দেৱজিৎ ভৰালী
সম্প্ৰতি
গণতান্ত্ৰিক প্ৰমূল্যৰ যি অস্বাভাৱিক আৰু অভাৱনীয় অৱক্ষয় ঘটিছে, তাকে লৈ সচেতনচাম চিন্তিত
হৈছে৷ গণতন্ত্ৰক মষিমূৰ কৰিব পৰা প্ৰতিটো কাৰ্যৰে
অহেতুক কুচকাৱাজ চলিছে৷ “ভোটৰ” হেৰফেৰ, চৰকাৰমুখী নিৰ্বাচন আয়োগ, স্বাধীনচিতীয়া চৰকাৰী প্ৰশাসন যন্ত্ৰৰ ওপৰত শাসকীয়ৰ
ভিন্নমাত্ৰিক হেঁচা প্ৰয়োগ, সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব ইত্যাদি অলেখ গণতন্ত্ৰ বিৰোধী,
সংবিধান বিৰোধী পদক্ষেপৰ জৰিয়তে সমগ্ৰ গণতান্ত্ৰিক ব্যৱস্থাটোৱেই দুদোল্যমান হৈ পৰিছে৷
দেশৰ সংবিধানৰ গৰিমাক অক্ষুণ্ণ ৰখাৰ বিপৰীতে সংবিধান সংশোধনীৰ দৰে কেতবোৰ অপ্ৰত্যাশিত উদ্যোগ লৈ সদনত শাসকীয়ৰ
সংখ্যাধিক্যৰ সমৰ্থনৰ জৰিয়তে নিত্য
নতুন জনবিৰোধী কিম্বা গণতান্ত্ৰিক প্ৰমূল্যক বিচ্যুতি ঘটাব পৰা ব্যৱস্থাৰ পোষকতা কৰি
দেশৰ গণতান্ত্ৰিক সবলস্থিতিত আঘাত সনাৰ প্ৰয়াস অব্যাহত আছে৷ তেনেস্থলত গণতন্ত্ৰৰ ৰক্ষণাবেক্ষণৰ
অৱকাশ ক’ত?
স্বৰাজোত্তৰ
কালৰে পৰা আমাৰ দেশ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে পৰিচালিত হৈ আহিছে৷ দেশৰ প্ৰতিজন নাগৰিকেই
দেশ নিৰ্মাণত ভূমিকা
পালন কৰি আহিছে৷ গণতন্ত্ৰৰ ৰাজনৈতিক “নিৰ্বাচনী” প্ৰক্ৰিয়াত দেশৰ প্ৰত্যেকগৰাকী নাগৰিকে “ভোটাৰ” হিচাপে দায়িত্ব পালন কৰি আহিছে৷
কিন্তু ক্ৰমাৎ এই প্ৰক্ৰিয়াৰ মাজতে থাকি কেতবোৰ সাংবিধানিক, আইনী সুৰুঙা উলিয়াই গণতন্ত্ৰকে
মষিমূৰ কৰিবলৈ এচাম উঠি-পৰি লাগিছে৷ ভাৰতৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰত ধৰ্মীয় মেৰুকৰণৰ বীজ সিঁচি দিয়াৰ
কেতবোৰ পন্থা গ্ৰহণ কৰি দেশৰ “ধৰ্মনিৰপেক্ষ” ধাৰণাক মষিমূৰ কৰাৰ অপচেষ্টা চলাইছে৷ ৰাষ্ট্ৰৰ একোজন “ভোটাৰৰ”
যি ন্যায্য অধিকাৰ সেই অধিকাৰকো ক্ষমতাৰ জৰিয়তে প্ৰৰোচিত অথবা প্ৰলোভিত কৰি তেওঁলোকক
