অন্যযুগ/


হোমেন বৰগোহাঞিৰ কথা-সাহিত্যত প্ৰতিফলিত অসমীয়া গ্ৰাম্য জীৱন : এটি বিশ্লেষণ

 কিশোৰ দাস কোঁৱৰ


অসমীয়া সাহিত্যৰ মহীৰূহৰ স্বৰূপ হোমেন বৰগোহাঞি এজন যথাৰ্থ সাহিত্যিক৷ ‘ৰামধেনু’ যুগৰপৰা আৰম্ভ কৰি তেওঁৰ সৃষ্টিৰাজিয়ে বিশেষকৈ বৰগোহাঞিদেৱৰ কথা-সাহিত্যই সাম্প্ৰতিক সময়লৈকে অসমীয়া সাহিত্যৰ এক বুজন অংশ দখল কৰি আছে৷ বৰগোহাঞিদেৱৰ কথা-সাহিত্যৰ বিভিন্ন বৈশিষ্ট্যৰ ভিতৰত এটি উল্লেখযোগ্য বৈশিষ্ট্য হ’ল- গ্ৰাম্য জীৱনৰ প্ৰতিফলন অথবা গ্ৰাম্য জীৱনৰ স্বতঃস্ফূৰ্ত বহিঃপ্ৰকাশ৷ দৰাচলতে চাবলৈ গ’লে যিকোনো সাহিত্যৰ মূলকথা হ’ল সেই লেখকজনৰ অভিব্যক্তি৷ কিয়নো কোনো সাহিত্য সমাজৰ উৰ্ধ্বত ৰচিত নহয়৷ সমাজৰ পৰা সমল আহৰণ কৰিয়ে সাহিত্যিকে জন্ম দিয়ে সাহিত্যৰ; সেই ফালৰপৰা আমি ক’ব পাৰোঁ যে সাহিত্য সদায় সমাজ বহিৰ্ভূত৷ সেই গতিকে সাহিত্যত লেখকৰ অভিব্যক্তিৰ বিশেষ ভুমিকা থাকে৷ বিশেষকৈ লেখকৰ শৈশৱটোৱে কিন্তু লেখকৰ জ্ঞাতভাৱেই হওক অথবা অজ্ঞাতভাৱেই হওক আপোনা আপুনি তেওঁৰ লেখনিত আত্মপ্ৰকাশ কৰে৷ 

আমি যদি বৰগোহাঞিদেৱৰ শৈশৱলৈ উভতি যাওঁ তেতিয়া হ’লে আমি দেখিম যে তেওঁৰ শৈশৱ- কৈশোৰ লালিত-পালিত হৈছিল লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ বালিপাৰা নামৰ এখনি অতি পিছপৰা আৰু ভিতৰুৱা গাঁৱত৷ সৰুৰে পৰা তেওঁ ডাঙৰ হৈছিল সম্পূৰ্ণ গ্ৰাম্য পৰিৱেশত৷ গতিকে গ্ৰাম্য সমাজখন তেওঁৰ বুকুত স্বাভাৱিকতে আছেই৷ গাঁৱৰ ল’ৰা-ছোৱালীৰ লগত খেল-ধেমালিৰ মাজেৰে তেওঁ ডাঙৰ হৈছে৷ গাঁৱৰ বোকা-পানী তেওঁৰ তেনেই চিনাকি৷ নৈত সাঁতোৰা, পথাৰৰ ধাননি, পথাৰৰ খেতিয়কৰ কষ্ট, গাঁৱৰ সমনীয়াহঁতৰ লগত বিহু গোৱা, বানপানীৰ তাণ্ডৱ নৃত্য, বানপানীৰ ফলত গাঁৱৰ সাধাৰণ মানুহৰ দুখ-দুৰ্গতি, বানপানীৰ পাছত হোৱা বিভিন্ন বেমাৰ-আজাৰত হাইজা-কলেৰাত জাকে জাকে মানুহৰ মৃত্যু, গাঁৱৰ মহাজন শ্ৰেণীটোৰ শোষণ-নিষ্পেষণ, গাঁৱলীয়া মানুহৰ হাই-কাজিয়া এই আটাইবোৰ পৰিঘটনাৰ মাজতে পাৰ হৈছিল বৰগোহাঞিৰ আজন্ম শৈশৱ, পল্লৱিত হৈছিল তেওঁৰ কিশোৰ মন৷ বৰগোহাঞিদেৱে শৈশৱতে লাভ কৰা এই অভিজ্ঞতাসমূহেই পৰৱৰ্তী সময়ত অৰ্থাৎ সাহিত্যিক জীৱনৰ অভিব্যক্তিস্বৰূপে আত্মপ্ৰকাশ কৰিছে৷ 

এই শিতানত আমি বৰগোহাঞিদেৱৰ কথা-সাহিত্যত প্ৰতিফলিত হোৱা গ্ৰাম্য-সমাজ জীৱনৰ চিত্ৰ সম্পৰ্কে এক সামগ্ৰিক আলোচনা আগবঢ়াম৷ এই আলোচনাত তেওঁৰ উপন্যাস আৰু গল্পক সামৰি লোৱা হ’ব৷ বৰগোহাঞিদেৱৰ কথা-সাহিত্যত অসমীয়া গ্ৰাম্য জীৱনৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমি প্ৰথমেই দৃষ্টিপাত কৰিম তেখেতৰ উপন্যাসত৷ অৱশ্যে এইকথা নকৈ কোৱাৰ প্ৰয়োজন নাই যে বৰগোহাঞিদেৱৰ প্ৰায়কেইখন উপন্যাসতেই অসমীয়া গ্ৰাম্য জীৱনৰ চিত্ৰ প্ৰতিফলিত হৈছে৷ আন এটি প্ৰাসংগিক কথা এইখিনিতে কৈ থোৱা উচিত হ’ব যে বৰগোহাঞিদেৱৰ সফলতম উপন্যাসকেইখনত অসমৰ গঞা ৰাইজৰ (বিশেষকৈ তেখেতৰ নিজৰ গাঁওখনৰ) বিচিত্ৰ অভিব্যক্তি বাস্তৱানুগ, কলাত্মক আৰু ৰসোত্তীৰ্ণ ৰূপত প্ৰকাশ পাইছে৷ অসমৰ ‘গাঁৱলীয়া প্ৰকৃতিৰ সেই তুচ্চ নগণ্য দৃশ্যবোৰ, গাঁৱৰ সেই সহজ-সৰল মানুহবোৰৰ-(অস্তৰাগ) জীৱন সংগ্ৰাম বৰগোহাঞিয়ে গভীৰ আন্তৰিকতা, মমতা আৰু সহানুভূতিৰে ফুটাই তুলিবলৈ প্ৰয়াস কৰিছে আৰু এইক্ষেত্ৰত বৰগোহাঞিদেৱে সফলো হৈছে৷ 

