অন্যযুগ/


অনুপ কুমাৰ শৰ্মাৰ শিল্পকৰ্ম : ব্যক্তিগত বিন্যাসৰ পৰা সামূহিক সংযুতিলৈ

 জ্যোতি খাটনিয়াৰ

 

মানুহৰ অৱয়বক (Human Figure) বাদ দি যেন একোৱেই ভাবিব নোৱাৰোঁ৷ আকৌ সেইবোৰৰ মাজলৈ ঘূৰি আহোঁ৷শিল্পৰ ৰসাস্বাদনত শিল্পীৰ সৈতে কথোপকথন কিমান গুৰুত্বপূৰ্ণ সেই সম্পৰ্কে মতৰ ভিন্নতা থাকিলেও, এতিয়ালৈকে যি কেইজন অসমীয়া শিল্পীৰ কামৰ সৈতে আত্ম-সংযোগ স্থাপনৰ চেষ্টা কৰিছোঁ, তেওঁলোকৰ সৈতে কথা পাতি বেছ উপকৃত হৈছোঁ৷অৱয়বৰ নিৰন্তৰ উপস্থিতি’– দৰাচলতে এটা শক্তিশালী ধাৰণা৷ কাৰণ অৱয়ব মানেই জীৱনৰ পূঞ্জীভূত (Pent-up) এটা ৰূপ, সঞ্জীৱনী সুধা৷ কি নাই এই ৰূপত, এই ৰূপৰ হাতত ধৰি অলপ আগুৱাই গলেই আমি পাওঁ ৰূপ কল্পনাৰ এক অপূৰ্ব জগত, ভাৱ-বিন্যাস আৰু সম্ভাৱনীয়তাৰ নানান তৰপীয়া উন্মেষ৷ শীতৰ কুঁৱলী ফালি অহা কোমল সূৰ্যৰ কিৰণৰ দৰেই উমাল তাৰ উপস্থিতি, নাইবা গ্ৰীষ্মৰ বিয়লিৰ মলয়াৰ দৰেই দৰেই স্নিগ্ধ তাৰ উপস্থিতি৷

শিল্পী অনুপ কুমাৰ শৰ্মা (জন্ম: /১১/১৯৬৬)-ৰ এক ব্যক্তিগত কথোপকথনৰ উদ্ধৃতিৰে এই লেখাৰ আৰম্ভণি৷ তেওঁৰ শিল্পৰ কৰ্মৰ অন্তৰ্মুখী জীৱন আৰু তাৰ মাজেদি আমালৈ আগবাঢ়ি অহা কথা-বতৰাৰ সৈতে হোৱা পৰিচয়ৰ এক চমু আভাসেই এই নাতিদীৰ্ঘ টোকাটোৰ বিষয়বস্তু আৰু ইয়াৰ পৰিসৰ৷ চকুৰ আগৰ যিবোৰ ঘটনা, জীৱন-যাত্ৰাৰ টুকুৰা ছবি মন-মগজুৰ আগেৰে আৰু মাজেৰে অহা-যোৱা কৰি থাকে, সেইবোৰকে অনুপ শৰ্মাই বুটলি লৈছে৷ তেওঁৰ মনত দোলা দিছে এনেবোৰ ফৰ্মে, যিবোৰৰ মাজেদি তেওঁ ব্যক্তিগত (Individual) আৰু সামূহিক (Universal) চেতনাবোধ সংপৃক্ত (Saturated) ৰূপত দাঙি ধৰাৰ প্ৰয়াস কৰিছে৷

তেওঁৰ বাবে কেনভাছখন এখন চলন্ত নৌকাৰ দৰে৷ প্ৰকৃতি এটা নিৰ্দিষ্ট উদ্দেশ্যৰ সমষ্টি নহয়৷ এইখিনিতে পৰম্পৰাগত ৰোমাণ্টিকসকলৰ সৈতে তেওঁৰ গভীৰ পাৰ্থক্য৷ প্ৰকৃতি তেওঁৰ বাবে surrealist-সকলৰ spring board-অৰ লেখিয়া৷ এই প্ৰকৃতিয়ে (নদী, সাগৰ, চলমান জলৰাশি, দ্বীপ, উপত্যকা আদিয়ে) তেওঁক এক নিৰন্তৰ শক্তিৰ যোগান ধৰে, অনুভূতিৰ এক মৰ্মস্পৰ্শী তীব্ৰতাক তেওঁৰ কেনভাছলৈ, ৰেখাকৰ্মলৈ কঢ়িয়াই আনে, যিবোৰ তাত সংযোগ কৰে এক অতলস্পৰ্শী গভীৰতাক৷ এই গভীৰতা মনৰ এক বিশেষ পৰ্যায়ৰ; লগতে ই জ্ঞান আৰু আনন্দ দুয়োৰে এক সুষম সমন্বয়৷

