অন্যযুগ/


লেণ্ড অৱ দ্য ৰাইজিং ছান

মাণিক পাল


 মাত্ৰ ডেৰশ বছৰৰ আগলৈকে প্ৰায় দুই শতিকা কাল বাহিৰৰ পৃথিৱীৰ লগত কোনো সম্পৰ্ক নথকা দেশ এখনে আজি বিশ্বৰ তৃতীয় শক্তিশালী অৰ্থনৈতিক দেশ ৰূপে পৰিগণিত হৈছে৷ প্ৰাকৃতিক সম্পদৰ অভাৱ, ঘনেঘনে হৈথকা বৃহৎ প্ৰাকৃতিক দুৰ্যোগ আৰু দুটাকৈ বৃহৎ আৰু ভয়ংকৰ পাৰমাণৱিক আক্ৰমণেও দেশখনৰ উন্নতিত বাধা দিব পৰা নাই৷ সেই দেশখন আন কোনো নহয় এছিয়া মহাদেশৰ পূব প্ৰান্তত অৱস্থিত জাপান৷ প্ৰশান্ত মহাসাগৰৰ উত্তৰ অংশত থকা বহুতো সৰু-ডাঙৰ দ্বীপৰ সমষ্টিয়েই হৈছে জাপান ৰাষ্ট্ৰ৷ ইয়াৰ পুৰণি নাম নিম্পনঅৰ্থাৎ সূৰ্যোদয়ৰ ভূমি৷ হকাইডো, হনছু, চিক'কু, আৰু কিউছিউ এই চাৰিটা প্ৰধান দ্বীপ আৰু ৰিউকিউ দ্বীপকে ধৰি আন বহুতো সৰু সৰু দ্বীপপুঞ্জৰে জাপান গঠিত৷ ইয়াৰ দ্বীপবোৰৰ ভিতৰত হনছুৱেই বৃহত্তম৷ জাপানে ঊনবিংশ আৰু বিংশ শতিকাৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত কিছু এনেকুৱা পৰিৱৰ্তন কৰিলে যে নিজৰ মহানতাৰ গুণানুকীৰ্তন কৰা মহান ইউৰোপিয়ান আৰু আমেৰিকান শক্তিবোৰেও জাপানৰ ওচৰত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হয়৷ যেতিয়া উপনিৱেশবাদ নামৰ ভয়ংকৰ ৰাক্ষসে সমগ্ৰ বিশ্বক নিজৰ অধীনত কৰিবলৈ উঠি পৰি লাগিছিল, তেতিয়া এছিয়াৰ এই সৰু দেশখনে কিন্তু প্ৰধান শক্তিলৈ ৰূপান্তৰিত হয়৷ প্ৰথম বিশ্বযুদ্ধৰ পাছত জাপান পৃথিৱীৰ পাঁচখন শক্তিশালী দেশৰ ভিতৰত এখন হয়৷ এই আধুনিক আৰু শক্তিশালী জাপানৰ আধাৰশিলা স্থাপন হয় ১৮৬৮ চনৰ ২৩ অক্টোবৰ তাৰিখে৷ কাৰণ এই দিনাখনতে ইডো যুগ(Edo-era) ৰ পতন হৈ ৰাজকীয় যুগ(Imperial era) ৰ আৰম্ভণি হয়৷ এই দিনটোতে ১৭ বছৰৰ মেইজি সম্ৰাটেবহু বছৰ ধৰি চলি অহা সামৰিক বা সৈন্য একনায়কত্বকনিঃশেষ কৰি পুনৰ ৰাজতন্ত্ৰক স্থাপন কৰে৷ ইয়াকে মেইজি পুনৰুদ্ধাৰ বুলি কোৱা হৈছিল৷

