ড° প্রিয়দেৱ গোস্বামী
অধ্যয়ন তথা চৰ্চাৰ এক অন্যতম বিষয় হৈছে গণিত৷ এই গণিত বিষয়ত প্রাথমিক জ্ঞান থকাটো প্রত্যেক মানুহৰ বাবে অপৰিহাৰ্য৷ গণিতৰ ব্যৱহাৰিক জ্ঞান নাথাকিলে বৰ্তমান সময়ত জীৱন নিৰ্বাহ কৰা অসম্ভৱ৷ গণিত সম্ভৱতঃ মানুহৰ অধ্যয়নৰ প্রথম বিষয়, সেয়েহে ই ইতিহাসে ঢুকি পোৱাকৈ পৌৰাণিক৷ ই আমাৰ বহুতৰ বাবে আকৌ আহুকালৰ বিষয়৷ বহুতে সহজে বোধগম্য নোহোৱা বিষয় হিচাপে কেতিয়াবা ইয়াক গণ্য কৰা দেখা যায়৷ উচ্চস্তৰৰ গণিত কিন্তু সহজে বোধগম্য নহয়, অলেখ চিহ্নৰে, সমীকৰণে আৱৰা৷ গণিত কিয় এক কঠিন বিষয় ইও এক সাঁথৰ৷ এই আহুকলীয়া প্ৰশ্নবোৰৰ উত্তৰতে নিহিত হৈ আছে গণিতৰ প্ৰাণ৷ আমি যিখন বিশ্বত বাস কৰিছো, এই বিশ্ব পৰিচালনা হোৱা পৰিঘটনাবোৰ কিছুমান নিয়মৰ দ্বাৰা পৰিচালিত হোৱা দেখা যায়৷ অৰ্থাৎ প্ৰকৃতিৰ ভাষাই হ’ল গণিত৷ প্ৰকৃতিৰ নিয়ম লিখিত হৈছে গণিতৰ ভাষাত৷
মানুহৰ ছয়টা প্ৰজাতিৰ ভিতৰত ‘হম’ছেপিয়েন’ অর্থাৎ জ্ঞানী মানুহ আমিবোৰ বাছি থাকি আজিৰ অৱস্থাত উপনীত হৈছোঁহি৷ মগজুত বোধশক্তিৰ বিকাশ হৈ মানুহে সভ্যতাৰ প্ৰথমটো ঢাপত উপনীত হ’ল৷ মানুহে চিন্তা কৰিব পৰা হ’ল আৰু পৃথিৱীৰ বিভিন্ন পৰিঘটনা পৰ্যৱেক্ষণ কৰি প্ৰকৃতি অধ্যয়ন কৰাৰ শক্তি আহৰণ কৰিলে৷ প্ৰথমেই ভাব প্ৰকাশৰ মাধ্যম হিচাপে ভাষাৰ আৱিষ্কাৰ হ’ল আৰু লগে লগে গণনা প্ৰক্ৰিয়াৰো আৰম্ভ হ’ল৷ সন্তান, পোহনীয়া জন্তু, বিভিন্ন সা-সম্পত্তিৰ হিচাপ ৰাখিবলৈ প্ৰথমে সংখ্যাৰ আগমন ঘটিল৷ গণনা যিহেতু স্বাভাৱিক সংখ্যাৰে কৰা হয়, গতিকে সম্পূৰ্ণ ব্যৱহাৰিক প্ৰয়োজনীয়তাত সংখ্যাৰ বিকাশ ঘটিল৷ অঘৰী অৱস্থাৰ অৱসান ঘটাই কৃষিকার্য উদ্ভাৱন হ’ল৷ ই মানুহৰ দ্বিতীয় সভ্যতাৰ আৰম্ভণি৷ মানুহৰ সম্পত্তি বাঢ়িল, ৰজাৰ কৰ-কাটল বৃদ্ধি হ’ল, ৰাজ্যৰ আকাৰ বৃদ্ধি হোৱা আদি এনেবোৰ ঘটনাৰ হিচাপ ৰাখিবলৈ ডাঙৰ ডাঙৰ সংখ্যাৰ প্ৰয়োজন আহি পৰিল৷ এনেবোৰ কাৰ্য সুচাৰুৰূপে সম্পাদন কৰিবলৈ একেবোৰ অংককে ব্যৱহাৰ কৰি কেনেকৈ ডাঙৰ সংখ্যা বুজাব পাৰি তাৰ প্ৰয়াস চলিল৷ ফলত সংখ্যা পদ্ধতিবোৰৰ বিকাশ ঘটিল৷ যিহেতু ব্যৱসায়-বাণিজ্যত সহজে গণনা কৰিব পৰা পদ্ধতিৰ প্ৰয়োজন আছিল, গতিকে সহজ গণনা পদ্ধতিবোৰ বিকাশ ঘটিবলৈ ধৰিলে৷ গণনাৰ এনে পদ্ধতিবোৰৰ ভিতৰত সবাতোকৈ দশমিক পদ্ধতি গণনা তথা হিচাপ ৰখাৰ বাবে উপযুক্ত বুলি বিৱেচিত হ’ল৷ দশমিক পদ্ধতি ভাৰতবৰ্ষত বিকাশ লাভ কৰিছিল৷ আৰবৰ ব্যৱসায়ীসকলৰ দ্বাৰা এই পদ্ধতি ইউৰোপলৈ বিয়পি পৰে৷ দ্বাদশ শতিকামানলৈ দশমিক পদ্ধতি ইউৰোপত জনাজাত হৈছিল যদিও ব্যৱহাৰ অতি সীমিত আছিল৷ কিন্তু বৰ্তমানৰ Algeria-ৰ এজন ব্যক্তি Fibonacci (প্রকৃত নাম Leonardo, ১১৭৫-১২৫০)-য়ে Indo-Arabic সংখ্যা পদ্ধতিৰ বিষয়ে জ্ঞান লাভ কৰি, ১২০৫ চনত ইটালিলৈ আহে৷ ইয়াতে তেওঁ ‘Book of Calculation’ বা ‘Liber Abaci’ শীর্ষক এখন কিতাপ লিখিছিল৷ প্রায় ১২২৫ চন মানত Fibonacci ৰ কৰ্মৰাজী ইউৰোপলৈ প্ৰসাৰিত হৈছিল৷ ইয়াৰ ফলত বিভিন্ন সম্পদৰ হিচাপ ৰখা প্ৰক্ৰিয়াটো সহজ হৈ পৰিল৷ গণিতৰ এই পাটিগণিতীয় তথা বীজগণিতৰ বিকাশে আমাৰ মাজলৈ এক নতুন যুগৰ সূচনা কৰিলে৷ সংখ্যা পদ্ধতিৰ বিকাশৰ সমান্তৰালকৈ জ্যামিতিৰো আৰম্ভ হ’ল৷ বিশেষকৈ মাটিৰ জোখমাখ, কোনো ৰাজ্যৰ সীমা বা পাহাৰৰ উচ্চতা আদি নিৰূপনৰ বাবে জ্যামিতি আৰু টিকোণমিতিৰ বিকাশ হ’ল৷ এটা সময়ত সংখ্যা আৰু জ্যামিতিৰ মাজত সংযোগ স্থাপন হৈ বিষয়টো আগবাঢ়িল৷ এনে হোৱাৰ ফলত মানুহে ভূ-সম্পদৰ হিচাপ, সমুদ্র যাত্রা, নভোগোলীয় চন্দ্র-তৰাৰ অৱস্থান নিৰ্ণয় কৰি ঋতু পৰিৱৰ্তন আদিৰ তথ্যবোৰ লাভ কৰিব পৰা হ’ল৷ বাণিজ্যৰ স্বাৰ্থত ৰজাসকলৰ তৰফৰপৰা গণিতজ্ঞসকলক নতুন পদ্ধতি উদ্ভাৱনৰ বাবে উৎসাহিত কৰা হৈছিল, যাতে ব্যৱসায়ীসকলে দূৰ-দূৰণিলৈ গৈ বাণিজ্য কৰিব পাৰে৷ এনে প্ৰয়োজনৰ ফলত নৌকা যাত্ৰাৰ বাবে সমুদ্রপথ গণনা অতি আৱশ্যক আছিল৷ বিভিন্ন শুভ কৰ্মৰ বাবেও সময় নিৰ্দ্ধাৰণৰ প্ৰয়োজন হৈছিল৷ এনেবোৰ প্ৰয়োজনীয়তাৰ ফলত টিকোণমিতিৰ বিকাশ ঘটিছিল৷ এই সময়ছোৱাত সম্পদ আহৰণৰ অৰ্থেই হওক বা মানুহৰ বাসনাৰ বাবেও হওক নতুন নতুন ঠাই আৱিষ্কাৰ কৰিবলৈ মানুহে অভিযান আৰম্ভ কৰিলে৷ এই সকলোবোৰৰ বাবে গণিতৰ চর্চা অপৰিহাৰ্য আছিল৷ গ্রহ নক্ষত্ৰৰ অৱস্থান গণনাৰ দ্বাৰা পঞ্জিকা তৈয়াৰ কৰা হৈছিল৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে ভাৰতৰ কেৰেলা প্ৰদেশৰ ব্ৰাহ্মণ পণ্ডিতৰ পৰা পঞ্জিকা তৈয়াৰ কৰাৰ পদ্ধতি ষোড়শ শতিকাত ইউৰোপীয় মিছনাৰীসকলৰ লগত অহা কিছু ব্যক্তিয়ে শিকি ইটালিলৈ প্ৰেৰণ কৰিছিল৷ সেই অনুসৰি গ্ৰেগৰীয়ান পঞ্জিকাত কিছু সংশোধন কৰি দিনবাৰ গণনাৰ পদ্ধতিক নতুন ৰূপ দিছিল৷ ভাৰতবৰ্ষত চৰ্চিত গণিতৰ ধাৰা ইউৰোপলৈ সম্প্ৰসাৰিত হৈ সেইবোৰ দেশৰ বিশ্ববিদ্যালয়বোৰত আনুস্থানিক অধ্যয়ণৰ প্ৰধান বিষয় হৈ পৰিল৷ লগতে ঔদ্যোগিক পৰিৱেশ তথা ডাঙৰ ডাঙৰ কোম্পানীবোৰ গঠন হ’ল৷ এই ক্ষেত্ৰত সমগ্ৰ পৃথিৱীতে প্ৰভাৱ পেলোৱা East India Company 1616চনত Thomas Smytheৰ প্রচেষ্টাত প্রতিষ্ঠা হৈছিল৷ প্ৰাক ঔদ্যোগিক বিপ্লৱৰ আগলৈকে এনেদৰে গণিতৰ কান্ধত ভৰ দি মানুহৰ জীৱন তথা অৰ্থনীতি গঢ়ি উঠিছিল৷ গণিতে মানুহৰ ভাগ্যৰ চকৰি ঘূৰাবলৈ আৰম্ভ কৰি অভাৱনীয় পৰিৱৰ্তন সাধনৰ দিশে আগবাঢ়িল৷ ইয়াৰ পাছৰ ইতিহাস আৰু আকর্ষণীয়৷ বহু হাজাৰ বছৰ জুৰি চলি অহা প্রথা, চিন্তা চৰ্চালৈ অৰ্ভূতপূর্ব পৰিৱৰ্তনৰ বতাহ বলিবলৈ ধৰিলে৷ আৰত কিন্তু গণিত৷
ছাৰ আইজাক নিউটন (১৬৪২-১৭২৭) এই পৰিৱৰ্তনৰ বাটকটীয়া৷ মানৱজাতিৰ ভিতৰতে এজন সর্বশ্রেষ্ঠ গণিতজ্ঞ৷ এক সমীক্ষামতে বর্তমানলৈকে বৃটিছসকলৰ মাজত সৰ্বশ্রেষ্ঠ বুলি পৰিচিত৷ নিউটন কলন গণিতৰ আৱিষ্কাৰক৷ জাৰ্মানীৰ লিৱনিজেও একেসময়তে পৰস্পৰে এজনে আনজনক নজনাকৈ কলন গণিত উদ্ভাৱন কৰিছিল৷ নিউটনে ১৬৮৭ চনত গৱেষণালব্ধ তথ্যসমূহ তেখেতৰ গ্ৰন্থ ‘প্রিঞ্চিপিয়া’ৰ যোগেদি প্ৰকাশ কৰিছিল৷ পদাৰ্থৰ গতি বিষয়ক সূত্ৰসমূহ আৱিষ্কাৰ কৰি নিউটনে এক যুগান্তকাৰী পৰিৱৰ্তন আনিছিল৷ পাছৰ পৰ্যায়ত বাষ্পইঞ্জিনৰ আৱিষ্কাৰ হ’ল আৰু নিউটনৰ সূত্ৰসমূহৰ ওপৰত ভিত্তি কৰি ধ্রুপদী পদাৰ্থ বিদ্যাৰ বিকাশ হ’ল৷ ইয়েই ঔদ্যোগিক বিপ্লৱৰ আৰম্ভণি৷ নিউটনৰ পাছৰ যোৱা ৩০০ বছৰত ঔদ্যোগিক বিপ্লৱে কিদৰে গোটেই পৃথিৱীখনক কেনেদৰে সলায় পেলালে আমি প্ৰত্যক্ষ কৰিছো৷ সাহিত্য-সংস্কৃতি, অর্থনীতি, ৰাজনীতিকে ধৰি এনে এটা ক্ষেত্র নাই, য’ত ঔদ্যোগিক বিপ্লৱৰ প্ৰভাৱ পৰা নাই৷ এই যুগতে মানুহে জোনবাই দেশত ভৰি থ’বলৈ সমৰ্থ হৈছে৷ দুখনকৈ বিশ্বযুদ্ধৰ ধ্বংস