বৰগোহাঞিদেৱৰ উপন্যাসৰ বুজন সংখ্যক চৰিত্ৰই যে গ্ৰাম্য সমাজৰ পৰা লোৱা সেইকথাত কাৰো দ্বিমত নাই৷ অৱশ্যে এইকথা আমি ক’বই লাগিব যে বৰগোহাঞিদেৱৰ গল্প-উপন্যাসত কল্পনাৰ বিশেষ প্ৰাধান্য নাই৷ তেওঁৰ গল্প-উপন্যাসৰ কাহিনী গঢ় লৈ উঠিছে চকুৰ আগত দেখি থকা সমাজখনৰ আধাৰত, তেওঁৰ কাহিনীৰ চৰিত্ৰবোৰো একো একোজন তেজ-মঙহৰে গঢ়ি উঠা জীৱন্ত মানুহ৷ বৰগোহাঞিদেৱে তেওঁৰ গল্প-উপন্যাসত প্ৰায়বোৰ চৰিত্ৰই তেওঁ শৈশৱতে গাঁৱত লগ পোৱা কেতবোৰ মানুহক হুবহুভাৱে দাঙি ধৰিছে৷ আনকি কেতবোৰ চৰিত্ৰৰ তেওঁ নাম পৰ্যন্ত একে ৰাখিছে৷ এই প্ৰসংগত আমি আন এটি কথা স্পষ্ট কৰি লোৱাটো যুক্তিসংগত হ’ব৷ ‘এশ বছৰৰ অসমীয়া উপন্যাস’ গ্ৰন্থত সংকলিত ড মদন শৰ্মাদেৱৰ “হোমেন বৰগোহাঞিৰ উপন্যাস” শীৰ্ষক আলোচনাটোত তেখেতে বৰগোহাঞিৰ ন-খন উপন্যাসক চাৰিটা থূলত ভাগ কৰি বৰগোহাঞিদেৱৰ গ্ৰাম্য সমাজ জীৱনৰ চিত্ৰ সম্বলিত উপন্যাসৰ ভিতৰত ‘পিতা- পুত্ৰ’ আৰু ‘হালধীয়া চৰায়ে বাওধান খায়’ উপন্যাস দুখনক সংলগ্ন কৰিছে৷ কিন্তু সেয়ে হ’লেও বৰগোহাঞিদেৱৰ প্ৰায় কেইখন উপন্যাসতেই আমি গ্ৰাম্য জীৱনৰ অভিব্যক্তি দেখিবলৈ পাওঁ আৰু আমি আলোচনাও সেই দৃষ্টিৰেই আগবঢ়ায়৷ 

হোমেন বৰগোহাঞিদেৱৰ জীৱনৰ প্ৰথমখন উপন্যাস হ’ল ‘সুবালা’ (১৯৬৩)৷ এই উপন্যাসখনত যদিও বৰগোহাঞিদেৱে মানৱীয় দিশটোৰ ওপৰত অধিক প্ৰাধান্য দিছে তথাপি কিন্তু সেই মানৱীয় প্ৰমূল্যবোধ গঢ় লৈ উঠিছে গ্ৰাম্য সমাজ জীৱনৰ আধাৰত৷ কিয়নো ‘সুবালা’ নামটোৱে অৰ্থাৎ উপন্যাসখনৰ শিৰোনামটোৱেই সেই কথা স্পষ্ট কৰি দিয়ে৷ ‘সুবালা’ এটি গাঁৱলীয়া ছোৱালীৰ নাম৷ বৰগোহাঞিদেৱৰ প্ৰখৰ গ্ৰাম্য-জীৱনৰ চেতনা ব্যক্ত হৈছে প্ৰথম পুৰুষত কাহিনীভাগ বৰ্ণাওঁতা কথক চৰিত্ৰ সুবালাৰ কথাৰ মাজেদি৷ এগৰাকী গাঁৱলীয়া ছোৱালীয়ে কেনেদৰে অভাৱৰ তাড়নাত পৰি অনিচ্ছা সত্ত্বেও নিজকে এগৰাকী বেশ্যা সজাবলগীয়া হৈছে তাৰ চিত্ৰ ইয়াত সুন্দৰকৈ প্ৰতিফলিত হৈছে৷ এয়া কিন্তু বৰগোহাঞিদেৱে বাস্তৱ জীৱনত লাভ কৰা নিখুঁত অভিজ্ঞতা৷ আকাশবাণী গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰৰ “জীৱনৰ দীঘ-বাণি” শীৰ্ষক এলানি অনুষ্ঠানত বৰগোহাঞিদেৱে এইকথা নিজেই স্বীকাৰ কৰি গৈছে৷ 