জাপানত সদায় ৰজাৰ শাসন চলিছিল যদিও ১৬০৩ চনৰ পৰা ১৮৬৭ চনলৈকে সামৰিক একনায়কত্বৰ শাসন চলিছিল, যাক শোগানসকলৰ শাসন কাল বুলি কোৱা হৈছিল৷ শোগানসকলে ৰাজতন্ত্ৰক দূৰ্বল কৰি সৈন্য শাসন স্থাপন কৰে, এই শাসনকালক জাপানত ইডো যুগবুলিও কোৱা হয়৷ জাপানত শোগানসকলৰ যুগ ১৫০০ শতিকাৰ পৰা আৰম্ভ হোৱা বুলি অনুমান কৰা হয়৷ প্ৰায় এটা শতিকাৰ পৰা সামন্তবাদী স্বামীসকলৰ মাজত চলি অহা সংগ্ৰামৰ বাবে জাপান এক বিকেন্দ্ৰীভূত সমাজ ব্যৱস্থালৈ পৰিবৰ্তিত হয়৷ এই সামন্তবাদী স্বামীসকলক ডামিঅ (Damiyo) বুলি কোৱা হৈছিল৷ এই ক্ষমতাৰ অস্থিৰতাৰ বাবে ১৬০০ শতিকাত জাপানত সেকিগাহাৰা(Sekigahara) যুদ্ধ হয়৷ এই যুদ্ধত টকুগাৱা আইয়াছু(Tokugawa Ieyasu) নামৰ এজন শোগান জয়ী হয় আৰু সামৰিক একনায়কত্বৰ শাসন আৰম্ভ কৰে৷ ১৬০৩ চনৰ পৰা ১৮৬৮ চনলৈকে টকুগাৱা আইয়াছু নামৰ শোগানৰ দ্বাৰা ইডো বৰ্তমানৰ টকিঅৰ পৰা সমগ্ৰ জাপানক শাসন কৰে৷ এই সময়ছোৱাত জাপানত সামন্তবাদী চিন্তাৰ প্ৰভাৱ বৃদ্ধি হয় আৰু সমাজত অসমতা বৃদ্ধি পায়৷ সেই সময়ত জাপানৰ সমাজ ব্যৱস্থাক কিছুমান ভাগত ভাগ কৰা হৈছিল, যাৰ একেবাৰে  ওপৰত আছিল শক্তিশালী শোগানসকল, দ্বিতীয় স্থানত আছিল সামন্তবাদী সেনাপতি, তৃতীয় স্থানত আছিল সেনাধ্যক্ষ, চতুৰ্থ স্থানত আছিল ব্যৱসায়ীসকল, পঞ্চম স্থানত আছিল শিল্পীসকল আৰু একেবাৰে তলৰ স্থানত আছিল খেতিয়কসকল৷ এই সময়ছোৱাত জাপান সাময়িকভাৱে দূৰ্বল, কৌশলগতভাৱে পিছপৰা আৰু চাৰিওফালৰ পৰা বিচ্ছিন্ন আছিল৷ শোগানসকলে সেই সময়ত সাককু(Sakoku) নীতি প্ৰৱৰ্ত্তন কৰিছিল৷ সাককুৰ অৰ্থ হল চাৰিওফালৰ পৰা বন্ধ দেশ অৰ্থাৎ জাপানৰ বাহিৰৰ পৃথিৱীৰ লগত কোনো সম্পৰ্ক নাছিল৷ কোনো বিদেশী মানুহক জাপানত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহৈছিল আৰু জাপানৰ মানুহেও বিদেশলৈ যাব নোৱাৰিছিল৷ যিজনে এই নিয়ম ভংগ কৰিছিল তেওঁক মৃত্যুদণ্ড দিয়া হৈছিল৷

