কিশোৰ দাস কোঁৱৰ
অসমীয়া কথা-সাহিত্যক সমৃদ্ধ কৰি তোলা কথাশিল্পীসকলৰ ভিতৰত ড০ বিৰিঞ্চি কুমাৰ বৰুৱাৰ নাম বিশেষভাৱে উল্লেখযোগ্য৷ প্ৰাক্ স্বাধীনতা কালৰেপৰা স্বাধীনতা লাভৰ পৰৱৰ্তী সময়লৈকে অৰ্থাৎ ৰামধেনু যুগলৈকে যি কেইগৰাকী কথাশিল্পীয়ে অসমীয়া সাহিত্যক এক বিশেষ মাত্ৰা প্ৰদান কৰিছিল সেইকলৰ ভিতৰত অসমীয়া গ্ৰাম্যজীৱনৰ চিৰপুৰাতন ৰূপটোক নিখুঁতভাৱে উপস্থাপন কৰাৰ ক্ষেত্ৰত বৰুৱা যেন অপ্ৰতিদ্বন্দ্বী কথক৷ কথা-সাহিত্যিক হিচাপে বৰুৱাৰ ৰচনা সৰহ নহয় যদিও শিল্পগুণৰ বাবেই কম সংখ্যক ৰচনাৰ মাজেৰেই তেওঁৰ ৰচনাই এটি যুগক ধৰি ৰাখিবলৈ সক্ষম হৈছে৷ বিৰিঞ্চি কুমাৰ বৰুৱাৰ কথা-সাহিত্যৰ বিভিন্ন বৈশিষ্ট্যৰ ভিতৰত আটাইতকৈ উল্লেখনীয় দিশটো হৈছে- গ্ৰাম্যজীৱনৰ স্বতস্ফূৰ্ত প্ৰকাশ অথবা অসমীয়া গ্ৰাম্য লোক-সংস্কৃতিৰ মূৰ্ত প্ৰকাশ৷ সাহিত্যক যদি সমাজৰ দাপোণ বুলি ধৰা হয়, তেনেহলে এখোপ আগুৱাই গৈ কথা-সাহিত্যক সেই সমাজৰ আত্মচেতনাৰ বিনিৰ্মাণ বুলিব পাৰি; সেই ফালৰ পৰা সৃষ্টিশীল সাহিত্যত কথকৰ অভিব্যক্তিৰ এক বিশেষ ভূমিকা থাকে৷ বিশেষকৈ সৃষ্টিশীল সাহিত্যত লেখকৰ অজ্ঞাতভাৱেই আপোনা-আপুনি তেওঁৰ অভিব্যক্তিয়ে আত্মপ্ৰকাশ কৰে৷
এগৰাকী যথাৰ্থবাদী সাহিত্যিক হিচাপে আমি যেতিয়াই বিৰিঞ্চি কুমাৰ বৰুৱাৰ সাহিত্যৰ মূল্যায়ণ কৰিবলৈ যাম তেতিয়া দেখিম যে বৰুৱা মূলতঃ এগৰাকী লোক-সংস্কৃতিবিদ৷ বৰুৱাৰ সাহিত্যিক জীৱনৰ উজ্জ্বলতম দিশটোও বহু পৰিমাণে ইয়াৰ ওপৰত নিৰ্ভৰশীল৷ এগৰাকী সুদক্ষ লোক-সংস্কৃতিবিদ হিচাপে বৰুৱাৰ অসমীয়া গ্ৰাম্য লোকসমাজ তথা লোকজীৱনৰ লগত এক অংগাঙ্গী সম্পৰ্ক আছে৷ গতিকে অসমীয়া গ্ৰাম্যসমাজখন বৰুৱাৰ বুকুত স্বাভাৱিকতে আছেই৷ গ্ৰাম্যজীৱনৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ প্ৰতিটো চুক-কোণ বৰুৱাৰ তেনেই চিনাকি৷ ‘গাঁৱৰ ঘৰ-বাৰী, নৈসৰ্গিক পৰিৱেশ, গাঁৱৰ বিভিন্ন ধৰণৰ চৰিত্ৰৰ ব্যৱহাৰ, কথাবাৰ্তা, ধৰণ-কৰণ, অসমীয়া গাঁৱলীয়া সমাজৰ কু-সংস্কাৰ, অন্ধবিশ্বাস, গোড়ামি, কুৎসা ৰটনা, নাৰীৰ প্ৰতি অৱজ্ঞাৰ ভাৱ, মধ্যবিত্ত শিক্ষিত শ্ৰেণীৰ সুবিধাবাদী মনোবৃত্তি’ (অসমীয়া উপন্যাসৰ ভূমিকা পৃ- ১৫৩) পৰচৰ্চা-পৰনিন্দা, গাঁৱৰ বিধৱাৰ অসহিষ্ণু যন্ত্ৰণা, গাঁৱৰ বানপানী আৰু তাৰ ফলত কৃষকসকলৰ দুখ-দুৰ্দশা এই আটাইবোৰ পৰিঘটনাৰ মাজতেই বৰুৱাই শৈশৱ-কৈশোৰ অতিবাহিত কৰিছিল৷ এই পৰিঘটনাবোৰ বৰুৱাৰ তেনেই চিনাকি আৰু হয়তো সেইবাবেই বৰুৱাৰ কথা-সাহিত্যত গ্ৰাম্যজীৱনৰ এই দিশবোৰ অতি বাস্তৱানুগ, কলাত্মক আৰু ৰসোত্তীৰ্ন ৰূপত জীৱন্ত হৈ ধৰা দিয়ে৷
বৰুৱাৰ কথা-সাহিত্যৰ বুজন সংখ্যক চৰিত্ৰই যে বাস্তৱ সমাজৰ পৰা লোৱা সেই কথাত কাৰো দ্বিমত নাই৷ তেওঁৰ ৰচনাত কল্পনাৰ বিশেষ প্ৰাধান্য দেখা নাযায়, প্ৰায়বোৰ চৰিত্ৰই আমাৰ মাজৰে এজন আৰু জীৱন্ত৷ আমি ইতিমধ্যেই উল্লেখ কৰি আহিছোঁ যে কথা-সাহিত্যিক হিচাপে বৰুৱাৰ ৰচনা সৰহ নহয়৷ প্ৰাক্ স্বাধীনতা কালত প্ৰকাশ পোৱা তেখেতৰ প্ৰথম উপন্যাস ‘জীৱনৰ বাটত’ (১৯৪৫), স্বাধীনতাৰ পৰৱৰ্তী সময়ত প্ৰকাশ পায় তেখেতৰ দ্বিতীয় খন উপন্যাস ‘সেউজী পাতৰ কাহিনী’ ( ১৯৫৯), ‘আঘোণী বাই’ আৰু ‘পট পৰিৱৰ্তন’ এই দুখন বৰুৱাৰ গল্প সংকলন৷ কথা-সাহিত্যিক হিচাপে এই কম সংখ্যক ৰচনাৰ মাজেৰেই বৰুৱাই যি অৱদান আগবঢ়াই গ’ল সি মাইলৰ খুঁটি হৈ ৰ’ল৷
