প্ৰণৱ মেধী
অভিনয়ৰ স্বাভাৱিকতা, অস্বাভাৱিকতা– এজন ৰুচিশীল অভিনেতাৰ কষ্টসাধ্য জ্ঞান নহয়।
এয়া নিতান্তই জীৱনৰ পৰা অহা স্বতঃস্ফূৰ্ত অনুভৱ (sensation), ধাৰণা (Perception)।
জীৱনক গভীৰভাৱে অনুধাৱন কৰিলেহে জীৱনৰ স্বাভাৱিক সত্যক অভিনয় কলাত প্ৰতিফলিত
কৰিবলৈ এজন সৃষ্টিশীল অভিনেতা সক্ষম হয়। জীৱনৰ প্ৰতি উন্মুখ আকুলতাই এগৰাকী
অভিনেতাৰ অভিনয় প্ৰতিভাৰ বিকাশৰ মূল। জীৱনত কোনো ধৰণৰ কথাই নিশ্চিত নহয়। আমাৰ
জীৱনৰ সাম্ভাব্য কথাবোৰৰ এখন লিখিত চিত্ৰনাট্য নাথাকে। জীৱন প্ৰৱহমান। জীৱনৰ
অজানা, বিস্তৰ খণ্ডিত, অখণ্ডিত ঘটনা-দুৰ্ঘটনাৰে আমাৰ জীৱন সমগ্ৰ। নিদ্ৰাৰ পৰিৱৰ্তে
আমি সক্ৰিয় হৈ থকটো আমাৰ প্ৰাকৃতিক স্বৰূপ। বাস্তৱমুখী, সজীৱ প্ৰকৃতিস্থতাৰ পৰা
অহা পৰিপক্কতাই এজন অভিনেতাক অভিনয়ত স্বাভাৱিকতা প্ৰদান কৰে। কেমেৰাই অভিভাৱকৰ
ভূমিকাৰ দৰে যি সময়তে ভুমুকি মাৰে সেই সময়ৰ বাবে অভিনেতাগৰাকীয়ে অভিনীত চৰিত্ৰটি,
কৰ্ষিত অনুভৱৰে ৰূপায়ণ কৰিলেই হয়। চিত্ৰনাট্যই তেওঁক নিৰ্দিষ্ট কৰি দিয়া সময়ৰ–
যথা সময়ৰ প্ৰস্তুতিহে এজন অভিনেতাৰ আচল কথা; তেওঁ পৰবৰ্তী shot-অৰ কাৰণে,
shooting-অৰ কাৰণে মূৰ ঘমোৱাৰ অৰ্থ নাই। তেওঁ উপৱিষ্ট হোৱা দৃশ্যটিত চৰিত্ৰটো হৈ
ভাবিব– তেওঁ কোন, ক’ত, কিয় (?); –এই কথাখিনি সঠিকভাৱে ভবাৰ ভিত্তিতে নিৰ্ভৰ কৰিব
তেওঁৰ নিভাঁজ অভিনয় । অৱশ্যেই অভিনেতাই তেওঁৰ অভিনীত চৰিত্ৰক হৃদয়-মগজুত ৰোপণ কৰি
ল’ব লাগিব।
অসমীয়া চিনেমাৰ চৰিত্ৰভিনেতাসকলৰ অভিনয় চৰিত্ৰানুগ নহয়। অভিনেতাৰ স্বৰূপ, অভিনীত চৰিত্ৰৰ এটিতো নাথাকি অভিনেতাজন অন্য এক ব্যক্তি হৈ উঠে। কৃত্ৰিম, অবাস্তৱিক এই ৰূপদানৰ বাবে কাহিনীৰ স’তে একাত্ম হোৱাৰ আৱেগিক সম্পৰ্ক ব্যাহত হয় দৰ্শকৰ। অসমীয়া চিনেমাত থকা দুৰ্বলতাৰ বিশেষ অংশটোৱেই হ’ল অভিনয়। অভিনয়- প্ৰশিক্ষণ বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰাই বস্তুতঃ নহয়; অভিনয় জীৱনৰ পৰা, আগতে কৈ অহাৰ দৰে দিবা-ৰাত্ৰি জীৱন-বৈচিত্ৰ্যৰ পৰা নিঃসৃত সমলহে– যাক নিৰ্দিষ্ট পৰিপ্ৰেক্ষিতত প্ৰকাশ কৰাৰ সুযোগ অনুসৰি