অন্যযুগ/


চিনেমা—ভিন্ন স্বাদ, দেশ, মানুহ আৰু সমাজ

নিজৰা ৰাজকুমাৰী


...One less… One less mouth to feed—এনিয়ে পৰিয়ালৰ দুৰ্দশাৰ দিনত গাঁৱৰ স্কুলখনৰ শিক্ষকজনৰ লগত পলাই যোৱাৰ আগে আগে চিঠিত লিখি থৈ গৈছিল। এখন মুখ কমি যোৱা মানেই পৰিয়ালৰ আন এজনে সামান্য বেছিকৈ খাবলৈ পাব। এনিৰ এই সিদ্ধান্তত অসহায় মাক-দেউতাকে চিঞৰিছিলকান্দিছিল। দক্ষিণ-পূৱ আফ্ৰিকাৰ অনাহাৰত প্ৰায় অমানৱীয় হৈ উঠা গাঁওখন তেতিয়া ৰদে পোৰা ধূলিয়ৰি মাটিৰ দৰেই শুকান মনবোৰৰো গাঁও হৈ পৰিছে। ভোকত মানুহবোৰ অধমৃত। মাৰ-পিটঘৰত সোমাই খাদ্য কাঢ়ি নিয়া একেবাৰে সাধাৰণ ঘটনা। বন্ধ হৈ গৈছে একমাত্ৰ স্কুলখনো। চিনেমাখনৰ নাম দ্য বয় হু হাৰনেছড দ্য উইণ্ড। পৰিচালনা বিখ্যাত বৃটিছ অভিনেতা ছুয়িটেল এজিঅৰৰ। মালাৱী অভিযন্তা-লেখক-আৱিষ্কাৰক ৱিলিয়াম কামকোৱাম্বাই গাওঁবাসীক বচাবলৈ ব্লু গাম, গছ-চাইকেলযন্ত্ৰৰ পেলনীয়া অংশৰে উইণ্ড টাৰবাইন বনাই পানী যোগানৰ ব্যৱস্থা কৰা সঁচা কাহিনীৰ আধাৰত চিনেমাখন নিৰ্মা কৰা হৈছে। বিজ্ঞান শিকাৰ স্বাৰ্থত বায়েকৰ প্ৰেমিক শিক্ষকজনক সিহঁতৰ কথা গাঁৱত কৈ দিয়াৰ ভাবুকি দিয়া কিশোৰটিৰ শিক্ষাৰ প্ৰতি ধাউতি কিমান তাক বুজিবলৈ দৰ্শকৰ অকণো কষ্ট নহয়। মাচুলৰ অভাৱত শ্ৰেণীকোঠাৰ পৰা বহিষ্কৃত হোৱা কমানি ৱিলিয়ামে তাৰ জিজ্ঞাসু মন-মগজুক সমৃদ্ধ কৰে পুথিভঁৰালৰ কিতাপেৰে। পিছে এদিন তাৰ পৰা এই সুবিধাও কাঢ়ি লোৱা হয়। কিশোৰ অৱস্থাতে বিজ্ঞানক মানৱৰ কল্যাৰ হকে ব্যৱহাৰ কৰিবলৈ ৱিলিয়ামে তাৰ সমস্ত শক্তি খৰছ কৰে আৰু বতাহৰ শক্তিৰে গাঁৱৰ মৰুভূমি সদৃশ পথাৰলৈ পানী বোৱাই কৃষিৰ উপযোগী কৰি তোলে। ৰুঢ় প্ৰকৃতি আৰু ৰাজনীতিয়ে মৃতপ্ৰায় কৰা আফ্ৰিকান গাওঁখনৰ দুৰৱস্থাৰ কথা কবলৈ পৰিচালকে চিনেমাখন নিৰ্মা কৰা নাইহাজাৰ বাধা-যন্ত্ৰণা-বঞ্চনাৰ পাছতো এটি হাৰ নমনা কিশোৰৰ সফলতাৰ কথা কবলৈহে ছুয়িটেল এজিঅৰে পৰিচালক তথা চিত্ৰনাট্যকাৰ হিচাপে শ্ৰম কৰিছে। শ্ৰেষ্ঠ অভিনেতাৰ বাফটা বঁটাপ্ৰাপকঅস্কাৰগোল্ডেন গ্লোব আদিৰ শ্ৰেষ্ঠ অভিনেতাৰ শাখাত মনোনয়ন লাভ কৰা