অন্যযুগ/


আমেৰিকাৰ ঘৰত বহি সংস্কৃত ভাষাৰ ৰোমন্থন

 অৱনী কুমাৰ শৰ্ম্মা

 

আমি হাইস্কুলত পঢ়া দিনত ক্লাছ ছেভেনৰ পৰা ক্লাছ টেনলৈকে সকলো ছাত্ৰইমানে লৰাইসংস্কৃত ভাষা পঢ়াটো বাধ্যতামূলক আছিল৷ ছাত্ৰীসকলৰ- মানে ছোৱালীসকলৰ বাবে এই নিয়মটো প্ৰযোজ্য নাছিল৷ ছাত্ৰীসকলে সংস্কৃতৰ ঠাইতগাৰ্হস্থ্য বিজ্ঞান’ (Home Science)-ৰ দৰে বিষয় পঢ়িব পাৰিছিল৷ অৱশ্যে সংস্কৃত পঢ়োঁ বুলিলেও ছাত্ৰীসকলক কোনেও মানা কৰিব নোৱাৰিছিল৷ আৰু দুই-এক মেধাৱী ছাত্ৰীয়ে সংস্কৃত পঢ়িছিলো৷

আমি ছাত্ৰ-ছাত্ৰীবোৰে প্ৰথম দুবছৰ সংস্কৃতৰ আখৰবোৰ পঢ়িবলৈ আৰু লিখিবলৈ শিকিছিলোঁ, লগতে বিশেষ্য, বিশেষণ, সৰ্বনাম আৰু ক্ৰিয়া আদিৰ নানা ৰূপবোৰ আৰু একবচন, দ্বিবচন, বহুবচন, নানা ধৰণৰ বিভক্তি, প্ৰত্যয় আদিও পঢ়িছিলোঁ৷ ওপৰ খাপৰ বিভক্তি, প্ৰত্যয় আদি অনেক বেছি কঠিন আছিল আৰু নামবোৰো অবোধ্য আছিল৷ যেনেবিধিলিঙ, আশীলিঙ ইত্যাদি৷ এইখিনিতে মনত পৰিছে, আমাৰ লগৰ কোনো কোনো ধূৰ্ত ছাত্ৰই আমাৰ স্কুলৰ সংস্কৃত ছাৰকে বিধিলিঙ বুলি জোকাইছিল বা উপলুঙা কৰিছিল৷ অকল সিমানেই নহয়সেই অঘাইটং লৰামখাই ছাৰৰ পুতেকটোকো আশীলিঙ বুলি মাতিছিল৷

আমাৰ লগৰ বহুতে সংস্কৃত ভাষাটো আয়ত্ত কৰিবলৈ বিচাৰিছিল কথাবোৰ মুখস্থ কৰি, কথাবোৰ বুজি-বাজি নহয়৷ যেনে, বৰ্তমান কালৰ (Present Tense) বিভক্তিবোৰ

তি, তস, অন্তি

সি, থঃ,

মি, বস্, মস্ ইত্যাদি

আৰু একবচন, দ্বিবচন, বহুবচনবোৰ আওৰাইছিল

নৰঃ নৰৌ নৰাঃ

নৰম্ নৰৌ নৰাণ

নৰেণ, নৰাভ্যাম্, নৰৈঃ ইত্যাদি কৰি

ইয়াৰ মাজৰে এটামান শব্দ কেতিয়াবা পাহৰিলেই তেওঁৰ ফালে আধ্যা৷ মই নিজে কিন্তু কথাবোৰ ছাৰে শিকোৱাৰ দৰে বুজি-বাজি পঢ়িছিলোঁ৷ সেই কাৰণে সংস্কৃত ভাষাটো মোৰ কাৰণে আহুকালৰ বিষয় নাছিল৷ বৰঞ্চ স্কুলৰ প্ৰতিটো পৰীক্ষাতে সংস্কৃত বিষয়ত মই লেটাৰ মাৰ্ক পাইছিলোঁ৷

