ড° বিৰিঞ্চি কুমাৰ দাস
দমিতাৰ দস্তাবেজ, উত্তৰকাল, কাঁহিবুনৰ মালিতা, ত্ৰিভূজ, বতাহৰ ছৱি আদি উপন্যাসেৰে সমসাময়িক সামাজিক প্ৰেক্ষাপটৰ প্ৰতি এটা সচেতন দৃষ্টিভংগী প্ৰকাশ কৰা ৰূদ্ৰাণী শৰ্মাৰ ছয়খন উপন্যাসিকা সম্বলিত শেহতীয়াকৈ প্ৰকাশিত এখন গ্ৰন্থ হৈছে 'শকুন্তলা কৌশিক আৰু চিলনীৰ জীয়েকৰ সাধু আৰু অন্যান্য'। এই গ্ৰন্থখনত সন্নিৱিষ্ট উপন্যাসিকাসমূহতো তেওঁ পূৰ্বৰ দৰে এক স্বকীয় সামাজিক চেতনা প্ৰকাশ কৰাই নহয়, পূৰ্বতে দুখনমান উপন্যাসত কৰাৰ দৰে অসমীয়া সমাজত প্ৰাসংগিক অথচ অচৰ্চিত বা কম চৰ্চিত বিষয়ৰ প্ৰতি আগ্ৰহো প্ৰদৰ্শন কৰিছে।
সংকলিত ছয়খন উপন্যাসৰ প্ৰথমখন, অৰ্থাৎ 'শকুন্তলা আৰু চিলনীৰ জীয়েকৰ সাধু'ত লোককথাৰ চিলনীৰ জীয়েকৰ সাধুৰ প্ৰসংগ উত্থাপন কৰা হৈছে সাম্প্ৰতিক অসমীয়া সমাজৰ পটভূমিত নাৰীৰ অৱস্থানৰ ছৱি তুলি ধৰি তাৰ মাজেৰে পুৰুষতান্ত্ৰিকতাৰ নিৰ্মমতাক তুলি ধৰিবলৈ। আমাৰ সমাজৰ গতানুগতিক পুৰুষতান্ত্ৰিক চিন্তাৰ নিৰ্মমতাৰ প্ৰকাশ ঘটিছে এই কথাটোতে যে বাৰে বাৰে ছোৱালী জন্ম দি থকাৰ পাছত ল'ৰা সন্তান আশা কৰি থকা স্বামীৰ আশা পুৰণত পুনৰ ব্যৰ্থ হোৱা পত্নীয়ে নিজৰ নৱজাত কন্যা সন্তানটিক আনৰ হাতত তুলি দিছে, কাৰণ ক্ৰোধান্বিত স্বামীয়ে সন্তানটিক নিজৰ ঘৰলৈ নিনিয়াৰ কঠোৰ সিদ্ধান্ত লৈছে। এনেকৈয়ে নৱজাত কন্যা সন্তানটি সন্তানহীন এটা প্ৰতিপত্তিশালী পৰিয়াললৈ আহে আৰু শকুন্তলা কৌশিক নাম পায়। চিলনীৰ জীয়েকৰ দৰেই নিজৰ মাতৃৰপৰা বিচ্ছিন্ন শকুন্তলাই প্ৰতিপত্তিশালী পৰিয়ালটোতো সমাজে নাৰীৰ বাবে নিৰ্ধাৰণ কৰা ভূমিকাৰ পৰা নিজকে নিলগাই আনিবলৈ সক্ষম নহয়। অধ্যয়নৰ বাবে বাহিৰলৈ গৈ অনা-অসমীয়া যুৱকৰ সৈতে প্ৰেম আৰু শাৰীৰিক সম্পৰ্ক স্থাপিত হোৱা শকুন্তলাৰ এই সম্পৰ্কত তেওঁৰ পালনকৰ্তা পৰিয়ালৰ পৰা বাধা আহে, কাৰণ তেওঁলোকে নিজৰ প্ৰতিপত্তিৰ অধিক বিস্তাৰৰ বাবে শকুন্তলাক আন এটা প্ৰতিপত্তিশালী পৰিয়াললৈ বিয়া দিব বিচাৰে, আৰু তেওঁলোকৰ সিদ্ধান্ত মানি