ভাস্কৰ জ্যোতি নাথ
অসমীয়াৰ অস্তমিত সূৰ্য, ঔপনিৱেশিক ব্ৰিটিছ শাসনৰ সূচনা
“There are no gods, no nations, no money and no human rights, except in our collective imagination” - Yuval Noah Harari, Sapiens, 2019, Vintage.
সাহিত্য আলোচনী ‘প্ৰকাশ’ৰ ২০২৫ চনৰ জুন সংখ্যাত প্ৰকাশিত সমাজ ঐতিহাসিক আৰু জাতীয় পৰিচয়সূচক গল্প ‘এজাক জাতিস্মৰৰ সমাধিত’ গল্পৰ চৰিত্ৰ অমৃত ফুকন আৰু অয়ন বৰুৱাই হেৰোৱা বিস্মৃতপ্ৰায় ঐশ্বৰ্যশালী গৌৰৱময় দিনবোৰ সুঁৱৰি আলাপত মগ্ন হৈছে এইদৰে–
“অমৃতে আকৌ দুগুণ উৎসাহেৰে কয়– ‘চাওক ব্ৰিটিছ আৰু বাৰ্মিজৰ ট্ৰিটিহে আছিল ইয়াণ্ডাবু৷ আহোম কোনোদিন তাৰ ছিগনেটৰি নাছিল৷ ইণ্টাৰনেশ্বনেল ল’ৰ ফালৰ পৰাও ইলিগেল৷ যিখন চুক্তিত অসমে চহীয়েই কৰা নাছিল, চহী কৰিছিল আহোম ৰজাক সহায় কৰিবলৈ অহা ব্ৰিটিছ সৈন্যৰ বিষয়াই সেইখনৰ ভিত্তিতে ১৯৪৭ ত গঢ় লোৱা ভাৰত ৰাষ্ট্ৰত সোমাই থকাৰ কি যুক্তি আছে?
ঘপহকৰে মাতে শইকীয়াই – ‘আৰু ব্ৰিটিছে আহোমৰ হৈ মানৰ বিৰুদ্ধে কৰা যুদ্ধৰ ডিক্লাৰেশ্বনতো তেনে কোনো কথা উল্লেখ কৰা নাছিল৷ একে ৰজা গম্ভীৰ সিংহক মণিপুৰৰ ৰজা পতাৰ কথা ট্ৰিটিখনত উল্লেখ কৰিলে, অথচ অসমৰ পুৰন্দৰ সিংহ বা চন্দ্ৰকান্ত সিংহক ৰাজ্যভাৰ গটাই দিয়াৰ কথাও ট্ৰিটিখনত উল্লেখ নকৰিলে৷ ইটছ এ গ্ৰেইট বিট্ৰেয়েল’৷১
“ঐনামক সি কয়, ‘চা ভাই টিপু চুলতানে যেতিয়া ভলটেয়াৰ, টমাছ পেইনৰ কিতাপ পঢ়িছিল, ফ্ৰান্সৰ ৰজা লুইক ফৰাচী লেখকৰ কিতাপ পঠিয়াবলৈ কৈছিল, বংগদেশ আক্ৰমণ কৰি লৈ যোৱা ধন সম্পত্তিৰে ইণ্ডাষ্ট্ৰিয়েল ৰিভল্যুশ্বন হোৱাৰ পিচত লাহে লাহে ইংলেণ্ডত ৰোমাণ্টিক কবিতা আৰম্ভ হৈছিল তেতিয়াও আমাৰ পূৰ্বপুৰুষ আহোম ৰজাবোৰে চিন্তা-চৰ্চাৰে আওপুৰণি যুগতে আছিল৷ বাহিৰৰ পৃথিৱীৰ একো খবৰ নাছিল৷ নতুন চিন্তা, জ্ঞান উন্মেষণ হোৱা নাছিল৷ অপৰাধৰ শাস্তি আছিল হাতীৰে গছকোৱা, কাঠৰ কুণ্ডাৰ মাজত অপৰাধীটোক ভৰাই লৈ চেপি দিয়া৷ বাৰ্মাৰ মানবোৰো এথ্নিক চিমিলাৰিটিজটো বাদেই পলিটিকেলি ফিলছফিকেলি একেবাৰে ৰিগ্ৰেছিভ হৈ থাকিল৷ সময়তকৈ বহু পিছপৰা আৰু সৰল আছিল৷ সেইবাবেই হয়তো আমাৰ এই দশা”৷২
১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰিত বাৰ্মাৰ মধ্যস্থলৰ চহৰ মিংয়ানত য়াণ্ডাবু নামৰ অখ্যাত স্বল্প পৰিচিত প্ৰত্যন্ত গাওঁখনত ব্ৰিটিছ আৰু বাৰ্মিজ মাজত হোৱা দ্বিপাক্ষিক চুক্তিৰ জৰিয়তে অসম, মণিপুৰ আৰু টেনাশ্বেৰিম ইষ্ট ইণ্ডিয়া কোম্পানীৰ হস্তগত হয় আৰু অসমৰ স্বাধীনতাৰ ভাগ্য ৰবি চিৰকালৰ বাবে মাৰ যায়৷ অসমৰ আৱাল-বৃদ্ধ-বণিতা সকলোৰে ই অৱগত৷ সমাজ ইতিহাসত এই এংলো বাৰ্মা বা অসমৰ সমাজ ৰাজনৈতিক পৰিভাষাত মানৰ সৈতে যুদ্ধই ঠাই পালেও বহু দিশ উপেক্ষিত হৈ আহিছে৷ এই ছবছৰীয়া যুদ্ধই ইংৰাজৰ ৰাজভঁৰাল দেৱলীয়া কৰি তোলে৷ মান ৰজা- যি সমুদ্ৰ পথেৰে গৈ ইংলেণ্ড আক্ৰমণ কৰি বিশ্বৰ একচ্ছত্ৰী সম্ৰাট হোৱাৰ স্বপ্নত মগন হৈছিল, তেওঁ সহজেই ইংৰাজৰ হাতত