কিন্তু ১৯ শতিকাৰ প্ৰথম ভাগৰ পৰা টকুগাৱা শোগানেট নিত্য নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হবলৈ ধৰে৷ কৃষিক্ষেত্ৰৰ উৎপাদন দ্ৰুত গতিত কমি যাবলৈ ধৰে, যাৰ ফলত ছামুৰাই (জাপানৰ সেনাধ্যক্ষ) আৰু ডামিঅ’ (সামন্তবাদী সেনাপতি) ৰ প্ৰভাৱ কমি যাবলৈ ধৰে। দেশৰ অৰ্থনৈতিক অৱস্থা শোচনীয় হৈ যাবলৈ ধৰে, সামাজিক সমস্যাও বৃদ্ধি পাবলৈ ধৰে, মানুহৰ জীৱনশৈলী নিম্নগামী হবলৈ ধৰে৷ এইবোৰ সমস্যাৰ বাবে দুৰ্ভিক্ষ আৰম্ভ হয় আৰু হাজাৰ হাজাৰ লোকৰ মৃত্যু হয়৷ টোকুগাৱা শাসনে এই সমস্যাবোৰ সমাধানত সম্পূৰ্ণ ব্যৰ্থ হয় আৰু নতুন ৰাষ্ট্ৰীয় আন্দোলন অৰ্থাৎ কোকুগাকু (Kokugaku) আৰম্ভ হবলৈ ধৰে৷ চীনৰ উপনিৱেশবাদৰ সময়ত পশ্চিমীয়া শক্তিৰ প্ৰভাৱ আছিল জাপানত, কাৰণ পূব এছিয়াৰ প্ৰাকৃতিক সম্পদৰ সেই সময়ত বৃহৎ চাহিদা আছিল৷ কিন্তু অপিয়ামযুদ্ধৰ পাছত পশ্চিমীয়া শক্তিৰাষ্ট্ৰবোৰে শক্তি প্ৰয়োগ কৰি জাপানৰ লগত অন্য ৰাষ্ট্ৰৰ যোগাযোগ স্থাপন কৰিব বিচাৰে৷ ইয়াৰ আৰম্ভ কৰে আমেৰিকাই৷ ১৮৫৩ চনত আমেৰিকাৰ উইলিয়াম পেৰিয়ে চাৰিটা গানবোট’ (কামানবাহী নাও) য়োকুছুকা (Yokosuka) পঠায় আৰু জাপানক ভয় দেখুৱাৰ বাবে শূণ্যত গুলী বৰ্ষণ কৰে৷ ইয়াক গানবোট কুটনীতিও কোৱা হয়৷ যেতিয়াই জাপানৰ দূৰ্বলতা সকলোৰে সন্মুখত আহে তেতিয়া আন আন ধনী দেশ যেনে -ৰাছিয়া, ব্ৰিটিছ, ফ্ৰান্স আদিয়েও আমেৰিকাৰ লগত যোগ দিয়ে৷ এই বৈদেশিক শক্তিবোৰে বিভিন্ন অসমান চুক্তি জাপানৰ ওপৰত জাপি দিয়ে৷ যাৰ ফলত জাপানক বাধ্য হৈ আন দেশৰ লগত বানিজ্য কৰিবলৈ সকলো ৰাস্তা খুলি দিব লগা হয়৷ শোগানতন্ত্ৰই ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা লব পৰা নাছিল৷ ইয়াৰ ফলত জাপানৰ নাগৰিকৰ মাজত বিদ্ৰোহৰ ভাৱ জন্ম হয় আৰু ছাতছুমা (Satsuma) আৰু চোছু (Choshu) নামৰ দুটা শোগানতন্ত্ৰ বিৰোধী দলৰ জন্ম হয়৷ এই দুই দলে পশ্চিমীয়া দেশৰ প্ৰভাৱ জাপানৰ পৰা কম কৰিব বিচাৰিছিল আৰু শোগানতন্ত্ৰক নাশ কৰি পুনৰ ৰাজতন্ত্ৰক স্থাপন কৰিব বিচাৰিছিল৷ ইয়াৰ বাবে তেওঁলোকে শ্লোগান দিছিল “ Revere the Emperor, expel the Barbarians,” ১৮৬৭ চনত চোছু আৰু ছাতছুমাই নিজৰ নিজৰ সৈন্য একত্ৰিত কৰি সামৰিক একনায়কত্বৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে৷ এই যুদ্ধক বোসহিন’(Boshin) বুলি কোৱা হয়৷ এই যুদ্ধত শোগানসকল পৰাজিত হয় আৰু ১৮৬৮ চনত সম্ৰাট মেইজিৰ শাসন স্থাপন কৰা হয়৷ ইয়াৰ লগে লগে জাপানত মেইজিৰ যুগ আৰম্ভ হয়৷

