ৰমানন্দন বৰা
কুৰি শতিকাৰ
আধুনিক কবিতাৰ জগতত এক উচ্চ আৰু প্ৰভাৱশালী স্থান অধিকাৰ কৰি অহা উইলিয়াম বাট্লাৰ
য়েট্ছৰ জীৱন আৰু কৰ্ম বৈচিত্ৰময়৷ লণ্ডনত শিক্ষা লাভ কৰি, লণ্ডনত থাকি,
জন
কীট্ছ , উইলিয়াম ৱৰ্ডছৱৰ্থ, উইলিয়াম ব্লেক আদি ইংৰাজ কবিৰ দ্বাৰা
প্ৰভাৱিত হৈও জন্মভূমি আয়াৰলেণ্ডৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ বুকুৰ মাজত পুহি ৰখা য়েট্ছৰ
কাব্য-চেতনাত ‘আইৰিশ্ব’ সত্ত্বা সদা সক্ৰিয় হৈ আছিল৷ তেওঁ আছিল আইৰিশ্ব সাহিত্যৰ পুনৰুত্থানৰ
অন্তৰালৰ এজন অগ্ৰণী ব্যক্তি৷
আধুনিক
প্ৰতীকবাদী কবিতাৰ অগ্ৰণী কবি হিচাপে য়েট্ছক বিচাৰ কৰিবলৈ যাওঁতে পোনতেই তেওঁৰ
আইৰিশ্ব- সংযোগৰ বিষয়ে আলোচনা কৰা প্ৰয়োজন হৈ উঠে৷ কাৰণ আয়াৰলেণ্ডৰ ডাব্লিনত জন্ম
গ্ৰহণ কৰা কবিগৰাকীয়ে পিতৃ-মাতৃৰ সৈতে জন্মৰ পিছতে লণ্ডনলৈ গুচি আহিছিল যদিও তেওঁ
শৈশৱ আৰু চেমনীয়া কালৰ বিদ্যালয় বন্ধৰ দিনবোৰ ককাক-আইতাকৰ সৈতে শ্লিগ’ নামৰ ধুনীয়া
সৰু ঠাইখনত কটাইছিল৷ ইয়াৰ স্মৃতি, প্ৰাকৃতিক সৌন্দৰ্য, আয়াৰলেণ্ডৰ
লোক-কৃষ্টি, লোক-সাহিত্য, অতিপ্ৰাকৃতিক
পুৰাকথা আদিয়ে সৰুতেই য়েট্ছৰ মনত গভীৰ প্ৰভাৱ পেলাইছিল৷ পৰৱত¹ কালত তেওঁক কবিতাৰ
মাজত এইবোৰ একোটা প্ৰতীকৰ ৰূপত প্ৰতিভাত হৈছিল৷ পিতৃ-মাতৃৰ এংল’-আইৰিশ্ব
প্ৰটেষ্টাণ্ট ধৰ্মবিশ্বাসৰ ফলত দেশখনৰ বহু গণ্য মান্য ব্যক্তি উইলিয়ামৰো ঘনিষ্ঠতা
আছিল৷ উল্লেখযোগ্য যে পিতৃৰ যুক্তিবাদী চিন্তাৰ প্ৰভাৱ আৰু ডাৰউইনৰ
বিৱৰ্তনবাদ-বিতৰ্কৰ পৰৱত¹ বৌদ্ধিক জোকাৰণিৰ ফলত তেওঁ গোড়া খ্ৰীষ্টান ধৰ্মবিশ্বাসৰ
পৰা আঁতৰি আছিল আৰু ব্ৰহ্মতত্ত্বৰ সন্ধানত ব্ৰতী হৈছিল৷ যাইকি নহওক আয়াৰলেণ্ডৰ
প্ৰভাৱ তেওঁৰ কবিতাত কেনেদৰে পৰিছিল সেই কথা অনুভৱ কৰিবৰ কাৰণে এটা উদাহৰণেই
যথেষ্ট৷ লেডী গ্ৰেগৰী নামৰ এগৰাকী মহিলাৰ আতিথ্যত য়েট্ছ বহু কাল কুল পাৰ্ক [Coole]
নামৰ
