অন্যযুগ/


শীলভদ্ৰৰ চুটিগল্পত প্ৰান্তীয়তা আৰু আঞ্চলিকতাবাদ

  ভাস্কৰ ভূঞা

 

       নামনি অসমৰ বিশেষকৈ ধুবুৰী, গোৱালপাৰা আদি জিলাসমূহৰ প্ৰান্তীয় অঞ্চলৰ জন-জীৱনৰ সামাজিক, ভাষিক, সাংস্কৃতিক পটভূমিক কেন্দ্ৰ কৰি এগৰাকী পৰ্যবেক্ষকৰ দৃষ্টিভংগীৰে জীৱনৰ মধ্য বয়স (৪০বছৰ বয়স)ত সাহিত্য ৰচনা কৰিবলৈ আৰম্ভ কৰা ৰেৱতীমোহন দত্ত চৌধুৰী বা ‘শীলভদ্ৰ’ৰ সাহিত্যৰাজিৰ মূল সুৰটোৱেই আছিল প্ৰান্তীয়তা (Marginal) আৰু আঞ্চলিকতাবাদী (Regionalism) ধ্যান-ধাৰণাৰ বহিঃপ্ৰকাশেই আছিল তেওঁৰ সাহিত্যৰ মূল লক্ষ্য৷ বিবিধ আৰু বিচিত্ৰ পটভূমিত সাহিত্য ৰচনা কৰিলেও সাহিত্যৰ মাজত এটি প্ৰান্তীয় চেতনা (Marginal Conciousness) বা গ্ৰাম্য চেতনা (Rural Conciousness)ৰ সংৰক্ষণ কৰিবলৈ তেওঁৰ সৃষ্টিৰাজিয়ে অনবৰতে যত্ন কৰে৷ ৰবীন্দ্ৰনাথে ‘গ্ৰাম্য সাহিত্য’ শীৰ্ষক এটি প্ৰবন্ধত উল্লেখ কৰিছে যে– ‘‘সাহিত্যৰ যিটো অংশ সাৰ্বভৌমিক সেইটো অংশ প্ৰান্তীয় সাহিত্যৰ থাকটোৰ ওপৰতে থিয় হৈ আছে৷ দুখৰ বিষয়, আমাৰ সাহিত্যত নিম্নস্তৰৰ এই থাকটো উপেক্ষিত হৈয়ে থাকে৷’’ এই উপেক্ষিত শ্ৰেণীটোৰ প্ৰসংগ সমালোচক নলিনীধৰ ভট্টাচাৰ্যয়ো তেওঁৰ মহৎ ঐতিহ্য গ্ৰন্থত গুৰুত্ব সহকাৰে উপস্থাপন কৰিছে এনেদৰে– ‘‘লোক জীৱনৰ বহুমাত্ৰিকতা আৱিষ্কাৰ কৰিব পাৰিলে আৰু তাৰ তাৎপৰ্য আয়ত্তলৈ আহিলে অসমীয়া গল্পকাৰে নতুন মাত্ৰাৰ সৃষ্টি কৰিব পাৰিব৷ গুৱাহাটীৰ ধোঁৱা আৰু ধূলিৰ সিপাৰতো এখন অসম আছে– য’ত অসমীয়া মানুহৰ আশী শতাংশ মানুহ বাস কৰে– য’ত এদিন ৰাইজমেল বহিছিল, পথৰুঘাটৰ ৰণ হৈছিল৷ হৈছিল ফুলগুৰিৰ ধোঁৱা, য’ৰ মানুহে চহৰৰ অন্ন যোগায়, যাৰ কষ্টোপাৰ্জিত ধনৰ চান কাঢ়ি চহৰীয়াৰ মৰগীয়া বানচৰ লেঠা মৰা হয়, সি মৰুভূমি হ’ব পাৰে; বান বিধ্বস্ত হ’ব পাৰে, দুখ-বিপৰ্যয়ে তাত মানুহৰ অস্তিত্বৰ সংকট আনিব পাৰে, তথাপি সি নমৰে৷ সুখে-দুখে তাত সাধাৰণ মানুহ একত্ৰে আছে; অঞ্চলগত, গোষ্ঠীগত, ভাষাগত ভিন্নতা সত্ত্বেও সৰল-সহজ জীৱন তাত এতিয়াও সজীৱ, বিচিত্ৰ আৰু স্পন্দনময়৷ এইখন অসমক উপেক্ষা কৰি, কেৱল বিদেশী চিন্তাৰ ধৰণ-কৰণতে বুৰ গৈ থাকিলে, আজি এই আশীভাগ মানুহৰ জীৱনৰ যিকণ উত্তাপ এতিয়াও আছে, সিও অচিৰে নাইকিয়া হৈ যাব৷ সেইবাবেই আমি শিপাৰ সন্ধান কৰিব লাগিব, বিষয় আঙ্গিক, বৰ্ণনা, ভাষা সকলো দিশতে আমি আহ্বান কৰিব লাগিব নতুনক৷’’ ৰবীন্দ্ৰনাথে কোৱা গ্ৰাম্য শ্ৰেণীটো বা নলিনীধৰ ভট্টাচাৰ্যই কোৱা এই উপেক্ষিত শ্ৰেণীটোকে সাহিত্য নিৰ্মাণৰ মূল আধাৰ ৰূপে গ্ৰহণ কৰিলে দত্ত চৌধুৰীয়ে৷ বৃত্তিগত কাৰণত নিজে নগৰাঞ্চলত বহুদিন থকাৰ পাছতো দত্ত চৌধুৰীয়ে সাহিত্য নিৰ্মাণৰ পটভূমি হিচাপে বাছি ল’লে নিজৰ জন্মভূমি অঞ্চলটোক৷ তেওঁৰ এই প্ৰান্তীয় চেতনা বা গ্ৰাম্য সচেতনতাই নামনি অসমৰ পৰা অসমীয়া সাহিত্যত নতুন এজন গল্পকাৰ উপহাৰ দিলে৷ আনকি তেওঁৰ সৃষ্টিৰাজিয়ে এনে এটা পৰ্যায় পালে গৌৰীপুৰ আৰু শীলভদ্ৰ এটা মুদ্ৰাৰে ইপিঠি-সিপিঠি স্বৰূপ হৈ পৰিল৷ এটাক বাদ দি আনটোক কল্পনাই কৰিব নোৱাৰি৷

