অন্যযুগ/


মহামাণিক্য, মাধৱ কন্দলি আৰু এখন অনালোচিত শিলালিপি

পুলিন কলিতা

 


মহাপুৰুষ শংকৰদেৱৰ “পূৰ্বকবি অপ্ৰমাদী” মাধৱ কন্দলিৰ সময় আৰু স্থান তৰ্কাতীত ভাবে নিশ্চিত হবলৈ এতিয়াও বাকী। অসমীয়া সাহিত্যৰ বুৰঞ্জী লেখকসকলে কন্দলিক ত্রিপুৰাৰ ৰাজসভাৰপৰা কপিলীপাৰ হৈ দিখৌৰ পাৰলৈকে বিভিন্ন ঠাইত নিজৰ নিজৰ বিশ্লেষণ মতে থৈছে৷ কোনো কোনোৱে তেওঁক জয়ন্তা ৰাজ্যলৈকো নিছে। একেদৰে তেওঁৰ পৃষ্ঠপোষক ৰজা মহামাণিক্যৰো ৰাজ্যখনৰ অৱস্থান আৰু ৰাজত্বকাল সুনিশ্চিত কৰিবলৈ বাকী আছে৷ মাধৱ কন্দলি মহামাণিক্য ৰজাৰ সভাকবি যে আছিল, এই কথাত সন্দেহ নাই। এই কথা মাধৱ কন্দলিয়ে তেওঁৰ ৰামায়ণত স্পষ্ট কৰি থৈছে৷ এতেকে মহামাণিক্যৰ সময় আৰু স্থান নিৰ্ধাৰণ কৰি লব নোৱাৰিলে মাধৱ কন্দলিৰো সময় আৰু স্থান নিৰ্ধাৰণ কৰিব পৰা নাযাব৷ সেয়ে আমি প্ৰথমে মহামাণিক্যৰ ৰাজ্যখনৰ অৱস্থান আৰু সময় নিৰ্ধাৰণ কৰি লব লাগিব৷ আমি আজিৰ আলোচনাত সেইটোকে কৰিবলৈ যত্ন কৰিম৷ অৱশ্যে এই কাম কৰোঁতে দুটা কথা মনত ৰাখিব লাগিব৷ 

মাধৱ কন্দলি জড়িত সেই  দুটা কথা হল - (এক) তেওঁ মহাপুৰুষ শংকৰদেৱৰ আগৰ প্ৰজন্মৰ কবি আছিল; (দুই) শংকৰদেৱৰ সময়লৈ তেওঁ জনপ্ৰিয় আৰু প্ৰভাৱশালী হৈ উঠিছিল৷ চতুৰ্দশ শতিকাৰ শেষ অথবা পঞ্চদশ শতিকাৰ আগছোৱালৈ জনপ্ৰিয় আৰু প্ৰভাৱশালী হৈ উঠিবলৈ নিশ্চয় এটা বা ডেৰটা শতিকা প্ৰয়োজন হৈছিল৷ সেই কালৰ পটভূমিত এই কথাই সত্য৷ ৰাজসভাৰ কবি এজনে সাঁচিপাত বা আন মাধ্যমত লিখা মহাকাব্য এখন সৰ্বসাধাৰণৰ ওচৰ পাবলৈ, ওচৰ পোৱাৰ পাছত জনপ্ৰিয় হবলৈ, জনপ্ৰিয় হৈ উঠি প্ৰভাৱশালী হবলৈ মধ্যযুগৰ সামাজিক পৰিবেশত এক-ডেৰ শতিকা লাগি যোৱাটো স্বাভাৱিক আছিল৷ 

