পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ
অনুবাদ সাহিত্যৰ প্ৰসংগ আহিলেই মই মোৰ বিশ্ববিদ্যালয় জীৱনৰ এগৰাকী শিক্ষাগুৰুৰ নাম ল’বই লাগিব৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত হৈ থাকোঁতে ড° কবীন ফুকন ছাৰৰ সৈতে অনুবাদ সাহিত্যৰ বিষয়ে কেইবাদিনো কথা পতা হৈছিল৷ ছাৰে এনে এটা আলোচনাত এদিন ‘Cultural transfer and adaptation in translation literature’-অৰ কথাটো ব্যাখ্যা কৰিছিল৷ অনুবাদ মানে শব্দ বা বাক্যৰ আক্ষৰিক অনুবাদ নহয়৷ অনুবাদ সাহিত্যত অনুবাদকে কেৱল মূল লেখাটোৰ কথাখিনিকেই অনুবাদ নকৰে বৰঞ্চ সেই লেখাটোৰ পটভূমিৰ সাংস্কৃতিক সমলসমূহকো নতুন ভাষিক পৰিধিৰ মাজলে লৈ আনে৷
A textbook Of Translation-অত Peter Newmark-য়ে কৈছিল “A translator who uses a cultural approach is simply recognizing that each language contains elements which are derived from its culture, that every text is anchored in a specific culture, and that conventions of text production and reception vary from culture to culture.” অৰ্থাৎ এগৰাকী ভাল অনুবাদকে কেৱল কেৱল মূল লেখাটোৰ ভাষাটো বুজিলেই নহ’ব, তাৰ লগতে তাৰ সাংস্কৃতিক পৰিসৰটোও বুজিব লাগিব৷ প্ৰতিটো ভাষাত সেই ঠাইৰ লোকসংস্কৃতিৰ পৰা অহা শব্দৰ অৰিহণা থাকে৷ এটা গল্পৰ পটভূমি, চৰিত্ৰৰ আচৰণ আৰু সামাজিক পৰম্পৰা—এইবোৰ সংস্কৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত৷ অনুবাদকে target language-অত সিবোৰক অনুবাদ লেখাটোৰ মাজত জীয়াই তুলিব নোৱাৰিলে বা জীয়াই নুতুলিলে মূল অৰ্থ হেৰাই যাব পাৰে৷ গতিকে লেখা এটা অনুবাদ কৰোঁতে তাৰ মানহবোৰৰ ভাব-চিন্তন অনুভূতি আৰু ভাষা-সংস্কৃতিৰ দৃষ্টিভংগীৰো অনুবাদ হ’ব লাগিব৷
একেবাৰে সাধাৰণ উদাহৰণ এটা লওঁ৷ দশম শ্ৰেণীৰ ছা্ত্ৰ এগৰাকীয়ে Rome was not built in a day-ৰ অনুবাদ কৰিলে ‘ভুকুতে কলটো নপকে’৷ শিক্ষকে উত্তৰটো ভুল বুলি ঘোষণা কৰি কলে য়ে উত্তৰটো হব লাগিছিল “ৰোমৰ (ৰৌমৰ) এদিনতে নিৰ্মাণ কৰা হোৱা নাছিল৷” এতিয়া কথা হ’ল এই বাক্যশাৰীৰ মাজত ঘৰুৱা ভাব-অনুভূতি কিবা আছেনে? বাক্যটোৱে অসমীয়া মানুহৰ মন গহনত কিবা চিনাকি ভাব-অনুভূতিৰ সঞ্চাৰ কৰিছেনে? নাই কৰা৷ আমাৰ মানুহৰ ৰৌম নগৰক লৈ কোনো আৱেগ নাই যিহেতু এই নগৰখন আমাৰ পৰিচিত নহয়৷ গতিকে কাৰ্যতঃ এই অনুবাদৰ কোনো সাংস্কৃতিক ৰূপান্তৰ নহ’ল আৰু ই ভাব