       অতীত স্মৰণ তেওঁৰ সাহিত্যৰ অন্য এটি মূল উপজীৱ্য৷ স্মৃতিৰ মণিকোঠাত সজীৱ হৈ থকা জন্মভূমি ঠাইখনক অৰ্থাৎ গৌৰীপুৰ (ছদ্মনামঃ মধুপুৰ), আগমনি, আঁহতগুৰি আদি অঞ্চলক উপন্যাস আৰু চুটিগল্প ৰচনাৰ উপাদান হিচাপে গ্ৰহণ কৰা শীলভদ্ৰই প্ৰকৃততে সমগ্ৰ নামনি অসমৰে সমাজ-সংস্কৃতিক প্ৰতিনিধিত্ব কৰি সাহিত্যৰ মাজত পৃথকভাৱে পৰিচিতি প্ৰদান কৰি থৈ গৈছে৷ আত্মজীৱনীমূলক ৰচনা ‘স্মৃতিচাৰণ’ আৰু শীলভদ্ৰ অনুৰাগী সমাজে সম্পাদনা কৰা ‘শীলভদ্ৰ অন্যান্য ৰচনা’ শীৰ্ষক গ্ৰন্থদুখনৰো বহুবোৰ লেখা গ্ৰাম্য পটভূমিক কেন্দ্ৰ কৰিয়ে ৰচনা কৰা৷ দত্ত চৌধুৰীয়ে সাহিত্যত যি প্ৰান্তীয় শ্ৰেণী আৰু প্ৰান্তীয় জনসাধাৰণৰ জীৱন-জীৱিকা, সামাজিক-সাংস্কৃতিক-ভাষিক অৱস্থাৰ কথা উপস্থাপন কৰিছে, সেয়া কিন্তু কাল্পনিক আৰু সৃজনশীলতাৰ চমকপ্ৰদ দৃষ্টান্ত নহয়; বৰঞ্চ জন্মভূমি অঞ্চলটোক কেন্দ্ৰ কৰি নিজে পাৰ কৰি অহা শৈশৱ, কৈশোৰ আৰু যৌৱনৰ ৰঙীন সময়বোৰৰ বাস্তৱ চিত্ৰায়ণহে সহজ-সৰল আৰু পোনপটীয়া শৈলীত তেওঁৰ সৃষ্টিৰাজিত কৰা হৈছে৷ এই দৃষ্টিভংগীৰে জনপ্ৰিয় লেখক আৰ.কে. নাৰায়ণতকৈয়ো আমি অসমৰ দত্ত চৌধুৰীক এখোজ আগস্থানত ৰাখিব পাৰোঁ৷ আৰ.কে. নাৰায়ণে একাধিক গল্প লিখিছিল মালগুড়ি নামৰ এখন কাল্পনিক চহৰক কেন্দ্ৰ কৰি৷ কিন্তু দত্ত চৌধুৰীয়ে প্ৰায়খিনি গল্প লিখিলে নিজৰ জন্মভূমি অঞ্চলৰ বাস্তৱতাককেন্দ্ৰ কৰি৷ শীলভদ্ৰৰ সাহিত্যৰাজিক এইক্ষেত্ৰত তুলনা কৰিব পাৰি ইংৰাজ লেখক থমাছ হাৰ্ডিৰ সৈতে৷ হাৰ্ডিয়ে যেনেকৈ ‘ৱেছেক্স’ প্ৰান্তক কেন্দ্ৰ কৰি তাৰ পুৰণি ইতিহাস, তাৰ সভ্যতা আদিৰ বিষয়ক সাহিত্য নিৰ্মাণ কৰিছিল, শীলভদ্ৰয়ো গৌৰীপুৰ (মধুপুৰ)ক একেৰূপতেই সাহিত্যত উপস্থাপন কৰিছে৷ এই প্ৰসংগত এম কামালুদ্দিন আহমেদে সাহিত্যৰ অভিব্যক্তি গ্ৰন্থত উল্লেখ কৰিছে এনেদৰে– ‘‘শীলভদ্ৰৰ গল্পৰ বিশেষ স্থান (locus) অৰ্থত মধুপুৰ আৰু গৌৰীপুৰৰ সঘন উল্লেখ আছে৷ গৌৰীপুৰ বা মধুপুৰৰ বৰ্ণনাৰে দাৰ্শনিক বিমূৰ্ততালৈ গল্পকাৰ গুচি যোৱা নাই৷ মিছা বৰ্ণনাৰ আশ্ৰয়ত এই ঠাই গঢ় দিয়াৰ সলনি ইতিহাস আৰু জীৱন্ত সামাজিক পাৰিপাশ্বিৰ্কতাৰ অৱলম্বনত মধুপুৰ সজীৱ হৈ আছে৷’’

