অজয় লিম্বু
আৰম্ভণি :
অর্থনৈতিক বৃদ্ধি আৰু বিকাশ অর্থবিজ্ঞানত
প্রায়েই ব্যৱহৃত দুই শব্দ৷ শব্দ দুটা প্রায়েই এটা আনটোৰ পৰিপূৰক হিচাপে প্রয়োগ কৰা
দেখা যায়৷ যদিও শব্দ দুটাৰ মাজত পাৰ্থক্য নথকা নহয়৷ অর্থনৈতিক বৃদ্ধিয়ে এখন দেশৰ মুঠ
ঘৰুৱা উৎপাদনলৈ দ্ৰব্য আৰু সেৱাৰ মুঠ মুল্য বৃদ্ধি হোৱাকে বুজায়৷ ইয়াক GDP ত প্ৰকাশ
কৰা হয়৷ আনহাতে অর্থনৈতিক উন্নয়ন হৈছে এক বহল ধাৰণা ই অর্থনৈতিক বৃদ্ধিৰ লগতে জনসাধাৰণৰ
অৱস্থাৰ উন্নতি ঘটা, শিক্ষা, স্বাস্থ্য, স্বাধীনতা আদিৰ সম্প্ৰসাৰণক সূচায়৷ ভাৰতবৰ্ষ
এখন উন্নয়নশীল দেশ৷ ভাৰতবৰ্ষৰ সকলো ৰাজ্য সমানে উন্নত নহয়৷ একেদৰে ভাৰতবৰ্ষ এখন কৃষি
নিৰ্ভৰশীল অর্থনীতি৷ ভাৰতবৰ্ষৰ অৰ্থনীতি পৃথিৱীৰ চতুৰ্থ বৃহৎ অর্থনীতি হিচাপে বিবেচিত৷
সম্প্রতি ভাৰতবৰ্ষৰ যি এক অর্থনীতি আছে তাৰ এক বৰ্ণিল ইতিহাস আছে৷ একে দৰে ভাৰতবৰ্ষৰ
প্ৰতিখন ৰাজ্যৰ নিজস্ব অর্থনৈতিক উন্নয়ন তথা পৰিকল্পনাৰ সুকীয়া ইতিহাস আছে৷
ভাৰতবৰ্ষৰ এক অন্যতম উন্নয়নশীল তথা কৃষি নিৰ্ভৰশীল
অর্থনীতি হিচাপে অসমে ভাৰতবৰ্ষৰ অর্থনীতিলৈ এক গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ায়৷ ভৌগোলিক
দিশত অসম উত্তৰ-পূব দিশত অৱস্থিত আৰু ভাৰতবৰ্ষৰ মূল ভূখণ্ডৰ লগত দুৱাৰমুখ হিচাপে কাম
কৰে৷ আৰু ভৌগলিক দিশত অসম অতি চহকী ৰাজ্য৷ অসমৰ মাটি কৃষিকৰ্মৰ বাবে উপযোগী অসম এখন
কৃষিনিৰ্ভৰশীল ৰাজ্য৷ এখন অর্থনীতিৰ তিনিটা বিভিন্ন খণ্ড হৈছে কৃষি, উদ্যোগ আৰু সেৱা
খণ্ড৷ কৃষি খণ্ডই প্রাথমিক উৎপাদনৰ লগত জড়িত যেন খাদ্যশস্য, পশুপালন, মৎস্য, উদ্যানশস্য
ইত্যাদিক সামৰি লয়৷ কৃষিখণ্ড হৈছে যিকোনো এক অৰ্থনীতিৰ ভেটি অৰ্থাৎ কৃষিখণ্ডৰ ওপৰত
ভিত্তি কৰিয়েই অন্য দুইখণ্ড যেনে উদ্যোগ আৰু সেৱাখণ্ড প্রতিষ্ঠিত৷ দেশৰ মুঠ কর্মশক্তিৰ
অধিকাংশ লোক এই খণ্ডৰ লগত জড়িত৷ আনহাতে মুঠ ঘৰুৱা উৎপাদনলৈ এই খণ্ডৰ অৱদান তেনেই নগণ্য৷
গতিকে এই কথাই কৃষিখণ্ডৰ নিম্ন উৎপাদনশীলতাক সূচায়৷ স্বাধীনোত্তৰ কালচোৱাত অসমে গ্রহণ