প্ৰকৃত সিদ্ধান্ত গ্ৰহণৰ পৰা বঞ্চিত হ’বলৈ বাধ্য কৰাইছে৷ গণতন্ত্ৰ নিৰ্মাণত একোজন
“ভোটাৰ”ৰ ভূমিকা কিমান তাক পৃথককৈ বৰ্ণনা কৰাৰ প্ৰয়োজন নাই৷ সেইহেন ভোটাৰসকলক সম্প্ৰতি
বিভিন্ন অনুৎপাদনশীল আঁচনিৰ প্ৰলোভনৰ জালত পেলাই শাসকগোষ্ঠীয়ে কেৱল নিজৰ স্বাৰ্থসিদ্ধিৰ
পৰিসৰ বহল কৰাৰ ক্ষেত্ৰত কোনো ত্ৰুটী এৰা নাই৷
বিগত
২০২৫ বৰ্ষৰ ভি-ডেম (V-Dem Institute) সংস্থাৰ “গণতান্ত্ৰিক সমীক্ষা”ত ভাৰতৰ গণতান্ত্ৰিক
ধাৰণাৰ স্থিতি অতিশয় দুখজনক বুলি উল্লেখ কৰিছে৷ বিশ্বৰ ৪২ খন দেশৰ ভিতৰত ভাৰতো ক্ৰমাৎ
স্বৈৰতান্ত্ৰিক চিন্তা-চেতনা আগ্ৰাসনৰ কবলত পৰিছে বুলি প্ৰতিবেদনে উল্লেখ কৰিছে৷ সংবাদ
মাধ্যমৰ স্বাধীনতা, জনতাৰ ধৰ্মীয় স্বাধীনতা, সামাজিক উদাৰতা, বাক স্বাধীনতা ইত্যাদি
মৌলিক উপাদান তথা ৰাইজৰ ন্যায্য অধিকাৰসমূহ ক্ৰমাৎ যেন নিঃশেষ হোৱাৰ
উপক্ৰম হৈছে৷ অপ্ৰত্যাশিতভাৱে প্ৰতিবেদনত ভাৰতৰ
“ৰাজনৈতিক নিৰ্বাচনী প্ৰক্ৰিয়াও” স্বেচ্ছাচাৰী চিন্তাৰ কবলত পৰিছে বুলি উল্লেখ আছে
৷ SIR, SR, SSR বা বিশেষ ভোটাধিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া, দেশৰ নিৰ্বাচন আয়ুক্তৰ অবিবেচক,
দায়সৰা বক্তব্যসমূহত আমি এই চিন্তাৰ প্ৰভাৱ দেখিবলৈ, শুনিবলৈ পাইছোঁ৷ দেশৰ গণতন্ত্ৰৰ
অস্থিৰতাৰ প্ৰমাণস্বৰূপে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কি হ’ব পাৰে !
১৯৫০
চনৰ ২৬ জানুৱাৰিৰ দিনটোত আমাৰ দেশে এক গণতান্ত্ৰিক ৰাষ্ট্ৰৰূপে স্বীকৃতি পাইছিল৷ সূচনা হৈছিল এক বৃহৎ গণতান্ত্ৰিক
যাত্ৰাৰ য’ত সংলগ্ন আছিল ধৰ্মনিৰপেক্ষতাকে মুখ্য কৰি দেশৰ জনতাৰ প্ৰতিটো ন্যায্য, মৌলিক
অধিকাৰ৷ পাছে অতি দুৰ্ভাগ্যজনকভাৱে আজি চাৰে সাত দশকৰ পাছত দেশৰ এই মৰ্যাদাৰ পৰিভাষা
সলনি হৈ পৰিছে, গণতন্ত্ৰ পংগুত্বৰ দিশে গতি কৰিছে৷ এনে প্ৰেক্ষাপট ৰচনাৰ আঁৰতে আছে
দেশৰ সৰ্বোচ্চ শাসন প্ৰণালীৰ উঁহ ৰাজনৈতিক ব্যৱস্থাপনা তথা জড়িত চিন্তাধাৰা৷
