বিংশ শতিকাৰ ইংৰাজী সাহিত্য জগতৰ আটাইতকৈ প্ৰভাৱশালী কবিসকলৰ অন্যতম
উইলিয়াম বাটলাৰ য়েটছৰ জন্মৰ ১৬০ টা বছৰ সম্পূৰ্ণ হ’ব অহা ১৩ জুন
তাৰিখে। সাহিত্য জগতত য়েটছৰ পদাৰ্পণ ঘটিছিল ১৮৮৫ চনত, তেওঁৰ বিছ বছৰ
বয়সত, যেতিয়া তেওঁৰ প্ৰথম কবিতা প্ৰকাশিত হৈছিল ‘ডাবলিন ইউনিভাৰ্ছিটি ৰিভিউ’ত। সেই তেতিয়াৰপৰা কবিতা, নাটক, ৰাজনীতি আদিৰ মাজত নিজৰ সৃষ্টিশীলতা আৰু কৰ্মোদ্যমক ব্যস্ত
ৰখা য়েটছে সাহিত্যলৈ তেওঁ আগ বঢ়োৱা অৱদানৰ বাবে ১৯২৩ চনত নোবেল বঁটা লাভ কৰিছিল।
কেইবাখনো কবিতাপুথি, নাটক আৰু অন্যান্য ৰচনাৰে নিজৰ সৃষ্টিশীলতাৰ ভঁৰাল টনকিয়াল
কৰা য়েটছৰ অন্তিম সাহিত্যকৰ্মসমূহৰ এটা আছিল ১৯৩৯ চনৰ জানুৱাৰীত ঘটা তেওঁৰ বিয়োগৰ
কেইমাহমানৰ আগতে, অৰ্থাৎ ১৯৩৮ চনত প্ৰকাশিত ‘দ্য টেন
প্ৰিন্সিপাল উপনিষদজ’, যিখন আছিল য়েটছে ভাৰতীয় মূলৰ শ্ৰী পুৰোহিত স্বামীৰ সৈতে
যুটীয়াভাৱে কৰা দহখন মুখ্য উপনিষদৰ সংস্কৃতৰপৰা ইংৰাজীলৈ ভাঙনি।
সাহিত্যক য়েটছে য’ত এৰিছিল,
তাৰ পৰা সাহিত্যই এই সুদীৰ্ঘ সময়ছোৱাত
বহুদূৰ বাট আগুৱাই গৈছে - গোটেই বিশ্বতে। কিন্তু ইংৰাজী সাহিত্যৰ লগতে
বিশ্বসাহিত্যলৈ যোৱাটো শতিকাৰ শেহৰ দশককেইটাত আৰু একবিংশ শতিকাৰ পাৰ হৈ যোৱা
বছৰবোৰত যিমান পৰিৱৰ্তন আহিল,
সাহিত্যই এই সময়ছোৱাত যি ধৰণে বিভিন্ন
নতুন নতুন চিন্তাৰ মাজেৰে গতি কৰিলে, সেইবোৰৰ কথা মনত ৰাখিও এটা কথা
নিঃসংকোচে ক’ব পাৰি যে য়েটছ অন্ততঃ কবি হিচাপে এতিয়াও অপ্ৰাসংগিক হৈ
পৰা নাই। এই প্ৰাসংগিকতা এইখিনিতেই যে সাহিত্যৰ কিছুমান প্ৰমূল্য শাশ্বত;
যুগ যুগ ধৰি বিভিন্ন লেখকৰ কৰ্মত এই
প্ৰমূল্যসমূহ বিভিন্ন ৰূপত প্ৰকাশিত হৈ আহিছে, আৰু য়েটছ এই
প্ৰমূল্যগত পৰম্পৰাৰে অংশীদাৰ।
অৱশ্যে পৰম্পৰাৰ প্ৰশ্নটোক য়েটছে তেওঁতকৈ পাছৰ, বিংশ শতিকাৰ