ৰূপও আমি দেখিবলৈ পালোঁ৷ কিন্তু এক কথা স্বীকাৰ কৰিব লাগিব যে এই সময়ত বিজ্ঞানৰ অৱদানৰ ফলত মানুহে বহু দুখ-কষ্টৰ পৰা পৰিত্ৰাণ পাইছে৷ নগৰীকৰণ, বৃহৎ উদ্যোগ এই সময়ছোৱাতেই বিকাশ ঘটিল৷ সমাজ জীৱনৰ সকলো স্তৰতে উদ্যোগিক বিপ্লৱৰ প্ৰভাৱ কিমান সেয়া বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি৷ যোৱা তিনি শতিকাৰ ইতিহাসৰ পাতে পাতে ইয়াৰ প্ৰমাণ লিপিবদ্ধ হৈ ৰৈছে৷ কিন্তু এই সকলো যুগান্তকাৰী পৰিৱৰ্তনৰ আঁৰৰ শক্তি আছিল গণিত৷ এই সময়ছোৱাত হোৱা গণিতৰ বিকাশেই আছিল উদ্যোগিক বিপ্লৱৰ মূল চালিকা শক্তি, সভ্যতাৰ চকৰি ঘূৰুৱাৰ মূল চাবি-কাঠি৷
গণিতৰ বিকাশ কিন্তু থমকি ৰোৱা নাই৷ বহু গণিতজ্ঞই বিষয়টো বিকাশৰ ক্ষেত্ৰত অলেখ অৱদান আগবঢ়াইছিল৷ তেনে এজন উল্লেখযোগ্য গণিতজ্ঞ Lotfi Zadeh (১৯২১-২০১৭)৷ তেওঁ গাণিতিক তর্ক বিদ্যাৰ এক নতুন ধাৰাৰ, এক নতুন তত্ত্ব আগবঢ়াইছিল৷ তেওঁ বিকাশ কৰা শাখাটো হ’ল ‘Fuzzy Logic’৷ এই তত্ত্বৰ মূল ধাৰণা হ’ল যে কোনো উক্তিৰ সত্যতাৰ মাত্ৰাৰ জোখ-মাখ৷ প্ৰথম অৱস্থাত তেখেতৰ তত্ত্বক বহুতে প্রত্যাখান কৰিছিল৷ কিন্তু বর্তমান বিভিন্ন বৈদ্যুতিক সামগ্ৰীত তেওঁৰ তত্ত্ব প্ৰয়োগ কৰা হৈছে৷ এই তত্ত্বই এনেবোৰ উদ্যোগলৈ এক নতুন কাৰিকৰী কৌশলৰ ঢল বোৱাই আনিছে৷ বর্তমান আমি AC, Fan, TV, Washing Machine আদিত এনে প্ৰযুক্তিৰ ব্যৱহাৰ দেখিবলৈ পাওঁ৷ তেনেহ’লে চাওকচোন এনে উদ্যোগৰ ভেটিও গণিত৷ গণিতে কেনেদৰে অৰ্থনীতিৰ চকৰি ঘূৰাইছে মন কৰিবলগা৷ এইবাৰ আহোঁ আন এজন গণিতজ্ঞৰ বিষয়লৈ৷ তেওঁ আছিল প্রসিদ্ধ বৃটিছ গণিতজ্ঞ জর্জ বুল৷ ১৮৫৪ চনত বুলে ‘An Investigation of the Lows of Thought’ নামেৰে এখন পুথি প্রকাশ কৰে৷ তেখেতে কিতাপখনত মানুহে কেনেকৈ চিন্তা কৰা প্ৰক্ৰিয়া সম্পন্ন কৰে, এই সম্পর্কে বিস্তৃতভাৱে বৰ্ণনা কৰিছিল৷ এনে প্ৰক্ৰিয়াবিলাকৰ তেওঁ গাণিতিক ৰূপও আগ বঢ়াইছিল৷ বুলৰ তত্ত্ব অত্যন্ত মৌলিক আছিল৷ আচৰিত কথা যে বুল বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত নাছিল৷ তাৎক্ষণিকভাৱে কিন্তু বুলৰ তত্ত্বই গুৰুত্ব পোৱা নাছিল৷ ১৯৩৭ চনত আমেৰিকাৰ Claude E