অন্যযুগ/


২০১৬ খ্ৰীঃৰ পৰা অসমত থলগিৰি অসমীয়া মানুহৰ ওপৰত হোৱা হিংসা-উৎপীড়নৰ প্ৰকৃতি বুজিবলৈ এক ঐতিহাসিক দৃষ্টিভংগী

 বাব্‌লু প্ৰসাদ বৰুৱা

(অক্টোবৰ সংখ্যাৰ পাছৰপৰা)

 

(টোকা : এই আলোচনালানিৰ প্ৰথমাংশত আমি থলগিৰি অসমীয়া মানুহৰ ইতিহাস-চেতনাক কিদৰে বহিৰাগত কিছুমান শক্তিয়ে নিয়ন্ত্ৰণ কৰিব লাগিছে, তাৰ এক আভাস দাঙি ধৰিলোঁ৷ হেজাৰ বছৰীয়া কুটিলতাই ঢাকি ৰখা ব্ৰহ্মপুত্ৰ উপত্যকাৰ অসমীয়া সভ্যতাৰ বিষয়টো গভীৰভাৱে আলোচনা কৰিবলৈ যাওঁতে আন আন কেতবোৰ প্ৰাসংগিক প্ৰপঞ্চ সম্পৰ্কে আমাৰ ধাৰণা স্পষ্ট কৰি লোৱা উচিত হ’ব৷ আমাৰ এই দ্বিতীয়ছোৱা লেখাত সভ্যতাৰ প্ৰধান স্তম্ভ ‘সংস্কৃতি’ৰ কিছু দিশ সম্পৰ্কে আলোচনা আগবঢ়াবলৈ যত্ন কৰিছোঁ৷ )

       কেনে বাধা আৰু প্ৰতিকূলতাৰ বিপৰীতে শঙ্কৰদেৱ-মাধৱদেৱ হৈ গোপালদেৱ-ভট্টদেৱকো সামৰি চন্দ্ৰকুমাৰ-বেজবৰুৱা-বাণীকান্ত-জ্যোতিপ্ৰসাদৰ মাজেৰে সুকীয়া-সুকীয়া ৰূপত প্ৰতিভাত অসমীয়া সংস্কৃতিৰ কেন্দ্ৰীয় ধাৰাটো আধুনিক যুগত চলিবলগীয়া হ’ব পাৰে? কথাটো বুজিবলৈ আৰু আধুনিক যুগৰ অসমীয়া সাহিত্য-সংস্কৃতিৰ প্ৰসঙ্গত এক ‘সামগ্ৰিক’ চৰিত্ৰৰ চেতনাবোধ লাভ কৰিবলৈ হ’লেও বেজবৰুৱা-বাণীকান্ত-জ্যোতিপ্ৰসাদ এই তিনিওজন সাহিত্যিকৰ দাৰ্শনিক-ঐতিহাসিক চিন্তাধাৰাৰ গভীৰ অধ্যয়ন আৰু নৱ মূল্যায়নৰ বাবে আমাৰ মনৰ সঁহাৰি আৰু আন্তৰিক প্ৰচেষ্টাৰ একান্তই প্ৰয়োজন বুলি ভাবোঁ৷ সেইদৰে, পুৰুষানুক্ৰমে প্ৰচলিত হৈ অহা অসমীয়া জাতীয় জীৱনৰ আচল জীয়া ঐতিহ্যটোক বাঙ্ময় ৰূপত তুলি ধৰা লোকগীত, সাধুকথাত প্ৰকাশ পোৱা ছবিসমূহ এইখন সমাজৰ মাজত জী উঠা প্ৰক্ৰিয়া এটাকো অনুভৱ কৰিব পাৰিব লাগিব৷ (অৱশ্যে, কৃষি-সভ্যতাৰ ঐতিহ্যটোৰ আঁতৰত গঢ় লৈ উঠা মহানগৰসমূহৰ পৰা ওলোৱা, অসমীয়া ‘মানৱ মন’টোৰ পৰা বিচ্ছিন্ন হৈ পৰা এবিধ যান্ত্ৰিক ‘নাগৰিক’ তথা ‘আধুনিক’ মন প্ৰকৃত মানৱিক ঐতিহ্যটোৰ মাজত সত্য ৰূপত সোমাবলৈ সক্ষম নহয়৷)

