অন্যযুগ/


প্ৰাচীনতাৰ দিনলিপি আৰু এটি অকথিত সাধুৰ পুনঃকথন

 কিশোৰ দাস কোঁৱৰ

 

 অসমীয়া সাহিত্যৰ প্ৰেক্ষাপটত মৌখিক লোককথাসমূহৰ এক সুকীয়া স্থান আছে। সময়ে সময়ে এই লোক-কথাসমূহে আমাৰ সমাজৰ একো একোখন দলিল হিচাপে কাম কৰি আহিছে। লোক-কথাসমূহৰ এক অবিচ্ছেদ্য অংগ হ’ল সাধুকথা। এই সাধুকথাসমূহৰ বিভিন্ন কাহিনী, চৰিত্ৰ যেতিয়াই সাহিত্যৰ মাজলৈ অনা হ’ল তেতিয়া দেখা গ’ল যে সাধুকথাবোৰ কেৱল সাধুকথাই নহয় বিপৰীতে ই যেন বাস্তৱ সমাজৰ জীয়া ছবি। বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ৰ অন্তৰ্গত প্ৰায়সমূহ সাধুৰ ওপৰতে ইতিমধ্যে কবিতা, গল্প, নাটক আনকি কথাছবিও নিৰ্মিত হোৱা আমি দেখিবলৈ পাইছোঁ। কিন্তু এই আটাইবোৰৰ ভিতৰত ৰত্না দত্তৰ নাম বিশেষভাৱে উল্লেখযোগ্য। ৰত্না দত্তই ‘বাস্তৱতাৰ পৰশেৰে মুখ-পৰম্পৰা প্ৰচলিত মিথটিক উপন্যাসৰ ৰূপত সজাইছে’ (এশ বছৰৰ অসমীয়া উপন্যাস, পৃষ্ঠা-১৮৭)। লোককথাসমূহৰ, বিশেষকৈ ‘বুঢ়ী আইৰ সাধু’ৰ কোনো এটা চৰিত্ৰক বাস্তৱ সমাজৰ কাঠগড়াত থিয় কৰাই নতুনকৈ চোৱাৰ যি অৱকাশ তেওঁ পাঠকক দিছে সেয়া অসমীয়া সাহিত্যত সঁচাকৈয়ে বিৰল আৰু একেবাৰে নতুন ঘটনা বুলিয়েই ক’ব পাৰি।

অসমীয়া সাহিত্য জগতত ৰত্না দত্তৰ আন দিশবোৰ আঁতৰাই থলেও মাথোঁ এটা কাৰণতেই ৰত্না দত্তৰ নাম সদায় একক আৰু অন্যন্য হৈ থাকিব যে তেৱেঁই হ’ল অসমীয়া লোককথাৰ চৰিত্ৰ এটিক প্ৰকৃত আৰু সাৱলীলৰূপত উপন্যাসৰ ৰূপত উপস্থাপন কৰা প্ৰথমগৰাকী ঔপন্যাসিক। লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ৰ অন্তৰ্গত এটি অতি জনপ্ৰিয় আৰু উল্লেখযোগ্য সাধু তেজীমলাৰ সাধু’ৰ তেজীমলাৰ মাহীমাকক নতুন ৰূপত উপস্থাপন কৰিছে ‘দ্বিতীয়া’ উপন্যাসৰ মাজেৰে। উপন্যাসখনৰ মূল উপজীৱ্য বিষয় সম্পৰ্কে উপন্যাসখনৰ পাতনিতে ঔপন্যাসিক ৰত্না দত্তই এইকথা নিজে স্বীকাৰ কৰিছে যে– ‘তেজীমলাৰ দ্বিতীয়া মাক, সাউদৰ দ্বিতীয়া পত্নী কিয় ইমান নিৰ্মমভাৱে হৃদয়হীনা হ’ল? ..... তেজীমলাৰ কাহিনীটো শুনিলে, পঢ়িলে, তেজীমলাৰ অপৰিসীম দুখ-কষ্টৰ অনুভৱৰ উপৰিও বাৰে বাৰে মনলৈ এটা প্ৰশ্ন আহে, তেজীমলাৰ দ্বিতীয়া মাকে কেনেকৈ তেজীমলাক হত্যা কৰিব পাৰিলে? তেওঁ কিয় ঘৃণাৰ পাত্ৰী হৈ অসমীয়া সমাজৰ মন-মগজুত সোমাই পৰিল? হয়, সেয়ে মোৰ প্ৰতিপাদ্য।’ লোক পৰম্পৰাগতভাৱে অসমীয়া মানুহৰ মুখে মুখে বহুৱা, কপটীয়া, খলনায়িকা আৰু এগৰাকী হৃদয়হীনা নাৰীৰূপে পৰিচিত তেজীমলাৰ মাহীমাকক প্ৰচলিত চেতনাৰ বিপৰীতে এক নতুন ৰূপত, নতুন পৰিচয়ৰে, নতুন দৃষ্টিভংগীৰে ৰত্না দত্তই ‘দ্বিতীয়া’ উপন্যাসৰ মাজেৰে তুলি ধৰিছে। উপন্যাসখনৰ মাজেৰে যে কেৱল পাঠকক ঔপন্যাসিকগৰাকীয়ে তেজীমলাৰ মাহীমাকক নতুনকৈ চোৱাৰ অৱকাশেই দিছে তেনে নহয়; বিপৰীতে লগে লগে উন্মোচিত হৈছে নাৰী জীৱনৰ প্ৰাপ্তি-অপ্ৰাপ্তি, হা-হতাশা, নাৰীৰ কামনা-বাসনা, জৈৱিক স্পৃহা আৰু নাৰীমনৰ চিৰশাশ্বত স্বাভাৱিক প্ৰবৃত্তি। দৰাচলতে এগৰাকী নাৰীৰ বিচিত্ৰা ৰূপ বাস্তৱ, কলাতীৰ্ণৰূপত প্ৰতিফলিত হৈছে ‘দ্বিতীয়া’ উপন্যাসৰ তেজীমলাৰ মাহীমাক চৰিত্ৰটোৰ মাজেৰে। আনহাতে এইখিনিতে উপন্যাসখনৰ শিৰোনামটোৰ কথা উল্লেখ কৰি যোৱাটো উচিত হ’ব। উপন্যাসখনৰ শিৰোনাম ‘দ্বিতীয়া’ দৰাচলতে ঔপন্যাসিক ৰত্না দত্তই উপন্যাসখনৰ মাজেৰে কি ক’ব বিচাৰিছে সেয়া শিৰোনামাটোৰ পৰাই ধাৰণা কৰিব পাৰি।‌ প্ৰতিটো বস্তুৰে প্ৰথমটোৰ প্ৰতি মানুহৰ যি হেঁপাহ, আগ্ৰহ সেয়া দ্বিতীয় পৰ্যায়ৰ ক্ষেত্ৰত দেখা নাযায়! সেয়া লাগিলে প্ৰেম-ভালপোৱাৰ ক্ষেত্ৰতে হওক নতুবা বিৱাহৰ ক্ষেত্ৰতে হওক। দ্বিতীয় সদায় দ্বিতীয়ই, সি কেতিয়াও প্ৰথমৰ স্থান অধিকাৰ কৰিব নোৱাৰে। সেইফালৰ পৰাও ঔপন্যাসিক এইক্ষেত্ৰত সফল হৈছে।