হাৰি যাব খোজা নাছিল৷ ফলত অৱধাৰিতভাৱে দীঘলীয়া যুদ্ধৰ সূচনা হয় আৰু কোম্পানীৰ ৰাজভঁৰালো হাহাকাৰৰ সন্মুখীন হয়৷ ঠিক তাৰ সমান্তৰালভাৱেই ইংলেণ্ডত লাহে লাহে বংগৰ পৰা লুটপাত কৰি লৈ যোৱা টকাৰে শিল্প বিপ্লৱে গঢ় লৈ উঠে৷ ফৰাচী দৰ্শন আৰু বিপ্লৱৰ আৰঁ লৈ ইংৰাজহঁতৰ মাজত ৰোমাণ্টিক কবিতাৰ ঢৌ উঠে৷ ইংলেণ্ডৰ ৰুঢ় বাস্তৱ, সাম্ৰাজ্যবাদ, আৰু ফৰাছীহঁতৰ দৰে ৰাজতান্ত্ৰিক শোষণ-শাসনৰ বিৰুদ্ধাচাৰণ কৰাৰ পৰিৱৰ্তে বাস্তৱৰ পৰা পলায়ন কৰি ৰোমাণ্টিক কবিতা ৰচনাৰে প্ৰকৃতিৰ কোলাত আশ্ৰয় লব খোজা কেলেহুৱা ৰোমাণ্টিক কবিহঁতক ইংৰাজ ৰজাঘৰেও ভাল পালে৷ এই অকৰ্মণ্য, তোষামোদকাৰী, বাস্তৱ বিৱৰ্জিত, আকাশত চাং পতা কবিহঁতক নিজৰ সুবিধাত ব্যৱহাৰ কৰিব পৰাকৈ পয়েট লৰেটৰ দৰে ৰাজ কবিৰ পদবীৰো সৃষ্টি কৰিলে৷
ইফালে সাগৰ পাৰ হ’বলৈ নাৰাজ, জাত যোৱাৰ শংকাত আক্ৰান্ত হিন্দু সৈন্যতকৈ ব্ৰিটিছৰ মানৰ বিৰুদ্ধে যুদ্ধত সহায় আগ বঢ়ালে পূৰ্ব বংগৰ বঙালী মুছলমান সৈন্যই আৰু অসমে মানৰ অত্যাচাৰ আৰু বিভীষিকাৰ পৰা ৰেহাই পালে৷ অসমক মানৰ আক্ৰমণৰ পৰা ৰক্ষা কৰি ব্ৰিটিছৰ হৈ যুদ্ধ দিয়া বঙাল সৈন্যৰ সগোত্ৰীয়সকলৰ সতি-সন্ততিহঁতে বুভুক্ষা, মাৰি-মৰক আৰু আৰ্থিক সংকট, জীৱন-জীৱিকাৰ সন্ধানত অসমলৈ প্ৰৱজন কৰি অসমত হৈ উঠিল– মিঞা-পমুৱা পূৰ্ব বংগীয় মুছলমান! আহিবলগীয়া যুগ যুগৰ বাবে এওঁলোকৰ উপস্থিতি, বৰ্ধিত আবাদী আৰু ভূমি বেদখল হৈ পৰিল খিলঞ্জীয়া অসমীয়াৰ সংকটৰ কাৰণ! অসম আৰু অসমীয়া ভাষাক আঁকোৱালি লোৱা এই পমুৱাসকলে লোকপিয়লতো ৰাজনৈতিক সুবিধা আদায়ৰ বাবে বাংলা মাতৃভাষা হোৱা সত্ত্বেও অসমীয়া মাতৃভাষা হিচাপে পৰিচয় দিলে আৰু বহু সময়ত ইছলামিক পৰিচয় নিৰ্মাণৰ প্ৰচেষ্টাও গঢ় দিলে৷ এই বিষয়ে লেখাটিৰ পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰা হ’ব৷
১৮২৬ চনত অসমৰ স্বাধীনতাৰ ৰবি অস্তমিত হ’লেও ইয়াৰ বীজ বহু আগতেই প্ৰোথিত হৈছিল৷ মানৰ আক্ৰমণ আৰু এংলো-বাৰ্মিজ যুদ্ধ এটা উপলক্ষহে মাত্ৰ আছিল৷ তাৰ বহু পূৰ্বেই আহোম ৰজা চুকাফাৰ হাতত গঢ় লোৱা অসমখন ক্ৰমশঃ ধ্বংসৰ ফালে অৱশ্যম্ভাৱী ৰূপে গতি কৰিছিল৷ মানৰ আক্ৰমণ আৰু য়াণ্ডাবু চুক্তি কেৱল স্বাধীন অসমৰ কফিনত শেষৰটো গজালহে আছিল৷ সেই বাবেই কেৱল য়াণ্ডাবুৱে অসমক বিদেশীৰ অধীন কৰিলে বুলি খেদ কৰাটো ভাবৰ আধিক্যৰ বাদে একো নহয়৷ তদ্ৰুপভাৱে এইটোও উল্লেখ কৰা সমীচিন হ’ব যে মানৰ আক্ৰমণ আৰু য়াণ্ডাবুৰ পূৰ্বে অসমৰ টাই-শ্বান আহোমসকলতকৈও অধিক খিলঞ্জীয়া ভূমিপুত্ৰ মৰাণ, মটক, কছাৰী, কোচ, চুতীয়া, নাথ যোগী বা কলিতা, কৈৱৰ্ত, কাৰ্বিসকলে অতি সোণসেৰীয়া আনন্দ আৰু প্ৰশান্তিত দিন কটাইছিল বুলি ভাবিলেও অতিৰঞ্জন হ’ব৷ বহুতো ইতিহাসবিদৰ ৰচনাৰাজিত তথ্যভিত্তিক সত্যতকৈ কল্পনা আৰু ভাববিলাসৰ আধিক্যৰ বাবে আহোম শাসনৰ এখন গৌৰৱময় ছবি অংকন কৰা হয়৷ দৰাচলতে ইতিহাস লিখাটো এটা আহুকলীয়া কাম কিয়নো কাচিৎহে সঁচা ইতিহাস- অৰ্থাৎ প্ৰকৃত নিভাঁজ সত্যৰ বৰ্ণনা কৰা হয়৷ অতি সততাৰে ৰচিত ইতিহাসত কোনেও অধিক গৌৰৱ কৰিব পৰাৰ থল নাথাকে৷ সেয়ে ইতিহাস ৰচনা কৰাসকলে নিজৰ মতাদৰ্শৰ সুবিধা হোৱাকৈ এচামে ভাল পোৱাকৈ ইতিহাস ৰচনা কৰে৷ সেয়ে history হৈ উঠে mystery!
