ড° বিৰিঞ্চি কুমাৰ দাস
সাম্প্ৰতিক অসমীয়া সাহিত্য জগতৰ এগৰাকী
আগশাৰীৰ গল্পকাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰা গীতালি বৰাৰ শেহতীয়া গল্প সংকলন ‘বৈষম্যবাদ’
সম্পৰ্কে ইতিমধ্যে বহু আলোচনা-বিলোচনা হোৱা দেখা গৈছে৷ কেতবোৰ স্বকীয় গুণেৰে এই সংকলনখনৰ
গল্পসমূহে কিছু সচেতন পাঠকৰ মনোযোগ যে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সেই কথাটো এই আলোচনাসমূহে
প্ৰতিপন্ন কৰিছে৷ এগৰাকী মনোযোগী পাঠক হিচাপে আমিও সংকলনখনৰ প্ৰসংগত মনলৈ অহা কিছু
কথা ব্যক্ত কৰিব বিচাৰিছোঁ৷
সংকলনখনৰ গল্পসমূহৰ ক্ষেত্ৰত আমি দুটা
কথা বিশেষভাৱে মন কৰিছোঁ৷ প্ৰথম, কেইটামান গল্পত লেখকে তেওঁৰ ইতিমধ্যেই প্ৰতিষ্ঠিত
ধাৰাটোৰপৰা ওলাই আহিবলৈ চেষ্টা কৰিছে৷ তেওঁৰ গল্প আৰু উপন্যাসৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য
হৈছে অন্তৰ্মুখিতা; কিন্তু সংকলনখনৰ কেইবাটাও গল্পত তেওঁ সময়ে সময়ে বহিৰ্মুখী হ’বলৈ
প্ৰয়াস কৰাও দেখা যায়৷ অৱশ্যে তেওঁৰ এই বহিৰ্মুখিতা অন্তৰ্মুখী চৰিত্ৰৰে এক ব্যাপ্তি৷
দ্বিতীয়তে, সংকলনখনৰ বহুকেইটা গল্পত আত্মজৈৱনিক সমলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷
সংকলনখনৰ প্ৰথমটো গল্প ‘অকস্মাৎ সৌৰভ
কুমাৰ চলিহা’ই প্ৰথমৰেপৰাই এক অধিবাস্তৱতাৰ পৰিৱেশ ৰচনা কৰিছে, গীতালি বৰাৰ টিপিকেল
শৈলীত, য’ত বাস্তৱতা আৰু ভ্ৰম ইটোৱে সিটোৰ পৰিপূৰক হিচাপেই উপস্থিত আছে৷ কাহিনীৰ বিৱৰক
মহিলাগৰাকীয়ে অকস্মাতে লগ পাইছে ইতিমধ্যেই মৃত্যু হোৱা গল্পকাৰ সৌৰভ কুমাৰ চলিহাক,
যাৰ গল্পই প্ৰায়েই পঢ়ুৱৈক বাস্তৱতাৰ অন্য এক স্তৰলৈ লৈ যায়৷ বিৱৰকে নিজৰ আৰু সৌৰভ
চলিহাৰ মাজত এটা মিল বিচাৰি পাইছে আৰু সেয়া হৈছে দুয়োৰে ‘বিশেষভাৱে সক্ষম’ দুটি সন্তান৷
তথাপি বিৱৰকে দুয়োৰে মাজত এটা অনতিক্ৰম্য বিশাল প্ৰভেদো বিচাৰি পাইছে - প্ৰজ্ঞা আৰু
প্ৰজ্ঞাহীনতাৰ মাজৰ প্ৰভেদ ৷ ফুটা ফুটা হৈ যোৱা নিজৰ ছাঁটো বহন কৰি থাকি মৃত্যু আৰু
জীৱনৰ কেতবোৰ প্ৰশ্ন উত্থাপন কৰাৰ মাজেৰে নিজৰ অস্তিত্বকেই সময়ে সময়ে প্ৰশ্নৰ মাজলৈ
