অন্যযুগ/


কাব্যভীষ্ম নীলমণি ফুকন : অসমীয়া ভাষা-জাতীয় জীৱনবোধৰ দিগন্ত চৰিত্ৰ

ড° নন্দ সিং বৰকলা 


নান্দনিকভাৱেই সৰল, দৃষ্টিনন্দন শব্দমূল্যৰ অৰ্থঘন চৰিত্ৰৰ শব্দ-বাক্যৰ বিৰল মনাকৰ্ষক গাঁথনি, য’ত ক্ৰমশঃ ভূচিত্ৰাৱলী, ধৰ্ম, বৰ্ণ, সম্প্ৰদায় ৰাজনীতিৰ মনোজগতৰ ওপৰলৈ উঠে ঋষিতুল্য ধীমান কৃতধী নিতৌ নবীন পদব্ৰজ পৰিব্ৰাজক নীলমণি ফুকন৷ ফুকনদেৱৰ শব্দকলা মানেই ৰামধেনুৰ ৰং, আলোকিত জোনাক অথবা দোপালপিটা বৰষুণত তিতা মাটিৰ কোমল গোন্ধৰ সান্নিধ্য৷ বলিষ্ঠ, একাগ্ৰ, একান্ত সাৱলীল পৰিশীলিত তত্ত্ব, অৰ্থগধুৰ অসমীয়া মনোজগতৰ ভাষা প্ৰয়োগ প্ৰকৃততে মানুহৰ সন্ধান কৰা হিমালয় আস্থা, একলব্যৰ গুৰু প্ৰতিজ্ঞা দৰে বিৰল৷ বৌদ্ধিক কাব্য স্পন্দনৰ ছন্দত বিকশিত কথাশিল্প অসমীয়া ভাষাৰ বিনয়ী দৰ্শনো৷

পৃথিৱীৰ প্ৰান্তে প্ৰান্তে মানুহৰ বেদনাবিভোৰ বিষাদ মুদ্ৰাৰ মাটিৰ শৰীৰৰ অভিব্যক্তিয়ে নিতৌ তেওঁক আক্ৰান্ত কৰে৷ অসমীয়া ভাষাই তেওঁক, তেওঁ অসমীয়া ভাষাক নিতৌ সন্ধান কৰে, সংযোগেৰে প্ৰয়োগৰ অমিতাভ মনোহৰ ৰঙেৰে পৃথিৱীক অসমীয়া কবিতাৰ খবৰ দিয়ে৷ সেই খবৰত জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহৰ ভাব-চেতনা সূৰ্যসম পোহৰ উত্তাপ, পূৰ্ণিমা-জোনাকৰ শীতলতাৰ আইৰ মুখৰ ভাষাৰ প্ৰতি অতুল্য অনুৰাগ, অতুল্য প্ৰেম, অমৃত জগতৰ মানুহৰ স্বৰ্গ প্ৰতিষ্ঠা কৰাৰ বাসনাত কাব্যভীষ্ম ফুকনদেৱে চিৎকাৰ কৰি উঠে হিংসা, হত্যা, বুকুৰ ভিতৰলৈ ক’লা বেদনা প্ৰতিষ্ঠা কৰা ধৰ্মান্ধৰ উন্মাদনা, জীৱনৰ অনিশ্চয়তা, ৰাসায়নিক যুদ্ধৰ ভয়ৰ মাজত শাৰী পাতি পৰি থকা মৃতদেহৰ স্তুপত৷ 

ফুকনদেৱৰ উদ্বিগ্ন মনোজগতৰ গৰ্ভত বিষ এটা ক্ৰমশঃ থিতাপি লৈছে আই মুখৰ ভাষাটোৰ কাল অমাৱস্যাৰ দৃশ্যপটত৷ কংস, দুঃশাসন, হিৰণ্যকশিপু, ৰাৱণ, দুৰ্যোধনৰ ভৰিৰ দপদপনিত চিৰ চেনেহী ভাষাটোৱে মাটি হেৰুওৱাৰ উপক্ৰমৰ বেদনাৰ মাজেৰে শব্দসম্ভাৰৰ বিপুল আয়োজনেৰে ভাষাটোৱে মাটিৰ বক্ষ ফালি গজালি মেলি আকাশ স্পৰ্শ কৰাৰ হেঁপাহত ওখ হ’বনে? 