সাহিত্য জগতৰ আন এগৰাকী প্ৰভাৱশালী ব্যক্তি, কবি, নাট্যকাৰ, সাহিত্য-তাত্বিক হিচাপে বিশিষ্টতা অৰ্জন কৰা টমাছ
ষ্টেয়াৰ্নছ এলিয়টৰ নিচিনাকৈ চোৱা নাছিল; এলিয়টে ‘ট্ৰেডিশ্যন
এণ্ড ইণ্ডিভিজুৱেল টেলেণ্ট’ত দাঙি ধৰা পৰম্পৰা সম্পৰ্কীয় ধাৰণাটোৰপৰা য়েটছে অনুসৰণ
কৰা পৰম্পৰাৰ ধাৰণাটো পৃথক আছিল। বিংশ শতিকাৰ ইংৰাজী কবিতা বোলোতে পোনচাটেই আমাৰ
মনলৈ আহে আধুনিকতাবাদৰ কথা;
এই আধুনিকতাবাদক সবল ভিত্তি প্ৰদান কৰা
এলিয়টৰ ‘লাভ চং অৱ জে আলফ্ৰেড প্ৰুফক’, ‘দ্য
ৱেষ্টলেণ্ড’, ‘দ্য হ’ল’মেন’
আদি কবিতাৰ কথা; এলিয়টৰ
সাহিত্য চিন্তাৰ অংশ ‘আবেগৰপৰা পলায়ন’ আৰু ‘ব্যক্তিত্বৰপৰা
পলায়ন’ৰ ধাৰণাৰ কথা । কিন্তু বিংশ শতিকাৰ ইংৰাজী কবিতা যে কেৱল
এলিয়টকেন্দ্ৰিক নহয়, য়েটছৰ দৰে পৃথক ধাৰাৰ কবিয়েও যে বিংশ শতিকাৰ ইংৰাজী কবিতাৰ
পৃষ্ঠভূমি তৈয়াৰ কৰাত নিজস্ব ধৰণেৰে ভূমিকা পালন কৰিছিল, সেই কথাটো
পাহৰাও উচিত নহয়। আয়াৰলেণ্ডত জন্ম গ্ৰহণ কৰা আৰু নিজৰ আইৰিশ্ব পৰিচয় সম্পৰ্কে সদা
সচেতন য়েটছে যেতিয়া তেওঁৰ কাব্যিক পৰিক্ৰমা আৰম্ভ কৰিছিল, তাৰ বহু পাছত
এলিয়টৰ ‘আধুনিকতাবাদ’মুখী সাহিত্য-ধাৰাৰ সূচনা হৈছিল।
য়েটছ আধুনিক চেতনাৰপৰা বিচ্ছিন্ন নাছিল; বৰং নিজস্ব ধৰণেৰে তেওঁ এক আধুনিক
চেতনাক লালন কৰিছিল। তথাপিও এলিয়টৰ আধুনিকতাৰ পৰা
তেওঁ নিজৰ পৃথকতা সচেতনভাবে বজাই ৰাখিছিল। ১৯০৯ চনত এজৰা পাউণ্ডক লগ পোৱাৰ
পাছত (আৰু পাউণ্ড-এলিয়টৰ সংযোগৰ কথা সকলোৱে জানে) পাউণ্ডৰ আধুনিক ৰচনাৰীতি, চিত্ৰকল্প নিৰ্মাণ আদিৰ দ্বাৰা য়েটচ কিছু প্ৰভাৱিত হৈছিল যদিও য়েটছে
তেওঁৰ পৰম্পৰাগত কাব্যৰীতিৰপৰা একেবাৰে আঁতৰি অহা নাছিল, আৰু এই কথাটো
পৰৱৰ্তী সময়ত তেওঁ ৰচনা কৰা কবিতাসমূহে প্ৰতিপন্ন কৰে।
আমি যদিও য়েটছক বিংশ শতিকাৰ সাহিত্যিক বুলি কৈছোঁ, তেওঁৰ কিছু গুৰুত্বপূৰ্ণ সাহিত্য কৰ্মৰ জন্ম হৈছিল ঊনবিংশ শতিকাতেই।