       আজি অসমৰ লোকৰ বাবে এই কথাৰো আন্তৰিক উপলব্ধিৰ খুবেই প্ৰয়োজন যে, কেৱল ৰাজনৈতিক অভিপ্সাৰে এবিধ অনাহক সংশয়-নিৰাশাৰ প্ৰতিফলন ঘটাই ঐতিহ্যৰ পুণৰ্নিৰ্মাণৰ নামত CANON প্ৰতিষ্ঠা কৰাৰ হাবিয়াসেৰে স্ব-আৰোপিত যুগস্ৰষ্টাৰ ভূমিকাত অৱতীৰ্ণ হৈ আমাৰ কিছুমান লেখক-সমালোচকে সঙ্কীৰ্ণ গোষ্ঠীস্বাৰ্থৰ প্ৰয়োজনত যি বিভ্ৰান্তিকৰ চিন্তা-মত প্ৰকাশ কৰি থাকে, তত্ত্বৰ নামত তত্ত্বৰ প্ৰয়োগ ঘটা এনে জটৰী সাপহেন চিন্তাৰ পথত ‘সত্য’ৰ ধাৰণাটো দূৰৱৰ্তী আৰু অবোধগম্য হৈয়ে ৰয়৷ আধ্যাত্মিক-দাৰ্শনিক চিন্তাৰ দূৰতে ৰোৱা বজাৰমুখী পৰিৱৰ্তনৰ পক্ষপাতিত্ব থকা সাংবাদিক-বুদ্ধিজীৱীৰ পথত কিন্তু, ঔপনিৱেশিক শাসন আৰু শোষণত ইতিমধ্যে সোলোক-ঢোলোক হৈ পৰা অসমৰ আৰ্থ-সামাজিক গাঁথনি যন্ত্ৰযুগৰ যান্ত্ৰিকতাই যে সম্পূৰ্ণৰূপে ভাঙি পেলাব পাৰে, এই মহাসঙ্কটৰ প্ৰকৃত গুৰুত্ব অনুধাৱন কৰাটোও সম্ভৱ নহয়৷ একেদৰে, উৎপাদনমূলক শ্ৰমৰূপে কৃষি তথা এজন কৃষকৰ ‘ব্যক্তি’ৰূপে প্ৰাপ্য গুৰুত্বৰ পুনঃপ্ৰতিষ্ঠাৰ নিৰ্দেশ এনে ফাঁকডেমা ব্যাখ্যাৰ পৰা পোৱা নাযায়৷