“গধুলিৰ এন্ধাৰত নিৰ্জন পথাৰৰ এমূৰত থিয় হৈ কোনে যেন এতিয়াও মোক ৰিঙিয়াই মাতে আৰু চাৰিওকাষৰ পাহাৰত, নদীৰ পানীত, নদীৰ পাৰত,ওখ-ওখ গছ-বনবোৰত সেই মাতটো ঠেকা খাই প্ৰতিধ্বনিত হৈ উঠে” (সুবালা, প্ৰথম পৰ্ব, পৃষ্ঠা- ৫) ৷ সুবালাৰ এই অনুভৱ দৰাচলতে এগৰাকী গাঁৱলীয়া ছোৱালীৰ অভিব্যক্তি৷ উপন্যাসখনত আমি সুবালাই জাকৈৰে মাছ ধৰা কথাৰো উমান পাওঁ৷ গ্ৰাম্য সমাজখন সততে অনাটনেৰে ভৰা৷ তাৰে জীৱন্ত নিদৰ্শন সুবালা আৰু তাইৰ মাক৷ অভাৱ-দৰিদ্ৰতাই চেপি-খুন্দি অমানুহ কৰি তোলা সুবালাৰ মাকে নিৰুপায় হৈ গাঁৱৰে লম্পট নৰেনৰ হাতত নিজৰ জীয়েকক সমৰ্পণ কৰি তাইক বেশ্যাবৃত্তিৰ পিনে ঠেলিব খোজে৷ কেনেকুৱা পৰিস্থিতত পৰিলে এগৰাকী মাতৃয়ে নিজৰ জীয়েকক এনেদৰে এটি নিষ্ঠুৰ আৰু অন্ধকাৰ ভৱিষ্যতৰ পিনে ঠেলি দিব পাৰে সেয়া কিন্তু বিশেষভাৱে গমি চাবলগীয়া কথা৷ এইবোৰ গ্ৰাম্য সমাজত সততে ঘটি থকা ঘটনা৷ 

গ্ৰাম্য সমাজত সততে দেখি থকা আন এটা দিশ হ’ল এয়ে যে গাঁৱলীয়া ছোৱালীয়ে কাৰোবাৰ প্ৰতৰণাৰ বলি হৈ অন্তঃসত্বা হ’লে সমাজলৈ ভয় কৰি ভ্ৰূণ হত্যাৰ দৰে অপৰাধ কৰে৷ সেয়া আমি সুবালাৰ ক্ষেত্ৰতো এনে হোৱা দেখা পাওঁ৷ সুবালা অনাকাংক্ষিতভাৱেই গৰ্ভৱতী হোৱাত বুঢ়ীমাকৰ সহযোগত গৰ্ভপাত কৰাইছে৷ এইখিনিতে এইটোও মন কৰিবলগীয়া কথা যে এইবোৰ কাৰ্যত সদায় গাঁৱৰ বুঢ়া মানুহবোৰে আগভাগ লয়৷ বৰগোহাঞিদেৱে ঠিক তেনেদৰেই উপস্থাপন কৰি পাঠকক গ্ৰাম্য সমাজখনৰ একেবাৰে ওচৰ চপাই নিছে৷   

উপন্যাসখনৰ বিভিন্ন ঠাইত অসমীয়া সাজ-পোছাকৰ উল্লেখ আছে৷ এজনী অসমীয়া ছোৱালীয়ে বিৱাহৰ বাবে এখন পাটৰ কাপোৰ মূল্যৱান বস্তু হিচাপে গ্ৰহণ কৰে৷ ইয়াতো আমি কান্তিয়ে সুবালাক পাটৰ মেখেলা বিৱাহৰ প্ৰস্তাৱ লৈ আহোঁতে দিয়া দেখা পাওঁ-

 “টোপোলাটো খুলি চাই দেখিলোঁ, এখন অতি ধুনীয়া বনকৰা অসমীয়া পাটৰ  মেখেলা৷” 

অসমীয়া গ্ৰাম্য জীৱনৰ বিবাহ সম্পৰ্কীয় নিয়ম-নীতিৰ উপস্থিতিও আমি ইয়াত অনুভৱ কৰোঁ৷ কান্তিয়ে যিটো সন্ধিয়া সুবালাক নিবলৈ আহিছিল সিদিনা তাই সতী সাধ্বী তিৰোতাৰ দৰে সেন্দূৰৰ ফোঁট লৈ অপেক্ষা কৰি আছিল৷ কান্তি আহি পোৱাত সুবালাই ওৰণি টানি টানি কান্তিক ভক্তি আৰু পৱিত্ৰ ভাবেৰে সেৱা কৰি পতি হিচাপে গ্ৰহণ কৰিছে৷ সুবালাৰ এনে আচৰণ অসমীয়া নাৰীৰ আচৰণ৷ 

উপন্যাসখনত ব্যৱহৃত মাছ ধৰিবলৈ ব্যৱহাৰ কৰা জাল, জাকৈ আদিৰো উল্লেখ পোৱা যায়৷ উপন্যাসখনত ধান বনাৰ কথাও পোৱা যায়৷ তেনেদৰে গালি-গালাজৰ ক্ষেত্ৰত বেশ্যা, ৰাণ্ডী, আদি শব্দৰ উল্লেখে উপন্যাসখনত সুন্দৰভাৱে গ্ৰাম্য জীৱনৰ প্ৰতিফলন ঘটাইছে৷ 

গ্ৰাম্য সমাজত খোপনি পুতি থকা এটি ডাঙৰ ব্যাধি হ’ল জাতিভেদ প্ৰথা৷ বৰগোহাঞিদেৱে বাস কৰা গাঁওখনৰ চাৰিওঁফালে বিভিন্ন জাতি-জনজাতিৰ মানুহে বাস কৰিছিল আৰু সেয়েহে সৰুৰে পৰা এইবোৰ দেখাৰ সৌভাগ্য তেওঁৰ ঘটিছিল৷ গ্ৰাম্য জীৱনৰ এই দিশটো আমি বৰগোহাঞিৰ ‘মৎস্যগন্ধা’(১৯৮৭) উপন্যাসখনত দেখা পাওঁ৷ গ্ৰাম্য জীৱনৰ জাতিভেদ আৰু অস্পৃশ্যতাৰ কদাকাৰ আৰু বহু সময়ত কৌশলেৰে আঁৰ-বেৰ দি ৰাখিব খোজা ৰূপটো বৰগোহাঞিয়ে নিৰ্মোহ আৰু পোনপটীয়াভাৱে উন্মোচিত কৰিছে৷ 

