ড॰ প্ৰিয়দেৱ গোস্বামী
কেতিয়াবা কোনো এখন
ঠাই বা কোনো এটা দৃশ্য দেখিলে আমি আৱেগ ভৰা ভাষাৰে কওঁ : ইমান ধুনীয়া! তেনে ধৰণৰ আৰু অনেক কথা আছে৷ আজি বৰ গৰম, ইমান ডাঙৰ নদী, ইমান লেতেৰা কাপোৰ, ইমান ওখ-চাপৰ আদি বিষয়ত সহজে সহমতত উপনীত হ’ব নোৱাৰি৷ আমি বৰ গৰম বা বৰ জাৰ
বুলি কওঁ ঠিকেই, কিন্তু কিমান গৰম
বা কিমান ঠাণ্ডা জোখ-মাখ কেনেকৈ কৰিম? সঁচাকৈয়ে এনে
বিষয়বোৰ জোখ-মাখ কৰি সিদ্ধান্তত উপনীত হ’ব পৰাহ’লে কিমান যে ভাল হ’লহেঁতেন, কিমান যে সুবিধা হ’লহেঁতেন! ধৰি ল’লোঁ, গৰম উঠিছিল আৰু
ফেনখন পূৰাদমে ঘূৰিছিল৷ কিন্তু কিছু সময়ৰ পাছতে বতৰ ঠাণ্ডা হৈ গ’ল৷ তেনে পৰিস্থিতিত
ফেনখনে নিজে নিজে তাৰ গতি কমাই লাহে লাহে ঘূৰিবলৈ ধৰাহ’লে ভাল হ’লহেঁতেন৷ আমি সততে
এনে ধৰণৰ অনেক পৰিস্থিতিৰ সম্মুখীন হওঁ৷ পৰিস্থিতিবোৰৰ সমানেই আমাৰ মনে এনে ধৰণৰ
প্ৰশ্নবোৰৰ উত্তৰো বিচাৰে৷ চিন্তাবিদসকলেই এনে কথাবোৰৰ সমাধানৰ বাট বিচাৰিবলৈ যত্ন
কৰে৷ আকৌ গণিতজ্ঞসকলে পৰাপক্ষত সকলো কথাকে এক সাংখ্যিক মানৰদ্বাৰা প্ৰকাশ কৰিবলৈ
যত্ন কৰে৷ এনেবোৰ চেষ্টাৰ ফলতে গঢ় লৈ উঠিছে গণিতৰ এক বিশেষ শাখা– ফাজিতত্ত্ব৷
আমি ভাবৰ
আদান-প্ৰদান কৰিবলৈ বা আহৰিত জ্ঞান প্ৰকাশ কৰিবলৈ স্বাভাৱিক ভাষা ব্যৱহাৰ কৰোঁ৷ এই
কাম আমি দুই ধৰণে সমাপণ কৰোঁ– কথিতভাৱে আৰু লিখিতভাৱে৷ এনে কৰোঁতে আমি সাধাৰণতে
কিছুমান শব্দ, বাক্যাংশ,বাক্য বা উক্তি
ব্যৱহাৰ কৰোঁ৷ সেই উক্তিৰপৰাই আমি বুজিবলগীয়াখিনি বুজিবলৈ যত্ন কৰোঁ আৰু একোটা
সিদ্ধান্তত উপনীত হওঁ৷ প্ৰতিটো ভাষাৰে ব্যৱহাৰৰ কিছুমান নিৰ্ধাৰিত ৰীতি থাকে যাক
ব্যাকৰণ বোলা হয়৷ সেই ব্যাকৰণৰ আধাৰতে শব্দ সাধন আৰু বাক্য গঠন কৰা হয়৷ তেনে শব্দ
আৰু বাক্যৰেই একোখন সমাজৰ আহৰিত জ্ঞান লিপিবদ্ধ কৰা হয়৷ জ্ঞানৰ বিবিধ শাখাৰ উপলব্ধ