কৰা উন্নয়ন তথা পৰিকল্পনাৰ পদক্ষেপসমূহ তলত আলোচনা কৰা হল৷
অর্থনৈতিক
সংস্কাৰৰ পূৰ্বৰ পৰিকল্পনা :
উন্নয়নৰ বেলিকা ভাৰতে পৰিকল্পনাৰ সহায় লৈ বাট বুলিছিল৷ কাজেই ভাৰতবৰ্ষই ৰাজহুৱা আৰু ব্যক্তিগতখণ্ডৰ সংমিশ্ৰণৰ এক মিশ্ৰ অৰ্থনৈতিক আৰ্হি গ্ৰহণ কৰিছিল৷ একেদৰে অসমতো এনে পৰিকল্পনা দেখিবলৈ পোৱা গৈছিল৷
১৯৯৯ চনত গ্ৰহণ কৰা অৰ্থনৈতিক সংস্কাৰ ভাৰতীয়
অৰ্থনীতিৰ বাবে এক যুগান্তকাৰী সংস্কাৰ আছিল৷ এনে আর্থিক সংস্কাৰৰ আঁৰত বিভিন্ন আর্থ-সামাজিক
কাৰকে প্ৰভাৱ পেলাইছিল৷ সেইসমূহৰ বিষয়ে পিছত আলোচনা কৰা হৈছে৷ ভাৰতবৰ্ষ তথা অসমৰ পৰিকল্পনাৰ
আলোচনাৰ বেলিকা ১৯৯১ চনৰ অৰ্থনৈতিক সংস্কাৰক ভিত্তিবর্ষ হিচাপে লৈ সংস্কাৰৰ পূৰ্বৰ
আৰু পৰৱৰ্তী পৰিকল্পনা হিচাপে ভাগ কৰিব পাৰি৷
প্রথম পঞ্চবার্ষিক পৰিকল্পনাই (১৯৫১-১৯৫৬)
কৃষিখণ্ডৰ বিকাশৰ বাবে জলসিঞ্চন, শক্তি আৰু সামাজিকখণ্ডসমূহৰ বিকাশ নিশ্চিতকৰণৰ ওপৰত
গুৰুত্ব দিছিল৷ উল্লেযোগ্য যে প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ত দেশে স্বাধীনতা লাভ
কৰা বেছি বছৰ হোৱা নাছিল আৰু আর্থ-৩৪৪সামাজিক দিশত ভাৰতবৰ্ষ পিছপৰি আছিল৷ ভাৰতবৰ্ষই
সেই সময়ত খাদ্যশস্য আমদানি কৰিবলগা হৈছিল৷ গতিকে কৃষিখণ্ডত আত্মনিৰ্ভৰ হোৱাটো প্ৰথম
পঞ্চবার্ষিক পৰিকল্পনাৰ উদ্দেশ্য আছিল৷
দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ (১৯৫৬-১৯৬১)
প্রাধান্য বিষয় আছিল দ্রুত উদ্যোগীকৰণ৷ এই পৰিকল্পাৰ সময়চোৱাত অসমৰ মুঠ ঘৰুৱা ৰাজ্যিক
আয় বৃদ্ধিৰ হাৰ (স্থিৰ দৰত) ১০.৭% আছিল৷ বার্ষিক যৌগিক আয় বৃদ্ধিৰ (compound
Annual Growth) হাৰ প্ৰথম পঞ্চবার্ষিক পৰিকল্পনা ৩.৫%ৰ তুলনাত ১.৯% নিম্ন আছিল৷ একেদৰে
মুঠ ৰাজ্যিক আয় বৃদ্ধি যৌগিক হাৰত ৩% আছিল৷ জনমূৰি আয়ৰ বেলিকা একেই ছবি দেখিবলৈ পোৱা
যায়৷ উল্লেখনীয় যে প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ কালচোৱাত অসমৰ জনমূৰি আয় বৃদ্ধি ৰাষ্ট্ৰীয়
জনমূৰি আয়ৰ তুলনাত সর্বাধিক আছিল৷ কিন্তু দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ত এই হাৰ