Shannon য়ে বুলৰ তত্ত্ব বৈদ্যুতিক বৰ্তনীত প্ৰয়োগ কৰি সফল হ’ল৷ লগে লগে এক নতুন যুগৰ আৰম্ভণি ঘটিল৷ এই আৰম্ভণি আছিল কম্পিউটাৰ যুগৰ- বৰ্তমানৰ তথ্য প্রযুক্তিবিদ্যাৰ৷ গণিত নিৰ্ভৰ এই প্রযুক্তিয়ে মানুহৰ চিন্তা কৰা প্ৰক্ৰিয়া বৈদ্যুতিক বর্তনীত প্ৰয়োগ কৰি এক বিপ্লৱৰ সূচনা কৰিলে৷ গণিতৰ অনেক বিষয়ৰ উপাদানেৰে তথ্য প্ৰযুক্তিবিদ্যাৰ আৰম্ভণি হৈছিল৷ ১৯৪১ চনত নির্মিত, হাৰ্ভার্ড মার্ক-১ আছিল বিশ্বৰ প্ৰথমটো কম্পিউটাৰ৷ এইখিনিতে গণিত জগতৰ আন এজন প্ৰখ্যাত ব্যক্তিৰ অৱদানৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছোঁ৷ তেওঁ এনে এজন গণিতজ্ঞ আছিল যি ইউৰোপত দ্বিতীয় বিশ্বযুদ্ধৰ ইতি পেলোৱাৰ অন্যতম মুখ্য ব্যক্তি আছিল, ঠিক যেনেদৰে আমেৰিকাত অ’পেন্হাইমাৰে আনৱিক বোমা নিৰ্মাণ কৰি নির্ণায়ক ভূমিকা লৈছিল৷ এই বিখ্যাত বৃটিছ গণিতজ্ঞগৰাকী হ’ল এলেন মেথি টুৰিঙ৷
বৃটিছ গণিতজ্ঞ এলেন মেথিচন টুৰিঙৰ জন্ম হৈছিল ১৯১২ চনৰ ২৩ জুন তাৰিখে লণ্ডনত৷ এলেনৰ দেউতাক Julius Mathison Turing ভাৰতৰ অসামৰিক সেৱাৰ প্ৰশাসনিক বিষয়া আছিল৷ টুৰিঙে ১৯৩৮ চনত আমেৰিকাৰ Princeton University ৰ পৰা গৱেষণাৰ PhD ডিগ্রী লাভ কৰি পুনৰ ইংলেণ্ডলৈ ঘূৰি আহে৷ জাৰ্মানীৰ যুদ্ধৰ সংকেটবাহী যন্ত্র Enigma ৰ সংকেট তেওঁ বিসংকেটীকৰণ কৰি জাৰ্মান সৈন্যৰ আক্ৰমণৰ খবৰ আগতীয়াকৈ যৌথবাহিনীক যোগান ধৰি জাৰ্মানীৰ পৰাজয় তথা যৌথ সামৰিক বাহিনীৰ বিজয় নিশ্চিত কৰিছিল৷ যুদ্ধৰ সময়ত লোৱা মুখ্য ভূমিকাৰ বাবে তেওঁ বৃটিছ সাম্ৰাজ্যৰ দ্বিতীয় সর্ব্বোচ্চ সন্মান Order of British Empire লাভ কৰিছিল৷ Enigma -ৰ বিষয়ে তেওঁ অধ্যয়ন কৰি থাকোঁতে তেওঁ যন্ত্ৰত মানুহৰ দৰে এক মগজু নির্মাণ সম্পর্কে আগ্রহ জাগিল৷ এনেবোৰ কথা তেতিয়া অদ্ভুত চিন্তা যেন লাগিছিল৷ টুৰিঙে ১০৩৬ চনত এখন বিখ্যাত গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল৷ পত্ৰখনৰ শিৰোনাম আছিল ‘On computable Numbers, with an application to the entscheidungs problem’৷ বিশদ বিৱৰণলৈ নগৈ থোৰতে সাধাৰণভাৱে ক’বলৈ গ’লে এই গোটেই বিশ্লেষণৰ দ্বাৰা টুৰিঙে দেখুৱাইছিল