উপন্যাসখনৰ পাতনিত ঔপন্যাসিকগৰাকীয়ে উল্লেখ কৰা আন এষাৰ কথা এইখিনিতে উনুকিয়াই যোৱাটো উচিত হ’ব যে -  “সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ৰ ‘তেজীমলা’ নামৰ সাধুটোৰ পৰা তেজীমলাৰ দ্বিতীয় মাকক মই নায়িকা হিচাপে তুলি ললোঁ। তেওঁ পিছে পৰম্পৰাগত, আদৰ্শ নায়িকা নহয়। তদুপৰি ৰসৰাজৰ সাধুত অৱশ্যম্ভাবীৰূপে লাগি থকা হাস্যৰসক মই সচেনভাৱে পৰিহাৰ কৰিছোঁ।” দৰাচলতে ‘দ্বিতীয়া’ উপন্যাসখনৰ মাজেৰে নাৰী মনঃস্তত্বৰ বহুতো দিশ প্ৰতিফলিত হৈছে। ‘দ্বিতীয়া’ উপন্যাসখনত ‘তেজীমলা’ৰ সাধুটোৰ কাহিনীক আধাৰ কৰি ল’লেও ইয়াত কিন্তু কাহিনী নিৰ্মাণ কৰা হোৱা নাই। ইয়াত তেজীৰ মাহীমাকৰ মানসিক অৱস্থা প্ৰকাশৰ উপযোগী এটা পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে মাথোঁন।