তথ্য, সেই তথ্যৰ বিশ্লেষণ, তেনে বিশ্লেষণৰ ফলাফল আদি কথিত বা লিখিত ৰূপত আমাৰ মাজত বহু হাজাৰ বছৰৰ আগৰ
পৰাই মানুহৰ সমাজত চলি আহিছে৷ কিন্তু এইখিনিতে আমাৰ মনত এটা প্ৰশ্নৰ উদয় হয়– আমি
বাৰু উক্তিবোৰৰ পৰা কেনেকৈ একোটা সিদ্ধান্তত উপনীত হওঁ বা উত্তৰ হিচাপে আমি কেনে
ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ? এই কথা স্বীকৃত যে
আমাৰ চাৰিও ফালৰ প্ৰকৃতিৰ নিয়মবোৰ বিজ্ঞানৰ ভাষাত লিপিবদ্ধ৷ বহু ক্ষেত্ৰত এই
বিজ্ঞানৰ ভাষাক গাণিতিক ৰূপ দি প্ৰকাশ কৰিব পৰা যায়৷ গতিকে বিজ্ঞানীসকলে সদায়ে এটা
প্ৰয়াস চলাই থাকে য’ত তেওঁলোকৰ গৱেষণালব্ধ উক্তিসমূহক যুক্তিৰ মাধ্যমেৰে গণিতৰ
ভাষাৰে প্ৰকাশ কৰিব পাৰি৷ ছাৰ আইজাক নিউটনৰ পৰা আৰম্ভ কৰি আন আন বিজ্ঞানীসকলে
প্ৰকৃতিৰ এই সূত্ৰসমূহক গণিতৰ ভাষাৰেই প্ৰকাশ কৰি আহিছে৷ এনে সূত্ৰসমূহৰ প্ৰয়োগৰ
ফলত আমাৰ সমাজৰ সংঘটিত পৰিৱৰ্তনসমূহ আমি লক্ষ্য কৰিছোঁ,সেইসমূহ বিশ্লেষণ
কৰিবও পাৰিছোঁ৷ ঔদ্যোগিক বিল্পৱ এনে পৰ্যবেক্ষণ তথা বিশ্লেষণৰে ফল৷ সেখাত অতি সহজ
যেন লগা এলবাৰ্ট আইনষ্টাইনৰ E = mc2 সমীকৰণৰ প্ৰভাৱ আজি সমগ্ৰ
পৃথিৱীয়ে লক্ষ্য কৰিছে৷ এই সমীকৰণৰ পৰাই উদ্ভৱ হোৱা প্ৰযুক্তিয়ে সাম্প্ৰতিক সময়ৰ
সমগ্ৰ পৃথিৱীৰে ৰাজনীতি গৰম কৰি ৰাখিছে৷ গতিকে, প্ৰকৃতিৰ ভাষাক আমি
যুক্তিসহকাৰে বিশ্লেষণ কৰিব লাগিব, লগতে গাণিতিক ৰূপো
দিব লাগিব যাতে বিজ্ঞানৰ ফলাফলসমূহক সমূহৰ ব্যৱহাৰৰ বাবে প্ৰয়োগ কৰিব পৰা যায়৷
পুৰণি কালৰ পৰাই
দাৰ্শনিকসকলে ভাষাৰ ভাবৰ বিষয়ে অধ্যয়ন কৰি আহিছে৷ এৰিষ্ট’ট্লে কৈছিল যে
উক্তিসমূহক সঁচা আৰু মিছা হিচাপে ভাগ কৰিব পাৰি৷ কিন্তু একে সময়তে একেটা উক্তি
সঁচা বা মিছা হ’ব নোৱাৰে৷ তৰ্কবিদ্যাত উক্তি এটা সম্পূৰ্ণ সঁচা হ’লে এক (১) আৰু
মিছা হ’লে শূন্য (০)-ৰে বুজোৱা হয়৷
