অন্যযুগ/


য়েটছৰ সন্ধানত : য়েটছ আৰু আৰ্যাৱৰ্তীয় ঐতিহ্য

 

ভাস্কৰ জ্যোতি নাথ

 

য়েটছক ভাল লগাৰ কেইবাটাও কাৰণ আছে৷ যি দৰে অসমীয়া মানুহে ভাৰতীয় জাতীয় পৰিচয়তকৈয়ো অসমীয়া পৰিচয়টো অধিক হেপাহঁত ধাৰন কৰে সেইদৰে য়েটছেও ইংৰাজ হোৱাতকৈ আইৰিছ হৈ বেছি ভাল পাইছিল৷ জেইমছ জয়ছ আৰু ছিমাছ হিনীয়ো ইয়াৰ ব্যতিক্ৰম নাছিল৷ আমাৰ সশস্ত্ৰ জাতীয়তাবাদী সংগঠন আলফাৰ দৰে আয়াৰলেন্ড ৰিপাব্লিকান আৰ্মীয়েও কিমান দিন যে যুদ্ধ কৰিলে৷ কি বিড়ম্বনা যে আমাৰ দেশৰ শেষৰ জন ভাইছৰয়েও শেষ নিশ্বাস পেলালে আয়াৰলেণ্ডৰ বিছিন্নতাবাদীৰ হাতত৷ য়েটছক ভাল লগাৰ দ্বিতীয়টো কাৰণ হ’ল কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ গীতাঞ্জলিৰ পাতনিখন৷ কবিগুৰুক বিশাল বিশ্বত পৰিচয় কৰি দিছিল য়েটছৰ পাতনিখনেই৷ খ্যাতিৰ শীৰ্ষত থকা দিনবোৰত কবিগুৰুৰ কিমান যে সমাদৰ আছিল বিশ্বজুৰি- আফগান ৰজা আমানুল্লা খানৰ পৰা জাৰ্মেনীলৈকে কবিগুৰুৰ প্ৰতি কিমান হেঁপাহ৷ পশ্চিমৰ মানুহে য়েটছৰ দ্বাৰাই কবি গুৰুক আৱিস্কাৰ কৰিছিল বুলি কলেও অতিৰঞ্জন নহব৷ তেওঁক ভাল লগাৰ তৃতীয়টো কাৰণ হ’ল Sailing to Byzantium, Lake isle of Innisfree, Second Coming দৰে মনোৰম কবিতা৷ ইংৰাজ ৰমন্যাসিক কবি সকল য়েটছৰ অনুপ্ৰেৰনাৰ যি দৰে উৎস আছিল ঠিক সেইদৰে য়েটছে প্ৰতিশ্ৰুত কবি সকলক পোহৰৰ বাটো দেখুৱাইছিল৷ অকলে নিজেই বাটটোত গৈ থাকিব খোজা নাছিল৷ কাৰোবাৰ মাজত সম্ভাৱনা দেখিলে তেওঁ সেই গৰাকীক উদ্বুদ্ধ কৰিছিল৷ তেওঁৰ দ্বাৰা অনুপ্ৰাণিত কবিসকলৰ ভিতৰত এজৰা পাউন্ডৰ দৰে কবিও আছিল৷ কবিতা ৰচনা কৰিলেও সঁচা কথাবোৰ ঢাকি ৰাখি মতাদৰ্শৰ সস্তীয়া লেনছ পিন্ধি আমাৰ ইয়াৰ কবি কেতবোৰৰ দৰে তৰল প্ৰগতিশীলতাৰ পৰাকাষ্ঠা প্ৰদৰ্শন কৰা নাছিল৷ মেহমেত