       জীৱন-জীৱিকাৰ ভিন্ন অভিজ্ঞতা আৰু পৃথক কৰ্মক্ষেত্ৰই দত্ত চৌধুৰীক মানুহক বুজি পাবলৈ, ওচৰৰ পৰা জুমি চাবলৈ সহায় কৰিছিল৷ তেওঁ আছিল একাধাৰে এজন কলেজৰ অধ্যাপক, ঠিকাদাৰ, চাহ বাগিছাৰ অফিচাৰ, বাতৰি-কাকতৰ সাংবাদিক৷ কটন কলেজ, যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়, অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত গণিত বিষয়ৰ অধ্যাপক হোৱাৰ লগতে সমসাময়িক সৌৰভ কুমাৰ চলিহাৰ দৰে গল্পকাৰৰ সান্নিধ্য লাভো আছিল শীলভদ্ৰৰ সাহিত্যিক জীৱনৰ টাৰ্ণিং পইণ্ট৷ অন্যহাতে দ্য আসাম ট্ৰিবিউন কাকতত ইংৰাজী আৰু কিছু পৰিমাণে অসমীয়া ভাষাত প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰা দত্ত চৌধুৰীয়ে চন্দ্ৰপ্ৰসাদ শইকীয়া আৰু ৰাধাগোবিন্দ বৰুৱাৰ সান্নিধ্য লাভ কৰিও সৃষ্টিশীল সাহিত্য ৰচনাৰ বাবে বিশেষ অনুপ্ৰেৰণা লাভ কৰে৷ বিংশ শতিকাৰ মধ্যভাগত [যুদ্ধোত্তৰ যুগ বা ৰামধেনু যুগ যিয়েই বুলি কোৱা নহওক] ‘নৱযুগ’ (১৯৭০, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য) আলোচনীত গল্পকাৰ হিচাপে বিস্তৃত সাহিত্য জীৱনৰ পাতনি মেলা শীলভদ্ৰই বিংশ শতিকাৰ সত্তৰ দশকৰ মাজভাগৰ ভাৰতীয় অৰ্থনীতিৰ সংকট, দুৰ্নীতিৰ বিস্তৃতি, নৈতিকতাৰ অধঃপতন, মধ্যবৃত্ত শ্ৰেণীৰ চতুৰালি, শাসকীয় ৰাজনৈতিক দলৰ দমন নীতি, নিৱনুৱা সমস্যা, খাদ্যভাৱ আদি এশ এবুৰি কাৰণৰ মাজেদি গতি কৰা সমসাময়িক অস্থিৰ সমাজখনক স্বচক্ষে দেখিছিল আৰু এনে এক ক্ৰান্তিকাৰী অৱস্থাৰ মাজতেই অফুৰন্ত প্ৰতিভা আৰু বৈচিত্ৰ্যপূৰ্ণ অভিজ্ঞতা লৈ শীলভদ্ৰই অসমীয়া গল্প আৰু উপন্যাস ৰচনাত মনোনিবেশ কৰিছিল আৰু একবিংশ শতিকাৰ প্ৰথম সাতবছৰমানলৈকে তেওঁ সক্ৰিয়ভাৱে এই ধাৰাবাহিকতা অক্ষুন্ন ৰাখিছিল৷ লেখক বসন্ত কুমাৰ গোস্বামীয়ে এশ বছৰৰ অসমীয়া উপন্যাস গ্ৰন্থত এই প্ৰসংগত লিখিছে এনেদৰে– ‘বাস্তৱ চেতনাৰ গভীৰতা আৰু শোষিত, বঞ্চিত আৰু অৱহেলিতজনৰ প্ৰতি সহানুভূতিশীলতাৰে প্ৰোজ্জ্বল শীলভদ্ৰৰ গল্প শিল্পগুণেৰে ঋদ্ধ আৰু তেখেতৰ অভিজ্ঞতাৰ পৰিচায়ক৷’ অসমীয়া সাহিত্যৰ বুৰঞ্জী, ষষ্ঠ খণ্ডত উপেন্দ্ৰনাথ শৰ্মাই  ‘চুটি গল্প’  শীৰ্ষক প্ৰবন্ধত লিখিছে যে– ‘‘তেওঁ যি বয়সত বহুলভাৱে তেওঁৰ সাহিত্যকৰ্ম আৰম্ভ কৰে, তেনে বয়সতে অসমীয়া লেখকে লিখিবলৈ এৰা দেখা যায়৷’’