ঠাইত বাস কৰিছিল৷ তেওঁ সেই ঠাইৰ ‘থুৰ বেলিলি’ নামৰ এটা নৰ্মান কেছ্ল কিনিছিল৷
তেওঁৰ ‘টাৱাৰ’ কাব্য সংকলনতে নহয় অন্যান্য কবিতাটো এটা মুখ্য প্ৰতীক হিচাপে
ব্যৱহৃত হৈছিল৷ আন এগৰাকী আইৰিশ্ব কবি ইভা গ’ৰ-বুথৰ জৰ্জিয়ান মেনচনত থাকোঁতে কবি য়েটছে ‘আইৰিশ্ব
গ্ৰেট হাউছ’ৰ পৰম্পৰা দেখি অতি অভিভূত হৈছিল আৰু আইৰিশ্ব অভিজাত গৃহ পৰম্পৰা তেওঁৰ
কবিতাৰ এটা বিষয় হৈছিল৷ These Are
the Clouds, Upon a House Shaken by the land Agitation, The people, The New
faces, Cool park ১৯২৯, Cool park And Ballylee আদি কবিতা তাৰ
নিদৰ্শন৷
কবি হিচাপে
য়েটছৰ মূল বিষয়বস্তুবিলাকৰ ভিতৰত এটা হ’ল যুক্তি আৰু কল্পনা৷ কবি উইলিয়াম ব্লেকে
কৈছিল যে যুক্তিয়ে বিভাজন কৰে, কল্পনাই লগ লগায়৷ উইলিয়াম বাটলাৰ
য়েটছেও কল্পনাৰ ওপৰত অধিক বিশ্বাস কৰিছিল৷ কল্পনাৰ জৰিয়তে তেওঁ গভীৰ-মনস্তত্ত্ব
প্ৰৱেশ কৰিছিল৷ এখন ৰচনাত তেওঁ কৈছে- ‘আমাৰ চিন্তা আৰু কল্পনাবিলাক প্ৰায়েই চকুৰে
নেদেখা এটা জোনবাইৰ গুপুত জোৱাৰবিলাকৰ পৰা ছিটিকি আহে৷’[Our thoughts and
emotions are often but spray flung up from the hidden tides that follow a moon
no eye can see.’ - The Autumn of the
Body) এই বাক্যশাৰীত ব্যৱহাৰ কৰা moon য়েটছৰ বাবে জীৱন ৰহস্যৰ প্ৰতীক৷ তেওঁ
বিশ্বাস কৰিছিল যে প্ৰাচীন বিশ্বাস, ব্ৰহ্মতত্ত্ব আনকি যাদুবিদ্যা আৰু
অতিপ্ৰাকৃতিক বিদ্যা চৰ্চাৰ জৰিয়তে মানুহে মানৱীয় গুণ আৰু দক্ষতাৰ সচেতন বিকাশ আৰু
প্ৰয়োগ কৰিব পাৰে৷ তেওঁ বুদ্ধিৰ বিপৰীতে আত্মাই বিদ্ৰোহ কৰাটো বিচাৰিছিল (revolt
of the soul against the intellect) ৷ হিন্দু ধৰ্মৰ ব্ৰহ্মতত্ত্বই কোৱাৰ
দৰে য়েটছে ব্যক্তিগত আত্মাৰ অমৰত্বৰ ওপৰত বিশ্বাস কৰিছিল৷ তেওঁৰ Per Amica,
ট্ট
Vision (book III), The words upon the Window -pane আদি কবিতাত