মানৰ দিন অথবা ঊনবিংশ শতিকাৰ অসমৰ বিষয়ে সমাজ-ইতিহাস বিষয়ক বহুতো গ্ৰন্থ প্ৰণয়ন হ’লেও তাত মানৰ সৈতে যুদ্ধ কৰিবলৈ অহা ইংৰাজ লেখক-সাহিত্যিকসকলৰ বৰ্ণনা পোৱা নাযায়৷ ব্ৰিটিছ কেপ্টেইন ফ্ৰেডেৰিক মাৰিয়ট (Fredrick Marryat) আছিল এগৰাকী লেখক আৰু উপন্যাসিক৷ তেওঁক ন’টিকেল ফিকশ্বনৰ বাটকটীয়া হিচাপেও জনা যায়৷ মান আক্ৰমণৰ নেতৃত্ব দিয়া ছাৰ আৰ্ছিৱল্ডৰ জোঁৱাই আৰু সেনা বিষয়াজন জেইমছ স্নডগ্ৰাছৰ প্ৰাথমিক উৎসৰ আলোচনাও তেনেকৈ দেখা নাযায়!
উল্লেখ্য যে মানৰ সৈতে যুদ্ধ আৰম্ভ হোৱাৰ সময়ত ইষ্ট ইণ্ডিয়া কোম্পানী এটা গজগজীয়া কোম্পানী- এটা স্বয়ম্ভূ শাসন ব্যৱস্থা হিচাপে নিগাজী হৈ উঠিছিল৷ যিটো কোম্পানীৰ অফিচৰ নামত লণ্ডনত অৱস্থিত হেড কোৱাৰ্টাৰত ছখন খিৰিকী থকা আৰু মাত্ৰ পঁয়ত্ৰিছজন কৰ্মচাৰী থকা এটা অফিচহে আছিল সি পাছলৈ গোজেই গজালি মেলি ১৮২৬ চনৰ ভিতৰত ভাৰত উপমহাদেশ প্ৰায় সম্পূৰ্ণৰূপে দখল কৰে৷ বংগৰ পৰা কিছু দূৰৈত থকা এৰাপৰলীয়া মণিপুৰ, অসম, জয়ন্তীয়া আদি ৰাজ্য দখলৰ বাবে প্ৰথম অৱস্থাত ব্ৰিটিছ আগ্ৰহী নাছিল৷ এই ভৌগোলিক অঞ্চলটোৰ ৰাজহ বা অন্য অৰ্থনৈতিক সম্ভাৱনাৰ বিষয়েও তেতিয়া অৱগত নাছিল৷ অমলেন্দু গুহই তেখেতৰ সমাজ-ইতিহাস বিষয়ক গ্ৰন্থ Planter Raj To Swaraj-অত উল্লেখ কৰিছে যে “The Raj appeared on the scene in the guise of saviours of the people who were suffering under the chaos, lawlessness and oppression that had persisted since the 1770s, starting with the Moamaria civil war and culminating in the Burmese occupation of the Assam plains (1817-24). But it soon dawned on the people that the Raj had come to stay. Its purpose was to turn Assam into an agricultural estate of tea-drinking Britons and to transform local traditional institutions to suit the colonial pattern of exploitation. The people found out from experience that the new masters' immediate concern was extortion of land revenue, even to the detriment of the welfare of their subjects.”৩
ড° গুহৰ মতে ‘ৰাজ’ৰ সূচনা অসম আৰু অসমীয়াৰ ত্ৰাণকৰ্তা হিচাপে ১৭৭০ পৰা বিৰাজমান নৈৰাজ্যৰ পৰা পৰিত্ৰাণ কৰাৰ আলম বা ভেশ লৈ আৰম্ভ হয় আৰু মানৰ আক্ৰমণৰ সময়ত ই চূড়ান্ত পৰ্যায়ত আৰোহণ কৰে৷ এই বিষয়ত আলোচনাৰ থল আছে বুলি আমি অনুভৱ কৰোঁ৷ প্ৰথমতে গুহই ব্যৱহাৰ কৰা ‘ৰাজ’ ( Raj) শব্দটিক লৈও আমাৰ কিছু আপত্তি আছে৷ ব্ৰিটিছ শাসনকালক বুজাবলৈ ‘ৰাজ’ (Raj) শব্দটো ব্যৱহাৰ কৰাটো আহুকলীয়া কিয়নো ভাৰতত ৰাজত্বৰ ইতিহাস