অন্যযুগ/


কুৰ্ট গডেল : এজন অসাধাৰণ গণিতজ্ঞ

 

 

প্ৰিয়দেৱ গোস্বামী

 

প্ৰাকৃতিক পৰিঘটনাবোৰ মানুহৰ চিন্তাশক্তিৰে বিশ্লেষণ কৰি কথিত বা লিখিত ৰূপত সংৰক্ষণ কৰিবলৈ আৰম্ভ কৰা সময়ৰ পৰাই যুক্তি-তৰ্কবিদ্যাৰো আৰম্ভ হয়৷ বিভিন্নজনে চিন্তা-চৰ্চা কৰি দাঙি ধৰা উক্তিবোৰ বিশ্লেষণ কৰি জ্ঞান-বিজ্ঞানৰ বিভিন্ন সূত্ৰ প্ৰকাশ কৰা হয়৷ গণিতৰ ক্ষেত্ৰখনতো একে পদ্ধতিৰেই তথ্য বিশ্লেষণ কৰা হয়৷ গণিতৰ প্ৰাৰম্ভিক ভেঁটিতো সংখ্যাৰ ওপৰত প্ৰতিষ্ঠিত৷ সত্যৰ অন্বেষণেৰে গণিতৰ এই ভেঁটি সুৰক্ষিত কৰি ৰখাৰ বাবে গণিতজ্ঞসকলে নিৰলস প্ৰচেষ্টা চলাই আহিছে৷ সাধাৰণতে দাৰ্শনিক তত্ত্বৰে এনেবোৰ কথা আলোচনা কৰা হয়৷ আধুনিক গণিত জগতৰ অনেক খনিকৰ এনে সত্য অন্বেষণৰ লগত জড়িত৷ এনে কেইজনমান উল্লেখযোগ্য গণিতজ্ঞ হৈছে ক্ৰমে জৰ্জ কেণ্টৰ, ৰিচাৰ্ড ডেডেকাইণ্ড, ফেড্ৰিক ৰাইমান, বাট্ৰৰ্াণ্ড ৰাছেল, কুৰ্ট গডেল, জৰ্জ বুল, এলেন টুৰিং আদি৷ এইসকলৰ লগতে আৰু বহুজন মনীষী আছে যিসকলৰ অৰিহণা সৰ্বকাললৈ স্বীকৃত হৈ ৰ’ব৷ গণিতৰ প্ৰকৃত ধাৰণাবোৰ আমি তৈয়াৰো কৰিব নোৱাৰোঁ আৰু সলনিও কৰিব নোৱাৰোঁ; আমি মাত্ৰ সেইবোৰ অনুভৱ কৰিব পাৰোঁ আৰু বৰ্ণনা কৰিবহে পাৰোঁ৷ গতিকে গাণিতিক গৱেষণাবোৰ হৈছে আৱিষ্কাৰৰ একো একোটা পদ্ধতি৷ গণিতে মানুহৰ সম্মুখত থকা অনেক সমস্যাৰ সমাধান কৰিছে৷ প্ৰকৃততে আমাৰ প্ৰকৃতিজগত তথা সমাজত হোৱা পৰিৱৰ্তনবোৰৰ বহুলাংশই গণিতৰ হাতত ধৰিহে আগ বাঢ়িছে৷ গণিতৰ আৱিষ্কাৰসমূহ সময়ে সময়ে একোটা অভাৱনীয় পৰিৱৰ্তনৰকাৰক হিচাপে ধৰা দিয়ে৷ উদাহৰণস্বৰূপে কম্পিউটাৰ বিজ্ঞানৰ ক্ষেত্ৰত বুলিয়ান তত্ত্বৰ কথা উল্লেখ কৰিব পাৰি৷ কিন্তু গণিতৰ জগতত অনেক সমস্যা আৰু প্ৰশ্নও আছে যিবোৰ সমাধান হোৱা নাই বা যিবোৰৰ উত্তৰ আজিকোপতি দিব পৰা হোৱা নাই৷ সময়ে সময়ে এনে প্ৰশ্ন আৰু সমস্যাসমূহৰ একোখন তালিকা প্ৰকাশ পায়৷ বিংশ শতিকাৰ আৰম্ভণিতে এনে এখন তালিকা প্ৰকাশ পাইছিল৷ একেদৰেই একবিংশ শতিকাৰ আৰম্ভণিতো আমেৰিকাৰ Clay Mathematics Research Institute-য়ে সাতোটা প্ৰশ্নৰ অৱতাৰণা কৰিছিল৷ সেই তালিকাৰ লগতে প্ৰতিটো প্ৰশ্নৰ সমাধান দিওঁতালৈ এক নিযুতকৈ আমেৰিকান ডলাৰৰ পুৰষ্কাৰ দিয়াৰ প্ৰস্তাৱো আছিল৷