অসমীয়া সাধুকথাত ‘তেজীমলা’ৰ সাধুত তেজীৰ মাহীমাক, ‘তেজা-তুলা’ৰ সাধুত তেজাৰ মাহীমাক এই চৰিত্ৰবোৰে মানুহৰ মন-মগজুত এনেদৰে দানা বান্ধি ৰৈ গ’ল যে মাহীমাক মানেই নিৰ্দয়া, হৃদয়হীনা এগৰাকী কাঠচিতীয়া নাৰী। কিন্তু কি পৰিস্থিতিয়ে, কি তাড়নাই তেওঁলোকক এনে এগৰাকী নাৰীলৈ ৰূপান্তৰ কৰে, সেইকথা ভবাৰ অৱকাশ কাৰো নাই! এগৰাকী নাৰীয়ে জীৱনত সদায় পূৰ্ণতা বিচাৰে, প্ৰাপ্তি প্ৰতিগৰাকী নাৰীৰ জীৱনৰ কাম্য। জনা হোৱাৰ পৰা বুজা হোৱালৈকে প্ৰতিগৰাকী নাৰীয়ে মানস পটত এজন সপোন কোঁৱৰৰ পট আঁকি থাকে, কামনা কৰি থাকে এখন ভাল ঘৰৰ! কিন্তু বিয়াৰ পিছত যেতিয়া এই সপোনবোৰ বাস্তৱৰ লগত সম্পূৰ্ণ ব্যতিক্ৰম হয়, যেতিয়া কাৰোবাৰ দ্বিতীয়া পত্নী, কাৰোবাৰ মাহীমাক, কাৰোবাৰ ৰখীয়া আৰু ভোগৰ সামগ্ৰী হিচাপে জীৱন নিৰ্বাহ কৰিবলগীয়া হয়, তেতিয়া সেই নাৰীগৰাকীৰ মনস্তাত্বিক দিশটোৰ অৱস্থা কেনে হ’ব পাৰে সেয়া একমাত্ৰ সেই নাৰীগৰাকীয়েহে উপলব্ধি কৰিব পাৰে, সপোন ভঙাৰ যন্ত্ৰণা কিমান গভীৰ সেয়া তেওঁহে বুজিব পাৰে। ফুলশয্যাৰ নিশাই উপন্যাসৰ নায়িকাই কেনে এক অস্বাভাৱিক পৰিৱেশৰ সন্মুখীন হ’বলগীয়া হৈছে তাৰ বৰ্ণনা ঔপন্যাসিক ৰত্না দত্তই অতি জীৱন্ত ৰূপত দাঙি ধৰিছে সাউদৰ মুখৰ কথাৰে – “ৰ’বাচোন, মই মলাক অকমান চাই আহোঁগৈ”(পৃষ্ঠা-২১) । আকৌ “মই আচলতে তেজীক শুৱাই আহিলোঁ । সেয়ে অলপ পলম হ’ল” পৃষ্ঠা- ২২) । এগৰাকী নৱপৰিণীতা ফুলশয্যাৰ পাটগাভৰুৰ আগত যেতিয়া সাউদে তেওঁৰ প্ৰথমা পত্নীৰ কন্যাক আগস্থান দিছে তেতিয়া সেই মিলনপিয়াসী নাৰীগৰাকীৰ মনত কেনে ধুমুহাৰ সঞ্চাৰ হ’ব পাৰে সি কল্পনাৰো অগোচৰ।

সৌন্দৰ্য-ছোৱালী-বয়স এই তিনিটা যেন এগৰাকী ছোৱালীৰ পৰম সম্পদ। সৌন্দৰ্য নাথাকিলে যেন ছোৱালী হৈ জন্ম লোৱাটোৱেই এক অভিশাপস্বৰূপ। যাৰ ফলস্বৰূপে আমাৰ উপন্যাসৰ নায়িকাই সাউদৰ দ্বিতীয়া পত্নী হিচাপে অৰ্পণ কৰিবলগীয়া হ’ল। উপন্যাসখনত নায়িকাই এইকথা নিজেই স্বীকাৰ কৰিছে -

“ময়ো যদি কাৰোবাৰ প্ৰেমত পৰিলোঁহেতেঁন! মোৰো যদি এজন প্ৰেমিক থাকিল হেঁতেন! নাই, তেনে কোনো ঘটনা মোৰ জীৱনত নঘটিল। আচলতে কোনো মধুৰ ঘটনাই মোৰ জীৱনত নঘটিল। সকলোৱে কয়, মই হেনো দেখাত বৰ ভাল নহয়। একেবাৰে আপচু নহ’লেও, মই দেখনিয়াৰো নহয়। মোক কোনেও বিশেষ ভাল নোপোৱাৰ কাৰণ এইটোৱেই নেকি বাৰু? কিমান ডেকা আহিল গ’ল! ... কিন্তু কোনো এজন ডেকায়েই এই কামবোৰৰ মাজেৰে মোৰ প্ৰতি বিশেষ আকৰ্ষণ প্ৰদৰ্শন নকৰিলে। মই দেখাত অশুৱনি হোৱাটোৱেই এনে হোৱাৰ কাৰণ নেকি?” ( পৃষ্ঠা- ৫) ।