নিক্ষেপ কৰা বিৱৰকে চলিহাৰ অতীতৰ ৰাজনৈতিকভাৱে সক্ৰিয় দিনবোৰৰ প্ৰসংগও টানি আনি সেইবোৰক
চলিহাৰ সীমাৱদ্ধতা হিচাপে উল্লেখ কৰাৰ লগতে এইটোৱো কৈছে যে সেই সময়ত ৰাজনৈতিক আদৰ্শবাদে
আনি দিয়া নিশ্চয়তাবোধৰ বিপৰীতে জীৱনৰ অৱধাৰিত অনিশ্চয়তাৰ, জীৱন আৰু মৃত্যুৰ সম্পৰ্ক
আৰু দ্বন্দ্বৰ সন্ধান কৰিবলৈ চলিহাই ইতিমধ্যে
বহুদূৰ আগুৱাই আহিছে৷ জীৱন আৰু মৃত্যুৰ মাজৰ “ন’ মেনছ লেণ্ড”ৰ উপস্থিতি অনুভৱ কৰা,
বাহ্যিকভাৱে মৃত সৌৰভ কুমাৰ চলিহাক গল্পৰ সামৰণিত নিজৰ ‘বিশেষভাৱে সক্ষম’ কন্যা সন্তানৰ
প্ৰতি আকুল এক কৰুণ, অসহায় পিতৃৰ ৰূপতহে দেখা গৈছে৷ অৰ্থাৎ বাস্তৱ আৰু ভ্ৰম একাকাৰ
হৈ যোৱা এই অৱস্থাটোত মানৱ অস্তিত্বকেন্দ্ৰিক সকলোবোৰ প্ৰশ্নও অস্পষ্ট আৰু অনিৰ্দিষ্ট
হৈ পৰিছে৷
‘গহপুৰ ‘৮৩’ গল্পটোক এটা সম্পূৰ্ণৰূপে ৰাজনৈতিক গল্প
বুলি ক’ব পৰাকৈ ইয়াত বৰ্ণিত ঘটনাবোৰ আৰু এইবোৰৰ আঁৰত সক্ৰিয় হৈ থকা ৰাজনৈতিক দৃষ্টিভংগীক
বেছ ব্যাপক ৰূপত গল্পটোলৈ অনা হৈছে৷ অসমৰ ৰাজনৈতিক ইতিহাসৰ বিশেষ এছোৱা সময়ত গঢ়ি উঠা
গোষ্ঠী সংঘৰ্ষক ইয়াৰ নিৰ্ম্মমতা আৰু অমানৱীয়তাৰে তুলি ধৰা হৈছে প্ৰত্যক্ষ অভিজ্ঞতাৰে
ঘটনাবোৰৰ সৈতে সংযোজিত হৈ থকা এটা চৰিত্ৰৰ বক্তব্যৰ মাজেৰে, আৰু কাহিনীৰ মূল বিৱৰকে
এই ঘটনাবোৰক চৰিত্ৰটোৰ ব্যক্তিগত আবেগক উলাই নকৰাকৈ উপস্থাপন কৰোতে সযতনে কোনো বিশেষ
ৰাজনৈতিক স্থিতি গ্ৰহণ কৰাৰপৰা বিৰত আছে৷ এনেদৰেই গল্পকাৰে বস্তুনিষ্ঠভাৱে বৰ্ণিত ঘটনাৱলীৰ
সৈতে নিহিত বাস্তৱতাৰ গভীৰলৈ যাবলৈ চেষ্টা কৰিছে, আৰু তাৰ মাজতে ইয়াৰ সৈতে যুক্ত ৰাজনৈতিক
কথাবোৰকো তেওঁ পৰীক্ষা কৰি চাইছে৷ কিন্তু তাকে কৰোঁতে তেওঁ কোনো নিৰ্দিষ্ট আদৰ্শবাদৰ
ওচৰ চপা নাই৷ আকৌ তেওঁৰ ৰচনাশৈলীও সকলো সময়তে একৰৈখিক বা প্ৰচলিত বাস্তৱবাদৰ নিয়ন্ত্ৰণাধীন
হৈ ৰোৱা নাই৷ তেওঁৰ আন গল্পৰ দৰে তেওঁ ইয়াতো কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে, উত্তৰবিহীন
কেতবোৰ প্ৰশ্ন, যিয়ে গল্পকাৰক দ্ৰষ্টাৰ সহজাত ভূমিকাৰ পৰা আঁতৰাই ৰাখিছে৷ লগতে প্ৰচলিত