বীণা বৰুৱা ছদ্মনামেৰে লিখা ‘জীৱনৰ বাটত’ ( ১৯৪৫) বৰুৱাৰ প্ৰথমখন উপন্যাস৷ এই উপন্যাসখনক বহুতেই অসমীয়া উপন্যাসৰ প্ৰথম পৰ্বৰ ফালে থাপিব বিচাৰে৷ সেয়েহে, এইখিনিতে এটি প্ৰাসংগিক কথা স্পষ্ট কৰি লোৱাটো যুক্তিসংগত হ’ব৷ ‘এশ বছৰৰ অসমীয়া উপন্যাস’ গ্ৰন্থত সংকলিত অগ্ৰজ সমালোচক ড০ নগেন শইকীয়াৰ ‘অসমীয়া উপন্যাসৰ গতি-প্ৰকৃতি’ শীৰ্ষক আলোচনাটোত এই উপন্যাসখনৰ স্থিতি সম্পৰ্কে তেখেতে কৈছে – “ ... অকলশৰীয়াকৈ ‘জীৱনৰ বাটত’ উপন্যাসে চল্লিছৰ দশকৰ মাজভাগতে অসমীয়া উপন্যাসে লাভ কৰা পূৰ্ণতা আৰু পৰিপক্কতাৰ অবিসম্বাদী পৰিচয় প্ৰতিষ্ঠা কৰে৷ ‘জীৱনৰ বাটত’ উপন্যাসক সেইবাবে প্ৰথম পৰ্বৰ উপন্যাস বুলি চিনাক্ত কৰিব নোৱাৰি; বৰং যোৱা এশ বছৰৰ অসমীয়া উপন্যাসৰ ইতিহাসত উজ্জ্বলতম কীৰ্তিস্তম্ভ বুলিব লাগিব” (এশ বছৰৰ অসমীয়া উপন্যাস, পৃ-৮)৷ দৰাচলতে বৰুৱাৰ ‘জীৱনৰ বাটত’ অসমীয়া সামাজিক উপন্যাসৰ বাস্তৱবাদী ধাৰাটোৰ সিংহদুৱাৰ স্বৰূপ৷ ‘জীৱনৰ বাটত’ উপন্যাসখনৰ পাতে পাতে আছে বৰুৱাৰ প্ৰখৰ গ্ৰাম্যচেতনাৰ চিত্ৰণ৷ “দ্বিতীয় মহাযুদ্ধৰ শেষৰফালে প্ৰকাশিত এই উপন্যাসখনত অসমীয়া গ্ৰাম্য তথা সামাজিক জীৱনৰ আটাইবোৰ দিশ ফটফটীয়াকৈ প্ৰতিফলিত হোৱাৰ উপৰি সেই সময়ৰ বিশেষ উদ্যমৰ চিত্ৰও ভালদৰে প্ৰদৰ্শিত হৈছে৷ তাতকৈ মন কৰিবলগীয়া কথা এইটোৱেই যে উপন্যাসখনত সন্নিৱিষ্ট উপাদানসমূহে এক সু-সংগঠিত ৰূপ লাভ কৰিছে আৰু ই গভীৰভাৱে সংবেদনশীল হৈ উঠিছে৷ আমাৰ দৈনন্দিন জীৱনৰ সৰু-সুৰা ঘটনাক লৈও যে ভাল উপন্যাস ৰচনা কৰিব পাৰি সেই কথাৰ প্ৰমাণ এই উপন্যাসখনেই দাঙি ধৰে৷ কাহিনীত ভাগ লোৱা প্ৰতিটো চৰিত্ৰই সামাজিক বাস্তৱতাৰ একোটা দিশ প্ৰতিনিধিত্ব কৰিছে”( শৈলেন ভৰালী)৷
গাঁৱলীয়া সমাজত ঘৰত এজনী গাভৰু ছোৱালী থাকিলে সততে মাক দেউতাকৰ চিন্তাৰ শেষ নাই৷ বেয়া বদনাম নোলাওঁতেই কাৰোবাৰ ঘৰলৈ দিব পাৰিলেই ৰক্ষা৷ গাভৰু ছোৱালী থকা ঘৰলৈ গাঁৱৰ ডেকা ল’ৰা ঘনাই অহা-যোৱা কৰিলে কৰিলে ওচৰ চুবুৰীয়াই বু-বু বা-বা আৰম্ভ কৰে৷ কাৰ ঘৰলৈ কোন গৈছে, কোন আহিছে এইবোৰ চকু ৰখাটো গাঁৱৰ বিশেষকৈ তিৰোতাসকলৰ স্বভাৱজাত ৰীতি৷ উপন্যাসখনত মৌজাদাৰণীয়ে বাপুৰামক কোৱা- “গাভৰু ছোৱালী থকা ঘৰলৈ ধৰণী মাষ্টৰৰ ইমান ঘন ঘন আহ-যাহ কিহৰ? তগৰৰনো এতিয়া ডেকা ল’ৰাটোৰ পৰা ফুল তুলিবলৈ শিকিলেহে হয়? এইবোৰ কথা কওঁ কওঁ বুলিয়েই আছিলোঁ৷ এনেকৈ কিছুদিন চলিলে বাদ-অপবাদৰ ভয় আছে৷ সেয়েহে কৈছোঁ, মানুহে বি-বি - বা-বাখন নৌ লগাওঁতেই ভালে ভালে ছোৱালীজনী উলিয়াই দিয়ক( পৃ. ৫৬)৷” কথাৰ পৰা তাৰ উমান পোৱা যায়৷ মৌজাদাৰণীৰ দৰে স্বভাৱজাত নাৰী আমাৰ গাঁৱে-ভূঞে আজিও আছে, আমাৰ চিৰ পৰিচিত৷
“ধৰণীহঁতৰ ৰান্ধনি ঘৰত চাকি তেতিয়াও জ্বলি আছে৷ তগৰে টাকুৰিত সূতা কাটিছে৷ কাষত পূজাৰ ফলৰ দৰে এচালনি পাঁজি৷ গিৰrয়েক অহাৰ উমান পাf তগৰে পীৰাখন, পানীলোটা আৰু গামোচা চোতালত উলিয়াই দিলে৷ ধৰণী উভতি নহালৈকে উজাগৰে থকা তগৰৰ দৈনন্দিন অভ্যাসত পৰিণত হৈছে (পৃ. ১৩২)৷” তগৰৰ এই কাৰ্যৰ মাজেৰে এফালে অসমীয়া গাঁৱলীয়া তিৰোতাৰ শিপিনী ৰূপটো আৰু আনফালে স্বামীসেৱাৰ সেই চিৰপুৰাতন গাঁৱলীয়া তিৰোতাজনীয়ে ভূমুকি মাৰিছে৷ অসমীয়া গাঁৱলীয়া নাৰীৰ শিপিনী ৰূপটো অধিক প্ৰকট হৈছে তগৰে ধৰণীক নিজহাতে চিলোৱা টেবুল ক্লথ এখনি দিয়া কাৰ্যত, আনকি স্বামীৰ মৃত্যুৰ পাছত তগৰে তাঁতৰ কাম কৰিয়ে খোৱা মুঠিৰ দিহা কৰিছে৷