দ্বিতীয়ৰ বৰ্বৰ আক্ৰমন আৰু ইছলামিক সাম্ৰাজ্য নিৰ্মানৰ স্বপ্নত ধ্বংস হোৱা বাইজেন্টিয়াৰ হেগিয়া ছোফিয়াৰ দুৰ্দশাৰ কথা কবিতাত কৈছিলে৷ সততা আৰু খাৰাংখাচ আচৰন আৰু ব্যক্তিত্বই আছিল য়েটচৰ সাধনা৷ আমাৰ ইয়াত পকা ধানৰ কিৰিটী দেখা কবি বোৰে বাংলাদেশত কট্টৰ জামাতী আৰু পাক মৌলবাদীৰ উত্থানত ধ্বংস হোৱা বাংলাদেশ দেখি উল্লসিত হোৱাৰ দৰে য়েটছে বাইজেন্টিয়ামৰ কৰুণ ৰূপ প্ৰত্যক্ষ কৰি মেহমেত দ্বিতীয়ক লৈ উল্লাসিত হোৱা নাছিল৷ কবিতা ৰচনা কৰিলেও সমাজ ইতিহাসৰ অধ্যয়ন আৰু জ্ঞান আছিল প্ৰচুৰ৷ পৃথিৱী খন দেখিছিল, শিকিছিল আৰু আনকো শিকাইছিল৷ চহৰৰ এটা নিদিষ্ট কোনত বহি ৰোৱা দেশ-বিদেশৰ জ্ঞান আৰু অভিজ্ঞতা ৰহিত মতাদৰ্শৰ স্বকীয় বিশ্লেষণ নোহোৱাকৈ মতাদৰ্শত অন্ধ হোৱা campus poet নাছিল৷ লোক কথা, ঐন্দ্ৰজালিক অধ্যয়ন, ভাৰতীয় দৰ্শনৰ ৰহস্যবাদ আদিবোৰে তেওঁক আকৰ্ষন কৰিছিল৷ এতিয়াৰ চাহাবী অসমীয়া কবি কেতবোৰৰ দৰে ভাৰত বৰ্ষৰ হিন্দু দৰ্শন, উপনিষদ এইবোৰত নো কি আছে বুলি প্ৰগেছিভ হব পৰা নাছিল৷ মোহিনী ছেটাৰ্জীৰ দৰে থিয়ছফিষ্টৰ পৰা হিন্দু দৰ্শনৰ বিষয়ে শিকিবৰ বাবে জিজ্ঞাসু হৈছিল৷ আজিৰ দিনত অইনতো বাদেই অসমৰ ত্ৰিশ হেজাৰ কবিৰ ভিতৰৰ কেইজন মানে তেওঁক অথবা বৃহদাৰণ্যক উপনিষদৰ কথা কোৱা এলিয়টকো আখ্যা দিলেহেঁতেন গেৰুৱা কবি বুলি৷ ভাগ্য ভাল যে য়েটছৰ জন্ম অসমত নহ’ল৷ অধিবিদ্যা আৰু ঐন্দ্ৰজালিক আধ্যাত্মিক আদিৰ প্ৰতি প্ৰগাঢ় ভাৱে আকৃষ্ট হোৱা য়েটছ এসময়ত হৈ পৰিল Hermetic order of the golden dawn নামৰ ছিক্ৰেট ছছাইটীৰ Rosicrucianism নামৰ সাংস্কৃতিক আধ্যাত্মিক গোটৰ সদস্য৷ পুৰোহিত স্বামীৰ সৈতে দহখন প্ৰধান উপনিষদ ইংৰাজীলৈ অনুবাদ কৰিছিল য়েটছে৷ আয়াৰলেন্ডৰ জাতি মাটিক ইমানেই ভাল পাইছিল যে তেওঁ নবেল বটা পাওঁতে বিভিন্ন জনৰ আগত বৰ্ননা কৰিছিল যে তেওঁ এই বটাঁটো এজন ব্যক্তি বা কবি হিছাপেই পোৱা নাই, আয়াৰলেন্ড আৰু আইৰিছ সাহিত্যৰ এগৰাকী প্ৰতিনিধি হিছাপেহে লাভ কৰিছে৷ কবি গুৰুৰ গীতাঞ্জলিক এক সৰ্বোত্তম সংস্কৃতিৰ নিদৰ্শন হিছাপে অভিহিত কৰি কাব্য আৰু ধৰ্মীয় ঐতিহ্য সনাতনত কিদৰে ওতপ্ৰোত হৈ থাকে সেই বিষয়ে এক শিশু সুলভ মুগ্ধতা আৰু সাৰল্যৰে গীতাঞ্জলিৰ পাতনিত য়েটছে উল্লেখ কৰিছে ৷ কবিগুৰুৰ গীতাঞ্জলিৰ অনুবাদৰ পাণ্ডুলিপিত হাতত লৈ ট্ৰেইন, বাছ, ৰেষ্টুৰেন্ট সকলোতে সময় পালেই হাতত উলিয়াই লৈ পঢ়িছিল৷ পঢ়ি থাকোতে কোনোবাই তেওঁৰ সজল হৈ উঠা দুচকু দেখিব বুলি অচিনাকি জনে তেওঁৰ ফালে চালে কিতাপ খন জপাই থৈছিল৷ তেওঁৰ ভাষাত কবলৈ গ’লে কবি গুৰুয়ে অংকন কৰা ছবি বোৰ আছিল পাৰমাৰ্থিক অনাদি অনন্তক উপলব্ধিৰ প্ৰতি উন্মুখ হৃদয়ৰ আকূতি (a heart turning to God)৷ আগ্ৰহী পাঠকে নিজেই পাতনিখন পঢ়ি ল’ব৷ অৱশ্যে কম্যুনিষ্টসকলক কোৱা নাই৷ গীতাঞ্জলি তেওঁলোকৰ বাবে নহয়৷৷ ইয়াত সেই দ্বন্দ্বাত্মক বস্তুবাদ নে শ্ৰেণীচেতনা নামৰ বস্তুভাগিৰ কথা কবি গুৰুয়ে কৈছে বুলি য়েটছে কোৱা নাই৷ কাব্য প্ৰান মানুহ জনে স্বাধীন আয়াৰ লেণ্ডৰ মুদ্ৰা বিষয়ক যিখন সমিতি তাৰো অধ্যক্ষ হৈছিল৷ হাড়ে-হিমজুৱে এজন আইৰিছ কবি৷ পাউন্ডৰ সৈতে সম্পৰ্ক সুত্ৰে তেওঁ ঘনিষ্ঠ হৈছিল মুছলিনিৰ সৈতে৷ এই মুছলিনিৰ শিক্ষামন্ত্ৰীৰ গিঅভানিৰ সৈতে ভাল চিনা-পৰিচয় আছিল অসমৰ লেখক ইতিহাসবিদ সুৰ্যকুমাৰ ভূঞাৰো৷ তেতিয়াৰ দিনত বিভিন্ন সভা সমিতি শৈক্ষিক অনুষ্ঠানত বিশ্বৰ নেতাবোৰক লগ পোৱাতো সুলভ দৃশ্যই আছিল৷ Maud Gonne ৰ বিধ্বংসী প্ৰেমত উটি যোৱা য়েটছ আছিল ৰোমাণ্টিক মেজাজৰ মানুহ৷ জীৱনৰ শেষৰ ফালেও তেওঁ সুন্দৰী তৰুণীৰ সংগ ভাল পাইছিল৷

