল কবিৰ অমল অনুৰাগী ! কাৰণ লোক-জীৱনৰ ছবি অঁকা কবিৰ লোক-জীৱনৰ যন্ত্ৰণা আৰু হাহাকাৰৰ প্ৰতি প্ৰতিক্ৰিয়া আছিল নিৰ্জন উদাসীন ৷ কিন্তু ক্ষণিক সময়৷ তাৰ পাছত জোৱাৰ আহিল ৷ লোক-জীৱনৰ নিৰুপায় যন্ত্ৰণাৰ ছবি আধুনিক কবিতাত সজালে এক সামগ্ৰিক যন্ত্ৰণাৰ ৰূপেৰে ৷ এই ৰূপ বিচিত্ৰ হৈ গৈ থাকিল, বাঢ়ি থাকিল ৷ এয়াই জোৱাৰ৷ কবিতাৰ জোৱাৰ, নীলমণি ফুকনৰ কবিতাৰে ৷

        ‘‘দুয়োখন দুৱাৰ মেলি থ’বি 

               গৌৰীনাথ আহিব 


             দুয়োটা বাটিত সজাই থ’বি

             দুবাটি মঙহ হালধি সানি

             দুয়োটা চকুত জ্বলাই থ’বি 

            সাতামপুৰুষীয়া চকুপানী...’’ 

লোকছবিৰ অপৰূপ ৰূপ  নিৰুপায়ৰ চকুপানী৷ 

           ‘কাঠৰ চৰিয়া মাটিৰ ঘটি

           তাৰে ধুৱালে চিকন চোৰৰ ভৰি


           ফলীয়া তুঁহৰ জুই

           ফুৱাওঁতে ফুৱাওঁতে ধোঁৱাকুঁই

           তিনিডাল খাগৰিৰে জ্বলালে বাতি

        ধনঞ্জয়ে পাৰি দিছিল ঢাৰিপাটী...’

এই মালিতাৰ মুখৰোচক কথাৰ গূঢ়াৰ্থ ৰূপ নিৰুপায়ৰ চকুপানী উলিয়াই আনিছে কবিয়ে আধুনিক কবিতাৰে লোক-ছবিখনৰেই ৷ এক উদাহৰণ ৷

ঐতিহাসিক বিচাৰত মানুহৰ সাহজিক কবিপ্ৰাণত খলক তোলা ভাবাৱেগৰ প্ৰথম বাহক হ’ল লোক-কবিতা ৷ কথিত ভাষা যেনেকৈ লিখিত ভাষাৰ আগৰ, তেনেকৈয়ে মৌখিক লোক-কবিতাবোৰ প্ৰথম উৎপত্তিত লিখিত মান্য কবিতাবোৰতকৈ আগৰ ৷ উৎপত্তিতে লোক-কবিতা তপত আৱেগৰ পোনছাটেই হোৱা তপত প্ৰকাশ; এনে কবিতাত প্ৰথম সৃষ্টিৰ জন্মোত্তৰকালৰ উৎকৰ্ষণ-অলংকৰণ অনুপস্থিত ৷ লগতে আত্মপ্ৰচাৰবিমুখী কিন্তু অতি আত্ম-অচেতন তথা uniself concious-ও নহয়৷ আত্মসচেতন ধুন-পেছ বা লাহ-বিলাহৰ বুলনি নোহোৱাকৈয়ে লোক-কবিতাত ভাব-সৌন্দৰ্য আৰু শব্দ-সৌন্দৰ্যৰ সমাৱেশ ঘটে৷ লোক-কবিতা জাতীয় কবিতাৰ কাৰণে এটা প্ৰাথমিক আৰ্হিস্বৰূপ ৷ এই ভেঁটিৰেই যেন নীলমণি ফুকনৰ কবিতা : জগত সভালৈ অসমীয়া কবিতাৰ এটা বাটৰ মুখ ! চ’ৰা জেউতিৰে ভৰপুৰ৷ 

অসমীয়া লোক-কবিতা চ’ৰা জেউতিৰেই সমাহাৰ নহয়, এক বিচিত্ৰ চিত্ৰঘৰো ৷ কবি নীলমণি ফুকনৰ এখন হাত লোক-কবিতাৰ চ’ৰা জেউতিৰে মহীয়ান আধুনিক অসমীয়া কবিতাৰ এটি ভেঁটি হৈ পৰাৰ পাছত সহস্ৰ অনুৰাগীয়ে কবিৰ সিখন হাতলৈ চাই থাকিল বিচিত্ৰ চিত্ৰঘৰ এটাৰ বাবে ৷ হয়তো অকণমান চকুপানীৰে - আজিও ৷ জগতত এনে কবি ক’ত আছে বাৰু ? কিন্তু আছে, নীলমণি ফুকন আছে৷ উকা হাতলৈতো চোৱা নাযায় কেতিয়াও, সমৃদ্ধ হাতলৈহে চোৱা যায় । 

কবি নীলমণি ফুকনৰ চ’ৰা জেউতিৰ হাতলৈ প্ৰণাম... সিখন হাতলৈ চাই চাই !

...

ভ্ৰাম্যভাষ : ৯৯৫৪৩৫৫২৯৯

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