অন্যযুগ/


চাওডাং : আহোম ৰজাৰ এক বিশ্বস্ত প্ৰহৰী

 মলেন কুমাৰ গগৈ

 

       “চাওডাং” বুলিলে আমাৰ সাধাৰণ অসমীয়া মানুহৰ মনলৈ নিশ্চয় শিৱসাগৰ জিলাৰ  বুৰঞ্জীপ্ৰসিদ্ধ জেৰেঙা পথাৰত কোটকোৰা কাঁইটৰ গছত বান্ধি জয়মতীক শাস্তি দিয়া মানুহবিলাকৰ কথাই আহে৷ অৱশ্যে আহোম ৰজাৰ দিনত চাওডাঙে জয়মতীক শাস্তি দিয়াৰ বিষয়ে নাইবা সেই ঘটনাৰ সত্যাসত্য বিচাৰ কৰা এই লেখাৰ উদ্দেশ্য নহয়৷ আহোম ৰজাসকলৰ একান্ত বিশ্বাসযোগ্য কৰ্তব্যপৰায়ণ, ৰণুৱা, সেৱক চাওডাংসকলৰ অতীতৰ বিষয়ে আৰু তেখেতসকলৰ বৰ্তমানৰ বসতিস্থান, শৈক্ষিক, সামাজিক, আৰ্থিক আদি অৱস্থাৰ বিষয়ে সাধ্যানুসাৰে উপস্থাপন কৰিবলৈ এই লেখাত প্ৰয়াস কৰা হৈছে৷

       চাওডাংসকল হ’ল আহোমৰ এটা খেল৷ (ইতিহাসে সোঁৱৰা ছশটা বছৰ, পৃষ্ঠা নং ৬০) আৰু তেখেতসকল লুকুমাই আহোমৰ অন্তৰ্গত৷ ইতিহাসে সোঁৱৰা ছশটা বছৰ নামৰ গ্ৰন্থখনৰ পৃষ্ঠা নং ৬২ ত লুকুমাই আহোমৰ বিষয়ে উল্লেখ কৰা আছে এনেদৰে – “লুকুমাই আহোম ১) চাংমাই, ২) বেজ ৩) কুকুৰাচোৱা ৪) চাওডাং ৫) চমুৱা ৬) চোলাধৰা ৭) ছত্ৰধৰা ৮) আৰোৱান ধৰা ৯) জৰাধৰা ১০) পিকবানধৰা ১১) হেংদাংধৰা, ১২) জাপিধৰা ১৩) টাঙনধৰা ১৪) দা ধৰা ১৫) লাখুটি ধৰা, এই কেইঘৰক লুকুমাই আহোম বোলে৷ তেওঁলোকে সততে ৰজাৰ লগতে থাকি ৰজাক পৰিচৰ্যা কৰিব লাগিছিল৷ পুৰণি  অসম বুৰঞ্জী আৰু দেওধাই অসম বুৰঞ্জীয়ে কয় যে স্বৰ্গদেউ চুকাফাই নৰা ৰাজ্য এৰি আহি আয়তনত নগৰ পাতিছিল৷ সেই ঠাই পৰ্বতৰ কাষৰ ঠেক ঠাই হোৱাত স্বৰ্গদেৱে তাত প্ৰত্যেক ঘৰ ভাল মানুহৰ একোজনকৈ ৰাখি তাৰ পৰা সৌমাৰলৈ আহিছিল৷ পিছত নৰা ৰজাই সেই ঠাই খোজাত দি দিলে৷ আয়তনত যাৰ বংশ পৰিয়াল নাই, তেওঁক লুকুমাই আহোম বোলে৷” “A History of Assam গ্ৰন্থৰ মতে ১২১৫ খ্ৰীষ্টাব্দত আঠজন ডাঙৰীয়া ন হাজাৰ মুনিহ তিৰোতা ল’ৰা-ছোৱালীৰে সৈতে দুটা হাতী আৰু তিনিশ ঘোঁৰা আনিছিল  (ড॰ সুখ বৰুৱাৰ আহোমসকলৰ উৎসৱ অনুষ্ঠান, পৃষ্ঠা ৫০)৷ উল্লিখিত তথ্যবিলাকৰ পৰা এটা কথা পতিয়ন যাব পাৰি যে চাওডাংসকল অন্যান্য লুকুমাই আহোমসকলৰ দৰে চাওলুং ছ্যুকাফাৰ লগতেই অসমলৈ আহিছিল আৰু তেখেতসকলে আহোম ৰাজত্বৰ শেষলৈকে স্বৰ্গদেউসকলৰ তথা দেশৰ সেৱা কৰি গৈছিল৷