কিন্তু
বিশেষভাৱে উল্লেখনীয় তথা সৰ্বজনগ্ৰাহ্য যে ভাৰতবৰ্ষৰ দৰে এখন বিশাল ৰাষ্ট্ৰ সুস্থভাৱে
পৰিচালিত হ’বলৈ ৰাজনৈতিক ব্যৱস্থাৰ গত্যন্তৰ নাই, ভাৰতৰ দৰে দেশত ৰাজনীতি কেনে হোৱা
উচিত আৰু সম্প্ৰতি দেশত ৰাজনীতিৰ দৃষ্টিকোণ কেনে ইত্যাদিবোৰ চিন্তা কৰি চোৱাৰ প্ৰয়োজন আছে৷
১৪০ কোটি জনতাৰ দেশ ভাৰতৰ এই বিশালতা “গণতান্ত্ৰিক” চিন্তা-চেতনাৰে পৰিচালিত হৈ আছে৷
গণতান্ত্ৰিক প্ৰমূল্যৰাজিক ধুলিসাৎ হ’বলৈ নিদি তাক আতোলতোলকৈ বান্ধি ৰাখি দেশৰ গৰিমা
অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত প্ৰতিগৰাকী নাগৰিকৰে দায়িত্ব আছে৷ আৰু তাকে শৃংখলাবদ্ধভাৱে
বান্ধি ৰাখিবলৈ প্ৰয়োজন আছে ৰাজনীতিৰ৷ এটা কথা নিশ্চিত যে সাম্প্ৰতিক অস্থিৰতাপূৰ্ণ
ৰাজনৈতিক পৰিৱেশৰ কবলত দেশৰ গণতান্ত্ৰিক প্ৰমূল্য সংকটাপন্ন হৈছে৷ প্ৰতিযোগিতা চলিছে
কেৱল ক্ষমতা লাভৰ৷ এই প্ৰতিযোগিতাত মষিমূৰ হৈছে সুস্থ ৰাজনীতিৰ মূলাধাৰ, মূল্যবোধ৷ আজিৰ
অভিভাৱকে সন্তানক ৰাজনীতিৰ পৰা বহুদূৰত আঁতৰাই ৰাখে বা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়ে৷
কিন্তু দেশ নিৰ্মাণৰ অনন্য, একক বিকল্প হিচাপে ৰাজনীতিক পৰিহাৰ কৰি চলিব নোৱাৰি৷ কিন্তু
কথা হ’ল এক সুস্থ, নিকা, স্বচ্ছ ৰাজনৈতিক বাতাবৰণ সৃষ্টি হ’ব পৰা কিবা বাট আছেনে! যদি
আছে সেই বাট কিমান প্ৰত্যাহ্বানমুক্ত অথবা প্ৰত্যাহ্বানপূৰ্ণ? জনতাৰ সচেতনতা, ৰাজনৈতিক
ব্যক্তিত্ববৰ্গৰ সততা, নীতিগত চিন্তা, স্বচ্ছতা, সংবিধান প্ৰতি শ্ৰদ্ধা, জনসাধাৰণৰ
প্ৰতি দায়ৱদ্ধতা আৰু সৰ্বোপৰি দেশৰ প্ৰতি শ্ৰদ্ধা, প্ৰেম আদিৰ জৰিয়তে দেশৰ গণতান্ত্ৰিক
চেতনাক সুস্থিৰ, সবল কৰি তুলিব পাৰি৷ কিন্তু আজিৰ জটিল প্ৰেক্ষাপটৰ সাপেক্ষে সেয়া সম্ভৱপৰ
হয়নে? এই প্ৰশ্নৰ উত্তৰ হয়তো বিচাৰি পাবলৈ অত্যন্ত জটিল৷ কিন্তু স্বৰূপাৰ্থত অসম্ভৱ
