অন্যযুগ/


ৰঞ্জু হাজৰিকাৰ ৰহস্য-ভৌতিক-হ’ৰৰ গল্প

অসীম চুতীয়া


অসমীয়া সাহিত্যত ৰহস্য, ভৌতিকতা আৰু মানৱ-মনস্তত্ত্বৰ গভীৰ অনুসন্ধান কৰি যিসকল লেখকে সাহিত্য ৰচনা কৰিছে সেইসকলৰ ভিতৰত ৰঞ্জু হাজৰিকাৰ নামটো বিশেষভাৱে উল্লেখযোগ্য৷ তেখেতৰ গল্পসমূহ পঢ়িলে অনুভৱ কৰা যায় যে এই গল্পসমূহ কেৱল ভয় জগোৱা কাহিনী নহয়; বৰং মানুহৰ অন্তৰ্জগতৰ অদৃশ্য অন্ধকাৰ, সমাজৰ গোপন অসংগতি আৰু অজানাৰ প্ৰতি মানুহৰ চিৰন্তন কৌতূহলৰ এক গভীৰ সাহিত্যিক ৰূপায়ণ৷ সাধাৰণ জীৱনৰ একেবাৰে পৰিচিত পৰিৱেশৰ মাজত অদ্ভুত, ব্যাখ্যাতীত আৰু কেতিয়াবা ভয়ংকৰ অভিজ্ঞতাৰ সূক্ষ্ম প্ৰৱেশ ঘটাই তেওঁ এনে এক মনোৰম কাহিনীজগত সৃষ্টি কৰে, য’ত পঢ়ুৱৈয়ে একে সময়তে আকৃষ্ট, আতংকিত আৰু চিন্তামগ্ন হৈ পৰিবলৈ বাধ্য হয়৷

ৰঞ্জু হাজৰিকাই ভৌতিকতাক কেৱল অলৌকিকতাৰ মাজত সীমাত আবদ্ধ নৰাখি, ইয়াক মানুহৰ মানসিকতা, নৈতিক সংকট আৰু সামাজিক বাস্তৱতাৰ সৈতে নিবিড়ভাৱে সংযুক্ত কৰিছে৷ তেখেতৰ গল্পত ভয়ৰ উৎস মানুহৰ নিজৰ অন্তৰতেই নিহিত– য’ত দোষবোধ, লোভ, হিংসা আৰু অনুতাপ এক নতুন ৰূপত প্ৰকাশ পায়৷ আনহাতে, বিজ্ঞান, যুক্তি আৰু লোকবিশ্বাসৰ সংঘাতো তেখেতৰ গল্পসমূহৰ গুৰুত্বপূৰ্ণ বিশেষত্ব৷

ৰঞ্জু হাজৰিকাৰ গল্পসমূহে অসমীয়া ৰহস্য-ভৌতিক-হৰৰ সাহিত্যক এক নতুন আয়তন প্ৰদান কৰিছে, য’ত ভয় আৰু ৰোমাঞ্চৰ সমান্তৰালভাৱে জড়িত হৈ আছে চিন্তা, অনুভৱ আৰু উপলব্ধিৰ এক বহুমাত্ৰিক অভিজ্ঞতা৷ তেওঁৰ এই সৃষ্টিশীল সাহিত্যিক ধাৰাক বুজিবলৈ হ’লে তেওঁৰ গল্পসমূহৰ অন্তৰ্নিহিত বৈশিষ্ট্যসমূহ বিশ্লেষণ কৰা অত্যন্ত প্ৰয়োজনীয়৷ বনলতাই প্ৰকাশ কৰা ৰঞ্জু হাজৰিকাৰ  ‘নিৰ্বাচিত ৰহস্য গল্প’, ‘নিৰ্বাচিত ভৌতিক গল্প’ আৰু ‘নিৰ্বাচিত হ’ৰৰ গল্প’ৰ আধাৰত সেই বৈশিষ্ট্যসমূহৰ এটি আলোচনা আগবঢ়োৱা হ’ল–