য়েটছৰ আধ্যাত্মিক অন্বেষনৰ ফলশ্ৰুতিত জন্ম হৈছিল বিখ্যাত কবিতা Sailing to Byzantium৷ কবিতাটো সকলোৰে মুখে মুখে৷ কবিতাটিৰ পটভুমিৰ কথা খিনি লেখাটিত উল্লেখ কৰাৰ প্ৰয়াস কৰা হৈছে-

ভাৰতীয় দৰ্শন আৰু আধ্যাত্মিক চিন্তাৰ দ্বাৰা প্ৰভাৱিত আইৰিছ মূলৰ বিশ্ব বিখ্যাত ইংৰাজ কবি উইলিয়াম বাটলাৰ য়েটছে " বাইজেন্টিয়ামলৈ সাগৰৰ বুকুৱেদি উজাই যাও বলা" (Sailing to Byzantium) নামৰ বিখ্যাত কবিতাটো ৰচনা কৰিছিল ১৯২৭ খ্ৰীষ্টাব্দত৷ আধ্যাত্মিক পৰিতৃপ্তি আৰু পূৰ্ণতাৰ বাবে যৌৱনৰ ৰং-ৰহইচৰ পৰা অৱসৰ লৈ বাইজেন্টিয়ামত আত্মিক তৃপ্তিৰ সন্ধান কৰিব৷ কবিতাটো তাৰে এক প্ৰতীকি অভিব্যঞ্জনা৷ বাইজেন্টিয়াম বুলি ক’লে সতকাই আজিৰ পাঠকে চিনি পোৱাটো কঠিন ৷ বৰ্তমানৰ তুৰস্কৰ ইষ্টানবুলেই আছিল বাইজেন্টিয়াম৷১৪৫৩ খ্ৰীষ্টাব্দত মুছলমান অটোমান সাম্ৰাজ্যৰ শাসক মেহমেদ দ্বিতীয়ই ৰোমান সাম্ৰাজ্যৰ পূবৰ অংশ আক্ৰমণ কৰি ইছলাম ধৰ্ম প্ৰসাৰৰ বাবে সপোনত আল্লাহৰ পৰা হুকুম লাভ কৰি একৈশ বছৰ বয়সত বাইজেন্টিয়াম (কনষ্টানটিন’পল বুলিও কোৱা হয়) আক্ৰমন কৰে৷ ৰোমান সাম্ৰাজ্যৰ কেন্দ্ৰস্থল স্বৰূপ বাইজেন্টিয়ামৰ পতন আৰু ইছলামিক বিভীষিকাত সন্ত্ৰষ্ট ৰোমান শিল্পী, সাহিত্যিক, পন্ডিত, দাৰ্শনিক, স্থপতিবিদ সকলোৱে পুথি-পাঁজি লৈ ইটালীকে ধৰি ইউৰোপৰ ভিন্ন ঠাইত আশ্ৰয় লয় আৰু উন্মেষন হয় ইউৰোপীয় নৱজাগৰণ যাৰ ফলত আমি পালো পেট্ৰাক , লিঅ'নাৰ্ড দ্য ভিঞ্চি, মাইকেল এঞ্জেল'ৰ দৰে মহান কবি আৰু শিল্পী , কপাৰ্নিকাছ,বট্টিশ্যেলী, মেকিয়াভেলীৰ দৰে বিশাল ব্যক্তিত্ব৷ বাইজেন্টিয়াম আক্ৰমনত ইউৰোপত সৃষ্ট বৌদ্ধিক শৈল্পিক নৱজাগৰনৰ বিপৰীতে ইছলাম অধিকৃত বাইজেন্টিয়ামত চলি থাকিল ইছলামিক ধ্বংসলীলা, গীৰ্জা ধ্বংস কৰি মছজিদ নিৰ্মান ৷ বাইজেন্টিয়ামৰ নাম হৈ পৰিল ইষ্টানবুল আৰু ছফিয়া হেগিয়াৰ দৰে বিশ্ব খ্যাত গীৰ্জা হৈ পৰিল ইছলামিক মছজিদ৷ এটা জনশ্ৰুতি আছে যে মুছলমান আক্ৰমন আৰু অত্যাচাৰত সন্ত্ৰষ্ট পুৰোহিত সকলে পৱিত্ৰ গীৰ্জা ঘৰলৈ তুৰ্ক আক্ৰমনকাৰীহঁত প্ৰৱেশ কৰোঁতে গভীৰ প্ৰাথনাত (লিটাৰ্জী) নিমজ্জিত হয় আৰু পৱিত্ৰ পাত্ৰত স্পৰ্শ কৰি দেৱালত অদৃশ্য হৈ যায়৷ কথিত থাকে যে যেতিয়া উক্ত স্থানত গীৰ্জাই পুনৰ স্থান লাভ কৰিব তেতিয়া তেওঁলোকৰ পুনৰ আৱিৰ্ভাৱ ঘটিব৷ কবিতাটোত য়েটছে এই জনশ্ৰুতিৰ প্ৰসংগ পৰোক্ষ ভাৱে উল্লেখ কৰি কৈছে যে বাইজেন্টিয়ামত অগ্নিকুন্ডৰ পৰা ঋষি প্ৰৱিষ্ট হৈ তেওঁৰ দেহৰ পৰা আত্মাক মুক্ত কৰি গীৰ্জাৰ দেৱালত অনন্ত কালৰ বাবে অপেক্ষাকৃত শিল্পৰ (artifice in eternity)দৰেই তেওঁকো কালানুক্ৰমিক নিৰ্মিতি প্ৰদান কৰিব৷ অদ্যপি ছফিয়া হেগিয়া এটা মছজিদেই হৈ আছে৷ এই ছফিয়া হেগিয়াৰ প্ৰসংগ এটা লিটাৰেৰী এল্যুশ্যন হিছাপে মোৰ উত্তৰাধুনিক মেটাফিকশ্যন "এটা ভৰু দুপৰৰ ৰাইটাৰ্লি কথকতাততো" ব্যৱহাৰ কৰিছোঁ৷ 