মেইজি যুগ জাপানত ১৮৬৮ চনৰ পৰা ১৯১২ চনলৈকে চলে৷ এই সময়ছোৱা আছিল জাপানৰ বাবে সোণোৱালী যুগ৷ কাৰণ এই সময়ছোৱাতে আধুনিক জাপানৰ ভেটি স্থাপন কৰা হয়৷ এই সময়ছোৱাতে সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত এক বৃহৎ পৰিবৰ্তন জাপানত স্থাপন কৰা হয়৷ মেইজিৰ শাসনকালতে জাপানত সকলোধৰণৰ আধুনিকতাৰ বীজ ৰোপন কৰা হয়, যাৰ বাবে আজি জাপান বিশ্বৰ তৃতীয় অৰ্থনৈতিক শক্তি৷ ১৮৮৯ চনত জাপানৰ প্ৰথম সংবিধান ৰচনা কৰা হয় আৰু বিভিন্ন ধৰণৰ স্বাধীনতা আৰু মৌলিক অধিকাৰ নাগৰিকক প্ৰদান কৰা হয়৷ এই সংবিধানৰ বেছি সংখ্যক বৈশিষ্ট্য জাৰ্মানৰ পৰা গ্ৰহণ কৰা হয়৷ ১৮৯০ চনত দ্বৈত বিধানসভাযুক্ত সাংবিধানিক চৰকাৰ গঠন কৰা হয় অৰ্থাৎ গণতান্ত্ৰিক চৰকাৰ স্থাপন কৰা হয়৷ এই সময়ছোৱাত জাপানে নিজৰ সৈন্য শক্তিক শক্তিশালী কৰি গঢ়ি তোলে৷ জাপানৰ সৈন্য শক্তিৰ বিকাশক তিনিটা ভাগত ভাগ কৰা হয় প্ৰথম স্তৰ ১৮৫৩ চনৰ পৰা ১৮৭০ চনলৈ, দ্বিতীয় স্তৰ ১৮৭০ চনৰ পৰা ১৮৭৮ চনলৈ আৰু তৃতীয় স্তৰ ১৮৭৮ চনৰ পৰা ১৮৯০ চনলৈ চলে৷ মেইজি শাসনৰ আগতে জাপানৰ অৰ্থনৈতিক ব্যৱস্থা কেৱল কৃষিৰ ওপৰতে নিৰ্ভৰ আছিল কিন্তু মেইজি শাসনকালত উদ্যোগিকৰণত বিশেষ গুৰুত্ব দিয়া হয়৷ ১৮৮০ চনত মেইজিৰ শাসনকালতে প্ৰথম ৰেল লাইন স্থাপন কৰা হয়৷ এই সময়তে জাপানৰ আধুনিক বেংক ব্যৱস্থা আৰু অৰ্থনৈতিক ব্যৱস্থাৰ ভেঁটি স্থাপন কৰা হয়৷ কিন্তু ১৮৮০ চনত পুঁজিৰ অভাৱত চৰকাৰে নিজৰ উদ্যোগবোৰক ব্যক্তিগত খণ্ডক বিক্ৰী কৰিবলৈ ধৰে৷ এইদৰে চৰকাৰ আৰু ব্যক্তিগত খণ্ডবোৰে সহযোগৰ মাজেৰে কাম কৰিবলৈ আৰম্ভ কৰে৷ ইয়াক জাইবাটছু (Zaibatsu) ব্যৱস্থা বুলি কোৱা হয়৷ মেইজিৰ যুগতে জাপানৰ শিক্ষা ব্যৱস্থাৰো বিপুল পৰিবৰ্তন সাধন কৰা হয় আৰু ১৮৭১ চনত বাধ্যতামূলক শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়৷ মেইজি শাসন কালতে জাপানৰ সৈন্য শক্তি ইমান শক্তিশালী হয় যে জাপানে ১৮৯৪-৯৫ চনত হোৱা চীন-জাপান যুদ্ধত চীনক আৰু ১৯০৫ চনত ৰাছিয়াৰ দৰে শক্তিশালী দেশকো পৰাজিত কৰে৷ জাপানৰ এই বৰ্ধিত শক্তিয়ে পশ্চিমীয়া শক্তিশালী দেশবোৰক চিন্তিত কৰে৷