       শীলভদ্ৰই ১৯৬৪ চনত  ‘অসম বাতৰি’ কাকতত ‘অভিযোগ’ শীৰ্ষকেৰে এটা গল্প লিখি গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে আৰু ঔপন্যাসিক হিচাপে আত্মপ্ৰকাশ কৰে ১৯৭১ চনত৷ তেওঁৰ প্ৰথমখন উপন্যাসৰ নাম আছিল ‘মধুপুৰ আৰু তৰংগিণী’৷ সৰ্বমুঠ ২৬খন (এখন অপ্ৰকাশিত) গল্প সংকলনেৰে অসমীয়া গল্প সাহিত্যৰ ধাৰাটোক সমৃদ্ধ কৰা শীলভদ্ৰৰ বেছিসংখ্যক গল্পতেই গ্ৰাম্য জনজীৱনকে পটভূমি হিচাপে গ্ৰহণ কৰা হৈছে৷ গ্ৰাম্য জনজীৱন বুলিবলৈকো তেওঁ গৌৰীপুৰ (মুধপুৰ) অঞ্চলকে বিশেষভাৱে নিৰ্বাচিত কৰি লৈছে৷ তেওঁৰ চাৰিখন গল্প সংকলনৰ নামকৰণ কৰা হৈছে কেৱল ‘মুধপুৰ’ক কেন্দ্ৰ কৰি৷ এই সংকলনকেইখনৰ নামকেইটা হৈছে– ‘আকৌ মুধুপুৰ’, ‘মধুপুৰ বহুদূৰ’, ‘অন্য এক মধুপুৰ’ আৰু ‘মধুপুৰৰ মধুকৰ’৷ নামকৰণৰ এই বিশেষত্ব সম্পৰ্কে সমালোচক প্ৰাপ্তি ঠাকুৰে উল্লেখ কৰিছে এনেদৰে– ‘তেওঁৰ মধুপুৰপ্ৰীতি অভাৱনীয়; তেওঁৰ চিন্তা-চেতনাত মধুপুৰ অন্তঃসলিলা ফল্গুধাৰা ৰূপত নিৰৱচ্চিন্নভাৱে বৈ থাকে৷ মধুপুৰৰ বিভিন্ন ব্যক্তি, মধুপুৰৰ বিভিন্ন উৎসৱ-পাৰ্বণ, অৰ্থনৈতিক, সামাজিক ব্যৱস্থা, মধুপুৰৰ  বিশেষত্ব, অতীত আৰু বৰ্তমানৰ মধুপুৰৰ প্ৰতিফলন তেওঁৰ গল্পত অহৰহ প্ৰকাশ পাইছে৷ গোৱালপৰীয়া উপভাষা, অৰ্থাৎ দেশী ভাষাৰ ব্যৱহাৰো এই গল্পবোৰৰ আন এক লেখত ল’বলগীয়া বৈশিষ্ট্য৷’

       শীলভদ্ৰৰ সাহিত্য সৃষ্টিৰ মূল ভেঁটিটো হ’ল বাস্তৱ জীৱনৰ সহজ-সৰল প্ৰকাশভংগী৷ তেওঁৰ প্ৰিয় ঠাই গৌৰীপুৰক নিজৰ সৃষ্টিৰাজিৰ আধাৰ হিচাপে গ্ৰহণ কৰাৰ প্ৰসংগত স্থানবিশেষে উল্লেখ কৰিছে এনেদৰে– ‘‘কি কৰিম, অতীত, বৰ্তমান আৰু ভৱিষ্যৎ৷ ভৱিষ্যৎ মৃত, বৰ্তমানক কুণ্ডলী পকোৱা ক’লা ধূম্ৰৰূপে ছানি ধৰিছে৷ কেৱল অতীতহে এতিয়াও অপৰিৱৰ্তিত আৰু স্পষ্ট হৈ আছে৷ অতীততহে এতিয়াও মই স্বচ্ছন্দে বিচৰণ কৰিব পাৰোঁ৷ বৰং এই অতীত লাহে লাহে অধিকতৰ স্পষ্ট হৈ উঠিছে৷ পুৰণি কথাকেই লিখোঁ৷ মধুপুৰৰ কথা লিখোঁ৷ পিছে মই যি মধুপুৰৰ কথা লিখোঁ, সেয়া এক বিস্মৃত মধুপুৰ৷ আজিকালিৰ মধুপুৰৰ ল’ৰা-ছোৱালীৰ কাৰণে এইবোৰ কল্পকাহিনী বুলি ধাৰণা হ’ব৷’’

       তেওঁ আকৌ লিখিছে– ‘‘মধুপুৰ সদায়েই মূল সুঁতিৰ পৰা বহু দূৰৈত৷ তেওঁলোক উপেক্ষিত প্ৰান্তবাসী৷ সেয়েহে অসমীয়া সাহিত্যত সেই অঞ্চলৰ কথা কিবাকিবি অলপ লিখিছোঁ৷ অক্ষম প্ৰচেষ্টা হ’লেওতো প্ৰচেষ্টা৷ কিছুমানে মধুপুৰৰ কথা লিখাৰ কাৰণে খুব প্ৰশংসাও কৰে৷ যেনে মধুপুৰৰ জিতেন দা৷ খুব ভাল কাম কৰিছ৷ আমাৰ সিফালৰ কথা ইফালৰ মানুহে একো নাজানেই৷ জানক তথাপি৷ অসমৰ সীমা কিমান দূৰলৈ বিস্তৃত মানুহে জানক৷”

       শীলভদ্ৰই তেওঁৰ সাহিত্যত ব্যৱহাৰ কৰা ‘মধুপুৰ’ হৈছে অসমৰ পশ্চিম প্ৰান্তৰ অবিভক্ত গোৱালপাৰাৰ অন্তৰ্গত এখন কাল্পনিক ঠাই৷ এই মধুপুৰ গদাধৰ নৈৰ পাৰত অৱস্থিত৷ খুব সম্ভৱ আগমনী, গৌৰীপুৰৰ অঞ্চল আদিক লৈয়েই মধুপুৰ৷  ‘আকৌ মধুপুৰ’ গল্পটোত তেওঁ এঠাইত লিখিছে– ‘মধুপুৰ সম্বন্ধে মোৰ প্ৰচণ্ড আকৰ্ষণ আছে৷ আদিম যুক্তি-নিৰপেক্ষ আকৰ্ষণ৷ তাৰ প্ৰতিডোখৰ ঠায়ে আৰু প্ৰতিটো দৃশ্যই মোক দুৰ্নিবাৰভাৱে আকৰ্ষণ কৰে৷ পৰিচিত ভূচিহ্নবোৰ বিলুপ্ত হোৱাত মই গভীৰ বেদনা অনুভৱ কৰিছোঁ৷ ঠাইডোখৰ সলনি হৈছে, মানুহবোৰো সলনি হৈছে৷’

