অন্যযুগ/


ভাৰতীয় কবি অনুভৱ তুলসী

  এম. কামালুদ্দিন আহমেদ


অনুভৱ তুলসী(১৯৫৮-২০২৫)ৰ অকাল বিয়োগে তেওঁৰ অনুপস্থিতি বাৰুকৈয়ে অনুভূত কৰাইছে। তেওঁৰ কবিতাৰ সমালোচনামূলক লেখাৰ সংকলন দোলায়িত প্ৰস্তৰ (২০২২)ৰ সম্পাদনা কৰি থাকোঁতে সমসাময়িক ভাৰতীয় কবিতাৰ প্ৰেক্ষাপটত অনুভৱ তুলসীৰ স্থান সম্পৰ্কীয় কথাটোৱে মোৰ মনত খুন্দিয়াই আছিল। সাম্প্ৰতিক ভাৰতীয় কবিতাৰ ক্ষেত্ৰত যিকেইটা ভাষাত ইয়াৰ সমৃদ্ধি হৈছে তাৰ লেখ লওঁতে ইংৰাজী ভাষাৰ ভাৰতীয় কবিৰ কবিতা, বাংলা কবিতা, ইংৰাজীলৈ অনূদিত মালায়ালাম কবিতা (কে. সচ্ছিদানন্দনৰ কবিতা বাদ দি) আৰু হিন্দী কবিতাৰ কথাই মনলৈ আহে।

চুবুৰীয়া পশ্চিমবংগৰ বাংলা কবিতালৈ চালে দেখিম যে সাম্প্ৰতিক সময়ত তেওঁলোকৰ শ্ৰেষ্ঠ কবি জয় গোস্বামী (১৯৫৪)। আজি কেইবাটাও দশকজুৰি শংখ ঘোষৰ (১৯৩২ - ২০০১) পৰৱৰ্তী প্রজন্মৰ শ্ৰেষ্ঠ কবি হিচাপে তেওঁ অনৱদ্য অৱদান আগবঢ়াই আহিছে। আজিও দেহাতীত কেতবোৰ অনুষংগৰ লগত কথ্য ভাষা মিহলি কৰি অপূৰ্ব বিষয়ক অপূৰ্ব কাব্যভাষা তেওঁ বাংলা কবিতাক দিছে। জয় গোস্বামীৰ সামগ্রিক অৱদান সমগ্ৰ ভাৰতীয় কবিতাৰ ক্ষেত্ৰত চমকপ্রদ। অনুভৱ তুলসী জয় গোস্বামীৰ স্থান ল’বলৈ উন্মুখ হৈ থকা সময়তে তেওঁ অকালতে আমাৰ মাজৰ পৰা মেলানি মাগিলে৷ অনুভৱ তুলসীৰ কবিতাত অৱচেতনৰ এটি বিশেষ ভূমিকা আছে। জয় গোস্বামীৰ আৰম্ভণি পৰ্বৰ কবিতালানিত মনৰ অন্ধকাৰত পোত গৈ থকা কেতবোৰ অনুষংগ উজলি উঠিছিল তেওঁৰ কল্পনাক এক প্রকাৰ বিস্তাৰ দিবলৈ৷ কিন্তু সেই কবিতাবোৰৰ বেছিভাগৰে অভিজ্ঞাপন পঢ়ুৱৈৰ বাবে দুৰূহ আছিল। অনুভৱ তুলসীৰ কবিতাৰ অৱচেতনত শিল, জুই, পানীয়ে কিন্তু আৰম্ভণি পৰ্বৰে পৰা কাব্যিক সৌন্দৰ্যৰ বিচ্ছুৰণ ঘটাই আহিছে আৰু সি পঢ়ুৱৈৰ বোধগম্যতাৰ অন্তৰায় হৈ উঠা নাই। মৃত্যুৰ আগ মুহূৰ্তলৈকে (২৭ জুন, ২০২৫) অৱচেতনৰ এই মণি-মুকুতাবোৰ তেওঁৰ কবিতাত আছে আৰু কবিৰ প্রতিভাৰ স্বাক্ষৰ হিচাপে ভিন ভিন প্রসংগত সেইবোৰৰ প্রয়োগ হৈছে। অনুভৱ তুলসীৰ কবিতাৰ বিৱৰ্তনতো এইবোৰৰ কৌতুহলোদ্দীপক ভূমিকা লক্ষ্য কৰা যায় -