উদাহৰণ স্বৰূপে, য়েটছৰ এখন গুৰুত্বপূৰ্ণ কবিতা সংকলন ‘দ্য উইড এমং দ্য ৰীডছ’
প্ৰকাশিত হৈছিল ১৮৯৯ চনত। নাটকৰ পিনে
দৃষ্টি নিক্ষেপ কৰিলে দেখা যায় যে তেওঁৰ ‘দ্য কাউণ্টেছ
কেথলীন’ জনমানসৰ সম্মুখলৈ আহিছিল ১৮৯২ চনত। এইখিনিতে মন কৰিবলগীয়া
যে বিংশ শতিকাত য়েটছে তেওঁৰ পূৰ্বৰ কাব্যধাৰাৰ পৰা আঁতৰি আহিছিল যদিও, আৰু ঊনবিংশ শতিকাৰ তেওঁৰ কবিতাসমূহৰ শৈলীক তেওঁ নিজে পাছত উপহাস
কৰিছিল যদিও ১৮৮৮ চনত ৰচনা কৰা ‘দ্য লেক আইল অব ইনিছ্ফ্ৰী’ আৰু তদ্ৰুপ
কিছু কবিতাই ইয়াত নিহিত pastoral ধাৰাৰ কবিতাৰ কিছু বৈশিষ্ট্য, এইবোৰৰ কাব্যিক সাৰল্য আৰু
প্ৰচ্ছন্ন গীতিময়তাৰ বাবে সমালোচকৰ দ্বাৰা প্ৰশংসিত হৈ আছিল বিংশ শতিকাৰ অত্যন্ত
প্ৰভাৱশালী আধুনিকতাবাদৰ পৰা ভালেখিনি দূৰত অৱস্থান কৰিও। য়েটছৰ অন্যতম শ্ৰেষ্ঠ
কবিতা ‘দ্য লেক আইল অব ইনিছফ্ৰী’ এতিয়াও
কবিতানুৰাগীৰ মাজত চৰ্চিত হৈ আছে।
বিংশ শতিকাৰ একেবাৰে আৰম্ভণিতে অৱশ্যে য়েটছে কবিতাতকৈ নাটকৰ সৈতেহে
বেছিকৈ ব্যস্ত হৈ পৰিছিল। কিছু সংখ্যক সমভাবাপন্ন লোকৰ সৈতে যুক্ত হৈ স্থানীয় আইৰিশ্ব
নাটকক সুপ্ৰতিষ্ঠিত কৰাৰ লক্ষ্যৰে তেওঁ সেই সময়ত নাট্যজগতত সক্ৰিয় হৈ উঠিছিল।
ঊনবিংশ শতিকাৰ অন্তিম পৰ্যায়ত আৰু বিংশ শতিকাৰ প্ৰথমটো দশকত তেওঁ ভালে কেইখন নাটক
ৰচনা কৰিছিল, যাৰ ভিতৰত উল্লেখযোগ্য আছিল ‘মোচাডা’ (১৮৮৬), ‘দ্য লেণ্ড অব হাৰ্টজ ডিজায়াৰ’ (১৮৯৪), ‘কেথলীন নি হাউলীহান’
(১৯০২), যিখন তেওঁ
লেডী গ্ৰেগ’ৰীৰ সৈতে যুটীয়াভাবে ৰচনা কৰিছিল, আৰু ‘অন বেইলজ ষ্ট্ৰেণ্ড’
(১৯০৩)। আইৰিশ্ব পৰম্পৰাগত নাট্যশৈলীৰ পৰা
নাটকীয় সমল আহৰণ কৰা য়েটছে কাব্য আৰু গদ্য উভয়তে নাট ৰচনা কৰিছিল।
অৱশ্যে একবিংশ শতিকাৰ সাহিত্য সম্পৰ্কীয় আলোচনাত কবি য়েটছ যিমান
চৰ্চিত, নাট্যকাৰ য়েটছ সিমান চৰ্চিত নহয়, কাৰণ কবিতাৰ মাজেৰে মানৱীয় প্ৰমূল্যৰ