       প্ৰাক্‌-স্বাধীনতাৰ সময়ছোৱাত মধুপুৰত আছিল সামন্ততান্ত্ৰিক সমাজব্যবস্থা, যিটো সেই সময়ৰ অসমৰ বাবে আছিল দুৰ্লভ৷ মধুপুৰত চলিছিল জমিদাৰী প্ৰথা৷ জমিদাৰ আছিল তাৰ হৰ্তাকৰ্তা-বিধাতা৷’ শীলভদ্ৰৰ গল্পত এই জমিদাৰী শাসন ব্যৱস্থাৰ বিভিন্ন কাহিনী নিটোল ৰূপত বৰ্ণিত হৈছে৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰভাৱ মধুপুৰত বিশেষ তেনেধৰণে পৰা নাছিল৷ কিয়নো স্বাধীনতা সংগ্ৰামৰ মূল নেতৃত্ব দিছিল মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে৷ অৱশ্যে তাৰ মাজতো একোটা ঢৌ নহাকৈ থকা নাছিল৷ অসহযোগ আন্দোলন, বিদেশী বস্ত্ৰ দহনৰ দৰে কাৰ্যসূচী তাতো মাজে মাজে হৈছিল৷ তদুপৰি ১৯৩৯ চনত সুভাস চন্দ্ৰ বসুৰ দৰে নেতা মধুপুৰলৈ অহাৰ প্ৰসংগ, মহাত্মা গান্ধী অসমলৈ আহোঁতে গোৱালপাৰালৈ অহাৰ প্ৰসংগ, ১৯৮৮ চনত মধুপুৰত হোৱা প্ৰলয়ংকাৰী বানৰ প্ৰসংগ, মধুপুৰৰ বিভিন্ন-উৎসৱ-পাৰ্বণ, মেলা, মধুপুৰৰ সামন্ত্ৰতান্ত্ৰিক সমাজ ব্যৱস্থা, মধুপুৰৰ নাট্যাভিনয়, পূব পাকিস্তানৰ পৰা মধুপুৰলৈ হোৱা অনুপ্ৰৱেশ আৰু ইয়াৰ ফলশ্ৰুতিত মধুপুৰৰ সমাজ-সংস্কৃতিলৈ অহা ভয়াবহ পৰিৱৰ্তন, মধুপুৰৰ শিক্ষা-প্ৰতিষ্ঠানত বাংলা ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষাৰ প্ৰচলন, জমিদাৰ শ্ৰেণীৰ আশীৰ্বাদপুষ্ট অভিজাতশ্ৰেণী আৰু ব্ৰাহ্মণ সম্প্ৰদায় আৰু তেওঁলোকতকৈ নিম্ন হিচাপে স্বীকৃত সাধাৰণ শ্ৰমজীৱী মানুহখিনিৰ জীৱন-জীৱিকা আদি বিষয়বোৰেও শীলভদ্ৰৰ গল্পত অগ্ৰাধিকাৰ লাভ কৰিছে৷ শীলভদ্ৰৰ গল্পবোৰত আছে স্বাধীনতাপূৰ্বৰ মধুপুৰৰ সম্পূৰ্ণ ইতিহাস, ক্ষিপ্ত-বিক্ষিপ্ত বিভিন্ন চৰিত্ৰৰ কাহিনী৷ গৌৰীপুৰ অঞ্চলটোৰ সমাজ-সংস্কৃতি, তাৰ আৱহহাৱা অসমতকৈয়ো যে বংগৰ লগতহে অধিক পৰিমাণে ওচৰ চপা আছিল, সেই প্ৰসংগয়ো তেওঁৰ একাধিক ৰচনাত স্থান লাভ কৰিছে৷

       মধুপুৰ অঞ্চলৰ জনসাধাৰণৰ দুখ-কষ্ট তেওঁ নিজ চকুৰে প্ৰত্যক্ষ কৰাৰ সুবিধা লাভ কৰিছিল৷ হাড়ভগা শ্ৰমৰ মাজতো এই অঞ্চলৰ লোকসকলে কেনেদৰে মালিকৰ প্ৰতি অধীন হৈ অনুগত হৈ থাকে, সহজ-সৰল জীৱন যাপন কৰে, এই কথা শীলভদ্ৰৰ মানসপটত জল্‌জল্‌-পট্‌পট্‌কৈ উজলি আছিল৷ জীয়াই থাকিবলৈ মানুহে কিমান পৰিশ্ৰম কৰিব লাগে, সেয়া শীলভদ্ৰই সৰুতেই জ্ঞান লাভ কৰিছিল৷ সেইদৰে সকলো দুখ-কষ্ট থকাৰ পাছতো মানুহে কেনেদৰে নিজৰ জীৱনটোক ৰঙীয়াল কৰিব লাগে, সেই কথাও সাধাৰণ জনতাৰ পৰা শীলভদ্ৰই লাভ কৰিছিল৷১০ তেওঁৰ গল্পত ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰতম বিষয় বা চৰিত্ৰলৈকে সাঙুৰি লোৱা হৈছে৷ গল্পৰ মাজেৰে তেওঁ কৈছে– কিশোৰ বাচফৰ নামৰ হৰিজনৰ কথা, চাহ দোকান দিয়া ৰাম প্ৰসাদৰ কথা, চিকিৎসক উপেন খানৰ কথা, মেচফেক্টৰীত কাম কৰা প্ৰভাতদাৰ কথা, বাকীকৈ গেলামালৰ বস্তু দিয়া ৰাম অৱতাৰৰ কথা, গেৰেজৰ মালিক ৰতুবাবুৰ কথা, জামাদাৰণী সুন্দৰীৰ কথা, ইংৰাজ শিক্ষক জিতেন ৰায়ৰ কথা৷১১