প্ৰকাশিত ধাৰণা অনুসৰি পৃথিৱীত একোটা জীৱন কটোৱাৰ অভিজ্ঞতাৰে আত্মাই অন্য এটা
অৱতাৰৰ বাবে সাজু হয়৷ ১৯০১ চনত তেওঁ যাদুবিদ্যাৰ দুটা ঘাই কথাঘোষণা কৰে - প্ৰথম
কথা, আমাৰ মনৰ পৰিসীমা সদায় অস্থিৰ৷ দ্বিতীয়তে, এটা মনৰ
মাজতে বহুত মনে অৱস্থান কৰিব পাৰে আৰু
আমাৰ স্মৃতিবিলাক এটা বৃহৎ স্মৃতিৰ অংশ মাথোন৷ এই বৃহৎ স্মৃতিক Anima Mundi
বোলা
হৈছে৷ য়েটছৰ কবিতাত প্ৰতীক সম্পৰ্কে আলোচনা কৰোঁতে এই খিনি কথা আগতীয়াকৈ জনাটো
জৰুৰী৷ মন কৰিব লগীয়া কথাটো হ’ল যে য়েটছৰ দৰে আধুনিক কালৰ কবি এজনে আধুনিকতাই আনি
দিয়া নিঃসঙ্গতা, অমানৱীয়তা, অস্থিৰতা,
শোষণ-শাসন,
জীৱনৰ
দুখময় অৱস্থিতি আদিৰ ফলত বীতশ্ৰদ্ধ হৈ এইবোৰৰ সমাধানৰ বাবে কবিতাৰ জৰিয়তে নিজাববীয়া অনুসন্ধান কৰিছিল৷
নগৰীয়া জীৱনৰ কংক্ৰিটৰ কঠিন পথ এৰি থৈ তেওঁ ইনিছফ্ৰিলৈ গৈ তাত হ্ৰদৰ পানীৰ ঢৌৱে
কোমল পাৰত হেন্দোলনি তোলা চাবলৈ বিচাৰিছিল৷
I will arise
and go no, for always night and day
I hear lake
water lahping with low sounds by the shoreজ্ব
While standing
on the roadway, or on the pavement grey,
I hear it in
the deep heart'ব্দ core.
(Lake Isle of
Innisfree)
প্ৰতীকবাদী
কবিতাৰ জন্মভূমি হ’ল ফৰাচী দেশ৷ এই ধাৰাৰ এগৰাকী বাটকটীয়া, বিশ্ববন্দিত কবি
ষ্টিফেন মালাৰ্মেক য়েটছে পেৰিছত লগ পাইছিল৷ সেই সময়ত য়েটছে ফৰাচী ভাষা নাজানিলেও
মালাৰ্মেৰ প্ৰতীকবাদী ব্যাখা আৰু তত্ত্ব বিষয়ে
তেওঁৰ বন্ধু আৰ্থাৰ চাইমনৰ পৰা ভালদৰে জানি লৈছিল৷ প্ৰতীকবাদী কবিতাই তেওঁক
আকৰ্ষণ কৰিছিল৷ সেইবাবে তেওঁৰ বিচাৰত
প্ৰতীকবাদ হৈ উঠিছিল ‘একমাত্ৰ আন্দোলন যি নতুন কথা কৈছে৷’ [The only
movement that is saying new things] কিন্তু য়েটছক মূলতে প্ৰচলিত ধাৰাৰ
এগৰাকী প্ৰতীকবাদী কবি হিচাপে ক’লেই যথেষ্ট নহয়৷ কাৰণ তেওঁৰ কবিতাবোৰ আয়াৰলেণ্ডৰ