তেওঁ বিশ্বাস কৰে আমাৰ ভাষা মাটিৰ ৰঙত তিতা, ঠিক যেন নিউট্ৰন মধ্যাকৰ্ষণ শক্তিত আড়ষ্ট৷ অসমীয়া ভাষাৰ বৰ্ণময় হৃদয় স্পন্দিত ছান্দসিক ছন্দোৱদ্ধ ডঁৰিয়লিৰ অন্ত্যঃমিলে - অন্ত্যমিলে তৎসম, তৎভৱ, সন্ধি, সমাস, বিশেষ্য-সৰ্বনাম, বিশেষণ, মালিতাৰ গুঞ্জন, ব্যাকৰণ, অভিধানৰ অৰ্থবসন্ত ঘন অসীম ৰঙে ভাষাটোক পৃথিৱীক গৰিমাময় কৰিব৷ ঠিক যেন-  অসমীয়া ভাষা জগতসভালৈ যাব... এনে দুৰন্ত ৰং-ৰসত তেওঁ নিৰন্তৰ তিতি তিতি ভাষাটোৰ অতুল্য প্ৰেমিক হৈ আছে৷ 

চৌদিশে যুদ্ধ-উন্মাদ জলবায়ুত এতিয়া মাটিতকৈ তেজৰ মূল্য অধিক হৈ উঠিছে, জীৱনতকৈ মৃত্যুৰ গৰিমা বাঢ়িছে, মন্দিৰৰ ঘণ্টাধ্বনিতকৈ বন্দুকৰ শৱদ তেজৰঙা ক্ষমতা খঁকুৱা ৰজাৰ প্ৰিয় বিষয় হৈ উঠিছে৷ মানুহে মানুহক ঘিণ কৰাৰ তাগিদাত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ নদীবোৰ তেজৰ গৰাকী হৈ গৰ্ভস্থ কৰিছে অসময়ৰ অসুৰ মাত৷ এডিছ আবাবাৰ বাটৰ কাষৰ গছবোৰ, ঘৰবোৰ, পাহাৰ, ডেউকা মেলি দিগন্ত প্ৰসাৰি চৰাইবোৰ হঠাৎ বাৰুদৰ ধোঁৱাত ক’লা হৈ উঠিছে৷ 

ফুল ফুলাৰ বিশাল আৰু ভীষণ আয়োজনৰ বাগিচাবোৰ দেশে দেশে মৰহি উঠিছে৷ ফুলবোৰে পিটিকি চাইছে অস্বাভাৱিক মৃত্যুক দুঃকালৰ ঔৰংজেৱ, হিটলাৰৰ চকুবোৰক৷ এনে বিপদকালৰ প্ৰৱল, প্ৰচ্ছন্ন ঢৌৰ মাজতো ফুকনদেৱে জাতীয় জীৱনৰ বোধৰ ঐতিহ্য, ঐশ্বৰ্য, ইতিহাস চেতনাৰ বিজ্ঞান- সংস্কৃত মাটিক চহকী কৰা অসমীয়া ভাষাৰ কবি হৈ বিশ্বৰ কবিতাৰ ৰাজসভাক চহকী কৰাৰ কামত তেওঁ কলমত নিতৌ শব্দ তুলিছে৷ তেওঁৰ বুকুত বুকুৰ ধমনীৰে জিলিকি আছে বৰলুইতৰ দুপাৰৰ বৰ্ণময় মনোহৰ নৃ-গোষ্ঠীয় মানুহৰ জীৱনকালৰ এখিলা পাত৷ সেই পাতত তেওঁৰ প্ৰত্যয় ভৰা, আশাবাদ, প্ৰত্যাশাৰ ৰামধেনুৰ পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ যুগাত্মক উজ্জীৱিত মাটি জীৱনৰ প্ৰতিফলন ৰূপে তেওঁক নিতৌ প্ৰভাৱিত কৰিছে৷

যুদ্ধ আৰু মৃত্যু, হতাশা, নিৰাশাবাদৰ খৰখোজৰ বতৰতো তেওঁ মাটিক বিশ্বাস কৰে৷ মাটিয়ে ইতিবাচক চেতনা-চিন্তাৰ প্ৰতিফলন হৈ মানুহৰ হাতত ধৰিব৷ জীৱনৰ অভিজ্ঞতাই তেওঁক চিঞৰি কৈছে সকলো শাশ্বত স্বচ্ছ কথকৰ মানত মাটি সৰ্বোত্তম৷ মাটিক এৰি কোনো পৰিচিত হ’ব নোৱাৰে৷ এই উচ্ছ্বাসপূৰ্ণ, প্ৰেৰণাদায়ক অক্লান্ত মনৰ গৰ্ভত মাটিক লৈ বিস্তাৰিত হৈ থাকে নীলমণি ফুকনৰ জীৱন পৰিক্ৰমা৷ মাটিয়েই তেওঁৰ বাবে মানুহৰ মহাভাৰত৷  বোধিবৃক্ষৰ শব্দ নিটোল  অৰ্থসমাধিত জ্ঞানৰ বুদ্ধ৷ 