প্ৰায় সমান আছিল৷
তৃতীয় পঞ্চবার্ষিক পৰিকল্পনা (১৯৬১-৬৬)ৰ প্ৰাধান্য
বিষয় আছিল সুষম আঞ্চলিক বিকাশ৷ পৰিকল্পনাই ৫% আর্থিক বৃদ্ধি লক্ষ্য আগত ৰাখি আত্মনিৰ্ভৰশীলতাৰ
ওপৰত গুৰুত্ব দিছিল৷ এই পৰিকল্পনাৰ কালচোৱাত অসমৰ আৰ্থিক বিকাশ সন্তোষজনক আছিল৷ ৰাজ্যিক
আয় বৃদ্ধি ৰাষ্ট্ৰীয় আয় বৃদ্ধিৰ তুলনাত বেছি আছিল৷ জনমূৰি আয় বৃদ্ধি স্থিৰ হাৰত ৭.৪%
আছিল৷
পৰিকল্পনা বিৰতি :
ভাৰতৰ পৰিকল্পনাৰ ইতিহাসত ১৯৬৬-১৯৬৯ কালচোৱাক
পৰিকল্পনা বিৰতি বুলি কোৱা হয়৷ এই সময়চোৱাত পঞ্চবার্ষিক পৰিকল্পনা হোৱা নাছিল৷ তাৰ
পৰিৱৰ্তে বার্ষিক পৰিকল্পনাহে গ্রহণ কৰা হৈছিল৷ সেয়েহে এই সময়চোৱাক পৰিকল্পনাৰ ইতিহাসত
পৰিকল্পনা বিৰতি বুলি কোৱা হয়৷ ইয়াৰ মূলতে আছিল সেই সময়ৰ ভাৰতবৰ্ষৰ আৰ্থ-সামাজিক পৰিস্থিতি৷
বিশেষকৈ সেই সময়ত খৰাং বতৰৰ বাবে কৃষি উৎপাদন হ্রাস পাইছিল আৰু খাদ্যশস্য আমদানি কৰিব
লগা হৈছিল৷ তদুপৰি সেই সময়ত ভাৰতৰ চুবুৰীয়া দেশ চীন আৰু পাকিস্তানৰ লগত হোৱা যুদ্ধৰ
বাট বুলিছিল৷ কাজেই ভাৰতবৰ্ষই ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ সংমিশ্ৰণৰ এক মিশ্র অর্থনৈতিক
আৰ্হি গ্রহণ কৰিছিল৷ একেদৰে অসমতো এনে পৰিকল্পনা দেখিবলৈ পোৱা গৈছিল৷ বাবে ভাৰতৰ যথেষ্ট
ক্ষতি হৈছিল৷ গতিকে তেনে এক পৰিস্থিতিত ভাৰতে পঞ্চবার্ষিক পৰিকল্পনা স্থগিত ৰাখিবলৈ
বাধ্য হৈছিল৷
চতুর্থ পঞ্চবার্ষিক পৰিকল্পনাৰ (১৯৬৯-১৯৭৪)
প্রধান বিষয় সমূহ আছিল ৫% মুঠ ৰাজ্যিক উৎপাদন বৃদ্ধি, খাদ্য শস্য উৎপাদনত আত্ম নিৰ্ভৰশীলতা
অর্জন কৰা, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বিকাশ সাধন কৰা, আঞ্চলিক বৈষম্য হ্রাস কৰা আদি৷
পঞ্চম পঞ্চবার্ষিক পৰিকল্পনা (১৯৭৫-৮০) ৰ
মূল প্রাধান্য বিষয় আছিল- দৰিদ্ৰতা দূৰীকৰণৰ কৰাৰ লগতে নিয়োগৰ সা-সুবিধা সৃষ্টি কৰা৷
তদুপৰি এই পৰিকল্পনাৰ কালচোৱাত সামাজিক তথা আর্থিক আন্তগাঁথনিৰ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব
আৰোপ কৰা হৈছিল৷ এই পৰিকল্পনাৰ সফলতা সন্তোষজনক আছিল৷