সাৰ্বজনীনতাক য়েটছে বহু বেছি পৰিমাণে স্পৰ্শ কৰিছিল। ইতিমধ্যেই কৈছোঁ যে বিংশ
শতিকাৰ আৰম্ভণিটো য়েটছৰ কবিতাৰ দিশ পৰিৱৰ্তনৰো সময়। ঊনবিংশ শতিকাত ৰচনা কৰা
কবিতাসমূহৰ পৰম্পৰাগত শৈলীৰপৰা বহুখিনি আঁতৰি আহি তেওঁ কিছু ভিন্ন শৈলীৰে কবিতা
ৰচনা কৰাত আত্মনিয়োগ কৰিছিল। বিশেষকৈ ‘দ্য উইড এমং দ্য ৰীডছ’ সংকলনৰ কবিতাসমূহত দেখা যোৱা বেছি বিস্তাৰিত শৈলী পৰৱৰ্তী কবিতাসমূহত
তেওঁ পৰিহাৰ কৰি আলাপধৰ্মী ছন্দ আৰু সৰল শব্দবিন্যাসক বাট এৰি দিছিল। এইটো দিশতে
তেওঁৰ বিংশ শতিকাৰ একেবাৰে আৰম্ভণিৰ ‘ইন দ্য ছেভেন উডজ’ (১৯০৩), ‘দ্য গ্ৰীন হেলমেট এণ্ড আদাৰ পয়েমছ’ (১৯১০) আৰু ‘ৰেচপন্সিবিলিটীজ’
(১৯১৪) সংকলন কেইখন ‘দ্য উইড এমং দ্য ৰীডছ’ৰ ধাৰাৰ পৰা আঁতৰি আহিছে।
য়েটছৰ সাহিত্য সম্পৰ্কীয় আলোচনাত স্বাভাৱিকতেই তেওঁৰ মাজত
নিহিত প্ৰৱল আইৰিশ্ব জাতীয়তাবোধ, আৰু সেই সময়ত ইংৰাজ শাসক শ্ৰেণীৰ বিৰুদ্ধে
আয়াৰলেণ্ডত চলি থকা জাতীয়তাবাদী আন্দোলনসমূহৰ কথা আহি পৰে। এটা সময়ত য়েটছে তেওঁৰ
কবিতাসমূহক আইৰিশ্ব বিষয়ৰ মাজত সীমিত কৰিবলৈ লৈছিল আইৰিশ্ব জাতীয়তাবোধৰ প্ৰেৰণাতে।
আনকি যেতিয়া তেওঁ ১৮৮৬ চনত নিজৰ পৰিয়ালৰ সৈতে আয়াৰলেণ্ড এৰি লণ্ডনত বসবাস কৰিবলৈ
লৈছিল, তেতিয়াও তেওঁ ৰচনা কৰা কবিতা, নাটক আদিত আইৰিচ বিষয় আৰু আইৰিশ্ব চৰিত্ৰৰ
প্ৰাধান্য আছিল। অৱশ্যে য়েটছৰ ৰাজনৈতিক দৰ্শন আইৰিশ্ব জাতীয়তাবোধৰ দ্বাৰা
নিয়ন্ত্ৰিত হৈ থাকিলেও সেই সময়ত চলি থকা আইৰিশ্ব জাতীয়তাবাদী আন্দোলনসমূহৰ সৈতে
তেওঁ জড়িত হৈ পৰা নাছিল। এই প্ৰসংগতে অভিনেত্ৰী আৰু আইৰিশ্ব জাতীয়তাবাদী মড গ’নৰ সৈতে য়েটছৰ সম্পৰ্কটোৰ কথা আহি পৰে, যিটো সম্পৰ্কই য়েটছৰ সাহিত্যিক জীৱনক ব্যাপকভাৱে প্ৰভাৱিত
কৰিছিল। য়েটছে মড গ’নক প্ৰথম লগ পাইছিল ১৮৮৯ চনত আৰু তাৰ পাছৰ সময়ছোৱাত এই
জাতীয়তাবাদী অভিনেত্ৰীগৰাকী য়েটছৰ সৃষ্টিশীল প্ৰেৰণাৰ উৎস হৈ উঠিছিল। ১৮৯১ চনৰপৰা
১৯০১ চনৰ ভিতৰত তেওঁ চাৰিবাৰকৈ মড গ’নক বিয়াৰ প্ৰস্তাৱ দিছিল, যিবোৰ প্ৰস্তাৱ মড গ’নে বিনা বাক্যব্যয়ে প্ৰত্যাখ্যান কৰিছিল। য়েটছক আচৰিত কৰি
১৯০৩ চনত মড গ’ন আইৰিশ্ব জাতীয়তাবাদী নেতা মেজৰ জন মেকব্ৰাইডৰ সৈতে বিৱাহপাশত
আৱদ্ধ হয়, যিটো ঘটনাই য়েটছক জোকাৰি যায়। তেওঁ বহু পত্ৰ আৰু কবিতাত
মেকব্ৰাইডক উপলুঙা কৰিছিল। অৱশ্যে ১৯০৪ চনত গ’ন আৰু
মেকব্ৰাইডৰ বৈৱাহিক জীৱনৰ অন্ত পৰে, যিটো য়েটছৰ বাবে আনন্দদায়ক খবৰ
আছিল। গ'নৰ সৈতে সম্পৰ্ক দীৰ্ঘস্থায়ী নহ'লেও এটা সময় আছিল, যেতিয়া য়েটছৰ অতিলৌকিকতাবাদ, আধ্যাত্মিকতাবাদ আৰু ৰহস্যবাদ সম্পৰ্কীয় চৰ্চাক আগুৱাই নিয়াৰ ক্ষেত্ৰত
গ'নে বিশেষ ভূমিকা পালন কৰিছিল।
য়েটছৰ কাব্যিক জীৱনক বিশেষভাবে জোকাৰি যোৱা এটা ঘটনা হৈছে ১৯১৬ চনৰ ‘ইষ্টাৰ বিদ্ৰোহ’। এই বিদ্ৰোহ ব্যৰ্থ হৈছিল যদিও ইয়াৰ প্ৰভাৱ আয়াৰলেণ্ডৰ
জাতীয়তাবাদী ৰাজনীতিত বাৰুকৈয়ে পৰিছিল, আৰু জাতীয় মনোভাবাপন্ন য়েটছো এই
প্ৰভাৱৰপৰা মুক্ত নাছিল। মড গ’নৰ সৈতে বিবাহ বিচ্ছিন্ন মেকব্ৰাইড এগৰাকী নেতা হিচাপে এই
বিদ্ৰোহৰ সৈতে ঘনিষ্ঠভাৱে জড়িত আছিল আৰু ইয়াৰ পৰিণতিত পৰৱৰ্তী সময়ত তেওঁ
মৃত্যুদণ্ডৰে দণ্ডিত হৈছিল। এই বিদ্ৰোহৰ পটভূমিতে য়েটছে ৰচনা কৰিছিল তেওঁৰ অন্যতম
প্ৰসিদ্ধ কবিতা ‘ইষ্টাৰ ১৯১৬’। য়েটচ পূৰ্বৰেপৰা এগৰাকী দায়ৱদ্ধ
আইৰিশ্ব জাতীয়তাবাদী আছিল যদিও মেকব্ৰাইডকে ধৰি আইৰিশ্ব জাতীয়তাবাদী আন্দোলনৰ
বেছিসংখ্যক নেতাই অৱলম্বন কৰা পথৰ প্ৰতি য়েটছৰ আস্থা নাছিল বাবে জাতীয়তাবাদী
আন্দোলনৰ সৈতে তেওঁ পূৰ্বৰেপৰা ভালকৈ একাত্ম হ’ব পৰা নাছিল।