বাস্তৱতা আৰু অলৌকিকতাৰ সুনিপুণ সমন্বয়

ৰঞ্জু হাজৰিকাৰ গল্পসমূহৰ অন্যতম কেন্দ্ৰীয় বৈশিষ্ট্য হৈছে কাহিনী গঠনত এক সুসংহত গতিশীলতা– য’ত বৰ্ণনা সদায়ে বাস্তৱ জীৱনৰ পৰিচিত আৰু স্বাভাৱিক পৰিৱেশৰ পৰা আৰম্ভ হৈ ক্ৰমায়ে অলৌকিক বা অতিপ্ৰাকৃত স্তৰলৈ উত্তৰণ ঘটে৷ এই উত্তৰণ কোনো আকস্মিক বা হঠাৎ হোৱা ঘটনাৰ ৰূপান্তৰ নহয়; বৰং এক সজাগ, সূক্ষ্ম আৰু পৰ্যায়ক্ৰমে গঢ়ি উঠা প্ৰক্ৰিয়া, যাৰ ফলত পঢ়ুৱৈয়ে নিশ্চিন্তমনেৰে সেই অদ্ভুত অভিজ্ঞতাৰ মাজত সোমাই পৰে৷ এই কৌশলটোৱে হাজৰিকাৰ গল্পসমূহত ভয় আৰু ৰহস্যৰ অনুভূতি অধিক প্ৰাকৃতিক আৰু গভীৰ ৰূপ লাভ কৰে৷

‘‘ৰহস্যময়ী হাত’’, ‘‘নিশাৰ অতিথি’’, ‘‘অৰ্ধসত্য’’, ‘‘দুৰ্বোধ্য সন্ধ্যাৰ বেদনা’’ আদি গল্পত দেখা যায় যে কাহিনীৰ আৰম্ভণি একেবাৰে সাধাৰণ আৰু দৈনন্দিন জীৱন পৰিক্ৰমাত উপস্থাপন কৰা হৈছে৷ চাহ বাগিচাৰ কোৱাৰ্টাৰ, অন্ধকাৰ যাত্ৰাপথ, নিজ ঘৰ বা নগৰীয়া জীৱনৰ একঘেয়েমি–এইবোৰ পঢ়ুৱৈৰে বাবে পৰিচিত আৰু বিশ্বাসযোগ্য৷ এই পৰিচিত পৰিৱেশৰ ব্যৱহাৰে গল্পসমূহক এক দৃঢ় বাস্তৱভিত্তি প্ৰদান কৰে, যাৰ ভিত্তিত পিছলৈ অলৌকিকতাৰ কাহিনী নিৰ্মাণ অধিক প্ৰভাৱশালী হৈ উঠে৷ পঢ়ুৱৈয়ে প্ৰথমে কাহিনীৰ সৈতে সহজে সংযোগ স্থাপন কৰে, আৰু এই সংযোগেই পিছত সৃষ্ট হোৱা ভয়ক অধিক তীব্ৰ কৰি তোলে৷

এই বাস্তৱতাৰ মাজত গল্পকাৰে অতি সূক্ষ্মভাৱে অস্বাভাৱিকতাৰ বীজ ৰোপণ কৰে৷ আৰম্ভণিতে এই অস্বাভাৱিকতা অত্যন্ত ক্ষুদ্ৰ আৰু প্ৰায়ে উপেক্ষণীয়৷ কিন্তু কাহিনীৰ অগ্ৰগতিত অদ্ভুত শব্দ, অচিনাকি অনুভূতি, আচৰণৰ সূক্ষ্ম পৰিৱৰ্তন বা কোনো অস্বাভাৱিক উপস্থিতিৰ আভাস দি গল্পৰ কাহিনীক শিহৰিত কৰি তোলা হয়৷ এই সৰু সৰু বিচু্যতিসমূহেই পৰৱত¹ পৰ্যায়ত এক বৃহৎ ৰহস্যৰ ৰূপ লয়৷ ঘটনাবোৰ ক্ৰমে জটিল আৰু অস্বস্তিকৰ হৈ উঠে আৰু পঢ়ুৱৈয়ে উপলব্ধি কৰিবলৈ আৰম্ভ কৰে যে বাস্তৱিকতে কিবা এক অজ্ঞাত শক্তিৰ প্ৰৱেশ ঘটিছে৷ এইধৰণৰ কৌশলী উপস্থাপনে উত্তেজনা বৃদ্ধি কৰি গল্পসমূহক অধিক প্ৰাণৱন্ত আৰু মনস্তাত্ত্বিকভাৱে প্ৰভাৱশালী কৰি তোলে৷