ৰাজনৈতিক নেৰেটিভসমূহৰ ওপৰত তেওঁৰ আস্থাহীনতাও প্ৰকাশ কৰি ৰাজনৈতিক জগৎখনৰ এটা অস্থিৰ
চৰিত্ৰকে তেওঁ দাঙি ধৰিছে৷
প্ৰচলিত ৰাজনৈতিক আদৰ্শবাদৰ ‘মেটানেৰেটিভ’সমূহৰপৰা
সযতনে দূৰত্ব ৰক্ষা কৰাই নহয়, এইবোৰৰ প্ৰতি এক তীৰ্যক দৃষ্টিও নিক্ষেপ কৰিছে গল্পকাৰে
তেওঁৰ ‘বৈষম্যবাদ’ শীৰ্ষক গল্পটোত৷ গল্পটোৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ হিচাপে থকা, বিৱৰকে
‘ৰণ মামা’ বুলি সম্বোধন কৰা কট্টৰ মাৰ্ক্সবাদী ব্যক্তিগৰাকীয়ে অসম আন্দোলনৰ সময়ত তেওঁৰ
ৰাজনৈতিক আদৰ্শবাদৰ বাবে আন্দোলনৰ সমৰ্থকৰদ্বাৰা নিৰ্যাতিত হোৱাৰ পাছতো নিজৰ দৃঢ় অৱস্থান
সলনি নকৰাকৈ থাকিল যদিও সময়ৰ অগ্ৰগতিয়ে পিছে
জীৱন সম্পৰ্কীয় তেওঁৰ দৃষ্টিভংগীক একে কৰি নাৰাখিলে; ক্ৰমান্বয়ে তেওঁ মানসিক স্থিৰতাও
হেৰুৱালে, কাৰণ সময়ত তেওঁৰ বিশ্বাস আৰু বাস্তৱতাৰ মাজৰ দ্বন্দ্ব বাৰুকৈয়ে প্ৰকট হৈ
পৰিল৷ ‘অকস্মাৎ সৌৰভ কুমাৰ চলিহা’ আৰু এইটো গল্পই এটা কথা স্পষ্ট কৰিছে যে কোনো ৰাজনৈতিক
আদৰ্শবাদৰ প্ৰতি গল্পকাৰ আস্থাবান নহয়৷ বিৱৰকে ক’ভিড আক্ৰান্ত নিজৰ সন্তানক লৈ চিকিৎসালয়ত
থকা অৱস্থাত জীৱন আৰু মৃত্যুৰ সীমাৰেখা ম্লান হৈ অহা অৱস্থা নিজে প্ৰত্যক্ষ কৰিছে আৰু
ইয়ে জীৱন সম্পৰ্কে পুনৰ তেওঁক কিছুমান প্ৰশ্নৰ মুখামুখি কৰাইছে৷ চিকিৎসাধীন এটি শিশুক
যন্ত্ৰণাৰপৰা মুক্তি দিবলৈ তেওঁ তাৰ অক্সিজেন মাস্কটো খুলি দিছে কোনেও গম নোপোৱাকৈ,
আৰু তাৰ ফলত শিশুটোৰ মৃত্যু হোৱাৰ পাছত বিৱৰকৰপৰা এই কথা জানিব পাৰি ‘ৰণ মামা’ই যি
উন্মাদ প্ৰতিক্ৰিয়া দেখুৱাইছে সেয়াই তেওঁ পূৰ্বৰ আদৰ্শবাদী সত্তাটোৰপৰা কিমানদূৰ বিচ্ছিন্ন
হৈ পৰিছে তাকে প্ৰতিপন্ন কৰিছে৷ আত্মজৈৱনিক সমলসমূহৰ উপস্থিতিযে গল্পটোৰ গাঁথনিত কিছু
শিথিলতাও ননা নহয়৷
গুপ্তহত্যাৰ দৰে ৰাজনৈতিক প্ৰসংগ আহিলেও
বা ক’ভিডসৃষ্ট সামাজিক সংকটৰ কথা উত্থাপন কৰিলেও ‘ভ্ৰম-অন্তৰীক্ষ’ শীৰ্ষক গল্পটোৰ মূল
বিষয়বস্তু ইয়াৰে এটাও নহয়, যদিও এই দুয়োটাই কাহিনীৰ বিস্তাৰৰ গুৰুত্বপূৰ্ণ অংগ৷ বাস্তৱতা