মহামাণিক্যৰ সময় আৰু তেওঁৰ ৰাজ্যখনৰ স্থান নিৰ্ধাৰণ কৰিবলৈ এতিয়ালৈ ব্যৱহাৰ কৰি থকা তথ্যসূত্র দুটাহে- প্ৰথমটো “ৰামায়ণ”ত মাধৱ কন্দলিয়ে লিখা শ্লোক কেইটা  আৰু দ্বিতীয়টো “ত্রিপুৰা বুৰঞ্জী”কে ধৰি কেতবোৰ বুৰঞ্জীত থকা মহামাণিক্য সম্পৰ্কীয় উল্লেখবোৰ৷ ডঃ লীলা গগৈয়ে এটা লেখাত (মাধৱ কন্দলি আৰু মহামাণিক্য ক, ডঃ লীলা গগৈ ৰচনাৱলী, প্ৰথম খণ্ড, বনলতা, ডিব্ৰুগড়, ২০১১) তেওঁৰ পূৰ্বসূৰী প্ৰায়কেইজন লেখকৰ এই বিষয়ৰ মতামত বিশ্লেষণ কৰিছে৷ সেয়ে বিষয়টো সম্পৰ্কে আমাৰ পূৰ্বসূৰী লেখক তথা সাহিত্যৰ বুৰঞ্জীকাৰৰ মন্তব্যৰ পুনৰুল্লেখ কৰিব বিচৰা নাই; ডঃ গগৈৰ উল্লিখিত নিবন্ধটো পঢ়িলেই ইচ্ছুক পঢ়ুৱৈৱে আটাইবোৰ মন্তব্য একে ঠাইতে পাব৷ আমি ডঃ গগৈৰ মতামতৰ আধাৰত আলোচনাটো আগ বঢ়াব বিচাৰিছোঁ৷ ডঃ গগৈয়ে তেওঁৰ নিবন্ধটো সামৰণি মাৰিছে এইদৰে-”বৰাহী ৰজাৰ ৰাজসভাৰ সন্ধিকৈৰ হাতত থকা মাধৱ কন্দলিৰ পাঁচ কাণ্ড ৰামায়ণৰ বাহিৰে এইখন আন ৰামায়ণ হোৱাটো সম্ভৱ নহয়৷ মাত্র এশ বছৰৰ পিছত পোৱা এইখন ৰামায়ণ গড়গাঁৱৰপৰা কুৰি মাইল নিলগৰ সোণাপু্ৰত ৰচিত হোৱাটোৱেই প্ৰতীয়মান হয়৷ সুদুৰ ত্রিপুৰা বা জয়ন্তাপুৰৰপৰা পুথি আহি গড়গাঁও ওলোৱাটো সম্ভৱ নহয়৷... যদি কছাৰী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত ৰামায়ণ ৰচনা কৰাটো সৰ্বসন্মত মত হয়, তেনেহলে তেওঁ সোণাপুৰৰ বৰাহী কছাৰী ৰজা মহামাণিক্যই হব। ... মহামাণিক্য দিখৌৰ পূবপাৰে বিয়পি থকা কছাৰী ৰাজ্যৰ ৰজা আছিল আৰু মাধৱ কন্দলিয়ে শিৱসাগৰ মহকুমাৰ সোণাৰিৰ ওচৰৰ বৰাহী ৰজাৰ নগৰতে ৰামায়ণ ৰচনা কৰিছিল৷ ( উল্লিখিত গ্ৰন্থ , পৃ ১৯ )৷ ডঃ গগৈয়ে নিবন্ধটোত লগতে নিশ্চিত কৰিছে যে দিখৌ নৈৰ পাৰতে/পাৰলৈকে বৰাহী ৰাজ্য আছিল আৰু চুহুংমুং অৰ্থাৎ দিহিঙীয়া ৰজাই এই ৰাজ্যৰ বৰাহী ৰজা ডেৰচুংফা/ডেৰচোংফাক পৰাজিত কৰি ১৩৯৫ শক অৰ্থাৎ ১৪৭৩ খৃষ্টীয় চনত অঞ্চলটো নিজৰ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰি আহোম ৰাজ্যৰ পৰিসৰ দিখৌৰ পাৰলৈকে বঢ়াইছিল৷  ইয়াৰ ফলত বৰাহী ৰাজ্যৰ ৰাজধানী সোণাপুৰ  আৰু ইয়াৰ অগ্ৰগণ্য নগৰ বাণপুৰ আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত হৈছিল৷ ডঃ গগৈৰ মতে মাধৱ কন্দলিৰ ঘৰ সোণাপুৰ  অথবা বাণপুৰত আছিল। এই  ঠাই দুখনক বৰ্তমানে চৰাইদেউ জিলাৰ সোণাৰি আৰু বাণফেৰা বুলি চিনাক্ত কৰা হৈছে৷ 