শেষৰফালে কাহিনী আগবাঢ়ি গৈ এক চূড়ান্ত সত্য উন্মোচনত উপনীত হয়, য’ত সেই অদৃশ্য বা অস্পষ্ট ঘটনাৰ প্ৰকৃত সত্য প্ৰকাশ পায়৷ এই সত্যই কেতিয়াবা স্পষ্ট ভৌতিক ৰূপ লয়, কেতিয়াবা আধা-ব্যাখ্যাতীত হৈ থাকে আৰু কেতিয়াবা পঢ়ুৱৈক ব্যাখ্যাৰ ভাৰ দিয়া হয়৷ এই অনি(য়তা বা দ্ব্যৰ্থতাই [ambiguity] তেওঁৰ গল্পসমূহৰ মৌলিক শক্তি৷ পঢ়ুৱৈয়ে নিশ্চিতভাৱে ক’ব নোৱাৰে যে ঘটনাটো বাস্তৱ, নে মানসিক বিভ্ৰম, নে অতিপ্ৰাকৃত অভিজ্ঞতা –এই অনি(য়তাই হাজৰিকাৰ গল্পসমূহৰ প্ৰভাৱক দীৰ্ঘস্থায়ী কৰি তোলে৷

এই কৌশলটোৱে দুটা গুৰুত্বপূৰ্ণ সাহিত্যিক তাৎপৰ্য সৃষ্টি কৰে৷ প্ৰথমতে, ই পঢ়ুৱৈক এক ছয়াময়া মানসিক অৱস্থাত ৰাখে, য’ত সত্য আৰু অসত্যৰ সীমাৰেখা অস্পষ্ট হৈ পৰে৷ এই ছয়াময়াই পঢ়ুৱৈৰ মনত কৌতূহল জাগ্ৰত কৰি ৰাখে আৰু কাহিনীৰ সৈতে পঢ়ুৱৈৰ একাত্মতা বৃদ্ধি কৰে৷ দ্বিতীয়তে, ভয়ক অধিক বিশ্বাসযোগ্য কৰি তোলে৷ যিহেতু ভয়ৰ উৎস সম্পূৰ্ণ অচিনাকি বা কাল্পনিক নহয়, বৰং বাস্তৱৰ মাজতেই লাহে লাহে বিকশিত হয়, সেয়েহে পঢ়ুৱৈয়ে তাক অধিক বাস্তৱসন্মত আৰু অনুভৱযোগ্য বুলি গ্ৰহণ কৰে৷ ফলত, এই ভয় ক্ষণস্থায়ী নহয়; ই মনস্তাত্ত্বিকভাৱে গভীৰ আৰু দীৰ্ঘস্থায়ী হয়৷

মূলতঃ বাস্তৱতাৰ পৰা অলৌকিকতাৰ দিশে আগবাঢ়ি যোৱা এইধৰণৰ সুনিপুণ উত্তৰণ কৌশলৰ মাধ্যমতে ৰঞ্জু হাজৰিকাই গল্পসমূহক এক বিশেষ সাহিত্যিক উচ্ছতালৈ উন্নীত কৰিছে৷ এই কৌশলেই তেখেতৰ ভৌতিক কাহিনীক সাধাৰণ ভয়ৰ কাহিনীৰ পৰা পৃথক কৰি এক গভীৰ, চিন্তাপ্ৰৱণ আৰু মানসিকভাৱে অভিঘাতময় সাহিত্যিক অভিজ্ঞতালৈ ৰূপান্তৰিত কৰিছে৷

পৰিৱেশ নিৰ্মাণৰ অসাধাৰণ দক্ষতা

ৰঞ্জু হাজৰিকাৰ ৰহস্য-ভৌতিক-হৰৰ গল্পসমূহত পৰিৱেশ নিৰ্মাণ অত্যন্ত সূক্ষ্ম, সচেতন আৰু কৌশলগত সাহিত্যিক প্ৰক্ৰিয়া, য’ত পৰিৱেশ কেৱল কাহিনীৰ পটভূমি হিচাপে সীমাবদ্ধ নাথাকে; বৰং ই কাহিনীৰ অগ্ৰগতি, উত্তেজনা আৰু ভয়ৰ অনুভূতি গঢ়ি তোলাত এক সক্ৰিয় আৰু নিৰ্ণায়ক উপাদান হিচাপে কাম কৰে৷ তেওঁৰ গল্পসমূহত স্থান, সময় আৰু ইন্দ্ৰিয়গত উপাদানসমূহ এনেদৰে সংগঠিত হয় যে এইবোৰৰ সংমিশ্ৰণে একপ্ৰকাৰৰ জীৱন্ত, স্পন্দিত আৰু প্ৰায় স্বয়ংসম্পূৰ্ণ সত্তাৰ ৰূপ ধাৰণ কৰে৷