আৰু ভ্ৰম চিনিব নোৱৰাকৈ মিলি যোৱা এক পটভূমিত এই গল্পটোৱে কিছু কাহিনী ক’ব বিচাৰিছে
যদিও এই ধাৰণাটোৱো লগতে এৰি দিছে যে কাহিনীবোৰৰ মাজৰ খালী ঠাইবোৰতো আৰু অনেক কাহিনী
লুকাই থাকে বাবে কোনোটো কাহিনীয়েই স্বয়ংসম্পূৰ্ণ নহয়৷ মৃত্যুক কেন্দ্ৰীয় বিষয়বস্তু
হিচাপে লৈ গল্পটোত কলাৰ মাজেৰে মৃত্যু আৰু জীৱনৰ অস্পষ্ট সীমাৰেখাডাল উলিয়াই অনাৰ প্ৰয়াসত
এক অতীন্দ্ৰিয় চেতনাৰো প্ৰকাশ ঘটিছে৷
‘জুই আৰু পানীৰ ঈশ্বৰ’ গল্পটোত আত্মজৈৱনিক সমলৰ পৰিমাণ
তুলনামূলকভাৱে অধিক বুলি অনুভৱ কৰিব পাৰি; অৱশ্যে গল্পটোৰ মূল বক্তব্য সকলো সময়তে কাহিনীৰ
আত্মজৈৱনিকতাৰ নিয়ন্ত্ৰণাধীন হৈ থকা নাই৷ সংকলনটোৰ ইতিপূৰ্বে আলোচিত গল্পসমূহৰ দৰেই
মৃত্যু অথবা মৃত্যুচেতনাই এই গল্পটোতো গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে৷ ক’ভিডৰ সময়ত
কাহিনীৰ মহিলা বিৱৰক তেওঁৰ অসুস্থ শিশু কন্যাৰ চিকিৎসাৰ বাবে চিকিৎসালয়ত আছে, আৰু ভালেকেইগৰাকী
অসুস্থ শিশুৰ মাজত তেওঁ দেখিবলৈ পাইছে জীয়াই থকাৰ প্ৰচণ্ড আৰু সহজাত হেঁপাহৰ আশেপাশে
মৃত্যুৰ সহজ উপস্থিতি৷ গল্পটোত তপন দাসৰ ‘মেঘমল্লাৰ’ গল্পটোৰ আঁৰ লৈ জুইৰ উত্তাপৰ অৱসান
ঘটাবলৈ বৰষুণ নমাই অনা মেঘমল্লাৰ ৰাগৰ কথাও আহিছে সমস্ত প্ৰতিকূলতাৰ মাজতো জীয়াই থকাৰ
হাবিয়াস বৰ্তাই ৰখা এটি আশাৰ উৎস হিচাপে৷ ঈশ্বৰক কেতিয়াবা অন্নৰ ৰূপত, কেতিয়াবা মেঘমল্লাৰ
ৰাগৰ ৰূপত কল্পনা কৰা বিৱৰকে বিচাৰিছে তেওঁৰ বোধগম্যতাই সম্পূৰ্ণ স্পষ্ট ৰূপত তুলি
ধৰিব নোৱৰা ঈশ্বৰ নামৰ চৰম সত্তাটোৰ সান্নিধ্য লাভ কৰিবলৈ৷ প্ৰচলিত বাস্তৱতাৰ কাষে
কাষে এক অতীন্দ্ৰিয় চেতনাৰ প্ৰকাশ ঘটিছে এই গল্পটোত৷
২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত আলফাই ঘটোৱা
বোমা বিস্ফোৰণত কেইবাটাও শিশুৰ মৃত্যু হোৱাৰ ঘটনাটোক কেন্দ্ৰ কৰি ৰচিত ‘জুইফুলা বতাহ’
গল্পৰ কাহিনীটো মূল তিনিটা কথাত কেন্দ্ৰীভূত
হৈছে - বোমা বিস্ফোৰণৰ নৃশংস ঘটনাটো, সন্তানক হেৰুওৱা মাতৃৰ হৃদয়ৰ আৰ্তনাদ আৰু সন্ত্ৰাসবাদী
