অন্যযুগ/


জলসংকট আৰু আমাৰ পৃথিৱী

পঙ্কজ বৰুৱা 


আমি সৰুতে পঢ়িবলৈ পাইছিলোঁ যে পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই পানীয়ে আগুৰি আছে৷ আমাৰ মনলৈ এই চিন্তা আহে পৃথিৱীত ইমান বেছিকৈ পানী থকাৰ পাছতো পৃথিৱীত জলসংকটে দেখা দিব পাৰেনে? এই কথা বিশ্বাস কৰিবলৈ টান লাগে, যদিও পৃথিৱীৰ ৭১% ভাগ পানী আছে এই সকলো পানী মানুহৰ ব্যৱহাৰৰ যেনে খোৱা-বোৱা, খেতি-বাতিচাফ-চিকুণতা আদিৰ বাবে উপযুক্ত নহয়৷ পানী যে কেৱল মানুহকহে প্ৰয়োজন তেনে নহয়। গছ-গছনি তৰু-লতা, উদ্ভিদ, চৰাই-চিৰিকটি, পশু-পক্ষী, জীৱ-জন্তু আদি সকলোকে পানীৰ প্ৰয়োজন৷ সেয়ে পানীক প্ৰাণীৰ প্ৰাণ আখ্যা দিয়া হয়৷ ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন মতে  পানীৰ বাবেই নিতৌ ৩৯০০ শিশুৱে মৃত্যুক আঁকোৱালি লয়৷ বছৰি এই সংখ্যা নিযুতৰ ঘৰ পাৰ কৰে৷ বিশ্বত সৰ্বাধিক শিশু মৃত্যুৰ ই হৈছে দ্বিতীয় কাৰণ৷  পৃথিৱীৰ  চাৰিভাগৰ তিনিভাগেই পানী হোৱা সত্তেও পৃথিৱীৰ ৩ বিলিয়নৰ অধিক লোকেই পানীৰ অভাৱগ্ৰস্ত অঞ্চলত বস বাস কৰে৷ পৃথিৱীৰ জনসংখ্যাও দ্ৰুতগতিত বৃদ্ধি পাইছে যাৰ ফলত কৃষি কৰ্মৰপৰা আৰম্ভ কৰি মানুহৰ দৈনন্দিন ব্যৱহাৰলৈকে পানীৰ চাহিদাও বৃদ্ধি পাইছে৷ ২০৫০ চনলৈকে কৃষি ক্ষেত্ৰত পানীৰ ব্যৱহাৰ ১৯% বৃদ্ধি পাব আৰু ২০৩৫ চনলৈকে সামগ্ৰিকভাৱে পানীৰ চাহিদা ৮৫% বৃদ্ধি পাব৷  মানৱ জাতিৰ এই অতিৰিক্ত পানীৰ প্ৰয়োজনীয়তাক পূৰণ কৰিবলৈ যথা সময়ত পদক্ষেপ নলে বিশ্বই যে ভয়াৱহ জলসংকটৰ সন্মুখীন হব লাগিব সেইটো ধ্ৰুৱ সত্য