অধ্যয়নৰ ক্ষেত্ৰ হিচাপে তৰ্কবিদ্যা হ’ল শুদ্ধ চিন্তা, যুক্তিৰ নীতি আৰু গঠন সম্পৰ্কীয় অধ্যয়ন৷ ইয়াত উক্তিৰ আগমনৰ নিশ্চিতিৰ বিষয়ে
আলোচনা কৰা হয়৷ বাস্তৱ পৃথিৱীত কৰ্তা আৰু ক্ৰিয়াৰ মাজৰ সম্পৰ্ক তাৰ্কিকভাৱে আলোচনা
কৰি সিদ্ধান্তত উপনীত হোৱা যায়৷ শুদ্ধ উক্তিৰ পৰা আমি ভুল সিদ্ধান্তত উপনীত হ’ব
নোৱাৰোঁ৷ কিন্তু বাস্তৱ পৃথিৱীৰ সকলো উক্তিকে জানো সঁচা আৰু মিছা বুলি ভাগ কৰিব
পাৰি? কেতিয়াও নোৱাৰি৷ যেনে– বৰষুণ আহিব পাৰে, বৰ ধুনীয়া আদি৷ অৰ্থাৎ কিছুমান উক্তিৰ মাজত অনিশ্চয়তা থাকে, কিছুমান সঠিক নহয়, আকৌ কিছুমানৰ
ভাবধাৰা অস্পষ্ট বা ধূসৰ৷ এনে ধৰণৰ উক্তিক সম্পূৰ্ণ সঁচা বা মিছা বুলি ভগাই
দেখুৱাব নোৱাৰি৷ আন কিছুমান উক্তি আছে যিবোৰ কিছু পৰিমাণে সঁচা আৰু কিছু পৰিমাণে
মিছা৷ গতিকে এনে উক্তিবোৰ দাৰ্শনিকসকলৰ বাবে যথেষ্ট আকৰ্ষণীয় বিতৰ্কৰ বিষয়৷
পৰ্যবেক্ষণৰ পৰা দেখা যায় যে কোনো উক্তিয়ে সত্যতাৰ বহু মান লাভ কৰিব পাৰে৷ এনে মান
সত্যতাৰ পৰা অসত্যলৈকে৷ অৰ্থাৎ সত্যতা মানৰ অন্তৰাল হ’ল শূন্যৰ পৰা এক পৰ্যন্ত৷
সত্যতাৰ এনে বহু মানৰ বিষয়ে গ্ৰীক দাৰ্শনিক প্লেট’ৰ লেখাতে প্ৰথম উল্লেখ পোৱা যায়৷
আমাৰ ভাৰতবৰ্ষ আৰু চীন দেশতো পৌৰাণিক কালত এনে বিষয়ত অধ্যয়ন হোৱাৰ প্ৰমাণ আছে৷
এইখিনিতে
উল্লেখযোগ্য যে কম্পিউটাৰ বিজ্ঞানৰ মূল ভেঁটি ‘বুলিয়ান তৰ্কবিদ্যা’ৰ ওপৰত
প্ৰতিষ্ঠিত৷ ব্ৰিটিছ গণিতজ্ঞ জৰ্জ বুলে (১৮১৫– ১৮৬৪) মানুহে কেনেজৰে চিন্তা কৰি
সিদ্ধান্তত উপনীত হয়, সেই সম্পৰ্কে বিশদভাৱে
অধ্যয়ন কৰিছিল৷ তেওঁৰ তত্ত্ব মতে উক্তিৰ দুটা মান আছে, যি মান বস্তুৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ নকৰে৷ মান দুটা হৈছে সত্য আৰু অসত্য৷
ইতিপূৰ্বে কোৱা হৈছেই যে সত্যক একে (১)-এৰে আৰু অসত্যক শূন্য (০)ৰে বুজোৱা হয়৷
কিন্তু উক্তিৰ সত্যতাৰ বেলিকা এক আৰু শূন্যৰ মাজত আন মান বা মাত্ৰা দিয়াৰ বিষয়েও
