অন্যযুগ/


হিন্দী গল্পত তৃতীয় লিংগৰ প্ৰসংগ

 লক্ষ্যজিৎ হাজৰিকা

 

       বিভিন্ন সাহিত্যৰূপত তৃতীয় লিংগৰ প্ৰসংগই বিভিন্ন ধৰণেৰে স্থান লাভ কৰি আহিছে৷ আধুনিক সাহিত্যৰ এক বিশেষ ৰূপ চুটিগল্পও ইয়াৰ ব্যতিক্ৰম নহয়৷ তৃতীয় লিংগৰ লোকসকলৰ হাঁহি-কান্দোন, সুখ-দুখ, তেওঁলোকৰ সামাজিক স্থানৰ বিৱৰণ গল্পৰ মাজত দেখিবলৈ পোৱা যায়৷ অসমীয়া গল্পতেই হওক বা বাংলা গল্পতেই হওক নাইবা হিন্দী গল্পৰ মাজতেই হওক, সকলোতে তৃতীয় লিংগৰ লোকসকলৰ সামাজিকভাৱে উপেক্ষিত স্বৰূপটো দেখিবলৈ পোৱা যায়৷ হিন্দী গল্পৰ মাজত এই অৱহেলিত ৰূপটোৰ লগতে তৃতীয় লিংগৰ লোকসকলৰ মানৱীয় দিশটোৰো প্ৰকাশ ঘটিছে৷ এই লেখাত তৃতীয় লিংগৰ লোকসকলৰ পৰিচয়ৰ লগতে হিন্দী গল্পত তৃতীয় লিংগৰ লোকসকলৰ সামাজিক স্থিতি আৰু তেওঁলোকৰ মানৱীয় দিশসমূহৰ প্ৰকাশ কেনেদৰে ঘটিছে, সেই সম্পৰ্কে অধ্যয়ন কৰা হব৷ 

তৃতীয় লিংগ : পৰিচয়

       সকলো ঠাইৰ, সকলো সমাজতে পুৰুষ আৰু নাৰীৰ দ্বৈত লক্ষণযুক্ত কিছুমান লোক দেখিবলৈ পোৱা যায়৷ যিসকলক পুৰুষ বা মহিলা কোনো এটা ভাগতে ৰাখিব নোৱাৰি৷ এই লোকসকলৰ কিছুমান যদি শাৰীৰিকভাৱে পুৰুষ কিন্তু মানসিকভাৱে মহিলা৷ সেইদৰে কিছু লোক শাৰীৰিকভাৱে মহিলা যদি মানসিক অৱস্থাটো পুৰুষৰ দৰে হয়৷ অৰ্থাৎ তেওঁলোকৰ আচৰণ, চিন্তা-ধাৰণা, সাজ-পোছাক পুৰুষৰ দৰে হয়৷ তেওঁলোকৰ মাজত পুৰুষ আৰু মহিলাৰ দুয়োটা লক্ষণৰেই সমাহাৰ ঘটে৷ তেওঁলোক কিছুমানৰ গুপ্তাংগ অবিকশিত ৰূপতেই থাকে অথবা কিছুমানৰ অতিবিকশিত হয়৷ অৰ্থাৎ কাৰোবাৰ গুপ্তাংগ খুউব সৰু হয়, আৰু কাৰোবাৰ বহুত ডাঙৰ হয়৷ যাৰ বাবে লৰা নে ছোৱালী চিনাক্ত কৰাত সমস্যা হয়৷ অবিকশিত গুপ্তাংগৰ সৈতে জন্ম হোৱা লোকসকলক ইংৰাজীত ‘intersex’ বোলা হয় যাক অসমীয়াত মধ্যলিংগীবুলিব পাৰি৷ উল্লেখযোগ্য যে তেওঁলোকে নিজৰ জৈৱিক লিংগ পৰিচয় (sex identity)-ক নস্যাৎ কৰি সামাজিক লিংগ পৰিচয় (gender identity)-ক নিজৰ মানসিক অৱস্থা অনুসৰি গ্ৰহণ কৰে৷ ভাৰতীয় সমাজ ব্যৱস্থাত তেওঁলোকৰ সামাজিক অৱস্থান বৰ দুখলগা৷ শৰীৰ আৰু মনৰ সামান্য বিসংগতি বা প্ৰৰাকৃতিক বিচ্যুতিৰ কাৰণেই তেওঁলোক ঘৰখন, সমাজখনৰ পৰা অৱহেলিত হবলগীয়া হয়৷ ফলত তেওঁলোকৰ বহুতেই পৰম্পৰাগত সমাজখন এৰি হিজ্‌ৰা দলত যোগ দিয়ে৷ 

     হিজৰাহৈছে এনে এক শ্ৰেণীৰ লোক, যিসকলৰ স্বকীয় বৃত্তি, স্বকীয় সাজ-পাৰ, সংস্কৃতি আছে৷ উল্লেখযোগ্য যে পুৰুষ-নাৰীৰ লক্ষণযুক্ত সকলো লোক হিজ্‌ৰা বা কিন্নৰ নহয়৷ অৰ্থাৎ কোনো লোক হিজ্‌ৰা হৈ জন্ম নলয় বা হিজ্‌ৰা কাৰো জন্মগত পৰিচয়ো হব নোৱাৰে৷ হিজ্‌ৰাআচলতে এটা বৃত্তি তথা পেছাৰ নাম৷ ই উপাৰ্জনৰ এটা স্থল মাত্ৰ৷হিজ্‌ৰা শব্দটো মূলতঃ উৰ্দু শব্দ৷ ই আৰবী ভাষাৰ হিজ্‌ৰশব্দৰ পৰা আহিছে৷ হিজ্‌ৰৰ অৰ্থ হৈছে নিজৰ পৰিয়াল বা সমাজ এৰি দিয়া নাইবা নিজৰ সমাজৰ পৰা বাহিৰ কৰি দিয়া৷ অৰ্থাৎ পুৰুষ-নাৰীৰ পৰম্পৰাগত সমাজৰ পৰা আঁতৰি আহি স্বকীয়ভাৱে জীয়াই থকা লোককে হিজ্‌ৰা বোলা হয়৷ সেয়ে যিসকল লোকে হিজ্‌ৰা দলত যোগ দিয়ে, তেওঁলোককহে হিজ্‌ৰা বোলা হয়৷ এইখিনিতে এটা প্ৰশ্নৰ উদয় হয়, যদি হিজ্‌ৰা দলত যোগ দিয়াসকলকহে হিজ্‌ৰা বা কিন্নৰ বোলা হয়, তেনেহলে হিজ্‌ৰা দলত যোগ নিদিয়া পুৰুষ-নাৰীৰ লক্ষণযুক্ত লোকসকলক কি বোলা হয়? তেওঁলোকক বোলা হয় ৰূপান্তৰকামী (transgender)৷ ৰূপান্তৰকামী লোকসকলে পৰম্পৰাগত সমাজখনত থাকিয়েই জীৱন-নিৰ্বাহ কৰে৷ মন কৰিবলগীয়া যে বৰ্তমান হিজ্‌ৰা বা কিন্নৰসকলকো ৰূপান্তৰকামী (transgender) লোক বোলা হৈছে৷ হিজ্‌ৰা দলত যোগ দিয়া ৰূপান্তৰকামী আৰু যোগ নিদিয়া ৰূপান্তৰকামী লোকসকলক চিনাক্ত কৰাৰ সুবিধাৰ্থেই Suleiman-এ হিজ্‌ৰা দলত অন্তৰ্ভুক্ত নোহোৱা ৰূপান্তৰকামিতা লক্ষণসম্পন্ন লোকসকলক Non-Hijra Transgender বুলিছে৷ Suleiman-ৰ সূত্ৰৰ আঁত ধৰিয়েই হিজ্‌ৰা দলত অন্তৰ্ভুক্ত হিজ্‌ৰাসকলক আৰু হিজ্‌ৰা দলত অন্তৰ্ভুক্ত নোহোৱা ৰূপান্তৰকামিতা লক্ষণসম্পন্ন লোকসকলক এনেদৰে দুটা ভাগত ভাগ কৰিব পাৰি 