নহয়৷
ৰাজনৈতিক
“বিচাৰধাৰা” এক মহামূল্যবান প্ৰসংগ৷ এই উপাদানৰ ভিত্তিতে সমগ্ৰ ৰাজনৈতিক ব্যৱস্থা আৰু
তাৰ পৰিপ্ৰেক্ষিতত সমাজ ব্যৱস্থা বা জনতাৰ জীৱনযাত্ৰাৰ সুস্থিৰতা নিৰ্ভৰ কৰে৷ এই বিচাৰধাৰাসমূহ
বুজি পোৱাৰ প্ৰসংগটোও অত্যন্ত জৰুৰী৷ ৰাজনীতিকে পৰিকল্পনা, পদক্ষেপ গ্ৰহণ কৰে, জনতাই
সমৰ্থন অথবা বিৰোধিতা কৰে, আইন সংশোধনী প্ৰক্ৰিয়া চলে,
নতুন আইনৰ প্ৰণয়ন হয়, জনতা সুখী কিম্বা অসুখী হয় - এইযে সমগ্ৰ প্ৰক্ৰিয়া, সমস্তখিনি
ৰাজনৈতিক বিচাৰধাৰাৰ ওপৰতে নিৰ্ভৰ কৰে৷ গোটেইটো প্ৰক্ৰিয়াৰ আংশিক খণ্ডবোৰ আমি জোৰা
লগালে একোটা ধাৰণা বা আৰ্হিৰ (Pattern ) সৃষ্টি হয়৷ সেই আৰ্হি বা পেটাৰ্ণ সমাজব্যৱস্থামুখী
হয়নে নহয়, সেয়া উক্ত ৰাজনৈতিক বিচাৰধাৰাৰ ওপৰতে নিৰ্ভৰ কৰে৷ যদি সেই চেতনা প্ৰগতিশীল,
সমাজকল্যাণকামী হয় তেন্তে সমগ্ৰ ব্যৱস্থাটোৰ ভাৰসাম্যতা ৰক্ষা হয় অন্যথা আৰ্হিত আউল
লাগে৷ ৰাজনৈতিক সৎ বিচাৰধাৰাৰ জৰিয়তে ৰাষ্ট্ৰৰ কল্যাণাৰ্থে খোজ পেলাব পাৰি, সমাজ সংগঠিত
কৰাৰ উত্তৰ বিচাৰি পাব পাৰি৷
শাসনভাৰ
কাৰ হাতত গতাব লাগে? জনতাৰ অধিকাৰ সুৰক্ষিত হ’বনে নাই? কেনে অধিকাৰ থাকিব লাগিব? শাসকীয়ই
প্ৰকৃততে কি কৰা উচিত বা অনুচিত অথবা কি কৰাৰ অনুমতি থাকিব লাগে - এনে কেতবোৰ বিশেষ
প্ৰশ্নৰ উত্তৰো ৰাজনৈতিক সুস্থ বিচাৰধাৰাৰ জৰিয়তেই পাব পাৰি৷ কিন্তু তেনে বিচাৰধাৰা
গঢ়াৰ ক্ষেত্ৰত সুস্থ, স্বচ্ছ মানসিকতাৰ প্ৰয়োজন৷ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি
শ্ৰদ্ধাশীল হোৱাৰ প্ৰয়োজন, সংবিধানৰ প্ৰতি আনুগত্যৰ প্ৰয়োজন ৷
নতুন
চিন্তাৰ উন্মেষণৰ সময় আহি পৰিছে৷ আমাৰ মাজত এতিয়াও সজ ব্যক্তিত্ব আছে, দেশৰ প্ৰতি শ্ৰদ্ধাশীল
ব্যক্তিত্ব আছে, যুৱশক্তি আছে, যুৱপ্ৰজন্ম আছে৷ সাম্প্ৰতিক, গতানুগতিক, নতুনত্বহীন
ৰাজনৈতিক বাতাবৰণে ইতিমধ্যেই গেঁঠেলা মাৰিছে৷ নাই কোনো সামগ্ৰিক পৰিৱৰ্তনকামী উদ্যোগ৷