ষষ্ঠ পঞ্চবার্ষিক পৰিকল্পনাই (১৯৮০-৮৫) সম্পদৰ দক্ষ ব্যৱহাৰ আৰু উৎপাদনশীলতাৰ
ওপৰত গুৰুত্ব দিছিল৷ আধুনিকৰণ, দৰিদ্ৰতা, নিবনুৱা, অসমতা আদিৰ বাবে ব্যবস্থা গ্রহণ
কৰা৷ আর্থিক বিকাশৰ সূচক যেনে মুঠ ৰাজ্যিক উৎপাদন, ৰাজ্যিক আয় আৰু জনমূৰি আয় বৃদ্ধি
সন্তোষজনক আছিল৷
সপ্তম পঞ্চবার্ষিক পৰিকল্পনাৰ (১৯৮৫-১৯৯০)
প্রাধান্য লাভ কৰা বিষয়সমূহ আছিল আর্থিক বৃদ্ধিৰ সমান্তৰালভাৱে সমজিক ন্যায় তথা সমতা
প্রতিষ্ঠা কৰা৷ এই পৰিকল্পনাৰ কালচোৱাত মুঠ ৰাজ্যিক উৎপাদন বৃদ্ধিৰ হাৰ (স্থিৰ দৰত)
৪.২% আছিল৷ একেদৰে মুঠ ৰাজ্যিক আয় বৃদ্ধি হাৰ ১২.৭% আছিল৷ জনমূৰি আয় বৃদ্ধি সন্তোষজনক
আছিল৷
অর্থনৈতিক সংস্কাৰ ১৯৯১ : আগতে উল্লেখ কৰা
অহাৰ দৰে ১৯৯১ চনৰ অৰ্থনৈতিক সংস্কাৰ ভাৰতবৰ্ষৰ পৰিকল্পনা তথা উন্নয়নৰ ইতিহাসত মাইলৰ
খুঁটি হিচাপে বিবেচিত৷ ১৯৯১ চনত গ্রহণ কৰা অৰ্থনৈতিক সংস্কাৰ ভাৰতীয় অৰ্থনীতিৰ বাবে
এক যুগান্তকাৰী সংস্কাৰ আছিল৷ এনে আর্থিক সংস্কাৰৰ আঁৰত বিভিন্ন আর্থ-সামাজিক কাৰকে
প্ৰভাৱ পেলাইছিল৷ তাৰ ভিতৰত- সেই সময়ৰ ভাৰতবৰ্ষৰ ৰাজকোষীয় ভঁৰাল প্ৰায় উদং আছিল, উচ্চ
হাৰৰ মুদ্রাস্ফীতি, দাৰিদ্ৰতা, নিবনুৱা, অসমতা আদি সমস্যাই জুৰুলা কৰিছিল৷ বিশেষকৈ
সেই সময়ৰ ৰাজনৈতিক অস্থিৰতা তথা আঞ্চলিক ৰাজনৈতিক দলৰ উত্থানে ৰাষ্ট্ৰীয় ৰাজনীতিৰ সমীকৰণ
সালসলনি ঘটাইছিল৷ তেনে এক সন্ধিক্ষণত বিশ্ববেংক আৰু আন্তর্জাতিক মুদ্ৰনিধিৰ চৰ্তসাপেক্ষে
নীতি মানি নতুন অর্থনৈতিক সংস্কাৰ কৰিছিল৷ সেই সময়ৰ তদানীন্তন বিত্তমন্ত্রী ড০
মনমোহন সিঙৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল৷ অর্থনৈতিক সংস্কাৰৰ মুখ্য দিশসমূহ আছিল- পূৰ্বৰ
লাইচেঞ্চ ৰাজৰ অৱসান ঘটোৱা, চৰকাৰৰ নিয়ন্ত্রণ হ্রাস কৰা, ব্যক্তিগত খণ্ডক উদগনি যোগোৱা,
অর্থনৈতিক বৃদ্ধি সুনিশ্চিত কৰা৷ এই অর্থনৈতিক সংস্কাৰৰ মূল ভেঁটি আছিল উদাৰীকৰণ
(Liberalisation), ব্যক্তিগতকৰণ (privatisation) আৰু গোলকীকৰণ৷ নতুন আর্থিক সংস্কাৰে
আনি দিয়া এই তিনিটা নীতিৰ ওপৰত ভিত্তি কৰিয়েই আজিৰ ভাৰতবৰ্ষৰ অৰ্থনীতি এই পর্য্যায়