        ) হিজ্‌ৰা ৰূপান্তৰকামী (Hijra Transgender)

        ২) অনা হিজ্‌ৰা ৰূপান্তৰকামী (Non-Hijra Transgender)

        এই ভাগকেইটা আলোচনাৰ সুবিধাৰ্থেহে কৰা হৈছে৷ উল্লেখযোগ্য যে ভাৰতৰ লগতে এছিয়াৰ কেইখনমান দেশতহে হিজ্‌ৰা বা কিন্নৰৰ পৰম্পৰাটো দেখিবলৈ পোৱা যায়৷ আন দেশবোৰত পুৰুষ-নাৰী উভয়ৰ লক্ষণসম্পন্ন লোকসকলক ৰূপান্তৰকামী লোক বুলিয়েই কোৱা হয়৷ ভাৰতত হিজ্‌ৰাসকলৰ এক ইতিহাস আছে, এক পৰম্পৰা আছে৷ সেয়ে ভাৰতত তেওঁলোকৰ এনে বিভাজন দেখিবলৈ পোৱা যায়৷ উল্লেখযোগ্য যে বৰ্তমান তৃতীয় লিংগৰ পৰিধি বহুল হৈছে৷ বৰ্তমান গে’, লেছবিয়ান, উভয়কামী, ৰূপান্তৰকামী ইত্যাদি সকলো তৃতীয় লিংগত অন্তৰ্ভুক্ত হৈছে৷ কিন্তু হিজ্‌ৰাসকল মুখ্যভাৱে ৰূপান্তৰকামী হিচাপে তৃতীয় লিংগত অন্তৰ্ভুক্ত হয়৷ ৰূপান্তৰকামী (হিজ্‌ৰা দলত অন্তৰ্ভুক্ত হোৱা আৰু নোহোৱা) লোকসকল এই সকলোতকৈ অধিক যন্ত্ৰণাপীড়িত৷ সেয়ে তৃতীয় লিংগ বুলিলে পোনপ্ৰথমে ৰূপান্তৰকামীসকলৰ কথাহে আহে৷ যি সি নহওক এই সকলো লোক তৃতীয় লিংগৰ সংজ্ঞাৰ অন্তৰ্ভুক্ত৷ বৰ্তমান তৃতীয় লিংগৰ লোকসকলৰ সুবিধাৰ্থে ভাৰতীয় সংবিধানে আইন উলিয়াইছে যদিও গৰিষ্ঠ সংখ্যক তৃতীয় লিংগৰ লোকেই ইয়াৰ পৰা বঞ্চিত হৈছে৷ তেওঁলোক প্ৰায়সকলেই পূৰ্বৰ দৰেই পৰিয়াল আৰু সমাজৰ দ্বাৰা বঞ্চিত হৈ আহিছে৷ অসমৰ সমাজতেই হওক কিম্বা দিল্লী, পশ্চিমবংগ, মহাৰাষ্ট্ৰ, তামিলনাডু, কৰ্ণাটক, অন্ধপ্ৰদেশ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, গুজৰাটেই নহওক কিয়, প্ৰতি সমাজতে তেওঁলোক অৱহেলিত৷