জাৰ্মান গণিতজ্ঞ ডেভিড হিলবাৰ্টে ১৯০০ চনত পেৰিছত অনুষ্ঠিত দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় গণিত অধিৱেশনত সেই সময়লৈকে বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ দিশত প্ৰভাৱ  পেলাব পৰা অথচ সমাধান নোলোৱাকৈ থকা তেইছটা প্ৰশ্ন উত্থাপন কৰিছিল৷ তেওঁ সেই তেইছটা প্ৰশ্নৰে তিনিটা প্ৰশ্ন ১৯২৮ চনত পুনৰ উল্লেখ কৰিছিল৷ সেই তিনিটা আছিল গণিতৰ একেবাৰে বুনিয়াদী গাঁথনিগত বিষয়ৰ প্ৰশ্ন৷ প্ৰশ্নকেইটাৰ বিষয় আছিল গণিতৰ দাৰ্শনিক ভিত্তিৰ সৈতে সম্পৰ্কিত আৰু যথেষ্ট চিন্তা উদ্ৰেককাৰী৷ গণিতৰ চৰ্চা আৰু অধ্যয়নৰ এনে অনুসন্ধানমূলক দিশটোৱে বিষয়টোৰ ভেঁটি শক্তিশালী কৰি তোলে আৰু লগতে মানুহৰ সম্মুখত অনালোচিত হৈ ৰোৱা সমস্যাৰ প্ৰতি আগ্ৰহী বিষয় হিচাপে গণিতৰ গুৰুত্ব বঢ়াই তোলে৷ যিসকলে এনে প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিবলৈ প্ৰয়াস কৰে তেওঁলোকে তেনে প্ৰয়াসৰ যোগেদি নিজা নিজা মৌলিক ধাৰণা প্ৰকাশ কৰিবলৈ যত্ন কৰে৷ তেনে মৌলিক ধাৰণাবোৰেই পৰৱৰ্তী সময়ত মানুহৰ সমগ্ৰ ধ্যান-ধাৰণাকেই সলনি কৰি পেলায়৷ হিলবাৰ্টে উত্থাপন কৰা সেই প্ৰশ্ন তিনিটা আছিল এনে–

প্ৰথমে তেওঁ কৈছিল যে, ‘সকলো সত্য গাণিতিক উক্তিকে প্ৰমাণ কৰিব পাৰি৷’ অৰ্থাৎ গণিতত সম্পূৰ্ণতা আছে৷

দ্বিতীয়টো আছিল, ‘মাত্ৰ সত্য গাণিতিক উক্তিকহে প্ৰমাণ কৰিব পাৰি৷’ অৰ্থাৎ গণিতত সঙ্গতি আছে৷

তৃতীয়তে  ‘গণিতৰ সিদ্ধান্ত গ্ৰহণতা৷’ অৰ্থাৎ এটা সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়া থাকিব যাৰ সহায়ত যিকোনো এটা গাণিতিক প্ৰস্তাৱনাক সত্য বা অসত্য হিচাপে সিদ্ধান্ত ল’ব পৰা যায়৷ অৰ্থাৎ সত্যতা নিৰূপণৰ বাবে এক এল্‌গৰিথ্‌ম্‌ প্ৰস্তুত কৰিব পাৰি যাৰ সহায়ত সত্যতা সম্পৰ্কে এটা সিদ্ধান্তত উপনীত হ’ব পৰা যায়৷