এই নেতাসকলেই আছিল ১৯১৬ চনৰ ২৪ এপ্ৰিলত আৰম্ভ হোৱা ইষ্টাৰ বিদ্ৰোহৰ মূল হোতা, আৰু এইসকলৰ বেছিভাগকেই এই বিদ্ৰোহৰ নেতৃত্ব লোৱাৰ অপৰাধত মৃত্যুদণ্ডৰে
দণ্ডিত কৰা হৈছিল। এই ঘটনাবোৰে য়েটছক হতচকিত আৰু আৱেগিক কৰি তুলিছিল, আৰু তেওঁৰ
কাব্যিক মননত এটা প্ৰচণ্ড জোকাৰণি তেওঁ অনুভৱ কৰিছিল। বিদ্ৰোহীসকলে লোৱা পথটো যদিও
তেওঁ মানি ল’ব পৰা নাছিল, য়েটছে তেওঁলোকৰ (আনকি তেওঁ বেয়া
পোৱা মেকব্ৰাইডৰো) আইৰিশ্ব জাতীয়তাবাদৰ প্ৰতি নিষ্ঠা আৰু ত্যাগৰ মনোভাৱৰ প্ৰতি
সপ্ৰশংস দৃষ্টি নিক্ষেপ কৰিছিল। তেওঁ উপলব্ধি কৰিছিল যে নেতাসকলৰ মৃত্যুদণ্ডই
ইংৰাজ চৰকাৰক ইয়াৰ ঈপ্সিত লক্ষ্যত উপনীত হোৱাত সহায় কৰাৰ পৰিৱৰ্তে আইৰিশ্ব জাতীয়
আন্দোলনক অধিক শক্তিশালী হৈ উঠাতহে অৰিহণা যোগাইছিল। সেই কাৰণেই তেওঁ কবিতাটোত লিখিছিল, “এক ভয়ানক সৌন্দৰ্যৰ জন্ম হৈছে।”
'ইষ্টাৰ বিদ্ৰোহে' য়েটছক
স্থায়ীভাবে আয়াৰলেণ্ডতে বসবাস কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। আইৰিশ্ব জাতিৰ প্ৰতি নিজৰ
কৰ্তব্য সম্পৰ্কে তেওঁ এনেকৈ সচেতন হৈ উঠিছিল যে তেওঁ আনকি ঊনপঞ্চাছ বছৰ হওঁ হওঁ
হোৱা সত্বেও বিয়া নকৰাকৈ থাকি তেওঁৰ আইৰিশ্ব বংশ বিস্তাৰত অৰিহণা নোযোগোৱাকৈ থকা
কথাটোৰ বাবে আক্ষেপ কৰিছিল। 'ৰেচপন্সিবিলিটিজ'
সংকলনৰ পাতনিতে তেওঁ ৰচনা কৰা কবিতাটোত তেওঁৰ পূৰ্বপুৰুষৰ ওচৰত তেওঁ ক্ষমা
প্ৰাৰ্থনা কৰিছে কাৰণ তেওঁ এতিয়াও কোনো শিশুৰ জন্ম দিয়া নাই। তেওঁ কবিতাটোত
লিখিছে,
"যদিও
মই ঊনপঞ্চাছ বছৰ বয়সৰ কাষ চাপিছোঁ,
মোৰ কোনো
সন্তান নাই, মোৰ একো নাই কেৱল এখন কিতাপ
একো নাই
কেৱল সেয়াই তোমাৰ আৰু মোৰ তেজক প্ৰমাণ কৰিবলৈ।"
বিষয়বস্তুৰ কেন্দ্ৰত আয়াৰলেণ্ডক ৰাখিও তেওঁ সামগ্ৰিকভাবে এক বিশ্বমুখী
দৰ্শনৰ পিনে ধাৱমান হোৱা কথাটো তেওঁৰ ‘দ্য ছেকেণ্ড কামিং’ (১৯১৯) কবিতাটোত বিশেষভাবে মন
কৰা যায়। এই কবিতাটোত প্ৰথম বিশ্বযুদ্ধৰ পাছৰ আৰু ১৯১৯ চনৰ আইৰিশ্ব স্বাধীনতা
