অন্যযুগ/


বিহুনামত চৰাই-চিৰিকতিৰ স্থান

নৱ ৰাজন 


 

   বিহুনাম কেৱল ডেকা গাভৰুৰ প্ৰেম ভালপোৱাৰ প্ৰকাশেই নহয়; ই চহা অসমীয়া জাতীয় জীৱনৰ দাপোণ।বিহুনাম,অসমৰ বিনন্দীয়া প্ৰকৃতিৰ স্বতস্ফূৰ্ত প্ৰকাশ।বিহুনামঅসমীয়াৰ বাপতি সাহোন বিহুৰ এক অভিন্ন অংগ।বিহুনামৰ জৰিয়তে অসমৰ বৰ্ণাঢ্য কৃষ্টিসংস্কৃতি, সাহিত্য প্ৰতিফলিত হৈ আহিছে।  

  জৈৱ-বৈচিত্ৰ্যত চহকী অসমত প্ৰায় ৯৫৮ প্ৰজাতিৰো অধিক চৰাই পোৱা যায়, যি ভাৰতবৰ্ষৰ মুঠ চৰাইৰ প্ৰজাতিৰ প্ৰায় ৫৩ শতাংশতকৈ অধিক।অৱশ্যে ইয়াৰ ভিতৰত বহুতো স্থানীয় আৰু পৰিভ্ৰমী চৰাই আছে। কুলি-কেতেকীৰ পৰা আৰম্ভ কৰি বালিমাহীলৈ নানান প্ৰজাতিৰ চৰাইৰ উপমাৰে বিহুনামসমূহ অতীজতে ৰচনা হৈছিল। বিহুনামত অসমৰ অনেক চৰাই-চিৰিকতিৰ নাম  শুনিবলৈ পোৱা যায়।যেতিয়া বাৰীৰ জোপোহাৰ পৰা কুলিৰ কুউ কুউ কুউ কন্ঠস্বৰ ভাহি আহে,তেতিয়া আমাৰ সকলোৰে দেহ মন উলাহত উথলি উঠে,কিয়নো আমাৰ সকলোৰে হেঁপাহৰ ৰঙালীবিহুটি পদূলিত আহি চুচুক চামাক কৰেহি।তেতিয়াই বিহুৱাই একলগে বিহুনাম জোৰে—

 "বিহু আহি পালেহি

কুলিয়ে কান্দে ৰৈ ৰৈ

ডাকোৱাল গৈ পালেনে

মোৰেনো বাতৰি লৈ ..."

বহাগ মানেই কুলি, কেতেকীৰ হিয়া ভগা কান্দোন। কুলি-কেতেকীৰ সুমধুৰ কণ্ঠস্বৰ অবিহনে বহাগ আধৰুৱা !

   "ৰৈ নো ৰৈ বিনালে বনৰে কেতেকী

   ৰৈ নো ৰৈ বিনালে ঐ কুলি

   নৈৰে ঘাটতে কোনে সুৰ জুৰিলে ঐ

   চেনাই চেনেহৰে বুলি।"

 অতীজত মানুহবোৰ মুকলিমুৰীয়া আছিল।আজিৰ  দৰে মানুহবোৰৰ ব্যস্ততা নাছিল। পঢ়া-শুনাৰ ব্যস্ততাও কম আছিল। চ’ত মাহ অহাৰ লগে লগে নৈৰ পাৰত,বৰগছৰ তলত ডেকা গাভৰুৱে আনন্দ উলাহৰে মুকলি মনেৰে বিহু নাম জুৰিছিল।ঢোল পেঁপাৰ মাতত নাচনীৰ গা সাতখন আঠখন হৈছিল।আৰু গাইছিল—

  "শালিকী চৰায়ে কিৰিলি পাৰিলে ঐ

   গছৰ গুটি খাবলৈ পাই,

আমি সমনীয়াই কিৰিলি পাৰিলোঁ ঐ

    বিহু অহাৰ বতৰা পাই।”

 বিহুনামত প্ৰেম ভালপোৱাৰ স্বত্বঃস্ফুৰ্ত প্ৰকাশ ঘটা দেখা যায়।সেয়ে কোনো বিহুৱাই এনেকৈ বিহুনাম জুৰিছিল—