অসমৰ বৰ্ণিল শিৱদৌল, শিল, শিলৰ ভগৱান মূৰ্তি মনোৰম নদী, পথাৰ, শ্ৰম, শইচ, পাহাৰ, মানুহৰ প্ৰাৰ্থনাৰত দুহাতৰ বিষ্ণুবৰ্ণনাৰ বিনয় বচনতে তেওঁৰ সাহিত্যৰ অনুৰাগী শব্দবোৰে তেওঁক চহকী কৰি শব্দবোৰৰ তেওঁ অনুৰাগ বিনোদন হৈ পকা আপেলৰ ৰং ধৰিছে৷ গাঁৱক তেওঁ জীৱনৰ সুগন্ধি অমৃত জ্ঞান কৰে৷ তেওঁৰ জীৱনৰ দীঘ-বাণিত দীঘে-পথালিয়ে গাঁওখনৰ নিনাদ, অভিসাৰৰ সুৱাস, নিৰ্যাস আৰু উম৷ গাঁৱৰ পৰাই তেওঁ চাই আছে মিছিছিপি, ভল্গা, পলাশী, শৰাইঘাট, নীলনদী, গ্ৰীচ, ট্ৰাইফ্ৰেটিছ, চিকাৰাগুৱা, কাশ্মীৰ, শ্ৰীলংকা, ভাৰতৰ জীৱন সত্তাক৷ 

তেওঁ নিজেই কৈছে- ‘‘তেওঁ মানুহৰ অমৃত শক্তি’’৷ বিপুল জীৱনৰ ঐশ্বৰ্যৰ মনোভংগীত- হেঁপাহ, জয়, পৰাজয়, আশা-নিৰাশাৰ বাটে বাটে আকাংক্ষা গৰিমা৷ আকাশ ব্যাপি জ্বলা তৰা, জোন, সূৰ্য... এক নিদিষ্ট আকাশৰ বাসিন্দাৰ দৰে মানৱিক গণ সংযোগ মাটিৰে আমাৰ ভাষাই দুৰন্ত গতিত বহন কৰি থাকিব জাতীয় জীৱন৷ সাহিত্য, চিত্ৰ, কলা, সংস্কৃতি মানুহৰ তেজৰ বংশধৰ হ’ব নোৱাৰিলে চহকী নহয় মাটি, চহকী নহয় জাতীয় জীৱন সত্তা৷ আমাৰ ভাষাই পৃথিৱীত মানুহৰ কথা শুনাব পৰা ক্ষমতা ৰাখিছে অনাদি অনন্ত অমৃত সাহিত্যৰ ধবনিময় ৰূপত উদ্বেলিত গন্ধময় কল্পতৰু অৰ্থঘন চৰিত্ৰ৷ সেই চৰিত্ৰই বেজবৰুৱাদেৱৰ দৰে তেৱোঁ যেন চিঞৰিব বিচাৰিছে ভাষাটিৰ মজ্জাৰে “বাজক দবা, বাজক শংখ, বাজক মৃদং খোল, অসম আকৌ উন্নতিৰ পথত জয় আই অসম বোল”৷ এনে হৈ থাকক আৰু তন্ময়ৰ সময়ে আমাক ছান্দসিক কৰি তোলক৷ দূৰ কৰক অতৃপ্তি৷ দূৰ হওক যাতনা ক্লেশ৷ 

নীলমণি ফুকনদেৱ প্ৰেমিক হৈ ৰ’ল অসমীয়া ভাষাৰ৷ আমাৰ কবিতাৰ৷ অখণ্ড চেতনাত তেওঁ অসমীয়া ভাষা কহিনুৰ প্ৰেম, শক্তি যেন নন্দনতত্ত্বৰ অপৰিসীম সৌন্দৰ্যৰ সৃজনীশীলতাৰ মানুহ আৰু মাটিৰ অটল বিশ্বাস, আস্থা আৰু অক্ষয় গতিধাৰাৰ ধ্বনিময় পদব্ৰজ মানুহৰ কণ্ঠস্বৰ তেওঁ৷ তেওঁ অৱগাহন কৰা ভাষাৰ ৰাগমালা হৈ উঠক সংগীতৰ দৰে শ্ৰুতিমধুৰ, বহ্নিমান লুইত আমাৰ ভাষাৰ বুকুতে৷ 

