ড॰ চন্দনজ্যোতি চুতীয়া
‘সুবাসিত
যি যন্ত্ৰণা’, ‘মাটিৰ পৰা মেঘলৈ’, ‘চুলি নাবান্ধিবা যাজ্ঞসেনী’, ‘পৰীৰ বাঁহী’, ‘বা
তুলবুল জোনাকত তুমি ক’ৰ ৰাতিৰ পখী’ আদি কাব্যগ্ৰন্থৰে অসমীয়া কাব্য সাহিত্যক সমৃদ্ধ
কৰা কবিগৰাকীয়েই হৈছে কৰবী ডেকা হাজৰিকা৷ তেওঁৰ বহু কবিতাৰ বিষয়বস্তু ৰোমাণ্টিকধৰ্মী;
কিন্তু স্বকীয় প্ৰকাশভংগী আৰু কাব্যভাষাৰে ই আধুনিক ৰূপ লাভ কৰিছেগৈ৷ প্ৰকৃতি, প্ৰেম,
নাৰী-ভাবনা আদি ডেকা হাজৰিকাৰ কবিতাৰ বিশেষত্ব৷ কবিয়ে ভিন্ন সমাজ-ৰাজনৈতিক প্ৰসংগৰ
পৰা আঁতৰি একধৰণৰ অন্তৰ্মুখী অনুভৱ আৰু প্ৰকৃতি-সংলগ্ন চেতনাৰে কাব্যপাঠ নিৰ্মাণ কৰিছে৷
এক প্ৰচ্ছন্ন দুখবোধ ডেকা হাজৰিকাৰ বহু কবিতাৰ অন্তৰ্নিহিত ভাবনা৷ এই দুখবোধ জীৱন-যন্ত্ৰণাৰপৰা
উদ্ভূত প্ৰবল দুখ নহয়; সকলো পায়ো কিবা এটা নোপোৱাৰ দুখবোধ৷ ডেকা হাজৰিকাৰ কবিতাত এক
ধৰণৰ নিঃসংগতাও প্ৰতিফলিত হৈছে৷ কিন্তু এই নিঃসংগতাক পোনচাটেই বিষণ্ণতা বুলিও কৈ দিব
নোৱাৰি৷ এই নিঃসংগতাই কবিক যেন প্ৰকৃতি আৰু নিজৰে ওচৰ চপাই আনিছে৷ নিজৰ সৈতে গভীৰ আলাপত
কবি নিমজ্জিত হৈছে৷ চিত্ৰকল্প নিৰ্মাণতো কবিৰ দক্ষতা মন কৰিবলগীয়া৷
এই
লেখাৰ জৰিয়তে কৰবী ডেকা হাজৰিকাৰ এটি বিশেষ কবিতা আলোচনালৈ আনিবলৈ প্ৰয়াস কৰা হৈছে৷
পঢ়ুৱৈভেদে কবিতাৰ ব্যাখ্যা ভিন্ন হয়৷ প্ৰত্যেক পঢ়ুৱৈৰে পাঠ এটি নিজা ধৰণে উপলব্ধি
কৰাৰ স্বাধীনতা থাকে৷ অৱশ্যে পাঠককেন্দ্ৰিক সমালোচকসকলে আঙুলিয়াই দিয়া পাঠৰ সাৰ্বজনীন
অৰ্থৰ প্ৰতিও পঢ়ুৱৈ তথা আলোচকে মনোযোগ দিয়াৰ প্ৰয়োজন থাকে৷ পঠনৰ আনন্দ অনুভৱ কৰিব
পৰা ডেকা হাজৰিকাৰ এটি চুটি অথচ মননশীল কবিতা হৈছে - ‘আলাপ’৷ এই কবিতাটোৰো বিষয়বস্তু
মূলতঃ ৰোমাণ্টিকধৰ্মী৷ কিন্তু কবিতাটোৱে বহন কৰা একাকীত্ব, ইন্দ্ৰিয়সংলগ্ন অভিজ্ঞতা
আৰু এক নতুন বাক্ভংগীয়ে ইয়াৰ স্বৰূপ আধুনিক কৰি তুলিছে৷
শব্দ,
গন্ধ, দৃশ্য আৰু স্পৰ্শ - এই চাৰিধৰণৰ অনুভৱক লিৰিকেল ৰূপত কবিয়ে কবিতাটোত উপস্থাপন
কৰিছে৷ কবিতাটোৰ ‘আলাপ’ শিৰোনামো তাৎপৰ্যপূৰ্ণ
হৈ পৰিছে৷ এই শিৰোনামেৰে কবিয়ে যেন সূচিত কৰিব বিচাৰিছে ই কোনো স্থিৰ কাহিনী বা প্ৰসংগ