‘‘ভয়ানক’’, ‘‘শৱ কটা সনাতন’’, ‘‘বতাহত তেজৰ গোন্ধ’’, ‘‘বিছা’’, ‘‘মেডাম’’ আদি গল্পত দেখা যায় যে পৰিৱেশ চিত্ৰায়ণৰ ক্ষেত্ৰত গল্পকাৰে অতি সূক্ষ্মভাৱে নিশাৰ নিস্তব্ধতা, কুঁৱলীৰ অস্পষ্টতা, অন্ধকাৰৰ গাঢ়তা, বৰষুণৰ শব্দ, গেলা-পঁচা বা অস্বাভাৱিক গোন্ধ আদি ইন্দ্ৰিয়গত উপাদানসমূহৰ সময় ঘটায়৷ এই উপাদানসমূহ কেৱল দৃশ্যমান বা বৰ্ণনামূলক নহয়; ই পঢ়ুৱৈৰ অনুভৱক স্পৰ্শ কৰে– দৃষ্টিৰ লগতে শব্দ, ঘ্ৰাণ আৰু স্পৰ্শৰ এক সমিত অভিজ্ঞতা সৃষ্টি কৰে৷ ফলত পঢ়ুৱৈয়ে কাহিনীত বৰ্ণিত পৰিৱেশৰ সৈতে একাত্মতা অনুভৱ কৰিব পাৰে৷

এই পৰিৱেশ নিৰ্মাণৰ প্ৰক্ৰিয়াটো সাধাৰণতে লাহে লাহে আগবাঢ়ে৷ আৰম্ভণিতে একেবাৰে স্বাভাৱিক আৰু নিৰপেক্ষ বৰ্ণনাৰে কাহিনীৰ পটভূমি নিৰ্মাণ কৰা হয়৷ তাৰ পিছত সৰু সৰু বিচু্যতি–অস্বাভাৱিক শব্দ, অচিনাকি নীৰৱতা, হঠাৎ পোহৰৰ পৰিৱৰ্তন বা অজানা গোন্ধ– এইবোৰৰ জৰিয়তে একধৰণৰ অদৃশ্য উত্তেজনা সৃষ্টি কৰা হয়৷ এই উত্তেজনা হঠাৎ বিস্ফোৰিত নহয়; বৰং লাহে লাহে গঢ় লৈ উঠে, যাৰ ফলত পাঠকৰ মনত এক ধৰণৰ স্নায়ুচাপ আৰু উৎকণ্ঠা জন্মে৷ ইয়াৰ সমান্তৰালভাৱে শব্দ, পোহৰ আৰু গোন্ধৰ সমিত ব্যৱহাৰ গল্পকাৰৰ পৰিৱেশ নিৰ্মাণৰ আন এক গুৰুত্বপূৰ্ণ দিশ৷ উদাহৰণস্বৰূপে, নিস্তব্ধ নিশাৰ মাজত দূৰৰ অজানা শব্দ, ম্লান পোহৰত দেখা অস্পষ্ট আকাৰ বা গেলা-পঁচা গোন্ধৰ উপস্থিতি –এইবোৰে একপ্ৰকাৰৰ বহুমাত্ৰিক অনুভৱ সৃষ্টি কৰে৷ এই অনুভৱসমূহ সামগ্ৰিকভাৱে ইন্দ্ৰিয়গত অভিজ্ঞতালৈ ৰূপান্তৰিত হয়, যাৰ ফলত ভয়ৰ অনুভূতি অধিক গভীৰ আৰু স্থায়ী হয়৷

এই সকলো উপাদানৰ সময়ত গল্পৰ পটভূমিটোৱে কেতিয়াবা একোটা ‘‘চৰিত্ৰ’’ৰ ৰূপ লয়৷ অৰ্থাৎ, পটভূমিটো নিি¦য় নহয়; ই কাহিনীৰ ঘটনাসমূহৰ সৈতে সম্পৰ্ক স্থাপন কৰে, চৰিত্ৰসমূহৰ আচৰণ আৰু মানসিক অৱস্থাক প্ৰভাৱিত কৰে আৰু কেতিয়াবা ঘটনাৰ গতি নিৰ্ধাৰণতো ভূমিকা গ্ৰহণ কৰে৷ মৰ্গ, পৰিত্যক্ত ঘৰ, অৰণ্য, নিস্তব্ধ ষ্টেচন –এইবোৰ পটভূমি হাজৰিকাৰ গল্পত যেন নিজস্ব অস্তিত্ব আৰু সত্তা লৈ উপস্থিত হয়, যিয়ে ভয়ৰ উৎস হিচাপে কাম কৰে৷