হাইস্কুলৰ নৱম আৰু দশম শ্ৰেণীত সংস্কৃত ছাৰে আমাক পাঠ্য হিচাপে বিষ্ণু শৰ্মাৰ দ্বাৰা লিখিত পঞ্চতন্ত্ৰ, হিতোপদেশ আদি পুথিবোৰৰ সাধুবোৰ পঢ়াইছিল আৰু ভৰ্ত্তহৰিকৃত নীতিশতক শ্লোকাঃ’ পুস্তিকাখনৰ শ্লোক কিছুমান শিকাইছিল৷ সেইবোৰৰে কিছুমান সাধু আৰু শ্লোক এই বয়সতো (৮১) মোৰ মনত আছে আৰু সময়-সুবিধা পালে মাজে-সময়ে সেইবোৰ মই আমাৰ নাতিনীহঁতকো শুনাওঁ৷ তদুপৰি মেট্ৰিক পৰ্যায়ৰকথাকুসুমনামৰ পাঠ্যপুথিখনৰ কপি এটা এতিয়াও মোৰ হাতত আছে আৰু কেতিয়াবা কেতিয়াবা মই সেই পুথিখনৰ এক পৃষ্ঠা বা দুই পৃষ্ঠামান পঢ়ি আনন্দ লাভ কৰোঁ৷

তিনি বছৰমানৰ আগৰ কথা৷ এদিন গধূলি মোৰ মনটো (মেজাজটো) কিবা কাৰণে এনেয়ে সংস্কৃতভাৱাপন্ন অৱস্থাত আছিল৷ তেনেতে আমাৰ এওঁ মন্দিৰৰপৰা (সপ্তাহত অন্ততঃ এদিন গধূলি মন্দিৰলৈ যোৱাটো এওঁৰ অভ্যাসমই কিন্তু নাযাওঁ, ঘৰৰ পৰাই যি কৰিব লাগে কৰোঁ) টেলিফন কৰিলে৷

বোলে “হেৰি, আজি ৰাতি এজন পণ্ডিতজী আমাৰ ঘৰত থাকিব আৰু কাইলৈ ৰাতিপুৱাই প্লেনত নিউ জাৰ্ছিলৈ যাবগৈ৷

মই সুধিলোঁ– “এইজন পণ্ডিত কোন? মই চিনি পাওঁনে?”

এওঁৰ উত্তৰ– “এই পণ্ডিতজনক আপুনি চিনি নাপায়৷ মই তেওঁক আগতে এবাৰ শিৱধাম টেম্পলত (মন্দিৰত) লগ পাইছিলোঁ৷

অলপ ডাঠি মই কলোঁ বোলোঁ “হেৰা, তেনেহলে এই চিনি-জানি নোপোৱা মানুহ এজনকনো কেনেকৈ ঘৰত থাকিবলৈ দিব পাৰোঁ? নাজানানে সংস্কৃতৰ সেই শ্লোকটো

অজ্ঞাত কুলশীলস্য বাসো দেয়ো ন কস্যচিত্,

মাৰ্জ্জাৰস্য হি দোষেণ হতো গৃধ্ৰো জৰদগবঃ৷

(চিনি-জানি নোপোৱা কাকো ঘৰত ঠাই দিয়া উচিত নহয়; কিয়নো মেকুৰী এটাৰ দোষৰ কাৰণেই জৰদ্গব নামৰ শগুণটোৰ মৃত্যু হৈছিল৷

যদি তুমি পণ্ডিতজীক ইমানেই দয়া কৰিব খুজিছা, তেনে আমাৰ ঘৰত ভাত এসাঁজৰ কাৰণে লৈ আহিব পাৰাঁ৷ কিন্তু তেওঁ আমাৰ ঘৰত ৰাতি বঞ্চিব নোৱাৰে৷

 এওঁ জানে মই সিংহ ৰাশিৰ মানুহ৷ এবাৰ না বুলিলে মোৰ লগত তৰ্ক কৰি লাভ নাই৷ সেয়েহে এওঁ মন্দিৰলৈ একেলগে যোৱা তেওঁৰ বান্ধৱী মহিলা কমল খিণ্ড্ৰিৰ ঘৰত পণ্ডিতজী ৰাতি থকাৰ বন্দোৱস্ত কৰি মাথোন ৰাতিৰ সাঁজ আমাৰ ঘৰতে খুৱাবলৈ আনি আঠমান বজাত ঘৰ ওলালহি৷