       তেওঁৰ আত্মজীৱনী ‘স্মৃতিচাৰণ’তো একেধৰণৰ বৈশিষ্ট্যই দেখা যায়৷ আইতাক, কাকাবাবু (খুড়াদেউ), বৰদেউতা সাৰদা প্ৰসাদ দত্ত, গৌৰীপুৰৰ দেৱান দ্বিজেশ চক্ৰৱৰ্তী, জমিদাৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা, মামা সন্তোষ কুমাৰ বৰুৱা, শহুৰ নবীন চন্দ্ৰ চৌধুৰী, বৰৰাজকুমাৰ প্ৰমথেশ বৰুৱা, সংস্কৃত শিক্ষক তাৰানাথ চক্ৰৱৰ্তী, কটন কলেজৰ অধ্যক্ষ বিজয় সেন, গৌৰীপুৰৰ যশোদাবাবু, নিৰ্মলদাকে আদি কৰি কটন কলেজ, কলিকতা, ইঞ্জিনিয়াৰিঙ কলেজ, চাহ-বাগিছাৰ সৰু-বৰ প্ৰতিটো চৰিত্ৰই তেওঁৰ আত্মজীৱনীত স্থান দখল কৰিছে৷ নিজৰ ব্যক্তিগত জীৱনতকৈয়ো সমসাময়িক সমাজখন ধৰি ৰখাতহে তেওঁৰ আত্মজীৱনীখনে চেষ্টা কৰিছে৷ তেওঁ নিজে ‘মইনো এনেকুৱা কি এজন লেখত ল’বলগীয়া মানুহ যে মোৰ জীৱনৰ কথা কিছুমান লিখি থৈ যাব লাগে?’১২  বুলি উল্লেখ কৰিছে যদিও তেওঁৰ এই লেখাৰ মাজতেই তেওঁৰ সামগ্ৰিক দৰ্শন আৰু নামনি অসমৰ ভাষিক-সামাজিক-সাংস্কৃতিক বিশেষত্ববোৰ সুন্দৰৰূপত প্ৰতিফলিত হৈছে৷ তদুপৰি অনুসন্ধিৎসু কোনো পাছৰ প্ৰজন্মই গৌৰীপুৰৰ বৰ্ণাঢ্য যুগটোৰ জনাৰ আগ্ৰহ উপজিব বুলি আশা কৰিও তেওঁ গৌৰীপুৰৰ কথা লিখিবলৈ আগ্ৰহ জন্মাৰ কথা আত্মজীৱনীত উল্লেখ কৰিছে৷১৩

       শীলভদ্ৰৰ গল্পৰ ভাষা আৰু কথনভংগীতো গ্ৰাম্য ভাৱ-ভাষা আৰু প্ৰান্তীয়তা লক্ষ্য কৰা যায়৷ এই সম্পৰ্কে প্ৰফুল্ল কটকীয়ে কৈছে এনেদৰে– ‘...শীলভদ্ৰৰ বাক্যবোৰ চুটি, যেন সংলাপহে৷ তেওঁৰ ভাষাৰ আড়ষ্টতা নাই৷ আছে এক সহজ সাৱলীলতা৷ সৰ্বোপৰি ইয়াত আছে এক স্বয়ংচল শক্তি৷... ষ্টাইলিষ্ট হিচাপে অকুণ্ঠ স্বীকৃতি লাভৰ অৰ্হতা শীলভদ্ৰই অৰ্জন কৰিছে৷’১৪ শীলভদ্ৰৰ ভাষা আৰু কথনভংগীৰ বিষয়ে উপেন্দ্ৰনাথ শৰ্মাই উল্লেখ কৰিছে এনেদৰে– ‘শীলভদ্ৰৰ গল্পৰ ভাষা আৰু কথনভংগীৰ স্বকীয়তা অনস্বীকাৰ্য৷ গোৱালপৰীয়া স্থানীয় ভাষাৰ জতুৱা প্ৰক্ষেপে, তেওঁৰ বাস্তৱগন্ধী গল্পৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে৷ দলিত আৰু শোষিতজনৰ প্ৰতি তেওঁৰ অনুকম্পা মজ্জাগত৷ কিন্তু তেওঁ কোনো বিশেষ গোষ্ঠীৰ প্ৰতিভূ নহয়৷ চাক্ষুস অভিজ্ঞতাৰ গভীৰ অনুধাৱনৰ যোগেদি তেওঁ গল্পৰ সমল গোটায়৷ তেওঁ সাধাৰণ মানুহৰ দুৰ্দশা সম্বলিত গল্পত এজন সংবেদনশীল লেখকৰ বাস্তৱানুসন্ধানৰ প্ৰচেষ্টা লক্ষ্য কৰা যায়৷’১৫