অভিনেতা এজনে ৰূপায়ণ কৰে । জীৱন বীক্ষা, জড়, জীৱ, অতএৱ ভিন্ন প্ৰকৃতিৰ মানুহক এক প্ৰকাৰ অন্বেষণ কৰা প্ৰয়োজন। অনুসন্ধিৎসাই এজন অভিনেতাক মানুহৰ প্ৰকৃতিৰ সত্যাসত্য উপলব্ধি কৰাত বিপুলভাৱে সহায় কৰে। সৰ্বশেষত, সেয়া নিজৰ অনুভৱৰ আৱৰণ পিন্ধাই অভিনয়ৰ ৰংচ’ৰাত থিয় কৰোৱা উচিত।
অসমীয়া চিনেমাত সচৰাচৰ ট্ৰিটমেণ্টৰ আঁসোৱাহৰ বাবে চৰিত্ৰ একোটিৰ মুখৰ সংলাপত দোষ শুনা যায়। স্বাভাৱিক সংলাপ, সংলাপ লেখকে লিখিবলৈ অপাৰগ হোৱাৰ নিশ্চিত কাৰণত চিনেমাৰ ৰসভংগ হয়। সংলাপ আৰু তাৰ আধাৰিত অভিনয়ৰ মাজেদিয়েই বাটকুৰি বাব দৰ্শকে কাহিনীলৈ। গতিকে সংলাপ অপৰিশীলিত, অস্বাভাৱিক হোৱা উচিত নহয়। অসমীয়া চিনেমাৰ প্ৰায়বোৰ অভিনেতাৰ অভিনয় অকৃত্ৰিম নহয়। সকলো কাহিনীতে অৰ্থাৎ সকলো চৰিত্ৰতে উচ্চাৰণৰ উচ্চগ্ৰাম গ্ৰহণীয় নহয়। লঘু, গুৰু নানা ধৰণৰ চৰিত্ৰ চিনেমাত সদায় সুলভ। বাস্তৱসন্মত অভিনয়েৰে মনত সাঁচ বহুৱাব পৰাকৈ অভিনেতা অসমীয়া চিনেমাত দুৰ্লভ। এয়া সজ চিনেমা চোৱাৰ অনভিজ্ঞতা, জীৱনৰ কেনভাছৰ পৰা নিজক আঁতৰাই ৰখাৰ ইচ্ছাই কৰিছে। দৰাচলতে এটা চৰিত্ৰ ৰূপায়ণ কৰাৰ অৰ্থই হ’ল সেই চৰিত্ৰটিক - সেই ব্যক্তিজনক বাস্তৱসন্মতভাৱে বুজা, অন্তঃকৰণেৰে অনুভৱ কৰা।
অসমীয়া চিনেমাৰ কিছুমান অভিনেতাৰ অভিনয়ৰ মুখভংগী, চকু, অংগ-উপাংগৰ অনাহক চাল-চলনে দৰ্শকক বাৰুকৈয়ে বিৰক্ত কৰি আহিছে। কাৰণ অভিনেতাও চৰিত্ৰৰ স’তে একাত্ম হ’ব নোৱাৰে; ফলস্বৰূপে দৰ্শকো। অসমীয়া চিনেমাত ছিৰিয়াছ মুড দেখুওৱাৰ, সপ্ৰতিভতা বুজাবলৈ অকাৰণত হঁহাৰ প্ৰৱণতা বহু অভিনেতাৰ অভিনয়ত আজিকোপতি দেখা যায়। বাস্তৱ বিমুখ, চিনেমাক ৰঙ্গশালা বুলি ভবাৰ বাবেই এনে হয় বুলি নিশ্চয় ভাবিব পাৰি। কাহিনীত পুৰাদমে থকা নাটকীয়তাই বাস্তৱ জগতক মষিমূৰ কৰি সৃষ্টি কৰে ভাওনাসদৃশ একোটা কৃত্ৰিম পৰিৱেশ। পৰম্পৰাগত অভিনয়ৰ প্ৰতি থকা আগ্ৰহে চিনেমাৰ অভিনয়ত বাধাৰ সৃষ্টি কৰে। মঞ্চাভিনয়ৰ মোহে, ধৰণে অসমীয়া চিনেমাৰ বিস্তৰ ক্ষতি কৰিছে।