হিলবাৰ্টৰ উপৰি উক্ত প্ৰথম দুটা প্ৰস্তাৱনা সত্য নহয় বুলি বিংশ শতিকাৰ এজন মহান গণিতজ্ঞই প্ৰমাণ কৰিছিল৷ তেওঁ আছিল কুৰ্ট গডেল৷ হিলবাৰ্টৰ তৃতীয় প্ৰস্তাৱনাটোও সত্য নহয় বুলি বিংশ শতিকাৰ আন এজন গণিতজ্ঞ এলেন টুৰিঙে প্ৰমাণ কৰিছিল৷ বৰ্তমান ইয়াক ‘টুৰিং টেষ্ট’ বুলি জনা যায়৷ যন্ত্ৰ আৰু মানুহৰ মাজৰ পাৰ্থক্য বুজাবলৈ তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত ব্যৱহৃত CAPTCHট্ট (Completely Automated Public Turing Test to tell the Computer and Human Apart) শব্দৰ লগত আমি সততে মুখামুখি হওঁ৷ এইটো আচলতে টুৰিং টেষ্টেই৷

গণিতজ্ঞসকলৰ বিষয়ে সততে এটা কথা শুনা যায়৷ সেইটো হৈছে, তেওঁলোকৰ আচাৰ-ব্যৱহাৰ অগতানুগতিক কিম্বা তেওঁলোকৰ মতামত-চিন্তাধাৰা আনৰ লগত নিমিলে৷ তেওঁলোকৰ মতবোৰ অনন্য৷ প্ৰকৃতাৰ্থতে তেওঁলোকৰ চিন্তাধাৰা অতিশয় প্ৰাথমিক বা মৌলিক ধৰণৰ৷ তেনে অগতানুগতিকতাৰ ক্ষেত্ৰত আমেৰিকাৰ মেছাছুচেট্‌ছ ইন্সটিটিউট অফ টেকন’ল’জি আৰু প্ৰিঞ্চটন য়ুনিভাৰ্ছিটিৰ বিশ্ববিখ্যাত গণিতজ্ঞ জন ফৰ্বছ নাশ্বৰ (John Forbes Nash) বিশেষ খ্যাতি আছিল৷ The Beautiful Mind  নামৰ চিনেমাখনত এই গণিতজ্ঞজনৰ ব্যক্তিত্বক অতি সুন্দৰকৈ দাঙি ধৰা হৈছে৷ অগতানুগতিকতাৰ দিশত খ্যাতি আছিল৷ অগতানুগতিকতাৰ ক্ষেত্ৰত প্ৰিঞ্চটনৰ গণিতজ্ঞ কুৰ্ট গডেলো সমানে চৰ্চাৰ বিষয় আছিল৷ বিংশ শতিকাৰ মহান গণিতজ্ঞ-দাৰ্শনিকসকলৰ মাজত গডেল আছিল অন্যতম৷ গডেলৰ আন এটা বিশেষ চাৰিত্ৰিক গুণ আছিল৷ সেইটো হৈছে, তেওঁ আন ব্যক্তিৰ প্ৰতি সকলো সময়তে সন্দেহবাদী আছিল৷