 বৰ্তমান সময়ত পৃথিৱীৰ বহু দেশৰ লগতে ভাৰততো জলসংকটে দেখা দিছে, পৃথিৱীৰ বহু দেশে জলসমস্যা সমাধানৰ বাবে নিজৰ সুবিধা অনুযায়ী পদক্ষেপ লৈ সফলতা লাভ কৰিছে কিন্তু ভাৰতত আজিকোপতি কোনো বিশেষ পদক্ষেপ লোৱা চকুত নপৰে৷ ব্ৰাজিল, চীন, অষ্ট্ৰেলিয়া, ইজৰাইল, জাৰ্মানী আদি দেশত জলসংকট দূৰ কৰিবৰ বাবে অতিকৈ আধুনিক ব্যৱস্থা লৈ সফলতা লভিছে৷ বৰষুণৰ পানী, নদ-নদীৰ পানী সংৰক্ষণৰ দ্বাৰা জলসমস্যা বহু পৰিমাণে ৰোধ কৰিব পাৰি। ভাৰতে এইক্ষেত্ৰত এই দেশবিলাকৰ পৰা বহু শিকিব লগা আছে৷ পানী সংৰক্ষণৰ আটাইতকৈ সহজ উপায় হল পানী কম মাত্ৰাত ব্যৱহাৰ কৰা আৰু পানীক সংৰক্ষণ কৰা৷ ১৩৫ কোটি জনসংখ্যাৰ দেশ ভাৰতত প্ৰায় ৬০ কোটি মানুহে জলসংকটত ভুগিছে, মানে বিশুদ্ধ পেয় জলৰ অভাৱত ভুগিছে৷ এই সংকটে অসমৰো চহৰ আনকি বহু গাঁৱকো ইতিমধ্যে স্পৰ্শ কৰিছে৷

২০৫০ চনমানত ভাৰতৰ জনসংখ্যাই ১৬০ কোটি অতিক্রম কৰিব আৰু চীনৰ জনসংখ্যাক পিছ পেলাব৷ জনসংখ্যাৰ সমান্তৰালভাৱে দেশত খোৱাপানীৰ চাহিদাও বিপজ্জনকভাৱে বাঢ়ি যাব৷ ২০০১ চনত দেশৰ জনসংখ্যা ১০০ কোটি অতিক্রম কৰাৰ সময়তে দেশৰ ৬৮.২ শতাংশ পৰিয়ালেহে নিৰাপদ খোৱাপানীৰ সুবিধা লাভ কৰিছিল বুলি লোকপিয়লৰ তথ্যত প্ৰকাশ পাইছিল৷ বিগত দশকটোত এই পৰিসংখ্যাৰ সামান্য উন্নতি ঘটিলেও বৰ্ধিত জনসংখ্যাৰ তুলনাত সি নিচেই নগণ্য৷ প্ৰাপ্ত তথ্যমতে, দেশৰ প্ৰায় ৩৭.৭ মিলিয়ন লোক প্ৰতি বছৰে বিভিন্ন পানীজনিত ৰোগৰ দ্বাৰা আক্রান্ত হয় আৰু চিন্তনীয়ভাৱে ইয়াৰ শতকৰা ৭৫ ভাগতকৈও অধিক হৈছে শিশু৷ খোৱাপানীৰ বাবে ভূ-জলৰ ওপৰত অধিক নিৰ্ভৰশীল হোৱা বাবে এই সংকট অধিক জটিল হৈ উঠিছে, কিয়নো ফ্লৰাইড, আৰ্ছেনিক আদি মাৰাত্মক বিহে দেশৰ বহু অংশৰ ভূ-জল বিষময় কৰি তুলিছে৷ দেশৰ ২০ খন ৰাজ্যৰ প্ৰায় ৬৬ মিলিয়ন লোক সম্প্ৰতি অত্যধিক ফ্লৰাইডবিশিষ্ট পানী সেৱনৰ ফলত হব পৰা বিপদাশংকাত ভুগিছে, এই ২০ খন ৰাজ্যৰ ভিতৰত অসমো আছে৷ মধ্য অসমৰ পৰা আৰম্ভ কৰি নামনি অসমৰ বহু ঠাইৰ ভূ-জলৰ লগতে পুখুৰী, নাদ, বিল আদিতো অত্যধিক মাত্ৰাত আৰ্চেনিক আৰু ফ্লৰাইড পোৱা গৈছে৷