তাৎপৰ্যপূৰ্ণভাৱে এই কাহিনীটোৰ ধাৰণাই কিশোৰ অৱস্থাতেই বৰগোহাঞিৰ মনৰ মাজত ক্ৰিয়া কৰিছিল৷ বৰগোহাঞিদেৱে নিজেই উল্লেখ কৰিছে যে এই কাহিনীৰ বীজটোৱে তেওঁৰ মন গহনত ঠন ধৰিবলৈ প্ৰায় ৪০ বছৰ সময় লৈছিল৷ 

আত্মজীৱনী ‘ধুমুহা আৰু ৰামধেনু’ত বৰগোহাঞিয়ে তেওঁৰ ঢকুৱাখনাৰ নিজ গাঁৱৰ পশ্চিমে অৱস্থিত কৈৱৰ্ত সম্প্ৰদায়ৰ কচু গাঁৱেই মৎস্যগন্ধা উপন্যাসখনৰ পটভূমি বুলি উল্লেখ কৰিছে৷’ 

আমি আগতেই উল্লেখ কৰি আহিছোঁ যে বৰগোহাঞিদেৱৰ গল্প-উপন্যাসত আমি সততে অসমীয়া গ্ৰাম্য সমাজখন বিচাৰি পাওঁ৷ অসমীয়া লোকসকলে আগতে মাছমৰীয়া সম্প্ৰদায়ৰ লোকসকলক কেনেদৰে অস্পৃশ্যতাৰ দৃষ্টিৰে চাইছিল, কেনেদৰে ‘ডোম’ বুলি ঠাট্টা কৰিছিল ইত্যাদি দিশ বৰগোহাঞিয়ে ‘মেনকা’ আৰু ‘মেমেৰী’ চৰিত্ৰ দুটাৰ মাজেৰে দাঙি ধৰিছে৷ আনকি অসমীয়া গ্ৰাম্য সমাজত এনে এটা সময় আছিল য’ত এটা জাতিৰ মানুহ আন এটা জাতিৰ মানুহৰ চোতালত থিয় দিলেই ৰʼদত মেলি দিয়া ধানো আনকি নষ্ট হয় অথবা চুৱা হয় বুলি বিশ্বাস কৰিছিল৷ এনে অস্পৃশ্যতাৰ বলি হৈছিল উপন্যাসখনৰ নায়িকা ‘মেনকা’ আৰু মাক ‘মেমেৰী’৷ এই উপন্যাসখনতো গ্ৰাম্য জীৱনৰ প্ৰতিফলন বৰ মনোৰম আৰু বাস্তৱ৷

গাঁৱলীয়া নাৰীৰ গালি- গালাজ, শাও-শপনি ইত্যাদিৰ সুন্দৰ চিত্ৰ ঔপন্যাসিকজনাই বৰ সুন্দৰকৈ দাঙি ধৰিছে৷ উপন্যাসখনত তাৰ মনোৰম বৰ্ণনা পোৱা যায় এনেদৰে- 

     “ঐ খেকাৰ খোৱা,ঐ মুখত পোক লগা, ঐ মাইকীৰ মেখেলা- তলীয়া কাক ডোম-ডোম বুলিছ?.. হেৰ সোণেশ্বৰ, হেৰ কলিমন, ঘৈণীয়েৰেহতঁৰ মেখেলাৰ তলত সোমাই ফোঁচফোঁচাই টোপনি মাৰি থাকোঁতেই কোন কুকুৰৰ জাতে তহঁতক ঘৰতে ডোম-ডোম বুলি চিঞৰি ফুৰিছে শুনা নাই৷” আকৌ-

    “মতা ল’ৰা হৱ যদি যাচোন যা উঠি গৈ সেই খেকাৰ খোৱা নেওচা যোৱা কেইটাক মোৰ ওচৰলৈ ধৰি আন, সিহঁতৰ মুখত ভালকৈ মেখেলাৰে কোব কেইটামান মাৰোঁ৷”

গাঁৱলীয়া তিৰোতাবোৰ স্বাভাৱিকতে সন্দেহবাদী ৷ নাৰীৰ প্ৰতি নাৰীৰ ঈৰ্ষা এটি স্বাভাৱিক প্ৰবৃত্তি যদিও গাঁৱলীয়া সমাজতহে তাৰ প্ৰভাৱ বেছিকৈ লক্ষ্য কৰা যায়৷ লাগিলে দুজনী বায়েক-ভনীয়েক একেখন ঘৰতে বিয়া নহওক কিয় এজনীৰ প্ৰতি আনজনীৰ হিংসাভাৱটো থাকিবই৷ বৰগোহাঞিদেৱে উপন্যাসখনত এই কথাটো ডাঙি ধৰিছে মেনকা আৰু বায়েক বেউলাৰ মাজেৰে৷ মেনকা আৰু বায়েক বেউলা একেখন ঘৰতে বিয়া হৈছিল যদিওঁ মেনকাৰ গিৰীয়েক পূৰ্ণৰ বিয়াৰ পাছতো স্বভাৱৰ কোনো উত্তৰণ নঘটাত বাপেকে সিহঁতক বেলেগ কৰি দিছিল আৰু তেতিয়া মেনকাই ভাবিছিল যে বায়েকে শহুৰেকক সিহঁতৰ বিৰুদ্ধে কথা লগাই লগাই বেলেগ কৰি দিয়ালে৷ এয়া গাঁৱলীয়া নাৰীৰ চিৰন্তন ৰূপ৷ 

সাধাৰণতে এগৰাকী নাৰীৰ নিজৰ সংসাৰত সুখ নাথাকিলে আনৰ সংসাৰৰ সুখ কেতিয়াও সহ্য কৰিব নোৱাৰে৷ সেই কথাও আমি উপন্যাসখনত পাওঁ মেনকাৰ মাজেৰে৷ নিজৰ সংসাৰৰ শ্ৰীবৃদ্ধিতকৈ বায়েক-ভিনিহিয়েকৰ সংসাৰৰ উন্নতি দেখি মেনকা ডেই-পুৰি মৰিছে৷ মেনকাৰ এই জ্বলন নাৰীৰ স্বাভাৱিক আৰু চিৰ পৰিচিত জ্বলন৷ নকলেও হ’ব যে গ্ৰাম্য সমাজত আমি এইবোৰ সচৰাচৰ দেখি থকা ঘটনা৷ 