ৰূপৰ এই অহা-যোৱা, ৰূপবোৰৰ নিৰন্তৰ উপস্থিতি, তাৰ বিভিন্ন ধৰণৰ আন্তঃসংযোগ (inter-connectivity)-এইবোৰ আমাক সহজেই মনত পেলাই দিব পাৰে, ভাৰতীয় চিন্তাত প্ৰভাৱশীল পঞ্চ স্কন্ধলৈ৷ এইপঞ্চ স্কন্ধপাঁচ প্ৰকাৰৰ পৰিৱৰ্তনশীল উপাদানৰ সমষ্টি৷ সেইবোৰ হ : () দেহৰ বিভিন্ন আকাৰ (ৰূপ); () সুখ, দুখ, বিৰাগৰ অনুভূতি (বেদনা); () নাম, বোধ ইত্যাদিৰ প্ৰত্যক্ষ (সংজ্ঞা); () অতীতৰ অভিজ্ঞতাৰ সংবেদন উৎপত্তি কৰা প্ৰবৃত্তি (সংস্কাৰ), আৰু চৈতন্য (বিজ্ঞান)৷ বৌদ্ধ দৰ্শনত পাছৰ চাৰিটা উপাদানক নাম বোলা হয়৷ এই চিন্তাত সেয়েহে, মানুহকনামৰূপৰ সমষ্টি বুলি ধৰা হৈছে৷ অনুপ কুমাৰ শৰ্মাৰ হাতৰ অংকন, ৰূপ-ৰেখাৰ সমন্বয়, কেনভাছত ভাঁহি অহা জগতএই সকলোবোৰে এনেধৰণৰ এক চেতনা স্ৰোতৰ সৃষ্টি কৰে৷

তেওঁ বাচি লয় সেইবোৰ সমষ্টিৰ বিন্যাস (arrangement of constitution), যিবোৰৰ যোগেদি তেওঁ অনুভূতি আৰু প্ৰবৃত্তি উভয়েৰে সঞ্চাৰ কৰিব পাৰে৷ উদাহৰণস্বৰূপে, শিল্পকৰ্ম ()টোৰ কথাই আমি কব পাৰোঁ৷ প্ৰবহমান জলৰাশিত জীৱন আৰু তাত সংৰোপিত বস্তুপুঞ্জই কঢ়িয়াই অনা বতৰা বহু তৰপীয়া৷ শৰ্মাৰ ছবিৰ আমাক মনোযোগ আকৰ্ষণ কৰা দৃশ্যৰাজিৰ আঁৰত আমি চাৰিটা কথা বিচাৰি পাব পাৰোঁ৷