কেৱল ব্ৰিটিছৰে নাই৷ ব্ৰিটিছে দুশ বছৰ ৰাজত্ব কৰাৰ বিপৰীতে চুলতানীয় মুছলমানসকল বা তুৰ্ক-মংগোল মূলৰ আন্দিজানৰ পৰা অহা জাহিৰুদ্দিন মহম্মদ বাবৰৰ বংশজসকলে ব্ৰিটিছতকৈ অধিক কাল ভাৰতত ৰাজত্ব কৰিছে৷ ডেৱিদ স্কটৰ জীৱন সোঁৱৰণ বা এডৱাৰ্ড গেইটৰ (গেইট চাহাব নহয়- Decolonising of mind অতীৱ দৰকাৰী) ‘এ হিষ্ট্ৰী অৱ আছাম’ পঢ়িলেও এইটো স্পষ্ট হয় যে প্ৰাৰম্ভিক অৱস্থাত ব্ৰিটিছসকলে নিজৰ উপনিৱেশত অসমক স্থায়ীভাৱে সংযোজন (annexation) কৰিবলৈ আগ্ৰহী নাছিল৷ টাই-শ্বান মূলৰ আহোম শাসকসকলৰ হাতত অসমৰ শাসন অৰ্পণ কৰাৰ কথা ব্ৰিটিছসকলে নভৱাকৈ নাছিল, কিন্তু তেতিয়া বিৰাজমান অন্তৰ্কলহ, খামখেয়ালি আৰু ব্ৰিটিছসকলৰ বিদায়ে সৃষ্টি কৰিব পৰা অন্তহীন নৈৰাজ্য আৰু আভ্যন্তৰীণ কন্দলৰ কথাই কোম্পানীৰ বিষয়াক অসমত স্থায়ী শাসনৰ কথা ভাবিবলৈ প্ৰেৰণা যোগালে৷ সেয়ে গুহই অতি সৰলীকৰণ কৰি সংক্ষেপতে অসমৰ ত্ৰাণকৰ্তাৰ ভাও দি অসম দখল কৰা কথাটো মানি ল’বলৈ টান হয়৷ সেই সময়ৰ অসমৰ সামাজিক ৰাজনৈতিক পৰিৱেশ বৰ অনুকূল নাছিল৷ সেয়ে গেইটে উল্লেখ কৰিছে যে ব্ৰিটিছসকলে ‘এটা মধ্যম পন্থা’ ( a middle course) অৱলম্বন কৰে৷৪
এই মধ্যম পন্থাৰ দ্বাৰা উজনি অসমত এজন থলুৱা আহোম শাসক আৰু নামনিৰ গোৱালপাৰাৰ দৰে এলেকাক প্ৰত্যক্ষভাৱে ব্ৰিটিছ নিয়ন্ত্ৰণলৈ নিয়াৰ উদ্যোগ হাতত লোৱা হ’ল৷ এইটো সত্য যে মানৰ আক্ৰমণৰ পাছত অসমৰ অৱস্থা অতি শোচনীয় আছিল৷ জনসংখ্যা বিপুল পৰিমাণে হ্ৰাস হোৱাৰ সমান্তৰালভাৱে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাও আছিল তথৈবচ৷ আহোমৰ সগোত্ৰীয় বাৰ্মিজসকলৰ ক্ৰুৰতা আৰু বৰ্বৰতাত অসমৰ জনসংখ্যাৰ আধা অংশই প্ৰাণ হেৰুৱালে৷ বহুতে হাবিৰ বনৰীয়া আলু-কচু খাই কলেৰা-হাইজাত প্ৰাণ হেৰুৱালে৷ পৰৱৰ্তী লেখাটিৰ প্ৰাৰম্ভত এই বিষয়ে আলোচনা কৰা হ’ব৷ অত এব কাৰণত কোম্পানীৰ বিষয়াহঁতে অসমখন ছল-চাতুৰী কৰি ছদ্মৱেশেৰে কাঢ়ি লোৱা বুলি গুহৰ দৰে ভাবি লোৱাটো ঐতিহাসিক সত্যৰ অপলাপ হ’ব৷ ইতিহাসৰ অধ্যয়ন বা ৰচনাত নিজে ব্ৰিটিছ বা এজন অসমীয়াৰ ভাবাৱেগ লৈ ৰচনা কৰিলে বা পঢ়িলে ইতিহাসৰ সম্পূৰ্ণ সত্য প্ৰকাশ নেপায়৷ সামাজিক ৰাজনৈতিক ঘটনাবোৰ যেনেদৰে সংঘটিত হৈছিল তেনেদৰে নিৰ্মোহ হৈ বাখ্যা আগবঢ়োৱাটো প্ৰয়োজনীয়৷ নহ’লে intentional fallacy ৰ সম্ভাৱনা আৰু বস্তুনিষ্ঠতাৰ অপমৃত্যু নিতান্তই স্বাভাৱিক৷ অত এব পৰিস্থিতিতে আমি সম্প্ৰতি বিদ্যায়তনিক অধ্যাপক গৱেষকৰ ইতিহাসৰ পৰিৱৰ্তে উইলিয়াম ডালৰিম্পল, লেৰী কলিনছ বা পিটাৰ ফ্ৰাংক’পানৰ কিতাপৰ প্ৰতি আগ্ৰহী হৈ উঠিছোঁ৷ অৱশ্যে ৰিছাৰ্ড মেক্সৱেল এটনৰ দৰে ইতিহাসৰ অধ্যাপকৰ ৰচনাৰাজি আমাৰ প্ৰিয়৷ গুহৰ দৰে বহুতো ইতিহাসবিদে কৰা ইতিহাসৰ অপলাপ, বিসংগতি তেওঁলোকৰ দৰে ইতিহাসবিদৰ ৰচনাৰাজিত অনুপস্থিত৷ ভাইৰাজা মানৰ আক্ৰমণত বিধ্বস্ত, ক্ষমতাকেন্দ্ৰিক অন্তৰ্কন্দলত জৰ্জৰিত আৰু আৰ্থিকভাৱে ভাৰাক্ৰান্ত অসমীয়াই কোম্পানীয়ে শাসন ভাৰ লোৱাত প্ৰথম অৱস্থাত এটা বিৰাট সকাহ অনুভৱ কৰিছিল৷