জীৱনৰ দীঘলীয়া বাটেৰে লভা অভিজ্ঞতাতে ফুকনদেৱৰ নিহিত আছে অনেক কথাকলাৰ অতীত-বৰ্তমান৷ তাতেই ভৱিষ্যতে গা-ধুই চিকুণ হ’ব অসমীয়া ভাষা বিশ্বৰ শৰীৰত৷ পূৰ্ণতা উপলব্ধি, অভিজ্ঞতা জিলিকি থাকিব৷ সেয়ে তেওঁ মানৱতাবাদী  মন-চেতনাত বিদ্ৰোহ সৰ্বকালবাদী হৈ তেওঁক জোকাৰি আছে৷ সেই জোকাৰণিত তেওঁ মৈত্ৰী-মমতা, শান্তি, সমন্বয়ত হনা-খোঁচা, ভ্ৰাতৃঘাতী, আত্মঘাতী, তেজবিৰিঙা ৰত্নাকৰ কাল নিপাত হ’ব৷ মানুহে মাটিৰ মমতাৰে মানুহৰ মাজত বিচাৰি নিজেই হৈ উঠক এজন মননশীল মানুহ৷ এনে প্ৰচ্ছন্ন  চেতনাত তেওঁৰ কবিতাৰ প্ৰতিটো শব্দই সন্ধান কৰে আধ্যাত্মিক ৰ’দৰ তাপ, মানৱিক বীজৰ মাটিৰ সান্নিধ্য৷ মানুহেই তেওঁৰ অগাধ-আস্থাৰ থলী হৈ এতিয়াও কৈ ফুৰিছে দিহিঙে-িদপাঙে৷ 

কবিতাৰ গৰ্ভত আছে মানুহ৷ মানুহৰ জীৱনৰ গৰ্ভকণ্ঠ গুঞ্জৰিত হৈ থাকে কবিতাত৷ কবিতা মানুহৰ গানৰ সপ্তসুৰ৷ জীৱনক তেওঁ প্ৰতিপালন কৰি আছে কবিতা বুলিয়ে৷ মানুহৰ আত্মাৰ ব্যাকুলতাও কবিতাৰে চৈতন্য৷ মৃত্যু সুন্দৰ৷ সেই সুন্দৰতাৰ গৰ্ভতো আছে কবিতাৰে অনন্য সহযোগ, সমতালৰ বুকুৰ উত্তাপ৷ শংখৰ মাতত দূৰ-দিগন্তলৈ সঞ্চাৰিত হোৱা ভগৱান বন্দনাত ফুলে সমৰ্পণ কৰে ঈশ্বৰক সুখী কৰাৰ অদম্য হেঁপাহত৷ ফুলে নাজানে বাগিচাৰ পৰা সিহঁত ক’লৈ যাব? মন্দিৰ নে মৃতদেহ কঢ়িয়াই থকা মৰিশালিলৈ৷ মন্দিৰৰ ফুলৰ প্ৰাৰ্থনা আনন্দ, সৌন্দৰ্য, প্ৰাপ্তিৰ প্ৰসন্নতা৷ মৰিশালিৰ ফুলত বেদনা, যাতনা, হতাশাৰ চকুলো৷ এইবোৰৰ মাজেৰে তেওঁ বিশ্বমনৰ মানুহৰ সন্ধান কৰিছে কবিতাৰে৷ অদম্য সাহস আৰু বিশ্বাসৰ সংবেদন হৃদয়ক অসমী আইৰ প্ৰকৃতিয়ে তেওঁক লালন কৰিছে, কৰি ৰাখিছে প্ৰাণৱন্ত৷ প্ৰতিদিনেই মানুহ, মাটি, প্ৰকৃতিৰ কলৰৱত কল্পনাৰ পক্ষীৰাজে তেওঁক জোকাৰি আলোকিত কৰে৷ আলোড়িত কৰে৷ 

মানুহক বিশ্বাস কৰাৰ বাহিৰে জগতৰ বিকল্প নাই৷ মানুহেই গঢ়ে-বেবিলন, প্ৰেমৰ নগৰ৷ সৃষ্টি কৰে যুদ্ধ৷ মাতে মৃত্যু৷ ভাল চেতনা, প্ৰগতিৰ বাট সত্যৰ ৰঙেৰে মানুহেই উৰুৱাই থাকে মানুহৰ স্বৰ্গজয়ৰ বিজয়ী শুকলা পতাকা৷ সেই পতাকা মানুহৰ, জগতৰ৷ য’ত ৰজাৰ অৱয়ব নাথাকে৷ 

আহক - কাব্যভীষ্মৰ মনোভংগীৰ নঙলাৰে লৈ যাওঁ পৃথিৱীৰ মহা জনসমুদ্ৰলৈ আত্মাৰ চিৰচেনেহী ভাষা জননীক বিজ্ঞান ৰঙত তিতাই৷ আমাৰ ভাষা হৈ উঠক মানুহৰ কলৰৱ৷ মানুহৰ চেতনাক জাগ্ৰত কৰা মৌ মাত৷ 

(ইতিপূৰ্বে প্ৰকাশিত এই লেখাটো পুনৰ্পঠিতব্য বুলি বিৱেচনা কৰি লেখকৰ অনুমতিসাপেক্ষে পুনৰ প্ৰকাশ কৰা হ’ল। )

লেখকৰ ভ্ৰাম্যভাষ - ৯৮৩৫১-৬৯০৩৮

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