যে যন্ত্ৰও মানুহৰ দৰে বুদ্ধিমান হ’ব পাৰে৷ টুৰিঙৰ এই পৰীক্ষা টুৰিঙ টেষ্ট নামে বিখ্যাত৷ ইয়েই কৃত্রিম বুদ্ধিমত্তা চমুকৈ AI (Artificial Intelegence) বিষয়ৰ আৰম্ভণি৷ ইয়াৰ পাছত আমেৰিকাৰ Dartmouth College ত ১৯৫৬ চনত অনুষ্ঠিত হোৱা এক সন্মিলনত কেইজনমান বিজ্ঞানীয়ে সম্মিলিত হৈ কৃত্রিম বুদ্ধিমত্তা বিষয়টো আৰম্ভণি কৰে৷ বিংশ শতিকাত এই বিষয়টোৱে বিশেষ বিকাশ লাভ কৰা নাছিল, কিন্তু একবিংশ শতিকাৰ আৰম্ভণিৰ পৰা ইয়াৰ প্ৰয়োগৰ অপাৰ সম্ভাৱনাৰ বিষয়ে সকলোক্ষেত্রতে উপলব্ধি কৰি অনেক গৱেষণা সম্পন্ন কৰা হৈছে৷ শিক্ষা, স্বাস্থ্য, ৰাজনীতি, অর্থনীতি যুদ্ধক্ষেত্ৰ সকলোতে AIৰ প্ৰয়োগ অতি ব্যাপক৷ সাধাৰণ মানুহৰ সক্ষমতাক AIৰ শক্তিৰে চেৰ পেলাইছে৷ এতিয়া বিজ্ঞানী মহল সংকিত হৈছে যে সঁচাকৈ যন্ত্ৰই আমাক বশ কৰিব নেকি? ChatGPT বা DeepSeek AI চফটৱেৰৰ সক্ষমতাৰ বিষয়ে আমি ইতিমধ্যে জানিব পাৰিছোঁ৷ তথ্য প্রযুক্তি তথা কৃত্রিম বুদ্ধিমত্তাই আমাৰ মাজলৈ আন এক বিপ্লৱ কঢ়িয়াই আনিছে৷ বহু বিজ্ঞানীয়ে AI বিষয়ে আৰু গৱেষণা হ’ব নালাগে বুলি মত পোষণ কৰিছে৷ ২০২৪ চনৰ পদাৰ্থবিদ্যাৰ নবেল বঁটা বিজয়ী Geoffrey Hinton-অক প্ৰায়ে AI-ৰ God Father হিচাবে আখ্যা দিয়া হয়৷ তেওঁ ২০২৩ চনত Google -অৰ চাকৰি ইস্তাফা দিছিল আৰু AI ঋণাত্মক প্ৰভাৱৰ বিষয়ে মানৱজাতিক সজাগ হ’বলৈ আহ্বান জনাইছিল৷ কিন্তু বৰ্তমানৰ সকলো ব্যৱস্থা সম্পূৰ্ণৰূপে তথ্য প্রযুক্তি বিদ্যাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে৷ সকলো স্তৰৰ ব্যক্তিক এই বিপ্লৱে ঢৌৱাই নিছে৷ মানৱজাতিৰ এই শেহতীয়া বিপ্লৱৰ আঁৰৰ মূল শক্তি কিন্তু সেই একেই গণিত৷ এতিয়ালৈকে গণিতকেই সভ্যতাৰ চকৰি ঘুৰোৱাৰ মূল শক্তি হিচাপে দেখা গৈছে৷ গণিতৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল তথ্য প্ৰযুক্তিৰ এই শেহতীয়া বিপ্লৱে একবিংশ শতিকাৰ শেষলৈ আমাক নি ক’ত উপনীত কৰাবগৈ এতিয়াই অনুমান কৰা টান৷
***
লেখকৰ ঠিকনা :
উপাধ্যক্ষ,
ডিব্রুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়,
ডিব্রুগড়- ৭৮৬০০১
ভ্ৰাম্যভাষ : ৯৪৩৫৪৭৩৮৭২