অসমীয়া চিনেমাৰ অভিনয় কলাৰ প্ৰতি স্বাভাৱিকতে অভিনেতাসকলৰ সদ্ভাৱনা থাকিলেও চিনেমাৰ চিত্ৰনাট্যৰ দোষত, তথা চিনেমা নিৰ্মাতাৰ অনুভৱৰ অভাৱত অভিনেতাৰ অভিনয় হেনাহুচা হৈ পৰে। আচলতে অভিনয় অনুশীলন নে অনুভৱ (sensation) কলা? নিজৰ অজানা হ’লেও এজন ব্যক্তিৰ স’তে যদি অভিনয় প্ৰতিভা, জীৱনক কৰ্ষণ কৰাৰ আগ্ৰহ সুপ্ত হৈ নাথাকে তেন্তে কোনো প্ৰখ্যাত অভিনয় স্কুলেও তেওঁক সুঅভিনেতা ৰূপে গঢ়ি তুলিব নোৱাৰে। শিল্প-কলা একান্তই জীৱনৰ পৰা আহৰণ কৰা জ্ঞান, উপলব্ধি, ই কেতিয়াও সূত্ৰ বা লিপিবদ্ধ আপ্তবাক্য নহয়।
অভিনয়ৰ হেঁপাহে এজন লোকক অভিনয় কলাৰ পাৰদৰ্শিতাৰ পিনে টানি নিয়ে সঁচা, তথাপি তেওঁৰ অভিনয়ৰ সুস্থতা অৰ্থাৎ বাস্তৱিক হ’বৰ বাবে দেশ-বিদেশৰ ৰসোত্তীৰ্ণ অভিনয়ৰ অৰ্থৱহ অনেক চিনেমা দৰ্শন কৰাটো অত্যন্ত প্ৰয়োজন। প্ৰথমেই থিয়েটাৰৰ গেলাৰীৰ চুকৰ দৰ্শকজনৰ কৰ্ণগোচৰ হোৱাকৈ সংলাপ প্ৰকাশ কৰাৰ অভ্যাস (ভ্ৰাম্যমাণ থিয়েটাৰৰ যিটো অনুশীলন) ত্যাগ কৰিব লাগিব এজন চিনেমা অভিনেতাই। মূল্যৱান কথা এইটোও যে এজন সুমঞ্চাভিনেতা নিশ্চিতভাৱে এজন চিনেমা অভিনেতা হ’ব পাৰে। চিনেমাৰ দৰে অতি স্পৰ্শকাতৰ মাধ্যমত শ্ৰুতি আৰু দৃষ্টিত দূৰ, ওচৰৰ আহুকাল একেবাৰে নাই। চিনেমাৰ অত্যাধুনিক যতনে যিকোনো প্ৰয়োজনীয়তা তৎপৰতাৰে ধৰি ল’ব পাৰে; সুবিধাযোগ্য কৰি দিব পাৰে। কেৱল প্ৰতি পলতে অভিনেতাজনৰ অভিনয়ত স্বাভাৱিকতা অব্যাহত থকা প্ৰয়োজন। অভিনয়ৰ স্বাভাৱিকতা, যথাযথ কৰাৰ কোনো যন্ত্ৰ নাই। ফাঁকিবাজিৰ বাট নাই।
বৰ্তমান আমাৰ সমাজ ব্যৱস্থাৰ গতি-গোত্ৰ পুৰণিকলীয়া হৈ নথকা সত্ত্বেও চিনেমাৰ পৰিচয়ত চৰিত্ৰৰ গতানুগতিকতা আগৰ দৰেই আছে। অৰ্থাৎ চিত্ৰনাট্যকাৰে চিৰাচৰিত, সমাজৱৰ্তিত টাইপ্ চৰিত্ৰবোৰ চিনেমাত সুলভ কৰি ৰখাৰ নিমিত্তে অসমীয়া চিনেমা এখনৰ প্ৰতি থাকিবলগীয়া উৎসুক্য, আকৰ্ষণ দৰ্শকৰ বাবে এতিয়াও বহুত কম। চিত্ৰনাট্যকাৰৰ এনেকুৱা দোষৰ বাবেই চিনেমাৰ অভিনয়ৰ সঁচা যেন লগা চানেকি বিশেষকৈ পুৰণি অসমীয়া চিনেমাত মুঠেই কম। অযথা চৰিত্ৰৰ ভিৰেৰে দুৰ্বল, ৰসহীন হৈ আছে অসমীয়া চিনেমাৰ অতীত। সদায় দেখা বিৰক্তিকৰ মানুহবোৰকে যদি চিনেমা এখনতো পায় -সেয়া সুখপ্ৰদ হ’বইবা কিয়!