“বগাকৈ বগলী উৰে কেনে কৰি

  পাখিতে পাখি লগাই,

উৰণীয়া চৰায়ে উৰে যোৰে পাতি

  আমাৰ যোৰ পাতোতা নাই।"

  বালিমাহী চৰাইৰ উপমা বহুকেইটা বিহুনামত ব্যৱহাৰ হোৱা দেখা যায়।তেনে এটি বিহুনাম—

"শিলে বালি চৰাই

গিলে ঐ লাহৰী

শিলে বালি চৰাই গিলে আৰুবেলি বিহুখন

চাবলৈ নাপালো

মতা ম’হ ৰখীয়া দিলে।"   

  গৃহস্থই ঘৰতে ম’হৰখীয়া কৰি থৈ বিহু চাবলৈ যোৱাত বাধা দিয়াৰ বাবে নাচনীয়ে আক্ষেপ কৰি এই বিহুনামটি জুৰিছিল।

   "নৈৰে সিপাৰত 

  নাৰায়ন শিমলু

 তাতে ল’লে কুৰুৱাই বাহ

এইনো নাৰী জাতি মৰম নাইকিয়া

চিনিব নোৱাৰি আঁহ।"

 —ওপৰৰ বিহুনামটিত কোনোবা এগৰাকী যুৱতীয়ে কৰা প্ৰতাৰণাৰ বাবে কুৰুৱা চৰাইটিৰ উপমা দি, নাৰী জাতিটোৰ ওপৰতে অভিমান কৰিছে।

 

"নীলা নীলা চৰাই উৰি উৰি ফুৰা নাই

নীলা নীলা চৰাই তোমাৰ প্ৰেম ফুলনিত পৰা নাই

নীলা নীলা চৰাই তুমিহে মালিনীক ৰাখিছা আঁতৰাই

জেওৰা ভেটিবা মালিনী স্বৰূপে মোক ৰখীয়া পাতিবা

কোনে ফুল চিঙিব পাৰে ...নীলা নীলা ...।"

এই বিহুনামটিত নীলা চৰাই বুলি কাও চৰাইটোক অভিহিত কৰিছে। অসমৰ বাহিৰে ভাৰতৰ বাকী ৰাজ্যত যাক নীলকন্ঠী হিচাপে জনাজাত। 

“চিৰিপ চিৰিপ কৰি কাপোৰ ধুই আছিলোঁ

ওপৰত উৰিলে টুনি,

টুনিৰ লগতে উৰিম যেন লাগিল ঐ

ওচৰত নহ’লা তুমি।”

  ব’হাগ আহিলেই ডেকা গাভৰুৰ মন সাতখন আঠখন হয়।প্ৰেমে ৰাইজাই কৰা বতৰত সেয়ে প্ৰেমিকে এনেকৈ বিহুনাম জোৰে।

 

"চৰায়ে চৰায়ে আলচখন পাতিলে

গছৰ গুটি খাবৰ মন

আইনো কৈ বোপায়ে  আলচখন পাতিলে

আমাক বেচি খাবৰ মন।"

 

 এইদৰে  চৰাইৰ উপমাৰে ৰচিত বিহুগীতৰ সংখ্যা অনেক।

   আমাৰ সকলোৰে পৰিচিত আন এটি বিহুনাম

হৈছে—

  "হাঁহ হৈ পৰিমগৈ তোমাৰে পুখুৰীত

 পাৰ হৈ পৰিমগৈ চালত,

ঘাম হৈ সোমামগৈ তোমাৰে শৰীৰত

মাখি হৈ চুমা দিম গালত ।"

 

তেনেদৰে–

"লাইৰ মাজে মাজে লফা ৰুই দিলোঁ

কুকুৰাই খুঁচৰি খায়,

অতিকৈ চেনেহৰ ব’হাগৰ বিহুটি

ধনে দি ৰাখোতা নাই।"

 এইদৰে চৰাই-চিৰিকতিৰ উপমাৰে অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী হৈ আছে।

"উৰণ পুৰণ চৰাই হালধীয়া

ঘৰ চৰাই লেতেৰা পাখি ল’ হইয়া

এ আগে বাচিলোঁ বাঘে কি ভালুকে

এ আগে বাচিলোঁ ডালৰে মইনা

উৰি শদিয়ালৈ যায়...