হিন্দী গল্পত তৃতীয় লিংগ

       তৃতীয় লিংগৰ লোকসকল দলিততকৈও দলিত, শোষিততকৈও শোষিত৷ দেহ আৰু মনৰ সামান্য বিসংগতিৰ কাৰণেই তেওঁলোকৰ প্ৰায়সংখ্যকেই নিজৰ ঘৰখন, সমাজখনৰ পৰা বঞ্চিত হবলগীয়া হয়৷ তৃতীয় লিংগৰ লোকসকলক লৈ, তেওঁলোকৰ জীৱন-প্ৰৱাহক লৈ হিন্দী ভাষাত উপন্যাস, নাটক, আত্মজীৱনী, জীৱনী আদি ৰচিত হোৱাৰ লগতে গল্পও ৰচিত হৈছে৷ ২০১৭ চনত এম. ফিৰোজ খানৰ সম্পাদনাত প্ৰকাশ পোৱা থাৰ্ড জেণ্ডাৰ : হিন্দী কহানিয়াঁ গ্ৰন্থখনেই হৈছে তৃতীয় লিংগ সম্পৰ্কীয় প্ৰথম গল্প সংকলন৷ গ্ৰন্থখনত মুঠ ওঠৰটা গল্প সন্নিৱিষ্ট হৈছে৷ সেই গল্পকেইটা হল এনে ধৰণৰ–‘বিন্দা মহাৰাজ’ (শিৱপ্ৰসাদ সিংহ), ‘খলীক আহমেদ বোৱা’ (ৰাহী মাচুম ৰজা), ‘বীচ কে লৌগ’ (সলাম বিন ৰজাক), ‘কিন্নৰ’ (এছ. আৰ. হৰনৌট), ‘ই মুৰ্দন কা গাঁও’ (কুসুম অন্সল), ‘সন্ধ্যা’ (কিৰণ সিংহ), ‘হিজ্‌ৰা’ (কাদম্বৰী মেহৰা), ‘ইজ্জত কে ৰহবৰ’ (পদ্মা শৰ্মা), ‘কৌৰ তাৰ সে বীনি ছদৰিয়া’ (অঞ্জনা বৰ্মা), ‘ত্ৰাসদী’ (মহেন্দ্ৰ ভীষ্ম), ‘হিজ্‌ৰা’ (শ্ৰীকৃষ্ণ সেনী), ‘ৰতিয়াবন কী ছেলী’ (ললিত শৰ্মা), ‘নেগ’ (লবলেশ দত্ত), ‘পন্না বা’ (গৰিমা সঞ্জয় ডুবে), ‘সংকল্প’ (বিজেন্দ্ৰ প্ৰতাপ সিংহ), ‘খুচ ৰহৌ ক্লীনিক’ (ছান্দ দীপিকা’), ‘কিন্নৰ’ (পুনক পাঠক), ‘গল্‌তী যৌ মাফ নহী’ (পাৰস দাসেতি)৷ সেই একেটা বছৰতে (২০১৭) এম. ফিৰোজ খানৰ সম্পাদনাতেই প্ৰকাশ পায় থাৰ্ড জেণ্ডাৰ :নূদিত কহানিয়াঁ শীৰ্ষক তৃতীয় লিংগ সম্পৰ্কীয় অনূদিত গল্প সংকলনখন৷ গ্ৰন্থখনত বাংলা, মাৰোৱাৰী, গুজৰাটী ভাষাৰ গল্পৰ লগতে বহুকেইটা পাঞ্জাৱী ভাষাৰ গল্পৰ অনুবাদ সন্নিৱিষ্ট হৈছে৷ তদুপৰি বিজেন্দ্ৰ প্ৰতাপ সিংহ আৰু ৰবিকুমাৰ গৌন্দৰ সম্পাদনাত প্ৰকাশ পোৱা কথা ঔৰ কিন্নৰ (২০১৮) গ্ৰন্থখনতো বহুকেইটা তৃতীয় লিংগ সম্পৰ্কীয় গল্প সন্নিৱিষ্ট হৈছে৷ ২০২১ বৰ্ষত বিজ্ঞা ৰাজপুত আৰু ৰবীনা বহিৰাৰ সম্পাদনাত প্ৰকাশ পোৱা জিন্দেগী কী দাস্তান শীৰ্ষক গ্ৰন্থখন তৃতীয় লিংগ সম্পৰ্কীয় গল্প আৰু কবিতাৰ সংকলন৷ উল্লেখযোগ্য যে গ্ৰন্থখন তৃতীয় লিংগৰ লোকৰ দ্বাৰাই ৰচিত৷ এই কেইখনেই হৈছে তৃতীয় লিংগ সম্পৰ্কীয় হিন্দী গল্প সংকলনৰ প্ৰাৰম্ভিক গ্ৰন্থ৷ অধ্যয়নটিত তৃতীয় লিংগ সম্পৰ্কীয় প্ৰথম হিন্দী গল্প সংকলন থাৰ্ড জেণ্ডাৰ : হিন্দী কহানিয়াঁৰ কেইটামান গল্প সম্পৰ্কে অধ্যয়ন কৰা হব৷ অধ্যয়ন কৰিবলৈ লোৱা গল্পকেইটা হ– ‘সন্ধ্যা’ (কিৰণ সিংহ), ‘ইজ্জত কে ৰহবৰ’ (পদ্মা শৰ্মা), ‘হিজ্‌ৰা’ (শ্ৰীকৃষ্ণ সেনী) আৰু ত্ৰাসদী’ (মহেন্দ্ৰ ভীষ্ম)৷ গল্পকেইটিত মূলতঃ দুটা বিষয় সুন্দৰকৈ উত্থাপন হৈছে৷ এটা হৈছে তৃতীয় লিংগৰ লোকসকলৰ সামাজিক স্থিতিৰ দিশটো আৰু আনটো তৃতীয় লিংগৰ লোকসকলৰ মানৱীয় দিশটো৷ এই প্ৰবন্ধত এই দুটা বিষয়ৰ সম্পৰ্কেহে অধ্যয়ন কৰা হব৷

সামাজিক স্থিতি

     ভাৰতবৰ্ষত তৃতীয় লিংগৰ লোকসকলৰ সামাজিক অৱস্থান বৰ দুখজনক৷ প্ৰথম অৱস্থাত ঘৰখনৰ পৰা অৱহেলিত হোৱা তেওঁলোকে পৰৱৰ্তী সময়ত সমাজখনৰ পৰাও বিভিন্ন ধৰণে অৱহেলিত হয়৷ প্ৰধানতঃ স্থানচ্যুতিৰ বেদনাই তেওঁলোকক অধিক কষ্ট দিয়ে৷ সমাজৰ বহু জীয়া-যাতনা তেওঁলোকে সহ্য কৰিবলগীয়া হয়৷ কিৰণ সিংহৰ সন্ধ্যাতৃতীয় লিংগৰ জীৱন আধাৰিত এনে এটা গল্প৷ গল্পটোৰ মূল চৰিত্ৰ সন্ধ্যা এগৰাকী তৃতীয় লিংগৰ ব্যক্তি৷ সন্ধ্যা অবিকশিত গুপ্তাংগৰ সৈতে জন্ম হোৱা বাবে পৰিয়ালৰ মাজত চিন্তাৰ বীজ উৎপন্ন হয়৷ তেওঁলোকৰ এটাই ভয়- সমাজে এই কৰুণ সত্যটো জানিলে পৰিয়ালৰ সন্মান কত থাকিব৷ সমাজৰ বাবেহে সন্ধ্যাৰ মাক-দেউতাক সন্ধ্যাৰ প্ৰকৃত পৰিচয় ব্যক্ত কৰাৰ পৰা বিৰত আছে৷ মাক-দেউতাকে কিন্তু সন্ধ্যাক কেতিয়াও অৱহেলা কৰা নাই৷ সন্ধ্যা লাহে-লাহে ডাঙৰ হল৷ কিন্তু তাইৰ গুপ্তাংগৰ বিকাশ নহল৷ সমাজৰ আগত তাইক ছোৱালী হিচাপে পৰিচয় লাভ কৰালেও তাইৰ গুপ্তাংগই কিন্তু সম্পূৰ্ণৰূপে ছোৱালী হিচাপেও দাবী নকৰিলে নাইবা লৰা হিচাপেও৷ তাইৰ সমবয়সীয়া আন ছোৱালীৰ যেতিয়া গাভৰুৰ লক্ষণে ধৰা দিলে, পুষ্পিতা হ, তেতিয়া সন্ধ্যাৰ তেনে কোনো লক্ষণে গা কৰি উঠা নাছিল৷ তাই নিজৰ জৈৱিক লিংগ পৰিচয় (sex identity)-ক লৈ সন্তুষ্ট নাছিল৷ সেয়ে তাই অবিকশিত গুপ্তাংগক চুৰিৰে কাটিবলৈ চেষ্টা কৰিছিল৷ গল্পটিত এই বিষয়ে এনেদৰে কৈছে