বহু মনীষীয়ে অধ্যয়ন কৰিছিল৷ ডেভিড হিউম (১৭১১– ১৭৭৬) আৰু ইমানুৱেল কাণ্টে (১৭২৪–
১৮০৪) উক্তিৰ এনে মানৰ ধাৰণা আগ বঢ়াইছিল৷ তেওঁলোকে মন্তব্য কৰিছিল যে জীৱন জোৰা
অভিজ্ঞতাৰ দ্বাৰাহে কোনো বিষয়ে জ্ঞান অৰ্জন কৰিব পাৰি৷ গতিকে চিন্তাৰ সত্যতাও
পৰিৱৰ্তনশীল৷ ১৯২০ চনত প’লিশ্ব যুক্তিবিদ তথা দাৰ্শনিক জানলুকাছিৱিক্ছে (Jan Lukasiewicz, ১৮৭৮ – ১৯৫৬) উক্তিয়ে লাভ কৰিব পৰা তিনিটা মানৰ ধাৰণা
আগ বঢ়াইছিল৷ এক আৰু শূন্যৰ বাহিৰে তেওঁ বাক্যৰ সত্যতা-মান ঙ্ম.প্ত হ’ব পাৰে বুলি
এটা ধাৰণা উত্থাপন কৰিছিল৷ ব্ৰিটিছ দাৰ্শনিক তথা গণিতজ্ঞ বাট্ৰৰ্াণ্ড ৰাছেলে (Bertrand Russell, ১৮৭২– ১৯৭০) ধ্ৰুপদী তৰ্কবিদ্যাৰ দ্বাৰা বাক্যৰ ধূসৰত্য সম্পৰ্কে আলোচনা কৰি অধ্যয়নৰ
এই ক্ষেত্ৰখনক সমৃদ্ধ কৰি গৈছে৷ জাৰ্মান পদাৰ্থবিদ তথা দাৰ্শনিক মেক্স ব্লেকে (Max Black, ১৯০৯– ১৯৮৮) ধূসৰ সংহতিৰ ধাৰণা আগ বঢ়াইছিল৷ আধুনিক
গণিতৰ আধাৰ সংহতি গণিতৰ এক গুৰুত্বপূৰ্ণ শাখা৷ ইয়াৰ সহায়ত অনেক কথাৰ ব্যাখ্যা সহজে
আগ বঢ়াব পাৰি৷
ধূসৰতাক ইংৰাজী
প্ৰতিশব্দ ফাজি (Fuzzy)-ৰে বুজোৱা হয়৷ প্ৰকৃত ফাজি তৰ্কবিদ্যাৰ ইতিহাস আৰম্ভ
কৰে গণিতজ্ঞ লাৎফি এ জাডেহে (Lotfi A Zadeh, ১৯২১– ২০১৭) ১৯৬৫ চনৰ জুন মাহত প্ৰকাশিত
তেওঁৰ গৱেষণা পত্ৰ ‘Fuzzy sets’-অৰ (Information and Control. 8 (3). San Diego: 338-353) জৰিয়তে৷ উক্ত গৱেষণা পত্ৰত তেওঁ
উল্লেখ কৰিছিল যে সংহতিৰ মৌলসমূহ এক গ্ৰেডত অন্তৰ্ভুক্ত হৈ থাকে৷ সংহতি এক
অন্তৰ্ভুক্তি ফলনৰ দ্বাৰা সংজ্ঞাবদ্ধ হৈ থাকিব আৰু ইয়াৰ মান শূন্যৰ পৰা একলৈ
থাকিব৷ ফাজি সংহতিৰ ধাৰণাৰ আধাৰত বহু মানবিশিষ্ট তৰ্কবিদ্যা আৰু অনিশ্চিত
তৰ্কবিদ্যাৰ বিষয়ে বৰ্তমানলৈকে অনেক গৱেষণা কৰা হৈছে৷ কিন্তু জাডেহে গণনাকৃত আৰু