জনপ্ৰিয় শিল্পী এজিঅৰে ছবিখনত ৱিলিয়ামৰ পিতৃ ট্ৰাইৱেলৰ চৰিত্ৰতো অভিনয় কৰিছে। দ্য বয় হু হাৰনেছড দ্য ৱিণ্ডৰ অভিনয় আৰু চিনেমাটগ্ৰাফী নিঃসন্দেহে প্ৰশংসনীয়। ছবিখন  ৯২ সংখ্যক অস্কাৰ বঁটাৰ শ্ৰেষ্ঠ ইণ্টাৰনেশ্বনেল ফিচাৰ ফিল্ম শাখাৰ বৃটিছ এণ্ট্ৰি আছিল। ২০১৯ চনত ছানডান্স ফিল্ম ফেষ্টিভেলত প্ৰিমিয়াৰ হোৱা ১১৩ মিনিটৰ ছবিখনৰ ভাষা আফ্ৰিকাৰ কিছু দেশত প্ৰচলিত ছিচোৱা আৰু ইংৰাজী। অনুপ্ৰেৰণামূলক সত্য ঘটনা আধাৰিত কাহিনীৰ লগতে চিত্ৰনাট্যকাৰ আৰু পৰিচালক হিচাপে এজন প্ৰতিষ্ঠিত অভিনেতাৰ দক্ষতাক জানিবলৈও দ্য বয় হু হাৰনেছড দ্য ৱিণ্ড চলচ্চিত্ৰৰসিকে চাব পাৰে।

অভিনেতা-প্ৰযোজক টম ক্ৰুজৰ সাক্ষাৎকাৰৰ এটা ভিডিঅৰ তলত এজন ব্যৱসায়ীয়ে লিখিছিল যে কভিড পৰিস্থিতিয়ে কোঙা কৰা তেওঁৰ চিনেমাহলটোক আৰু তেওঁৰ ব্যৱসায়ক টপগান : মেভৰিকে’ (Top Gun: Maverick) উদ্ধাৰ কৰিলে। সেয়েহে তেওঁ টমৰ ওচৰত চিৰকৃতজ্ঞ। আমি যিমানেই চিনেমাৰে মন-মগজু উদ্বেলিত কৰাৰ কথাহেঁপাহৰ পৃথিৱীত বিচৰণ কৰাৰ কথা কৈ নাথাকোঁ কিয়চিনেমা এখনৰ বাবে ব্যৱসায় এটা অতি গুৰুত্বপূৰ্ণ বিষয়। সেয়া অন্ততঃ আমি ভালকৈ বুজোঁ। টপগান মেভৰিক এতিয়ালৈকে টম ক্ৰুজৰ কেৰিয়াৰৰ আটাইতকৈ বেছি ধন উপাৰ্জন কৰা আৰু ২০২২ চনৰ দ্বিতীয় সৰ্বোচ্চ উপাৰ্জনকাৰী চিনেমা (২০২২-ৰ সৰ্বোচ্চ ব্যৱসায় জেমছ কেমেৰুনৰ অৱতাৰ—দ্য ৱে অৱ ৱাটাৰৰ)। টমৰ অভিনয় জীৱনৰ আৰম্ভণিৰ চিনেমা ১৯৮৬-ৰ টপগানৰ ছিকুৱেল ২০২২-ৰ টপগান : মেভৰিক। ৩৬ বছৰৰ ব্যৱধান। পিছে সময়ৰ এই বৃহৎ ব্যৱধানে অভিনেতা টমৰ যে একোৱেই কাঢ়িব নোৱাৰিলে সেয়াই টপগান : মেভৰিকত আমি বিস্ময়ৰে লক্ষ্য কৰিলোঁ। (চিনেমাখনত) অবৈধ য়ুৰেনিয়াম প্লাণ্টটো ধ্বংস কৰি উঠি আকাশত শত্ৰুপক্ষৰ অত্যাধুনিক বিমানৰ মুখামুখি হৈ ৰুষ্টাৰে বিতত হৈ সুধিছিল “F-14-এৰে আমি ফিফথ্-জেন্ ফাইটাৰ্ছৰ লগত যুজিম?” অতি দক্ষ পাইলট মেভৰিকে আত্মবিশ্বাসেৰে উত্তৰ দিছিল— ইটছ্  নট দ্য প্লেইনইটছ্ দ্য পাইলট।” ষাঠি বছৰীয়া অভিনেতাজনে আকাশত চলি থকা জীৱন-মৰণৰ যুঁজত সহ অভিনেতাক কোৱাৰ ছলেৰে যেন