কুৰ্ট গডেলৰ জন্ম হৈছিল বৰ্তমানৰ চেক গণৰাজ্যত ১৯০৬ চনৰ ২৪ এপ্ৰিল তাৰিখে৷ তেওঁৰ জন্মৰ সময়ত সেই ঠাইখিনি আছিল অষ্ট্ৰিয়া আৰু হাঙ্গেৰীৰ সীমামূৰীয়া ঠাই৷ ৰুডল্‌ফ আৰু মেৰিয়ানা গডেল (Rudolf & Mariana Godel)-ৰ দ্বিতীয় সন্তান কুৰ্টে সৰুৰে পৰাই গণিত আৰু বিজ্ঞানৰ প্ৰতি বিশেষভাৱে ধাউতি দেখুৱাইছিল৷ বিদ্যালয়ৰ শিক্ষাৰ প্ৰথম আঠ বছৰীয়া স্তৰটো তেওঁ চাৰি বছৰতে সম্পূৰ্ণ কৰি প্ৰতিভাৰ পৰিচয় দিছিল৷ প্ৰাৰম্ভিক পৰ্যায়ত কুৰ্টৰ পচন্দৰ বিষয় আছিল পদাৰ্থবিদ্যা৷ তেওঁৰ প্ৰৱল অনুসন্ধিৎসাৰ বাবেই পৰিয়ালৰ আটায়ে তেওঁক ‘মিষ্টাৰ কিয়’ [Mr. Why] বুলি উপৰুৱাকৈ ধেমেলীয়া নাম দিছিল৷ গণিতৰ প্ৰতি তেওঁৰ বিশেষ ৰাপৰ অন্যতম কাৰণ আছিল গণিতত থকা সঠিকতাৰ মাদকতা তেওঁৰ ভাল লাগিছিল৷ গডেলৰ শিক্ষক সংখ্যাতত্ত্বৰ অধ্যাপক ফিলিপ ফুৰ্টএংলাৰ (Philihp Furtwangler)-ৰ শিক্ষাই তেওঁক বাৰুকৈয়ে অনুপ্ৰাণিত কৰিছিল৷ এনে উদাহৰণৰ পৰাই ছাত্ৰৰ ওপৰত শিক্ষকৰ প্ৰভাৱ কিমান হ’ব পাৰে উপলব্ধি কৰিব পাৰি৷ গডেলে ১৯২৪ চনত ভিয়েনা বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰে আৰু তাতে ১৯২৯ চনত গৱেষণা কৰ্ম সমাপণ কৰে৷ পৰিয়ালৰ অপচন্দ সত্তেও তেওঁ ১৯৩৮ চনত নিজতকৈ ছবছৰে ডাঙৰ এডেল নিম্বাৰ্স্কি (Adele Nimbursky)-ক বিয়া কৰায়৷ ১৯২০-অৰ দশকত ভিয়েনা আছিল বহু বিজ্ঞানী, দাৰ্শনিক আৰু গণিতজ্ঞৰ কৰ্ষনস্থলী৷ তেওঁলোকে ‘ভিয়েনা চাৰ্কল্‌’ বুলি এটা এনুষ্ঠানৰ জৰিয়তে সাপ্তাহিকভাৱে লগ হৈ বিজ্ঞান সম্পৰ্কীয় অনেক কথা আলোচনা কৰিছিল৷ ১৯২৬ চনত গডেলে সেই অনুষ্ঠানত যোগ দিয়ে৷ সেই অনুষ্ঠানত যোগ দিয়াৰ পাছৰ পৰাই গডেলৰ আগ্ৰহ পদাৰ্থবিদ্যাৰ ঠাইত তৰ্কবিদ্যাৰ ফালে ঢাল খায়৷