O sages standing in God's holy fire

As in the gold mosaic of a wall,

Come from the holy fire, perne in a gyre,

And be the singingmasters of my soul.

Consume my heart away; sick with desire

And fastened to a dying animal

It knows not what it is; and gather me

Into the artifice of eternity.



য়েটছৰ Lake isle of Innisfree পঢ়িছিলোঁ প্ৰথম উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত পঢ়ি থাকোঁতেই৷ তাৰুণ্যৰে তগবগ দিনত৷ বলানোৱে Muse -অত কোৱাৰ দৰে “She was beautiful than the sun and I was not even 16 years old” বুলি তাৰুণ্যৰে চপল চঞ্চল দিনবোৰত৷ ভাল পাইছিলোঁ কবিতাতো৷ কোনোবা সময়ত মহানাগৰিক জীৱনত পিষ্ট হৈ মোৰো কেতিয়াবা ইন্নিছফ্ৰিলৈ একেবাৰে গুচি যোৱাৰ ইচ্ছা হয় যত হ্ৰদৰ শান্ত নিৰ্জন পানীত ভৰি দি অনুভৱ কৰিব পাৰো “ lake water lapping with low sounds by the shore’

য়েটছে বহু বছৰৰ আগতেই কৈছিল কি দৰে আমাৰ পৃথিৱী খন হেৰাই আহিছে৷ ক্ৰমশ আত্মাবোৰে যান্ত্ৰিক পৃথিবী খনত নিৰ্জনতাত, কৃত্ৰিমতাত, বস্তুবাদত ছটফটাই উঠিছে৷ তাৰ মাজতে ভাৱোঁ - “মৰিতে চাহিনা এই সুন্দৰ ভুৱনে

মানৱেৰ মাজে আমি বাচিবাক চাই“৷ (এইষাৰ কথাও আকৌ আনিব লগীয়া হ’ল য়েটছৰ শ্ৰদ্ধাৰ কবি গুৰু ৰবি ঠাকুৰৰ পৰা)

য়েটছে কোৱাৰ দৰেই ক্ৰমশ সকলো সময় পাৰ হৈ গৈ আছে আৰু এসময়ত বয়সে গৰকা, নিঃসংগ বাৰ্দ্ধক্য সকলোবোৰৰে বাবে হেৰাই আহে একোখন দেশ ৷

That is no country for old men. The young

In one another's arms, birds in the trees,

—Those dying generations—at their song,

The salmon-falls, the mackerel-crowded seas,

Fish, flesh, or fowl, commend all summer long

Whatever is begotten, born, and dies.