বৰাহীসকলক চুকাফাই লগ পাইছিল৷ তেওঁ বৰাহী ৰজা থাকুমথাৰ জীয়ৰীৰ পাণি গ্ৰহণ কৰিছিল আৰু সেইসূত্রে ৰাজ্যখন লাভ কৰিছিল। থাকুমথাৰ ৰাজ্যখন দিখৌৰ নৈৰ পাৰত আছিল  দেওশাল আছিল এই ৰাজ্যৰ ৰাজধানী। এই দেওশালেই আহোমৰ প্ৰথম ৰাজধানী চে-ৰাই-দেও, চৰাইদেও৷ চুকাফাৰ দিনতে দিখৌপৰীয়া বৰাহী ৰাজ্যখন যদি আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত হৈছিলেই, তেন্তে প্ৰায় চাৰে তিনিশ বছৰৰ পাছত , আহোমৰ সৈতে যুদ্ধ দিব পৰাকৈ একে ঠাইতে একেই বৰাহী ৰাজ্য এখন ওলাল কেনেকৈ আৰু কৰ পৰা ? এইটো হল প্ৰথম সন্দেহ বা প্ৰশ্ন৷ আকৌ, ডেৰচুংফা বৰাহী ৰজা নাছিল; তেওঁ (ডিমাচা) কছাৰী ৰজাহে আছিল৷ ডিমাচা কছাৰীসকলৰ লগতহে চুহুংমুঙে যুদ্ধ কৰিছিল৷ এই যুদ্ধবোৰো হৈছিল ধনশিৰিৰ পাৰতহে, দিখৌৰ পাৰত নহয়৷ এইখন যুদ্ধৰ পাছত ডিমাচা কছাৰীসকলে চিৰদিনৰ বাবে ধনশিৰি উপত্যকা ত্যাগ  কৰিব লগীয়া হৈছিল৷ ইতিহাসত এই তথ্য স্পষ্টকৈ উল্লেখ আছে৷ গতিকে, চুহুংমুঙৰ সময়লৈ দিখৌ নৈৰ পাৰত এখন বৰাহী ৰাজ্য থকা সম্ভৱ নহয়৷ একেদৰে, ডঃ গগৈয়ে  কোৱাৰ দৰে  (মহাপুৰুষ ) মাধৱদেৱে এনে এখন অস্তিত্বহীন ৰাজ্যৰ এজন মন্ত্ৰীৰ ( সন্ধিকৈ= সন্দিকাই ) ঘৰত” পাঁচকাণ্ড ৰামায়ণ” পাব নোৱাৰে, পঢ়ি শুনোৱাতো বেলেগেই৷ দ্বিতীয়টো সন্দেহ বা প্ৰশ্ন হ, বৰাহী ৰজাৰ দিনত বা দিহিঙীয়া ৰজাৰ দিনত গড়গঞা লিপিৰ উপস্থিতি কেনেকৈ সম্ভৱ ? দিহিঙীয়া ৰজাৰ পুত্র চুক্লেনমুঙে গড়গাঁও নগৰ প্ৰতিষ্ঠা কৰিছিল আৰু সেই সূত্রেহে তেওঁ গড়গঞা ৰজা বুলি পৰিচিত হৈছিল৷  এই গড়গাঁওকেন্দ্ৰিক অসমীয়া ভাষাৰ লিপিটোহে গড়গঞা লিপি৷  মাধৱ কন্দলিয়ে কাইথেলী লিপিতে ৰামায়ণ লিখাটো সম্ভৱপৰ; যিটো সম্ভাৱনা শংকৰদেৱ প্ৰমুখ্যে আন মধ্যযুগীয়া অসমীয়া লেখকৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়৷ 

মহামাণিক্য বা মহামাণিফা নামৰ ৰজাজনেনো কোন সময়ত ৰাজত্ব কৰিছিল ? মাধৱ কন্দলিয়ে তেওঁৰ গ্ৰন্থখনত সময় সম্পৰ্কীয় কোনো তথ্য দিয়া নাই৷ “ত্রিপুৰা বুৰঞ্জী” বা আন বুৰঞ্জীতো সময়টো স্পষ্ট নহয়৷ তথ্য অস্পষ্টতাৰ বাবেই মহামাণিক্যক উজনি অসমৰ সোণাপুৰ /সোণাৰিৰপৰা মধ্য অসমেদি নি ইফালে ত্রিপুৰা- জয়ন্তালৈ ঘূৰাই ফুৰোৱা হৈছে; লগে লগে বাধ্য হৈ ঘূৰি ফুৰিছে মাধৱ কন্দলিও৷ অসমীয়া ভাষাৰ ব্যাপ্তি, পৰিপক্বতা তথা প্ৰাচীনতা বুজাবলৈ মাধৱ কন্দলিৰ “ৰামায়ণ” এটা গুৰুত্বপূৰ্ণ সমল৷ সেয়ে ইয়াৰ ৰচক আৰু পৃষ্ঠপোষকৰ স্থান আৰু সময় সঠিক  আৰু তৰ্কাতীতভাৱে প্ৰতিষ্ঠা কৰাটো এটা জাতীয় কৰ্তব্য  