       তেওঁৰ গল্পৰ সামগ্ৰিক বিশেষত্ব আৰু গুৰুত্ব সম্পৰ্কে এম কামালুদ্দিন আহমেদে সাহিত্যৰ অভিব্যক্তি গ্ৰন্থত মন্তব্য কৰিছে এনেদৰে– ‘চাৰি শতাধিকৰো অধিক গল্পৰ স্ৰষ্টা এইগৰাকী গল্পকাৰৰ গল্পত মাজে মাজে পুনৰোক্তিৰ দোষ চকুত পৰে– লেখকৰ বৃহত্তৰ কল্যাণবোধৰ তাড়নাত কোনো ব্যক্তিবিশেষৰ সৎ আৰু কল্যাণকামী জীৱন পৰিক্ৰমা আধুনিক জীৱনৰ পটভূমিত সত্তাৰ বিচ্ছিন্নকৰণ, অনৈতিক যৌনতা পৌনঃপুনিকভাৱে তেওঁৰ গল্পলৈ আহে৷ শীলভদ্ৰৰ গল্পৰ সামগ্ৰিক বিচাৰত এয়া বৰ ধৰিবলগা কথা নহয়৷ বৰঞ্চ এই সিদ্ধান্ততহে উপনীত হ’ব পাৰোঁ যে বাস্তৱতাৰ নতুন নতুন তৰপ উন্মোচনৰ সময়তো শুভবোধৰ তাড়নাই শীলভদ্ৰৰ গল্পৰ সৌন্দৰ্য ম্লান কৰিব পৰা নাই৷ এগৰাকী সফল আৰু মহৎ চুটিগল্পকাৰ হিচাপে এইটো বিন্দুতে শীলভদ্ৰক সংস্থাপিত কৰিব পৰা যায়৷’১৬

       ‘মধুপুৰ বহুদূৰ’ গল্প সংকলনৰ বিষয়ে মুনীন বৰকটকীয়ে প্ৰসংগ সমালোচনা গ্ৰন্থত উল্লেখ কৰিছে এনেদৰে– ‘‘কল্পনাৰ মধুপুৰ আৰু লেখকৰ জন্মস্থান গৌৰীপুৰৰ প্ৰতি বহুবছৰৰ মূৰত এক গভীৰ অন্তৰতম ‘নছ্‌টেলজিয়া’ বোধেৰে বহুদূৰলৈ  ঘূৰি চোৱা শীলভদ্ৰৰ শিৰোনামা লেখাটো যি এক অনবদ্য সৌন্দৰ্য্য, বেদনাবোধ আৰু বৌদ্ধিক সূক্ষ্ম বিচাৰেৰে মণ্ডিত হৈছে সিয়ে নিৰ্ঘাতকৈ ইয়াক কেবল এই সংকলনটোৰ বুলিয়ে নহয়, সমগ্ৰ অসমীয়া গল্পৰ ভিতৰতে এটা স্মৰণীয় সৃষ্টিৰ মৰ্য্যাদা লাভ কৰিব পাৰে৷ বিস্তৃত অধ্যয়ন আৰু পৰ্য্যবেক্ষণপুষ্ট এগৰাকী পৰিশীলিত, ঐতিহাসিক, দূৰদৰ্শিতা সম্পন্ন কথা-সাহিত্যিকৰ এই লেখাটোত সামাজিক অৱক্ষয়, আধুনিকতা আৰু গ্ৰাম্য-সংস্কৃতিৰ সংঘাত, সুদূৰ-প্ৰসাৰী বিশ্ব-বীক্ষা, মোহনীয় স্মৃতিচাৰণ, বিচিত্ৰ কিমান কি যে ইয়াত পুঞ্জীভূত হোৱা নাই৷ পৰিৱৰ্তন আৰু স্থিতিস্থাপকতাৰ পটভূমিত চিৰন্তন সংঘাত, চৰিত্ৰ আৰু পটভূমিৰ আন্তঃক্ৰিয়া এনেকুৱা অনেক গুণে অন্ততঃ মোৰ বাবে এই লেখাক অবিস্মৰণীয় কৰি তুলিছে৷’’১৭

       পৰিশেষত ক’ব পাৰি এজন গল্পকাৰ বা ঔপন্যাসিক হিচাপে নামনি অসমৰ সমাজ-সভ্যতা-সংস্কৃতি আৰু গ্ৰাম্য জনজীৱনক নিজৰ সৃষ্টিশীলতাৰে জীৱন্ত ৰূপত তুলি ধৰা দত্ত চৌধুৰী অসমীয়া সাহিত্য জগতত এজন পুৰোধা ব্যক্তি ৰূপে সদায় জিলিকি থাকিব৷ সমাজ সভ্যতা যিমানে আধুনিকতা আৰু যান্ত্ৰিকতাৰ মাজেৰে আগুৱাই যাব, সিমানেই তেওঁৰ সাহিত্যৰাজিৰ মাজত লুপ্ত হৈ থকা গ্ৰাম্য সৰলতা আৰু প্ৰান্তীয় জীৱন-পদ্ধতিৰ গুৰুত্ব আৰু প্ৰাসংগিকতা বাঢ়ি আহিব৷

 ***

প্ৰসংগ-সূত্ৰ :

১. ৰবীন্দ্ৰ-ৰচনাবলী, তৃতীয় খণ্ড, বিশ্বভাৰতী, গ্ৰাম সাহিত্য, পৃ.৭৯২

২. মহৎ ঐতিহ্য, নলিনীধৰ ভট্টাচাৰ্য, ষ্টুডেণ্টচ্‌ ষ্ট’ৰচ্‌, পৃ.৮৮

৩. সাহিত্যৰ অভিব্যক্তি, এম. কামালুদ্দিন আহমেদ, পৃ.১৭৬

৪. শীলভদ্ৰ অন্যান্য ৰচনা, শীলভদ্ৰ অনুৰাগী সমাজ, পৃ.৭

৫. এশ বছৰৰ অসমীয়া উপন্যাস, বসন্ত কুমাৰ ভট্টাচাৰ্য, পৃ.৫৮৬

৬. অসমীয়া সাহিত্যৰ বুৰঞ্জী, ষষ্ঠ খণ্ড, সম্পাঃ হোমেন বৰগোহাঞি, পৃ.৪৬৮

৭. সাতসৰী, শীলভদ্ৰৰ গল্পত মধুপুৰ-বাৰ্তা, প্ৰাপ্তি ঠাকুৰ, পৃঃ২২

৮. উল্লিখিত, পৃ.২২ 

৯. উল্লিখিত, পৃ.২৭

১০. সাতসৰী, শীলভদ্ৰৰ সাহিত্য মানেই বাস্তৱ জীৱনৰ প্ৰতিফলন, উপেন্দ্ৰজিৎ শৰ্মা, পৃ.৩৬