পুৰন্দৰ সিংহক পঞ্চাছ হাজাৰ টকা আদায় কৰাৰ চৰ্তত উজনি অসমৰ শাসন ভাৰ অৰ্পণ কৰে৷ কোৱা বাহুল্য যে খুউব কম দিনৰ ভিতৰতে পুৰন্দৰে অনাদায় টকা পৰিশোধ কৰাত ব্যৰ্থ হয়৷ কোম্পানীৰ ব্ৰিটিছ বিষয়াই তদন্তত জানিব পাৰে যে পুৰন্দৰ সিংহ বিষয়ববীয়াৰ অবাৰিত দুৰ্নীতি, পুৰন্দৰৰ কু শাসনৰ বাবেই অৰ্থনৈতিকভাবেও ৰসাতললৈ গতি কৰিছে৷ সেয়ে ১৮৩৮ চনত উজনি অসমো সম্পূৰ্ণৰূপে কোম্পানীৰ অধীনলৈ অনা হয়৷ এই ১৮৩৮ চনৰ পৰাই অসমৰ ভাগ্য ৰবি সম্পূৰ্ণৰূপে অস্তমিত হয়৷ য়াণ্ডাবুৰ সন্ধিখন তন্ন তন্নকৈ পঢ়ি বিশ্লেষণ কৰিলেও কোম্পানীৰ এটা অভিপ্ৰেত উদ্দেশ্য থকাটো নুই কৰিব নোৱাৰি৷ পিছে অসমক সম্পূৰ্ণৰূপে কোম্পানীৰ অধীনলৈ নিয়াৰ পৰিৱেশো গঢ় দিলে খোদ এচাম অসমীয়া আৰু ৰাজ বিষয়াৰ দুৰ্নীতি আদিয়ে৷ সিয়ো অপ্ৰিয় সত্য৷ চুক্তিখনত মণিপুৰক ৰজা গম্ভীৰ সিংহৰ হাতত অৰ্পণ কৰিব বুলি উল্লেখ থকাৰ বিপৰীতে অসমৰ শাসন কাক অৰ্পণ কৰিব তাৰ কোনো উল্লেখ নথকাটোয়েও কিছুমান কথা ভাবিবলৈ প্ৰেৰণা যোগায়৷ অৱশ্যে মণিপুৰৰ তুলনাত অসমত উত্তৰাধিকাৰকেন্দ্ৰিক বাদ বিবাদো অধিক আছিল! কোনে ৰাজপাট খাব তাক লৈ আহোম ৰাজ পৰিয়ালৰ মাজত কমখন খোৱা কামোৰাই বিৰাজ কৰিছিলনে? চন্দ্ৰকান্ত আৰু পুৰন্দৰৰ হেঁচাত সৈন্য-সামন্ত লৈ মানৰ বিৰুদ্ধে যুদ্ধৰ বাবে অগ্ৰসৰ হোৱা ব্ৰিটিছসকলৰ উত্তৰ-পূব সীমান্তৰ গৱৰ্ণৰ জেনেৰেলগৰাকীয়ে ‘ডিক্লাৰেশ্বন অৱ ৱাৰ’ত উল্লেখ কৰিছিল – “The relations of peace and friendship between the Hon’ble East India Company and the state of Ava have been strained by the latter’s act of provocation and aggression, placing the two countries on the brink of hostilities averted only by the moderation and forbearance of the British power. The Burmans elated by their conquest of Assam have offered studied insult, menace and defiance to the British power. The Burmans have laid a false claim to the island of Shapurre, their official communication have been singularly boastful, assuming and insolent. The Burman interference in Cachar, Manipur and Jayantiya have been unwarranted. The officers and crew of armed vessel ‘Sophia’ have been released but no apology or explanation of their detention have been offered. For their wanton violation of the relations of friendship, the Governor General in council has ordered the advance of the force assembled at Goalpara into the territory of Assam to dislodge the enemy from their commanding position which they occupy at the head of the Brahmaputra; but is ready yet to listen to pacific overtures on the part of His Burmese Majesty.”