গডেলে তেওঁৰ গৱেষণাৰ বিষয় হিচাপে Predicate কলন গণিতৰ সম্পূৰ্ণতা উপপাদ্য বাচি লৈছিল৷ গৱেষণা কালত তেওঁৰ অৱস্থাটো আমেৰিকাৰ আৱিষ্কাৰক কলম্বাছৰ দৰে হৈছিলগৈ৷ কলম্বাছে যেনেদৰে যিখন দেশত উপস্থিত হ’মগৈ বুলি জাহাজৰ পাল তৰি লৈছিল যদিও আন এখন দেশতহৈ উপস্থিত হৈছিলগৈ ঠিক তেনে অৱস্থা গডেলৰ গৱেষণাৰ ক্ষেত্ৰতো ঘটিল৷ তেওঁ যিটো আশা কৰি গৱেষণা আৰম্ভ কৰিছিল, ফল হিচাপে উপনীত হ’লগৈ কিন্তু সম্পূৰ্ণ বিপৰীত এটা সিদ্ধান্ততহে৷ ফলস্বৰূপে গণিতৰ জগতত এক নতুন ধাৰাৰ সৃষ্টি হ’ল৷ তেওঁৰ সিদ্ধান্ত আছিল যে কোনো আনুষ্ঠানিক পদ্ধতিত এনে কিছুমান উক্তি থাকে যিবোৰক সেই পদ্ধতিৰ ভিতৰত প্ৰমাণ কৰিব নোৱাৰি৷  গডেলৰ এনে অসম্পূৰ্ণতা সম্পৰ্কীয় উপপাদ্য দুটা প্ৰকাশ হৈছিল ১৯৩১ চনৰ মাৰ্চ মাহত৷ তেওঁৰ গৱেষণাৰ ফলাফল প্ৰকাশ হোৱাৰ লগে লগে গণিতৰ জগতত খলকনি লাগিছিল৷ ডেভিড্‌ হিলবাৰ্ট গডেলৰ ওপৰত অধিক খৰ্গহস্ত হৈ উঠিছিল, কিয়নো তেওঁ ভবা ধৰণৰ গণিতৰ ভেঁটি অসম্ভৱ বুলি দেখুওৱাটোক তেওঁ সহজভাৱে ল’ব পৰা নাছিল৷ হিলবাৰ্টৰ সহকাৰী  প’ল বাৰ্নি (Paul Berneys)-য়েহে হিলবাৰ্টক বুজাবলৈ সক্ষম হৈছিল যে গডেলৰ আৱিষ্কাৰ সঁচাকৈয়ে মৌলিক৷ হিলবাৰ্ট গডেলৰ প্ৰতি ইমানেই অসন্তুষ্ট হৈছিল যে গডেলৰ গৱেষণা পত্ৰ প্ৰকাশৰ ১২ বছৰৰ পাছলৈকে জীয়াই থকা সত্তেও তেওঁ গডেলৰ সৈতে কাহানিও কোনো আনুষ্ঠানিক যোগাযোগ ৰক্ষা কৰা নাছিল৷

গডেলৰ আৱিষ্কাৰসমূহ আধুনিক তৰ্কবিদ্যাৰ অতি গুৰুত্বপূৰ্ণ বিষয় আৰু কম্পিউটাৰ বিজ্ঞানৰ বাবে এক বুনিয়াদী ভেঁটি৷ তেওঁৰ মৌলিক ধাৰণাই গাণিতিক তৰ্কবিদ্যাৰ আমূল পৰিৱৰ্তন সাধন কৰিলে৷ এনে উদ্ভাৱনৰ বাবেই গডেল বিংশ শতিকাৰ এজন শ্ৰেষ্ঠ দাৰ্শনিক হিচাপে স্বীকৃত হৈ থাকিব৷ অসম্পূৰ্ণতা তত্ত্ব আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ মাজত এটা সম্পৰ্ক আছে৷ গডেলে কৈছিল যে মানুহৰ মনটো ‘এলগৰিথ্‌ম্‌’ নহয় আৰু সেইবাবে প্ৰকৃত অৰ্থত কৃত্ৰিম বুদ্ধিমত্তা প্ৰস্তুত কৰাও সম্ভৱ নহয়৷ কিন্তু Walter Pitts, C. E. Shanon আদি বিজ্ঞানীয়ে মানুহৰ মগজুক প্ৰতিনিধিত্ব কৰিব পৰা কৃত্ৰিম বুদ্ধিমতা প্ৰস্তুত কৰাটো সম্ভৱ বুলি বিশ্বাস কৰিছিল৷ এই বিষয়বোৰ আজিৰ তাৰিখতো বিতৰ্কৰ বিষয় হৈয়ে আছে৷ ১৯৪০ চনত গডেলে ইউৰোপ একেবাৰে ত্যাগ কৰে আৰু আমেৰিকালৈ গৈ প্ৰিঞ্চটনৰ বিখ্যাত Institute of Advanced Studies-অত যোগদান কৰে৷ ১৯৪৬ চনত তেওঁ প্ৰতিষ্ঠানটোৰ স্থায়ী সদস্য হয় আৰু ১৯৫৩ চনত পূৰ্ণকালিন অধ্যাপক হিচাপে নিযুক্ত হয়৷ গডেলে ১৯৪৮ চনত আমেৰিকাৰ স্থায়ী নাগৰিকত্ব লাভ কৰে৷