জোঙানকীয়া অভ্যাগতজনক দেখিয়ে মোৰ কিবা এটা ভাল লাগি গ’ল৷ কথা পাতি গম পালোঁ তেওঁ হেনো নেপালৰ মানুহ৷ অৱশ্যে জন্ম হৈছিল আমাৰ অসমৰ শদিয়াত৷ পিছে তেওঁৰ তিনিবছৰ বয়সতে মাক-দেউতাকে নেপালৰ এখন ভিতৰুৱা ঠাইলৈ চোং সলাইছিল৷ ডেকাকালত তেওঁ পুৰোহিতালি শিক্ষা ল’বৰ কাৰণে তিনিবছৰ বেনাৰসত কটাইছিল৷ সেয়েহে তেওঁ হিন্দী ভাষাও ভালদৰে ক’ব পাৰে৷ বেনাৰসৰ নামটো শুনি মোৰ আৰু ভাল লাগিল৷ কাৰণ মই নিজে বেনাৰসৰ ছাত্ৰ৷ ক’বলৈ পাহৰিছোঁ পণ্ডিতজীৰ নামটো হ’ল দিলিৰাম উপাধ্যায়৷ চিনা-জনা হোৱাৰ পাছত আমি দুয়ো হিন্দী ভাষাতে কথা বাৰ্তা পাতিবলৈ আৰম্ভ কৰিলোঁ৷

হাত-মুখ ধোৱাৰ পাছত পণ্ডিতজীয়ে ক’লে যে তেওঁ আমাৰ ঘৰখন পৱিত্ৰ কৰিবৰ কাৰণে পূজা এভাগ কৰিব খোজে৷ মই আমাৰ বহা কোঠাতে (Drawing Room) ঠাই অকণমান উলিয়াই সতৰঞ্চি এখন পাৰি দি ক’লোঁ, “পণ্ডিতজী, আপুনি ইয়াতে বহি আপোনাৰ পূজা কৰক৷ মই কিন্তু আপোনাৰ লগত লেপেটা কাঢ়ি মাটিত (Floor) বহিব নোৱাৰোঁ৷ কাৰণ মোৰ দুইতা কৰঙনত ছাৰ্জাৰি (অস্ত্ৰোপচাৰ) হৈছিল আৰু দুইটা কৰঙনত এতিয়া কৃত্ৰিম জোৰা৷

পণ্ডিতজীয়ে হাত যোৰ কৰি ক’লে বোলে “শৰ্মাজী আপুনি মোৰ লগত মাটিত বহিব নালাগে৷ মই দূৰৰ পৰাই আপোনাৰ সুস্বাস্থ্য কামনা কৰি ঈশ্বৰক প্ৰাৰ্থনা কৰিম৷”

দহ মিনিটমানৰ পাছত পণ্ডিতজীৰ পূজা শেষ হ’ল৷ তাৰ পাছত আমাৰ দুয়োৰে শিৰত হাত দি তেওঁ আমাক আশীৰ্ৱাদ দিলে৷ ইতিমধ্যে পণ্ডিতজীৰ বিষয়ে মোৰ অধিক জানিবলৈ আকাঙ্ক্ষা হ’ল৷ বিশেষকৈ নেপালৰ গাঁৱলীয়া ঠাই এখনৰ পৰা আহিনো তেওঁ কেনেকৈ আমেৰিকা ওলালহি? তেনেতে এওঁ পাকঘৰৰ পৰা ৰিঙিয়াই সুধিলে, বোলে “পণ্ডিতজী, আপোনাৰ কাৰণে ভাত দুটামান আৰু অৰহৰ (ৰহৰ) দাইল অলপ ৰান্ধোনে?”