সোমাই যোৱা পানীক

এবাৰ দেখা পানীক

তেওঁ নাপাহৰে

পানী লুকাই গ’লেও

পানীৰ স্মৃতিত

তেওঁ থাকে

পানী থকালৈকে (পানী)

তেনেদৰে শিল প্ৰায়েই অনুভৱ তুলসীৰ অৱচেতনৰ সম্পদ; ইয়াৰ জৰিয়তে লৌকিক আৰু পাৰলৌকিক পৃথিৱী দুয়োখনেই তেওঁৰ কবিতাত দ্বন্দ্বাত্মক ৰূপত উদ্ভাসিত হৈছে : “ঢাপলি মেলা/ ঢপলিয়াই থকা/ ফুলনিখনৰ বুকুৰ/ সেইটো শিল” (ফুলনি)।

সমসাময়িক বাংলা কবিতাৰ আন এগৰাকী কৃতিমান কবি সুবোধ সৰকাৰ (১৯৫৮-২০১০)- এ তেওঁৰ শেহতীয়া কবিতালানিত বাংলা ভাষাৰ বিভিন্ন প্রকাশিকা শক্তি উন্মোচনৰ প্রকাশ কৰিছে, সেইবোৰত সফলতাও অৰ্জন কৰিছে। সৰকাৰৰ শেহতীয়া কবিতাত পশ্চিম বংগৰ অঞ্চল বিশেষৰ কথ্য ভাষা আৰু জতুৱা ঠাঁচ যিদৰে সোমাই আহিছে তেনেদৰেই আহিছে মফচলীয় আৰু পৌৰ বাস্তৱতা। কিন্তু সমগ্ৰ ভাৰতীয় কবিতালৈ চালে ভাষাৰ প্রকাশিকা শক্তি উন্মোচনৰ বেলিকা আটাইতকৈ সফলতা অৰ্জন কৰিছে অনুভৱ তুলসীয়ে৷ বহুতৰপীয়া ব্যঞ্জনাৰ সৃষ্টি কৰিছে অনুভৱ তুলসীয়ে ৷ ভাষাৰ বিনিৰ্মাণ কৰিছে। অসমীয়া কবিতাৰ প্রসংগত ডেৰিডাক মনত পেলোৱাৰ অৱকাশ দিছে। সাহিত্যিক শৈলী আৰু কথাশৈলীৰ অপূৰ্ব সমন্বয় সাধন কৰিছে, আধুনিক কথন-ৰীতি আৰু ৰোমাণ্টিক প্ৰকাশভংগীৰ অপূৰ্ব সমতা স্থাপন কৰিছে৷ লোকভাষাৰ অসামান্য প্ৰয়োগ কৰিছে অনুভৱ তুলসীয়ে৷

বিভিন্ন বিষয় তুলসীয়ে লয় সেয়া কিন্তু ভাষাৰ প্রকাশিকা শক্তি উন্মোচনৰ তাগিদাতহে, লগে-লগে বিষয়-বৈচিত্ৰ্যও আহি পৰিছে।

ভাৰতীয় ইংৰাজী ভাষাৰ কবি ৰণজিৎ হচকতে আৰু অৰুন্ধতী সুব্ৰমণ্যমৰ কবিতালৈ চালে আমি দেখিম যে, হচকতেৰ কবিতাত ইংৰাজী ভাষাৰ চমকপ্রদ পৰিমিতিবোধ লক্ষ্য কৰা যায়। অনুভৱ তুলসী অৱশ্যে কেতিয়াবা কেতিয়াবা প্রগল্ভ। হচকতেৰ বিষয়-বৈভৱ মন কৰিবলগীয়া। অৰুন্ধতী সুব্ৰমণ্যমৰ কবিতা প্রাত্যহিকতাৰ ধূলি-মাকতিৰে সিক্ত। অনুভৱ তুলসীৰ কবিতাত লোকোত্তৰ জীৱন পাৰ্থিৱ জীৱনৰ দ্বন্দ্বত লিপ্ত হৈছে আৰু সি সঞ্চাৰিত কৰিছে অপূৰ্ব কাব্যৰস। হিন্দী কবি অনামিকাৰ কবিতাত অভিনৱ বিষয়বস্তুৰ অৱতাৰণা কৰা হয় যদিও তুলসীৰ দৰে প্রকাশিকা শক্তিৰ আয়তন বঢ়োৱাৰ প্রয়াস পৰিলক্ষিত নহয়। এনেবোৰ কথাই অনুভৱ তুলসীক সমসাময়িক ভাৰতীয় কবিতাৰ স্বকীয় স্বৰ বুলি প্ৰতীয়মান কৰিছে।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