যুদ্ধৰ আৰম্ভণিৰ সময়ৰ ইউৰোপ আৰু আয়াৰলেণ্ডৰ পৰিস্থিতিৰ পটভূমি অংকণ কৰিবলৈ গৈ দুটা
খ্ৰীষ্টীয় চিত্ৰকল্প অনা হৈছে। তাৰে এটা হৈছে
বাইবেলৰ ‘বুক অব ৰিভিলেশ্যন’ত থকা এপ’কেলিপ্স’, অৰ্থাৎ সম্পূৰ্ণ
ধ্বংস, আৰু আনটো হৈছে ‘ছেকেণ্ড কামিং’ বা যীশু খ্ৰীষ্টৰ পুনৰাগমনৰ ধাৰণা। মানৱ ইতিহাসৰ গতিক য়েটছে এটা বলয় বা
চক্ৰৰ ৰূপত বিবেচনা কৰিছে, আৰু দুহাজাৰ বছৰীয়া এটা বলয়াকাৰ যুগৰ মধ্যবিন্দু অৰ্থাৎ
এহাজাৰ বছৰত ইতিহাসৰ গতিয়ে এনে এক শীৰ্ষবিন্দু পায়, য'ৰ পৰা ইতিহাসৰ পুনৰ
আদিবিন্দুলৈকে ওভতনি যাত্ৰা আৰম্ভ হয়– এনে এক ধাৰণাৰে কবিতাটোত য়েটছে এটা যুগৰ
ধ্বংস বা সমাপ্তিৰ মাজেৰে আন এটা যুগৰ সূচনা হোৱাৰ প্ৰতি ইংগিত দিছে। প্ৰথম
বিশ্বযুদ্ধৰ পাছত আয়াৰলেণ্ডকে ধৰি সমগ্ৰ ইউৰোপতে দেখা যোৱা বিশৃংখল আৰু অস্থিৰ,
অনিশ্চিত পৰিস্থিতি, হিংসাৰ প্ৰাদুৰ্ভাৱৰ মাজত নিৰীহতাৰ অৱক্ষয়, নৈতিকতাৰ দৃঢ়তাবিহীনতাৰ বিপৰীতে ধ্বংসাত্মক
শক্তিবোৰৰ উত্থান আদি অৱস্থাৰ কথা দাঙি ধৰা য়েটছৰ এই কবিতাটোত 'Things
fall apart; the centre cannot hold;" কথাষাৰে আধুনিকতাবাদে তুলি ধৰা আধুনিক
মানৱ সমাজৰ বিশৃংখলা তথা খণ্ডিত ৰূপৰ কথাকেই প্ৰকাশ কৰিছে।
স্থানীয়তাৰ মাজেদিও কবিতাত এটা সাৰ্বজনীন সুৰ ধৰি ৰাখিবলৈ যত্ন কৰা,
কাল-সংস্কৃতি-ভৌগোলিকতাক অতিক্ৰম কৰিবলৈ সততে উন্মুখ কবি উইলিয়াম বাটলাৰ য়েটছে
মানুহৰ মৌলিক অভিজ্ঞতা আৰু আবেগক তুলি ধৰিবলৈ কৰা প্ৰয়াসৰ বাবেই তেওঁৰ কবিতাবোৰ
এতিয়াও মানৱ মননৰ মহৎ সৃষ্টিবোৰৰ অন্যতম বুলি বিবেচিত হৈ আছে। য়েটছ আছিল এনেকুৱা
এগৰাকী কবি, যিয়ে নিজৰ সময়খিনিক সঠিকভাবে বুজাৰ উপৰি আহি থকা সময়খিনিৰ কথাও সততে
মনত ৰাখি ভৱিষ্যতৰ সেই সময়খিনিক প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছিল।
*****