মই জোকোৰা মাৰি ক’লোঁ বোলো “সেইটো আৰু সুধিব লগা কথা হ’লনে? ৰান্ধা এসাজ শাকাহাৰী ভোজন ভালকৈ৷ তাৰ পাছত মই পণ্ডিতজীৰ লগত কথা আৰম্ভ কৰিলোঁ৷

২০১৫ চনৰ এপ্ৰিল মাহত (মোৰ যদি ভুল হোৱা নাই) নেপালত এটা ডাঙৰ ভূঁইকপ হৈছিল৷ সেই ভূঁইকপটোৰ ফলত কাঠমাণ্ডুৰ দৰে ডাঙৰ চহৰবোৰৰ উপৰি পাহাৰীয়া গাঁৱলীয়া অঞ্চলবোৰতো বহুত ঘৰ-দুৱাৰ ধ্বংস হৈছিল৷ ভিতৰুৱা অঞ্চলৰ ৰাস্তা-পদূলিবোৰো ভাগি-ছিগি খাস্তাং হৈছিল৷ তেনে অৱস্থাত পৃথিৱীৰ নানা দেশে নেপালক সহায় কৰিবলৈ আগবাঢ়ি আহিল৷ আমেৰিকাই নেপালক জনালে যে ভূঁইকপত ৰাস্তা-পদূলি বিধ্বস্ত হোৱা কাৰণে আমাৰ ইয়াৰপৰা (মানে আমেৰিকাৰপৰা) এসোপামান মানুহ আৰু গাড়ী আদি পঠিয়াই একো লাভ নাই৷ অযথা ভিৰহে লগাবগৈ৷ তাৰ সলনি নেপালৰ ভূঁইকপত আক্ৰান্ত কোনোবা শিক্ষিত লোক যদি আমেৰিকালৈ আহিব খোজে, তেনেহ’লে আমি তেওঁলোকক আদৰি ল’ম আৰু যি যি সুবিধা লাগে তাৰ বন্দোৱস্ত কৰি দিয়াৰ ব্যৱস্থা কৰিম৷ দিলিৰাম পণ্ডিতজীয়েও সেই সুবিধাটোকে গ্ৰহণ কৰিলে আৰু আমাৰ অৰ্লাণ্ডত থকা শিৱধাম মন্দিৰৰ পুৰোহিতজনৰ আমন্ত্ৰণক্ৰমে পোনে পোনেই অৰ্লাণ্ডলৈকে আহিল৷ শিৱধামৰ পুৰোহিতজনক পণ্ডিতজীয়ে বেনাৰসত লগ পাইছিল আৰু তেওঁলোক দুয়োৰে মাজত এতিয়াও বন্ধুত্ব বিৰাজমান৷ প্ৰথমে প্ৰথমে কিছুদিন দিলিৰাম অৰ্লাণ্ডতে আছিল৷ পাছত নিউ জাৰ্ছিৰ কোনোবা এটা মন্দিৰত পুৰোহিতৰ কাম পাই তালৈ গ’লগৈ৷ এতিয়া আমেৰিকাৰ চিৰস্থায়ী ভিছা (Visa) সংক্ৰান্তত দুদিনৰ আগতে আকৌ অৰ্লাণ্ডলৈ আহিছিল৷ কাম হৈ যোৱাৰ পাছত কাইলৈ ৰাতিপুৱা প্লেনত নিউ জাৰ্ছিলৈ উভতিব৷

ইতিমধ্যে পাকঘৰত এওঁ বাচমতি চাউলৰ ভাত আৰু থুপথুপীয়াকৈ ৰহৰ দাইল এখন ৰান্ধিছিল৷ (ৰহৰ দাইলক বেনাৰসৰ ফালে অৰহৰ দাইল বুলি কৈছিল৷ কিন্তু আজিকালি দোকানে-বজাৰে ৰহৰ দাইল বস্তুটো গুজৰাটী ভাষাত কোৱাৰ দৰে তুৰ দাইল বুলিহে জনাজাত) দাইলখনত এওঁ দুটামান ডাঙৰ আলুও দি দিছিল৷ লগতে ফুলকবি আৰু আলুৰ ধুনীয়া শাক দিয়া জুলীয়া তৰকাৰী এখনো ৰান্ধিছিল৷  

ভাত খাবলৈ বহি ৰহৰ দাইলখনৰ মোক খা মোক খা চেহেৰা দেখি মই পণ্ডিতজীক সুধিলোঁ– “পণ্ডিতজী এইখন দাইলৰ লগত অকণমান গৰু ঘিঁউ বৰ ভাল হব৷ আপোনাক অকণমান দিওঁনে?”