       সাহিত্যতত্ত্ব-কলাতত্ত্ব-সৃষ্টিতত্ত্ব আৰু সেয়ে সংস্কৃতিৰো চৰিত্ৰটোতে দুটা সত্য আছে আৰু প্ৰকৃত সংস্কৃতিৰ প্ৰয়োজনতে এই দুয়োটা সত্যকে আমি বুজিবলৈ চেষ্টা কৰিব পাৰোঁ৷ এহাতে সংস্কৃতি হ’ল এক অনিৰ্বচনীয় আনন্দ অথবা বেদনাৰ, অস্তিত্ব আৰু অধ্যাত্মৰ, অৰ্থ অথবা অনৰ্থৰ অন্বেষণমুখী এবিধ খেল৷ ইও এক তাৎপৰ্যপূৰ্ণ অনুভৱ কৰিবলগীয়া সত্য৷ য’তে আমাৰ হৃদয়-মনে নাচে, গান গাব খোজে, অভিযাত্ৰী অনুসন্ধানী পুলক অনুভৱ কৰে, তাতেই ই আছে৷ একালৰ ভাষা-সাহিত্যত৷ শ্ৰীমন্ত শঙ্কৰদেৱে সক্ৰিয় কৰি যোৱা মহাপুৰুষীয়া দৰ্শনৰ ‘ক্ৰীড়া’, ‘লীলা’, ‘ৰস’, ‘আনন্দ’, ‘প্ৰীতি’ আদি আমাৰ ভাষা-সাহিত্যত এক অপৰিহাৰ্য তাৎপৰ্যৰে শব্দ কেইটামানো সেয়ে সংস্কৃতিৰ প্ৰসঙ্গতো নতুনভাৱে তাৎপৰ্যপূৰ্ণ হৈ পৰে৷ জীৱনৰ জৈৱিক চৰিত্ৰটোতে এবিধ ‘ক্ৰীড়া’ময় ৰূপ আৰু তাৎপৰ্য অনুভৱ কৰিব পাৰি আৰু এইটোও হয়তো ক’ব পাৰি যে আদৰ্শৰ ৰূপত জীৱনক সেইজনেই উপলব্ধি কৰিব পাৰে যাৰ মাজত ‘ক্ৰীড়া’, ‘প্ৰীতি’ আৰু ‘ৰস’ৰ তাৎপৰ্যগত উপলব্ধিও সোমাই আছে৷

       পৰিপূৰ্ণভাৱে জীয়াই থাকিব জনাটোৱেই বা জীৱনৰ খেলখনেই– এটা চিন্তাশীল আৱেগিক ভাব– এক বৃহত্তৰ জীৱনবোধেই অৱশ্যে এক আৰাধনাও হৈ পৰিব পাৰে৷ অসমীয়া সংস্কৃতিৰ ‘শিল্পীৰো শিল্পী’ শঙ্কৰদেৱৰ মনটোৱে আমাক সেই কথাটো জনাব পাৰে৷ জীৱনক অচেতনভাৱে বা তাৰ প্ৰাকৃত ৰূপটোতে বহন কৰিবলৈ নিবিচৰা এবিধ প্ৰাণীয়েই–ৰূপ আৰু তাৎপৰ্য বিচৰা এবিধ মনেই–সৃষ্টিৰ ক্ষেত্ৰতো নামে৷ মানুহৰ অন্তৰাত্মাৰ ব্যাকুলতাই মানুহক কল্পনা আৰু সৃজনীশক্তিৰ অধিকাৰী কৰি ৰাখিছে৷ এই কল্পনাৰূপী জ্ঞান আৰু পোহৰমুখী, পোহৰধৰ্মী সৃজনশীল চৈতন্যৰ সমৃদ্ধি আৰু ব্যাপ্তিত আৰু সেয়ে মানুহৰ সৃষ্টিমুখীতাত জীৱনৰ গতিময়তাৰো আভাস পাব পাৰি৷ মানুহৰ সৃষ্টিত–কলা-সাহিত্যত, গীত-নৃত্য-ছবি-ভাস্কৰ্য-কবিতা-নাটক আদিত আমি জীৱনৰ বিভিন্ন ৰূপ আৰু তাৎপৰ্য আলোকিত হৈ উঠাৰ প্ৰক্ৰিয়া এটাও শব্দ-চিত্ৰ-মুদ্ৰা-তাল-লয়-ছন্দ-ভাব-ভঙ্গীমাৰ প্ৰীতিমুখী প্ৰদৰ্শনৰ এবিধ ‘ক্ৰীড়া’ৰ মাজতে অনুভৱ কৰিব পাৰোঁ৷ সংস্কৃতিপ্ৰসৱী মানুহৰ সৃষ্টিশীল ক্ৰীড়াময় চেতনাত সেয়ে এখন খেলৰ পৰিচয় নাথাকে, আত্মাৰ গভীৰ কন্দৰৰ পৰা উৎসাৰিত এবিধ বোধৰ–আনকি এটা বহল অৰ্থত জীৱনমুখী জীৱনদায়ী ‘এচমকা পোহৰ’ পাব পাৰি৷ এই দৃষ্টি আৰু দৰ্শনৰ বাটতে সংস্কৃতিয়ে ল’ব পৰা এটা বিশেষ চৰিত্ৰৰে সম্ভেদ পোৱা যায়৷