সংগঠনৰ নেতাই পৰৱৰ্তী সময়ত আত্মসমৰ্পণৰ জৰিয়তে সামাজিক প্ৰতিষ্ঠা লাভ কৰা কথাটোৰ প্ৰতি
গল্পকাৰৰ আক্ষেপ৷ কিন্তু গল্পকাৰে এই ঘটনাবোৰৰ
ৰাজনৈতিক দিশবোৰতকৈ অধিক প্ৰাধান্য দিছে মানৱীয় মূল্যবোধৰ প্ৰশ্নক; ঘটনাবোৰে স্বাভাৱিকতেই
উদ্ৰেক কৰা হৃদয়বিদাৰক কাৰুণ্যৰ প্ৰকাশ গল্পকাৰৰ মুখ্য বিষয় হৈ পৰিছে আৰু তাৰ বাবে
প্ৰচলিত বাস্তৱবাদৰপৰা সময়ে সময়ে আঁতৰি আহি এক অধিবাস্তৱতাৰ পৰিমণ্ডলো তেওঁ সৃষ্টি
কৰি লৈছে৷ কাহিনীৰ মুখ্য বিৱৰকে গোটেই কাহিনীটো কোৱাইছে এজোপা গছক, যি অনেক কথাৰ সাক্ষী
আৰু সেয়ে যাৰ ক’বলগীয়া অনেক কাহিনীয়েই আছে৷
‘এপলক’ গল্পটো ক’ভিডকালীন পৰিস্থিতিক কেন্দ্ৰ কৰি
গীতালি বৰাই ৰচনা কৰা কেইবাটাও গল্পৰ অন্যতম৷ সত্য আৰু ভ্ৰম সংমিশ্ৰিত হৈ যোৱা এই কাহিনীত
বহুমুখী চিকিৎসাকৰ্মী হিচাপে ক’ভিডৰ সৈতে চলি থকা ৰণত ব্যস্ত নায়কে দিনটোৰ ব্যস্ততাই
আনি দিয়া ক্লান্তি আঁতৰাবলৈ নৈৰ পাৰৰ নিৰ্জন ঠাই এডোখৰলৈ আহে, য’ত তেওঁ আন মানুহৰপৰা
সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে ৷ তাতেই তেওঁ
আকস্মিকভাৱে লগ পায় এগৰাকী নাৰীক, যিয়ে বিদায়ৰ সময়ত নিজৰ পৰিচয়টো আশা, আকাংক্ষা অথবা
সপোন হিচাপে দি নিজকে উদ্বাস্তু বুলি ঘোষণা কৰে৷ এই ৰহস্যময়ী নাৰীগৰাকীয়ে নায়কক সুদিনৰ সম্ভাৱনাৰ ইংগিত দি যায়
যদিও অলপ পাছতে তেওঁৰ মাকৰ মৃত্যু খবৰ পোৱা নায়কে কান্দিবলৈ গৈ অনুভৱ কৰিলে যে তেওঁ
কান্দিবলৈ অপাৰগ৷ সত্য আৰু ভ্ৰমৰ মাজত অৱস্থান কৰা নাৰীগৰাকীয়ে দি যোৱা ইংগিত সত্বেও
সুদিনৰ সম্ভাৱনা অনুভৱ কৰিব পৰাকৈ তাৰ বুকুখন এতিয়া সাজু নহয়৷
আপাতত ‘গন্তব্যৰ গল্প’ৰ মূল বিষয়বস্তুও
ক’ভিড যদিও ই বহু পৰিমাণে প্ৰচলিত বাস্তৱতাতকৈ অধিবাস্তৱবাদৰ জগৎ এখনৰ মাজতহে সোমাই
পৰিছে৷ গল্পটোত গল্পকাৰে দেখুৱাইছে এনেকুৱা এখন জগৎ য’ত অন্তৰ্জাগতিক দিশেৰে মানুহৰপৰা
মানুহ বিচ্ছিন্ন, ব্যক্তিসত্বা একাকীত্বৰ মাজত
বন্দী, আৰু ক’ভিড যেন এই অৱস্থাৰেই সূচক৷ ইয়াত কাহিনীৰ বিৱৰকগৰাকী এগৰাকী গল্পলেখক,