ল'বলৈ শকুন্তলা বাধ্য হয়; অৰ্থাৎ তেওঁলোকৰ দৃষ্টিত শকুন্তলাৰ বিয়াখন এটা ব্যৱসায়িক লেনদেনতকৈ অধিক একো নহয়। কিন্তু এই বিয়াখনৰ বাবে আমাৰ পুৰুষতান্ত্ৰিক সমাজৰ পৰম্পৰাগত দৃষ্টিভংগীৰে শকুন্তলাক ইতিমধ্যে আনৰ সৈতে শাৰীৰিক সম্পৰ্ক হোৱা সত্ত্বেও বিশুদ্ধ কুমাৰীৰ ৰূপলৈ আনিবই লাগিব আৰু তাৰ বাবে আশ্ৰয় লোৱা হয় অত্যাধুনিক প্ৰযুক্তিৰ উপহাৰ hymenoplasty-ৰ। কিন্তু ঐশ্বৰ্যশালী পৰিয়ালৰ বোৱাৰী হোৱা শকুন্তলাৰ বিবাহোত্তৰ স্থিতিও পুতলাসদৃশ হৈ পৰে, আৰু এই পৰিস্থিতিত শকুন্তলাই স্বকীয় স্বতন্ত্ৰতা প্ৰতিষ্ঠা কৰিবলৈ অৱশেষত দৃঢ়তাৰে থিয় হোৱাটোৱে আধুনিক পুৰুষতান্ত্ৰিক সমাজৰ ভণ্ডামিৰ বিৰুদ্ধে নাৰীৰ প্ৰতিৰোধমুখী প্ৰৱণতাৰ কথা প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিছে।
'অশৰীৰী ছায়া' উপন্যাসিকাখনত দুটা বৈপৰীত্যপূৰ্ণ কাহিনী সংযোজিত হৈছে : অম্লান - শান্তিশ্ৰীৰ কাহিনী আৰু লালবানু - জমছেৰৰ কাহিনী। প্ৰথমটো মধ্যবিত্তীয় পৰিয়ালৰ কাহিনী, য'ত লেখকে নাৰীবাদক পুৰুষ-বিৰোধিতাৰ নামান্তৰ হিচাপে তুলি ধৰাৰ পৰিৱৰ্তে পুৰুষো যে কেতিয়াবা অসংবেদনশীলা নাৰীৰদ্বাৰা পীড়িত হ'ব পাৰে, তাকে প্ৰতিপন্ন কৰিছে। ইয়াত পতি অম্লান পীড়িত হৈছে তেওঁৰ সন্দেহবাদী পত্নী শান্তিশ্ৰীৰ দ্বাৰা। আনহাতে দ্বিতীয় কাহিনীটো শ্ৰমজীৱী পৰিয়ালৰ কাহিনী, য'ত পুৰুষতান্ত্ৰিকতাৰ প্ৰতিভূ জমছেৰৰ দ্বাৰা পত্নী লালবানু পীড়িত হৈছে। কিন্তু অম্লানে তেওঁৰ মধ্যবিত্তীয় প্ৰৱণতাৰে স্থিতাৱস্থাক মানি লোৱাৰ বিপৰীতে শ্ৰমজীৱী লালবানু প্ৰতিৰোধমুখী হৈ উঠিছে, আৰু জমছেৰৰ পৰা আঁতৰি আহি নিজৰ স্বতন্ত্ৰ সত্ত্বাক প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিছে। অত্যন্ত শ্ৰেণীসচেতন শান্তিশ্ৰীয়ে যেতিয়া লালবানুৰ সৈতে অম্লানৰ অবৈধ সম্পৰ্ক থকা বুলি নিজৰ সন্দেহ প্ৰকাশ কৰিছে, তেতিয়াও অম্লানৰ নীৰৱতাৰ বিপৰীতে লালবানু দৃঢ় প্ৰতিৰোধেৰে থিয় হৈছে ।