অসমীয়া শিলালিপিৰ সমীক্ষা এটা কৰি থাকোঁতেই এখন বিশেষ শিলালিপিৰ তথ্য পাওঁ৷ শিলালিপিখন আছে গুৱাহাটীত থকা ৰাজ্যিক সংগ্ৰহালয়ত৷ ইয়াত এইখনৰ পাঠোদ্ধাৰ হোৱা নাই বুলিয়েই লিপিৱদ্ধ কৰা হৈছে৷ স্বাভাৱিকভাৱেই শিলালিপিখনৰ পাঠ ডঃ মুকুন্দমাধৱ শৰ্মা, ডঃ মহেশ্বৰ নেওগ আৰু ডঃ ডিম্বেশ্বৰ শৰ্মাৰ লিপি সম্পৰ্কীয় গ্ৰন্থ কেইখনত নাই৷ কিন্তু শিলালিপিখনৰ পাঠোদ্ধাৰ বহুত আগতেই হৈছে; পাঠোদ্ধাৰ হোৱাৰ তথ্যটোহে আনকি শৰ্মাত্রয়ৰ দৰে বিজ্ঞজনৰো অগোচৰে থাকি গৈছে৷ এই গুৰুত্বপূৰ্ণ শিলালিপিখনৰ বিষয়ে চৰ্চা -আলোচনা নোহোৱা বাবেই, আমাৰ বিৱেচনাত, মহামাণিক্য আৰু মাধৱ কন্দলিৰ লটি-ঘটি হৈছে৷

ৰাজ্যিক সংগ্ৰহালয়ত এই  শিলালিপিখনৰ পৰিচয় “লংকা শিলালিপি”৷ বৰ্তমানৰ হোজাই জিলাৰ লংকাত এই শিলালিপিখন উদ্ধাৰ কৰা হৈছিল বুলিয়েই এই নাম। শিলালিপিখনৰ উদ্ধাৰৰ ইতিহাস আমাৰ জ্ঞাত নহয়; ইয়াৰ পাঠোদ্ধাৰ কৰোঁতা, প্ৰাচীন অসমৰ এগৰাকী স্বনামধন্য গৱেষক ডঃ প্ৰতাপচন্দ্ৰ চৌধুৰীয়েও শিলালিপিখন ৰাজ্যিক সংগ্ৰহালয়তে পাই অধ্যয়ন কৰিছিল৷ ডঃ চৌধুৰীয়ে এটা নিবন্ধৰে শিলালিপিখনৰ তথ্য ৰাজহুৱা কৰিছিল৷ সেই নিবন্ধটো প্ৰকাশ হৈছিল কামৰূপ অনুসন্ধান সমিতিৰ মুখপত্রত ( AT.23 Vol.23, 1977/78) -ৰ ২৩সংখ্যক খণ্ডত, ১৯৭৭-৭৮ চনত৷ 

শিলালিপিখনৰ পাঠ

ডঃ চৌধুৰীয়ে দিয়া শিলালিপিখনৰ পাঠ এনে ধৰণৰ : ( ডঃ চৌধুৰীয়ে নিবন্ধটো ইংৰাজীত লিখিছিল, ইয়াৰ পাঠো ৰোমান লিপিতে দিছিল; আমি অসমীয়ালৈ লিপ্যন্তৰ কৰি দিছোঁ)