পণ্ডিতজীয়ে উল্লাসেৰে সুধিলে– “ঘিঁউ আছে নেকি?” মই ক’লোঁ যে “হয়৷ ঘৰত সদায় মই ঘিঁউ অকণ ৰাখোঁৱেই৷ কাৰণ সংস্কৃত ভাষাতো কথিত আছে যে – “ঋণং কৃত্বা ঘৃতং পিবেৎ” (ধাৰ-ধুৰ কৰি হ’লেও ঘিঁউ অকণ খোৱা উচিত)।

মোৰ কথা শুনি পণ্ডিতজীয়ে বৰ ফূৰ্তি পালে৷ তেওঁ মোতকৈও এখোপ আগ বাঢ়ি ক’লে বোলে “শৰ্ম্মাজী, আপুনি ঠিকেই কৈছে– সুখং বসেৎ, চিৰং বসেৎ৷ ঋণং কৃত্বা ঘৃতং পিবেৎ” (ধাৰ-ধুৰ কৰি হ’লেও ঘিঁউ অকণ খোৱা উচিত)

এনেদৰেই সংস্কৃত শ্লোক কেইটামান পৰস্পৰে পৰস্পৰক সোঁৱৰাই থাকি আমি দুয়ো ভোজন পৰ্ব শেষ কৰিলোঁ৷ শেষত ময়ে পণ্ডিতজীক সুধিলোঁ– “পণ্ডিতজী, আপোনাৰ বাৰু সৎস্কৃতৰ সেই মূৰ্খ পণ্ডিত নামৰ সাধুটো মনত আছেনে?”

পণ্ডিতজীয়ে বোলে– “হওঁতে সেই সাধুটো এসময়ত শুনিছিলোঁ৷ আচলতে সেই সাধুটো ক’তো লিখিতভাৱে নাই৷ এইটো এটা মুখে মুখে চলি অহা এটা মুখৰোচক কথাহে মাত্ৰ৷ সংস্কত ভাষাত একো একোটা শব্দই যে বেলেগ বেলেগ সন্দৰ্ভত বেলেগ বেলেগ অৰ্থ বুজায়, তাকে দেখুৱাবলৈ এই সাধুটোৰ প্ৰচলন হৈছিল৷ সদ্যহতে সাধুটো বিতংকৈ মোৰ মনত নাই৷ আপোনাৰ বাৰু সেই সাধুটো মনত আছে নেকি শৰ্ম্মাজী? কওকচোন, অনেকদিনৰ পাছত শুনি বৰ ভাল লাগিব৷”

“তেনেহ’লে মোৰ যিমানখিনি মনত আছে তাকে কওঁ শুনক” – এই বুলি মই আৰম্ভ কৰিলোঁ৷

বহুত দিনৰ আগৰ কথা৷ চাৰিজন বিদ্বান ডেকাই একেলগে সংস্কৃত টোলত বিদ্যা-শিক্ষা শেষ কৰি বিশাল সংসাৰত জীৱন নিৰ্বাহৰ কাৰণে প্ৰস্তুত হৈ ওলাল৷ টোলৰ পৰা ওলাই অলপ দূৰ যোৱাৰ পাছতে তেওঁলোক বিমোৰত পৰিল৷ তেওঁলোকৰ সমস্যা হল চাৰিআালিটোৰ পৰা এতিয়া কোনটো দিশেদি আগ বঢ়া উচিত৷ তাকে চিন্তা কৰি থাকোঁতে তেওঁলোকে দেখিলে যে এটা ৰাস্তাইদি চাউল, দাইল, তেল নিমখ বিক্ৰী কৰা তেলীয়া দোকানী এজন গৈ আছে৷ তেনেকুৱা দোকানীক আকৌ গাঁৱলীয়া ভাষাত “মহাজন” বুলিও কোৱা হয়৷ তাকে মনত পৰিলত এজন পণ্ডিতে আন তিনিজনক সোঁৱৰাই দি ক’লে- “মনত আছেনে? আমি যে পঢ়িছিলোঁ “মহাজন যেন গতঃ স পন্থা”। আচলতে সংস্কৃত অৰ্থটো আছিল যে বিদ্বান সংপুৰুষসকলে  যি পথ অৱলম্বন কৰে জীৱনত সেয়েই প্ৰকৃত পথ৷ সংস্কৃতত তেলীয়া দোকানীৰ কথা কোৱা নাছিল৷