নহয়; এক ধীৰ গতিৰে আগবঢ়া অনুভৱৰ প্ৰৱাহহে৷ কবিতাটো আৰম্ভ হৈছে এনেদৰে -
‘‘বৰষুণৰ
শব্দত
ভীমপলাশ্ৰীৰ
আলাপ শুনিছিলোঁ
মাটিৰ
পৰা উঠিছিল
সেউজীয়া
সেউজীয়া গোন্ধ’’
বৰষুণৰ
শব্দত কবিয়ে ভীমপলাশ্ৰীৰ আলাপ শুনিবলৈ পাইছিল৷ কবিয়ে কৈছে ‘শুনিছিলোঁ’; অৰ্থাৎ অতীতৰ
স্মৃতিৰ প্ৰসংগ টানি অনা হৈছে৷ কবিতাটোৰ প্ৰথমৰপৰা শেষলৈকে এক স্মৃতিকাতৰতা বিদ্যমান৷
নিকট অতীতৰ স্মৃতিক লৈ কবিয়ে কবিতাটি ৰচনা কৰিছে৷ ভীমপলশ্ৰী বা ভীমপলাশ্ৰী হৈছে হিন্দুস্থানী
উচ্চাঙ্গ সংগীতৰ এটি ৰাগ৷ ইয়াৰ প্ৰকৃতি ধীৰগতিৰ আৰু শান্ত ভাব সমাহিত৷ ই এক কৰুণ ৰসৰ
উদ্ৰেক কৰে৷ সাধাৰণতে অপৰাহ্নত এই ৰাগ পৰিৱেশন
কৰা হয়৷ বৰষুণৰ শব্দত কবিয়ে ভীমপলাশ্ৰী ৰাগৰ আলাপ শুনিবলৈ পাইছিল৷ সময় অপৰাহ্ন৷ কবিৰ
দৃষ্টিত সেয়া যেন বৰষুণ নহয়, এক ৰাগহে৷ কবিৰ নাকত লাগিছিল এক সেউজীয়া, সেউজীয়া গোন্ধ৷
বৰষুণ ইয়াত এক প্ৰাকৃতিক ঘটনা হৈ নাথাকি শব্দ সংগীতলৈ ৰূপান্তৰিত হৈছে৷ ‘সেউজীয়া গোন্ধ’
কাব্যিক অভিব্যঞ্জনাই এক সম্ভাৱনাৰ দিশলৈও আঙুলিয়ায়৷ বৰষুণৰ স্পৰ্শত পৃথিৱী শস্যসম্ভৱা
হৈ পৰে৷ চাৰিওফালে বিয়পি পৰে সেউজীয়া সেউজীয়া গোন্ধ৷ কবিয়ে এইদৰে সংগীত [ৰাগ], প্ৰকৃতি,
সকৰুণ অনুভৱ, সম্ভাৱনা আদিৰ সমন্বয় ঘটাইছে৷
‘‘গোটেই
আকাশখনেই
ভাগি-ছিগি
সৰি পৰিছিল
কেনেবাকৈ
ভৰি কাটে বুলি
সাৱধানে
খোজ দিছিল
চৌখিন
গধূলিটোৱে’’
ইয়াত
কবিয়ে অপূৰ্ব চিত্ৰকল্প নিৰ্মাণ কৰিছে৷ ‘আকাশ’ আৰু ‘গধূলি’ৰ চিত্ৰকল্প৷ কবিতাটিৰ প্ৰথম
শাৰীটেই কবিয়ে যি বৰষুণৰ কথা উনুকিয়াইছে, সময়ত সেই বৰষুণ দোপালপিটা বৰষুণলৈ ৰূপান্তৰিত
হৈছে৷ যেন আকাশখনহে ভাগি পৰিছে৷ এই অনুভৱে কবিতাটোক এক নাটকীয় ৰূপো প্ৰদান কৰিছে৷ ইয়াৰ
পিছৰ শাৰীকেইটা কবিৰ চমৎকাৰ নিৰ্মাণ বুলি ক’ব পাৰি -‘‘কেনেবাকৈ ভৰি কাটে বুলি/সাৱধানে
খোজ দিছিল/চৌখিন গধূলিটোৱে’’৷ লাহে লাহে এন্ধাৰ হৈ আহিছিল৷ আবেলিৰ পৰা গধূলি, গধূলিৰ
পৰা নিশা... ধীৰে ধীৰে প্ৰকৃতিয়ে ৰূপ সলায়৷ এই ৰূপসমূহ নীৰৱে পৰ্যবেক্ষণ কৰাৰো এক মাদকতা