সন্ধ্যা পাগলৰ দৰে হৈ গৈছিল৷ তাই লেমৰ পোহৰ কমালে আৰু তুলসী আৰু নিমপাত পিহি ললে৷ নিম-তুলসী পাত পিহি লৈ তাই বন্ধ কোঠাৰ মজিয়াত শুই পৰিল আৰু দুয়োটা ভৰি বেৰত লগাই নিম-তুলসীৰ মিশ্ৰণখিনি গুপ্তাংগত লগালে৷ শৰীৰটো ধনুৰ দৰে বেঁকা কৰিলে আৰু মাকৰ কাপোৰ ফালি মুখত সুমুৱাই ললে৷ তাৰ পাছত ভগৱানৰ নাম লৈ চুৰিখন গুপ্তাংগত থৈ দীঘলকৈ উশাহ এটা ললে৷ দীঘল উশাহ বন্ধ হল আৰু চুৰিখন গুপ্তাংগত হেঁচি দিলে৷

        সন্ধ্যাক ঘৰৰ পৰা কলৈকো যাবলৈ দিয়া হোৱা নাছিল৷ তাইৰ কোঠাটোৰ আটাইবোৰ ফুটা বন্ধ কৰি দিয়া হৈছিল৷ খিৰিকীত ডাঠ কাপোৰৰ পৰ্দা লগাই দিয়া হৈছিল৷ আৰু মাক ঢুকোৱাৰ পাছত দেউতাক কৰবালৈ গলে তাইৰ কোঠাটোৰ দুৱাৰখনত বাহিৰৰ পৰা তলা লগাই গৈছিল৷ সন্ধ্যা লাহে লাহে ডাঙৰ হোৱাৰ পাছত তাই বাহিৰৰ মানুহখিনি চাবলৈ বিচাৰিছে৷ ঘৰৰ পৰা ওলাই যাবলৈ বিচাৰিছে৷ দেউতাকে কিন্তু যাবলৈ দিয়া নাই৷ সন্ধ্যাই সম্পূৰ্ণৰূপে এটা বন্দী জীৱন কটাইছে৷ দেউতাকে অৱশ্যে তাইক তাইৰ প্ৰকৃত সত্যটো জনাইছে৷ লগতে তাইক তৃতীয় লিংগৰ বিভিন্ন চৰিত্ৰৰ সম্পৰ্কেও কৈছে৷ কিন্তু তথাপি সন্ধ্যাই সমাজখন চাবলৈ বিচাৰিছে, ঘৰৰ পৰা ওলাই যাব বিচাৰিছে৷ সন্ধ্যাৰ জেদ ভাঙিবলৈ দেউতাকে কিন্নৰসকলৰ যন্ত্ৰণাদগ্ধ জীৱনৰ বিষয়ে তাইৰ আগত এনেদৰে বৰ্ণনা কৰিছে

এই পৃথিৱীৰ লোকসকলে তোমাৰ দৰে মানুহক নৰকতুল্য ঠাইত ৰাখিছে৷ সেই নৰকৰ লোকসকল তোমাৰ জন্মৰ সাত বছৰৰ পাছত সেই পাহাৰত থাকিবলৈ ললে৷ তেওঁলোকে কাপোৰ দাঙি দাঙি নাচে আৰু ভিক্ষা মাগে৷ মানুহে তেওঁলোকক গালি পাৰে, থু পেলায়, তেওঁলোকক দেখিলে দুৱাৰ বন্ধ কৰে আৰু মানুহবোৰ গোট খাই তেওঁলোকক মাৰ-পিট কৰে৷ তেওঁলোক যি ঠাইত থাকে, সেই ঠাইত কোনো অপৰাধ হলে তেওঁলোককে দোষী সজোৱা হয়৷

       গাঁৱৰ সমাজত বিয়াৰ বয়স হোৱা ছোৱালী এজনী বিয়া নোহোৱাকৈ থকাৰ কাৰণ সুধি সুধি মানুহে মাক-দেউতাকক বিৰক্ত কৰে৷ বিয়া নোহোৱাৰ ৰহস্য জানিবলৈ সকলো এক প্ৰকাৰ কৌতূহলী হৈ উঠে৷ গল্পটিতো সন্ধ্যা বিয়া নোহোৱাৰ কাৰণ জানিবলৈ দেউতাকক বিভিন্ন লোকে বিভিন্ন ধৰণে প্ৰশ্ন কৰিছে৷ অৱশেষত সন্ধ্যাৰ প্ৰকৃত সত্য সমাজে জনাৰ ভয়তেই দেউতাকে ওচৰৰে গাঁৱৰ কানাই নামৰ ডেকাজনৰ সৈতে সন্ধ্যাক বিয়া দিয়ে৷ কানাই এক দুৰ্ঘটনাৰ ফলত নপুংসক হৈ পৰা বাবে সন্ধ্যাৰ প্ৰকৃত সত্য লুকাই থাকে৷ কিন্তু সময় বাগৰৰ লগে লগে তাইৰ জীৱনৰ কৰুণ সত্যটো সমাজৰ আগলৈ আহে৷ সত্য জনাৰ লগে-লগেই সকলোৱে সন্ধ্যাৰ প্ৰতি ঘৃণাৰ ভাব প্ৰকাশ কৰিবলৈ ধৰে৷ সকলোৱে তাইক মাৰিবলৈ উদ্যত হয়৷ তাইৰ শাহুৱেকে তাইক মাৰিবলৈ আদেশ দিয়ে এনেদৰে