ৰূদ্ৰাণী শৰ্মাৰ ব্যতিক্ৰমী চিন্তাৰ প্ৰকাশ ঘটিছে 'ধৰাজ' নামৰ উপন্যাসিকাখনত । মানুহৰ বাহিৰে আন জীৱজন্তুক সক্ৰিয় চৰিত্ৰ হিচাপে অংকণ কৰা গল্প বা উপন্যাস অসমীয়াত বিৰল বুলিয়েই ক'ব লাগিব। আকৌ কেতিয়াবা গল্প বা উপন্যাসত জন্তু বা উদ্ভিদৰ জগৎখনক তুলি ধৰিলেও বেছিভাগ সময়তে সেয়া কৰা হয় মানৱৰ দৃষ্টিকোণেৰেহে। সেই ফালৰপৰা 'ধৰাজ' নামৰ উপন্যাসিকাখনে কেইবাটাও বৈশিষ্ট্যৰে আমাৰ দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰথম কথা, উপন্যাসিকাখনত জন্তু তথা গছকো চৰিত্ৰ হিচাপে অংকণ কৰা হৈছে; জন্তু আৰু গছসমূহে ইয়াত নিজৰ মাজত কথা পাতিছে, বিভিন্ন কথাৰ বিচাৰ-বিশ্লেষণ কৰিছে। এই কথাটোক বাস্তৱসন্মত কৰিবলৈ লেখকে দেখুৱাইছে যে 'ভস্মাসুৰ' নামৰ কিবা এটা অলৌকিক শক্তিৰ 'বৰ' লাভ কৰি জন্তু আৰু গছবোৰে পৰস্পৰৰ ভাষা, আনকি মানুহৰ ভাষাও বুজি পোৱা হৈছে আৰু ইয়াৰ বিপৰীতে মানুহে জন্তু আৰু গছৰ ভাষা বুজি পাবলৈ সক্ষম হোৱা নাই। অৱশ্যে আমি ভাবোঁ, জন্তু আৰু গছবোৰৰ মাজৰ আলাপৰ বাস্তৱতাৰ যুক্তিসন্মত ব্যাখ্যা দিবলৈ 'ভস্মাসুৰ'ৰ সংযোগ নঘটালেও কাহিনীৰ বাস্তৱতাৰ হানি-বিঘিনি নঘটিলহেঁতেন। বৰং এই কথাটোৱে কাহিনীৰ গহীন সুৰটোক অলপ বাধাগ্ৰস্ত কৰিছে বুলিহে অনুভৱ হয়। দ্বিতীয়তে, সচৰাচৰ মানৱৰ দৃষ্টিৰে জন্তু আৰু উদ্ভিদৰ জগৎখন দাঙি ধৰাৰ বিপৰীতে এই উপন্যাসিকাখনত জন্তু আৰু গছ-গছনিৰ দৃষ্টিৰে মানৱ সমাজখনক ইয়াৰ হিংস্ৰতা আৰু স্বাৰ্থপৰতাৰ পটভূমিত বিশ্লেষণ কৰা হৈছে। তৃতীয়তে, অসমীয়া কাহিনী-সাহিত্যত বৰ বেছি চৰ্চিত নোহোৱা জলবায়ু পৰিৱৰ্তনৰ সমস্যা আৰু ইয়াৰ পৰিণতিত পৃথিৱী ধ্বংসৰ আশংকাকো উপন্যাসিকাখনিয়ে উত্থাপন কৰিছে। জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰ সৈতে সংযুক্ত কাৰকসমূহৰ সৈতে ৰাজনীতিৰ সম্পৰ্কৰ কথাও ইয়াত স্পষ্ট ৰূপত আহি পৰিছে।