তেওঁৰ নাগৰিকত্বৰ বাবে হোৱা শুনানিৰ সময়ত এটা আমোদজনক ঘটনা ঘটিছিল৷ প্ৰিঞ্চটনত সেই সময়ত বিশ্ববিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন আৰু অৰ্থনীতিবিদ গণিতজ্ঞ অস্কাৰ মৰ্গেনষ্টাৰ্নে (Oskar Morgenstern) অধ্যাপনা কৰিছিল৷ তেওঁলোক দুয়োজন গডেলৰ বন্ধু আছিল৷ আমেৰিকাত নাগৰিকত্ব লাভ কৰিবলৈ হ’লে আৱেদনকাৰীয়ে এক শুনানিৰ মুখামুখি হ’বলগীয়া হয়৷ নিয়ম পালন কৰা হিচাপেই তেনে সাক্ষাৎকাৰ লোৱা হয় যদিও গডেলে বিষয়টো অতিশয় গুৰুত্ব সহকাৰে লৈছিল৷ সেই উদ্দেশ্যেই তেওঁ আমেৰিকাৰ সংবিধানখন পুংখানুপুংখভাৱে অধ্যয়ন কৰিছিল৷ শুনানিৰ আগদিনা গডেল মৰ্গেনষ্টাৰ্নৰ ওচৰলৈ গ’ল আৰু ক’লেগৈ যে তেওঁ আমেৰিকাৰ সংবিধানখনত এটা যুক্তিগত আৰু আইনগত আঁসোৱাহ দেখা পাইছে যাৰ ফলত আমেৰিকা এখন একনায়কত্ববাদী ৰাষ্ট্ৰও হৈ উঠিবগৈ পাৰে, যি গণতান্ত্ৰিক নহ’বগৈ৷ মৰ্গেনষ্টাৰ্নে গডেলৰ একাচেকা মানসিকতাৰ বিষয়ে বাৰুকৈয়ে জানিছিল বাবে পৰামৰ্শ দিলে যে যুক্তিগতভাৱে গডেলৰ কথাষাৰৰ মূল্য যিমানেই নাথাকক কিয়, তেওঁ যেন সাক্ষাৎকাৰৰ সময়ত এই বিষয়বোৰ উত্থাপন নকৰে৷ আইনষ্টাইন আৰু মৰ্গেনষ্টাৰ্নৰ সন্দেহ হৈছিল যে গডেলে নিশ্চয় সাক্ষাৎকাৰত নক’বলগীয়া কিবা ক’ব৷ সেয়ে সাক্ষাৎকাৰৰ স্থান Trenton-অলৈ গডেলৰ লগত আইনষ্টাইন আৰু মৰ্গেনষ্টাৰ্নো গৈছিল৷ গাড়ীৰে গৈ থাকোঁতে গডেলৰ মন আনপিনে ঢাল খুৱাবলৈ বুলি আইনষ্টাইনে তেওঁক আন আন বিষয়ৰ কথা কৈ গৈছিল৷ সাক্ষাৎকাৰৰ সময়ত আইনষ্টাইন আৰু মৰ্গেনষ্টাৰ্নৰ দৰে দুজন বিখ্যাত লোক উপস্থিত থকা বাবে কতৃৰ্পক্ষয়ো খুব ভাল পাইছিল৷ ন্যায়াধীশে গডেলক সুধিলে, ‘আপুনি এতিয়ালৈকে জাৰ্মান নাগৰিক হৈ আছে?’ গডেলে ন্যায়াধীশৰ কথাষাৰ শুধৰাই ক’লে যে তেওঁ এজন অষ্ট্ৰিয়ান৷ বিষয়াবৰ্গই পুনৰ ক’লে, ‘সি যি নহওক, সেইখন দেশ (অষ্ট্ৰিয়া) সম্প্ৰতি একনায়কৰ অধীনত আছে, যিটো সৌভাগ্যক্ৰমে আমেৰিকাত সম্ভৱ নহয়৷’ সেই কথাৰ উত্তৰত গডেলে চিঞৰি উঠিল, ‘সেইটো যে আমেৰিকাতো হ’ব পাৰে সেইটো মই জানো৷’ লগতে তেওঁ আমেৰিকাৰ সংবিধানত ৰৈ যোৱা সুৰুঙাৰ বিষয়েও ক’বলৈ আৰম্ভ কৰিলে৷ গডিলৰ দুই বন্ধু বৰ অস্বস্তিকৰ অৱস্থাত পৰিল৷ দুয়োৰে চিন্তা আৰম্ভ হ’ল– বন্ধুৰ নাগৰিকত্বৰ বা কি হয়গৈ! সৌভাগ্যক্ৰমে সেই শুনানিৰ ন্যায়াধীশ Philip Forman-এ আইনষ্টাইনৰ নাগৰিকত্ব আৱেদনৰো শুনানি গ্ৰহণ কৰিছিল৷ ন্যায়াধীশ Forman-অৰ বাবে আইনষ্টাইনৰ উপস্থিতিয়েই গডেলৰ নাগৰিকত্ব আৱেদন মঞ্জুৰ কৰাৰ বাবে যথেষ্ট আছিল৷ গতিকে নাগৰিকত্ব লাভ কৰাত বাধা নাথাকিল৷ তাৰ পাছত অনেক কথা-বতৰা পাতি তেওঁলোকে Forman-অৰ পৰা বিদায় ল’লে৷