তাই মোৰ গোসাঁইথানখন অপৱিত্ৰ কৰিলে৷ তাইক নাঙঠ কৰি তাইৰ চুলি খুৰা দিয়াঁ৷ মুখত কলা ছাঁই সানি গোটেই ছয়গাঁৱত মাৰি মাৰি ঘূৰোৱাঁ৷ তাৰ পাছত তাইক লৈ যাবলৈ সেই মানুহবোৰলৈ খবৰ দিয়াঁ৷

       আন এটা হিন্দী গল্প বিজেন্দ্ৰ প্ৰতাপ সিংহৰ সংকল্পতো তৃতীয় লিংগৰ লোকসকলৰ নিৰ্যাতিত ৰূপটো অংকণ কৰা হৈছে৷ গল্পটোৰ মূল চৰিত্ৰ মধুৰ ওৰফে মাধুৰী৷ মধুৰ তৃতীয় লিংগৰ চৰিত্ৰ৷ বিকৃত গুপ্তাংগৰ সৈতে জন্ম হোৱা বাবে মধুৰ ঘৰলৈ গাঁৱৰ মানুহবোৰ আহিবলৈ এৰে৷ মধুৰৰ ভনীয়েক জন্ম হোৱাৰ পাছতেই মাকৰ মৃত্যু ঘটে৷  তেতিয়াও গাঁৱৰ কোনো মানুহ সিহঁতৰ ঘৰলৈ নাহিল৷ মধুৰৰ মাকৰ মৃত্যুৰ পাছত দেউতাকৰ মানসিক সন্তুলন ব্যাহত হয়৷ ফলত কেঁচুৱা ভনীয়েক, মানসিকভাৱে অসন্তুলিত দেউতাকক চোৱা-চিতাৰ সমস্ত দায়িত্ব মধুৰে লবলগীয়া হয়৷ মধুৰ নে মাধুৰী নিজৰেই সম্পূৰ্ণতা নথকা মধুৰ ওৰফে মাধুৰীয়ে ঘৰখনৰে দায়িত্ব মূৰ পাতি লবলগীয়া হয়৷ ইফালে মধুৰ নাবালক৷ সৰুৰে পৰা বিভিন্ন কাম কৰি ঘৰ চলোৱা মধুৰে পৰৱৰ্তী সময়ত বিভিন্ন অনুষ্ঠানত নাচিবলৈ ললে আৰু তাত পোৱা টকাৰে ঘৰখন সুন্দৰকৈ চলিবলৈ ধৰিলে৷ মধুৰে পৰৱৰ্তী সময়ত নামটো মধুৰৰ পৰা মাধুৰীলৈ পৰিৱৰ্তিত কৰে৷ মাধুৰীয়ে নিজকে ছোৱালী ৰূপতহে চাবলৈ বিচাৰে, নিজৰ মানসিক অৱস্থাটো সম্পূৰ্ণৰূপে ছোৱালী হিচাপেহে দাবী কৰে৷ (সেয়ে পৰৱৰ্তী আলোচনাত মধুৰৰ ঠাইত মাধুৰীৰ নাম ব্যৱহাৰ কৰা হব আৰু তাইসম্বোধন কৰা হব৷)

        সমাজত মাধুৰী বিভিন্ন ধৰণেৰে মানসিকভাৱে নিৰ্যাতিত হবলৈ ধৰিলে৷ তাইক সকলোৱে এৰি চলিবলৈ ধৰা হল৷ কেৱল মানসিকভাৱেই যে তাই নিৰ্যাতিত হল এনে নহয়৷ শাৰীৰিকভাৱেও নিৰ্যাতিত হল তাই৷ মাধুৰীৰ শৰীৰত ছোৱালীৰ লক্ষণ বেছি৷ তাইৰ যৌনাংগ অলপ ছোৱালীৰ দৰেই৷ যাৰ ফলত তাইৰ লগত সম্ভোগ কৰিবলৈ পুৰুষৰ সুবিধা হয়৷ মাধুৰীৰ লগত ধৰ্ষণৰ দৰে অকাৰ্য সংঘটিত হল৷ সমাজৰ এক ভদ্ৰলোকৰ দ্বাৰাই তাইৰ ধৰ্ষণ হয়৷ মাধুৰী এদিন চহৰৰ পৰা গাঁৱৰ ঘৰলৈ আহি আছিল৷ তাই চহৰৰ সভ্য, চাকৰিয়াল, ধনী লোক থকা ঠাইৰ ফালেদি তাই ঘৰলৈ আহিছিল৷ মানুহবোৰ শিক্ষিত আছিল বাবে তাই নিশ্চিন্ত মনে ঘৰলৈ সেই ৰাস্তাৰে আহি আছিল৷ কিন্তু হঠাৎ তাইক পিছফালৰ পৰা মুখত সোপা দি টানি নি সেই ৰাস্তাৰে এঘৰত সুমুৱাই গোটেই ৰাতি ধৰ্ষণ কৰা হয়৷ গল্পটোত এই বিষয়ে কৈছে এনেদৰে

... হঠাৎ পিছফালৰ পৰা কোনোবাই তাইক মুখত সোপা দি এটা ঘৰৰ ভিতৰলৈ দাঙি লৈ গল৷ ... ঘৰৰ ভিতৰত তাইৰ সন্মুখত এজন শক্তিশালী পুলিচ যোৱান থিয় হৈ আছিল৷ পুলিচজনে তাইৰ লগত মৰমেৰে কথা পাতিলে আৰু তাইৰ লগত সম্ভোগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে৷ মাধুৰী মান্তি নোহোৱাত পুলিচজনে খং দেখুৱাই¸ তাইক ধষৰ্ণ কৰিলে৷... গোটেই ৰাতি ধৰি পুলিচজনে মাধুৰীৰ শৰীৰটো বৰ বেয়াকৈ খচকিলে৷

       মাধুৰীৰ ওপৰত হোৱা এই নিৰ্যাতনৰ বিৰুদ্ধে তাইৰ চিনাকি হিজ্‌ৰা সম্প্ৰদায়ৰ লোকসকলে পুলিচৰ ওচৰত ৰিপৰ্ট লিখিবলৈ আহ্বান জনালে৷ সকলোৱে মাধুৰীয়ে ন্যায় পোৱাটো বিচাৰিলে৷ কিন্তু যত ৰক্ষকেই ভক্ষক, তাত তেওঁলোকে ন্যায় পোৱাটো সম্ভৱ নহয়৷ তাতে সমাজৰ সকলোৱে তেওঁলোকক হেয় দৃষ্টিৰে চায়৷ গতিকে পুলিচৰ ওপৰতো তেওঁলোকৰ কোনো আস্থা হেৰাই গল৷ শান্তি নামৰ তৃতীয় লিংগৰ ব্যক্তিগৰাকীয়ে সেয়ে কৈছে