যি কি নহওক আমাৰ পণ্ডিত চাৰিগৰাকীয়ে তেলীয়া দোকানীজনক অনুসৰণ কৰি অলপ পাছত মৰিশালি (শ্মশান) এখন পালেগৈ৷ তাতে আকৌ ষাঁড় গৰু এটাই ঘাঁহ খাই আছিল৷ তাকে দেখি তেওঁলোকৰে এজনে মাত লগালে বোলে– “আপোনাসবৰ মনত আছেনে ? সেই যে–

“উৎসৱে ব্যসনে চৈব দুৰ্ভিক্ষে ৰাষ্ট্ৰ বিপ্লৱে,

ৰাজদ্বাৰে, শ্মশানে চ যঃ তিষ্ঠতি সঃ বান্ধৱঃ,  

মানে হ’ল– সুখৰ দিনত, দুখৰ দিনত বা দুৰ্ভিক্ষৰ দিনত অথবা ৰাষ্ট্ৰবিপ্লৱৰ সময়ত, আৰু ৰাজদ্বাৰত (মানে আজিকালিৰ আদালতত) আনকি শ্মশানতো যিজন লগত থাকে, তেৱেঁই পৰম বান্ধৱ৷ কিন্তু আমাৰ পণ্ডিত কেইজনে অৰ্থ কৰিলে যে শ্মশানত যেয়ে থাকে, সেয়ে আমাৰ বন্ধু৷ গতিকে এই ষাঁড় গৰুটোও আমাৰ পৰম বান্ধৱ৷ সেই বুলি চাৰিওজনে গৈ ষাঁড় গৰুটোৰ ডিঙিত সাবটি ধৰি তাৰ গালে-মুখে চুমা খাবলৈ ধৰিলে৷

তেনেতে ৰাস্তাইদি যাওক এটা উট (camel)৷ আপোনাসৱে উট একোটাই খোজ কঢ়া দেখিছেনে নাই ক’ব নোৱাৰোঁ৷ কিন্তু উটৰ লেঙলেঙীয়া ঠেংবোৰৰ কাৰণেই সিঁহতে লাহে-ধীৰে খোজ কাঢ়িলেও বৰ খৰকৈ যোৱা যেন দেখি৷ সেয়েহে, ৰাস্তাত উটটো দেখিয়ে এজন পণ্ডিতে শাস্ত্ৰত পঢ়ি অহা কথা এফাঁকি মনত পেলালে৷ বোলে – ‘ধৰ্মস্য ত্বৰিৎ গতি।”

কথাফাঁকিৰ আচল অৰ্থ হ’ল যে ধৰ্ম অৰ্থাৎ সৎকাৰ্যৰ যশোগুণ অতি দ্ৰুতভাৱে বিয়পি পৰে, প্ৰসাৰ হয়৷ কিন্তু আমাৰ পণ্ডিত কেইজনে অৰ্থ কৰিলে যে খৰকৈ যোৱা এই জন্তুটোৱেই হ’ল ধৰ্ম৷ লগে লগে অন্য এজন পণ্ডিতে সোঁৱৰালে- “ইষ্টং ধৰ্মেন যোজয়েৎ”৷ শ্লোকফাঁকিৰ আচল অৰ্থ হ’ল যে ধৰ্মমূলক কামত ইষ্ট-কুটুম্ব আৰু বন্ধু-বান্ধৱকো ঠাই দিয়া উচিত– একেলগ কৰা উচিত৷ কিন্তু পণ্ডিত কেইজনে অৰ্থ কৰিলে যে ষাঁড় গৰুটোৰ দৰে ইষ্টক উটটোৰ দৰে ধৰ্ম্মৰ সৈতে একেলগ কৰা উচিত৷ তাকে ভাবি তেওঁলোকে ক’ৰবাৰ পৰা পঘা এডাল আনি ষাঁড় আৰু উটটোৰ ডিঙিত বান্ধি লৈ টানি নিবলৈ ধৰিলে৷