সংলাপটোৰে আমাকহে বয়সে হাৰ মনাব নোৱাৰা নিজৰ দুৰ্দান্ত ৰূপটোৰ কথা কলে। পৃথিৱীৰ অতি ধনীসাহসীকষ্টসহিষ্ণু অভিনেতাসকলৰ এজন টমৰ বাবে যে বয়স কোনো কথাৰ কথাই নহয় তাৰেই প্ৰমা টপগান : মেভৰিক। অৱশ্যে চিনেমাখনত টম আৰু আকাশী যুদ্ধৰ উত্তেজনাখিনিৰ বাদে চাবলগীয়া বিশেষ একো নাই। পাহাৰৰ মাজৰ কৰবাৰ এক দুৰ্গম স্থানতকটকটীয়া নিৰাপত্তাৰ মাজত থকা অবৈধ য়ুৰেনিয়াম প্লাণ্ট এটা ধ্বংস কৰিবলৈ যিটো দল প্ৰেৰণ কৰা হয় সেই দলটোৰ প্ৰশিক্ষক পিট ‘মেভৰিক মিটচেল। মেভৰিকৰ সাহসষ্টেমিনাবিমান চালনাৰ দক্ষতাৰ সমকক্ষ কোনো নাই। নেভি পাইলট মেভৰিকৰ তত্ত্বাৱধানত অবিশ্বাস্য সাহসেৰে দলটোৱে য়ুৰেনিয়াম প্লাণ্টটোত আক্ৰম চলায় আৰু তাক নিশ্চিহ্ন কৰে। ৩৬ বছৰ আগৰ টপগানখনত দেখুউৱা কিছু আধৰুৱা হৈ ৰৈ যোৱা সম্পৰ্কই টপগান: মেভৰিকত পূৰ্ণতা পায়। পেনিৰুষ্টাৰৰ সৈতে মেভৰিকৰ সম্পৰ্কই নতুন মোৰ লয়। হলেও যোচেফ কজিনস্কিয়ে পৰিচালনা কৰা ই এখন সম্পূৰ্ণৰূপে টম ক্ৰুজ ছবি। টেকনলজি আৰু টম ক্ৰুজে  চিনেমাখনৰ প্ৰতি দৰ্শকক আকৃষ্ট কৰিছে। লগতে আছে এং লীৰ লাইফ অৱ পাইৰ বাবে ২০১৩-ত শ্ৰেষ্ঠ চিনেমাটগ্ৰাফীৰ অস্কাৰ লাভ কৰা বিখ্যাত চিনেমাটগ্ৰাফাৰ ক্লডিঅ’ মিৰাণ্ডাৰ কাম। চলিত বছৰৰ অস্কাৰত ‘টপগান মেভৰিকে শ্ৰেষ্ঠ ছবিৰে সৈতে মুঠ ছটা মনোনয়ন লাভ কৰি বেষ্ট ছাউণ্ডৰ বঁটা লাভ কৰিছে। চিনেমা সমালোচক এ’ স্কটৰ ভাষাত টপগান : মেভৰিক— “thin, over-strenuous and sometimes very enjoyable movie, and an earnest statement of the thesis that movies can and should be great”. আৰু মোৰ বাবে টপগান : মেভৰিক চিনেমেটিক উত্তেজনা আৰু দুৰন্ত টম।    

পৰিচালকচিত্ৰনাট্যকাৰঅভিনেতা-অভিনেত্ৰী—প্ৰায়েই এই তিনি কাৰকে চিনেমা এখনৰ প্ৰতি মোৰ আগ্ৰহ বঢ়ায়। কিন্তু “চাব্বাছ মিঠু”ৰ বাবে অপেক্ষা কৰিছিলোঁ সৰ্বকালৰ শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ মিথালী ডুৰাই ৰাজৰ প্ৰতি থকা মৰম-আকৰ্ষণৰ বাবে। চাব্বাছ মিঠু’ হৈছে অৰ্জুন বঁটাধ্যানচাঁদ খেলৰত্ন প্ৰাপক পদ্মশ্ৰী মিথালীৰ জীৱনভিত্তিক