       “চাওডাং এটা টাই ভাষাৰ শব্দ৷ চাও শব্দৰ অৰ্থ হ’ল গৰাকী৷ ড॰ সূৰ্য কুমাৰ ভূঞাৰ “আহোমৰ দিন” নামৰ গ্ৰন্থৰ  পৃষ্ঠা নং ২২ ত উল্লেখ থকা মতে “চ্ছাও শব্দৰ অৰ্থ দেৱতা কিন্তু শব্দাৰ্থৰ অৱনতিত পৰি ইয়াৰ অৰ্থ গৰাকী আৰু ৰজাত সলনি হ’ল৷” ডাং শব্দৰ অৰ্থ হ’ল “টাঙোন”৷ গতিকে “চাওডাং” শব্দৰ অৰ্থ হ’ল টাঙোন ধৰা মানুহ বা টাঙোনৰ গৰাকী ৷ চাওডাং শব্দৰ অৰ্থ বিস্তৃতভাৱে হেমকোষ অভিধান (১৯৯৬ চনৰ পৃষ্ঠা নং ৩৪৪) ত বৰ্ণনা কৰিছে এনেদৰে “চাওডাং”– বি (আহ. চাও. গৰাকী + ডাং টাঙ্গন) টাঙ্গন বা অস্ত্ৰধাৰী অসম ৰজাৰ দিনৰ এটা খেল৷ এই খেলৰ মানুহ ৰজাৰ গা-চোৱা সেনা (Body -guard)  আছিল আৰু ৰজাৰ আজ্ঞাৰে দোষীবিলাকক ইহঁতৰ হতুৱাই বধ কৰাইছিল; অসম ৰজাৰ দিনত এই কামৰ নিমিত্তে বেলেগ এক শ্ৰেণী মানুহ আছিল, সিহঁতৰ ওপৰঞ্চিজনক ‘চাউডাঙ্গৰ বৰুৱা’ বোলা গৈছিল, a public executioner, a hangman.” ৷ কিন্তু এটা কথা অনস্বীকাৰ্য যে চাওডাং শব্দটো লিখাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ বাবেই ‘চাওদাং’ বা ‘চাউদাং’ বুলি লিখা দেখা যায় যাৰ ফলত শব্দটোৰ প্ৰকৃত অৰ্থ বিকৃত হোৱাৰ সম্ভাৱনা নথকা নহয়৷