অভিযোগ দিবলৈ কাৰ ওচৰলৈ যাবা...৷ যত ৰক্ষকেই ভক্ষক... কাৰ পৰা আশা কৰিবা৷ এনেয়েও আমাৰ হিজ্‌ৰাবোৰক সকলোৱে অৱহেলাৰ দৃষ্টিৰেই চায়৷

       মাধুৰীয়ে কোনো ন্যায় নাপালে৷ গুপ্তাংগৰে অহৰহ বৈ যোৱা ৰক্ত কেইবাদিনৰ চিকিসাৎৰ পাছতহে বন্ধ হয়৷ পৰৱৰ্তী সময়ত মাধুৰীয়ে বেশ্যা বৃত্তিতো নিয়োজিত হয়গৈ৷ 

     প্ৰকৃততে ভাৰতীয় সমাজ-ব্যৱস্থাত তৃতীয় লিংগৰ লোকসকলৰ সামাজিক স্থিতি একেবাৰে নিম্নস্থানত৷ সমাজত মানুহ বুলি গণ্য নকৰা তেওঁলোকৰ জীৱনৰ প্ৰতি খোজ কাঁইটেৰে আকীৰ্ণ৷ হিন্দী গল্পৰ প্ৰায়বোৰতে তৃতীয় লিংগৰ লোকসকলৰ ওপৰত চলোৱা মানিসক-শাৰীৰিক নিৰ্যাতনৰ স্বৰূপটো স্পষ্ট৷

মানৱীয় দিশ

        তৃতীয় লিংগৰ লোকসকলক সমাজে হেয় প্ৰতিপন্ন কৰিলেও বহু সময়ত তেওঁলোকেই সুস্থ মানুহৰ সহায়ৰ সমলৰূপে ধৰা দিছে৷ বিশেষকৈ মহিলাসকলৰ দুঃসময়ত তেওঁলোকে নিৰাপত্তাৰ ছাঁৰূপে থিয় দিছে৷ ইজ্জত কে ৰহবৰ’, ‘হিজ্‌ৰা’, ‘ত্ৰাসদীআদি গল্পকেইটিত তৃতীয় লিংগৰ লোকসকলৰ মানৱীয় দিশটোৰ প্ৰতিফলন ঘটিছে৷ পদ্মা শৰ্মাৰ ইজ্জত কে ৰহবৰগল্পটোৰ মূল চৰিত্ৰ বল্লু৷ বল্লুৰ মাক এগৰাকী অঘৰী মানসিক বিকাৰগ্ৰস্ত মহিলা আছিল৷ তাই কেতিয়া গৰ্ভাৱতী হল কোনেও নাজানিলে৷ হঠাৎ তাইৰ কেঁচুৱা দেখি কেঁচুৱাটোৰ এতিয়া কি হব তাক লৈ চুবুৰীয়াৰ লোকসকল চিন্তিত হল যদিও কোনেও সেই সন্তানটোক তুলি লবলৈ সাহস নকৰিলে৷ তেতিয়া পাণ্ডুৰংগা নামৰ হিজ্‌ৰাগৰাকীয়ে বল্লুক তুলি লোৱাৰ দায়িত্বৰে তাক সিহঁতৰ মাজলৈ লৈ যায়৷ বল্লুক সকলোৱে নিজৰ লৰাৰ দৰে মৰমেৰে ডাঙৰ-দীঘল কৰিলে৷ অৱশ্যে বল্লুক লৰা হিচাপেই স্বীকৃতি দিলে৷ হিজ্‌ৰাসকলৰ এই কৰ্মৰ বাবে শ্ৰীলালৰ লগতে সেই গাঁৱৰ লোকসকলৰো সিহঁতৰ প্ৰতি শ্ৰদ্ধা ভাব জাগ্ৰত হয়

        গল্পটিত হিজ্‌ৰাসকলৰ চৰিত্ৰ মানৱীয় দৃষ্টিভংগীৰে অংকন কৰা হৈছে৷ গল্পটিৰ মূল চৰিত্ৰ চৌফিয়াৰ দলটোৰ সৈতে শ্ৰীলালৰ এটা মধুৰ সম্পৰ্ক আছে৷ শ্ৰীলালৰ কন্যাৰ যেতিয়া ধৰ্ষণ হয়, তেতিয়া চৌফিয়াই আইনী ব্যৱস্থা লবলৈ শ্ৰীলালক অনুৰোধ কৰে৷ কিন্তু জীয়েকৰ বদনামৰ খবৰটো চৌপাশে বিয়পি পৰাৰ ভয়ত পুলিচৰ ওচৰলৈ যাবলৈ শ্ৰীলাল মান্তি নহয়৷ শ্ৰীলালৰ এই আচৰণক চৌফিয়াই ভাল নাপালে৷ যি সময়ত নাৰী শিক্ষা, নাৰী সবলীকৰণৰ নিচিনা কথা পতা হয়, সেই সময়ত এনে আচৰণে শোভা নাপায়৷ ডাঙৰ ডাঙৰ কথাৰে ভাষণৰ ফুলজাৰি মাৰি থকা মানুহবোৰৰ বিৰুদ্ধে  চৌফিয়া জাঙুৰ খাই উঠিছে৷ তাই কৈছে

তোমালোকে ডাঙৰ ডাঙৰ কথাৰে মহিলাসকলক আগ বঢ়াৰ কথা কোৱাঁ৷ কিন্তু যেতিয়া কিবা এটা কৰাৰ সময় আহি পৰে, পিছ হুঁহকি আহাঁ৷ সঁচা কথাটো হল এয়ে যে আজিলৈকে তোমালোকৰ মানসিকতাৰ সলনি নহল৷১০