       নতুন চিন্তাৰ পোহৰত এই কথা উপলব্ধি কৰিব পাৰি– সংস্কৃতিৰ মহাতাৎপৰ্যৰ অনুসন্ধান কৰি কৰি– সংস্কৃতিয়ে গ্ৰহণ কৰিব পৰা একাধিক আয়তনৰ তাৎপৰ্যৰ আকৰ্ষণতে– এহাতে নন্দনতত্ত্বৰ পৰা আৰম্ভ কৰি আনহাতে ধৰ্ম-দৰ্শন আনকি সমাজতত্ত্বলৈকে এটা বিশাল বিস্তীৰ্ণ অঞ্চল পৰিভ্ৰমণ কৰিব পাৰি আৰু আন এটা ফালৰ পৰা সংস্কৃতিৰ সামগ্ৰিক তাৎপৰ্য বুজাত বা সংস্কৃতিৰ প্ৰাণটোক, জীৱনটোক অনুভৱ কৰাত– সংস্কৃতিৰ মাজলৈ সোমাই যোৱাত মানুহৰ মনৰ মণিকূটৰ গহন কোণতেই লুকাই থকা ‘শিল্পী’ সত্ত্বাটোৱে বিশেষভাৱে সহায় কৰিব পাৰে৷ আনহাতে, সাৱধানে আৰু সংবেদনশীলভাবে এই ‘শিল্পী চেতনা’ৰ ব্যৱহাৰ নকৰিলে বা গভীৰ আন্তৰিকতা নাথাকিলে ‘নাচ-গান-চিনেমা-কবিতা আবৃত্তি-গল্প-উপন্যাস’ৰ এবিধ একদেশদৰ্শিতাইহে প্ৰাধান্য পাব পাৰে– এবিধ ‘শিল্পী দিৱসো’ চলিব পাৰে– ‘সমাজ’ত জীৱন বা জগতেই অন্তিম বাস্তৱ বুলি সুলভ ৰোমাণ্টিক ধাৰণা এটা প্ৰবল ৰূপত থকাৰ দৰেই৷

       আনহাতে, সংস্কৃতিৰ সাধনা– যি সাধনাত মূলতঃ তাত নিহিত থকা আধ্যাত্মিকতাৰ সঙ্গীতসমূহেই এবিধ অপাৰ্থিবতাৰ পোহৰ দেখুৱাব পাৰে– এই বাটটোৰ বাটৰুৱা হ’বলৈ গভীৰ মনন তথা চিন্তাৰ এটা ভেটিৰ লগত সংলগ্ন হ’ব লাগিব৷ এই বাটটোৰ আদৰ্শৰ দিশতেই গূঢ় গোপনীয় ‘অধিবিদ্যামূলক আৰু ব্ৰহ্মসাধনা’(metaphysics and theology)ৰ তত্ত্বচৰ্চাৰ দিশটো পামগৈ৷ সংস্কৃতিৰ চৰ্চা গভীৰ তাৎপৰ্যৰ হ’বলৈ সত্যাগ্ৰহী এবিধ মনৰেই প্ৰয়োজন৷ কলা, সাহিত্য, ধৰ্ম, ইতিহাস আদি বিষয়সমূহৰ চৰ্চা অগভীৰ হ’লে হ’ব পৰা ‘সংস্কৃতি’ৰ ভুল ব্যাখ্যাৰ পৰা সমাজৰ মানুহক ৰক্ষা কৰিবলৈও তেনে এবিধ মনেই আগ্ৰহী হ’ব পাৰে৷