আভিযান্ত্ৰিক প্ৰয়োগৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি গৱেষণাত মনোনিৱেশ কৰিছিল৷
ফাজিতত্ত্বৰ
জন্মদাতা লাৎফি এ জাডেহৰ জন্ম হৈছিল অধুনালুপ্ত ছেভেয়েট ইউনিয়নৰ অঙ্গৰাজ্য আজাৰবাইজানত৷
তেওঁ প্ৰাথমিক শিক্ষা আহৰণ কৰিছিল ৰাছিয়ান ভাষাত আৰু পৰৱৰ্তী কালতো তেওঁ অনেক
ৰাছিয়ান কিতাপ-পত্ৰৰ অধ্যয়ন অব্যাহত ৰাখিছিল৷ আঢ্যৱন্ত পৰিয়ালৰ জাডেহ দহ বছৰ বয়সত
ইৰাণলৈ আহে৷ সৰুৰে পৰা অধ্যাপক হোৱাৰ সপোন দেখা জাডেহে ১৯৪২ঞ্জচনত তেহৰাণ
বিশ্ববিদ্যালয়ৰ পৰা বৈদ্যুতিক আভিযান্ত্ৰিক বিষয়ৰ স্নাতক ডিগ্ৰী লাভ কৰে৷
স্নাতকহোৱাৰ পাছত জাডেহে আমেৰিকান সৈন্যবাহিনীৰ পাৰস্য উপসাগৰীয় গোটৰ সৈতে এক
ব্যৱসায়িক সম্বন্ধ গঢ়ি তুলিছিল৷ সেই সম্পৰ্কই তেওঁক আৰ্থিকভাৱে স্বচ্ছল হোৱাৰ
সুযোগ দিছিল আৰু একেটা কাৰণেই তেওঁক পাছত বিশ্ববিখ্যাত শিক্ষা প্ৰতিষ্ঠান MIT-ত (Massachusetts Institute of Technology) নাম ভৰ্তি কৰিবলৈ সুবিধা দিছিল৷ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰৰে বাৰ্কেলিৰ
কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক আভিযান্ত্ৰিক বিভাগৰ অধ্যক্ষ হৈ থকা সময়তে, ১৯৬৫ চনত তেওঁ ফাজিতত্ত্ব বিষয়ক
প্ৰথমখন গৱেষণা পত্ৰ প্ৰকাশ কৰে৷ সেই সময়তে কম্পিউটাৰ বিজ্ঞান বিষয়টোও লাহে লাহে
গা কৰি উঠিছিল৷ কিন্তু তেওঁৰ বিশ্ববিদ্যালয়ৰ সহকৰ্মীসকলে কম্পিউটাৰ বিজ্ঞান
বিষয়টোৰ ভৱিষ্যৎ সম্পৰ্কে সন্দিহান আছিল৷ সেইসকলৰ বিপৰীতে জাডেহে ১৯৬৭ চনত বিষয়টোৰ গুৰুত্ব উপলব্ধি
কৰি বিভাগটোৰ নাম বৈদ্যুতিক আভিযান্ত্ৰিক আৰু কম্পিউটাৰ বিভাগলৈ সলনি কৰিবলৈ সক্ষম
হৈছিল৷ ১৯৬৮ চনত বিভাগীয় অধ্যক্ষ পদ এৰাৰ
পাছৰ পৰাহে তেওঁ ফাজিতত্ত্বৰ অধ্যয়নত অধিক মনোনিৱেশ কৰে৷ ফাজিতত্ত্বৰ গৱেষণা