উপন্যাসখনত অসমীয়া গ্ৰাম্য সমাজৰ বিয়াৰ আচাৰ-ৰীতিৰ যি বৰ্ণনা বৰুৱাই দাঙি ধৰিছে সেয়া অতিকেই বাস্তৱ আৰু জীৱন্ত৷ উপন্যাসখনৰ প্ৰথম অধ্যায়তে মৌজাদাৰৰ ঘৰৰ বিৱাহ অনুষ্ঠানৰ বৰ্ণনা পোৱা যায় এনেদৰে– “আজিৰপৰা মৌজাদাৰৰ ঘৰত হুলস্থুল৷ আগফাল-পাছ(পিছ)ফাল দুয়ো চোতালতে ৰভা দিবলৈ ৰাইজ লাগি গৈছে৷ বস্তু যোগানিয়াই বস্তু যোগাইছে, ভঁৰাল ৰখীয়াই ভঁৰাল সামৰিছে৷ কলপাত যোগোৱা আৰু দোনা সিয়াৰ পৰা দৈ কোমল চাউল গোটোৱালৈকে সকলো কাম গঞাসকলে নিজৰ ভিতৰতে ভাগ বাটি লৈছে(পৃ. ৩৮)৷” গাঁৱলীয়া মানুহৰ সৰল ছবিখন ইয়াৰ মাজেৰে মূৰ্ত হৈ উঠিছে৷ আকৌ “হোমৰ গুৰিলৈকে ছোৱালী আনিবলৈ নিৰ্দেশ হ’ল৷ ভিতৰত শেষবাৰলৈ হৈ চৈ লাগিল৷ ছোৱালী কান্দি কাটি অস্থিৰ৷ তলৰ পৰা ওপৰলৈ মূৰ কৰিব নোৱাৰা হৈছে৷ তাতে এই তিনিদিন ব্ৰত, বেজাৰ, উপবাসত তেনেই লেতু-সেতু হৈ পৰিছে৷ কন্যাতকৈ কন্যাৰ মাকৰ অৱস্থা আৰু দুখলগা৷ কামে-কাজে লাগি বিয়াঘৰৰ হুলস্থুলৰ মাজত দিনটো নিজকে পাহৰি আছিল৷ কিন্তু সুৱাগুৰি তুলি অহাৰ পিছৰেপৰা মাকৰ চকুপানীয়ে বাট নেদেখা হৈছে৷ ছোৱালীক ৰভাৰ তললৈ নিয়াৰ আগতে সেৱা কৰিবলৈ দৰাৰ সম্বন্ধীয়া এজনে হাতত তামোল-পাণৰ শৰাই লৈ তিৰোতা সমাজত সোমাল - মান ধৰিবলৈ৷” এয়া সম্পূৰ্ণ এখনি অসমীয়া গাঁৱলীয়া বিবাহৰ আচাৰ-ৰীতি৷
গাঁৱলীয়া সমাজত পুতেকৰ বিয়াৰ পাছত বোৱাৰীয়েকে পুতেকক মাকৰ স্নেহাচলৰ পৰা আঁতৰাই নিয়ে বুলি মাকগৰাকী সততে ভীতিগ্ৰস্ত হৈ থাকে আৰু বোৱাৰীয়েকক বিভিন্ন কথাৰে থকা-সৰকা কৰে৷ এয়া এগৰাকী গাঁৱলীয়া নাৰীৰ স্বাভাৱিক প্ৰবৃত্তি৷ তগৰৰ বিয়াৰ পাছতো শাহুৱেকে এই একেই কাম কৰিছে৷ কথাই কথাই বোৱাৰীয়েকৰ খুঁত উলিয়ায় শাহুয়েক আহিনীয়ে অশান্তিৰ সৃষ্টি কৰিছে৷ শিৰত সেন্দুৰ কমকৈ লোৱাত জেতুকীয়ে তগৰক ভেঙুচালি কৰিছে আৰু শাহুৱেকে তাৰ সুযোগ লৈ কৈছে – “ঠলামুৰি দুটামান মাৰি দি শিকাই নিদিয় কিয়? সৰুতে উলিয়াই দিয়াহেঁতেন তিনি চাৰিটাৰ মাইকী হলহেঁতেন! তাই এতিয়া শিৰত সেন্দুৰ ল’বলৈ নজনা হ’ল? শিৰত সেন্দুৰ ল’বলৈ নগৈ আৰু এটালৈ যাবলৈ মন গৈছে হ’বলা (পৃ. ৯৭))৷” আকৌ আহিনীয়ে পুতেকক কোৱা –
“এৰা আজিকালিনো মই ৰন্ধা ভাত-আঞ্জা তোৰ মুখত জুতি লাগিব কিয়? ঘৈণীয়েৰক দেখোন সুকীয়াকৈ চৰু জুৰিবলৈ কৈয়ে আছোঁ৷ ঘৰ সোমোৱা আজি ছমাহ-বছৰেক হ’ল- ঘৈণীয়েৰক আৰু কিমানদিন ন-ছোৱালী বুলি সজাত সুমুৱাই থবি? চৰু জুৰি তাই স্বতন্তৰীয়া হৈ চলক; মই বুঢ়ীয়ে পাৰোঁ এমুঠি ৰান্ধি খাম৷ (পৃ. ১০৪)৷” এয়া এগৰাকী গাঁৱলীয়া নাৰীৰ স্বভাৱজাত চৰিত্ৰ৷
সাধাৰণতে এগৰাকী
ন-বোৱাৰীক লৈ অসমীয়া গাঁৱলীয়া সমাজত কুৎসা ৰটনা কৰা স্বাভাৱিকতে পৰিলক্ষিত হয়৷ এই
কাৰ্যত সদায় আগভাগ লয় গাঁৱৰ বুঢ়ীসকলে৷ তগৰো ন-কইনাৰূপে ধৰণীৰ ঘৰত উপস্হিত হোৱাৰ
পাছত এনে কুৎসা ৰটনাৰ বলি হৈছে – “মুখৰ পিকখিনি দূৰলৈ মাৰি পখিলাই মাতটো সৰুকৈ সুধিলে– ‘গাত কিবা আসোঁৱাহ আছে নেকি?’