       এইখিনিতে ‘শিল্পী’ৰ ধাৰণাটো পৰিষ্কাৰ কৰি লোৱাটো যুগুত হ’ব৷ শিল্পী কি? এজন খেলুৱৈ, ৰূপদ্ৰষ্টা-কলাকাৰ বা Artist, কবি-সাহিত্যিক– এজন বিজ্ঞানী– দাৰ্শনিক, ধৰ্মতত্ত্বজ্ঞ – এই ধৰণৰ একাধিক ভূমিকাত শিল্পীৰ তাৎপৰ্যটো আমি বুজিবলৈ চেষ্টা কৰিব পাৰোঁ৷ সংস্কৃতিৰ ধাৰক আৰু বাহককপে সেই শিল্পীৰ স্বৰূপ উপলব্ধিৰ বাবে বিনয়সূচক এটা (আধুনিক মনৰ উপযোগী) নতুন পৰিভাষাকো বিচাৰিব পাৰোঁ৷ এই কথা উপলব্ধি কৰিবলৈ জটিল নহয়– এজন বিজ্ঞানীৰ চিন্তাৰ দৰেই শিল্পীৰ সাধনায়ো মনৰ মাজত প্ৰাতিস্বিক হা-হুতাশন অতসী এবিধ অনাসক্তি (Silence) দাবী কৰিব পাৰে৷ জীৱনৰ পৰা এটা নান্দনিক দূৰত্বতহে ৰসময়ী দৃষ্টিবোধ সম্ভৱপৰ৷ Silenceৰ অৰ্থ ‘পলায়নী ৰিক্ত আৱেগ’ বুলি ধৰি ল’ব নোৱাৰি, সংস্কৃতি আৰু জীৱন একাকাৰ কৰি ল’লেই চিন্তাৰ ক্ষেত্ৰত খেলিমেলিহে হয়৷ আনহাতে, বহুতৰ বাবে এই নান্দনিক দূৰত্বটোৱেই (অক্ষমতাসুলভ সংশয় তথা সন্ন্যাসসুলভ নিৰানন্দবোধকেন্দ্ৰিক হৈ পৰা বাবেই) আকলীয়া হৈ পৰে কাৰণেই সুচল ‘নিৰঙ্কুশ’ জীৱন এটাই আদৰ্শ হৈ পৰিব পাৰে৷ এনে আদৰ্শৰ অৰ্বুদ যাদুঘৰত চমক লগা যাদুৱেই বেছি আকৰ্ষণীয় হ’ব পাৰে, প্ৰজ্ঞাদায়ী চিন্তানুভূতি নহয়৷

       মহৎ বিৱেচক সংস্কৃতি ‘আধ্যাত্মিক সজ্ঞানতাৰে’ই প্ৰতিভূ বা সন্তান৷ সেয়ে, সংস্কৃতিৰ বিশ্বজনীনতা ‘প্ৰকাশ’ পায়– সামাজিক-ৰাজনৈতিক জাত-বিচাৰৰ পৰা দূৰতেই– জুতি বিচাৰৰ এক উজ্জীৱনত, সৌন্দৰ্যত আৰু সৃজনশীলতাত৷ যিহেতু, ই বিশ্বজনীন, সেয়ে, ই বিশেষ-নিৰ্বিশেষে নিৰ্জনতাৰ শব্দ-বোধন৷ সংস্কৃতিৰ সৃষ্টিমুখীতা এটা আৱিষ্কাৰধৰ্ম্মীতাৰ সূত্ৰত আমি পাব পাৰোঁ৷ তাত পুৰণি সত্য কিছুমানৰ নতুন প্ৰাণ অন্বেষণৰো প্ৰক্ৰিয়া এটা থাকিব পাৰে৷ বৈজ্ঞানিক এজনৰ দৰেই শিল্পী এজনো আৱিষ্কাৰক৷ নতুন নতুন সংযোগ-সূত্ৰ, ঐক্য-সূত্ৰ উলিয়াই দেখুৱাটো দুয়োৰে কাম৷ স্বাভাৱিকতে এনে আৱিষ্কাৰধৰ্মী সক্ৰিয়তাই দুয়োকে নিৰাসক্ত, নিঃসঙ্গ, যুগাগ্ৰগামী অভিযাত্ৰীত পৰিণত কৰে৷ সংস্কৃতিৰ অধ্যাত্মৰ প্ৰসঙ্গটোতে ভক্তি আৰু ধ্যানৰ সম্পৰ্কটোও বিচাৰ কৰি চাব পাৰি৷ ভক্তিৰ আদৰ্শটোৰ দৰেই সংস্কৃতি সাৰ্বজনীন৷ কিন্তু, মহাপুৰুযীয়া ধৰ্মতো ভক্তিৰ ক্ষেত্ৰত প্ৰাথমিক বা সাধাৰণ পৰ্যায়তকৈ ওখলৈ গতি কৰিবলৈ সক্ষম হোৱাজনকহে আদৰ্শ ভকতৰূপে লেখত ধৰা হয়৷ সংস্কৃতিৰ উপভোক্তাৰ সমস্যাটোৰ ক্ষেত্ৰতো তেনে আৰ্হিটোকেই আমি আধুনিক যুগত এটা নতুন ৰূপত ল’ব পাৰোঁ৷