        ধৰ্ষণকাৰী ছিংগা বাচি গল৷ আইনৰ শাস্তিও সি নাপালে৷ শ্ৰীলালৰ বুকুৰ জুইকৰা শান্ত হ’ল যদিও চৌফিয়া শান্তিৰে থাকিব পৰা নাছিল৷ তাৰ ফলতেই ছোৱালীজনীক ধৰ্ষণ কৰাৰ পাঁচদিনৰ দিনা চফিয়াই ছিংগাৰ গুপ্তাংগ কাটি চিৰদিনৰ বাবে ঘূণীয়া কৰি দিলে৷ আইনৰ দৃষ্টিত চৌফিয়াই এইটো অপৰাধ কৰিছে৷ কিন্তু এটা ক্ষমতাশালী অপৰাধীৰ বাবে এইটো উপযুক্ত শাস্তি যেনেই লাগে৷ কিন্তু চৌফিয়াৰ এই কামটোক সমৰ্থন জনাবও নোৱাৰি৷ শ্ৰীলালে এই কামটো চৌফিয়াৰ বুলি সন্দেহ কৰিছিল৷ শ্ৰীলালে ভাবিছিল চৌফিয়াই সিহঁতৰ সদস্য বৃদ্ধিৰ বাবেই এনে কাম কৰিলে৷ তেতিয়া চৌফিয়াই কৈছে এনেদৰে

হয়, এইটো সত্য যে এইটো কাম মই কৰিলোঁ, কিন্তু আমাৰ দলৰ সদস্য বঢ়াবৰ বাবে নহয়...৷১১

গল্পটিত তৃতীয় লিংগৰ লোকসকলে মহিলাসকলৰ নিৰাপত্তাৰ দিশটোত গুৰুত্ব দিছে৷ যি সমাজত তেওঁলোকক অস্পৃশ্য জ্ঞান কৰা হয়, তেওঁলোকক সমাজৰ পৰা বহিস্কাৰ কৰা হয়, ত তেওঁলোকৰ নিজৰেই নিৰাপত্তা নাই, তেনেস্থলত সেইখন সমাজৰে মহিলাসকলৰ নিৰাপত্তা আৰু মৰ্যাদাৰ বিষয়ে চিন্তা কৰা কথাটোৱে তেওঁলোকৰ থকা মানৱীয় প্ৰমূল্যবোধকে সূচাইছে৷

       শ্ৰীকৃষ্ণ সেনীৰ হিজ্‌ৰাগল্পটোৰ মূল চৰিত্ৰ ৰজিয়া এগৰাকী হিজ্‌ৰা৷ ৰাঘৱ আৰু নিম্মৌৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পাছত সিহঁতৰ তিনি-চাৰি বছৰীয়া একমাত্ৰ লৰা সুনীলক কোনেও তুলি লবলৈ আগ্ৰহ প্ৰকাশ কৰা নাছিল৷ ৰজিয়া নথকা হলে সুনীল অনাথ হলহেঁতেন৷ ৰজিয়াই সুনীলক তুলি লোৱাৰ কথা কোৱাৰ লগে লগে ৰজিয়াৰ লগৰ আন হিজ্‌ৰাবোৰে সেই কথাৰ বিৰোধিতা কৰিছিল৷ তেওঁলোকৰ মতে আমাৰ কোনো আত্মীয় নাই নাইবা নাই কোনো সন্তানো৷ যেতিয়া সুনীল ডাঙৰ হ, তেতিয়া তাক কি উত্তৰ দিবা৷ আন হিজ্‌ৰাসকলেও সুনীলক অনাথ হিচাপেই এৰি দিবলৈ কৈছিল৷ সুনীলক অনাথ বুলি কোৱাৰ লগে লগেই ৰজিয়াই চিঞৰি কৈছিল যে সুনীল অনাথ নহয়৷ তাক ৰজিয়াই ডাঙৰ-দীঘল কৰিব৷ গল্পটিত এই বিষয়ে ৰজিয়াই কৈছে এনেদৰে

খবৰদাৰ। কোনোবাই যদি ইয়াক অনাথ বুলি কোৱাঁ, ই মোৰ নিজৰ নহল কি হল... তোমালোকে নিম্মৌক পাহৰি যাব পাৰাঁ, মই পাহৰিব নোৱাৰোঁ৷ তাই নিজৰ ভনীয়েকতকৈ মোক বেছি মৰম কৰিছিল৷... এতিয়া মই ইমানো অকৃতজ্ঞ হব নোৱাৰোঁ যে তাইৰ এই কণমানি লৰাটোক ঘৰে-ঘৰে অৱহেলিত হবলৈ এৰি দিম৷১২

       কিছুদিনৰ পাছত ৰজিয়াই সুনীলক স্কুলত নাম লগাই দিয়ে আৰু হোষ্টেলতে থকাৰ ব্যৱস্থা কৰি দিয়ে৷ ৰজিয়াই স্কুলৰ হেডমাষ্টৰক অনুৰোধ জনায় যাতে  কোনো কাৰণতে, কেতিয়াও সুনীলক তাৰ পঢ়াৰ, থকাৰ সকলো খৰচ কোনে বহন কৰিছে গম পাবলৈ দিয়া নহয়৷ অৱশেষত সুনীলক অনাথ বুলিয়েই কাগজে-পত্ৰই লিখা হল৷ সুনীল সকলো শ্ৰেণীতে প্ৰথম হৈ আহি এম. এ-তো প্ৰথম স্থান লাভ কৰিলে৷ তাৰ পাছত সি লোকসেৱা আয়োগৰ পৰীক্ষাতো উত্তীৰ্ণ হল৷ সুনীলে চাকৰি পোৱাৰ বহু পাছলৈকে তাক ডাঙৰ কৰাৰ দায়িত্ব কোনে লৈছিল জনা নাছিল৷ যি সময়ত কাৰোবাক সৰু উপহাৰ এটা দিলেই জনাজাত হৈ পৰে, সেই সময়ত এগৰাকী তৃতীয় লিংগৰ ব্যক্তি হৈও কোনো স্বীকৃতি নিবিচৰাকৈ ৰজিয়াই যি এক মহৎ কৰ্ম কৰিলে, তাৰ যোগেদি তৃতীয় লিংগৰ লোকসকলৰ মানৱীয় দিশটো প্ৰকট হৈছে৷