Caught in that sensual music all neglect

Monuments of unageing intellect.

(Sailing to Byzantium)

য়েটছে ৰচনা কৰা কবিতাবোৰৰ ভিতৰত অন্যতম প্ৰিয় কবিতা হৈছে The Second Coming৷ কবিতাটো য়েটছে ৰচনা কৰাৰ পৃষ্ঠপট কেনেকুৱা আছিল- এহাতে ব্ৰিটিছে আইৰিছ উপ জাতীয়তাবাদী সংগ্ৰামক মষিমুৰ কৰিবলৈ অভিযান চলাইছে আৰু আনহাতে য়েটছৰ পত্নী গুৰুতৰ ৰোগত শয্যাৰত হৈ আছে৷ প্ৰথম মহাসমৰে ইতিমধ্যেই ইউৰোপত এটা গভীৰ বিষাদ আৰু শূন্যতাৰ সৃষ্টি কৰিছিল৷ এনে পৰিৱেশত য়েটছৰ উপলব্ধি হৈছিল যে - কেন্দ্ৰ বুলি অভিহিত কৰা একক ধ্ৰুৱকটোৰ মৃত্যু হৈছে৷ সমাজখন, মানুহৰ জীৱন থানবান হৈ পৰিছে৷ ’Centre’ এক কৰি ধৰি ৰাখিব নোৱাৰা অৱস্থা৷ য়েটছৰ কামনা জগত পোহৰ কৰি সৰ্বশক্তিমানৰ আৱিৰ্ভাৱ হ’ব আৰু নতুন বাণীৰে মানৱ জাতিক পোহৰৰ বাট দেখুৱাব৷  কবি আছিল য়েটছ৷  কবিতা আৰু মানুহক ভাল পাইছিল তেওঁ৷ সমাজখনক ধৰি ৰখা ঐতিহ্য, সংস্কৃতি এইবোৰৰ প্ৰতি আদৰ আছিল৷ আজিৰ কবিৰ দৰে কবিতা কম, বৌদ্ধিক ফেশ্বনৰ নামত মতাদৰ্শ খামুছি প্ৰপাগাণ্ডিষ্ট অথবা মানুহৰ মৃত্যুত আনন্দিত হ’ব পৰা প্ৰগতিশীল তৰাং কাব্যিক এডভেন্সাৰত আক্ৰান্ত কবি তেওঁ নাছিল৷ সেয়েহে আজি ডেৰশ বছৰৰ পাছতো য়েটছৰ কবিতাৰ বিষয়ে আয়াৰলেন্ডৰ পৰা হাজাৰ হাজাৰ মাইল দুৰৈৰ অসম মুলুকতো তেওঁক সুঁৱৰিব পাৰিছো৷ প্ৰপাগাণ্ডিষ্ট বৌদ্ধিক ফেশ্বনত আক্ৰান্ত অধ্যয়নহীন আমাৰ বৰ্তমানৰ কবিমখাৰ ( যিহেতুকে দুই এগৰাকী লেখক সাহিত্য সমালোচকৰ মতে অসমত কবিৰ সংখ্যা ত্ৰিছ হেজাৰতকৈ অধিক সেয়ে ’মখা’ শব্দ ব্যৱহাৰ পৰিছো) ভিতৰত কেইজনক ডেৰশ বছৰৰ পাছত আয়াৰলেণ্ডত সোৱঁৰণ কৰিব সেইটো ডাঙৰ কথা৷ সেইটো কথাকে বা কেইজনে বুজি পায় সেইটোও এটা ডাঙৰ কথা

 

 



 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