ঔপন্যাসিকগৰাকীয়ে উপন্যাসখনৰ মাজেৰে যদিও নাৰী মনঃস্তত্ত্বৰ অন্তদ্বন্দ্ব, হিংসা, ক্ষোভ তেওঁ নিজেই সাউদৰ দ্বিতীয় পত্নীৰ স্থানত থাকি হিয়া উজাৰি প্ৰকাশ কৰিছে, জ্বলন্ত স্ফুলিংগৰ দৰে জ্বলি উঠিছে তৎসত্ত্বেও ঔপন্যাসিকৰ উদ্দেশ্যেত ঘোষিত হৈছে – “নাৰীৰ প্ৰেমৰ সম্পৰ্কত মৌলিক প্ৰবৃত্তিৰ তাড়না আৰু নাৰীৰ হৃদয়বৃত্তিক পোহৰলৈ অনা।” দৰাচলতে সাউদৰ বাবেহে এয়া দ্বিতীয় বিৱাহ আছিল, তেওঁৰ আৱেগবোৰো দ্বিতীয় আছিল, কিন্তু উপন্যাসৰ নায়িকাৰ বাবেতো এয়া জীৱনৰ এচোৱা প্ৰথম আৰু পৱিত্ৰ সময় আছিল, নায়িকাৰ ষোড়শী কামনা-বাসনাবোৰতো দ্বিতীয় নাছিল। এগৰাকী কন্যাসম ছোৱালীৰ কামনা-বাসনা বৃদ্ধ সাউদে পূৰাব পাৰিবনে? এই চেতনা সাউদৰ মনলৈ এবাৰো অহাটো উচিত নাছিলনে? নে এগৰাকী ছোৱালীক কেৱল প্ৰয়োজনৰ আহিলা হিচাপে, প্ৰথমা পত্নীৰ ঠাই পূৰাবলৈ, নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ব্যৱহাৰ কৰাটোৱেই সাউদৰ অভিসন্ধি আছিল? উপন্যাসখনৰ নায়িকা যে সাউদৰ এগৰাকী ৰখীয়াৰ বাদে আন একো নহয় সেয়া সাউদৰ কথাৰ মাজেৰেই স্পষ্টৰূপত উন্মোচিত হৈছে – “মোৰ, জেউতিৰ আৰু তেজীৰ হৃদয় যেন একেডাল সূতাৰে গঁথা আছিল। অথচ! আমি কাহানিও নিছিগিব বুলি ভবা মণিধাৰৰ আটাইতকৈ শক্তিশালী মুক্তা-মণিটিয়েই খহি পৰিল; জেউতি নোহোৱা হ’ল। জেউতি অবিহনে আমাৰ কম কষ্ট হৈছেনে? মই বৰ আশা কৰিছোঁ যে তেজীক তুমি নিজৰ ছোৱালী বুলি ভাবিবা। তাই তোমাৰ লগত থাকি যেন একো দুখ নাপায় তালৈ মন কৰিবা”( পৃষ্ঠা-২৩) । বহুত সময়ত এগৰাকী দ্বিতীয়া পত্নীয়ে ‘সতিনী’, ‘মাহীমাক’ এই অভিধাবোৰৰ পৰা আঁতৰি থাকিব বিচাৰিলেও যে গ্ৰাম্য সমাজৰ পৰচৰ্চা, পৰসমালোচনাই তাক প্ৰতিক্ষণে মনত পেলাই দিয়ে, সেই কথাবোৰে হানি-খুচি বিধ্বস্ত কৰে সেইকথাও ঔপন্যাসিক ৰত্না দত্তই অতি সচেতনভাৱে দাঙি ধৰিছে ন-কইনা চাবলৈ অহা তিৰোতা দুগৰাকীৰ কথাৰ মাজেৰে – “এতিয়া তেজীক নিজৰ ছোৱালীৰ দৰে ব্যৱহাৰ কৰিবা। তাইক কষ্ট খাবলৈ নিদিবা।” আকৌ সাউদৰ কথাৰ মাজেৰে – “তেওঁ তেজীক কষ্ট দিব বুলি কেনেকৈ ভাবিব পাৰিলে? তেজীৰ দুখৰ কাৰণ হ’বলৈ নহয়, তেজীৰ সুখৰ বাবেহে মই তেওঁক আনিছো”( পৃষ্ঠা-২৭)। গতিকে মাহীমাক হিচাপে উপন্যাসখনৰ নায়িকাক প্ৰচলিত চিন্তা-ধাৰাৰে সমালোচনা কৰি তেওঁৰ মনত ঈৰ্ষাৰ বীজ পোষণ কৰাত সেই সমাজখনৰো ভূমিকা অপাৰ। নাৰীমনৰ পৰিৱৰ্তিত ৰূপ এটাৰ ইংগিত ঔপন্যাসিকে ইয়াৰ মাজেৰে তুলি ধৰিছে।

মাতৃত্ব এগৰাকী নাৰীৰ বাবে জীৱনৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ! বিৱাহিত প্ৰতিগৰাকী নাৰীয়েই বিচাৰে মাতৃত্বৰ গৌৰৱেৰে উজ্জীৱিত হ’বলৈ। উপন্যাসখনৰ নায়িকা অৰ্থাৎ তেজীৰ মাহীমাকৰো আছিল নিজৰ সন্তানৰ স্পৰ্শেৰে বুকু উমাল কৰাৰ হেঁপাহ, সেয়েহে তাই সাউদক অন্তৰংগ মুহূৰ্ত এটিত অতি আবেগেৰে কৈছিল-