উপন্যাসখনিত দেখা পোৱা গ্ৰাম্য জীৱনৰ আন এটা দিশ হ’ল লোক ঔষধৰ ব্যৱহাৰ৷ মেনকাক আমি লোক চিকিৎসক হিচাপেও পাওঁ৷ তাই লোকঔষধেৰে গৰ্ভপাত কৰাব পাৰে৷ গ্ৰাম্য সমাজত আগতে সাধাৰণতে এই লোক ঔষধেৰেই গৰ্ভপাত কৰোৱা হৈছিল৷ গ্ৰাম্য জীৱনৰ এই সৰু সৰু কথাবোৰো ঔপন্যাসিকজনাই বাদ পৰিবলৈ দিয়া নাই; যাৰ বাবে তেওঁ মানুহক গ্ৰাম্য সমাজখনৰ ওচৰ চপাই নিবলৈ সক্ষম হৈছে৷ 

বৰগোহাঞিদেৱৰ ‘সাউদৰ পুতেকে নাও মেলি যায়’ উপন্যাসখনত আমি গ্ৰাম্য জীৱনৰ সুন্দৰ চিত্ৰ দেখিবলৈ পাওঁ৷ উপন্যাসখনত বাপুকণ অৰ্থাৎ বিক্ৰম নামৰ এটি দহ বছৰীয়া ল’ৰাৰ কাহিনীৰ মাজেৰে পাঠকক প্ৰকৃতিৰ প্ৰাচুৰ্যৰে পৰিপূৰ্ণ এখন কৃষি প্ৰধান সমাজলৈ লৈ গৈছে৷ গৰমৰ বন্ধত সাধাৰণতে গাঁৱৰ ল’ৰা-ছোৱালীয়ে কিতাপ-পত্ৰ ধোঁৱাচাঙত উঠাই গাঁৱৰ বাৰীয়ে বাৰীয়ে আম-কঁঠাল বিচাৰি ফুৰে৷ ইয়াতো আমি বাপুকণক একে ৰূপতেই দেখা পাওঁ৷ গৰমৰ বন্ধত বাপুকণেও কিতাপ-পত্ৰৰ প্ৰতি পিঠি দি ৰাতিপুৱাই নৈত সাঁতোৰা, দুপৰীয়া বাৰীয়ে বাৰীয়ে কলি আম খাবলৈ যোৱা, স্কুল চৌহদৰ কলীজামু পাৰি খোৱা, চৰাই ধৰিবলৈ হাবিলৈ যোৱা ইত্যাদি কৰি ঘুৰি ফুৰে৷ এইবোৰ আমি সততে গ্ৰাম্য জীৱনত সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত দেখা পাওঁ৷ হয়তো আমাৰ নিজৰো তেনে অভিজ্ঞতা আছে৷ ইয়াৰ মাজেৰে ঔপন্যাসিকে গাঁৱলীয়া মানুহক নিজৰ শৈশৱলৈ উভতি যোৱাৰ এক অৱকাশ দিছে৷ 

প্ৰাক্ স্বাধীনতাকালীন গ্ৰাম্য সমাজত বানপানী, মহামাৰী একোটা এৰাব নোৱাৰা অংগ আছিল৷ মহামাৰীত গাঁৱত জাকে জাকে মানুহ মৰিছিল৷ তাৰ বৰ্ণনাও আমি উপন্যাসখনত পাওঁ, মহামাৰীত বাপুকণৰ ভনীয়েকৰ মৃত্যু হোৱা কথাৰ মাজেৰে৷ কলেৰা মহামাৰীত মৃত্যু হোৱা মানুহক আগতে কেনেদৰে নৈৰ পাৰত গাঁত খান্দি পুতি থোৱা হৈছিল তাৰ বৰ্ণনাও আমি পাওঁ বাপুকণৰ ভনীয়েক মাখনীৰ মৃত্যুৰ ক্ষেত্ৰত-

   “বাপুকণে বুজিলে নৈৰ পাৰৰ মৰিশালি খনিত কোঁৰেৰে গাঁত খান্দি মাখনীখ পুতি ব৷” 

বৰগোহাঞিৰ ‘হালধীয়া চৰায়ে বাওধান খায়’ উপন্যাসখনিত দৰিদ্ৰ গাঁৱলীয়া কৃষকৰ ৰসেশ্বৰৰ জীৱনৰ অসহায় শোচনীয় আৰু মানসিক যন্ত্ৰণাৰ যি চিত্ৰ প্ৰতিফলিত হৈছে সেয়া গ্ৰাম্য সমাজৰ এজন সহজ-সৰল কৃষকৰ হুবহু আৰু বাস্তৱ চিত্ৰ৷ অতীতৰে পৰাই আমি কৃষকসকল মহাজন শ্ৰেণীৰ হাতত শোষিত হৈ অহা দেখা পাওঁ৷ এই উপন্যাসখনতো সনাতন শৰ্মাৰ চক্ৰান্তত পৰি ৰসেশ্বৰে নিজৰ খেতি-মাটি হেৰুওৱা ঘটনাৰ মাজেৰে গ্ৰাম্য জীৱনৰ চিত্ৰই দাঙি ধৰিছে৷ 