১) ওঁ স্বস্তি ( শ্ৰীমহামাণিক্য-ৰাজ্যে)/যস্তু

২) সাত্ত্বত-পবিত্র-দিব্যস্তু বিম্বঃ জগত্রাণাৰ্থং সম্ভৱতি যুগে যুগে

৩) অসংখ্যাঃ শ্ৰীযুক্তাঃ স তু ৱিষ্ণু যস্য চ ৱিৱিধাঃ হি ৰূপাঃ  যস্মা

৪) দ্বলঃ গৰ্দভো জনক-চিহ্নকীৰ্তিঃ সজ্জনাম য়ো পালয়ৈ যত্র 

৫) যেষাং জননী-শূকৰী  এসা য়া ৱনত্রাসঞ্চাৱমুঞ্চতি সা তু

৬) ভূব্যত্র  শ্ৰীৱামদেৱগ্ৰামং দণ্ডৱিধি-য়ুক্তায়েৱ ৱনে শ্ৰীমাণিক্য

৭) দেৱেন দীনদ্বিজায় দত্তং ক্ৰিতিঃত্রৱিত্তেন সত্ত্ব-ৰজস্তমস্ত্রয়ং

৮) দয়ালু-নীতিচয়-ব্ৰতীং ৱিৱিধঃ ন্যায় -নীতিং যত্র ৱাসং দেয়ং

৯) ত্যশ্লেষ-ৱিন্যস্তা ৱিদ্যাৱৎ/য়ত্ সত্রম্বাশ্ৰমন্তস্য ধৰমমন্দিৰং

১০) সত্যং শীলং চাতাশ্চিল্যঞ্চ সৌহাৰ্দং  য়স্য হট্ট-গৃহাৰ্ধডবাকং

১১) ( যৎ সত্রে ৱসতে স ৱিষ্ণু)/ য়া সদা তু সত্রে ৱিচৰন্ত্রিভি

১২) ( ভৱং ৱিতৰতি ভক্তাৰ্থং ৱেদে অব্ধ্যামশুচু শাকে

শিলালিপিখনৰ বিষয়-বস্তুৰ আলোচনা আজিৰ নিবন্ধৰ পৰিসৰত নাই; আমি এই শিলালিপিখনৰ জৰিয়তে মহামাণিক্য আৰু মাধৱ কন্দলিৰ সময় আৰু স্থানহে নিৰ্ণয়ৰ চেষ্টা কৰিম৷

এই শিলালিপিখনত মাধৱ কন্দলি বা তেওঁৰ ৰামায়ণৰ কোনো উল্লেখ নাই, কিন্তু মহামাণিক্যৰ উল্লেখ  আছে৷ ইয়াত  মহামাণিক্যৰ ৰাজ্যখনৰ কেতবোৰ গুণ আৰু বৈচিত্ৰ্যৰ প্ৰশংসা কৰা হৈছে৷ এই মহামাণিক্যই ৱামদেৱ নামৰ গাঁওখনত দীন নামৰ দ্বিজ অৰ্থাৎ ব্ৰাহ্মণক ভূমিদান কৰিছে যাতে তেওঁ ইয়াত সত্রাশ্ৰম পাতি বাস কৰিব পাৰে৷  শিলালিপিখনত দাতাগৰাকীৰ নাম দুবাৰ কোৱা হৈছে- এবাৰ “শ্ৰীমহামাণিক্য” আৰু  আনবাৰ “শ্ৰীমাণিক্য” বুলি৷ শিলালিপিখন লিখাৰ অৰ্থাৎ ভূমিদানৰ সময় লিখা হৈছে “ ৱেদে অব্ধ্যমশুচু শাকে” বুলি৷  

 

বিশ্লেষণ 

শিলালিপিখনে আমাক দিয়া নিশ্চিত খবৰটো হল যে এসময়ত শ্ৰীমহামাণিক্য বুলি এজন ৰজা আছিল৷ একেজন ৰজাক মাণিক্য বুলিও জনা গৈছিল৷  মাধৱ কন্দলিয়ে তেওঁৰ পৃষ্ঠপোষক ৰজাগৰাকীৰ নাম মহামাণিক্য আৰু স্থান ভেদে মাণিক্য বুলি “ৰামায়ণ”ত  উল্লেখ কৰিছে৷ নামৰ এই সাদৃশ্যৰপৰা আমি এয়া একেজন ৰজা বুলি অনুমান কৰিব পাৰোঁ৷ শিলালিপিখনত তাৰ সময় উল্লেখ কৰা হৈছে “ৱেদে অব্ধ্যমশুচু শাকে” বুলি৷ ডঃ চৌধুৰীয়ে ইয়াৰ সাংখ্যিক মান নিৰ্ধাৰণ কৰিছে ১২৭৪ শক অৰ্থাৎ ১৩৫২ চন বুলি৷ অৰ্থাৎ ১৩৫২ চনৰ আগে-পাছে মহামাণিক্যই ৰাজত্ব কৰিছিল৷ সেই সময়ছোৱাতেই মাধৱ কন্দলিয়ে ৰামায়ণ লিখিছিল৷  শংকৰদেৱৰ জন্মচন ১৪৪৯৷ ই মহামাণিক্যৰ ৰাজত্বকালৰ প্ৰায় এশ বছৰ পাছৰ, অৰ্থাৎ দুটা প্ৰজন্মৰ পাছৰ সময়৷  শংকৰদেৱৰ গুৰু মহেন্দ্ৰ কন্দলিৰ টোলখনত আছিল এটা ডাঙৰ পুথিভঁৰাল, যি কাৰণে শংকৰদেৱে অনায়াসে “চাৰি বেদ-চৈধ্য শাস্ত্ৰ-ওঠৰ পুৰাণ” পঢ়িবলৈ পাইছিল। সেই শাস্ত্ৰসমূহৰ উপৰি শংকৰদেৱে নিশ্চয় “নিজৰ ভাষা” ৰ ৰামায়ণখনো পঢ়িছিল, লগতে জনসমাজতো ইয়াৰ প্ৰভাৱৰ বিষয়ে জানিছিল৷ আন এটা তথ্যও এই প্ৰসংগতে উল্লেখ কৰিব পাৰি- ইতিহাসে কয় যে অনন্ত-কন্দলিয়ে এখন “ৰামায়ণ” নিজৰ নামত চলাব বিচাৰিছিল। এই কথা জানিয়েই শংকৰদেৱে মাধৱদেৱক আদিকাণ্ড লিখিবলৈ দি নিজে উত্তৰাকাণ্ড লিখি মাধৱ কন্দলিৰ ঐতিহ্য ৰক্ষা  কৰিছিল৷ “এশ বছৰ” আগৰ এগৰাকী অপ্ৰমাদী কবিয়ে এখন অমূল্য গ্ৰন্থ ৰচনাৰ কথা নিশ্চয় তেতিয়াও আলিপুখুৰী অঞ্চলত সজীৱ হৈয়ে আছিল৷ মাধৱ কন্দলিক স্বচক্ষে দেখা লোক দুই-এজন নিশ্চয় তেতিয়াও জীয়াই আছিল৷ তেনে কোনো লোকেই অনন্ত-কন্দলিৰ দুঃঅভিপ্ৰায়ৰ কথা শংকৰদেৱক জনোৱা সম্ভৱপৰ।  ৰজা নাইকিয়া আলিপুখুৰী অঞ্চলত শিৰোমণি ভূঞাই আছিল ৰজা, আৰু ৰাজক্ষমতাৰ প্ৰয়োগ  অবিহনে অনন্ত-কন্দলিৰ দৰে পণ্ডিত এগৰাকীক নিৰস্ত কৰা সম্ভৱ নাছিল৷ এই বিশ্লেষণৰপৰা আহিব পৰা সিদ্ধান্তটো হ, মাধৱ কন্দলি আলিপুখুৰী কেন্দ্ৰিক এটা বৃহৎ অঞ্চলৰে বাসিন্দা  আছিল৷ ঐতিহাসিক ভাবে সত্যটো হল কন্দলিসকলে কেইবা শতিকা ধৰি বৰ্তমানৰ নগাঁও জিলাতে বসবাস কৰি আছে৷ মাধৱ কন্দলি এই কন্দলিসকলৰে এগৰাকী বুলিও প্ৰমাণ আছে৷ এই ফালৰপৰাও মাধৱ কন্দলি বৰ্তমানৰ নগাঁও অঞ্চলৰে বাসিন্দা বুলি কব পাৰি৷