তেনেতে জন্তু দুটাৰ মালিক দুজন সেই ঠাইত ওলালহি৷ তেওঁলোক দুজনে পণ্ডিত চাৰিজনৰ কাণ্ড-কাৰখানা দেখি পণ্ডিত কেইজনক অলপ লপা-থপা দি নিজৰ নিজৰ জন্তুটো মোকলাই লৈ গুচি গ’ল৷

ইয়াৰ পাছত পণ্ডিতকেইজন গৈ ফেনে-ফোটোকাৰে বাঢ়ি অহা নৈ এখনৰ পাৰ পালেগৈ৷ পাৰতে ৰৈ তেওঁলোকে কি কৰা উচিত তাকে গুণা-গঁথা কৰি আছে৷ তেনেতে তেওঁলোকে দেখিলে যে নৈৰ কোবাল সোঁতত কলপাত এখন উটি আহি আছে৷ তাকে দেখি এজন পণ্ডিতে বোলে “আপোনাসৱৰ মনত আছেনে ? সেই যে –

“আগমিষ্যতি যৎ পত্ৰং, তদঅস্মান তাড়য়িস্যতি”

(মানে– আহিব লগা পত্ৰ (চিঠি)খনেই আমাক ৰক্ষা কৰিব)৷ আচলতে এই কথাষাৰি আহিছে অন্য এটা সাধুৰ পৰা৷

সাধুটো আছিল এনে ধৰণৰ : কেইজনমান পথিক দেশ ফুৰি ফুৰি অন্য এক ৰজাৰ দেশ ওলালগৈ৷ তাত সেই দেশৰ প্ৰহৰীবোৰে তেওঁলোকক চিনি নাপাই সাময়িকভাৱে বন্দী কৰি থ’লে৷ তেওঁলোকে পিছে ৰেহাই পাবৰ কাৰণে নিজ দেশৰ পৰা এখন পৰিচয়-পত্ৰ বিচাৰি পঠালে৷ সেই পত্ৰখনৰ কাৰণে বাট চাই থাকোঁতে এজন পথিকে এইষাৰি কথা কৈ মন তাপৰাইছিল মানে মনত শান্তি লভিছিল৷

কিন্তু আমাৰ এই পণ্ডিতকেইজনে পানীত উটি আ কলপাতখনেই তেওঁলোকক ৰক্ষা কৰিব বুলি অৰ্থ কৰিলে৷ আৰু কথা নাই বাৰ্তা নাই আটাইকেইজনে সেই কলপাতখনৰ ওপৰতে জঁপিয়াই পৰিল৷ পিছে বিপদ হ’ল এয়ে যে চাৰিজন পণ্ডিতৰ ভিতৰত এজনে একেবাৰে সাঁতুৰিব নেজানে৷ নৈৰ পানীত পৰি যেতিয়া তেওঁৰ ডুবোঁ ডুবোঁ অৱস্থা হ’ল, সাঁতুৰিব জনা এজনে লাহেকৈ শ্লোক এফাঁকি সুঁৱৰিলে– বোলে “সৰ্বনাশে সমুৎপন্নে অৰ্দ্ধংত্যজতি পণ্ডিতঃ” অৰ্থাৎ সমস্তখিনি হেৰুওৱাৰ আশঙ্কা দেখিলে পণ্ডিতলোকে আধাখিনি ত্যাগ কৰি সন্তুষ্ট হয়৷ সাঁতুৰিব জনা আমাৰ তিনিজন পণ্ডিতেও ওপৰৰ শ্লোকটিকে সাৰোগত কৰি ডুবিবলৈ ধৰা লগৰীয়াজনৰ ডিঙিটো কাটি তেওঁৰ দেহৰ নিম্নভাগ পানীত এৰি দিলে আৰু ছিন্ন মস্তকটো লৈ নদীৰ পাৰত উঠিল৷
    কাণ্ড দেখি সেই ঠাইৰ চিপাহী-চন্তৰীয়ে জীয়াই থকা নৰবধী পণ্ডিত তিনিজনক ফাটেকলৈ লৈ গ’ল৷ ৰাতিলৈ বন্দীশালত ভোজনৰ কাৰণে তেওঁলোকক ইটালিয়ান স্পাঘেটিৰ (Spaghetti) দৰে দীঘল দীঘল চেঁৱৈ কিছুমান খাবলৈ দিয়া হ’ল৷ পিছে কোনেও সেই খাদ্য মুখত দিয়াৰ আগতেই এজন পণ্ডিতে বোলে– “ৰ’ব, ৰ’ব৷ এইবোৰ নাখাব৷ কাৰণ আমি এঠাইত পঢ়িছিলোঁ নহয় যে– ‘দীঘসূত্ৰী বিনশ্যতি”৷ শ্লোকফাকিৰ আচল অৰ্থ হ’ল যে বহুত দিনলৈ কাম-কাজবোৰ পেলাই থোৱা ব্যক্তিৰ সকলো কথা ভ্ৰষ্ট হয়৷ কিন্তু আমাৰ পণ্ডিত কেইজনে ভাবিলে যে এই দীঘলীয়া বস্তুবোৰ খালেই সকলো কথা পণ্ড হ’ব৷ তাকে ভাবি তেওঁলোকে সেই ৰাতি একো নাখাই শুদা পেটেই থাকি গ’ল৷