জাতীয় মাটি-পানী-সংস্কৃতিৰে এনেদৰে সম্পৃক্ত যে অন্য ইউৰোপীয় সাহিত্যৰ দৃষ্টিেৰ
বিচাৰ কৰিবলৈ অসুবিধা৷ ফৰাচী প্ৰতীকবাদক তেওঁ নতুন ৰূ¸প-ৰস-গন্ধ দি
আয়াৰলেণ্ডৰ বুকুলৈ আনিলে৷ আইৰিশ্ব পুৰাকথা,
বিশ্বাস
আৰু পৰম্পৰা তেওঁৰ কবিতাৰ প্ৰতীকৰ উৎস হৈ উঠিল৷ সেইবোৰৰ ওপৰত নিৰ্ভৰ কৰি য়েটছৰ
প্ৰথম অৱস্থাৰ কবিতাবিলাক যাদুকৰী দেশৰ কবিতা হৈ উঠিল৷ পুৰাকথাৰ বুকুৰ পৰা তেওঁ
এনেকুৱা সমল কবিতালৈ তুলি আনিলে যে সাধাৰণ পাঠকসকল চমৎকৃত হৈ উঠিল৷
দৰাচলতে ফৰাচী
প্ৰতীকবাদৰ সংস্পৰ্শলৈ অহাৰ আগৰ পৰাই য়েটছে উইলিয়াম ব্লেক, পাৰ্চি বিছী
শ্বেলী, গ্ৰেবিয়েল ৰছেটিয়ে গঢ় দিয়া কবিতাৰ আধাৰত কবিতাত প্ৰতীকৰ সৰবৰহী
প্ৰয়োগ কৰিছিল৷ তেওঁ গুপ্ত বিদ্যাৰ বহু গ্ৰন্থ অধ্যয়ন কৰিছিল আৰু Dublin
Lodge of the Theosophical Society ৰ সদস্য হৈছিল৷ মাডাম ব্লাভাৎস্কীৰ
সান্নিধ্যলৈ আহি তেওঁ Anima Mundi বা ‘বিশ্বাত্মা’ ধাৰণাটোত গভীৰ বিশ্বাস
কৰিবলৈ লৈছিল৷ তেওঁ ভাবিছিল যে প্ৰতীকৰ ব্যৱহাৰৰ যোগেদি তেওঁ নিজৰ মাজত
বিশ্বাত্মাক জগাই তুলিব পাৰে বা বিশ্বাত্মাৰ স্তৰলৈ নিজকে উন্নীত কৰিব পাৰে৷
সেইবাবে তেওঁ বিশ্বাত্মাৰ সৈতে সংযোগকাৰী মতবাদ, লক্ষণ বা চিহ্নক
মতবাদ, যাদুকৰী মন্ত্ৰ মতবাদ আদিৰ সৈতে জড়িত হৈ পৰিছিল৷ য়েটছে বিশ্বাস
কৰিছিল যে কাব্যিক প্ৰতীকৰ যোগেদি গভীৰ সত্যত উপনীত হ’ব পাৰি৷ তেওঁৰ বাবে বস্তুগত
বাস্তৱতা বিশৃংখল প্ৰতীকৰ সমাহাৰ৷ কবিয়ে এনে প্ৰতীকবোৰক নিৰ্দিষ্ট ভাৱে ৰেহা লগাই
আধ্যাত্মিক প্ৰতীকৰ ৰূপ দিব পাৰে৷ এই ক্ষেত্ৰত য়েটছৰ আদৰ্শ কবি আছিল ব্লেক আৰু
শ্বেলী৷ এওঁলোক দুয়োজনেই গুপ্তবিদ্যা চৰ্চাকাৰী কবি বুলি জনা যায়৷
এনেবোৰ কাৰণতে য়েটছৰ
কবিতাত ব্যৱহৃত প্ৰতীকবিলাকৰ অৰ্থ গুপ্তবিদ্যাৰ মাজত সোমাই আছে৷ ঘাইকৈ তেওঁৰ প্ৰথম
অৱস্থাৰ কবিতাবিলাকত৷ ইয়াৰ জৰিয়তে কবিয়ে বিশ্বাত্মাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ
যত্ন কৰিছে৷ উদাহৰণস্বৰূপে, আইৰিশ্ব
পুৰাকথাৰ পৰা তুলি অনা প্ৰতীকী চৰিত্ৰ অইচিন বা এঙ্গাচ, এখন ৰঙা কাণ থকা
চিকাৰী কুকুৰ, শিং নথকা বগা হৰিণা, সাগৰৰ মাজৰ
দ্বীপ আদিৰ মৰ্মাৰ্থ আছে গুপ্তবিদ্যাৰ মাজত৷ ঠিক একেদৰে কিছুমান সাধাৰণ
গুপ্তবিদ্যাৰ প্ৰতীক য়েটছৰ কবিতাত সঘনে ব্যৱহৃত হয়, যেনে- গোলাপ,
ক্ৰছ,
ভেঁটফুল,
পক্ষী,
পানী,
গছ,
চন্দ্ৰ,
সূৰ্য
আদি৷ তেওঁ ‘The Rose’ সংকলনটোৰ কবিতাবিলাকত ‘ৰ’জ’ৰ বিভিন্ন প্ৰতীকী
অৰ্থ পোৱা যায়৷ যেনে-‘The Rose of Peace’ কবিতাটোত গোলাপক পাৰ্থিৱ প্ৰেমৰ প্ৰতীক
হিচাপে ব্যৱহাৰ কৰা হৈছে৷ কবিতাটোত আৰ্চ-এঞ্জেল মাইকেলে (পাৰ্থিৱ) সৌন্দৰ্য দেখি (গোলাপ
যাৰ প্ৰতীক) তেওঁৰ ওপৰত ঈশ্বৰে আৰোপ কৰা সকলো দায়িত্ব পাহৰি সৌন্দৰ্যময়ীৰ কাৰণে
তৰা-খটুৱাই এটা মুকুট সাজিছে৷ ঈশ্বৰেও তেওঁৰ কাৰণে স্বৰ্গ আৰু নৰকৰ মাজতে ‘ৰ’জী
পীচ’ সাজি দিছে৷
‘And God would bid His warfare cease,
Saying all
things were well
And softly make
a rosy peace,
A peace of Heaven with Hell.
ইয়াত সৌন্দৰ্যৰ
শান্তিময় ৰূপ আৰু উৎকান্তিৰ প্ৰেৰণা, পাৰ্থিৱ আৰু স্বগ¹য় অৱস্থানৰ সমন্বয়
আদি ‘গোলাপ’ প্ৰতীকৰ যোগেদি প্ৰকাশিত হৈছে৷ ‘The Rose of Battle’ কবিতাত
য়েটছে এগৰাকী ক’লা বৰণীয়া সুন্দৰী নাৰীক প্ৰতীক হিচাপে তুলি ধৰিছে, যাৰ
সৌন্দৰ্যই যুঁজাৰুসকলক যুদ্ধৰ পৰা আঁতৰাই আনিব পাৰে৷ এই নাৰীয়ে আয়াৰলেণ্ডকে
সূচাইছে বুলি সমালোচকসকলে ক’ব খোজে৷
প্ৰতীকৰ
বৈশিষ্ট্যই হ’ল যে একেটা প্ৰতীকৰ পৰা এশজন মানুহে এশটা বেলেগ বেলেগ অৰ্থ উলিয়াব
পাৰে৷ এই দিশৰ পৰা য়েটছৰ ‘‘The Wind Among the Reeds’ ’ সংকলনৰ
কবিতাবিলাকে সফলতাৰ চূড়ান্ত স্তৰত উপনীত হৈছে বুলি আৰ্থাৰ চাইমনে মত দিছে৷ ইয়াৰ
প্ৰতিটো কবিতাই একোটা অব্যক্ত ধাৰণা বা