“আমাৰ এটি সন্তান নহ’বনে?” কিন্তু সাউদে কোৱা – “এতিয়াই নহয়। এতিয়াই এইবোৰ কথা নাভাবিবা। এই ঘৰখনৰ সৈতে, তেজীৰ সৈতে তোমাৰ সম্পৰ্কটো সহজ হৈ উঠক”( পৃষ্ঠা-২০)। এই কথাখিনিয়েও নায়িকাৰ মাতৃত্বৰ প্ৰতি সাউদে ভেঙুচালি কৰা যেন হে দেখুৱালে। স্বামী-স্ত্ৰীৰ নিবিড়, অন্তৰংগ মুহূৰ্তবোৰতো যদি সাউদে বাৰে বাৰে তেজী আৰু তেওঁৰ মৃতপত্নীৰ কথা ৰোমন্থন কৰি থাকে, তেনে মুহূৰ্তত সেই নাৰীগৰাকীৰ মানসিক অৱস্থাই কি ৰূপ ল’ব পাৰে এবাৰ ভাবকচোন। আমি আগতেই উল্লেখ কৰি আহিছোঁ যে সাউদৰ বাবেহে এয়া দ্বিতীয় বিৱাহ আছিল, কিন্তু নায়িকাৰ বাবে এয়া তেওঁৰ প্ৰথম বিৱাহ আৰু প্ৰথম স্বামী আছিল। তেওঁৰ সপোন, গাভৰু কালৰ মধুৰ স্বপ্নবোৰতো দ্বিতীয় নাছিল! সাউদৰ অজস্ৰ ধন, সম্পত্তি তাইৰ ঘৰখনৰ কাম্য আছিল, তাইৰ নহয়। গতিকে তাৰ কষ্ট অকলেই তাই কিয় ভোগ কৰিব! সেয়েহে নায়িকাই প্ৰচণ্ড ক্ষোভেৰে নিজৰ মাজতে গুজৰি-গুমৰি প্ৰশ্ন কৰিছে – “মানুহবোৰে যে কৈছে, ধন-সোণ, মণি-মুকুতাৰ মাজত থাকি মই দুদিনমান পাছতে সকলো যন্ত্ৰণা পাহৰি কেৱল আনন্দ কৰিব পৰা হ’ম - মানুহবোৰক মোৰ চিঞৰি চিঞৰি সুধিবৰ মন গৈছে, ধন সোণেৰে যৌৱন কিনিব পাৰিনে? যৌৱনৰ অভাৱ ধন- সোণে পূৰাব পাৰেনে? যি ধন-সোণৰ চিকমিকনি দেখুৱাই সাউদে মোক নিবলৈ ওলাইছে, সেই ধন সোণেৰে মোৰ অপাৰ যৌৱনক তেওঁ চম্ভালি ৰাখিব পাৰিবনে? পত্নীৰ মৃত্যুত বহুদিন ধৰি চকুলো টুকি জীয়েকৰ চোৱা-চিতা কৰিবলৈ অৱশেষত বিয়া কৰোৱা মানুহ এটাই নতুন মানুহজনীৰ মনৰ ধুমুহাৰ উঠা-নমাৰ বুজ ল’ব পাৰিবনে? কোনোবা সুন্দৰ ৰাতি তেওঁৰ কোমল শেতেলীত মোৰ শৰীৰটো যদি হেঁপাহত বাঢ়ি আহে, তেওঁ মোৰ সেই হেঁপাহ, সেই পিয়াহ পূৰাব পাৰিবনে? তাকে যদি কৰিব নোৱাৰে তেন্তে কিয় বিয়া কৰাবলৈ ওলাইছে তেওঁ মোক? নিজৰ সা-সম্পত্তিৰ শ্ৰীবৃদ্ধিত তেওঁৰ ছোৱালীজনীৰ দায়িত্বই আউল লগাইছে? তেওঁ সেই সমস্যাৰ পৰা মুক্ত হ’বলৈকে মোক বিয়া কৰাইছে”(পৃষ্ঠা-১৮ )। শৈশৱৰ সেই চঞ্চলা ছোৱালীজনীয়ে পাছৰ সময়ছোৱাত নিজৰ পৰিৱৰ্তনত নিজেই তবধ মানিছিল। আন দহজনী ছোৱালীৰ দৰে তায়ো (নায়িকাই) বিচাৰিছিল সপোন কোঁৱৰৰ সতে সুখৰ সংসাৰ গঢ়িবলৈ। কিন্তু সাউদে যেতিয়া অনবৰতে তেওঁৰ মৃত পত্নীৰ গুণ-গৰিমা, জেউতিৰ ৰূপৰ বৰ্ণনা কৰি তাইৰ সেই আৱেগত আঘাত কৰে তেতিয়াই যেন তাইৰ অন্তৰত উমি উমি জ্বলি থকা জুইকুৰা ভমককৈ জ্বলি উঠে! তাই ৰূপান্তৰিত হয় এগৰাকী অন্য নাৰীলৈ, কিন্তু তাইৰ অজ্ঞাতে। সাউদৰ মুখত অহৰহ তেজী, জেউতিৰ নাম শুনি শুনি তাই অতিষ্ঠ হৈ পৰে, সেয়েহে তীব্ৰ আক্ৰোশত তাই চিৎকাৰ কৰি উঠে – “জেউতি! ... জেউতি! তেজীমলা! হয়, হয় এইবোৰ শব্দই উচ্চাৰণ কৰি আছিল তেওঁ!... জেউতি নে তেজীমলা কাক আচাৰ মাৰি পঠিয়ালোঁ মই? ... তেওঁ মোৰ যৌৱনক শিলত আচাৰ মাৰি পেলাইছে! তেওঁৰ এইখন দ্বিতীয় বিৱাহ হয়! কিন্তু মই! মোৰতো এইখন দ্বিতীয় বিৱাহ নহয়” (পৃষ্ঠা -২৪)। পৰিৱৰ্তনৰ চাকনৈয়াত নাৰীৰ মন কেনে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে আৰু শেষত সেই নাৰীগৰাকীয়ে ক’ব নোৱৰাকৈয়ে তাৰ পৰিণতি কিমান ভয়াৱহ দিশলৈ গতি কৰে, সেয়া তেজীৰ মাহীমাকৰ চৰিত্ৰৰ মাজেৰে মনঃ সমীক্ষাত্মক দৃষ্টিৰে এনে এটা বাস্তৱ সত্যকে প্ৰতিপন্ন কৰিবলৈ বিচাৰিছে ঔপন্যাসিক ৰত্না দত্তই।