এনে প্ৰেক্ষাপটত ঘনীভূত হৈছে কেৱল স্বৈৰতান্ত্ৰিক মানসিকতাৰ ৷
এনে মানসিকতা
আঁতৰ কৰিবলৈ সকলোৰে সন্মিলিত গণতান্ত্ৰিক প্ৰয়াস লাগিব৷ দেশৰ যি ধৰ্মনিৰপেক্ষ চৰিত্ৰ,
অনৈক্যৰ মাজত একতাৰ চৰিত্ৰ, জনতাৰ মৌলিক অধিকাৰৰ গৰিমা সকলো দেশৰ সংবিধানে ইতিমধ্যে
আমাক দি ৰাখিছ৷ আমি কেৱল অশুভ ৰাজনৈতিক চিন্তাধাৰাৰ কোবাল সোঁতত উটি নোযোৱাকৈ, ধৰ্মীয়
প্ৰৰোচনাত উন্মাদ নহৈ সংযমতাৰে ৰাষ্ট্ৰ নিৰ্মাণৰ হকে একত্ৰ হ’ব লাগিব৷
যতদূৰ
ওপৰি আলোচ্য ৰাজনৈতিক সুস্থ বিচাৰধাৰাৰ কথা, তাক মন্থন কৰাৰ এক পৰিৱেশ আমিয়েই গঢ়িব
লাগিব৷ আজিকালি এনে বহুধৰণৰ স্বেচ্ছাসেৱী অনুষ্ঠান ( যেনে - ইণ্ডিয়ান স্কুল অৱ ডেমক্ৰেচি) আছে যিবোৰে ৰাজনৈতিকভাৱে যুৱনেতৃত্ব নিৰ্মাণৰ
বাস্তৱভিত্তিক প্ৰশিক্ষণ, কৰ্মশালাৰ আয়োজন কৰে ৷ গতিকে ইচ্ছুক যুৱক-যুৱতীয়ে তেনে প্ৰশিক্ষণ
গ্ৰহণ কৰিব পাৰে৷ মূল্যবোধৰ ৰাজনীতি, ৰাজনৈতিক-বৌদ্ধিক উৎকৰ্ষ সাধন, সৰ্বোদয় মন্থন
অৰ্থাৎ জন্মলাভৰে পৰা সমাজত যি পৰিচয় বহন কৰে তাৰ সাপেক্ষে জাতি, ধৰ্ম, বৰ্ণ, লিংগ
আদিৰ ভিত্তিত সমাজৰ যি শ্ৰেণীবিন্যাস, তাৰ জৰিয়তে ব্যক্তিসত্তাৰ বিশেষাধিকাৰ বিভাজন,
ৰক্ষণশীল চিন্তাৰ বিপৰীতে সমতা আৰু অন্তৰ্ভুক্তি (Inclusiveness) ভাবধাৰাৰ কৰ্ষণ আদি
বিষয়ক বিস্তৃত প্ৰশিক্ষণ এনে অনুষ্ঠানৰ পৰা গ্ৰহণ কৰিব পাৰে ৷
মুঠৰ
ওপৰত দেশৰ নৱপ্ৰজন্মই এই কথা ভালদৰে উপলব্ধি নকৰিলে দেশৰ ভৱিষ্যতেই ধূসৰ হৈ পৰিব৷ সুস্থ,
বলিষ্ঠ ৰাজনীতিক সমল হিচাপে লৈ আজি যুৱপ্ৰজন্মই প্ৰতিটো পৰ্যায়তে যদি দেশসেৱাৰ সাধনাত
ব্ৰতী হয়, তেহে দেশৰ ভৱিষ্যৎ তথা জনগণৰ আশাবোৰ সুৰক্ষিত হ’ব৷ বদ্ধমূল, সংকীৰ্ণ ৰাজনৈতিক
ধাৰণাৰ পৰিসৰ সলাই মূল্যবোধৰ ৰাজনীতিৰ বাট উদ্ভাসিত কৰাৰ প্ৰয়াসে দেশৰ গণতন্ত্ৰক সুৰক্ষা
প্ৰদান কৰিব ৷
***
ফোন : ৯৮৫৪৫৩৯০৬১