যথেষ্ট প্ৰতিবন্ধকতাৰ মাজেদিহে আগ বাঢ়িছিল৷ ১৯৬০ দশকৰ শেষৰ ফালে ফাজিতত্ত্বৰ গৱেষণাৰ বাবে আবণ্টন কৰা
ধন চৰকাৰে অপচয় কৰিছে বুলি আমেৰিকাৰ সদনত অভিযোগ উত্থাপন হোৱাৰ কথা এই ক্ষেত্ৰত
উল্লেখ কৰিব পাৰি৷ ঠিক সেইদৰেই কেলিফ’ৰ্নিয়া বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান আৰু
গণিতৰ অধ্যাপক ৱিলিয়াম কাহানে (William Kahan, ১৯৩৩) ১৯৭৫ চনত ফাজিতত্ত্ব সম্পূৰ্ণ ভুল বুলিয়েই মন্তব্য কৰিছিল৷ কাহানে মন্তব্য
কৰিছিল যে ফাজিতত্ত্বই গণিতৰ মূল দাৰ্শনিক আধাৰকে আঘাত কৰি অসঠিক চিন্তাক উৎসাহিত
কৰিব আৰু তেনে হ’লে যথেষ্ট আহুকাল সৃষ্টি হ’ব৷ তেনেদৰেই ১৯৭২ চনত ফ্ল’ৰিডাৰ ষ্টেট
য়ুনিভাৰ্ছিটিৰ ৰুডল্ফ ই কলমেনে (Rudolf E. Kálmán, ১৯৩০– ২০১৬) কৈছিল যে ফাজিতত্ত্ব বৈজ্ঞানিক শাখাৰ কৰ্মই নহয়৷ এনেদৰেই ফাজিতত্ত্বই আৰম্ভণিৰ
কালছোৱাত গণিতজ্ঞসকলৰ পৰা সমাদৰ পোৱা নাছিল, বৰং বাধাহে পাইছিল৷
বহু ক্ষেত্ৰত দেখা
যায় যে কোনো এক যুগান্তকাৰী তত্ত্বই বিদ্বৎ সমাজৰ স্বীকৃতি লাভ কৰিবলৈ যথেষ্ট সময়
লাগে৷ ফাজিতত্ত্বই গ্ৰহণযোগ্যতা অৰ্জন কৰিবলৈও ভালেখিনি বছৰৰ দৰকাৰ হৈছিল৷ বিশেষকৈ
ইয়াৰ নামত থকা ফাজি শব্দটোৱেও বহুতকে অসুবিধাত পেলাইছিল৷ কিন্তু জাডেহে তেওঁৰ
তত্ত্বৰ অটল হৈ থাকিল আৰু প্ৰস্তাৱনাৰ প্ৰায় দুটা দশকৰ অন্তত বিশ্বজুৰি স্বীকৃতি
অৰ্জন কৰিবলৈ সক্ষম হ’ল৷ এই ক্ষেত্ৰত IEEE (Institute of Electrical and Electronics Engineers)-ৰ লাভ কৰাটো আছিল বিশেষভাৱে উল্লেখযোগ্য৷ ক’বলৈ গ’লে আৰম্ভণিৰ ফালে ফাজিতত্ত্ব
নিজেই ফাজি হৈ আছিল৷
ফাজিতত্ত্বৰ মূল
ধাৰণা হৈছে এয়ে যে যিকোনো উক্তি বা তত্ত্বৰ এক সত্যতা-মান থাকে৷ সত্যতা-মানৰ ওপৰত
নিৰ্ভৰ কৰি সেই বক্তব্যৰ গাণিতিক মান নিৰ্ণয় কৰা হয়৷ উদাহৰণ স্বৰূপে ফাজিতত্ত্বৰ
দ্বাৰা ‘সৰু-ডাঙৰ’, ‘গৰম-ঠাণ্ডা’ আদি ধাৰণাবোৰৰ মান নিৰূপণ কৰি বিশ্লেষণ