       সংস্কৃতিৰ ক্ষেত্ৰত আমি এহাতে পাওঁ শিল্পীৰ গুৰুত্বটো, আনহাতে পাওঁ মানুহৰ গুৰুত্বটো৷ সাধনাত নিপুণতা লাভ কৰিবলৈ শিল্পীজন কিন্তু, তেওঁৰ মাজত থকা মানুহজনৰ উৰ্দ্ধলৈ, নৈৰ্ব্যক্তিকতাৰ উৰ্ধ্বলৈ, ৰসামোদী আৰু সৃজনীশীল পৰ্যায়লৈ উঠিব লাগিব৷ এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে, সংস্কৃতিৰ সাধনাৰ বাটত স্খলন-পতন ঘটিবই, কিন্তু, এই স্খলন-পতনক সামাজিকতাৰ দোহাই দি সমৰ্থন কৰাৰ চেষ্টা কৰিব নোৱাৰি৷ পৰা যায় বা নাযায় সি সুকীয়া কথা, কিন্তু, লক্ষ্য ৰাখিব লাগিব ধ্ৰুৱত৷ এইবাবেই ই স্থূল জাগতিক বিচাৰত লাভজনক হ’ব পৰা ‘নিৰংকুশ’ বাট নহয়, ই জনপ্ৰিয় বাটো নহয়; অথচ এই বাট যি সমাজত হেৰাই যায় বা বিপন্ন হয় তাত আত্মিক সূত্ৰত সম্ভাৱনাপূৰ্ণ মনৰ আধ্যাত্মিক-মানৱিক চেতনাসমূহো বিপৰ্যস্ত হৈ পৰে৷

       এই প্ৰসঙ্গৰ এটা মাত্ৰ দিশ উল্লেখ কৰিলেই কথাটো পৰিষ্কাৰ হৈ উঠিব– মুকলি বজাৰৰ প্ৰতিযোগিতাৰ মাজত কৃষিৰ বিকাশ ব্যাহত হৈ পৰিলেও আন উদ্যোগৰ আনুপাতিক বিকাশে সামাজিক আৰু অৰ্থনৈতিক ভাৰসাম্য বজাই ৰাখিব পাৰিব বুলি এবিধ জেঠীনেগুৰীয়া বিশ্বাস এওঁলোকৰ মনত সক্ৰিয় ৰূপতেই সদাবিদ্যমান৷ যাৰবাবে, কৃষি যে অসমৰ প্ৰেক্ষাপটত কেৱলমাত্ৰ এটা উদ্যোগ নহয়, বৰং মানৱীয় আৰু আধ্যাত্মিক প্ৰমূল্যৰ ফালৰ পৰা এক অতুলনীয় আৰু অবিকল্প জীৱন ধাৰণৰ পদ্ধতি সেইকথা এই পথৰ ‘প্ৰগতিশীলতা’ৰ ব্যাখ্যাত প্ৰকাশ নাপায়৷ এনে তথাকথিত ‘প্ৰগতি’ৰ পদাতিকসকলৰ পথত খোজ থৈ কৃষিৰ সৈতে জড়িত লোকসকলে সামাজিক আৰু অৰ্থনৈতিক আৱেষ্টনীৰ সুস্থিৰ পৰিৱেশৰ পৰা ওলাই আহি পদে-পদে অনুভৱ কৰে যে, তেওঁলোকৰ আৰ্থিক নিৰাপত্তাৰ সৈতে মানুহৰূপে তেওঁলোকৰ পাৰস্পৰিক সম্পৰ্কৰ নিভাঁজ সৰলতাও যেন ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম হৈছে৷