অসম তথা উত্তৰ-পূৱ ভাৰত হৈছে নদী প্ৰধান ৰাজ্য আৰু ইয়াত বছৰি ৩০০/৪০০ ছেঃ মিঃ বৰষুণ হয় তথাপি এই অঞ্চলৰ বহু মানুহে বিশুদ্ধ খোৱা পানীৰ সমস্যাত পৰে৷ প্ৰধানকৈ খৰালি বহু ঠাইত পানী থাকে যদিও পানী বিশুদ্ধ নহয়৷ উত্তৰ-পূবৰ মানুহে আগতে পুখুৰী, নদ-নদী, জলাশয়ৰ পানী অধিক ব্যৱহাৰ কৰিছিল কিন্তু বৰ্তমান সময়ত ভূ-জলৰ ব্যৱহাৰ বেছিকৈ কৰিবলৈ ললে। ভূ-জলৰ ব্যৱহাৰৰ ফলত পুখুৰী, নাদ, জলাশয় আদিবোৰ এলাগি হৈ পৰিল৷ ভূ-জলৰ অধিক ব্যৱহাৰৰ ফলত ভূ-জলস্তৰ ক্ৰমাৎ নিম্নগামী হৈ গৈ আছে। এই ক্ষেত্ৰত অধিক অৰিহণা যোগাইছে চাহ বাগিচাবোৰে যত হকে-বিহকে বিশালকায় গভীৰ নলীনাদ বহুৱাই বৃহৎ বৃহৎ মেচিনে পানী উলিয়াই সেই পানীক চাহগছত দিয়ে আৰু ভূ-জলক নিম্নগামী কৰে৷ ভূ-জলক বাহিৰ কৰিবলৈ সহজ কিন্তু সেই জল পুনৰ ভৰ্তি হবলৈ বহু সময় লাগে৷ ভূ-জলস্তৰৰ নিম্নগামিতাই গছ-গছনি, নদ-নদী, জান-জুৰি আদিৰ ওপৰতো প্ৰভাৱ পেলায়৷ ভূ-জলস্তৰ নিম্নগামী হোৱাৰ ফলত খৰালি গছ-গছনিয়ে পৰ্যাপ্ত পানী শোষণ কৰিব নোৱাৰে যাৰ বাবে বহু গছ-গছনি শুকাই মৰি যায়, গছ-গছনিৰ মৃত্যুৱে জলবায়ুৰ ওপৰত প্ৰভাৱ পেলাই পৰিৱেশক ক্ৰমাৎ শুষ্ক কৰি তোলে। অৱশ্যে এই পৰিঘটনা ধীৰ গতিত হয় বাবে হয়তো আমাৰ চকুত পতকৈ ধৰা নপৰে৷ ভূ-জলস্তৰ হ্ৰাস হোৱাৰ বাবেই অসম তথা উত্তৰ-পূবৰ বহু নদ-নদী খৰালি অতি বেয়াকৈ শুকাই যাবলৈ লৈছে৷ এনেকৈ এখন নদী শুকাই গলে নদীখনত থকা মাছ-কাছকে ধৰি সমগ্ৰ পৰিস্থিতিতন্ত্ৰটোৱেই প্ৰভাৱান্বিত হয়৷

পানীৰ সম্ভাব্য গোলকীয় সংকটৰ সমাধান সূত্ৰ বিচাছাৰি আৰু প্ৰতিজন লোকৰে মাজত পানীৰ সৎ ব্যৱহাৰ বিষয়ক লৈ সজাগতাৰ সৃষ্টি কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই ১৯৯২ চনত ব্ৰাজিলৰ ৰিঅদ্য জেনেৰিঅচহৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন সন্মিলনত জল সংৰক্ষণৰ সজাগতাৰ বাবে এটা বিশেষ দিন উদ্‌যাপনৰ প্ৰস্তাৱ লোৱা হয়৷ সেইমতেই ১৯৯৩ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২২ মাৰ্চৰ দিনটোক বিশ্ব জল দিৱসৰূপে ঘোষণা কৰে৷ ৰাষ্ট্ৰসংঘ, ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগতে বহু সংখ্যক স্বেছাসেৱী সংগঠনেও পানীৰ এই জটিল সমস্যাটোৰ প্ৰতি জনসাধাৰণৰ দৃষ্টি আকৰ্ষণৰ বাবে বিশ্ব জল দিৱসত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে৷ প্ৰতি বছৰে এই দিৱসৰ বাবে এটা মূল বিষয় বাছনি কৰাৰ লগতে নিৰ্দিষ্ট অন্তৰালত এই দিৱসৰ দিনা  বিশ্ব জল উন্নয়ন প্ৰতিবেদনো প্ৰকাশ কৰি আহিছে ৰাষ্ট্ৰসংঘই৷ 

ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান বুট্ৰছ  ঘালীয়ে আজিৰ পৰা প্ৰায় ৩০ বছৰ আগতে কৈছিল যে যদি পৃথিৱীত তৃতীয় বিশ্বযুদ্ধ হয় সেই যুদ্ধ পানীৰ বাবে হব৷ আছচলতে আধুনিক পৃথিৱীয়ে এতিয়ালৈকে দুখন বিশ্বযুদ্ধৰ সাক্ষ্য বহন কৰিছে৷ প্ৰথম বিশ্বযুদ্ধ হৈছিল নিজৰ এলেকা বৃদ্ধি কৰিবলৈ মানে মাটি দখলৰ বাবে, দ্বিতীয় বিশ্বযুদ্ধৰ লক্ষ্য উদ্দেশ্য আৰু স্বাৰ্থ আছিল তেল আৰু শক্তি৷ 

১৯৯৫ চনত ইছমাইল ছেৰাগল্ডিনে পানীৰ বৈশ্বিক সংকটৰ প্ৰতি লক্ষ্য কৰি কৈছিল যে এই শতাব্দীত পৃথিৱীয়ে তেল আৰু শক্তিৰ বাবে বিশ্বযুদ্ধ দেখিলে। আগন্তুক দশকত পৃথিৱীবাসীয়ে হয়তো পানীৰ বাবে বিশ্বযুদ্ধ দেখিব৷

জলসংকট এক বিশ্বজনীন সমস্যা- ভাৰতৰ পৰা আৰম্ভ কৰি আফ্ৰিকাৰ দেশবোৰলৈকে, আমেৰিকাৰ পৰা অষ্ট্ৰেলিয়ালৈকে৷ তেল-শক্তি নোহোৱাকৈও মানুহৰ তথা আন আন জীৱৰ জীৱন সম্ভৱ কিন্তু পানীৰ অবিহনে জীৱন অসম্ভৱ৷ যেতিয়া নিজৰ অস্তিত্বক লৈ প্ৰশ্ন চিহ্ন  সৃষ্টি হয় তেতিয়া জীৱন সংগ্ৰামত বৰ্তি থাকিবলৈ শক্তিশালী দেশবোৰে পানীৰ ওপৰত নিজৰ দখল বিস্তাৰ কৰিবলৈ যদি যুদ্ধও কৰিব লগা হয় মোৰ মতে তেওঁলোকে পিছ নুহুঁহকিব।

নদ-নদীৰ দেশ ভাৰতো ইতিমধ্যে জলসংকটৰ সন্মুখীন হৈছেই। তামিলনাডুৰ ২৩ খন জিলা জলসংকটত ভুগিছে, বুণ্ডেলখণ্ডত আজি বছৰ বছৰ ধৰি খৰাং পৰিবেশে বিৰাজ কৰিছে যৰ পৰা মানুহ  পলায়ন কৰিছে৷ আনকি আমাৰ অসমৰে মোৰ গৃহ জিলা গোলাঘাটৰ সৰুপথাৰ, বৰপথাৰ, নাওজান, চুঙাজান, জামুগুৰি, উৰিয়াম ঘাট আদি কৰি এক বিস্তৃত এলেকা বিগত দুবছৰ বিৰাট অনাবৃষ্টিৰ কৱলত পৰিছে৷ যিখন অসমত বছৰি ৩০০ ছেঃমিঃৰ অধিক বৰষুণ হয়, যি ৰাজ্যত চত-বহাগৰ পৰা ভাদ-আহিন মাহলৈকে বানপানী হয় সেই ৰাজ্যৰ এই ঠাইসমূহত যোৱা বছৰ ধানখেতি নল পানীৰ অভাৱৰ বাবেই। এই বছৰো এতিয়ালৈকে পথাৰত পানী  হোৱাই নাই৷ ভাৰতৰ নিটি আয়োগৰ তথ্য মতেও ২০২০ চনলৈকে ভাৰতৰ ১০ কোটি মানুহ জলসংকটৰ সন্মুখীন হয়৷ ইয়াৰ নিৰাময়ৰ বাবে উচিত ব্যৱস্থা নলে এই পৰিসংখ্যা ক্ৰমাৎ বৃদ্ধি পাই গৈ থাকিব৷