আছে৷ দিনটোৰ প্ৰত্যেকটো মুহূৰ্তৰে নিজা এক মাদকতা থাকে৷ নিৰীক্ষণ আৰু অনুভৱ কৰিব পৰাজনে
এই মাদকতা উপলব্ধি কৰিব পাৰে৷ সাৱধানে গধূলিটো আগবাঢ়িছিল৷ গধূলিটোক ‘চৌখিন’ বুলি কোৱা
আৰু ‘সাৱধানে’ সি খোজ দিয়া এই অনুষংগবোৰেৰে কবিয়ে কবিতাটোক তথা গধূলিটোক যেন মানৱীকৰণ
[Personification] কৰি পেলালে৷
‘‘এপিয়লা
কবিতাৰে
বুকু
তিয়াই লৈ
মই
অকলেই শুনিছিলোঁ
মেঘৰ
গান’’
অতীতৰ
সেই সময়খিনিত কবিৰ কাষত কোনো নাছিল৷ কবিয়ে অকলেই কবিতাৰে বুকু তিয়াই মেঘৰ গান শুনিছিল৷
ইয়াত কবিৰ অন্তৰ্মুখী ভাবনা আৰু একাকীত্বৰ প্ৰকাশ ঘটিছে৷ কিন্তু এই একাকিত্ব বা নিঃসংগতা
সাংঘাতিক দুখজনক নহয়৷ এই অকলশৰীয়া সময়খিনিক কবিয়ে যেন সৃষ্টিশীল কৰি তুলিছে৷ প্ৰকৃতিৰ
সৈতে অন্তৰংগতা স্থাপন কৰিছে৷ তাৰ পাছতে কবিতাটো শেষৰফালে গতি কৰিছে -
‘‘বন্ধ
দুৱাৰৰ সিপাৰত আছিল
এজাক
নীলা বতাহ
আৰু
মোৰ
আঁচলৰ ছাঁত শুই আছিল
এটোপাল
নতুন নিয়ৰ৷’’
বৰষুণজাক
বাঢ়ি আহিছিল৷ লাহে লাহে গধূলি নামি আহিছিল৷ কবিয়ে অকলেই মেঘৰ গান শুনিছিল (মেঘৰ মৃদু
গৰ্জন কবিৰ কাণত গান হৈ পৰিছেগৈ)৷ কিন্তু মাজত আছিল এখন বন্ধ দুৱাৰ৷ বন্ধ দুৱাৰ মানে
বাহিৰ আৰু ভিতৰৰ সীমা৷ বন্ধ দুৱাৰৰ ইপাৰত কবি আৰু সিপাৰত এজাক নীলা বতাহ৷ ‘নীলা’ সাধাৰণতে
বিষাদৰ প্ৰতীক৷ বতাহৰ জানো কিবা ৰং থাকে? থাকে যদিও আমি জানো দেখিছোঁ? কিন্তু কবিৰ
কল্পনাত বন্ধ দুৱাৰৰ সিপাৰৰ বতাহজাক নীলা৷ এই নীলা বতাহে প্ৰতীকী ৰূপত কবিৰ কাষলৈ আহিছে৷
ইয়াৰ পাছতেই এটি কোমল আৰু গভীৰ চিত্ৰকল্পৰে কবিতাটি সামৰণি পৰিছে - ‘‘মোৰ আঁচলৰ ছাঁত
শুই আছিল/এটোপাল নতুন নিয়ৰ৷’’ কবিৰ আঁচলৰ ছাঁত শুই থকা ‘নতুন নিয়ৰ’ৰ ব্যাখ্যা ভিন্ন
ধৰণৰ হ’ব পাৰে৷ আমি জানো যে, তিৰোতাই পিন্ধা চাদৰৰ আগক আঁচল বুলি কোৱা হয়৷ তিৰোতাই
আঁচলৰে বহু কিবা কিবি কৰে৷ আঁচল কঁকালত খুচ মাৰিও থয়, কিবা বান্ধিও ৰাখে কেতিয়াবা আৰু
এই আঁচলেৰে তিৰোতাই চকুৰ পানীও মচে৷ ‘এটোপাল নতুন নিয়ৰ’ বুলি কৈ কবিয়ে চকুৰে নিগৰি
অহা এটোপাল অশ্ৰুৰ কথাকে ক’ব বিচাৰিছে নে নতুন জন্ম, মমতা, আশ্ৰয় আদিক নিৰ্দেশ কৰিছে?