নাদুকীয়ে মূৰটো থিয় কৰি পানীৰ যুঁৱলীলৈ নামি যোৱা দেখি মুখখন কাণত ফুচফুচাই ক’লে – ‘গাৰ লেঠাৰ কথা সুধিছানে? এটা বোলে খহাই আহিছেই৷ তাতেহে আকৌ খৰখেদাকৈ ছোৱালী উলিয়াই দিবলৈ বাপেকৰ তত হেৰাল৷” পখিলা আৰু নাদুকী আমাৰ সকলোৰে পৰিচিত, তেওঁলোকৰ এই আলোচনা সাইলাখ অসমীয়া গাঁৱলীয়া নাৰীৰ চিৰন্তন ৰূপ৷
এগৰাকী ন-বোৱাৰীয়ে বাপেকৰ ঘৰৰ পৰা কি আনিছে, কি অনা নাই তাকে লৈ গাঁৱলীয়া তিৰোতাৰ আলোচনাৰ শেষ নাথাকে৷ ইয়াতো আমি তাৰ উমান পাওঁ জেতুকীয়ে তগৰক কোৱা - “বাখৰবোৰ দেখোন ঢেলা ঢেলা দেখিলো৷ বাপেৰা বোলে বৰ ধনী থুৰীয়াত এই বাখৰহে দিবলৈ পালে?(পৃ. ৯৬)৷” টুটকীয়া, কলহপ্ৰিয় জেতুকীৰ দৰে বুঢ়ী আজিও আমাৰ গাঁৱে ভূঞে অনেক আছে৷
অসমীয়া গ্ৰাম্যসমাজ সদায় লোকাচাৰ আৰু লোকবিশ্বাসৰ অনুগামী৷ ইয়াতো আমি অসমীয়া গাঁৱলীয়া সমাজৰ ভালেমান লোকাচাৰ আৰু লোকবিশ্বাসৰ উমান পাওঁ৷ তগৰৰ শাহুৱেক আহিনী আৰু ধৰণী মাষ্টৰৰ মৃত্যুৰ পাছত তেওঁলোকে পালন কৰা লোকাচাৰৰ মাজেৰে মৃত্যু সম্পৰ্কীয় ভালেমান লোকাচাৰৰ উমান পাওঁ৷ ইয়াৰোপৰি অসমীয়া গাঁৱলীয়া সমাজৰ বিভিন্ন লোকাচাৰৰ সজীৱ চিত্ৰ আমি ইয়াত পাওঁ৷ যুৰীয়াকৈ যে পাণত শলা মাৰিব নাপাই সেয়া অসমীয়া সমাজৰ এক লোকবিশ্বাস আৰু তাৰ বৰ্ণনা উপন্যাসখনত আমি পাওঁ তগৰক শাহুৱেকে কোৱা – “দেখিছা! দেখিছা! এয়া চাৰিখনীয়াকৈ পাণত কোনে শলা মাৰিছে? এই নাতেশৰী কিজানি৷ যুৰীয়াকৈ হবলা পাণ সিয়ে? হয় তিনিখন নহয়, পাঁচখনকৈ শলা মৰাহঁক(৪) ৷” কথাৰ মাজেৰে তাৰ উমান পাওঁ৷
আমি আগেয়েই উল্লেখ
কৰি আহিছোঁ যে বিৰিঞ্চি কুমাৰ বৰুৱাৰ গল্প উপন্যাসত সততে অসমীয়া গ্ৰাম্য সমাজখন বিচাৰি
পাওঁ৷ অসমীয়া গ্ৰাম্যসমাজত (বৰ্তমানেও তাৰ প্ৰভাৱ বিদ্যমান) আগেয়ে জাত-পাতৰ ধাৰণাটো
কেনেকুৱা আছিল তাৰ উমানো আমি আহিনীয়ে পুতেক ধৰণীক লৈ ভবাৰ কথাৰ মাজেৰে পাওঁ-
“কেনেবাকৈ যদি জাতি-কুল মাৰি ছোৱালী আনিব লাগিছে তেনেহলে চিৰদিনলৈ কুলত কুখ্যাতি ৰʼব - সমাজৰ পৰা এঘৰীয়া হ’ব লাগিব (পৃ. ১৬১)৷” গাঁৱলীয়া নাৰীৰ গালি-গালাজ, শাও-শপনি ইত্যাদিৰ সুন্দৰ চিত্ৰ বৰুৱাদেৱে ৰসালকৈ দাঙি ধৰিছে৷ তগৰে জীয়েক কমলীক গালি পাৰিছে এনেদৰে- “হয়ে মৰতী এই কাল সন্ধিয়াখন কাৰ ঘৰত চুৱাপাত চেলেকিবলৈ গলি৷ আহ মাৰে আজি ঢেঁকীঠোৰাৰে মূৰ থেকেচিম৷ ভালজনী মাৰক তই হ’বলা চিনিপোৱা নাই(পৃ. ১৬২)?”
প্ৰাক্ স্বাধীনতাকালীন অসমীয়া গ্ৰাম্য জীৱনৰ কথা ক’বলৈ যাওঁতে বৰুৱাই গাঁৱৰ কৃষিজীৱি লোকসকলৰ জীৱনৰ কৰুণ গাঁঠাৰ কথা ক’বলৈ পাহৰা নাই৷” ধান, ধান, ধান৷ চোতালত ধান, ভঁড়ালত ধান, চʼৰাঘৰত ধান৷ পথাৰে-ঘৰে, বাহিৰে-ভিতৰে সৰ্বত্ৰতে সোণালী ধানৰ মুকুতা সিঁচৰতি হৈ পৰিছে৷ পকা ধানৰ গোন্ধত উত্ৰাৱল হৈ জাকে জাকে শুকানি ফৰিঙে চিৰিং - চিৰিংকৈ চিঞৰি ফুৰিছে৷ মতা-তিৰোতা, ল’ৰা-ছোৱালী কাৰো ক্ষন্তেক জিৰণি ল’বলৈ আহৰি নাই৷ ধান দোৱা, ডাঙৰী কঢ়িওৱা, মৰণা মৰাত সকলো ব্যস্ত৷ ডেকা-গাভৰু সকলোৰে মুখ আনন্দত উজ্জ্বল, চকুত সঞ্চয়ৰ স্বপ্ন৷” - উপন্যাসখনত প্ৰতিফলিত এয়া আঘোণমহীয়া গাঁৱলীয়া চহা কৃষকৰ ব্যস্ততাৰে ভৰা জীৱন্ত চিত্ৰ৷ গাঁৱৰ সহজ সৰল কৃষকৰ ব্যস্ততাৰে ভৰা জীৱনৰ কথা ক’বলৈ যাওঁতে বৰুৱাই বছৰি হোৱা বানপানীয়ে কেনেদৰে লহপহকৈ বাঢ়ি অহা কৃষকৰ সপোনবোৰ নিমিষতে মোহাৰি জীৱন কেনে দুৰ্বিষহ কৰি তোলে, তাৰ চিত্ৰও সমানে ফুটাই তুলিছে- “কোনো বছৰ অগা-পিছাকৈ দুটা বানপানী আহে, কোনো বছৰ আকৌ ফাগুণৰ পৰা একেবাৰে বৰষুণ নহৈ কামপুৰৰ পৰা ফুলগুৰিলৈ পথাৰত খেতি নষ্ট কৰি ৰায়তৰ অৱস্থা পানী পৰঠুৱা কৰিব লাগিব৷”- এয়া বৰুৱাৰ সম্পূৰ্ণ বাস্তৱ অভিজ্ঞতা আৰু হয়তো সেয়েহে এই ছবি অধিক সজীৱ আৰু আকৰ্ষণীয়৷ গাঁৱৰ মহাজন শ্ৰেণীটোৱে সদায় গাঁৱৰ সাধাৰণ কৃষকসকলক শোষণ কৰি আহিছে৷ ইয়াতো বৰুৱাই অতি নিপুণতাৰে এই ছবিখন তুলি ধৰিছে৷ মহীকান্ত বৰুৱা, ৰাম নাৰায়ণ বাবু, শুনদ আদিৰ শোষণৰ বলি হৈছে গাঁৱৰ সাধাৰণ খাতি খোৱা কৃষকসকল৷ অভাৱ-অনাটন, অস্বাস্থ্যকৰ পৰিৱেশ, বেমাৰ-আজাৰ, উন্নত মানৰ চিকিৎসাৰ অভাৱত অসমীয়া গাঁৱলীয়া দাৰিদ্ৰ্য লোকসকলে নাৰকীয় কষ্ট ভুগি মৃত্যু মুখত পৰিবলগীয়া হয়৷ মৃত্যু তেওঁলোকৰ বাবে তেনে স্বাভাৱিক কথা৷ গাঁৱলীয়া কৃষকৰ এনে দুৰ্দশাৰ ছবিখন বৰুৱাই দাঙি ধৰিছে এনেদৰে – “বিধৱা ফেচেউৰ বৰটো ল’ৰা সান্নিপাত জ্বৰতেই ঢুকাইছে৷ সৰুটোকো সেই একে জ্বৰেই ধৰিছে৷ বৰ ল’ৰাটোক বন দৰৱ খুৱাওতেই মৰিল৷ সেইকাৰণে ফেচেউৱে এইবাৰ তাত বিশ্বাস এৰি কন্দৰ্প কবিৰাজৰ শৰণাপন্ন হৈছে৷ কবিৰাজে দয়া কৰি বড়ি ছয়টা দিছে৷ কিন্তু তাৰ লগত অনুপান বিচাৰি নেপাই বেচেৰীয়ে হতাশ হৈ মূৰে কপালে হাত দি পুতেকৰ ওচৰত বহি পৰিছে৷”
লোক ঔষধ আৰু লোক চিকিৎসাৰ ব্যৱস্থা অসমীয়া গ্ৰাম্য সমাজখনৰ লগত অংগাঙ্গীভাৱে জড়িত৷ স্বাধীনোত্তৰকালৰ বহুত পাছতো (আনকি বৰ্তমানেও এনেকুৱা ভিতৰুৱা ঠাই বিদ্যামান)আধুনিক চিকিৎসা সেৱাই ভিতৰৰ গাঁওবোৰক স্পৰ্শ কৰিব পৰা নাছিল৷ গতিকে সেই সময়ত প্ৰসূতি আৰু নৱজাতকৰ মৃত্যু তেনেই স্বাভাৱিক পৰিঘটনা আছিল৷ সন্তান জন্ম দিয়াৰ সময়ত এগৰাকী নাৰীয়ে কেনে যমৰ যাতনা ভূগিবলগীয়া হৈছিল সেয়া আমি তগৰৰ মাজেৰেই উমান পাব পাৰোঁ - “পাভৈয়ে অপেক্ষা নকৰি মাটিত এখন বিছনা পাতিলে৷ তাৰে কাষত থকা খুঁটা এটাত ওলমিবলৈ গাতলোৱা চেলেংখনেৰে ডোল বান্ধি দিলে৷ তগৰক সেই পাটীত বহুৱাই হাত দুখন ডোলডালত ধৰিবলৈ দি বল দিবলৈ নিৰ্দেশ দিলে৷ বল দিয়াৰ লগে লগে তৰনি নেপাই তগৰে চিঞৰি চিঞৰি কান্দিলে(১১৮)৷” আকৌ ধৰণী গোপী ওজাৰ তালৈ ডোল আনিবলৈ যোৱা ইত্যাদি কাৰ্যৰ মাজেৰে আমি যেন সেই চিৰপুৰাতন গাওঁখনলৈ উভতি যোৱাৰ অৱকাশ পাওঁ৷ ইয়াত পাভৈ আৰু গোপী ওজাই লোক চিকিৎসকৰ ভুমিকা গ্ৰহণ কৰিছে৷
আহিনীয়ে পুতেক ধৰণীলৈ বিধে বিধে যি ব্যঞ্জনৰ আয়োজন কৰাৰ কথা ইয়াত উল্লেখ কৰিছে তাৰ মাজৰে অসমীয়া গাঁৱলীয়া লোকে খোৱা বিবিধ ব্যঞ্জনৰ ছবিখন অতি সজীৱ হৈ উঠিছে– “কেতিয়াবা মানিমুনি মাটিকাদুৰিৰ জোল এখনকে ৰান্ধে, কেতিয়াবা ভেদাইলতাৰ পাতৰ বৰা দুটাকৈ ভাজে, কোনোদিন কোৰো লালতি, নৰসিংহৰ কোঁহেৰে আদখৰিয়া এখনকে বহায়(পৃ. ১০২)৷ ”
বিৰিঞ্চি কুমাৰ বৰুৱাৰ আনখন উপন্যাস হ’ল ৰাস্না বৰুৱা ছদ্মনামত লিখা ‘সেউজী পাতৰ কাহিনী’ (১৯৫৯)৷ ‘জীৱনৰ বাটত’ উপন্যাসখনত বৰুৱাৰ লোক-সংস্কৃতিৰ বৰ্ণনাৰ হেঁচাত গ্ৰাম্যজীৱনৰ ভালেমান কদৰ্য ৰূপ তল পৰি ৰৈছে; কিন্তু ‘সেউজী পাতৰ কাহিনী’ ত গ্ৰাম্যসমাজৰ সেই কদৰ্য্য ৰূপবোৰ চিত্ৰায়ণ হোৱাই নাই সেই সমাজখনত আঘাতো কৰিছে৷
‘সেউজী পাতৰ কাহিনী’ ত মূলতঃ আমি তিনিখন সমাজৰ বৰ্ণনা পাওঁ চাহ বাগিচাৰ বনুৱা সমাজ, বাবু বা চাহাবকেন্দ্ৰিক সমাজ আৰু আনখন অসমীয়া গ্ৰাম্যসমাজ৷ এই উপন্যাসখনত অসমীয়া গ্ৰাম্য সমাজখনৰ ভিতৰৰ বীভৎস আৰু কদৰ্য্য ছবিখন বৰুৱাই বাস্তৱ ৰূপত তুলি ধৰিছে৷