       চাওডাংসকল আহোম ৰজাসকলৰ অত্যন্ত বিশ্বাসী, উছৰ্গিত আজ্ঞাবাহক আছিল আৰু আহোম ৰজাসকলেও চাওডাংসকলক অত্যন্ত বিশ্বাস কৰি বৰ অসমৰ পিতৃ পুৰুষ চাওলুং ছ্যুকাফাৰ ৰাজত্বৰ দিনত পৰাই গা-চোৱা সেনা হিচাপে দায়িত্ব অৰ্পণ কৰি আহিছিল৷ সেই কথা ছাৰ এডোৱাৰ্ড গেইট চাহাবৰ “A History of Assam” নাম গ্ৰন্থখনত গেইট চাহাবে চাওডাং সম্পৰ্কত দিয়া মন্তব্যই স্পষ্ট ৰূপত প্ৰকাশ কৰিছে৷ “A History of Assam” ত গেইট চাহাবে লিখিছে “Six or seven thousand Assamese always stand guard round the abode and bed room of the Raja, and these are called Chaudangs. They are the devoted and trusted servants of the Raja and are his executioners” (Page No. 151-152). চাওডাংসকলে ৰজাৰ লগতে দেশৰ কাৰণেও যে উছৰ্গিত হৈ সেৱা আগবঢ়াইছিল সেই কথাও ড॰ সূৰ্য কুমাৰ ভূঞাদেৱৰ ‘আহোমৰ দিন’ নামৰ গ্ৰন্থত উল্লেখ কৰা এটা দফাই ফট্‌ফটীয়াকৈ দাঙি ধৰে৷ তেখেতে সেই গ্ৰন্থত এনেদৰে উল্লেখ কৰিছে – “এই দেশৰ প্ৰাচীন বাসিন্দাসকল দুই শ্ৰেণীৰ–অসমীয়া আৰু কলিতা৷ কলিতাবোৰ পৰিশ্ৰম সহিব লগা কামত বাদে সকলো বিষয়তে নিপুণ৷ অসমীয়াসকল যুদ্ধ বিষয়ত পাকৈত৷ কিছুমান অসমীয়া সেনাই ৰাজধানী আৰু তাৰ কাষৰৰ ঠাইবোৰ আৰু ৰজাৰ টোল ৰক্ষা কৰে৷ সিহঁতক চাওদাং বোলা হয়৷ চাওদাংবোৰ ৰজাৰ বিশ্বাসযোগ্য ভৃত্য আৰু কটোৱাল৷ হিলৈ, ৰামচঙ্গী, নাৰাচ, মিত দা, নাকৈদা, দীঘল শেল, বাঁহৰ ধেনু, ক্ষেত্ৰধেনু, কাৰ্ফাই ধেনু আৰু যাঠী আদি ইহঁতৰ অস্ত্ৰ৷ যুদ্ধৰ সময়ত সকলো ব্যৱসায়ী আৰু ধনী খেতিয়কে যুদ্ধৰ কামত যোগদান কৰিব লাগে৷ এদল তাকৰ ৰণুৱাই হেজাৰটা শত্ৰুক ঘটুৱাব পাৰে, সিহঁতেই আচল অসমীয়া, কিন্তু সিহঁতৰ সংখ্যা কুৰি হেজাৰকৈ বেছি নহয়, সিহঁতে নিশা গৈ শত্ৰু সেনাক আক্ৰমণ কৰে, আৰু সেই কামৰ নিমিত্তে মঙ্গল বাৰটো ভাল বুলি বিবেচনা কৰে৷” আহোম ৰজাসকলে অসম দেশত ছশবছৰ শাসন কৰাৰ ক্ষেত্ৰত  চাওডাংসকলৰো দেশপ্ৰেম আৰু ত্যাগক ষোলঅনাই স্বীকাৰ কৰিব লাগিব৷

       চাওডাংসকলে কেৱল আহোম ৰাজত্বৰ কালতেই যে দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰিছিল এনে নহয়৷ বৃটিছৰ বিৰুদ্ধে হোৱা স্বাধীনতা বিদ্ৰোহৰ আৰম্ভণিৰ পৰাই চাওডাংসকলে সেই স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল আৰু পাছলৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামত বিভিন্নজন চাওডাং লোকে অংশগ্ৰহণ কৰি দেশপ্ৰেম আৰু ত্যাগৰ উদাহৰণ সমাজত ৰাখি থৈ গৈছে৷ তেনে এজন ব্যক্তি হিচাপে যোৰহাট জিলাৰ কুঁৱৰী পুখুৰী অঞ্চলৰ বাঘমৰীয়া গাঁৱৰ মুক্তিযোদ্ধা স্বৰ্গীয় সদানন্দ বৰুৱাৰ নাম এইখিনিতে উল্লেখ কৰিব পাৰি৷

       যিহেতু এই লেখাটোত চাওডাং লোকসকলৰ অতীতৰ বিষয়ে ভুমুকি মাৰি চোৱা আৰু তেখেতসকলৰ সামাজিক, শৈক্ষিক আৰু আৰ্থিক অৱস্থাৰ বিষয়ে অৱলোকন কৰা গতিকে সেই বিষয়টোলৈ যোৱাৰ প্ৰথম পদক্ষেপ হিচাপে তেখেতসকলৰ পূৰ্বৰ জনসংখ্যা আৰু অৱস্থানৰ বিষয়ে দৃষ্টি নিক্ষেপ কৰাটো অতি আৱশ্যকীয়৷ ১৮৮১ চনত বৃটিছসকলৰ লোকপিয়ল প্ৰতিবেদনৰ পৰা সেই সময়ত চাওডাং লোকৰ জনসংখ্যা আৰু অৱস্থানৰ বিষয়ে এটা ধাৰণা কৰিব পাৰি৷ সেই লোকপিয়ল প্ৰতিবেদন মতে সেই সময়ত চাওডাং লোকসকলে কেৱল অবিভক্ত শিৱসাগৰ জিলাতেই বসবাস কৰিছিল৷ সেই লোকপিয়ল গণনা মতে তেখেতসকলৰ মুঠ জনসংখ্যা আছিল ২,২৫৬ জন৷ তদুপৰি সেই লোকপিয়ল প্ৰতিবেদনতেই চাওডাং লোকসকলৰ সেই সময়ৰ সামাজিক অৱস্থাৰ বিষয়ে এখন ছবি পৰিস্ফুট হৈছে৷  চাওডাং লোকসকলৰ বিষয়ে প্ৰকাশ পোৱা সেই প্ৰতিবেদনৰ অংশ এনেধৰণৰ – “There is a class of Ahoms called Chaudangs, found only in the Sibsagar District, where they numbered 2256 in 1872. The name is a term of office denoting the guards or executioners who lived in the precincts of the court, sleeping under neath the plateform upon which stood the bamboo palace of the king.These people still retain some of their old liberties; they drink strong liquor, it swine's flesh and fowls, and bury their dead...........The Sibsagar Ahoms of 1872 include 2256 Chaudangs in the census of 1881 their distinctive title was overlooked or abjured. (Chapter VI, Page No. 83-84; report on the census of Assam-1881.) ” এই প্ৰতিবেদনৰ পৰা আমি আৰু এটা কথা জানিবলৈ সক্ষম হওঁ যে চাওডাং লোকসকলৰ সম্পৰ্কত সেই সময়ত বৃটিছসকলৰ এটা সুকীয়া দৃষ্টিভংগী নিশ্চয় আছিল৷ সেই বাবেই বোধহয় শিৱসাগৰ জিলাত বসবাস কৰা চাওডাং লোকসকলৰ সুকীয়াকৈ লোকপিয়ল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল৷ অৱশ্যে পিছত চাওডাং বুলি সুকীয়াকৈ পৰিচয় ৰখাৰ ব্যৱস্থা নকৰিলে৷ ১৮৮১ চনৰ পিছৰ পৰা স্বাধীনোত্তৰ কাললৈকে চাওডাংসকলৰ সুকীয়া লোকপিয়লৰ ব্যৱস্থা হোৱা নাই যদিও ১৯৭৫ চনত অসম চৰকাৰে আৰু ১৯৯৩ চনত কেন্দ্ৰীয় চৰকাৰে চাওডাং সকলক OBC তালিকাত সুকীয়া জনগোষ্ঠী হিচাপে স্বীকৃতি প্ৰদান কৰে৷ অসম চৰকাৰে ১৯৭৫ চনত চাওডাং সকলক OBC বুলি স্বীকৃতি প্ৰদান কৰাই নহয় শিক্ষা গ্ৰহণৰ সুবিধাৰ্থে অসমৰ অন্য ৬টা জনগোষ্ঠীৰ লগত MOBC হিচাপেও স্বীকৃতি প্ৰদান কৰে৷ শেহতীয়াকৈ ইংৰাজী ০৬.০২.২০২১ তাৰিখে অসম চৰকাৰৰ No. TAD/BC/633/2021/3 ৰ যোগেদি অসমৰ সকলো জিলাৰ উপায়ুক্তসকললৈ অসমৰ ৩৩ টা জন গোষ্ঠী (Community) ৰ লোকপিয়লৰ তথ্য বিচাৰি নিদেৰ্শনা দিছিল আৰু সেই নিৰ্দেশনাৰ বিষয়ে সংবাদ মাধ্যমৰ যোগেদি জানিব পাৰি ‘তিতাবৰ মহকুমা চাউদাং জাতীয় পৰিষদ’ এ সেই সময়ৰ যোৰহাট জিলাৰ উপায়ুক্ত মহোদয়ক যোৰহাট জিলাত বসবাস কৰা চাওডাং লোকসকলৰ লোক পিয়ল কৰাৰ এটা ব্যৱস্থা কৰি দিবৰ বাবে আবেদন জনায়৷ সেই আবেদনৰ ভিত্তিত উপায়ুক্ত মহাদয়েও বিষয়টো গুৰুত্ব সহকাৰে লৈ যোৰহাট জিলাৰ পাঁচোটা চক্ৰ বিষয়া কাৰ্যালয়ৰ যোগেদি যোৰহাট জিলাত বসবাস কৰা  চাওডাং লোকসকলৰ লোকপিয়লৰ ব্যৱস্থা কৰি দিয়ে৷ ইংৰাজী ৩০/১১/২০২২ তাৰিখে No. JP 22/2019/2063/2079 চিঠিৰ যোগেদি লোকপিয়লৰ তথ্য উপায়ুক্ত মহোদয়ে অসম চৰকাৰলৈ পঠোৱাৰ লগতে সেই তথ্যৰ এটা প্ৰতিলিপি তিতাবৰ মহকুমা চাউদাং জাতীয় পৰিষদৰ সভাপতি-সম্পাদকক প্ৰদান কৰে৷ সেই প্ৰতিবেদনৰ তথ্যত চাওডাং লোকসকলে যোৰহাট জিলাৰ ৮১খন গাঁৱত বসবাস কৰাৰ কথা প্ৰকাশ পায়৷ তাৰ ভিতৰত প্ৰায় ৬৪ খন গাঁৱত যথেষ্ট সংখ্যক চাওডাং লোকে বসবাস কৰে আৰু  বাকী কেইখন গাঁৱত চাওডাং লোকৰ সংখ্যা একেবাৰে নগণ্য৷ (তথ্যসংগ্ৰহ কৰা হৈছে  ‘তিতাবৰ মহকুমা চাউদাং জাতীয় পৰিষদ’ ৰ সাধাৰণ সম্পাদক শ্ৰীযুত গুণেন বৰা ডাঙৰীয়াৰ পৰা) সেইদৰে চাউদাং জাতীয় পৰিষদ, অসম,ৰ মুখ্য উপদেষ্টা শ্ৰীযুত ঘনকান্ত গগৈ ডাঙৰীয়াৰ তথ্য মতে গোলাঘাট জিলাৰ বৰপথাৰ, ওৰিয়ামঘাট, জামুগুৰি আদি ঠাইত শিৱসাগৰ জিলাৰ কুঁজিবালি হাঁহচৰা, ডিব্ৰুগড় জিলাৰ টিংখাং, মৰাণৰ লেঙেৰী চাওডাং গাঁও, তিনিচুকীয়া জিলাৰ লক্ষীপথাৰ, কাকপথাৰ, শোণিতপুৰ জিলাৰ  ডুবিয়া আৰু ধেমাজি জিলাৰ চিলাপথাৰকে ধৰি অসমৰ বিভিন্ন ঠাইত চাওডাং লোক সকলে বসবাস কৰি আহিছে৷