সময় সম্পৰ্কে আৰু  অলপ

ডঃ চৌধুৰীয়ে শিলালিপিখন লিখাৰ অৰ্থাৎ মহামাণিক্য ৰজাই দীন দ্বিজক ভূমি দান কৰাৰ বছৰটো ১২৭৪ শক অৰ্থাৎ ১৩৫২ চন বুলি কৈছে৷  শিলালিপিখনৰ “সময়” উল্লেখ থকা বাক্যটো হল “ৱেদে অব্ধ্যমশুচু শাকে”৷ ডঃ চৌধুৰীয়ে “শুচু” লিখিছে যদিও আমি মুদ্ৰণ-প্ৰমাদ ধৰি লৈ শব্দটো “শুচ” বুলি পঢ়িছোঁ৷ ইয়াত “চ” থাকিলে শুদ্ধ শব্দ এটা পোৱা যায় বাবেই এনে কৰা হৈছে৷ অৱশ্যে “চু” বা “চ”ই মূল শব্দটোৰ অৰ্থান্তৰ নঘটায়৷

ৱেদে অব্ধ্যম্ শুচ শাকে” বাক্যাংশটো সমাসৱদ্ধ হৈ আছে৷ ইয়াক ভাঙিলে আমি পাওঁ এই কেইটা শব্দ- ৱেদ, অব্দি , অংশু , চ (বা চু) আৰু শক৷ এই  শব্দকেইটাৰ অৰ্থ কৰিব পাৰো ক্ৰমে বেদ, অব্ধি, অংশু , আৰু  আৰু শক৷ অব্ধি মানে সীমা, অংশু মানে সূৰ্য৷ সূৰ্যক আদিত্য কৰি লব পাৰি৷ শাকে শব্দটোৰ প্ৰয়োগে বাক্যাংশটোক সংখ্যাযুক্ত বুলি চিহ্নিত কৰে৷ অৰ্থাৎ “ৱেদে অব্ধ্যম্ শুচ” এটা সংখ্যা ৷ শব্দৰ সাংখ্যিক মান মতে বেদ=৪, অব্ধি= সীমা =৪, অংশু =আদিত্য = ১২ (দ্বাদশ আদিত্য)৷ অংকানামং বামতো গতিসূত্র মতে ৪৪১২-ৰ বৰ্ষমান হব ১২৪৪ শক; ১২৭৪ নহয়৷ ৪ গৈ ৭ হোৱাটোক আমি মুদ্ৰণ-প্ৰমাদ বুলি ধৰা নাই ; কাৰণ ডঃ চৌধুৰীয়ে শকক খ্ৰীষ্টীয় বছৰলৈ ভাঙি আমাক বছৰটো ১৩৫২ দেখুৱাইছে। ৩০টা বছৰৰ পাৰ্থক্য নধৰ্তব্য নহয় ! 