স্বাধীনতাৰ পৰৱৰ্তী সময়ৰ অসমীয়া গ্ৰাম্য জীৱনৰ চিনাকি চিত্ৰ প্ৰতিফলিত হোৱা ‘পিতা-পুত্ৰ’ বৰগোহাঞিৰ এখন উচ্চাকাংক্ষী উপন্যাস৷ এই উপন্যাসখনত গ্ৰাম্য জীৱনৰ মনোৰম বৰ্ণনা পোৱা যায়৷ কিন্তু এই উপন্যাসখন কেৱল অনুন্নত এটা গাঁৱলীয়া অঞ্চলৰ এটা পৰিয়ালৰ দুটা পুৰুষৰ জীৱনৰ কাহিনীয়ে নহয়৷ ইয়াতে স্বাধীনতা উত্তৰ কালৰ অসমীয়া গ্ৰাম্য সমাজৰ চিত্ৰও সুন্দৰভাৱে দাঙি ধৰা হৈছে৷ এই উপন্যাসখন দৰাচলতে বৰগোহাঞিৰ শৈশৱ, কৈশোৰ আৰু যৌৱনৰ আত্মপ্ৰকাশ৷ আমি পূৰ্বেই উল্লেখ কৰি আহিছোঁ যে বৰগোহাঞিদেৱ ডাঙৰ হৈছিল সম্পূৰ্ণ এটা গ্ৰাম্য পৰিৱেশত, যাৰ বাবে তেওঁৰ লেখা গ্ৰাম্য জীৱনৰ পৰা মুক্ত হ’ব পৰা নাই৷ এই উপন্যাসখনৰ পাতে পাতে আমি গ্ৰাম্য জীৱনৰ মনোৰম পৰিৱেশৰ লগত মুখামুখি হওঁ৷ উপন্যাসখনত বাৰিষাৰ পথাৰৰ মনোৰম বৰ্ণনা পোৱা যায় এনেদৰে-

 “পিছফালৰ পথাৰখনত গৰুৰ হেম্বেলনিৰ শব্দ, ম’হৰ ডিঙিৰ ঘণ্টাৰ শব্দ,জেঠৰ দুপৰীয়া বাঁহগছৰ কেৰকেৰনিৰ শব্দ, নৈৰ পাৰত বতাহে কোবোৱা ঝাওবন বা কঁহুৱাৰ হো- হোৱনিৰ শব্দ... বাৰিষাৰ প্ৰথম ন-পানী পাই গোটেই ৰাতি পথাৰৰ বামুণ ভেঁকুলীবোৰৰ টোৰ- টোৰণিৰ শব্দ৷” 

বাৰিষা গাঁৱলীয়া মানুহৰ অভাৱ-অনাটন বেছি হয়৷ আনকি দুদিন-তিনি দিনলৈ লঘোণে থকাও দেখা যায়৷ সেই দিশটোৰ আমি উমান পাওঁ বানপানীৰ সময়ত আনকি কাতীয়াহতঁৰ দৰে মানুহেও শিৱনাথৰ ঘৰৰ পৰা চাউল খুজি নিয়াৰ কথাৰ মাজেৰে সেই দিশ উন্মোচিত হৈছে৷ 

গাঁৱৰ মানুহ সততে আশাবাদী৷ লগাতকৈ তেওঁলোকে বেছিকৈ আশা কৰে৷ বৰগোহাঞিদেৱৰ সমকালীন গ্ৰাম্য সমাজৰ মানুহৰ মাজতো তেওঁ দেখা পাইছিল যে স্বাধীনতা আহিলেই তেওঁলোকৰ সকলো দুখৰ অন্ত পৰিব, দুবেলা দুমুঠি খাব পাব, গাঁৱৰ বোকাময় লেতেৰা পৰিৱেশৰ অন্ত পৰিব বুলি কিদৰে আশা কৰিছিল; কিন্তু আজি একবিংশ শতিকাতো তাৰ কোনো পৰিৱৰ্তন নহ’ল৷ কিয়নো আজিও কৃষকে এসাজৰ কাৰণে যুঁজিয়ে আছে, আজিও কৃষকে আত্মহত্যা কৰিয়েই আছে৷ 

অসমীয়া গ্ৰাম্য সমাজত ‘হালোৱা’ অথবা ‘বন্ধা’ৰ বিশেষ ভুমিকা থাকে৷ গাঁৱৰ মহাজনসকলে তেওঁলোকৰ ঘৰত হাল বোৱাৰ পৰা আৰম্ভ কৰি আন বিভিন্ন কামৰ বাবে ‘বন্ধা’ ৰাখিছিল৷ উপন্যাসখনত এই কথাৰ উল্লেখ পাওঁ কনকৰ বাপেকে শিৱনাথৰ ঘৰত ‘হালোৱা’ হিচাপে থকা আৰু নকুলে ‘লগুৱা’ হিচাপে থকা কথাৰ মাজেৰে৷

উপন্যাসখনৰ কাহিনীত গ্ৰাম্য পৰম্পৰাগত কৃষিমুখী ব্যৱস্থাৰ উমান পোৱা যায়৷ উপন্যাসখনত অসমীয়া সমাজৰ বাপতি সাহোন হুঁচৰি আৰু বিহুৰ উল্লেখ পোৱা যায় আৰু সময়ৰ লগে লগে অসমীয়া গ্ৰাম্য সমাজত পৰিৱৰ্তনৰ চাকনৈয়াত বিহুৱে কি ৰূপ লৈছে তাৰ বৰ্ণনাও ইয়াত বৰ মনোৰমকৈ তুলি ধৰা হৈছে৷ 

অসমীয়া সমাজত সাধাৰণতে পুত্ৰ ডাঙৰ হ’লে মাক-বাপেক পুতেকৰ কথামতে চলিবলৈ বাধ্য হোৱা দেখা যায়৷ পিতা-পুত্ৰৰ সম্বন্ধৰ এনে পৰিয়ালকেন্দ্ৰিক সভ্যতাৰ বিনাশ ‘পিতা-পুত্ৰ’ উপন্যাসত দেখা যায়৷ শিৱনাথৰ সৈতে দুই পুত্ৰৰ মতবিৰোধ, কাজিয়া আনহাতে ডা মুখাৰ্জীৰ আৰু সৌমিত্ৰৰ মাজত হোৱা মতবিৰোধ আদিয়ে তাৰ প্ৰমাণ দিয়ে৷ এটা সময়ত ৰজাক ককাই নোবোলা শিৱনাথেও এটা সময়ত দুই পুত্ৰৰ আগত তলমূৰ কৰি চলিবলৈ বাধ্য হৈছে৷ এনেদৰে উপন্যাসখনৰ পাতে পাতে গ্ৰাম্য জীৱনৰ মনোৰম বৰ্ণনা পোৱা যায়৷ 