যাৰ গল্পৰ বহুতো অনুৰাগী আছে, যিসকলে তেওঁৰ গল্পৰ চৰিত্ৰসমূহৰ প্ৰতি এক ধৰণৰ জিজ্ঞাসা
অনুভৱ কৰে৷ কেতিয়াবা গল্পসমূহে গল্পকাৰৰ নিয়ন্ত্ৰণৰপৰা আঁতৰি যাব বিচাৰে, আৰু চৌপাশৰ
অধিবাস্তৱিক পৃথিৱীখনলৈ চাই গল্পকাৰে অনুভৱ কৰে যে তেওঁৰ গল্পকাৰ হিচাপে ক্ষমতা সীমাৱদ্ধ৷ ‘এবচাৰ্ড’ পৃথিৱী এখনৰ মাজত নিজকে চাব বিচৰা বিৱৰকে
বেকেটৰ নাটকৰ গডোৰ সন্ধান কৰি ফুৰিছে তেওঁৰ নিজৰ আকাংক্ষিত পৃথিৱীখনৰ মাজত৷ নিজৰ অস্তিত্বক
লৈয়েই বিৱৰকে বাৰে বাৰে প্ৰশ্নৰ সম্মুখীন হৈছে এই গডোকেন্দ্ৰিক আকাংক্ষাটোৰ বাবে, আৰু
গল্পকাৰ হিচাপে তেওঁৰ ভূমিকাৰ বাবেও৷
‘নিয়তি’ গল্পটো আগ বাঢ়িছে এক তুলনামূলকভাৱে
সৰল, একৰৈখিক বৰ্ণনাশৈলীৰে, য’ত চৰিত্ৰসমূহেও গীতালি বৰাৰ আন কিছুমান গল্পৰ চৰিত্ৰৰ
দৰে মূৰ্ততা আৰু বিমূৰ্ততাৰ মাজৰ খালী ঠাইডোখৰত অৱস্থান কৰা বিধৰ নহয়, বৰং যিকোনো পৰিচিত
ব্যক্তিসত্তাৰদৰেই স্পষ্টভাৱে অস্তিত্বময়৷ ‘এপলক’ গল্পটোৰ দৰে ইয়াতো মুখ্য চৰিত্ৰৰ
মুখেৰে কাহিনী বিৱৰিত হোৱাৰ পৰিৱৰ্তে কাহিনী আগ বঢ়াই দিয়া হৈছে কোনো অদৃশ্য বিৱৰকৰ
মাধ্যমেৰে৷ কাহিনীৰ কেন্দ্ৰীয় চৰিত্ৰ নিশা, যাৰ কাহিনী তৃতীয় পুৰুষত বৰ্ণিত হৈছে৷
আন চৰিত্ৰসমূহ কাহিনীত উপস্থিত হৈছে নিশাৰ মাধ্যমেৰে, বা নিশাৰ মনোজগতত পোহৰ পেলোৱাৰ
উদ্দেশ্যে৷ বাহ্যিক জীৱনটোৰ দৰেই নিশাৰ মনোজগতখনো কেন্দ্ৰীভূত হৈ আছে তেওঁৰ প্ৰেম,
মাতৃৰ প্ৰতি তেওঁৰ দায়িত্ববোধ আৰু তেওঁৰ অন্যান্য ঘনিষ্ঠ সম্পৰ্কবোৰৰ মাজত৷ কিন্তু
বাস্তৱ আৰু ভ্ৰমৰ মাজত বিচৰণ কৰি থকা নিশাৰ অন্তৰ্জগৎখনৰ বহিৰ্জগতৰ সৈতে থকা সংঘাতে
নিশাক কিছু মানসিক অস্থিৰতালৈয়ো লৈ আহে৷
ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ ‘ভ্ৰান্তি’
গল্পটোত কাহিনীয়ে কৈছে সন্ত্ৰাসবাদী সংগঠনৰ সক্ৰিয়তাৰ সময়ছোৱাত ৰাজ্যখনত বিৰাজ কৰা
হিংসাজৰ্জৰ পৰিৱেশৰ কথা এক মৰ্মন্তুদ পৰিণতিৰ মাজেৰে৷ আপাতদৃষ্টিত কাহিনীটো সন্ত্ৰাসবাদ
সম্পৰ্কীয় আন বহুতো পৰিচিত কাহিনীৰ দৰেই সৰল আৰু পোনপটীয়া, য’ত সন্ত্ৰাসবাদী সংগঠনৰ