মধ্যবিত্তীয় পৰিয়ালৰ সন্দেহপ্ৰৱণ পত্নীৰ গতানুগতিক কাহিনীৰ পুনৰাগমন ঘটিছে 'এটি পখিলাৰ আত্মকথা' শীৰ্ষক উপন্যাসিকাখনিত। পত্নীৰ সন্দেহবাদী মন কেনেকৈ পতিৰ পীড়ণৰ কাৰণ হয়, আৰু কেনেকৈ ইয়াৰ ফলত পতি-পত্নীৰ সম্পৰ্ক বিনষ্ট হয়, সেয়া উপন্যাসিকাখনিত দাঙি ধৰি পুৰুষগৰাকীৰ প্ৰতি লেখকে স্পষ্ট সহানুভূতি প্ৰকাশ কৰিছে । অৱশ্যে উপন্যাসিকাখনিৰ মূল বিষয়বস্তু এয়া নহয়; উপন্যাসিকাখনিৰ মূল সুৰটো কেন্দ্ৰীভূত হৈছে পতি-পত্নীৰ মাজত আহি পৰা বিচ্ছেদৰ পৰিণতিত তেওঁলোকৰ কণমানি ছোৱালীজনীয়ে ভূগিবলগীয়া হোৱা নিঃসংগতা আৰু একাকিত্বতহে। এই একাকিত্ব আৰু বিচ্ছিন্নতাই ছোৱালীজনীক তাইৰ ঘৰৰ খিৰিকীৰে দেখা পোৱা দাৰিদ্ৰ্যপীড়িত এখন সমাজৰ মুক্তমনে খেল-ধেমালি কৰা শিশুহঁতৰ প্ৰতি আকৃষ্ট কৰে, আৰু তাই শাৰীৰিকভাৱে ওচৰ চাপিব নোৱৰা এই ল'ৰা-ছোৱালীবোৰক মানসিকভাৱেই তাই নিজৰ জীৱনৰ অংশীদাৰ কৰি লয়। তাই মানসিক আশ্ৰয়ৰ সন্ধান কৰে প্ৰকৃতিৰ মাজতো, আৰু তাই থকা ফ্লেটটোৰ কাষৰ ফ্লেটৰপৰা বগাই অহা এডাল আকাশীলতাৰ সৈতে তাইৰ এক আত্মিক সম্পৰ্ক গঢ় লৈ উঠে। কিন্তু শ্ৰেণী সচেতন আৰু কৃত্ৰিম জীৱন-যাত্ৰাৰ অনুৰাগী মাকৰ বাবে তাই এইখিনি প্ৰশান্তিও হেৰুৱাবলগীয়া হোৱাটোৱে উপন্যাসিকাখনিৰ সামৰণিলৈ এক কাৰুণ্যৰ অনুভৱ আনি দিছে। উপন্যাসিকাখনে আধুনিক জীৱন-যাত্ৰাত প্ৰকৃতিৰ সৈতে মানুহৰ বিচ্ছিন্নতাৰ কথাকো আওপকীয়াকৈ তুলি ধৰিছে।
শ্ৰমজীৱী মানুহৰ জীৱন সংগ্ৰাম আৰু পুৰুষতান্ত্ৰিকতাৰ বিৰুদ্ধে শ্ৰমজীৱী নাৰীৰ একক সাহসী স্থিতি পুনৰ দেখিবলৈ পোৱা যায় 'সৰীসৃপৰ খোজ' উপন্যাসিকাখনিত। ইয়াৰ কেন্দ্ৰীয় চৰিত্ৰ ভাগ্য নামৰ নাৰীগৰাকী হ'ল শ্ৰমজীৱী শ্ৰেণীৰ প্ৰতিনিধি যাক নিজৰ মাতৃয়ে নিজৰ স্বাৰ্থ অনুসৰি ব্যৱহাৰ কৰা কথাটোৱে এইটো প্ৰতিপন্ন কৰে যে বঞ্চিত লোকসকলৰ মাজতো এগৰাকীয়ে আনগৰাকীৰ দুৰ্বলতাৰ সুযোগ লোৱাৰ প্ৰৱণতা বিৰাজ কৰে আৰু দাৰিদ্ৰ্য আৰু ব্যক্তিস্বাৰ্থই মাতৃৰ তথাকথিত মমতাময়ী ৰূপটোকো বহু সময়ত ক্ষতিগ্ৰস্ত কৰে। মাকৰ হেঁচাত বিবাহপাশত আবদ্ধ হ'বলৈ বাধ্য হোৱা ভাগ্যৰ বাবে বিবাহে আন এক শোষণৰ দুৱাৰ মুকলি কৰে - - পতিৰ দ্বাৰা শোষণৰ। কিন্তু