মণিপুৰৰ গম্ভীৰ সিং বা কছাৰী ৰজা গোবিন্দ চন্দ্ৰৰ দৰে অসমত মানসকলৰ বিদায়ৰ পাছত নিৰ্দিষ্টকৈ এজন ৰাজ পৰিয়ালৰ উত্তৰাধিকাৰীৰ হাতত শাসনৰ ভাৰ দি এৰি যোৱাটোও ব্ৰিটিছৰ বাবে সহজ নাছিল৷ অসমীয়াৰ বাবেও তেনেকৈ নিৰাপদ নাছিল৷ আভ্যন্তৰীণ খামখেয়ালি আৰু সংঘাতে অসমৰ ৰাজ পৰিয়ালৰ অৱস্থা শোচনীয় কৰি ৰাখিছিল৷ এনে অৱস্থাত ব্ৰিটিছ কোম্পানীৰ শাসনতেই অসমীয়াই নিৰাপদ অনুভৱ কৰিছিল৷ মণিৰাম দেৱানৰ দৰে লোকেও ব্ৰিটিছ শাসনক আদৰণি জনাইছিল৷ মণিৰাম দেৱানৰ সুবিধাবাদী চৰিত্ৰৰ বিষয়ে পিছলৈ উল্লেখ কৰিম৷ ইতিহাসবিদ এডৱাৰ্ড গেইটে উল্লেখ কৰিছে কিদৰে মানৰ যুদ্ধত জয়ৰ পাছত অসমৰ পৰা কোম্পানীৰ প্ৰত্যাৱৰ্তনত হ’ব পৰা পৰিস্থিতিয়ে ব্ৰিটিছসকলক শংকিত কৰি তুলিছিল৷ জাতীয় ৰোমাণ্টিকতাৰ বন্যাত আক্ৰান্ত অসমৰ ইতিহাস লেখকে এই বিষয়ক আওকাণ কৰি ব্ৰিটিছক কেৱল আসুৰিক সুবিধাবাদী হিচাপে চিত্ৰায়িত কৰাতে আনন্দ লাভ কৰে৷ অসম, মণিপুৰ, জয়ন্তীয়া, ছিংফৌৰ বৰ্বৰ আৰু জংঘলী জাতি-জনজাতি বোৰকো নতুন পৃথিবীৰ সভ্যতাৰ পোহৰ দেখুৱালে ব্ৰিটিছসকলে৷ দৰাচলতে আহোমৰ ক্ষমতাৰ যুঁজত আহোমৰে সগোত্ৰীয় ভাই ৰজাৰ পশুৱৎ অত্যাচাৰত ভূমিপুত্ৰ অসমীয়াসকল যেনে - মৰাণ, মটক, বৰাহী, কছাৰী, চুতীয়া, কোচ, কলিতা, নাথ যোগী, কৈৱৰ্ত আদি সকলেহে সৰ্বাধিক মূল্য অনাহকতে ভৰিলে৷ টাই-শ্বান (আহোম/মান বাৰ্মিজ)হঁতৰ যুঁজত দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণৰ দৰে ভূমিপুত্ৰসকলে প্ৰাণত্যাগেৰে মূল্য ভৰিব লগীয়া হ’ল৷ টাই-শ্বান (আহোম) ৰাজ পৰিয়ালৰ উত্তৰাধিকাৰীসকল যদি ক’ৰবাত আজিও জীয়াই আছে তেওঁলোকে তেওঁলোকতকৈ হাজাৰগুণে খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ওচৰত এই দুৰ্যোগৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খোজা উচিত! গেইটে অসমত বিৰাজ কৰা পৰিৱেশৰ বিষয়ে উল্লেখ কৰিছে এইদৰে-
“The problem in the Brahmaputra valley was more difficult. Not only had the Burmese been in possession for several years in the course of which they had overthrown most of the old administrative landmarks but the people were split up into many conflicting parties, and the elevation of any particular pretender to the throne would have resulted, as soon as the British troops were withdrawn, in a renewal of the fatal dissensions and civil wars which had prevailed for so many years before the Burmese occupation.
With the exception, therefore, of two tracts in Upper Assam, viz., Sadiya and Matak, it was decided, for a time at least, to administer the country as a British province.”৫
এইদৰে ১৮২৬ চনত স্বাক্ষৰিত য়াণ্ডাবু সন্ধিৰ জৰিয়তে অসম ব্ৰিটিছ ইণ্ডিয়ান সাম্ৰাজ্যৰ অংশ হৈ পৰে৷ লেখক সঞ্জয় বৰুৱাই উল্লেখ কৰিছে যে – “When the Ahom kingdom passed into British hands, it was the first time in history that the Assamese heartland became politically incorporated into a pan-Indian imperial formation.” ৬