বৰগোহাঞিদেৱৰ ‘আত্মানুসন্ধান’তো গ্ৰাম্য জীৱনৰ বৰ্ণনা কিছু পৰিমাণে পোৱা যায়৷ এই আত্মজৈৱনিক গ্ৰন্থখনত নিজৰ গাঁৱৰ জীৱনৰ বিষয়ে লিখোঁতে বৰগোহাঞিয়ে কৈছে-

 “মোৰ কাৰণে প্ৰধান আকৰ্ষণ হ’ল মোৰ গাঁৱৰ কাষেদি বৈ যোৱা সৰু নৈখন আৰু তাৰ পাৰৰ সেউজীয়া বনভূমি- এই বিশ্ব সৃষ্টিৰ আটাইতকৈ প্ৰিয় বস্তু হ’ল নৈ আৰু পৃথিৱীৰ ভিতৰত মোৰ আটাইতকৈ  প্ৰিয় নৈ হ’ল চাৰিকড়িয়া৷”

এইখন গ্ৰন্থত বৰগোহাঞিয়ে শৈশৱতে গাঁৱত লাভ কৰা তিতা-মিঠা অভিজ্ঞতা বৰ্ণনা কৰিছে৷ তাৰ মাজেৰেই প্ৰকাশ পাইছে গ্ৰাম্য জীৱনৰ মনোৰম চিত্ৰ৷

বৰগোহাঞিদেৱৰ কথা-সাহিত্যৰ কেৱল উপন্যাস আৰু আত্মজৈৱনিক ৰচনাৰ মাজতেই যে কেৱল গ্ৰাম্য সমাজ-জীৱনৰ চিত্ৰ প্ৰতিফলিত হৈছে তেনে নহয়; কিয়নো তেওঁৰ কেতবোৰ গল্পৰ মাজতো যে আমি অসমীয়া গ্ৰাম্য জীৱনৰ ৰসাল, বাস্তৱ আৰু চিৰন্তন ৰূপ দেখিবলৈ পাওঁ সেইকথা আমি আলোচনাৰ আওঁতালৈ আনিবই লাগিব নহ’লে এই আলোচনা অসম্পূৰ্ণ হৈ ৰ’ব৷ সেই উদেশ্য আগত ৰাখিয়েই বৰগোহাঞিৰ গ্ৰাম্য জীৱনৰ চিত্ৰ প্ৰতিফলিত হোৱা কেতবোৰ গল্পৰ মাজলৈ আগবাঢ়িব লাগিব৷

বৰগোহাঞিদেৱৰ গল্পসমূহৰ ভিতৰত গ্ৰাম্য সমাজ জীৱনৰ নিখুঁত বৰ্ণনাৰে সমৃদ্ধ এটি উল্লেখযোগ্য গল্প হ’ল ‘গৰখীয়া’৷ গল্পটোত উল্লেখিত এটি দীঘলীয়া বৰ্ণনাৰ মাজেৰেই গ্ৰাম্য জীৱনৰ চিত্ৰ বাস্তৱ ৰূপত উঠিলি উঠিছে এনেদৰে-

 “তেতিয়া কাতি মাহৰ প্ৰায় মাজভাগ, শালিধানৰ পথাৰবোৰত ধানবোৰ গাখীৰতী হ’বলৈ আৰম্ভ কৰিছে মাত্ৰ৷ মাঘ বিহুৰ আগে আগে ধান দাই শেষ নোহোৱা পৰ্যন্ত গাঁৱৰ পথাৰত গৰু-ম’হৰ প্ৰৱেশ নিষেধ৷ কিন্তু নৈৰ সিপাৰৰ চাপৰিটো তেতিয়া গৰু-ম’হৰ কাৰণে সম্পূৰ্ণ মুকলি৷ ৰাতিপুৱা গাখীৰ খিৰোৱাৰ পিছত গাই-দামুৰিবোৰ খেদি নি নৈ পাৰ কৰি থৈ আহিলেই হ’ল৷ হালোৱা গৰুবোৰতো ৰাতিপুৱাৰে পৰা চাপৰিতে থাকে কাৰণ সেই সময়ত চাপৰিত মাহ-সৰিয়হৰ কাৰণে হাল বোৱাৰ বতৰ৷ হাল মেলি হালোৱাই সিহঁতক চাপৰিত এৰি থৈ আহে৷ গোটেই দিনটো গৰুবোৰ চাপৰিত মুকলি মনেৰে চৰি ফুৰে৷” 

আগতে গাঁৱলীয়া ল’ৰাবোৰে কেনেদৰে লুকাই-চুৰকৈ বিড়ি খাইছিল তাৰ উল্লেখো পোৱা যায়৷ গাঁৱৰ শিশুবোৰে প্ৰায়ে কোৱা শুনা যায় যে জলকীয়া খালে সোনকালেই ডাঙৰ হয়, বিড়ি খালে সোনকালেই ডেকা হয়, সোনকালেই দাড়ি গজে৷ এই গল্পটোতো শিশু অকণে ডেকা হোৱাৰ মানসেৰে বুধিৰামৰ প্ৰৰোচনাত পৰি লুকাই-চুৰকৈ বিড়ি খাবলৈ শিকিছে৷ গল্পটোত ম’হৰ শিঙৰ উল্লেখো পোৱা যায়৷ বুধিৰামে পেঁপা সাজিবলৈ ম’হৰ শিং বিচাৰি ফুৰা কথাৰ মাজেৰে তাৰ উমান পোৱা যায়৷ জোনাক ৰাতিৰ মাদকতা কেৱল গাঁৱলীয়া মানুহেহে অনুভৱ কৰিব পাৰে৷ বৰগোহাঞিদেৱে এই জোনাক ৰাতিৰ বৰ্ণনাও গল্পটোত সুন্দৰকৈ দাঙি ধৰিছে-