এজনী পুহিলোঁ চৰাই হালধীয়া

উৰি শদিয়ালৈ গ’লে চাৰি শাল গোঁসানী

দেউৰী পূজাৰী নিতৌ পূজা কৰে।"

   অৱশ্যে নতুন বিহুগীতত

আগৰদৰে চৰাই-চিৰিকতিৰ উপমা ব্যৱহাৰ কৰা পৰিলক্ষিত নহয়।তাৰ বিপৰীতে তৰল যৌনগন্ধী বিহুগীতৰ প্ৰচলন বেছি।

 

"এপৰ দুপৰ কৰি ৰাতি পাৰে হ’ব

আমাৰ বিহুত আমনি নাই

ৰাতিৰ পৰে পৰে ফেঁচাই কুৰুলিয়াই

আমাৰ বিহু ভাঙোতা নাই।"

 

তেনেদৰে—

"নলনীত কান্দিলে হেটুলুকা চৰাইটি

হেটুলুক কৰিলে বনত

হাতৰ বনে সৰি চিতনি ধৰেহি

ধনৰ কথা পৰিলে মনত ।"

  হেটুলুকা চৰাই,গ্ৰাম্য জীৱনৰ লগত সংপৃক্ত এটি নাম।  হেটুলুক হেটুলুক চিঞৰ আমাৰ সকলোৰে পৰিচিত। এই হেটুলুকা চৰাইৰ উপমা ভালেসংখ্যক পুৰণি বিহুনামত উপলব্ধ। 

"ওপৰে উৰিলে গঙাকৈ চিলনী

পাখিয়ে নল’লে ঘোৰ

তুমিয়ে আমিয়ে একেটি আছিলো

শতৰুৱে ভাঙিলে যোৰ।"

 

আমাৰ আন এটি চিনাকি চৰাই–ঢাপলোকা চৰাই। এই ঢাপলোকা চৰাইৰ কথা বহু কেইটা বিহুনামত শুনিবলৈ পোৱা যায়—

"ঢাপে ঢাপে চৰিলে ঢাপলোকা চৰাইটি

বাঘলৈ নকৰে ভয়

আমাৰে ঐ নাচনী নাচিবলৈ ধৰিলে

সমাজলৈ নকৰে ভয়।"

  এইদৰে চৰাই-চিৰিকতিৰ উপমাৰে আমাৰ বাপতি সাহোন ৰঙালী বিহুটিৰ বিহুনামসমূহ সমৃদ্ধ ।অৱশ্যে বৰ্তমান আধুনিক বিহুগীতত চৰাই-চিৰিকতিৰ প্ৰভাৱ একেবাৰে কমি গৈছে।আচলতে,প্ৰকৃতিৰ বুকুৰ পৰাই বহু চৰাই একেবাৰে নাইকিয়া হৈ গ’ল।সম্প্ৰতি, এয়া অতি চিন্তনীয় দিশ হিচাপে বিবেচিত হৈছে।খেৰ গুচি ঘৰবোৰত টিংপাত লগাৰ পৰা গাঁৱবোৰতো ঘৰচিৰিকা চৰাই দেখা নোপোৱা হ’ল।শালিকাৰ খেচখেচনিও আগৰদৰে শুনিবলৈ নোপোৱা হ’ল। পুখুৰীবোৰ ক্ৰমশঃ নোহোৱা হ’বলৈ ধৰা দিনধৰি ডাউকবোৰো প্ৰায় নেদেখা হ’লোঁ। বগলীৰ সংখ্যাও কমিল।চকুৰ পচাৰতে আচৰিত ধৰণে কাউৰীৰ সংখ্যাও কমি যাব ধৰিছে। চৰাই চিৰিকতিৰ অন্যতম বিচৰণথলী, অসমভূমিৰ চৰাইবোৰ সংৰক্ষণ কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব।এইক্ষেত্ৰত আমাৰ সকলোৰে কৰণীয় আছে।

 

টোকা : কেইটামান বিহুনামৰ কলি 'ইন্টাৰনেট'ৰ পৰা সংগ্ৰহ কৰা হৈছে।

 

ঠিকনা :

মাৰফৎ : নৱজ্যোতি নাথ

গাঁও+ডাক : ৰজামায়ং

জিলা : মৰিগাঁও (অসম)

পিন : ৭৮২৪১১

দূৰভাষ : ৯৮৫৪৭৭৬১১৯

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