সামগ্ৰিকভাৱে ক’ব পাৰি যে ৰঞ্জু হাজৰিকাৰ পৰিৱেশ নিৰ্মাণ কৌশল কাহিনীৰ অন্তৰ্নিহিত গঠন আৰু প্ৰভাৱৰ সৈতে গভীৰভাৱে সংযুক্ত৷ লাহে লাহে উত্তেজনা বৃদ্ধি, ইন্দ্ৰিয়গত উপাদানৰ সূক্ষ্ম সংমিশ্ৰণ আৰু পটভূমিক এক সক্ৰিয় সত্তা হিচাপে উপস্থাপন –এই সকলো দিশৰ সময়ে তেওঁৰ ভৌতিক গল্পসমূহ এক গভীৰ, জীৱন্ত আৰু স্মৰণীয় সাহিত্যিক অভিজ্ঞতালৈ উন্নীত কৰিছে৷

মনস্তাত্ত্বিক ভয় আৰু অন্তদ্বৰ্ন্দ্ব

ৰঞ্জু হাজৰিকাৰ ৰহস্য-ভৌতিক-হৰৰ গল্পসমূহৰ এটি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে– ভয়ৰ উৎস বাহ্যিক ঘটনাতকৈ অধিকাংশ সময়ত মানুহৰ অন্তৰ্জগতত অৱস্থিত৷ তেখেতৰ গল্পৰ কাহিনীত দেখা যায় যে ভৌতিক অভিজ্ঞতাসমূহ মানুহৰ নিজৰ মনস্তাত্ত্বিক অৱস্থা, অৱদিমত স্মৃতি আৰু নৈতিক সংকটৰ এক বহিপ্ৰৰ্কাশ মাথো৷ এই বিশেষত্বসমূহে তেখেতৰ গল্পসমূহ আধুনিক মনস্তাত্ত্বিক সাহিত্যৰ সৈতে এক নিবিড় সম্পৰ্ক স্থাপন কৰে৷

‘‘ক্ষুধিত জিঘাংসা’’, ‘‘বীভৎস’’, ‘‘সৰ্বনাশী অস্তিত্ব’’, ‘‘তৃতীয় ৰিপু’’ আদি গল্পসমূহত প্ৰতিফলিত দোষবোধ, হিংসা, লোভ, অনুতাপ আদি অনুভূতিসমূহ কেৱল চৰিত্ৰৰ অন্তৰ্জীৱনৰ অংশ নহয়; এইবোৰ গল্পৰ ঘটনাপ্ৰবাহৰ মূল চালিকা শক্তি৷ এই অনুভূতিসমূহে চৰিত্ৰৰ মনোজগতত প্ৰৱেশ কৰি এক প্ৰকাৰ মানসিক চাপ আৰু অস্থিৰতা সৃষ্টি কৰে, যাৰ ফলত বাস্তৱ আৰু অবাস্তৱৰ সীমাৰেখা ক্ৰমে অস্পষ্ট হৈ পৰে৷ এই অৱস্থাত ৰহস্য-ভৌতিক-হৰৰ অভিজ্ঞতা যেন স্বাভাৱিকভাৱেই উদ্ভৱ হয়৷

‘‘ক্ষুধিত জিঘাংসা’’ত সৌমাৰৰ দোষবোধই এই প্ৰক্ৰিয়াৰ এক উৎকৃষ্ট উদাহৰণ৷ অতীতৰ পাপ ঢাকি ৰাখিবলৈ চেষ্টা কৰিলেও সেই দোষবোধ সৌমাৰৰ অৱচেতন মনত অবিৰতভাৱে সক্ৰিয় হৈ থাকে৷ ফলত গৌৰীৰ অশৰীৰী উপস্থিতি কেৱল বাহ্যিক ভৌতিক ঘটনা নহয়; ই সৌমাৰৰ মনত দমন কৰি ৰখা স্মৃতি আৰু অনুতাপৰেই একপ্ৰকাৰৰ ৰূপান্তৰ৷ শেষত এই মানসিক চাপেই সৌমাৰক আত্মবিনাশৰ পথলৈ ঠেলি দিয়ে৷ ইয়াত ভৌতিকতা মূলতঃ নৈতিক শাস্তিৰ একধৰণৰ মনস্তাত্ত্বিক ৰূপ৷