মুড কঢ়িয়াই আনে৷ ইয়াৰ কবিতাবোৰ আইৰিশ্ব পুৰাকথা, লোককথা আৰু
প্ৰেম, সৌন্দৰ্য, আকুলতা আদি বিষয়ৰ সৈতে সম্পৃক্ত৷ পুৰাকথাৰ
বিভিন্ন চৰিত্ৰ যেনে, এঙ্গাচ, চিধে, এইধ,
হানৰাহান
আদি এই কবিতাবিলাকত লোককথা আৰু পুৰাকথাৰ পৰা উঠি আহিছে৷ কবিতাবোৰত প্ৰাকৃতিক আৰু
অতিপ্ৰাকৃতিক দৃষ্টিৰে মানৱ জীৱনক চোৱা হৈছে, য’ত বাস্তৱতা
আৰু অতিবাস্তৱতা মিলিত হৈছে৷
য়েটছৰ কবিতাত
প্ৰতীকৰ প্ৰয়োগ সম্পৰ্কে বিস্তৃত আলোচনাৰ পৰা বিৰত থাকিলেও তেওঁৰ কেইটামান মুখ্য
প্ৰতীকৰ কথা কোৱাটো প্ৰয়োজনীয়৷ ‘টাৱাৰ’ (অসমীয়া ৰূপান্তৰ ‘স্তম্ভ’ শব্দই যযাৰ্থ
বহন কৰিব নোৱাৰে বুলি ধাৰণা কৰা হৈছে৷) য়েটচৰ এটা বহুল ব্যৱহৃত প্ৰতীক৷ The
Tower, The wild Swans at Coole, ট্ট Dialogue of Self and Soul,
Symbols আদি কবিতাত একোটা গুৰুত্বপূৰ্ণ প্ৰতীক হিচাপে ব্যৱহাৰ হোৱা ‘টাৱাৰে’
কেতিয়াবা নিসংগতা, কেতিয়াবা সাধাৰণ লোকে ঢুকি নোপোৱা উৎকৃষ্টতা,
কেতিয়াবা
উৎকৃষ্ট মনীষাৰ স্বৰ্গপ্ৰাপ্তিৰ সাধনা আদি বুজাইছে৷ একে সময়তে য়েটছে কুল পাৰ্কত
কিনি লোৱা বাস্তৱতাৰ টাৱাৰটোও বুজাইছে৷ A Dialogue of Self and Soul কবিতাটোত
আকৌ টাৱাৰটো হৈ উঠিছে ৰাতি প্ৰতীকী প্ৰকাশ৷ ইয়াত আত্মাই কবিক প্ৰাচীন চিৰিটোৰ
টাৱাৰটোৰ ওপৰলৈ উঠি আহিবলৈ আহ্বান কৰিছে৷ ৰাতিটো হৈ পৰিছে অজ্ঞানতা, পাৰ্থিৱ
মোহৰ প্ৰতীক৷ প্ৰাচীন চিৰিটো হ’ল সাধনাৰ পথটো৷ কবিতাত আত্মা মুখামুখি হৈছে চাটোৰ
তৰোৱালৰ সৈতে, য’ত তৰোৱালখন হৈছে যুদ্ধ আৰু সেইখন মেৰিয়াই
থোৱা ফুলবছা কাপোৰখন হৈছে প্ৰেমৰ প্ৰতীক৷
Swan বা
ৰাজহাঁহে প্ৰতীক হিচাপে য়েটছৰ কবিতাত গুৰুত্বপূৰ্ণ ঠাই দখল কৰিছে৷ Nineteen
Hundred and Nineteen কবিতাত ৰাজহাঁহক নিসংগ আত্মাৰ লগত তুলনা কৰিছে৷ প্ৰকৃতিৰ অমৰত্ব
তথা চিৰস্থায়িত্ব আৰু সময়ে বিধ্বস্ত কৰা মানৱ অভিজ্ঞতা ৰাজহাঁহৰ প্ৰতীকৰ মাজেদি