উপন্যাসখনৰ নায়িকা অৰ্থাৎ সাউদৰ দ্বিতীয় পত্নী শৈশৱৰ পৰাই আছিল শিল্পীসুলভ মনৰ গৰাকী। তাই গান গাই ভাল পাইছিল। সকলোকেই সহজে আপোন কৰি ল’ব পাৰিছিল। কিন্তু বৃদ্ধ সাউদৰ লগত বিয়া হৈ তাই জীৱনৰ কোনো নতুনত্বই বিচাৰি পোৱা নাছিল! সেয়েহে সেই মানুহজনৰ লগত, প্ৰথমা পত্নীৰ কন্যা তেজীৰ লগত তাইৰ সম্পৰ্ক ক্ৰমাৎ বৈচিত্ৰ্যহীন হৈ পৰিছিল। এগৰাকী কোমল মনৰ নাৰীয়ে কেৱল ঐশ্বৰ্য-বিভূতিৰ মাজত থাকি হৃদয়ৰ যন্ত্ৰণাক উপলব্ধি কৰিব নোৱাৰা পুৰুষ এজনৰ কামনাৰ সহচৰী হৈ, প্ৰথমা পত্নীৰ কন্যাৰ ৰখীয়া হৈ পৰিল! কিয়নো বিয়াৰ যোগেদি নাৰীয়ে সদায় পূৰ্ণতা বিচাৰে! বিপৰীতে আমাৰ নায়িকাৰ জীৱনলৈ আহিল একধৰণৰ স্থৱিৰতা।এনে অনুকুল পৰিৱেশৰ দোমোজাত থিয় হৈ যেন নায়িকাই এটা পংকিল পথৰ সন্ধান কৰিলে।