ভাৰতবৰ্ষত কৰা কিছুমান খেতি কুঁহিয়াৰ, ঘেঁহু, ধান, কপাহ আৰু চয়াবীন কৃষি মাটি খৰাং কৰা আৰু ভূত্বকৰ জলস্তৰ নিম্নগামী কৰাৰ বাবে দায়ী৷ এই শস্যবোৰ উৎপাদন কৰিবলৈ বহু পানীৰ আৱশ্যক হয়৷ তদুপৰি বিভিন্ন চহৰত স্থাপন কৰা শীতল পানীয়ৰ ফেক্টৰীসমুহো ভূগৰ্ভৰ জলস্তৰ নিম্নগামী কৰাৰ বাবে দায়ী৷ শীতল পানীয় প্ৰস্তুত কৰিবৰ বাবেও বহু পানীৰ আৱশ্যক হয়৷

পানীৰ ওপৰত অধ্যয়ন কৰা এটা সংস্থা WaterAid India -ৰ Beneath the Surface-অ  তথ্য মতে ভাৰতে পৃথিৱীৰ ভিতৰত সৰ্বাধিক ভূ-জলৰ ব্যৱহাৰ কৰে যি বিশ্বৰ মূঠ ভূ-জল ব্যৱহাৰৰ ২৪%৷ ভাৰতৰ গ্ৰাম্য অঞ্চলৰ মানুহৰ খোৱা পানীৰ ৮০% ই ভূ-জল৷ ভাৰতত ২০০০ চনৰ পৰা ২০১০ চনৰ ভিতৰত ভূ-জলৰ ব্যৱহাৰ ২৩% লৈকে বাঢ়িল৷ ভাৰত বিশ্বৰ তৃতীয় বৃহৎ ভূ-জল ৰপ্তানিকাৰী দেশ৷ ভূ-জলৰ ৰপ্তানিৰ অৰ্থ হল এনে সামগ্ৰীৰ ৰপ্তানি যি সামগ্ৰী প্ৰস্তুতকৰণত অধিক ভূ-জলৰ ব্যৱহাৰ হয়, যিয়ে ভূমিক শুষ্ক কৰে৷ ঘেঁহু উৎপাদনত ৩৫% আৰু ধান উৎপাদনত ২৫% ভূ-জলৰ আৱশ্যক হয়৷ ২০১৬-১৭ চনত ভাৰতে ৩ লাখ টন ঘেঁহু বিদেশলৈ ৰপ্তানি কৰিছিল৷ যিখন দেশত জলসংকটে এক গভীৰ সমস্যাৰূপে থিয় দিছে তেনে দেশে এনে অধিক পানী আৱশ্যক হোৱা সামগ্ৰী এনে বৃহৎ হাৰত ৰপ্তানি কৰাটো কিমান যুক্তি সংগত ! ভাৰতবৰ্ষৰ মানুহে মানে আমি প্ৰয়োজনতকৈ অধিক ভূ-জলৰ ওপৰত নিৰ্ভৰ কৰাৰ বাবেই পানীয়ে আমাৰ আগত এই ভয়াৱহ সংকট ৰূপে মুৰ দাঙি উঠিছে৷ আমি বৰষুণৰ পানীক নেয়ে বাগৰি যাবলৈ দিওঁ, কোনোদিনে সংৰক্ষণ কৰাৰ কথা নাভাবোঁ৷ আমাৰ দেশত মাত্ৰ ৮% বৰষুণৰ পানীক সংৰক্ষণ কৰা হয়৷ কেন্দ্ৰীয় জলসমিতিৰ এক তথ্য মতে ভাৰতত বছৰি ৩ লাখ ঘনমিটাৰ পানীৰ আৱশ্যক হয় আনহাতে দেশত বছৰি গড় হিচাপে ৪ লাখ ঘনমিটাৰ বৰষুণ হয়৷ ইয়াৰ অৰ্থ এইটোৱে যে ১০০ কোটিৰ অধিক জনসংখ্যাৰ আমাৰ দেশে বৰষুণ পৰা পোৱা পানীৰ চাৰিভাগৰ তিনিভাগেই ব্যৱহাৰ কৰিব নোৱাৰোঁ৷ 