সদস্যই আহি এগৰাকী নিৰীহ শিক্ষকৰ ঘৰত আশ্ৰয় লয়৷ আশ্ৰয় লোৱা সন্ত্ৰাসবাদী গোটটোৰ নেতা,
পাবলো নেৰুডাৰ কবিতা ভাল পোৱা যুৱকজনৰ প্ৰতি শিক্ষকৰ কিশোৰী কন্যাৰ মনত অনুৰাগৰ সৃষ্টি
হয়, আৰু সেই অনুৰাগক প্ৰশ্ৰয় দিয়ে সেইখন ঘৰত আগতেও কেইবাবাৰো আশ্ৰয় লোৱা সদস্যগৰাকীয়ে
নিজে৷ তাৰ পাছত আশ্ৰয় লৈ থকা ঘৰটোত আৰক্ষীৰ আক্ৰমণ, সন্ত্ৰাসবাদী সংগঠনৰ সদস্যসকলৰ
প্ৰতি-আক্ৰমণ আৰু মৃত্যু, আশ্ৰয় দিয়া ঘৰখনৰো কাৰোবাৰ মৃত্যু - এনেকুৱা এক পৰিচিত পথেৰেই
কাহিনীয়ে আমাক লৈ যাব পাৰিলেহেঁতেন৷ কিন্তু কথাবোৰ এই পোনপটীয়া ৰূপৰ মাজতেই শেষ নহ’ল,
আৰু যিটো কথাই গল্পটোক এক ব্যতিক্ৰমী চৰিত্ৰ আনি দিলে সেয়া হৈছে কেৱল প্ৰেমৰ ভাষা বুজি
পোৱা, হিংসাৰ সৈতে একেবাৰে পৰিচিতি নথকা নিৰীহ কিশোৰীগৰাকীক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰি কৰুণ মৃত্যুৰ মাজলৈ
ঠেলি দিলে সেইগৰাকী সদস্যই যিয়ে পাবলো নেৰুডাৰ
প্ৰেমৰ কবিতা ভাল পাইছিল, আৰু যিয়ে কিশোৰীগৰাকীৰ মনত জাগ্ৰত হৈ উঠা নিৰীহ প্ৰেমৰ অনুভূতিক
প্ৰশ্ৰয় দিছিল৷ হিংসাৰ ৰাজনীতিৰ মাজত প্ৰেমৰ এই কৰুণ পৰিণতিয়ে গল্পটোৰ সামগ্ৰিকতালৈ
আনি দিয়া কাৰুণ্যবোধে গল্পটোক এক ব্যতিক্ৰমী চৰিত্ৰ দিছে৷
তুলনামূলকভাৱে চুটি ‘হিম কথকতা’ এটা সম্পূৰ্ণৰূপে
অধিবাস্তৱতাবাদী গল্প, য’ত জীৱন আৰু মৃত্যু চিনিব নোৱৰাকৈ মিলি গৈছে৷ গল্পৰ পটভূমি
পুনৰ ক’ভিডকালীন দিনবোৰ, যেতিয়া এখন চহৰে বৰ্ধিত ক’ভিডৰ ঘটনাৰ বাবে লকডাউনৰ কবলত পৰি
বাকী পৃথিৱীখনৰপৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে৷ এই বিচ্ছিন্নতা মানুহৰে নিজৰো পৰস্পৰৰ
সৈতে থকা বিচ্ছিন্নতা, য’ত বিধ্বস্ত এছোৱা সময়ত এৰি অহা দিনবোৰৰ ব্যাখ্যাহীন অতীত ৰোমন্থনৰ
বাহিৰে বৰ্তমান বুলিবলৈ একো নাথাকে৷
‘মেঘ আৰু কুকুহা’ত পুনৰ ৰাজনৈতিক প্ৰশ্নবোৰ
উভতি আহিছে ডিমাচা, মাৰ আৰু কাৰ্বি জনগোষ্ঠীৰ মাজত চলা গোষ্ঠী সংঘৰ্ষই সেইবোৰ জনগোষ্ঠীৰ
জীৱন-যাত্ৰাক দুঃসহ কৰি তোলা ঘটনাবোৰৰ জৰিয়তে৷ গল্পকাৰে দেখুৱাইছে কেনেদৰে সহজ সৰল