এগৰাকী নাৰীৰ অন্তৰত যেতিয়া প্ৰেমৰ বিপৰীতে প্ৰতিহিংসাই ঠাই লয় আৰু সেই নাৰীগৰাকীৰ আত্মৰতিৰ পৰা উদ্ভৱ হ’ব পৰা ঈৰ্ষাই যে ক্ৰমশঃ ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে আৰু সেই অৱস্থাটোও যে নাৰী মনৰেই এটা মৌলিক সত্য সেই কথাও ঔপন্যাসিক ৰত্না দত্তই উপন্যাসখনৰ মাজেৰে ঘোষণা কৰিছে আৰু উপন্যাসখনৰ মূল আৱেদনো তাতেই ৰক্ষিত হৈছে। উপন্যাসখনত নায়িকাৰ এই ঈৰ্ষাৰ ভাব অধিক তীব্ৰ হৈ উঠিছে সাউদ বণিজলৈ যোৱাৰ পাছৰ অংশত- “তেজী! তেজীয়েই মোৰ সকলো অশান্তিৰ মূল। তাই যেন এখন জলছবি। ৰাতি টোপনিতো মোৰ চকুত ভাহি থাকে। মোৰ সকলো অশান্তিৰ মূল এই তেজীক নিৰ্মূল কৰিব নোৱাৰিনে?”( পৃষ্ঠা -৪০)। যেতিয়াই নায়িকাৰ মনত এই ধাৰণাই ঠাই লৈছে তেতিয়াৰপৰাই যেন এই চৰিত্ৰটোৰ মাজত এক ধৰণৰ মানসিক বিকাৰগ্ৰস্ততা অতিশয় জীৱন্ত ৰূপত ফুটি উঠিছে। আচলতে ঈৰ্ষাৰ দাৱানালত জ্বলি নায়িকাই শেষৰ ফালে কি কৰিছে নিজেই ক’ব নোৱাৰে। তেজীমলাক তাই কিয় হত্যা কৰিলে, কিয় লোক সমাজৰ মাজত ঘৃণাৰ পাত্ৰী হৈ জীয়াই থাকিল সেয়া যেন অনিশ্চয়তাৰ মাজত সোমাই পৰি কাহিনীৰ মেৰপাক বৃদ্ধিহে কৰিছে। নায়িকাই কিয় সাউদৰ চকুৰ মণি তেজীক হত্যা কৰিলে তাৰ প্ৰকৃত বিশ্লেষণ দিবলৈ গৈ যেন ঔপন্যাসিকে নিজেই অনিশ্চয়তাৰ মাজত সোমাই পৰিছে। আচলতে নায়িকাই নিজেও বুজি পোৱা নাই তাই তেজীক কিয় হত্যা কৰিলে। হয়তো দুই ধৰণৰ মানসিক দ্বন্দ্বই নায়িকাৰ মনত ক্ৰিয়া কৰিছিল - প্ৰথমতে, নায়িকাৰ মাতৃত্বৰ পথত তেজীমলা হেঙাৰ হৈ আছিল আৰু দ্বিতীয়তে, তাইৰ যৌৱনক সাউদে প্ৰয়োজনৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছিল। নায়িকাৰ মনস্তাত্ত্বিক দিশটোৰ যি অস্থিৰতা সেয়া আৰু বেছি প্ৰকট হৈ দেখা দিছে তেজীমলাই সখীয়েক সোণপাহিৰ বিয়ালৈ যাবলৈ ওলোৱাৰ আগ মুহূৰ্তত নায়িকাৰ কাৰ্যৰ মাজেদি। তেজীমলাৰ বাবে সাজু কৰা সেই নিগনিটো কেৱল এটা নিগনিয়েই নাছিল, প্ৰতীকি অৰ্থত সি হিংসাৰ এক ভয়ানক প্ৰতীকী ৰূপ। একেদৰে আঙঠাকেইটাও নাৰী মনৰ জিঘাংসাৰ এক পৰিণতি।

উপন্যাসখনৰ শেষৰ ফালে সদাগৰ বণিজৰ পৰা উভতি আহিছে। নায়িকা অৰ্থাৎ সাউদনীয়ে বৰ আশা কৰিছিল যে তাইৰ শাৰীৰিক অৱস্থাটো দেখি সাউদে ক’ব – “মই তোমাক এনেকৈ এৰি দিব নালাগিছিল। ধন-সোণ, মণি-মুকুতাই সকলো নহয়। মানুহৰ জীৱন, জীৱনবোৰহে আচল সম্পদ”( পৃষ্ঠা-৬০)।

কিন্তু বিপৰীতে সাউদে তাইৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নকৰি জীয়েকৰ কথাহে বাৰে বাৰে সুধিছে আৰু নায়িকায়ো বিনা দ্বিধাই স্বীকাৰ কৰিছে – “মই তাইক মাৰি পেলালোঁ... অঁ। মই তাইক ঢেঁকীত খুন্দি মাৰিলো”( পৃষ্ঠা-৬৩)। এই যে নায়িকাৰ স্বীকাৰোক্তি তাত যেন কোনো ধৰণৰ অনুতাপ, অনুশোচনা নাই! নায়িকাৰ এই ক্ষোভ কেৱল তেজী বা সদাগৰৰ ওপৰতে নহয়, এই ক্ষোভ সেই সমাজখনৰ প্ৰতি যিখন সমাজে তাইৰ এই পৰিণতিৰ কাৰণ, নায়িকাৰ ক্ষোভ নিজৰ ঘৰখনৰ ওপৰত। নায়িকাই সাউদৰ ঘৰ এৰা আগ মুহূৰ্তত কোৱা – “ইমানদিনে চাবলৈ সাহ গোটাব নোৱৰা ঢেঁকীশালখনৰ ওচৰ পালোঁগৈ। মাটিবোৰ শুকাই গৈছে, ফাট মেলিছে। ফাট মেলক। সাউদে তাইৰ হাড়-মূৰকে বিচাৰি ফুৰক। তাইৰ হাড়-মূৰৰ মাজত জেউতিৰ তেজ-মঙহ খেপিয়াই ফুৰক”( পষ্ঠা- ৬৪)। এই কথাংশৰ জৰিয়তে নায়িকাই সেই সমাজখনৰ প্ৰতি বিদ্ৰুপ ঘোষণা কৰি আত্মমুক্তিৰ পথৰ সন্ধান কৰিছে। তেজীমলাৰ মাহী মাক কিয় ইমান নিৰ্দয়া হ’ল, এগৰাকী নাৰী হৈ আন এগৰাকী নাৰীক কেনেকৈ হত্যা কৰিব পাৰিলে? তেওঁ কিয় ঘৃণাৰ পাত্ৰী হৈ যুগ যুগ ধৰি অসমীয়া সমাজৰ মন-মগজুত হত্যাকাৰিণী হিচাপে জীয়াই থাকিল তাৰ উত্তৰ বিচৰাটোৱেই আচলতে উপন্যাসখনৰ মূল উদ্দেশ্য হিচাপে ঘোষিত হৈছে।