       গাঁওসমূহৰ পৰা অনেক দূৰলৈ আঁতৰি গৈ মহানাগৰিক হ’ব খোজা লোকসকলেই আৰ্থ-সামাজিক প্ৰমূল্যৰ আধাৰত বিশ্বাসৰ শুদ্ধতা তথা জীৱনৰ মূল্যায়ন কৰিবলৈ যাওঁতে পদে-পদে সংশয় আৰু বিভ্ৰান্তিৰ সন্মুখীন হ’বলগা হয়৷ যন্ত্ৰ সভ্যতাৰ সম্প্ৰসাৰণে আনি দিয়া আৰ্থ-সামাজিক ব্যৱস্থাৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মাজত নিজৰ স্থিতি অটুট ৰখাৰ তাড়নাত মনৰ বৌদ্ধিক আৰু আনুভূতিক চেতনাসমূহ আওকাণ কৰি যন্ত্ৰৱৎ শক্তিবাদ-গোষ্ঠীবাদ-উপযোগিতাবাদৰ সোঁতত নিজকে এৰি দি মানুহ উৎকট ‘বস্তুবাদ’ৰ দাস হৈ পৰে৷ মানুহ মানুহৰ পৰিৱৰ্ত্তে এক আত্মকেন্দ্ৰিক ব্যক্তিলৈ ৰূপান্তৰিত হ’বলৈ ধৰে আৰু তেওঁলোকৰ আচাৰ-ব্যৱহাৰত স্ব-প্ৰণোদিত মানৱীয়তাৰ পৰিৱৰ্ত্তে আহি পৰে এক যান্ত্ৰিক কৃত্ৰিমতা৷ আধ্যাত্মিক আৰু নৈতিক চেতনা স্থবিৰ হৈ পৰিলেই হতাশা আৰু বিৰক্তিত মানসিকভাবে পঙ্গু হৈ মানুহে জীৱনৰ সম্পূৰ্ণ ৰূপটো উপলব্ধি কৰাৰ সামৰ্থ আৰু মানসিকতা দুয়োটাই হেৰুৱাই পেলায় আৰু মানুহৰ সঙ্কট প্ৰবল হৈ উঠে৷ এইটোৱেই হৈছে অসমতে গোপনে-গোপনে ‘আত্মঘাতী’ হৈ সত্যৰ দূৰত ৰোৱা এক তামসিক জাগতিকতা, বস্তুবাদৰ প্ৰগতি-তত্ত্বতো সোমাই পৰা এবিধ নতুন অসমীয়া মনৰ দৌৰাত্ম্যৰ মাজত বহু অসমীয়া শিল্পী-কবি-সাহিত্যিক-অধ্যাপক-কথাছবি পৰিচালক-সাংবাদিক-আলোচনী সম্পাদক-ৰাজনৈতিক ‘গণ’ নেতা, ধৰ্মীয় গুৰুৰ সন্মুখত সভ্যতাৰ সঙ্কটে আনি দিয়া চৰম প্ৰত্যাহ্বান৷

(ক্ৰমশঃ)

 

 

ফোন : ৯৮৫৯৫৬৬০১৭

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