প্ৰথমতে, শিল্পীজনাই আমাৰ দৃশ্যমান বস্তুপুঞ্জৰ অস্তিত্ব তেওঁৰ শিল্পকৰ্মলৈ আনিছে৷ দ্বিতীয়তে, ইয়াৰ সংৰচনাৰ জৰিয়তে আমাৰ মনোজগতৰ ওপৰত তাৰ প্ৰভাৱ দেখুওৱা হৈছে৷ তৃতীয়তে, আমাৰ পৰিচিত বস্তুপুঞ্জক নতুন বা প্ৰয়োজনীয় ধৰণেৰে বিন্যাস কৰি লোৱা হৈছে৷ আৰু চতুৰ্থতে, ব্যৱহৃত অৱয়ব, ৰূপ আৰু ৰেখাৰ বিন্যাসেৰে আহি পৰা যতন, প্ৰতীকসমূহক এক সামগ্ৰিক আৰু সুসংহত ৰূপ দিয়াৰ প্ৰয়াস৷ এই চাৰিটা দিশে শৰ্মাৰ শিল্পকৰ্মক এক গতি আৰু আয়তন প্ৰদান কৰিছে৷ উদাহৰণস্বৰূপে, তলৰ নীলাৰ বিভিন্ন Tone ৰ শিল্পকৰ্মটোৰ কথা কব পাৰি৷ এই শিল্পকৰ্মটোক নীলা ৰংটোৱে এক বিশিষ্ট গতি প্ৰদান কৰিছে৷ ই অকল ৰং হৈয়ে থকা নাই; ই সৃষ্টি কৰিছে এক ধ্বনিময় তন্ময়তাৰ৷ দৰ্শকৰ দৃষ্টি (gaze) ইয়াত দৃঢ়পিনদ্ধ নহৈ, এক ধৰণৰ জিলিঙনিৰ মাজলৈ সোমাই গৈছে৷ কেউটা ৰূপে এক ধৰণৰ কথোপকথনৰ সৃষ্টি কৰিছে৷ কেনভাছখন এক সুনিৰ্দিষ্ট অৰ্থত আকৰ হৈ থকা নাই; ই প্ৰসাৰিত হৈছে বহুধাবিভক্ত অৰ্থৰ সমষ্টিলৈ৷ দৰ্শকে এনে কেনভাছৰ সন্মুখত থিয় হৈকিবা আন এক দিশলৈনিজৰ মনোযোগ ধাৱিত হোৱা বুলি অনুমান কৰিব পাৰে৷ আনকি দৰ্শকে অৰ্থৰ পুনৰুদ্ধাৰ (retrieve) কৰাৰ সম্ভাৱনাও এনে শিল্পকৰ্মই বহন কৰে৷ শিল্পীৰ অভিজ্ঞতা, শিল্পকৰ্মটোৰ নিজা জীৱন আৰু দৰ্শকৰ অভিজ্ঞতা– এই সকলোবোৰে ইয়াক এক বিশিষ্ট অনুভূতিৰ অংশীদাৰ কৰি তুলিছে৷ শিল্পকৰ্মটোত অন্তৰ্নিহিত এক ঐক্য (Unity)- সন্ধান আছে৷ প্ৰত্যেকটো মানৱীয় অৱয়ব (Human Figure)- ইয়াত শংকা বা উৎকণ্ঠাৰ অস্থিৰ জগতখনত পৰা আঁতৰি গৈছে৷ শিল্পীয়ে দৰাচলতেনীলাৰঙৰ জৰিয়তে সেইটোকে সফলতাৰে প্ৰতিপন্ন কৰিছে৷ ব্যক্তিগত ৰূপবোৰে (যি অকল মানৱীয় অৱয়বতে সীমাৱদ্ধ হৈ থকা নাই, প্ৰকৃতিৰ আন কিছু সম্পদকো কেনভাছৰ ভিতৰুৱা কৰি তুলিছে) এক সাৰ্বজনীন সূক্ষ্মৰ ফালে গতি কৰিছে৷ বৌদ্ধ দৰ্শনৰ যোগাচাৰ চিন্তাত ‘আলয় বিজ্ঞানৰ এক বিশেষ ধাৰণা আছে৷ তাত সমুদায় তথ্য-পাতি সংৰক্ষণ আৰু এক প্ৰক্ৰিয়াৰ মাজেৰে, আজিকালিৰ তথ্য-প্ৰযুক্তিৰ ‘Process’ কৰা বুলি, আগুৱাই নিয়া হয়৷ তথ্যৰ সৈতে মনৰ এই সংযোগ, তাৰ পাছত এই তথ্য আৰু তাৰ সৈতে সংলগ্ন জ্ঞানৰ মন্থন, ৰবাত স্মৃতিৰ বিশাল আয়োজন (যি হয়তো নিদ্ৰিত অৱস্থাৰ মাজেৰেও আহিব পাৰে)– এই কেনভাছত তাৰ যেন কিছু বতৰাও আছে৷