অৱশ্যে বৰুৱাই সমান্তৰালভাৱে উল্লেখ কৰিছে যে কোচ হাজো বা কোচবিহাৰৰ সীমা সাম্প্ৰতিক অসমৰ সীমাৰেখা অতিক্ৰমি বহু দূৰলৈ বিস্তৃত আছিল৷ গোৱালপাৰাৰ পৰা আৰম্ভ কৰি নামনি অসম ১৮২৬ চনৰ পূৰ্বৰে পৰা ব্ৰিটিছ ইণ্ডিয়াৰ অংশ আছিলেই৷ সাহিত্য সমালোচক প্ৰভাত বৰাদেৱে তেখেতৰ প্ৰবন্ধ সংকলন যথাৰীতিৰ ‘আনন্দৰাম ঢেকিয়াল ফুকন’৭ শীৰ্ষক লেখাটিত উল্লেখ কৰিছে যে “যোগিনীতন্ত্ৰ আৰু কালিকা পুৰাণে প্ৰাগজ্যোতিষ কামৰূপক ভাৰতীয়ত্বৰ আৱৰ্তত অন্তৰ্ভুক্ত কৰিলেও অসম ব্ৰিটিছ শাসনাধীন হোৱাৰ আগলৈকে ভাৰতৰ লগত অসমৰ প্ৰত্যক্ষ সম্পৰ্ক ঘটা নাছিল৷ প্ৰাগ ঐতিহাসিক কালত অসমলৈ অলপ সংখ্যক হলেও আৰ্য জাতিৰ মানুহৰ আগমন ঘটিছিল৷ সেই বুলি মহাভাৰতত উল্লিখিত প্ৰাগজ্যোতিষপুৰখন কামৰূপেই বুলি থিৰাংকৈ কোৱাটো টান।”
এই বক্তব্যও আহুকলীয়া আৰু অতি সৰলীকৰণৰে অন্য ৰূপ৷ কামৰূপখন যদি কামৰূপ নহয় অথবা মথুৰা-বৃন্দাবন বা কুৰুক্ষেত্ৰ নহয় বুলি মন্তব্য আগবঢ়াব পাৰি তেতিয়া সম্ভাব্য কামৰূপ বা কুৰুক্ষেত্ৰ কোনখন তাৰো ইংগিত দিব পাৰিব লাগিব অন্যথা ই হৈ পৰিব মতাদৰ্শনিৰ্ভৰ বৈষম্যমূলক ধাৰণা৷ মূল ভাৰত বৰ্ষৰ সৈতে টাই আহোমে য়ুনানৰ ৰুইলী আদি ঠাইৰ পৰা আহি শাসন কৰা কেইটামান বছৰৰ অসমখন নহলেও প্ৰাচীন কামৰূপৰ সুগভীৰ সম্পৰ্ক আছিল তাক উলাই কৰিব পৰা নাযায়৷ ওপৰোক্ত শ্ৰদ্ধেয় লেখক দুগৰাকীৰ দৰেই তদ্ৰুপ মন্তব্য বহুতো অসমীয়া লেখক গৱেষক পণ্ডিতে আগবঢ়ায়৷ ই তেওঁলোকৰ চিন্তাৰ পৰিকাঠামোৰ পৰিচায়ক৷ তেওঁলোকতকৈ স্পষ্টকৈ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা অহা বিশিষ্ট ইতিহাসবিদ এডৱাৰ্ড গেইটেই কৈছে যে অসমীয়া পৰিচয়ৰ আধাৰ হিচাপে যি অসমীয়া ভাষাৰ কথা কওঁ, সি হ’ল মূলতঃ আৰ্যৰ পূজা-উপাসনাৰ ভাষা - a priestly language of Aryans Hindus ৷ যেতিয়া ভাষাটোৱেই মূলতঃ আৰ্যমূলীয় আৰ্যাৱৰ্তৰ সিপাৰে সম্ভূত সেইখন আৰ্যাৱৰ্ত অৰ্থাৎ ভাৰতবৰ্ষৰ সৈতে অসমৰ সম্পৰ্ক নাই বুলি কোৱাটো এক বহুৱালি নহয়নে? এডৱাৰ্ড গেইটে উল্লেখ কৰিছে কিদৰে সনাতন আৰ্যৰ সকলোকে আপোন কৰি ল’ব পৰা ‘absorbent power of hinduism’-য়ে উত্তৰ-পূবৰ জংঘলী হিংস্ৰ জনজাতিবোৰক আৰ্যীকৰণৰ দ্বাৰা সনাতন হিন্দুৰ মেৰঘৰলৈ লৈ আনিলে৷ এই কথা তেখেতৰ ‘এ হিষ্ট্ৰী অৱ আছামৰ’ পৃষ্ঠা ক্ৰমে ১, ২ আৰু ৯-ত স্পষ্টভাৱে উল্লেখ আছে আৰু তাক আজিকোপতি কোনো লেখক ইতিহাসবিদে নস্যৎ কৰিব পৰা নাই৷ অৱশ্যে তেওঁলোকে এটা কাম কৰিব পাৰিছে - গেইটৰ বক্তব্য আৰু তথ্যসমৃদ্ধ যুক্তিক খণ্ডন নকৰি চুপচাপকৈ অসম/কামৰূপৰ ভাষা, সংস্কৃতি একোৰে সৈতে মূল ভাৰতৰ সম্পৰ্ক নাই বুলি প্ৰ’পাগাণ্ডা সৃষ্টিত সফল হৈছে৷ মৎসেন্দ্ৰনাথৰ দিনৰ কামৰূপৰ সীমা আৰু ভাৰতীয় তথা তিব্বতী নেপালৰ ঐতিহ্য সংস্কৃতিত তাৰ যি বিপুল প্ৰভাৱ তাৰ কথা নকলোঁৱেইবা৷ কোনো সোঁ-বাওঁ মাক্সবাদত আৱদ্ধ নোহোৱাকৈ সঁচা কথাবোৰ কিয় ক’ব নোৱাৰি সি