১১. সাতসৰী, গৌৰিপুৰখনেই যেন ৱেছেক্স, লেখক-অমিতাভ ৰঞ্জন কাণু, পৃ.৪৪

১২. স্মৃতিচাৰণ, সৌমাৰ পাব্লিকেশ্যন্‌ছ, প্ৰথম সৌমাৰ সংস্কৰণ, ডিচেম্বৰ, ২০২৪, পৃ.আগকথা

১৩. উল্লিখিত পৃ.৬৭

১৪. শীলভদ্ৰ অন্যান্য ৰচনা, শীলভদ্ৰ অনুৰাগী সমাজ, প্ৰথম প্ৰকাশ, ছেপ্তেম্বৰ, ২০২৩ পৃ.২০

১৫. অসমীয়া সাহিত্যৰ বুৰঞ্জী, ষষ্ঠ খণ্ড, সম্পাঃ হোমেন বৰগোহাঞি, পৃ.৪৬৮

১৬. সাহিত্যৰ অভিব্যক্তি, এম. কামালুদ্দিন আহমেদ, পৃ.১৭৬

১৭. প্ৰসংগ সমালোচনা, মুনীন বৰকটকী, পৃ.১৩৪

 

গ্ৰন্থপঞ্জী :

আহমেদ, এম. কামালুদ্দিনঃ সাহিত্যৰ অভিব্যক্তি, বান্ধৱ, তৃতীয় মুদ্ৰণ, অক্টোবৰ, ২০২২

বৰকটকী, মুনীনঃ প্ৰসংগ সমালোচনা, ষ্টুডেণ্টচ্‌ ষ্ট’ৰচ্‌, প্ৰথম প্ৰকাশ, ১৯৯৬

বৰগোহাঞি, হোমেনঃ অসমীয়া সাহিত্যৰ বুৰঞ্জী, ষষ্ঠ খণ্ড, আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, অসম, দ্বিতীয় প্ৰকাশ, মাৰ্চ, ২০১২

বৰা, অপূৰ্বঃ অসমীয়া চুটিগল্পৰ ঐতিহ্য আৰু বিৱৰ্তন, যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় প্ৰকাশন কোষ, প্ৰথম প্ৰকাশ, ২০১২

ফুকন, জ্যোতিমালা গোহাঁইঃ অসমীয়া ৰমন্যাসিক সাহিত্য, ৰূপান্তৰ প্ৰকাশ, নামৰূপ, প্ৰথম প্ৰকাশ, ফেব্ৰুৱাৰী, ২০০৪

ভট্টাচাৰ্য, নলিনীধৰঃ মহৎ ঐতিহ্য, ষ্টুডেণ্টচ্‌ ষ্ট’ৰচ্‌, প্ৰথম প্ৰকাশ, ১৯৯৯

শৰ্মা, গোৱিন্দ প্ৰসাদঃ উপন্যাস আৰু অসমীয়া উপন্যাস, বনলতা, প্ৰথম বনলতা সংস্কৰণ, জুন, ২০১৫

শইকীয়া, বিনয় মোহনঃ শীলভদ্ৰ অন্যান্য ৰচনা, শীলভদ্ৰ অনুৰাগী সমাজ, প্ৰথম প্ৰকাশ, ছেপ্তেম্বৰ, ২০২৩

শীলভদ্ৰঃ স্মৃতিচাৰণ, সৌমাৰ পাব্লিকেশ্যন্‌ছ, প্ৰথম সৌমাৰ প্ৰকাশ, ডিচেম্বৰ, ২০২৪

ত্ৰিপাঠী, ৰামনৰেশঃ গ্ৰাম-সাহিত্য (খণ্ড-১), হিন্দী মন্দিৰ, প্ৰয়াগ, প্ৰথম প্ৰকাশ, জানুৱাৰী, ১৯৪১

ঠাকুৰ, নগেন (সম্পা.): এশ বছৰৰ অসমীয়া উপন্যাস, জ্যোতি প্ৰকাশন, দ্বিতীয় প্ৰকাশ, জুলাই, ২০১২

বনলতাঃ শীলভদ্ৰৰ গল্প সমগ্ৰ, প্ৰথম প্ৰকাশ, ছেপ্তেম্বৰ, ২০০৮

বিশ্বভাৰতীঃ ৰবীন্দ্ৰ-ৰচনাবলী, তৃতীয় খণ্ড, ২০১৫

 

আলোচনী :

পূজাৰী, অনুৰাধা শৰ্মা (সম্পা.) : সাতসৰী, ঊনবিংশ বছৰ, একাদশ সংখ্যা, জুন, ২০২৪ 

 

গৱেষণা গ্ৰন্থ :

ডেকা, জোনালীঃ শীলভদ্ৰৰ কথা-সাহিত্যঃ এটি বিশ্লেষণাত্মক অধ্যয়ন, পিএইচ.ডি গৱেষণা গ্ৰন্থ, গুৱাহাটী বিশ্ববিদ্যালয়, আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ, ২০১৩

***

(লেখক আঞ্চলিক সঞ্চালক, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