তেনেদৰে শৰ্মাৰ এখন কেনভাছত এক ঔদ্যোগিক পৰিমণ্ডলত মানুহৰ অস্তিত্ব আৰু ইয়াৰ আনুষংগিক প্ৰশ্নসমূহৰ বলিষ্ঠ উপস্থাপন আছে৷ ছবিৰ আগ্ৰহী দৰ্শকে এই ক্ষেত্ৰত গীয়ৰ্গীঅদ্য ছিৰিকো (Giorgio de chirico’ ১৯৮৮-১৯৭৮) আৰু অতি সহজে ছালভাডৰ ডালিলৈ (Salvador Dali; ১৯০৪-১৯৮৯) মনত পেলাব পাৰে৷ ছিৰিকোৰ ‘Hallucinatory and dream-like intensity’-ৰ ৰেশ আমি শৰ্মাৰ দুয়োটা শিল্পকৰ্মতে অনুভৱ কৰোঁ৷ নীলা ৰঙেৰে সিক্ত কেনভাছে যদি সৃষ্টিৰ আগমুহূৰ্তৰ এক অপেক্ষাৰত মুহূৰ্তক ধৰি ৰাখিছে, তেনেহলে আনটো শিল্পকৰ্মই (৩ নং) জীৱনৰ বহুল ঘটনা প্ৰৱাহৰ মাজত উৎকণ্ঠা অন্তৰ্মুখী দৃষ্টিকোণ, বিৰোধাভাষৰ স্পষ্ট বাৰ্তা আছে৷ স্পষ্টকৈ সপোনৰ আভাস; কিন্তু এই সপোনৰ অন্তঃলয় বুজাটো সহজ নহয়৷ মহান চিন্তাবিদ ছিগমণ্ড ফ্ৰয়ডক যেতিয়া ছাৰৰিয়েলিষ্টসকলৰ সপোন সম্পৰ্কীয় এখন সংকলনত লিখিবলৈ কোৱা হ, তেতিয়া তেওঁ এই প্ৰসংগত নিজৰ অপাৰগতা প্ৰকাশ কৰি এনেদৰে কলে, “a mere collection of dreams, without the dreamer’s association, without knowledge of the circumstances in which, they occurred, tells me nothing and I can hardly imagine what it would tell anything.” অৰ্থাৎ সপোন আৰু তাৰ সৈতে আনুষংগিক বিষয়, পৃষ্ঠভূমিৰ সংযোগইত্যাদিৰ এক শৃংখলে সপোনৰ বিষয়বস্তু নাইবা তাৰ অৰ্থক আমাৰ বাবে তাৎপৰ্যপূৰ্ণ কৰি তোলে৷ শিল্পী অনুপ কুমাৰ শৰ্মাৰ কেনভাছত সপোন এক বিশৃংখল, আন্তঃগাঁথনি শূন্য কাৰবাৰ নহয়৷ ই অভিজ্ঞতাৰ দীৰ্ঘদিনীয়া যাত্ৰাৰ বাৰ্তা বহনকাৰী, অভিজ্ঞতাৰ বহল পথাৰত তাৰ শক্তিশালী উৰণ৷ ইয়াত ভাবনা নিয়ন্ত্ৰিত আৰু পৰীক্ষণৰ কাঠামোৰ মাজেৰে সৰকি অহা৷ স্মৰ্তব্য যে শিল্পী শৰ্মা কিছুদিন মাজুলীত আছিল; সত্ৰীয়া সংস্কৃতিৰ গুৰুত্বপূৰ্ণ অংগ মুখাশিল্পই তেওঁৰ মনোজগত চুইছিল৷ তেওঁৰ হাতত অৱয়বসমূহে সেয়েহে আন এক অৰ্থ সংপৃক্তৰূপে বহন কৰে৷ স্মৃতি আৰু বিস্মৃতিৰ আন্তঃসংযোগৰ স্থলীৰূপত তেওঁ এই শিল্পকৰ্মসমূহত ভূমুকি মৰাৰ সুযোগ নথকা নহয়৷ তেওঁৰ ছবি প্ৰায়ে ফৰ্ম আৰু স্পেচৰ  বিশেষ সমন্বয় বুলিও কব পাৰি৷ তেওঁ কোৱা মতে তেওঁ প্ৰতিদিনে ৰং আৰু ৰেখাৰ সৈতে কিবা এটাৰ ৰূপ দি, নানান অৱয়ব, প্ৰতীকক গতিশীল ধৰণেৰে সংযুক্ত কৰি তাৰ মাজেৰে এটা সক্ৰিয় আৰু অংশগ্ৰহণকাৰী (Participatory) মনক তুলি ধৰি এই মনৰ সৰলস্পৰ্শী চেতনাৰ ৰূপান্তৰে এক ধাৰাৱাহিকতাকেই প্ৰতিপন্ন কৰে৷ বস্তুপুঞ্জৰ অৱস্থান আৰু উপস্থিতি দৰ্শকৰ বাবে নিজৰ মনৰেই কৰবাত নহয় কৰবাত ফট্ফটীয়া দাপোণ হৈ পৰে

(দ্ৰষ্টব্য : প্ৰবন্ধৰ সৈতে সম্পৰ্কিত শিল্পী অনুপ কুমাৰ শৰ্মাৰ শিল্পকৰ্মৰ ছবি শিল্পকলা শিতানত।)

ভ্ৰাম্যভাষ : ৮৪৭২০৫১৩৩৯  

  

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