ইয়াৰ পাছত ১৯১৪ চনৰ পৰা ১৯১৮ চনলৈকে চলা প্ৰথম বিশ্ব যুদ্ধতো জাপানে নিজৰ শক্তি আৰু সামৰ্থ্যৰ পৰিচয় দিয়ে৷ কিন্তু ১৯৩৯ চনৰ পৰা ১৯৪৫ চনত চলা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কৰা এক ভুলে জাপানক আকৌ দূৰ্বল কৰে আৰু প্ৰায় ধ্বংসৰ গৰাহত ঠেলি দিয়ে৷ কাৰণ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১৯৪১ চনত জাপানে আমেৰিকাৰ পিয়াৰ হাৰ্বৰত(Pear Harbor) আক্ৰমণ কৰে৷ আমেৰিকাই ইয়াৰ প্ৰতিশোধ লয় ১৯৪৫ চনৰ ৬ আগষ্ট তাৰিখে জাপানৰ হিৰোশিমা আৰু ৯ আগষ্ট তাৰিখে নাগাসাকিত দুটাকৈ পাৰমাণৱিক বোমা বিস্ফোৰণ কৰি৷ ইয়াৰ ফলত জাপান একেবাৰে নিঃশেষ হৈ যায় আৰু ১৯৪৫ চনৰ ১৪ আগষ্ট তাৰিখে জাপানে আমেৰিকাৰ ওচৰত নিঃস্বৰ্ত আত্মসমৰ্পন কৰে৷ ইয়াৰ পাছত ১৯৪৫ চনৰ ২ ছেপ্টেম্বৰ তাৰিখে আমেৰিকাৰ লগত শান্তি চুক্তি স্বৰূপ অনুচ্ছেদ ৯ স্বাক্ষৰ কৰি কেতিয়াও সৈন্য শক্তি বিকাশ নকৰে বুলি জাপানে কথা দিয়ে আৰু জাপানৰ সুৰক্ষাৰ দায়িত্ব আমেৰিকাই গ্ৰহণ কৰে৷ ১৯৫২ চনলৈকে জাপান মিত্ৰশক্তিৰ অধীনতে থাকে৷ ১৯৪৭ চনত মিত্ৰশক্তিৰ তত্বাৱধানতে নতুন সংবিধান ৰচনা হয় আৰু জাপানত সংসদীয় ৰাজতন্ত্ৰ স্থাপন কৰা হয়৷ ১৯৫৫ চনত আকৌ জাপানৰ অৰ্থনীতি দ্ৰুত গতিত বৃদ্ধি পায় যদিও ২০১১ চনৰ ভয়ংকৰ ছুনামিয়ে আকৌ জাপানৰ অৰ্থনীতিত মোক্ষম আঘাত হানে৷

ইমানবোৰ ঘটনাৰ পাছতো কিন্তু আজি জাপান বিশ্বৰ তৃতীয় শক্তিশালী অৰ্থনৈতিক দেশ৷ ইয়াৰ আঁৰত লুকাই থকা প্ৰধান কাৰণবোৰ হ

ক) আমেৰিকাৰ লগত অনুচ্ছেদ ৯ স্বাক্ষৰ কৰাৰ পাছত জাপান সৈন্যৰ কোনো কাম নাথাকে, তেতিয়া জাপানৰ বিচক্ষণ আৰু চতুৰ সৈন্যসকলে ব্যৱসায়ত নামে৷ তেওঁলোকে ব্যৱসায়ত সৈন্য হিচাপে লাভ কৰা কৰ্মনিষ্ঠতা, প্ৰতিশ্ৰুতি, নিয়মানুৱৰ্তিতা আৰু ফলপ্ৰসূতাক নিয়োগ কৰে৷ এইদৰে জাপানৰ লোকসকলে দ্বিতীয় বিশ্বযুদ্ধৰ তিক্ত অভিজ্ঞতাক আৰু ভয়ক চিৰবিদাই দি আগবাঢ়ি যায়৷ যিবোৰ কোম্পানীয়ে সৈন্যৰ বাবে বিভিন্ন গাড়ী বনাইছিল সেই কোম্পানীবোৰে ব্যৱসায়িক আৰু যাত্ৰীবাহী গাড়ী বনাবলৈ আৰম্ভ কৰে৷ এনেধৰণৰ কোম্পানীবোৰ হল ইছুজু, নিছান,টোয়োটা৷ যি ছোনি কোম্পানীয়ে সৈন্যৰ বাবে দূৰবিন বনাইছিল সেই ছোনি কোম্পানীয়ে কেমেৰা বনাবলৈ আৰম্ভ কৰে৷

খ) শিক্ষা ব্যৱস্থা জাপানৰ লোকসকলৰ লগতে চৰকাৰে সদায় নৈতিক শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে৷ এই নৈতিক শিক্ষাৰ বাবে আজি জাপানৰ নাগৰিক বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ মানৱ সম্পদ হৈ গঢ়ি উঠিছে৷ জাপানৰ শিক্ষা ব্যৱস্থাই সদায় শ্ৰেষ্ঠ মানৱ সম্পদ গঢ়ি তোলাত গুৰুত্ব প্ৰদান কৰি আহিছে৷