কৰিব পৰা যায়৷ জাডেহে নিজেও ভাবিছিল যে এই তত্ত্ব বিশেষভাৱে দৰ্শন, মনোবিজ্ঞান, ভাষাতত্ত্ব, জীৱবিজ্ঞান আদি বিষয়ৰ অধ্যয়নতহে ব্যৱহাৰ কৰিব পৰা যাব৷ তেওঁ ভবা নাছিল যে
বৈদ্যুতিক উপকৰণ আদিৰ নিৰ্মাণতো এদিন তেওঁৰ ফাজিতত্ত্বৰ ব্যৱহাৰ হ’ব বা ঔদ্যোগিক
ক্ষেত্ৰতো ব্যৱহাৰ হ’ব৷ কিন্তু বৰ্তমান সময়ত এই তত্ত্বৰ সৰ্বাধিক সফল, প্ৰয়োগ বৈদ্যুতিক সামগ্ৰী নিৰ্মাণতে হোৱা দেখা গৈছে৷ ১৯৮৭ চনত জাপানৰ Matsushita Electronic Industrial Company-য়ে গা ধুবলৈ ব্যৱহাৰ কৰা পানীৰ নলত তাপমাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ ফাজিতত্ত্ব
প্ৰয়োগ কৰি সফল হৈছিল৷ বৰ্তমান বাচন ধোৱা যন্ত্ৰ, কাপোৰ ধোৱা যন্ত্ৰ, শীতাতপ নিয়ন্ত্ৰণ
যন্ত্ৰ, মাইক্ৰ’ৱে’ভ অ’ভেন, কেমেৰা, টেলিভিশ্যন, যান-বাহন আদি অনেক ঔদ্যোগিক উপকৰণত ফাজিতত্ত্ব ব্যৱহাৰ কৰা হয়৷ জাডেহৰ তত্ত্বৰ
গুৰুত্ব উপলব্ধি কৰি প্ৰথমে জাপানে আৰু তাৰ পাছত দক্ষিণ কোৰিয়া, চীন, ভাৰত, ইউৰোপ, আমেৰিকা আদিত ক্ৰমে ক্ৰমে ব্যাপক চৰ্চা হ’বলৈ আৰম্ভ কৰে৷ যান্ত্ৰিক তথা
ঔদ্যোগিক ক্ষেত্ৰত সক্ষমতা বৃদ্ধিৰ বাবে ১৯৭৩ চনতে প্ৰথম ফাজিতত্ত্বৰ সফল ব্যৱহাৰৰ
প্ৰয়াস চলোৱা হয়৷ তাৰ পাছত ব্ৰিটেইনৰ অধ্যাপক ইব্ৰাহিম মামদানি (Ebrahim Mamdani, ১৯৪২– ২০১০) য়ে ১৯৮০ চনত চিমেণ্ট উদ্যোগত এই
তত্ত্ব ব্যৱহাৰ কৰে৷ ১৯৮৭ চনত Omron নামৰ কোম্পানীয়ে প্ৰথম ব্যৱসায়িক ‘ফাজি কণ্ট্ৰ’লাৰ’ তৈয়াৰ কৰি উলিয়ায়৷ তাৰ
পাছত ক্ৰমে ক্ৰমে Hitachi, Fuji, Nippon আদি কোম্পানীবোৰেও তেওঁলোকৰ উৎপাদিত সামগ্ৰীত ফাজিতত্ত্বৰ সফল ব্যৱসায়িক
প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে৷ বৰ্তমান সময়ৰ গাড়ীৰ ABত্ৰ ব্ৰে’ক পদ্ধতি, কেমেৰাৰ স্ব-নিবন্ধী, ভিডিঅ’ গে’ম আদি
অনেক ক্ষেত্ৰত ফাজিতত্ত্ব ব্যৱহাৰ কৰা হয়৷ জাডেহে নিজেও আমেৰিকান মহাকাশ সংস্থা