পাইছে৷ এই অর্থনৈতিক সংস্কাৰৰ পৰৱৰ্তী ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি দ্রুত হবলৈ ধৰে, মুদ্রাস্ফীতিৰ
ভয়াবহ ৰূপ নিয়ন্ত্ৰণ কৰিব পৰা গল, বিনিয়োগৰ বজাৰত বিদেশী বিনিয়োগ বৃদ্ধি পালে৷ ব্যক্তিগত
খণ্ডৰ উত্থানে ভাৰতীয় অর্থনীতিলৈ এক বিশেষ অৰিহণা যোগায়, আনহাতে সেৱা খণ্ডই এক অগ্রণী
খণ্ড হিচাপে প্রতিষ্ঠা লাভ কৰে৷
আর্থিক সংস্কাৰৰ
পৰৱৰ্তী পৰিকল্পনা :
অষ্টম পঞ্চবার্ষিক পৰিকল্পনা (1992-1997)ৰ
মূখ্য তথা প্রধান বিষয়সমূহ আছিল – দ্রুত অর্থনৈতিক বৃদ্ধিৰ লগতে নিয়োগ সৃষ্টি কৰা,
অসমতা দূৰ কৰা আৰু আন্ত গাঁথনিৰ বিকাশ সাধন কৰা৷ লক্ষণীয়ভাৱে অর্থনৈতিক সংস্কাৰৰ পৰৱৰ্তী
দ্রুত অর্থনৈতিক বৃদ্ধি দেখিবলৈ পোৱা গৈছিল৷ অসমতো মুঠ ৰাজ্যিক উৎপাদন, ৰাজ্যিক আয়
বৃদ্ধি, জনমূৰি আয় বৃদ্ধি দেখিবলৈ পোৱা গৈছিল৷
নৱম পঞ্চবার্ষিক পৰিকল্পনাৰ (১৯৯৭-২০০১) কালচোৱাত অসমৰ ৰাজ্যিক আয় ৬.৩%
হাৰত বৃদ্ধি পোৱা দেখিবলৈ গৈছিল৷ আৰু জনমূৰি আয় ৭.২৮% হাৰত বৃদ্ধি পাইছিল৷
দশম পঞ্চবার্ষিক পৰিকল্পনাই (২০০১-২০০৬) আর্থিক
তথা সামাজিক আন্তঃগাঁথনিৰ বিকাশৰ লগতে কৃষিখণ্ড আৰু মানৱ সম্পদ উন্নয়নৰ বাবে পদক্ষেপ
গ্রহণ কৰিছিল৷ এই পৰিকল্পনাৰ ফলাফল সন্তোষজনক আছিল৷
একাদশ পঞ্চবার্ষিক পৰিকল্পনা (২০০৬-২০১১)
ৰ সময়ত উচ্চাৰিত হোৱা নতুন শব্দ হৈছে - অন্তর্ভুক্তি বৃদ্ধি, অর্থাৎ অর্থনৈতিক বৃদ্ধিৰ
সমান্তৰালভাৱে সুষম বিতৰণ আৰু সামাজিক ন্যায় প্রতিষ্ঠা কৰা৷ একাদশ পৰিকল্পনাই গ্রামান্নোয়নৰ
ওপৰত গুৰুত্ব দিছিল৷
২০১২-১৭ চনৰ সমছোৱাত দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনা
ঘোষণা কৰা হৈছিল৷ এই পৰিকল্পনা ভাৰত তথা অসমৰ শেষৰটো পৰিকল্পনা আছিল৷ কিয়নো এই পৰিকল্পনাৰ
কার্যকাল শেষ নৌহওঁতেই ২০১৫ চনৰ ১ জানুৱাৰিত NITI AAYOG গঠন কৰি পূৰ্বৰ পৰিকল্পনা আয়োগ
ভংগ কৰা হয়৷ ইয়াৰ লগে লগে পৰিকল্পনা আয়োগৰ যৱনিকা পৰে৷ এই পৰিকল্পনাত প্রাধান্য পোৱা
বিষয়সমূহ আছিল অর্থনৈতিক বৃদ্ধিৰ লগতে বহনক্ষম উন্নয়ন আৰু অন্তর্ভুক্তি বৃদ্ধি সুনিশ্চিত