নৰেশ্বৰৰ বংশৰ পৰিচয় দিবলৈ গৈ বৰুৱাই কোঁৱৰ আৰু লিগিৰীৰ যি বৰ্ণনা দাঙি ধৰিছে সেয়া অসমীয়া গ্ৰাম্যজীৱনৰ তেনেই চিনাকি ছবি৷ কোঁৱৰে লিগিৰীক প্ৰেমৰ ছলেৰে অন্তঃসত্ত্বা কৰি শেষত ভ্ৰূণ হত্যা কৰিবলৈ জোৰ কৰাত লিগিৰীয়ে কোৱা – “আপুনি তেনে হ’লে মোক কাটি মাৰিয়েই পেলাওক- পেটৰ সন্তানটো মাৰিবলৈ দিব নোৱাৰোঁ৷ আপোনালোক মুনিহ মানুহ, সন্তান ধাৰণৰ সুখ কেনেকৈ বুজিব” (পৃ. ১০)৷ লিগিৰীৰ এই আকুতি এয়া এগৰাকী অসমীয়া নাৰীৰ আকুতি৷ লোকঔষধ আৰু লোকচিকিৎসাৰ ব্যৱহাৰ এই উপন্যাসখনতো বাস্তৱ ৰূপত উজ্বলি উঠিছে৷ অসমীয়া গাঁৱলীয়া সমাজত ভ্ৰূণ হত্যা কৰিবলৈ এটা সময়ত কেনেদৰে লোক ঔষধৰ ব্যৱহাৰ কৰা হৈছিল তাৰ বৰ্ণনাও ইয়াত জীৱন্ত হৈ উঠিছে - “এৰাতি কোঁৱৰৰ কুঠৰীলৈ সহিতাক মাতি আনি দ্ৰব্যগুণেৰে তাইৰ গুপ্তাঙ্গত আসুৰিক বনৰ শিয়া সুমুৱাই দিয়া হ’ল৷ কেই ঘণ্টামানৰ মূৰত চেতনা পাই বেচেৰীয়ে নিষ্ঠুৰ যন্ত্ৰণাত চিঞৰিবলৈ ধৰিলে৷ গাটো ধেনুভিৰীয়া কৰি, পেটতো ওপৰলৈ দাঙি কান্দি-কাটি কাৱৈ মাছৰ দৰে ছটফটাবলৈ লাগিল৷ কলহৰ মুখৰ দৰে কলকলকৈ তেজ বলে বৰষুণৰ পিছত যেন বানপানী(পৃ. ১০)৷ ”
পৰচৰ্চা-পৰনিন্দা অসমীয়া গাঁৱলীয়া সমাজৰ অপৰিহাৰ্য অংগস্বৰূপ৷ পৰশ্ৰীকাতৰতা, অসূয়া-অপ্ৰীতি এইবোৰ গ্ৰাম্যজীৱনত সততে লক্ষ্য কৰা কথা৷ ‘সেউজী পাতৰ কাহিনী’ তো বৰুৱাই এই দিশবোৰ বাস্তৱিক জীৱনৰ লগত সাঙোৰ খুৱাই উপস্থাপন কৰিছে৷ শিক্ষিত নৰেণে চহৰৰ পৰা গাঁৱলৈ গাঁৱৰ উন্নতিৰ বাবে কিবা এটা কৰাৰ হেঁপাহ লৈ আহিছিল, কিন্তু গাঁৱৰ মানুহৰ কথা-বতৰা, সমালোচনাই নৰেনৰ মন ভাঙি পেলাইছিল – “কি কৰিম৷ মানুহৰ মিছা অপবাদত মন-প্ৰাণ জৰ্জৰিত হৈছে৷ গাঁৱৰ বহু উন্নতি সাধনৰ সংকল্প লৈ চহৰৰ পৰা আহিছিলোঁ৷ কিন্তু এতিয়া কোনো কাম কৰিবলৈ মোৰ উৎসাহ নোহোৱা হৈছে(পৃ. ১৮-১৯)৷”
গাঁৱলীয়া সমাজত এগৰাকী নাৰী বিধৱা হোৱা মানে মৃত্যুসম শোকেৰে জীৱন নিওৱা৷ সৎ মানসিকতাৰেও কোনোবা ডেকাই যদি তেওঁক সহায়ৰ হাতো আগবঢ়াবলৈ যায় তেনে মিছা অপযশ আৰু অপবাদেৰে অপপ্ৰচাৰ চলোৱা হয়৷ অৱশ্যে এইক্ষেত্ৰত গাঁৱৰ তিৰোতা আৰু সুবিধা বিচাৰি থকা কেতবোৰ পুৰুষে আগভাগ লয়৷ ইয়াতো বৰুৱাই নৰেশ্বৰ আৰু বিধৱা মালতীৰ মাজেৰে এই ছবিখন নিৰ্মোহভাৱে তুলি ধৰিছে৷ নৰেশ্বৰে বিধৱা মালতীক মাতৃৰ দৰে জ্ঞান কৰিছিল আৰু মালতীয়েও নৰেশ্বৰক নিজৰ পুত্ৰৱৎ জ্ঞান কৰিছিল৷ কিন্তু নৰেশ্বৰে তাইৰ বিপদৰ সংগী হোৱাত গাঁৱৰ সুবিধাবাদী সকলে তাইৰ কাষ চাপিব নোৱাৰি শেষত নৰেশ্বৰৰ লগতে মালতীৰ অবৈধ সম্পৰ্কৰ অপপ্ৰচাৰ চলাইছিল৷ যাৰ পৰিণতিত লোকলজ্জাত নৰেশ্বৰে গাওঁ এৰিবলৈ বাধ্য হৈছে৷ আন নালাগে নৰেশ্বৰ মালতীয়ে কি কথা পাতে, কি কৰে গাঁৱৰ তিৰোতাই সেয়াও ভুমুকিয়াই চাই যায়হি৷ এয়া অসমীয়া গাঁৱলীয়া নাৰীৰ বাস্তৱ চৰিত্ৰ৷
গাঁৱলীয়া সমাজত সেৱাই এগৰাকী নাৰীৰ জীৱনৰ পৰম সম্পদ হিচাপে ধৰা হয়৷ যেন আনৰ সেৱাৰ বাবেই তেওঁলোকৰ জন্ম৷ ইয়াতো আমি সেই কথাৰ উমান পাওঁ দেৱেশ্বৰে জীয়েক আলতীক বুজোৱা– “আই তিৰোতাৰ সেৱাই ধৰ্ম৷ ছোৱালী হৈ শুশ্ৰূষা কৰিব লাগিব, স্ত্ৰী হৈ সেৱা কৰিব লাগিব, মাক হৈ মৰম কৰিব লাগিব...(পৃ. ৫৮)” কথাৰ মাজেৰে৷ দেৱেশ্বৰৰ এই কথাৰ মাজেৰে চিৰপুৰাতন গাঁৱলীয়া সমাজৰ এগৰাকী পৰম্পৰাগত ৰক্ষণশীল নাৰীৰ মনোদ্দশা প্ৰোজ্জ্বল হৈ উঠিছে৷