আমাৰ বোধগম্য নহয়৷ ই হয় একাংশৰ অধ্যয়নৰে সীমাৱদ্ধতা, নহয় মতাদৰ্শ নিৰ্ভৰ প্ৰপাগাণ্ডাৰ ই অংশ৷ সেয়ে সত্যক প্ৰ’পাগাণ্ডা আৰু মিথ্যাৰ প্ৰলেপ দি ঢাকি ৰখা হয়৷ এনে ধৰণৰ লেখক চিন্তাবিদ আৰু ইতিহাসবিদ দেশ, সমাজ আৰু মানৱতাৰ শত্ৰু৷ কামৰূপৰ নামটোও প্ৰথম উল্লেখ লাভ কৰা হয় এলাহাবাদৰ শিলালিপিতহে৷ চীন-ম্যানমাৰ সীমান্তৰ ৰুইলী অথবা য়ুনানত নহয়! সমুদ্ৰগুপ্তৰ দিনৰ গুপ্ত সাম্ৰাজ্যৰ শিপাও আছিল ডবকালৈকে বিস্তৃত৷ সমস্যা হ’ল যে স্বগৃহৰ আমোদ-প্ৰমোদ আৰু আনন্দত মজি থকাসকলে য’ত ত’ত আক্ৰমণ কৰি ঘুৰি ফুৰা চীনমূলীয় অথবা তুৰ্ক-মংগোলহঁতৰ দৰে ইতিহাসৰ চন-তাৰিখ লিখি নাৰাখে৷ সমস্যা তাতেই৷ নিজৰ ঘৰতে থাকি সমগ্ৰ বিশ্বকে ঘৰ বুলি ভবা আৰু বিশ্বৰ সকলোকে - বসুধৈৱ কুটুম্বকম্ বুলি ভবাসকলক কিহৰ ইতিহাসৰ চন-তাৰিখ দৰকাৰ? বিদেশত মঠ-মন্দিৰ লুটপাত কৰিবলৈ আৰু জনসংখ্যাৰ আবাদী বঢ়াবলৈ এওঁলোক নাযায় নহয়! এডৱাৰ্ড গেইটে উল্লেখ কৰা আৰ্যসম্ভূত priestly language অসমীয়া৷ এই কামৰূপৰ ভূখণ্ডত টাই-শ্বানহঁতে টাই ভাষা আৰু ফুৰালুং ধৰ্ম, কিৰাটৰূপী জনজাতি বড়ো কছাৰীসকলে নিজৰ নিজৰ ভাষা/দোৱান বা কোচসকলে আৰ্যীকৰণৰ পূৰ্বৰ জনজাতি পাৰম্পৰ্য বৰ্তাই ৰাখিব লাগিলেহেতেন!
কেনেকুৱা হ’লহেঁতেন আৰ্য প্ৰভাৱহীন কিৰাটীয় অসম ভুমি!৮ অসমীয়া বুলি কোৱা ভাষাটোৰ কি হ’লহেঁতেন? অসমীয়া বুলি আমি কাক আখ্যা দিলোহেঁতেন? মহাভাৰতৰ ভগদত্তৰ পৰা হৰিবংশ আৰু ভাগৱত পুৰাণৰ উষা-অনিৰুদ্ধ বা নৰকাসুৰৰ আখ্যানো মোহাৰি পেলাব নালাগিবনে? বাৰু সেয়া পাছলৈ থাকক৷
(ক্ৰমশঃ)
লেখাটিত আলোচনা প্ৰসংগত ব্যৱহৃত পৰিশিষ্ট (Appendix) :
১৷ নাথ, ভাস্কৰ জ্যোতি, এটা জাতিস্মৰৰ সাধু, প্ৰকাশ, জুন,২০২৫, পৃষ্ঠা নং ৬৭
২৷ নাথ, ভাস্কৰ জ্যোতি, এটা জাতিস্মাৰ সাধু, প্ৰকাশ, জুন, ২০২৫, পৃষ্ঠা নং ৭০
৩৷ গুহ, অমলেন্দু, Planter Raj To Swaraj, Tulika books, Page 2
৪৷ Gait, Edward, A History of Assam, Amar Prakash, Panbazar, Guwahati, second edition, 2018, Page No 390
৫৷ Gait, Edward, A History of Assam, Amar Prakash, Panbazar, Guwahati, second edition 2018, Page No 383
৬৷ Baruah, Sanjay, India against itself , OUP, Fifth impression,2010, Page 21
৭৷ বৰা, প্ৰভাত, যথাৰীতি, ‘আনন্দ ৰাম ঢেকিয়াল ফুকন: অসমত আধুনিক ঐতিহ্যৰ বিস্তাৰ’, আকঁবাকঁ, গুৱাহাটী, প্ৰথম প্ৰকাশ, জানুৱাৰী,২০১৩, পৃষ্ঠা ১৫
৮৷ ‘Periplus of Erythrean’ ক ধৰি ভালে সংখ্যক পৌৰাণিক ঐতিহাসিক ৰচনা ৰাজিত অসমৰ জনজাতিসকলক ‘কিৰাট’ বুলি উল্লেখ কৰা হৈছে৷ এডৱাৰ্ড গেইটেও এ হিষ্ট্ৰী অৱ আছামতো (পৃষ্ঠা নং ১)অসম ভূমিৰ ৰাভা, কছাৰী আৰু অন্য জনজাতিসকলক ‘rude tribe’ হিচাপে অভিহিত কৰি আৰ্যৰ উপাসনাৰ ভাষা অসমীয়াই এওঁলোকক সভ্য-শান্ত কৰি হিন্দু ধৰ্মৰ মেৰঘৰলৈ লৈ অনা বুলি উল্লেখ কৰিছে৷
টোকা : কেউখন আলোকচিত্ৰৰ উৎস নেশ্যনেল আৰ্মী মিউজিয়াম৷ ব্ৰিটিছ আৰ্কাইভতো এইখিনি উপলব্ধ।
***
লেখকৰ ভ্ৰাম্যভাষ -৭০০২৭৬১২২১