“শুক্লপক্ষৰ দ্বাদশীৰ ফৰিংফুটা জোনাকে ঢৌৱাই যোৱা চোতালবোৰৰ মাজ মাজে তামোল গছৰ দীঘল দীঘল ছাঁ বোৰ গছকি অকণ বুধিৰামে আলিবাটলৈ ওলাই আহিল৷”

গ্ৰাম্য জীৱনত গৰুৰ এক বিশেষ ভুমিকা থকা দেখা যায়৷ গৰুৰ লগত গ্ৰাম্য সমাজৰ সম্পৰ্ক বন্ধুসুলভ, যেন এজনে আনজনৰ সুখ-দুখৰ সমভাগী৷ বৰগোহাঞিদেৱে গ্ৰাম্য সমাজৰ এই সৰু সৰু দিশবোৰৰ প্ৰতিও বিশেষ দৃষ্টি দিয়া আমি দেখা পাওঁ৷ এই গল্পটোতো আমি তাৰ মনোৰম বৰ্ণনা দেখা পাওঁ৷ বুধিৰামে তাৰ বিদায় বেলাত বিশ্ব প্ৰকৃতিৰ এক ক্ষুদ্ৰ অংশ স্বৰূপ ‘দহা’ নামৰ গৰুটোৰ‌ লগত যি কথোপকথনত মগ্ন হৈছে সেয়া সম্পূৰ্ণ গ্ৰাম্য জীৱনৰ অভিব্যক্তি৷ এয়া যেন আত্মাৰ সতে আত্মাৰ নিবিড় বাৰ্তাহে৷ 

বৰগোহাঞিদেৱৰ সবাতোকৈ উৎকৃষ্ট বুলি বিৱেচিত ‘হাতী’ গল্পটোত যদিও নতুন আৰু পুৰণিৰ মাজত এক সংঘাতৰ চিত্ৰ প্ৰতিফলিত হৈছে, তথাপি কিন্তু গল্পটোত আমি গ্ৰাম্য জীৱনৰ উপস্থিতি অনুভৱ কৰোঁ৷ গল্পটোত ‘বাপধন’ নামৰ হাতীটোৰ লগত বলোৰাম বুঢ়াৰ যি নিবিড় আত্মীয়তা সিয়ে আমাক প্ৰাচীন অসমীয়া চিৰ পুৰাতন গ্ৰাম্য সমাজলৈ লৈ যায়৷ কিয়নো আগতে গ্ৰাম্য সমাজত মহাজনসকলে তেওঁলোকৰ আভিজাত্য প্ৰদৰ্শনৰ বাবে হাতী পোহাৰ কথা আমি সকলোৱে জানো৷ আনহাতে বলোৰাম বুঢ়াৰ বাপধনৰ লগত যি সম্পৰ্ক সিয়ে আমাক খন্তকেৰ কাৰণে হ’লেও হাতী- মাউতৰ সম্পৰ্কটোৰ কথা মনত পেলাই দিয়ে৷ 

অৱশ্যে এইকথা স্বীকাৰ কৰিবই লাগিব যে বৰগোহাঞিৰ কথা-সাহিত্যৰ গল্পতকৈ উপন্যাসৰ দিশটোত বেছিকৈ গ্ৰাম্য জীৱনৰ মনোৰম চিত্ৰ প্ৰতিফলিত হোৱা দেখা যায়৷ কিন্তু কি কাৰণে বৰগোহাঞিদেৱে তেওঁৰ গল্পত এই দিশটোক বিশেষ গুৰুত্ব নিদিলে সেয়াও কিন্তু এক গৱেষণাৰ বিষয়৷ আমাৰ ছাত্ৰ-ছাত্ৰীসকলে এই বিষয়ে চিন্তা কৰিব পাৰে৷ কিন্তু বৰগোহাঞিদেৱৰ গল্প-উপন্যাসত যে কেৱল গ্ৰাম্য জীৱনৰ চিত্ৰই প্ৰতিফলিত হৈছে তেনে নহয়; এটা বৃহৎ পৰিসৰৰ বিভিন্ন দিশ বৰগোহাঞিৰ কথা-সাহিত্যই সামৰি লৈছে৷ বৰগোহাঞিয়ে তেওঁৰ সৃষ্টিৰাজিত পাশ্চাত্যৰ দিশটোৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা দেখা যায়৷ এনেদৰে ‘ৰামধেনু’ যুগৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক সময়লৈকে এটি সুদীৰ্ঘ যুগক তেওঁ তেওঁৰ সৃষ্টিৰাজিৰ মাজেৰে ধৰি ৰাখিবলৈ সক্ষম হৈছে৷ বৰগোহাঞিয়ে উপন্যাসৰ আংগিকৰ পৰীক্ষাত গুৰুত্ব নিদি তেওঁ অধিক গুৰুত্ব দিয়ে প্ৰাঞ্জল, ব্যঞ্জনাময় আৰু বৌদ্ধিক দীপ্তিৰে প্ৰোজ্জ্বল ভাষাৰ ব্যৱহাৰৰ ওপৰত৷ তেওঁ তেওঁৰ পাঠকক ভাবিবলৈ বাধ্য কৰায়৷ সবাতোকৈ উল্লেখযোগ্য কথা সকলো সমস্যা বা প্ৰশ্নৰে সামাজিক পটভূমিক তেওঁ সততে চকুৰ আগত ৰাখে৷ সেয়েহে বৰগোহাঞিদেৱে এগৰাকী সমাজ সচেতন লেখক হিচাপে অসমীয়া সাহিত্যৰ জগতত এক বিশেষ স্থান দখল কৰি আছে৷

 

ঠিকনা :

কিশোৰ দাস কোঁৱৰ

জিলা - তামুলপুৰ

গাওঁ- ঔবাৰী  

ডাক- সুৱাগপুৰ

ডাক সূচাংক -৭৮১৩৬৪

ভ্ৰাম্যভাষ -৮০১১৪৮৬২৬৫

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