এটা সময়ত সকলো শোষণৰ বান্ধোনৰ পৰা মুক্ত হৈ ভাগ্যই এককভাৱে সংগ্ৰাম আৰম্ভ কৰে। অৱশ্যে অকলশৰে কৰা সংগ্ৰামৰ মাজেৰে নিজৰ দৃঢ়তা প্ৰতিষ্ঠা কৰা ভাগ্যৰ সম্মুখত প্ৰতিবন্ধকৰূপে আহি পৰে বাহ্যিক প্ৰলোভনৰ দ্বাৰা আক্ৰান্ত হৈ বিপথে পৰিচালিত হোৱা নিজৰ কন্যা আৰু নিজৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়া নিজৰ পুত্ৰই। অৱশেষত নিজৰ পুত্ৰই মাকৰেই চৰিত্ৰত কালিমা সনাৰ প্ৰচেষ্টাৰ বিৰুদ্ধে দৃঢ় স্থিতি গ্ৰহণ কৰে ভাগ্যই। এই উপন্যাসিকাখনি শ্ৰমজীৱী অসমীয়া লোকৰ দৈনন্দিন বাস্তৱতাৰ প্ৰকাশ।
'ওলোমা বাগান' উপন্যাসিকাখনি হৈছে এটা প্ৰেমৰ কাহিনী য'ত নায়িকা হৈছে চম্পা। অসমীয়া গ্ৰাম্য সমাজৰ মানুহৰ সংকীৰ্ণতা আৰু স্বাৰ্থপৰতাই তেওঁৰ প্ৰেমত এনেকৈ ভুল বুজাবুজিৰ সৃষ্টি কৰে যে প্ৰেমিক আৰু তেওঁৰ মাজত বিচ্ছেদ আহি পৰে আৰু তেওঁ আন কাৰোবাৰ পত্নী হোৱাৰ বিপৰীতে তেওঁৰ প্ৰেমিকে আধুনিক কৃষিকৰ্মৰ জৰিয়তে নিজকে সফল ৰূপত গঢ়ি তোলে। প্ৰেমিকৰ আকস্মিক মৃত্যুৰ কোনো স্পষ্ট ব্যাখ্যা উপন্যাসিকাখনিত দেখিবলৈ পোৱা নাযায় যদিও ইয়াৰ জৰিয়তে কৃষিত কীটনাশক আৰু ৰাসায়নিক সাৰ ব্যৱহাৰৰ ক্ষতি সম্পৰ্কে এটা ইংগিত দিব খোজা যেন অনুভৱ হয়। উপন্যাসিকাখনিৰ কাহিনীত প্ৰচলিত সামাজিক দ্বন্দ্বসমূহৰ বেছি গভীৰলৈ যোৱা হোৱা নাই আৰু কথকে কাহিনীক সৰলৰৈখিক গতিৰে আগ বঢ়াই নিব খোজাৰ ফলত সময়ে সময়ে কাহিনীয়ে ইয়াৰ গতিশীলতা হেৰুৱাব খোজা যেন অনুভৱ হয়।
পৰম্পৰাগত বাস্তৱবাদৰ আধাৰত গঢ়ি তোলা উপন্যাসিকাকেইখনিত এই বাস্তৱবাদক সবল ৰূপত প্ৰকাশ কৰাৰ বাবে লেখকৰ প্ৰচেষ্টাত সহযোগ কৰিছে ভাষাই। উপন্যাসিকাসমূহত ব্যৱহৃত ভাষা পৰিস্থিতি আৰু চৰিত্ৰৰ সামাজিক প্ৰেক্ষাপট অনুসৰি গঢ়ি তোলাৰ বাবে লেখক বিশেষভাৱে সচেষ্ট হৈছে আৰু সেয়ে ঠায়ে ঠায়ে অঞ্চলভিত্তিক ভাষিক উপাদানৰ সমাহাৰ লেখকে নিঃসংকোচে ঘটাইছে।
***
ঠিকনা :
অধ্যক্ষ, বৰপেটা ছোৱালী মহাবিদ্যালয়
বৰপেটা - ৭৮১৩০১
মোবাইল নং - ৭০০২১৪৩৩২৫