 

১৩২২ চনৰ “অসম”

১২৪৪ শক অৰ্থাৎ ১৩২২ চনৰ অসম”খন কেনে আছিল ? 

আমাৰ আলোচ্য শিলালিপিখনত উল্লেখ থকা “বৰাহ ৰজা” মহামাণিক্যৰ সমসাময়িকভাৱে আমি পাওঁ “আহোম ৰজা”  চুখাংফাক৷ আহোমৰ চতুৰ্থ ৰজা চুখাংফাৰ ৰাজত্বকাল ১২৯৩-১৩৩২ চন৷  সেই সময়ৰ কমতাকেন্দ্ৰিক “কামৰূপ”ৰ ৰজা আছিল ক্ৰমে ধৰ্মনাৰায়ণ (১৩২৫-১৩৩০) আৰু দুৰ্লভ নাৰায়ণ (১৩৩০-১৩৫০)। প্ৰসঙ্গতঃ উল্লেখনীয় যে অসমীয়া ভাষা-সাহিত্যৰ উৎসাহী পৃষ্ঠপোষক দুৰ্লভ নাৰায়ণৰ ৰাজত্বকালতে শংকৰদেৱৰ পূৰ্বপুৰুষ চণ্ডীবৰ কামৰূপলৈ আহিছিল৷ 

বিভিন্ন বুৰঞ্জীৰ তথ্যৰপৰা প্ৰায় নিশ্চিত ভাবে কব পাৰি যে পাল সাম্ৰাজ্যৰ ( ৯৮৫- ১১২৫) পতনৰ পাছত ৰাজ্যখনৰ প্ৰান্তীয় শাসকসকলে স্বাধীনভাৱে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বিচ্ছিন্নভাৱে শাসন কৰিবলৈ লৈছিল৷ মহামাণিক্যৰ পূৰ্বপুৰুষ এনে প্ৰান্তীয় শাসকো হব পাৰে, যি কপিলীৰ পাৰত ৰাজধানী পাতি তিনিটামান শতিকা ধৰি ৰাজ্য শাসন কৰিছিল৷ কপিলীৰ পাৰ অঞ্চলটো বৰ্মনসকলৰ দিনতেই মঠে-মন্দিৰে জাকত জিলিকা আছিল৷ ইয়াৰ সাৰুৱা আৰু বানমুক্ত মাটিয়ে যুগে যুগে মানুহক আকৰ্ষণ কৰিছিল৷ অঞ্চলটোত থকা স্থাপত্যৰ ভগ্নাৱশেষে ইয়াত কেইবা শতিকাজোৰা এটা নগৰ-সভ্যতাৰ প্ৰমাণ দাঙি ধৰে৷ কপিলীপৰীয়া “বৰাহ ৰজা” মহামাণিক্যক ডিমাছা কছাৰীৰ তৃতীয়গৰাকী ৰজা মহামাণিক্যৰ সৈতে একাকাৰ কৰিব নোৱাৰি৷ কাৰণ, ডিমাচা কছাৰীসকলৰ মূল ৰাজ্যখন আছিল ধনশিৰিৰ পাৰত, আৰু দিখৌৰ পাৰলৈকে বিয়পা এই ৰাজ্যখনৰ একেখিনি ভূখণ্ডৰ বাবে আহোমৰ সৈতে তেওঁলোকৰ প্ৰচণ্ড সংঘৰ্ষৰ প্ৰমাণ বুৰঞ্জীৰ পাতে পাতে আছে৷

 

বৰাহ-চিহ্ন

আমাৰ আলোচ্য শিলালিপিখনত, আখৰৰ শাৰী কেইটাৰ তলতে দুটা জন্তুৰ এখন সংযুক্ত চিত্র  আছে। এই চিত্রখনৰ কথা শিলালিপিখনতো উল্লেখ  আছে এনেদৰে- 

শ্ৰীযুক্ত স তু ৱিষ্ণু

যস্য চ ৱিৱিধাহি ৰূপঃ

যস্মাদ্বলঃ গৰ্দভো জনক-চিহ্নকীৰ্তি

সজ্জনাং য়ো পালয়ৈ যত্র

যেষাং জননী-শূকৰী এষা যা

 