গডেলে জীৱনকালত অনেক সন্মান লাভ কৰিছিল৷ ১৯৫১ চনত আইনষ্টাইন বঁটা, ১৯৬৮ চনত ৰয়েল ছ’চাইটিৰ সদস্যপদ, ১৯৭৫ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পদককে ধৰি অনেক সন্মান তেওঁ লাভ কৰিবলৈ সক্ষম হৈছিল৷ সকলো সময়তে আনৰ প্ৰতি সন্দেহৰ ভাব পোষণ কৰা গডেলে আনকি প্ৰয়োজনৰ সময়ত চিকিৎসকৰ পৰামৰ্শও গ্ৰহণ নকৰিছিল৷ জীৱনৰ শেষৰ পিনে তেওঁ গ্ৰহণ কৰা খাদ্যৰ পৰিমাণ একেবাৰে কমাই আনিছিল৷ চিকিৎসকৰ মতে অপুষ্টিত ভুগি ১৯৭৮ চনৰ ১৪ জানুৱাৰি তাৰিখে মৃত্যুবৰণ কৰে৷ তেওঁ অগৱানৰ অস্তিত্ব সম্পৰ্কে প্ৰমাণ আগ বঢ়াবলৈ যত্ন কৰি আছিল৷ কিন্তু তেওঁৰ মৃত্যুৱে তেওঁৰ সেই  সম্পৰ্কীয় চিন্তা-চৰ্চা আধৰুৱা কৰি ৰাখিলে৷

 

ঠিকনা :

খনীয়া গাঁও, ডিব্ৰুগড়

ফ’ন : ৯৪৩৫৪৭৩৭৮২

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