জীৱন যাপন কৰা জনগোষ্ঠীসমূহক কেৱল ক্ষমতাকেন্দ্ৰিক ৰাজনৈতিক হিচাপ-নিকাচৰ জৰিয়তে নৃশংস
ৰূপলৈ পৰ্যৱসিত কৰা হয়৷ এটা সময়ত পৰিস্থিতি শান্ত হৈছে, হৈ যোৱা ঘটনাবোৰৰ বিষয়ে তদন্ত
কৰিবলৈ আয়োগ গঠন কৰা হৈছে, কিন্তু তাৰ মাজতো কিছুমান প্ৰশ্ন অমীমাংসিত হৈ ৰৈছে৷ তৎসত্বেও
‘এট লাষ্ট, হিউমেনিটী উইনছ’ বুলি ক’ব পৰা মাৰ জনগোষ্ঠীৰ যুৱকৰ আত্মবিশ্বাসৰ বিপৰীতে
কাহিনীৰ বিৱৰকে এগৰাকী গল্পকাৰ হিচাপে নিজৰ সীমাৱদ্ধতা প্ৰকাশ কৰিছে পাহাৰৰ এই জনগোষ্ঠীসমূহৰ
সত্যবোৰ প্ৰকাশৰ ক্ষেত্ৰত৷
‘পতঝৰ’ গল্পটোত পুনৰ অধিবাস্তৱতাৰ পৰিৱেশত
ৰাজনৈতিক প্ৰশ্ন উত্থাপিত হৈছে৷ আলফা, গুপ্তহত্যা আদি প্ৰসংগ আহি পৰা এই গল্পটোত ইতিমধ্যে
‘ভ্ৰম-অন্তৰীক্ষ’ গল্পটোত গুপ্তহত্যাৰ প্ৰসংগতে উল্লেখ কৰা ‘ছুইচাইড জ’ন’ৰ কথা পুনৰ
আহিছে৷ কিন্তু এই গল্পটোতো আমি জীৱন আৰু মৃত্যু একাকাৰ হৈ যোৱা অৱস্থা এটাৰ মুখামুখি
হওঁ, য’ত জীৱনৰ সত্য আৰু ভ্ৰমে একে সময়তে আমাক অতীত আৰু বৰ্তমানৰ মাজত দোদুল্যমান কৰি
ৰাখে৷
‘তৰী’ গল্পটোৰ কিছুমান কথা ‘বৈষম্যবাদ’
গল্পটোৰ কিছু কথাৰ লগত মিলি যায়৷ ‘বৈষম্যবাদ’ত যেনেদৰে বিৱৰকে গোপনে ৰোহণ নামৰ অসুস্থ
শিশু এটাৰ অক্সিজেন মাস্ক খুলি দি তাৰ মৃত্যু সহজ কৰি তুলিছিল, তেনেদৰে ‘তৰী’ গল্পটোতো
বিৱৰকে গোপনে পাৰ চৰাইহালৰ ডিঙি মুচৰি মাৰি পেলাইছিল, অৱশ্যে সম্পূৰ্ণ বেলেগ কাৰণত৷
ইয়াত ‘বিশেষভাৱে সক্ষম’ এটি সন্তানৰ মাতৃ এগৰাকীৰ দগ্ধ হৃদয়ৰ বাৰ্তা গল্পটোৱে দাঙি
ধৰিছে৷
সংকলনখনৰ বেছিভাগ গল্পই গল্পকাৰৰ কথন-দক্ষতাক
পুনৰ প্ৰতিপন্ন কৰিছে৷ মানৱতাৰ দ্ৰুত স্খলনৰ এক পৰিৱেশত মানুহৰ অস্তিত্ব, জীৱন, মৃত্যু,
বাস্তৱতা আদিক কেন্দ্ৰ কৰি বিভিন্ন প্ৰশ্ন গল্পকাৰে উত্থাপন কৰিছে আৰু তাকে কৰোতে তেওঁ
প্ৰচলিত সামাজিক-ৰাজনৈতিক নেৰেটিভসমূহক প্ৰায়েই আওকাণ কৰিছে৷ দুই এটা গল্পত কিছু অনাৱশ্যক
শিথিলতাও দেখিবলৈ পোৱা গৈছে যদিও গল্পকাৰৰ বক্তব্যক তুলি ধৰাত ই বৰ বেছি বাধা হৈয়ো
থিয় হোৱা নাই৷
(লেখকৰ মোবাইল নং ৭০০২১৪৩৩২৫)