গ) উদ্যোগৰ দ্ৰুত বিকাশ- প্ৰাকৃতিক সম্পদৰ অভাৱ থকা সত্বেও জাপান আজি ঔদ্যোগিক উৎপাদনত বিশ্বৰ দ্বিতীয় স্থানৰ দেশ৷ কাৰণ জাপানীসকলৰ স্বদেশ নীতি, কৰ্মনিপুনতা আৰু দেশখনৰ মুক্ত উদ্যোগ আৰু বাণিজ্য নীতিবোৰে যথেষ্ট অৰিহণা যোগাইছে৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশৰ জৰিয়তে উদ্যোগিক ক্ষেত্ৰখনক এনেকৈ গঢ়ি তুলিছে যে বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু বিশ্বাসী নিৰ্মাণকাৰী কোম্পানীবোৰ জাপানতে আছে৷ এই দেশ আজি জাহাজ নিৰ্মাণ, মটৰ গাড়ী নিৰ্মাণ, তীখা উৎপাদন, উন্নত মানৰ প্ৰযুক্তিৰে নিৰ্মিত নানা ধৰণৰ ইলেকট্ৰনিক যন্ত্ৰপাতি আৰু নিত্য ব্যৱহাৰ্য বয়-বস্তুৰ উৎপাদনৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে এক বিশেষ স্থান অধিকাৰ কৰিছে৷ দেশৰ মুঠ আয়ৰ প্ৰায় ৪০% উদ্যোগ খণ্ডই নিৰূপণ কৰে৷

) কৃষিক্ষেত্ৰৰ বিকাশ  ভূমিৰ ব্যৱহাৰৰ ফালে লক্ষ্য কৰিলে দেখা যায় যে দেশৰ মুঠ মাটিকালিৰ মাত্ৰ ১৭% কৃষিকাৰ্যৰ অন্তৰ্গত কিন্তু ইয়াত যিহেতু কৃষিকাৰ্য বানিজ্যিক ভিত্তিত আধুনিক পদ্ধতিৰে কৰা হয়সেয়ে ই উন্নত মানৰ ধান  জাপানৰ প্ৰধান কৃষি শস্য

দেশৰ অৰ্থনৈতিক কাৰ্যত নিয়োজিত মুঠ লোকৰ ৬% কৃষিকাৰ্য, ৩৩% উদ্যোগ আৰু ৬১% ব্যৱসায় বাণিজ্য আৰু বিভিন্ন সেৱাৰ লগত জড়িত৷

পাৰমাণৱিক বোমাৰ দৰে ভয়ংকৰ আক্ৰমণ, সঘনে হৈ থকা প্ৰাকৃতিক দুৰ্যোগ আৰু প্ৰাকৃতিক সম্পদৰ অভাৱৰ পাছতো জাপান আজি বিশ্বৰ তৃতীয় শক্তিশালী দেশ৷ আনহাতে যুৱ শক্তিৰে ভৰপূৰ, প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ, বিশ্বৰ দ্বিতীয় জনবহুল দেশ হৈয়ে থাকিল৷ জাপান এনে এখন দেশ যিখনে পাৰমাণৱিক বোমাৰ আক্ৰমণৰ মাত্ৰ ২০ বছৰ পাছতে ১৯৬৪ চনত অলিম্পিক আয়োজন কৰি সমগ্ৰ বিশ্বতে নিজৰ নাম জয় জয় ময় ময় কৰে৷ এনে অলিম্পিক আয়োজন কৰে যে আমেৰিকাৰ দৰে শক্তিশালী দেশেও প্ৰশংসা কৰে৷ আনহাতে আমাৰ দেশে স্বাধীনতাৰ ৭৪ বছৰ পাছতো অলিম্পিক আয়োজনৰ কথা ভাবিব পৰা নাই। সেয়ে শেষত মই চৰকাৰ, জনসাধাৰণকে আদি কৰি সকলোকে জাপান আৰু জাপানবাসীৰ পৰা শিক্ষা লবলৈ অনুৰোধ কৰিম৷

 

ঠিকনা :

গাঁও : শিমলীতোলা

ডাকঘৰ : শিমলীতোলা

জিলা : গোৱালপাৰা(অসম)

পিন : ৭৮৩১৩০

ভ্ৰাম্যভাষ : ৮৬৩৮৯৪৭২৯২


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