প্ৰকাশ কৰিছে, [Their hearts have not grown old...বা The swan has leaped into the desolate
heaven) , Leda and The Swan কবিতাত স্বৰ্গৰ ৰজা জিউছ ৰাজহাঁহ হৈছে আৰু লেডাৰ সৈতে
সাক্ষাৎ বৰ্ণিত হোৱা কবিতাটো আয়াৰলেণ্ডৰ ৰাজনৈতিক অৱস্থা আৰু বিদেশী শক্তিৰ
বলপূৰ্বক অধিগ্ৰহণৰ প্ৰতীকী প্ৰকাশ হৈ উঠিছে৷ Coole Park And Ballylee কবিতাত ৰাজহাঁহ প্ৰকৃতিৰ প্ৰতীক,
যি
পৰিৱৰ্তনৰ পিাৰে অৱস্থান কৰে৷ য়েটছৰ আন এটা বিখ্যাত কবিতাত ক্ষণভঙ্গুৰ মানৱ জীৱন
আৰু শিল্প-কলাৰ অমৰত্বৰ কথা কোৱা হৈছে৷ মানুহে শিল্পৰ জৰিয়তে মৰণশীল শৰীৰৰ ঊৰ্ধলৈ
আৰোহণ কৰা ধাৰণাটো ব্যাখ্য কৰা হৈছে৷ বাইজেন্টিয়াম এনে এডোখৰ ঠাই য’ত শিল্পৰ
সৃষ্টি আৰু তাৰ জৰিয়তে শৈল্পিক আৰু আধ্যাত্মিক উত্তৰণ সম্ভৱ হয়৷ বহু সমালোচকৰ মতে
বাইজেনটিয়াম আচলতে য়েটছৰ জন্মভূমি আয়াৰলেণ্ডখন৷
প্ৰতীকবাদী
কবিতাৰ এটা অসুবিধা হ’ল যে পাঠকক যিকোনো দিশলৈ এটা প্ৰতীকে লৈ যাব পাৰে৷ তাৰ ফলত
কেতিয়াবা পাঠকে বাট হেৰুৱায়, কেতিয়াবা অবাঞ্চিত বাটেৰে যায়৷ ইয়াক এক
প্ৰকাৰৰ পলায়ন বুলি কোৱা হয়৷ য়েটছৰ কবিতাও
ইয়াৰ পৰা মুক্ত নহয়৷ বিশেষকৈ আয়াৰলেণ্ডৰ লোককথা, পুৰাকথাৰ উপৰি
গ্ৰীক আৰু কেল্টিক ইতিহাস, শিল্প-কলাৰ সৈতে পাঠকৰ পৰিচিতি প্ৰয়োজন হয়৷ য়েটছৰ এটা বেয়া স্বভাৱ হ’ল
যে পাঠকক আগতীয়াকৈ কোনো ইংগিত নিদিয়াকৈ তেওঁ নিজে সৃষ্টি কৰা এটা চৰিত্ৰ পুৰাকথাৰ
বিখ্যাত চৰিত্ৰৰ সৈতে একেলগ কৰি আগবঢ়াই নিয়ে, যাৰ ফলত কবিতাৰ
দুৰুহতা বৃদ্ধি পায়৷ তথাপি য়েটছৰ কবিতাৰ
সমাদৰ যোৱা এটা শতিকা ধৰি কমা নাই৷ তেওঁৰ কবিতাই পুৰাকথা, আখ্যান
উপাখ্যানকে ধৰি ৰাজনীতিলৈকে, পাৰ্থিৱ প্ৰেম-প্ৰীতিৰ পৰা আত্মাৰ
সন্ধানলৈকে সামৰি লৈছে৷ আধুনিক মানুহে এটা সাৰ্বিক দৃষ্টি তেওঁৰ কবিতাত বিচাৰি
পায়৷ এই কাৰণেই য়েটছ সদায় প্ৰাসংগিক আৰু জনপ্ৰিয় কবি হৈ আছে আৰ ভৱিষ্যতলৈও থাকিব৷