ৰত্না দত্তৰ ‘দ্বিতীয়া’ উপন্যাসখনৰ মাজেৰে যে কেৱল নাৰী মনস্তত্ত্বৰে প্ৰতিফলন ঘটিছে তেনে নহয়, অসমীয়া লোকসমাজৰ বিভিন্ন দিশৰ উমান আমি উপন্যাসখনৰ মাজেৰে পাওঁ। অসমীয়া গ্ৰাম্য সমাজৰ বিৱাহ সম্পৰ্কীয় ৰীতি-নীতিৰ উমানো আমি নায়িকাৰ মাজেৰে পাওঁ৷ বিয়াৰ প্ৰথম নিশা নায়িকাই সাউদৰ ভৰি চুই সেৱা কৰিছে “মই জপাৰ পৰা তেওঁলৈ বুলি আয়ে সাজু কৰি পঠোৱা কাপোৰসাজ পাণ বটাত উলিয়ালোঁ। আয়ে শিকাই পঠোৱাৰ দৰেই তেওঁৰ ভৰি চুই সেৱা কৰিলোঁ’ (পৃষ্ঠা-২৩)। নায়িকাৰ এনে আচৰণ সাইলাখ অসমীয়া নাৰীৰ আচৰণ। অসমীয়া আ-অলংকাৰ, সাজ-পোছাক, তাঁতশাল ইত্যাদিৰ উল্লেখো উপন্যাসখনৰ মাজেৰে প্ৰতিফলিত হৈছে। 

কেৱল লোককথাৰ চৰিত্ৰ এটিক নতুন দৃষ্টিভংগীৰে পাঠকৰ আগত উপস্থাপন কৰাৰ বাবেই যে ৰত্না দত্তৰ ‘দ্বিতীয়া’ উপন্যাসখনে অসমীয়া সাহিত্যৰ জগতত অদ্বিতীয় স্থান অধিকাৰ কৰি আছে তেনে নহয়, বিপৰীতে নাৰী মনঃস্তত্ত্বৰ যি স্বতঃস্ফুৰ্ত স্বাভাৱিক প্রবৃত্তি সেয়া সাৱলীলভাৱে উপস্থাপন কৰাৰ ক্ষেত্ৰতো ৰত্না দত্তৰ ‘দ্বিতীয়া’ উপন্যাসখনৰ স্থান অসমীয়া সাহিত্যত সদায় একক আৰু অনন্য হৈ থাকিব৷ দত্তৰ যি অগতানুগতিক চিন্তা-চৰ্চা, কাহিনী নিৰ্মাণৰ যি ব্যতিক্রমী কৌশল, চৰিত্ৰ চিত্ৰণৰ যি দৃষ্টিভংগী, সেই দৃষ্টিভংগীয়ে দৰাচলতে নতুন প্ৰজন্মক সঠিক চিন্তা-চৰ্চা কৰাৰ এটি বাট কাটি দিয়াৰ লগতে আমাৰ যিসমূহ লোক-কথাত প্রচলিত মিথ আছে সেই কাহিনী, চৰিত্ৰসমূহকো প্রাচীন কাঠগড়াৰ পৰা উলিয়াই আনি বাস্তৱৰ কষতি শিলত ঘঁহি, সেই পুৰণি মিথসমূহৰ মাজত থকা প্ৰকৃত সাৰমৰ্ম, চৰিত্ৰসমূহৰ মাজত থকা যি দ্বন্দ্ব সেয়া উদ্ঘাটন কৰাৰ ক্ষেত্ৰতো ঔপন্যাসিক ৰত্না দত্তৰ ‘দ্বিতীয়া’ উপন্যাসখনৰ স্থান অসমীয়া সাহিত্যত এক মাইলৰ খুঁটি হৈ ৰব।

 

মূল গ্ৰন্থ-    

দত্ত,ৰত্না : ৰত্না দত্তৰ ৰচনাসম্ভাৰ (‘দ্বিতীয়া’), কৌস্তুভ সংস্কৰণ, ২০১৭

সহায়ক গ্ৰন্থ পঞ্জী  :  

বৰমুদৈ, আনন্দ, আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস, প্ৰকাশন শাখা, ডিব্ৰুগড়                                     বিশ্ববিদ্যালয়, প্ৰথম প্ৰকাশ - ২০২৩

শৰ্মা, গোবিন্দ প্ৰসাদ, উপন্যাস আৰু অসমীয়া উপন্যাস,  ষ্টুডেণ্ট ষ্টৰচ্, তৃতীয়                                         সংশোধিত সংস্কৰণ, অক্টোবৰ, ২০১২

 

 

ঠিকনা :

গাঁও : ঔবাৰী

জিলা : তামুলপুৰ

জিলা : তামুলপুৰ

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