বিকাশ, আধুনিকীকৰণ আদিৰ নামত বৃহৎ বৃহৎ নিৰ্মাণ কাৰ্যবোৰে গছ-গছনি, হাবি-জঙ্ঘল কাটি পৃথিৱীৰ ভাৰসাম্য বিনষ্ট কৰিছে যাৰ বাবে পৃথিৱীৰ জলবায়ুৰ পৰিৱৰ্তন হৈছে প্ৰদূষণ হৈছে, অতিবৃষ্টি-অনাবৃষ্টি হৈছে৷ পৰিৱেশৰ এনে অস্থিৰতাই ভূগৰ্ভস্থ জলস্তৰক অধোগামী কৰিছে৷ আমি মানৱ জাতিয়ে অতিকৈ প্ৰয়োজনীয় অতি মূল্যৱান পানীৰ মহত্ত্ব আৰু গুৰুত্বক আজিলৈকে বুজিব নোৱাৰিলোঁ৷ আজিৰ সময়ত পানীৰ সঞ্চয়, সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে প্ৰতিজন ব্যক্তিৰ মাজত সজাগতা, সচেতনতা অনাৰ বাবে এক জন আন্দোলনৰ আৱশ্যকতা আছে৷  আমি সকলোৱে পৰিৱেশ পৰিৱেশকৈ চিঞৰি থাকোঁ।পৰিৱেশ বুলিলে কেৱল গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি, পশু-পক্ষীয়েই নহয়, জল-স্থল, মাটি-পানী, বায়ু, পাহাৰ-পৰ্বত, নদ-নদী, সাগৰ সকলো সামৰিহে বিশ্ব পৰিৱেশ গঢ় লৈ উঠিছে৷ এইবোৰৰ যিকোনেএটাত কেৰোণ লাগিলেই প্ৰভাৱ সকলোতে পৰিব গতিকে পানীৰ সৎ ব্যৱহাৰ কৰিবলৈ লওক ভূগৰ্ভস্থ জলক অধিক ব্যৱহাৰ কৰাত কৈ নদ-নদী, জলাশয়, পুখুৰী আদিৰ পানীক ব্যৱহাৰ কৰিবলৈ লওক। বৰষুণৰ পানীক, নদ-নদীৰ পানীক সঞ্চয় কৰাৰ ব্যৱস্থা কৰক৷ পানীয়েই প্ৰাণীৰ প্ৰাণ গতিকে পানীৰ সৎ ব্যৱহাৰ কৰক আৰু পৃথিৱীৰ সমষ্ট জীৱকুলৰ প্ৰাণ ৰক্ষা কৰক৷

 

ঠিকনা :

বুঢ়ালিকচন গাওঁ 

গোলাঘাট অসম 

পিন-৭৮৫৬২২

৭০০২৮০৮২৯২

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