বিনিময় কৰিব নোৱাৰিলে৷ অনুবাদ মানে কেৱল ভাষিক বিনিময়েই নহয় ই সাংস্কৃতিক বুজাবুজি আৰু ৰূপান্তৰৰো প্ৰক্ৰিয়া৷ এটা ভাষাৰ সমলক আন এটা ভাষালৈ অনুবাদ কৰোঁতে, তাৰ সৈতে মূল সংস্কৃতিৰ মূল্যবোধ, চিন্তাধাৰা, প্ৰবাদ-প্ৰবচন আৰু জীৱন দৰ্শনো একেলগে স্থানান্তৰিত হয়৷ অনুবাদকৰ কাম কেৱল শব্দৰ ৰূপান্তৰ নহয়—ই হৈছে মূল ৰচনাৰ ভাষিক আৰু সংস্কৃতিক পটভূমিৰ পৰিপ্ৰেক্ষিতত লেখকৰ ভাৱ অনুভূতি, চিন্তন, মূল্যবোধ আৰু মনস্তত্ত্ব আদি target language-অৰ পাঠকৰ কাৰণে বুজিব পৰা আৰু অনুভৱ কৰিব পৰাকে নতুন ৰূপত পুনৰ নিৰ্মাণ কৰা৷
সংস্কৃতি মূল্যবোধ দৰ্শন আৱেগ-অনুভূতি আদি কাৰকবোৰ জড়িত নোহোৱাকে কৰা অনুবাদ প্ৰকৃতাৰ্থত অনুবাদ হ’ব নোৱাৰে৷ প্ৰতিটো শব্দকে অভিধানগত শব্দৰে সলাই দিয়াটোৱেই অনুবাদ নহয়৷ ই মাত্ৰ হ’ব থলুৱা ভাব-আৱেগৰ ‘Foreignization’ ৷ অপ্ৰাসংগিক যদিও এই প্ৰসংগটোকে দাৰ্শনিক জ্যাক ডেৰিডা (Jacques Derrida)-ৰ deconstruction তত্ত্বৰ আধাৰত বিশ্লেষণ কৰিলে অনুবাদক বোধকৰোঁ এটা deconstructed text বুলিয়েই ক’ব পাৰি৷ ডেৰিডাই কৈছিল, কোনো পাঠৰ অৰ্থ সদায় একে নাথাকে — একোটা পাঠৰ অৰ্থ সদায় প্ৰসংগ পটভূমি আৰু ব্যাখ্যাৰ ওপৰত নিৰ্ভৰ কৰি সলনি হৈ থাকে৷ অনুবাদকৰ হাতত মূল পাঠটোৰ পুনৰ ব্যাখ্যাকৰণ আৰু পুনর্গঠন হয়— অৰ্থাৎ ই মূল পাঠটোক এফালৰ পৰা চাবলে গ’লে “deconstruct” কৰে, আৰু নতুন পৰিৱেশত ভাষা, সংস্কৃতি, আৱেগ আৰু চিন্তাৰ পটভূমিত তাক নতুন অৰ্থ আৰু দৃষ্টিকোণ প্ৰদান কৰে৷ ইয়াত মূল আৰু অনুবাদৰ মাজত অত্যধিক নিৰ্ভৰতাৰ সম্পৰ্ক নাথাকে; দুয়োটা ৰূপেই একে সময়তে পৃথক অথচ পৰস্পৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত৷
ডেৰিডাই নিজৰ প্ৰবন্ধ “Des Tours de Babel” (1985)-অত কৈছিল, “Every translation is at once a promise of and a failure to achieve the perfect communication of meaning.” কাৰণ ই প্ৰতিটো পাঠৰ ভিতৰৰ অসম্পূৰ্ণতাৰ দিশটো উন্মোচন কৰে৷ গতিকে এই ধৰণৰ দৃষ্টিভংগীৰে চালে অনুবাদ এক “deconstructed text”, কাৰণ ই প্ৰমাণ কৰে যে পাঠৰ অৰ্থ কেতিয়াও স্থিৰ নহয়, আৰু অনুবাদকে সদায় তাক পুনৰ নিৰ্মাণ কৰি তাৰ পুনৰ ব্যাখ্যাৰ সম্ভাৱনা আগবঢ়ায়৷ অনুবাদে Target language-অত মূল বক্তব্যৰ ভাব-আৱেগ বৰ্তাই ৰখাটোহে মূল কথা, শব্দৰ আক্ষৰিক পুনৰ্নিৰ্মাণ এক অৰ্থহীন প্ৰসংগ৷ পাঠকে তাক অনুভৱ কৰাত সমৰ্থ হ’ব লাগিব৷