চিনেমা। শিশুকালত বান্ধৱী নুৰীৰ সাহসত দেখা এক সপোনৰ সফল সমাপ্তিৰ কাহিনী মিথালী ৰাজ। সফলতা মানেই সংঘাত সৰ্বদা বিদ্যমান। তাতে আমাৰ নিচিনা এখন দেশতত পৰিয়ালৰ পৰা ক্ৰিকেট কণ্ট্ৰ’ল বৰ্ডলৈকে মহিলা ক্ৰিকেটাৰ অহৰহ সংঘাত-হতাশাৰ চিকাৰেই হয়তেনে ক্ষেত্ৰত ১৯৯৯ চনৰ পৰা ২০২২ চনলৈকে আন্তৰ্জাতিক ক্ৰিকেটত থাকি ইটোৰ পাছত সিটো ৰেকৰ্ড গঢ়ি যোৱাটো কি অলপ কথা! টেষ্টএদিনীয়াটি-২০ সকলোতে ক্ৰিকেটপ্ৰেমীয়ে দুৰ্দান্ত মিথালীক দেখিছেখেলৰ লগতে দেখিছে তেওঁৰ নেতৃত্বকো। ৰেকৰ্ড গঢ়িবলৈকে যেন মিথালীৰ জন্ম। ভাৰতৰ মহিলা ক্ৰিকেটক তেনেই চালুকীয়া অৱস্থাৰ পৰা “উইমেন ইন ব্লু” পৰ্যায়লৈকে অনাতবিশ্ব ক্ৰিকেটত ভাৰতীয় মহিলা দলৰ স্থিতি মজবুত কৰাত মিথালীৰ যি চিৰস্মৰণীয় অৱদান সেই অৱদানক “চাব্বাছ মিঠু”ত উপস্থাপন কৰিবলৈ প্ৰয়াস কৰা হৈছে। ক্ৰিকেট ভালপোৱাসকলৰ বাবে চিনেমাখন বাৰে বাৰে চাব পৰা চিনেমা। কিন্তু চলচ্চিত্ৰৰসিকৰ বাবে চাব্বাছ মিঠু শ্ৰীজীত মুখাৰ্জীৰ দৰে কেমেৰাৰ ভাষাৰে নান্দনিক খেল খেলাত পাৰ্গতৰাষ্ট্ৰীয় বঁটাপ্ৰাপক পৰিচালকৰ অতি দুৰ্বল প্ৰয়াস। সঘনাই পুৰুষৰ ক্ৰিকেটৰ লগত কৰা তুলনাৰ ফলত মোৰ এনে অনুভৱ হল যেন মিথালীৰ ক্ৰিকেটতকৈ ক্ৰিকেটত থকা পুৰুষ-মহিলাৰ ভিন্নতাৰ কথা দেখুৱাবলৈহে নিৰ্মাতাসকল অধিক আগ্ৰহী। মিথালীৰ চৰিত্ৰত অভিনয় কৰিছে সুদক্ষ অভিনেত্ৰী তাসী পন্নুৱে। মিথালীৰ পিছে প্ৰথম পছন্দ আছিল প্ৰিয়ংকা চোপ্ৰাহে। ২০১৭-ৰ মহিলা ক্ৰিকেট বিশ্বকাপৰ পাছতে জীৱনভিত্তিক ছবিখন নিৰ্মাণ কৰাৰ কথা ওলাইছিল যদিও কভিড পৰিস্থিতিপৰিচালক সলনি আদি অনেক বাধা-বিপত্তিৰ মাজেৰে আহি অৱশেষত ১৫৬ মিনিটৰ চাব্বাছ মিঠু আমাৰ সমূখলৈ আহিল চিনেমাৰ ভাষাত প্ৰায় বিধ্বস্ত ৰূপত। “খেলপথাৰত জীৱনৰ সকলো দুখ সৰুখেলহে ডাঙৰ” আৰম্ভণিৰ প্ৰশিক্ষক চম্পথ কুমাৰৰ এই বাণীৰে নিজকে লৌহ মানৱীৰ দৰে গঢ়ি তোলা মিথালীৰ চিনেমাখন যিয়েই নহওক, GOD of women’s cricket মিথালী কিন্তু আমাৰ হৃদয়ে হৃদয়ে চিৰদিনলৈ থাকি যাব। 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