দ্বিতীয় ৰাতি ফাটেকত তেওঁলোকক খাবৰ কাৰণে আহল-বহল ডাঙৰ ডাঙৰ সুতুলি পিঠাৰ দৰে (Pancake) খাদ্য কিছু দিয়া হ’ল৷ তাকে দেখি এজন পণ্ডিতৰ মনত পৰিল যে-

“অতীব বিস্তীৰ্ণ বিস্তাৰোপি বিনশ্যতি।”

মানে যিজনে নিজৰ কাম-কাজবোৰ চম্ভালিব নোৱৰাকৈ বহলাই লয়, তেওঁৰ একো কামেই হৈ নুঠে৷ সেই অৰ্থলৈ নগৈ পণ্ডিত কেইজনে নিজৰ মতে বহল বস্তু খালে বিনাশ হয় বুলি অৰ্থ কৰি দ্বিতীয় ৰাতিও সেই বহল পিঠাবোৰ নাখাই লেলাই-ধেন্দাই ৰাতিটো পৰি থাকিল৷

পাছদিনা ৰাতিপুৱা ফাটেকৰ চিপাহী-চন্তৰীবোৰে পণ্ডিত কেইজনৰ অৱস্থা দেখি নিজৰ ভিতৰতে আলোচনা কৰি ঠিৰাং কৰিলে যে এই বলিয়া কেইটাক আমাৰ ফাটেকৰ পৰা উলিয়াই দিয়াই ভাল৷ নহ’লে সিঁহত কেইটাই নাখাই-নবৈ ইয়াতে মৰিব৷ সেইমতে পণ্ডিত তিনিজনক ফাটেকৰ পৰা মুকলি কৰি দিয়া হ’ল৷

ফাটেকৰ পৰা ওলাই পণ্ডিত কেইজন ক’লৈ গ’ল, কি কৰিলেগৈ সেই বিষয়ে মই জানিবলৈ নাপালোঁ৷ সেয়েহে মোৰ সাধুটোও আজিলৈ ইমানতে শেষ হ’ল৷

মোৰপৰা সমস্ত কাহিনীটো শুনি দিলিৰাম পণ্ডিতেও সন্মতি জনাই ক’লে– “শৰ্ম্মাজী, হয় ময়ো পণ্ডিতকেইজনৰ কাহিনীটো তেনেদৰেই শুনিছিলোঁ আৰু শেষত গৈ তেওঁলোকৰ কি হ’ল ময়ো নাজানো৷”

ইতিমধ্যে কমল খিণ্ড্ৰি আহি পালেহই৷ পণ্ডিতজী কমলৰ ঘৰতে ৰাতিটো বঞ্চিবৰ কাৰণে গ’লগৈ৷ মই মূৰ্খ পণ্ডিত কেইজনৰ কথাবোৰ মনতে পাগুলি পাগুলি শুই থাকিলোঁ৷  

...

ঠিকনা :

৩১৩০ টাৰ্টল লেন

অৰ্লাণ্ড', ফ্ল'ৰিডা

আমেৰিকা যুক্তৰাষ্ট্ৰ

মেইল : aks1940@yahoo.com 

     

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