        স্বাধীনোত্তৰ কালৰ প্ৰাৰম্ভলৈকে চাওডাং লোকসকলে ‘চাওডাং’ উপাধিয়েই ব্যৱহাৰ কৰি আহিছিল যদিও সময়ৰ সোঁতত সেই উপাধি লিখিবলৈ এৰি গগৈ, বৰা, শইকীয়া, বৰুৱা শেনচোৱা, তুংখুঙীয়া, চাওদাং বৰুৱা আদি উপাধি ল’বলৈ ধৰিেল৷ অৱশ্যে বৰ্তমান দুই এজন ব্যক্তিয়ে পুনৰ ‘চাওডাং’ উপাধি লিখা পৰিলক্ষিত নোহোৱা নহয়৷

       অসম চৰকাৰে চাওডাং লোকসকলৰ পিছপৰা আৰ্থসামাজিক অৱস্থাৰ কথা বিবেচনা কৰি শিক্ষা- দীক্ষা গ্ৰহণৰ ক্ষেত্ৰত সুবিধা লাভৰ কাৰণে ১৯৭৫ চনতেই তেখেতসকলক অসমৰ অন্য ছটা অতি পিছপৰা জনগোষ্ঠীৰ লগত একেলগে MOBC তালিকাত অন্তৰ্ভুক্ত কৰি থৈছে৷ কিন্তু অতিশয় দুখৰ বিষয় যে জয়মতী চিনেমা আৰু জয়মতী নাটকত চাওডাঙৰ হতুৱাই জয়মতীক শাস্তি দিয়া নাট্যৰূপৰ বহুল প্ৰচাৰৰ কাৰণেই নিজকে চাওডাং বুলি পৰিচয় দিবলৈ লাজ কৰাৰ বাবেই হওক বা চাওডাং লোকসকলৰ অনগ্ৰসৰতাৰ বাবেই হওক শিক্ষা-দীক্ষা গ্ৰহণৰ ক্ষেত্ৰত অতি পিছপৰা জনগোষ্ঠী হিচাপে বৰ্তমানলৈকে চৰকাৰৰ পৰা চাওডাং লোকসকলে সা-সুবিধা আদায় কৰিবলৈ সমৰ্থ হোৱা নাই৷ চৰকাৰেও এই ক্ষেত্ৰত  বিশেষ মনোযোগ দিয়া বুলি আমাৰ দৃষ্টিগোচৰ হোৱা নাই কাৰণ ২০২৩ চনত অসম চৰকাৰে অসমৰ ছয় জনগোষ্ঠীৰ কাৰণে মেডিকেল কলেজ, কৃষি বিশ্ববিদ্যালয়, ইঞ্জিনিয়াৰিং কলেজ, জি. এন. এম., এ. এন. এম আদি শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত নামভৰ্তি কৰিবলৈ আসন সংৰক্ষণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হ’ল৷ লক্ষণীয় কথাটো এয়ে যে সেই ছয় জনগোষ্ঠীৰ ভিতৰত MOBC ৰ তালিকাত থকা চাওডাং জনগোষ্ঠীৰ বাহিৰে বাকী আটাইকেইটা জনগোষ্ঠীৰ বাবেই আসন সংৰক্ষণৰ ব্যৱস্থা হ’ল, কিন্তু বাদ পৰি থাকি গ’ল মাত্ৰ  “চাওডাংসকল”৷

       চাওলুং ছ্যুকাফাৰ লগতেই অসমলৈ আহি বৰ অসমৰ ভেঁটি গঢ়াৰ কামত উছৰ্গিত হৈ সেৱা আগবঢ়োৱাৰ লগতে বৃটিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামতো জঁপিয়াই পৰা আহোম ৰজাসকলৰ এক বিশ্বস্ত প্ৰহৰী চাওডাংসকলক আৰ্থিক, সামাজিক, শৈক্ষিক আদি সকলো দিশতে আগবঢ়াই নিবলৈ চৰকাৰে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাটো সময়ৰ আহ্বান হিচাপে অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে৷

 

ঠিকনা :                                        

অধিবক্তা, যোৰহাট

নিবাস : তিমতিমীয়া গাঁও

ডাক : কুঁৱৰী পুখুৰী, যোৰহাট

ভ্ৰাম্যভাষ : ৯৮৫৪২৬৮১৩১

E-mail: molankrgogogi@gmail.com

                                                      

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