বৰ্তমান সময়ত কলা, সাহিত্য ক’তো সম্পৰীক্ষা নোহোৱাকৈ থকা নাই । উত্তৰ আধুনিকতাই প্ৰাচ্য সমাজখনৰো আমূল পৰিৱৰ্তন সাধিছে। চিনেমা জীৱনৰ পৰা নিলগত থকা শিল্প নহয়। ই জীৱনৰ স’তে সংপৃক্ত অতি গুৰুত্বপূৰ্ণ শিল্প।
যোৱা শতিকাৰ আশীৰ দশকৰ নিপ বৰুৱাৰ আজলী নবৌ (১৯৮০), ককা দেউতা, নাতি আৰু হাতী (১৯৮৩) চিনেমা দুখনত অভিনয়ৰ সঠিক ৰূপায়ণৰ অভাৱ স্পষ্ট। তাত আনকি নিপন গোস্বামীৰ দৰে প্ৰথিতযশা অভিনেতাৰো অভিনয় স্বচ্ছন্দ, অকৃত্ৰিম নাছিল। অৱশ্যে এই ত্ৰুটি তেওঁৰ পৰৱৰ্তী চিনেমাত প্ৰায় আটাইখিনি আঁতৰিছিল। নিপ বৰুৱাৰ চিনেমাত এটা দৃশ্যৰ পৰা আন এটা দৃশ্যলৈ যাবলৈ অন্ত্যমিল সংলাপবোৰ সাধাৰণতে দেখা পোৱা যায় । যিটোৱে অৱশ্যে ৰসভংগ কৰে। নাটকীয় উৎকণ্ঠাৰ প্ৰতি ৰখা অধিক সচেতনতাই উল্লিখিত চিনেমা দুখনৰ চৰিত্ৰৰ স্বকীয়তা ম্লান কৰিছে। আনহাতে শিৱপ্ৰসাদ ঠাকুৰৰ দৰে পৰিচালকৰ হাতত চৰিত্ৰবোৰৰ বিকাশ, বিচৰণ ৰসোত্তীৰ্ণ হৈ উঠিছে। সেইদৰে পৰিচালক, চিত্ৰনাট্যকাৰ মুনীন বৰুৱাৰ হাতত চিত্ৰনাট্য চলচ্চিত্ৰসন্মত হৈছে। যাৰ বাবে নাটক নহয় চিনেমা চোৱা যেন অনুভৱ হয় তেওঁৰ চিনেমাবোৰ। শিৱ ঠাকুৰৰ বোৱাৰী, সোণমইনা,ঘৰ সংসাৰ,মন মন্দিৰ উপভোগ্য চিনেমা। বিজু ফুকন, মৃদুলা বৰুৱা, বিজয় শংকৰ, বিদ্যা ৰাওৰ দৰে অভিনেতা-অভিনেত্ৰীৰ অভিনয় চিনেমাসমূহৰ আধাৰ হোৱাৰ ফলত দৰ্শনে তৃপ্তি পোৱাৰ অসুবিধা অব্যাহত হৈছে। অভিনয়ৰ ত্ৰুটি তেনেকৈ সুলভ নহয় এইকেইখন চিনেমাত। কিন্তু পুলক গগৈৰ দৰে আঞ্চলিক বটা প্ৰাপ্ত পৰিচালকৰ সেন্দুৰ চিনেমাখন দুৰ্বল, কৃত্ৰিম অভিনয়ৰ নিৰ্দৰ্শন হিচাপে থিয় দি ৰৈছে। কাৰিকৰী দিশত পুলক গগৈয়ে অপ্ৰয়োজনীয়ভাৱে ব্যৱহাৰ কৰা inter cut চিনেমাখনত দৃষ্টিকটূ হৈছে। ব্ৰজেন বৰাৰ দৰে অভিনেতাৰ কৃত্ৰিম অভিনয়ৰ উপৰি সাধাৰণ ৰং-ৰহইচৰ প্ৰতি চিত্ৰনাট্যকাৰৰ আকৰ্ষণ অধিক হোৱা বাবেই নেকি চৰিত্ৰবোৰৰ মুখৰ কথা বিৰক্তিদায়ক। দ্বিবন বৰুৱাৰ অজলা ককাই আৰু এখোপ ওপৰত। Voice dubbing-অৰ বাৰেপাঁচি আসোঁৱাহেৰে অজলা ককাইক পৰিচালক দ্বিবন বৰুৱাই অদ্ভুত ৰূপ ধাৰণ কৰিবলৈ দিছে। এই চিনেমাখনক অসমীয়া ভাষাৰ চিনেমাৰ ইতিহাসৰ এখন অতি দুৰ্বল, অপৰিপক্ক চিনেমা বুলি ক’ব পাৰি।
ঠিকনা
:
ফোন :
৯১০১৪৩২০৩৩