‘আঁচলৰ ছাঁ’ সংকেতটিয়ে এটি নতুন জন্মৰে যেন ইংগিত বহন কৰিছে৷ কিন্তু ‘নীলা বতাহ’ৰ প্ৰতীকে
বেদনা বা অশ্ৰুক যেন প্ৰতিনিধিত্ব কৰিছে৷ এইদৰে কবিতাটি এক মৃদু, শান্ত, কৰুণ তথা আশাব্যঞ্জক
সুৰেৰে সামৰণি পৰিছে৷
কৰবী
ডেকা হাজৰিকাৰ ‘আলাপ’ এটি সংবেদনশীল অন্তৰ্মুখী কবিতা৷ ব্যক্তিগত প্ৰসংগৰে কবিতাটি
লিখা হৈছে যদিও পঢ়ুৱৈকো কবিৰ আভ্যন্তৰীণ জগতখনলৈ কবিতাটোৱে লৈ যাব পাৰিছে৷ এটি সমাহিত
স্পন্দন পাঠকে যেন অনুভৱ কৰিব৷ পঢ়ুৱৈৰ কাণত বাজি থাকিব এটি স্থায়ী অনুৰণন৷ কবিতাটিৰ
প্ৰথমেই কবিয়ে ভীমপলাশ্ৰী ৰাগৰ কথা টানি আনিছে৷ ভীমপলাশ্ৰী ৰাগে সৃষ্টি কৰা এক কৰুণ
ৰস বা সুৰ গোটেই কবিতাটোতে সিঁচৰতি হৈ আছে৷ শেষলৈ ধীৰে ধীৰে তাৰ মাত্ৰা যেন কিছু বাঢ়িল৷
ইংৰাজী
সাহিত্য সমালোচনাৰ এক প্ৰভাৱশালী নাম এফ আৰ লীৱিছ (F R Leavis)৷ লীৱিছে তেওঁৰ সমালোচনা
তত্ত্বত ‘Close Reading’ পদ্ধতিৰ কথা অৱতাৰণা কৰিছে৷ তেওঁ যিকোনো পাঠ (Text) এটাক সূক্ষ্মভাৱে
পঢ়ি তাৰ ভিন্ন দিশৰ বিশ্লেষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ ডেকা হাজৰিকাৰ ‘আলাপ’ কবিতাটি
এগৰাকী পঢ়ুৱৈ হিচাপে পঢ়ি কিছু ব্যাখ্যা আগবঢ়োৱাৰ প্ৰয়াস কৰা হ’ল৷ পাঠৰ যিহেতু কোনো
একক ব্যাখ্যা, বিশ্লেষণ নাথাকে; সেয়ে অন্য কোনো অন্তৰংগ পঢ়ুৱৈৰ দৃষ্টিত কবিতাটোৰ কিছু
অংশৰ অন্য ব্যাখ্যাও প্ৰকট হৈ উঠাৰ সম্ভাৱনা আছে৷
ঠিকনা :
সহকাৰী অধ্যাপক, অসমীয়া বিভাগ,
মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়, ডিব্ৰুগড়
ইমেইল- cjyotichutia@gmail.com
ভ্ৰাম্যভাষ -৬০০০৯-২৭৩৭৪
***
সম্পাদকীয় টোকা : কবিতাটোত ৰাগটোৰ নাম ভীমপলাশ্ৰী যদিও ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতত প্ৰচলিত ৰাগটোৰ নাম ভীমপলাশীহে যিটো ৰাগ সন্ধিয়া বেলা পৰিৱেশন কৰা হয়।