‘নাছা’ৰ বাবে ফাজি লজিকবিশিষ্ট প্ৰথম ৰবট Alter নিৰ্মাণত সহায় কৰি দিছিল৷
সাম্প্ৰতিক সময়ত
গৱেষণা আৰু উন্নয়নৰ সৈতে জড়িত বহু ব্যক্তি তথা প্ৰতিষ্ঠানৰ বাবে ফাজিতত্ত্ব
অত্যন্ত উপযোগী বুলি গৃহীত হৈছে৷ অভিযন্তা, গণিতজ্ঞ, কম্পিউটাৰ বিজ্ঞানী, প্ৰাকৃতিক বিষয়ৰ
বিজ্ঞানী, চিকিৎসাবিদ, অৰ্থনীতিবিদসকলৰ
লগতে সমাজ বিজ্ঞানৰ বিভিন্ন শাখাৰ অধ্যয়নত ইয়াৰ বহুমুখী প্ৰয়োগ সফল হৈছে৷ এক কথাত
ক’বলৈ গ’লে বিজ্ঞানৰ সকলো শাখাতে সাম্প্ৰতিক পৃথিৱীক ফাজিতত্ত্বই সমৃদ্ধ কৰিছে৷ এই
ক্ষেত্ৰত ফাজিতত্ত্ব বিষয়ক গৱেষণা সম্পৰ্কীয় সমীক্ষাৰ তথ্যই প্ৰমাণ দিয়ে৷ ২০০৩ চনৰ
এটা সমীক্ষা মতে সেই সময়ত ফাজিতত্ত্ব বিষয়ক বৈজ্ঞানিক পত্ৰিকা আছিল ছাব্বিছখন (২৬)
যিবোৰত এক লাখতকৈও (১০০০০০) অধিক মানসম্পন্ন গৱেষণা পত্ৰ প্ৰকাশ পাইছিল৷ লগতে
পেটেণ্ট পঞ্জীয়ন হৈছিল চৌবিছ হাজাৰতকৈও (২৪০০০) অধিক৷ এই সংখ্যাটো বৰ্তমান নিশ্চয়
দুগুণতকৈও বেছি হ’ব৷ যিহেতু অধ্যয়নৰ প্ৰতিটো শাখাতে ফাজিতত্ত্ব ব্যৱহাৰ কৰিব পাৰি, গতিকে দেখা গৈছে যে আগন্তুক দিনবোৰত এই তত্ত্বই অনেক পৰিৱৰ্তন সাধন কৰিব৷
গণিতৰ এটা তত্ত্বই
আমাৰ সমাজ, বিজ্ঞান, অৰ্থনীতি, উদ্যোগ আদি সৰ্বত্ৰ প্ৰভাৱ বিস্তাৰ কৰি কেনেদৰে গোটেই পৃথিৱীতে এক পৰিৱৰ্তনৰ
জোৱাৰ সৃষ্টি কৰিবলৈ সক্ষম হয় ফাজিতত্ত্ব তাৰে এক উজ্জ্বল প্ৰমাণ৷ যুগে যুগে গণিতৰ
একোটা তত্ত্ব মানৱ সভ্যতাৰ পৰিৱৰ্তনৰ কাৰকৰূপে গৃহীত হৈ আহিছে৷ ফাজিতত্ত্বৰ
উদ্ভাৱক লাৎফি জাডেহে জীৱনকালত অনেক আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিছিল৷ এইজন মহান
গণিতজ্ঞই ২০১৭ চনৰ ৬ ছেপ্তেম্বৰ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰত মৃত্যু বৰণ কৰে৷
ঠিকনা :
খনীয়া গাঁও, ডিব্ৰুগড়
ফ’ন : ৯৪৩৫৪৭৩৭৮২