      মহেন্দ্ৰ ভীষ্মৰ ত্ৰাসদীগল্পটোতো তৃতীয় লিংগৰ লোকৰ মানৱীয় দিশৰ স্ফূৰণ ঘটিছে৷ গল্পটিৰ মূল চৰিত্ৰ ৰতি। গিৰীয়েক বংশী ঢুকুৱাৰ পাছত তাই তাইৰ স্বামীৰ ট্ৰেইন ষ্টেশ্যনৰ প্লেটফৰ্মৰ চাফাই কৰ্মীৰ চাকৰিটো পায়৷ স্বামী ঢুকোৱাৰ পাঁচ মাহমানৰ পাছত কৰ্মস্থলীতেই এদিন দুপৰীয়া তাইক মুখত সোপা দি দুষ্ট লোক দুজনমানে মালগাড়ীৰ খালী ডবা এটালৈ নি ধৰ্ষণ কৰিবলৈ লয়৷ ঘটনাক্ৰমে সেই দৃশ্য দূৰৰ পৰা সুন্দৰী নামৰ তৃতীয় লিংগৰ ব্যক্তিগৰাকীয়ে দেখে৷ লগে-লগে সুন্দৰীয়ে চিঞৰ-বাখৰ কৰি দুষ্ট লোক কেইজনৰ ওপৰত জঁপিয়াই পৰে আৰু ৰতিক ধৰ্ষিত হোৱাৰ পৰা উদ্ধাৰ কৰে৷ গল্পটিত এই বিষয়ে কৈছে

...প্লেটফৰ্মতেই মানুহক নাচ-গান দেখাই-শুনাই নিজৰ পেট পোহা হিজ্‌ৰা সুন্দৰীয়ে ৰতিৰ লগত হৈ থকা জোৰ-জবৰদস্তি দূৰৰ পৰা দেখিলে৷ দেখাৰ লগে লগে সুন্দৰীয়ে দৌৰি-দৌৰি গৈ সেই মালগাড়ীৰ ডবাটো পালেগৈ, ত দুষ্ট দুটাই বেয়া কামটো কৰিবলৈ লৈছিল৷ সুন্দৰীয়ে চিঞৰ-বাখৰ কৰি তৎক্ষণাত সেই দুটাৰ ওপৰত জঁপিয়াই পৰিল ৷১৩

      আজিৰ এই মানুহৰ মাজত যান্ত্ৰিকতাই গা কৰি উঠা সময়ত, তোৰ সমস্যা তই নিজে সমাধান কৰবুলি বিপদাপন্নজনক এৰি দিয়া সময়ত সুন্দৰীৰ এনে কৰ্মৰ জৰিয়তে মানুহ মানুহৰ বাবেবোলা কথাষাৰ সাৰ্থক হৈছে৷ সুন্দৰীয়ে ৰতিক বচাবলৈ আহোঁতে সামাজিক লিংগ (gender)-ই কোনোধৰণৰ বাধা প্ৰদান কৰা নাই৷ সেই মুহূৰ্তত এগৰাকী নিঃসহায় মানুহক আন এগৰাকী সচেতন মানুহে সহায় কৰিছে৷ সকলোকে মানুহ বুলি ভাবিব পৰা দৃষ্টিভংগী সৃষ্টি হলেই তৃতীয় লিংগৰ লোকসকলে সমাজত প্ৰকৃতাৰ্থত মানুহ হিচাপে জীয়াই থাকিবলৈ সক্ষম হব৷

উপসংহাৰ

     তৃতীয় লিংগৰ সামাজিক উপেক্ষিত স্বৰূপটো হিন্দী গল্পৰ মাজলৈ আহিছে যদিও তৃতীয় লিংগৰ সামগ্ৰিক সমস্যাবোৰ গল্পৰ মাজলৈ এতিয়াও পূৰ্ণ ৰূপত অহা নাই৷ এই প্ৰবন্ধত কেৱল পাঁচটা হিন্দী গল্পৰ সম্পৰ্কেহে পৰিচয়মূলক অধ্যয়ন আগ বঢ়োৱা হল৷ গল্পকেইটিত তৃতীয় লিংগৰ সামাজিক স্থিতি আৰু তেওঁলোকৰ মানৱীয় দিশসমূহ সুন্দৰকৈ প্ৰতিফলিত হৈছে৷ হিন্দী ভাষাত তৃতীয় লিংগ সম্পৰ্কীয় গল্পৰ ক্ষেত্ৰখন বিস্তৃত হৈছে যদিও অসমীয়া ভাষাত এই সম্পৰ্কীয় সৃষ্টিশীল সাহিত্য অতি চালুকীয়া অৱস্থাতে আছে৷ অসমীয়া সাহিত্যতো এই বিষয়টিৰ চৰ্চা বৃদ্ধি হলে অসমীয়া সাহিত্যৰে বৈচিত্ৰ্য বাঢ়িব বুলি নিশ্চিতভাৱে কব পাৰি।

প্ৰসংগ-সূত্ৰ :

লক্ষ্যজিৎ হাজৰিকা, অসমীয়া সাহিত্যত তৃতীয় লিংগৰ প্ৰসংগ, পৃ. ১৯

  ৰাজকুমাৰ, থাৰ্ডজেণ্ডাৰ : ভাষা বৈজ্ঞানিক অধ্যয়ন, পৃ. ২৭

  S. Nanjundaswamy, An anthropological study of male to female transsexuals in Mysore and Bangalore cities, Karnataka, India, P. 52  

ৰাজকুমাৰ, উল্লিখিত, পৃ. ২৬

এম. ফিৰোজ খান, থাৰ্ড জেণ্ডাৰ : হিন্দী কহানিয়াঁ, পৃ. ৬৪

৬ উল্লিখিত, পৃ. ৬৫

উল্লিখিত, পৃ. ৭৭

উল্লিখিত, পৃ. ১৩১

উল্লিখিত,  পৃ. ১৩১

১০ উল্লিখিত,  পৃ. ৯৪

১১ উল্লিখিত,  পৃ. ৯৫

১২ উল্লিখিত, পৃ. ১২৪

১৩  উল্লিখিত, পৃ. ১০৮

(প্ৰবন্ধটিত ব্যৱহৃত হিন্দীৰ নামসমূহ অসমীয়ালৈ লিপ্যন্তৰ কৰোঁতে মূলৰ দৰে একে ৰখা হৈছে৷ উদ্ধৃতিসমূহ অসমীয়ালৈ অনুবাদ কৰি ব্যৱহাৰ কৰা হৈছে।)

_

ঠিকনা :

গৱেষক ছাত্ৰ,

অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয

ডাক- ডিব্ৰুগড় বিশ্ববিদ্যালয়

ভ্ৰাম্যভাষ -৮১৩৩৯৩৫০১২

ইমেইল: lakshyajit31@gmail.com

ফেইচ্‌বুক লিংক-https//www.facebook.com/lakshyajit.hazarika

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