বিৰিঞ্চি কুমাৰ বৰুৱাৰ কথা-সাহিত্যৰ কেৱল উপন্যাস দুখনৰ মাজেৰেই যে অসমীয়া গ্ৰাম্য জীৱনৰ চিৰন্তন চিত্ৰ প্ৰতিফলিত হৈছে তেনে নহয়, বৰং তেওঁৰ কেতবোৰ গল্পৰ মাজেৰেও প্ৰখৰ গ্ৰাম্য চেতনা প্ৰতিফলিত হৈছে৷ বৰুৱাৰ গল্পসমূহৰ ভিতৰত সবাতোকৈ উৎকৃষ্ট বুলি বিৱেচিত ‘আঘোণী বাই’ শীৰ্ষক গল্পটিৰ মাজেৰে অসমৰ চিৰপুৰাতন গ্ৰাম্য সমাজখনৰ বাস্তৱ চিত্ৰ প্ৰতিফলিত হৈছে৷ গল্পটোত উল্লেখিত আঘোণী বুঢ়ীজনী আমাৰ তেনেই চিনাকি৷ মানুহৰ ঘৰে ঘৰে কথাৰ মহলা মাৰি, চাহ-বস্তু বিচাৰি, বেমাৰৰ আজাৰৰ খবৰ লোৱা, কচু-ঢেঁকীয়া বিচাৰি নি ভেঁটি দিয়া এই আঘোণী বুঢ়ীজনী আমাৰ গাঁৱে-ভূঞে আজিও বিৰাজমান৷ আঘোণীৰ গোটেই জীৱন চৰ্যাতে এগৰাকী গাঁৱলীয়া বুঢ়ীৰ জীৱন্ত স্বৰূপ লক্ষ্য কৰিব পাৰি– “ঘৰুৱা কথাৰ আঘোণী বুঢ়ী জীৱন্ত গেজেট৷ কোন ঘৰত কাৰ বেমাৰ হৈছে, কাৰ ঘৰত কেতিয়া আইনাম, বৰ সবাহ, সকলোৰে ভূ-ভা বুঢ়ীয়ে নোলোৱাকৈ নাথাকে৷ চিৰস্তাদাৰৰ ন বোৱাৰীৰ কঁচুখাক খাবৰ মন গ’ল, বৰুৱানীক ঢেঁকীয়া শাক লাগে, ফুকননীয়ে তিতা খাবলৈ বিচাৰিও শোকোতা এমুঠিৰ অভাৱত ইমানদিনে খাবপৰা নাই, গোসাঁইৰ ছোৱালীজনীয়ে পচলা খাওঁ বুলি কাৰো হতুৱাই আঠীয়াকলৰ পুলি এটাও আনিব পৰা নাই৷ এওঁলোক সকলোৰে আশা পূৰণৰ ঘাই থল আঘোণী বাই (পৃ. ৩)৷ ”
উপন্যাসখনত বৰ্মিত সময়ছোৱাত গাঁৱলীয়া সমাজত সাধাৰণতে বুঢ়ী মহিলাসকলক কাৰোবাৰ ঘৰত কিবা খাবলৈ দিলে অলপৰে অলপ হ’লেও নেদেখাকৈ মেখেলাৰ খোচনিত সুমাই লোৱা বুলি দেখুওৱা হৈছে৷ আঘোণী বাইৰ মাজতো আমি সেইগৰাকী বুঢ়ী আইতাকে বিচাৰি পাওঁ৷ উকিলনীয়ে খাবলৈ দিয়া পিঠাকেইটা দুকামোৰমান মাৰি আঘোণীয়ে- “তপত পানীৰে সৈতে মিহলাই উকিলনীয়ে বুঢ়ীক এবাটি চাহ আৰু কেইটামান আধাভজা পিঠা যাচিলে৷ বুঢ়ীয়ে পিঠা কেইটা ওচৰতে পৰি থকা তুলাপাত এখনেৰে মেৰিয়াই ল’লে৷” এয়া এগৰাকী গাঁৱলীয়া অসহায় বুঢ়ী মহিলাৰ জীৱন্ত আৰু বাস্তৱ সামাজিক ৰূপ৷
গাঁৱলীয়া সমাজত এগৰাকী নাৰী বিধবা হোৱাৰ পাছত গাঁৱৰ কিছুমান পুৰুষে সুবিধা ল’ব বিচাৰে, অকলে থকা সেই বিধৱাগৰাকীৰ ৰাতি দুৱাৰ হেঁচাটোও গাঁৱলীয়া সমাজত তেনেই পৰিচিত৷ এইকথাবোৰো বৰুৱাই গল্পটোৰ মাজলৈ আনি গাঁৱলীয়া সমাজৰ চিত্ৰখন অধিক প্ৰকট কৰি তুলিছে৷ আঘোণী বিধৱা হোৱাৰ পাছতো এই একেই পৰিস্থিতিৰ সন্মুখীন হৈছে৷
যি ভেদোক আঘোণীৰ
গিৰিয়েক ৰতনে নিজৰ সন্তানৰ দৰে মৰম কৰিছিল আৰু সেই ভেদোৱে ৰতন ঢুকোৱা তিনিবছৰ নহওঁতেই
আঘোণীৰ ওপৰত চকু দি কৈছে – “আঘোণী তই মোলৈ সোমাবি নে?”৷ একেদৰে বৰবোপায়ে আঘোণীক সহায়
কৰাক লৈ গোঁসানীৰ মনত যি সন্দেহৰ সৃষ্টি হৈছে তাৰ মাজেৰেও এগৰাকী গাঁৱলীয়া নাৰীৰ মানসিক
অৱস্থাটো অধিক প্ৰোজ্জ্বল হৈ উঠিছে৷
অসমীয়া গাঁৱলীয়া জীৱনত ল’ৰা-ছোৱালীসকল বহুলাংশে মুক্তমনে ঘুৰি ফুৰা দেখিবলৈ পোৱা যায়৷ মাক-বাপেকক নোকোৱাকৈ মনে মনে আনৰ বাৰী লুৰিবলৈ যোৱা ল’ৰা-ছোৱালী আজিও গাঁৱত আছে৷ আনৰ বাৰীয়ে, বাৰীয়ে লেটেকু-পনিয়ল বিচাৰি ঘুৰি ফুৰাৰ মাদকতা কিমান সুকীয়া সেয়া কেৱল গাঁৱলীয়া ল’ৰা-ছোৱালীসকলেহে উপলব্ধি কৰিব পাৰে৷ ইয়াতো আমি আঘোণীৰ জীয়েক লয়নীক এনে অৱস্থাত লগ পাওঁ৷ ভৰ দুপৰীয়া লয়নীয়ে চিৰস্তাদাৰৰ বাৰী লুৰিবলৈ সোমাইছে – “মনত অপাৰ আনন্দ - ইমানবিলাক টেপৰ-ডিমৰু পকি মাটিতে সৰি আছে ... লয়নীয়ে টেপৰ চুহাত লাগিল৷ কিমান খাব, কিমান গোটাব? আজিয়েই নহৈছে কালিলৈকো এগাল নিবহি লাগিব৷ কালিলৈ মাণিকী আৰু কণছোৱালীহঁতকো লগত লৈ আহিব৷” এয়া এজনী গাঁৱলীয়া শিশুৰ চিৰশাশ্বত ৰূপ৷
অসমীয়া গাঁৱলীয়া নাৰীৰ গালি-গালাজ, শাও-শপনি দিয়াটো স্বাভাৱিক প্ৰবৃত্তি৷ ইয়াতো বৰুৱাদেৱে অসমীয়া গাঁৱলীয়া নাৰীৰ এই ছবিখন তুলি ধৰিছে লয়নীয়ে পদোলৈ পলাই যোৱাৰ পাছত পদোৰ মাহীমাকে (অসমীয়া গাঁৱলীয়া সমাজত মাহীমাক অথবা সতিনীৰ বিশেষ ভূমিকা আছে) লয়নীক দিয়া গালি-গালাজ আৰু শাও-শপনিৰ মাজেৰে এই ছবিখন জীৱন্ত হৈ উঠিছে- “কʼৰ কালশাঁখিনীজনী মোৰ ঘৰত সোমালহি, উ কটা৷ এনেনো লাজ-চৰম নোহোৱা নাটেশৰী গাভৰু ক’ত দেখিছা? ভালে ভালে বাপেৰে মোৰ ঘৰৰ পৰা নোলালে চুলিত ধৰি বাঢ়নীৰে কোবাই উলিয়াই দিম৷ বুঢ়ী শাহুৱেৰক চিনিবি কোনজনী?৷ ”