কৰা৷
সাম্প্ৰতিক
পৰিস্থিতি :
পূর্বে উল্লেখ কৰি অহাৰ দৰে পৰিকল্পনা আয়োগ
ভংগ কৰি ২০১৫ চনৰ ১ জানুৱাৰিৰ পৰা কাৰ্যকৰী হোৱাকৈ NITI AAYOG গঠন কৰা হয়৷ এতেকে সম্প্রতি
পৰিকল্পনাৰ দায়িত্ব NITI আয়োগৰ হাতত ন্যস্ত আছে৷ NITI AAYOG য়ে পূৰ্বৰ পৰিকল্পনা আয়োগৰ
দৰে পঞ্চবার্ষিক পৰিকল্পনা গ্রহণ নকৰে তাৰ পৰিবৰ্তে ১৫ বছৰীয়া Vision Docment, ৭ বছৰীয়া
Stratagy Plan আৰু ৩ বছৰীয়া Action Agenda গ্রহণ কৰে৷ NITI AAYOG যে প্ৰকাশ কৰা কেইটামান
ৰিপোৰ্ট হৈছে - SDG INDIA INDEX, NATIONAL MULTIDIMENSIONAL POVERTY INDEX, INDIA
INNOVATIONS INDEX ইত্যাদি৷ NITI AAYOG পূৰ্বৰ পৰিকল্পনা আয়োগৰ দৰে নীতি নিৰ্ধাৰণকাৰী
সংস্থা নহয় বৰং ই চৰকাৰৰ চিন্তাশীল সংস্থা (Think Tank) হিচাপেহে কাম কৰে৷
সামৰণি :
ওপৰত কৰা আলোচনাৰ পৰা ক’ব পাৰি যে অসমৰ অর্থনৈতিক
উন্নয়ন তথা পৰিকল্পনাৰ নিজস্ব ইতিহাস আৰু ধাৰা আছে৷ অসম এখন উন্নয়নশীল তথা কৃষি নিৰ্ভৰশীল
অর্থনীতি৷ অসমৰ চাহ উদ্যোগে ভাৰত তথা বিশ্বৰ বজাৰত সুনাম অর্জন কৰিছে৷ ই দেশৰ অৰ্থনীতিলৈ
বৃহৎ বৰঙণি আগবঢ়ায়৷ অসমৰ অন্যান্য উদ্যোগসমূহৰ ভিতৰত কৃষিজ, বনজ, প্রাকৃতিক সম্পদ,
খাৰুৱা তেল, প্রাকৃতিক গেছ ইত্যাদি অন্যতম৷ পৰিকল্পনা আয়োগে সীমিত সম্পদৰ দক্ষ ব্যৱহাৰৰ
জৰিয়তে আর্থিক বিকাশ সুনিশ্চিত কৰে৷ স্বাধীনোত্তৰ কালচোৱাত অসমৰ ৰাজ্যিক পৰিকল্পনা
আয়োগে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ বাবে পৰিকল্পনাৰ উদেশ্য আগত ৰাখি লক্ষ্যসমূহ পূৰণৰ
বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল৷
প্ৰসংগ পুথি:
1. Dhar, P.K, The Economy of Assam Including North East India,
Guwahati, 2013.
2. Barpujari, DR, H.K, Assam in the days of the company 1826-1954,
Gauhati, 1963.
3. Census Of India report
4. Planning commission Report
5. NITI AAYOG Report
***
লেখকৰ ঠিকনা:
সহকাৰী অধ্যাপক,
অর্থবিজ্ঞান বিভাগ, শিৱসাগৰ ছোৱালী কলেজ,
শিৱসাগৰ, অসম