ডঃ চৌধুৰীৰ ব্যাখ্যা মতে শিলালিপি উল্লিখিত গৰ্দভ হল বিষ্ণুৰ এটা অৱতাৰ, যাৰ মাতৃ হল অৰণ্যনিবাসী এক শূকৰী৷ চিত্রৰ শূকৰীয়ে ধাৰণ কৰি আছে গৰ্দভক৷ শূকৰী অৰ্থাৎ বৰাহৰ সন্তান গৰ্দভেই হল ৰজা মহানাণিক্যৰ বংশধৰসকল, সেয়ে তেওঁলোক বৰাহী৷ এতিয়া , শিলালিপিখনৰ পৰা এই কথা স্পষ্ট যে মহামাণিক্য এজন বৰাহী ৰজা  আছিল৷ মহামাণিক্য নামক এগৰাকী “বৰাহ ৰজা”ৰ অনুৰোধত মাধৱ কন্দলিয়ে ৰামায়ণ লিখিছিল৷ গতিকে, শিলালিপিত উল্লিখিত মহামাণিক্যজনকে আমি মাধৱ কন্দলিৰ পৃষ্ঠপোষকজন বুলি নিশ্চিত কৰিব পাৰো, যি ১৩২২চনৰ আশে-পাশে ৰাজত্ব কৰিছিল৷ 

 

বামদেৱ গাঁও

অৰণ্যৰ মাজত অৱস্থিত বামদেৱ নামৰ গাঁও এখন মহামাণিক্যই দীন দ্বিজ নামৰ ব্ৰাহ্মণ এজনক দান কৰিছিল৷ ৰাঘৱ কন্দলি (ৰাঘ আচাৰ্য) মহেন্দ্ৰ কন্দলি, ৰত্ন কন্দলি, অনন্ত-কন্দলি আদি কন্দলিসকলক এই দীন দ্বিজৰ উত্তৰসুৰী বুলি ধৰাত একো অসুবিধা নাই৷ বৰাহীসকলৰ আদি ৰাজ্য আছিল কুণ্ডিলত; কালক্ৰমত সেই ৰাজ্য চুতীয়াসকলে  দখল কৰিছিল৷ কুণ্ডিলৰ সৈতে কন্দলিৰ কোনো সম্পৰ্ক থাকিবও পাৰে৷  

 

প্ৰাপ্তিস্থান

শিলালিপিখনৰ নাম “লংকা  শিলালিপি “৷ এইখন নিশ্চিতভাৱে লংকাত পোৱা গৈছে৷ আমি জানো যে ১৯৬০ দশক পৰ্যন্ত বৰ্তমানৰ লংকা অঞ্চলটো আছিল অটব্য হাবি। সেইটো দশকত চৰকাৰী উদ্যোগতে এই “হাবি কাটি ফুলবাৰী” কৰা অৰ্থাৎ মানুহক বসতি আৰু খেতিমাটি দি সংস্থাপন দিয়া হৈছিল৷ তেতিয়াই চৰকাৰী বুলডজাৰৰ আঘাতত হয়তো চুৰ্চূমৈ হৈ গৈছিল “কপিলীপৰীয়া সভ্যতা”৷ কাকীৰ সূৰ্যমূৰ্তি, লংকা শিলালিপি, হোজাই সংগ্ৰহালয়ত সংৰক্ষিত সম্পদখিনিৰ দৰে অতি কম ঐতিহাসিক সম্পদহে বাচি থাকিল সেই চৰকাৰী ধ্বংসলীলাৰপৰা৷ লংকা-কাকীৰ বহুত পৰিয়ালৰ গাধৈ হৈ, পানীপোতাৰ  শিল হৈ, কাপোৰ ধোৱা পাত হৈ, খুবলি হৈ মৃত্যু বৰণ কৰিলে বহু ভাস্কৰ্যযুক্ত শিলে৷ আলোচ্য শিলালিপিখনো আনকি বহু দিন এটা পৰিয়ালে দা-ধৰোৱা কামত ব্যৱহাৰ কৰিছিল৷ফলত ইয়াৰ মাজডোখৰ খাল হৈ যায় আৰু কেইটামান আখৰ ক্ষয় যায়৷ তথাপি লিপিখন প্ৰায় অক্ষত হৈ আছে আৰু গভীৰ অধ্যয়নপূৰ্বক বুৰঞ্জী কব পৰা হৈ আছে৷

...

লেখকৰ ফোন : ৮৬৩৮৪৫৭৪৮

 

কৃতজ্ঞতা : ড০ ৰক্তিম ৰঞ্জন শইকীয়া , ড০ কুশল কলিতা

 

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