ইয়াৰোপৰি গল্পটোত অসমীয়া গ্ৰাম্য লোক-সংস্কৃতিৰ অন্তৰ্গত বিবিধ উপাদান চৰু, টেকেলি, ঢেঁকীশাল, এসময়ৰ গাঁৱলীয়া সমাজৰ আভিজাত্যৰ প্ৰতীক ভাঙৰ চিলিম এই বস্তবোৰৰ প্ৰতি লোক সংস্কৃতিবিদ বিৰিঞ্চি বৰুৱাৰ মন সংবেদনশীল হৈ উঠিছে আৰু আঘোণী বুঢ়ীজনীৰ জৰিয়তে তেওঁ গাঁৱলীয়া সমাজে লাহে লাহে আঁতৰাই পেলাবলৈ বিচৰা এই বস্তবোৰ সংৰক্ষণ কৰি আমাক এক ইংগিত প্ৰদান কৰিছে৷
অসমীয়া গাঁৱলীয়া সমাজত চুলিৰ যতন ল’বলৈ এসময়ত অসমীয়া গাঁৱলীয়া নাৰীয়ে ঔৰ বিজল আৰু মাটিমাহেৰে মূৰ ধোৱাৰ বিশেষ প্ৰচলন আছিল৷ বৰুৱাৰ ‘পদুমফুলীয়া ঢাকায়া শাৰী’ শীৰ্ষক গল্পটোত ডাক্তৰৰ পত্নী কমলাই জীয়েক লাহুক মাটিমাহ আৰু ঔৰ বীজলেৰে মূৰ ধোওৱা কাৰ্যৰ মাজেৰে সেই ছবিখন প্ৰকাশি উঠিছে৷
অৱশ্যে এইকথা আমি স্বীকাৰ কৰিবই লাগিব যে বিৰিঞ্চি কুমাৰ বৰুৱাৰ গ্ৰাম্য জীৱনৰ বিবিধ বৈশিষ্ট্যৰে সিক্ত গল্প, উপন্যাসৰ ভিতৰত ‘জীৱনৰ বাটত’ আৰু ‘আঘোণী বাই’ শীৰ্ষক গল্পটোৱে সবাতোকৈ উল্লেখযোগ্য৷ বৰুৱাৰ কথা-সাহিত্যত গ্ৰাম্য জীৱনৰ ডিটেইলছৰ যি ধাৰ নিচিগা স্ফুৰণ তাক এই আলোচনাৰ মাজেৰে স্বয়ংসম্পূৰ্ণ হৈছে বুলিব নোৱাৰি৷ ই সম্পূৰ্ণ এটি গৱেষণামূলক আলোচনাৰ বিষয়৷
বৰুৱাদেৱৰ কথাসাহিত্যত গ্ৰাম্য জীৱনৰ প্ৰকাশ সম্বন্ধে আলোচনা কৰিবলৈ গ’লে অনুভৱ হয় বৰুৱাই কথা-সাহিত্যত ‘... বিষয় বৈচিত্ৰ্য বা বিলাসৰ বাবে অংকন কৰা নাই, সেই ছবিত তেওঁৰ মনৰ তুলিকা আৰু ৰং বিদ্যমান’ (এশ বছৰৰ অসমীয়া উপন্যাস, পৃ. ৪১৯)৷ বিৰিঞ্চি কুমাৰ বৰুৱাৰ কথা-সাহিত্যত যে কেৱল গ্ৰাম্য জীৱনৰ চিত্ৰই প্ৰতিফলিত হৈছে তেনে নহয়, বিপৰীতে সমাজ আৰু ব্যক্তি জীৱনৰ বিভিন্ন দিশ তেওঁ বিভিন্ন মাত্ৰাত বিশ্লেষণ কৰিছে৷ এনেদৰে প্ৰাক্ স্বাধীনতাকালীন সময়ৰে পৰা স্বাধীনোত্তৰ কাললৈকে এক বৃহৎ পৰিসৰৰ বিষয়বস্তু বৰুৱাৰ কথা-সাহিত্যই সামৰি লৈছে৷ বৰুৱাই তেখেতৰ কথা-সাহিত্যত গ্ৰাম্য জীৱনৰ ছবি ফুটাই তুলিবলৈ যাওঁতে আংগিকৰ সম্পৰীক্ষাৰ ওপৰত গুৰুত্ব নিদি অধিক গুৰুত্ব দিছে প্ৰাঞ্জল, ব্যঞ্জনাময় আৰু বৌদ্ধিক দীপ্তিৰে প্ৰোজ্জ্বল ভাষাৰ ব্যৱহাৰৰ ওপৰত৷ তাতোকৈ ডাঙৰ কথা গাঁৱলীয়া নাৰীৰ হুবহু প্ৰতিচ্ছবি ফুটাই তোলাত অসমীয়া সাহিত্যত বৰুৱা যেন অপ্ৰতিদ্বন্দ্বী কথক৷ এনেদৰে এগৰাকী সমাজ সচেতন কথক হিচাপে প্ৰাক্ স্বাধীনতাকালৰে পৰা বৰ্তমানলৈকে বৰুৱাৰ কথা-সাহিত্যই সমগ্ৰ পাঠকক মোহাচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হৈছে৷
গ্ৰন্থপঞ্জী :
ঠাকুৰ, নগেন (সম্পা,) : এশ বছৰৰ অসমীয়া উপন্যাস, জ্যোতি প্ৰকাশন, প্ৰথম প্ৰকাশ নৱেম্বৰ, ২০০০
শৰ্মা, গোবিন্দ প্ৰসাদ :
উপন্যাস আৰু অসমীয়া উপন্যাস, ষ্টুডেন্ট ষ্টৰচ, তৃতীয় সংশোধিত সংস্কৰণ, অক্টোবৰ, ২০১২
ভট্টাচাৰ্য্য, নলিনীধৰ :
মহৎ ঐতিহ্য, ষ্টুডেণ্ট ষ্ট’ৰচ, ১৯৯৯
গোস্বামী, ত্ৰৈলোক্যনাথ :
আধুনিক গল্প সাহিত্য, বাণী প্ৰকাশ, প্ৰথম প্ৰকাশ -১৯৬৫
বৰুৱা, প্ৰহ্লাদ
কুমাৰ: অসমীয়া চুটিগল্পৰ অধ্যয়ন, বনলতা, প্ৰথম প্ৰকাশ -১৯৯৫
বৰা, সোমনাথ (সম্পা.) :
বিৰিঞ্চি কুমাৰ বৰুৱাৰ জীৱন আৰু কৰ্ম, ক্ৰান্তিকাল প্ৰকাশন, প্ৰথম প্ৰকাশ -২০০৮
***
ভ্ৰাম্যভাষ – ৯৩৯৫৫৫৬৪৪৫১৩