একেদৰে ‘‘তৃতীয় ৰিপু’’ত অনলৰ ভয় আৰু অন্তৰ্নিহিত অস্থিৰতাই ভয়ংকৰ ৰূপ লয়৷ অনলৰ মনত সঞ্চিত ভয় আৰু অবদমিত প্ৰবৃত্তিয়ে পশুত্বৰূপে প্ৰকাশ পায়৷ এই ৰূপান্তৰ মানুহৰ অন্তৰ্নিহিত অন্ধকাৰৰ এক প্ৰতীকাত্মক প্ৰকাশ৷ এইদৰে গল্পকাৰে দেখুৱাইছে যে মানুহৰ ভিতৰত লুকাই থকা হিংসা বা ভয় উপযুক্ত পৰিৱেশ-পৰিস্থিতিত ভয়ংকৰ ৰূপ ল’ব পাৰে৷ ‘‘বীভৎস’’ আৰু ‘‘সৰ্বনাশী অস্তিত্ব’’তো একে ধৰণৰ মনস্তাত্ত্বিক গতিশীলতা লক্ষ্য কৰা যায়৷ লোভ বা অস্তিত্বৰ প্ৰলোভনে মানুহক নৈতিক সীমা অতিক্ৰম কৰিবলৈ বাধ্য কৰে, আৰু তাৰ ফলত সৃষ্টি হোৱা অন্তদ্বৰ্ন্দ্ব আৰু অনুতাপেই ভৌতিক অভিজ্ঞতাৰ জন্ম দিয়ে৷ এইবোৰ গল্পত চিত্ৰিত ভৌতিকতা হৈছে মানুহৰ নিজৰ কৰ্মৰ ফলস্বৰূপে সৃষ্টি হোৱা একধৰণৰ অন্তৰ্জাত আতংক৷

এই দিশত ৰঞ্জু হাজৰিকাৰ গল্পসমূহৰ বিশেষ তাৎপৰ্য এইখিনিতে নিহিত আছে যে তেখেতে ভৌতিকতাক ‘‘বাহিৰৰ’’ বিষয় হিচাপে উপস্থাপন নকৰি মনৰ ‘‘ভিতৰৰ’’ বিষয় হিচাপে প্ৰতিষ্ঠা কৰে৷ ভয়ৰ উৎস কোনো অদৃশ্য শক্তি নহয়, বৰং মানুহৰ নিজৰ মন, নিজৰ দোষ আৰু নিজে দমন কৰি ৰখা কিছুমান অনুভূতিৰ ফচলহে৷ এই কৌশলে ভৌতিক অভিজ্ঞতাক অধিক বাস্তৱসন্মত আৰু অনুভৱযোগ্য কৰি তোলে, কাৰণ পঢ়ুৱৈয়ে বুজি পায় যে এই ভয় মানুহৰ নিজৰ অন্তৰতেই লুকাই আছে৷

ৰঞ্জু হাজৰিকাই ৰহস্য-ভৌতিক-হৰৰ গল্পত এক নতুন দৃষ্টিভংগী আগবঢ়াইছে, য’ত ভৌতিকতা মানসিক সত্যৰ এক প্ৰকাশ৷ দোষবোধ, হিংসা, লোভ আৰু অনুতাপৰ দৰে গভীৰ মানৱীয় অনুভূতিসমূহেই তেখেতৰ গল্পত ভৌতিক অভিজ্ঞতাৰ মূল উৎস হৈ উঠে৷ এইদৰে তেখেতৰ গল্পসমূহে পঢ়ুৱৈক মানুহৰ অন্তৰ্জগতৰ অন্ধকাৰ দিশসমূহ উপলব্ধি কৰিবলৈ প্ৰেৰণা যোগায়৷

বিজ্ঞান আৰু কল্পবিজ্ঞানৰ সংমিশ্ৰণ

ৰঞ্জু হাজৰিকাৰ ৰহস্য-ভৌতিক-হৰৰ গল্পসমূহৰ অন্য এক উল্লেখযোগ্য আধুনিক বৈশিষ্ট্য হৈছে–ভয়ৰ উৎস আৰু ঘটনাপ্ৰবাহক ব্যাখ্যা কৰিবলৈ বৈজ্ঞানিক যুক্তি আৰু ধাৰণাৰ সুদক্ষ ব্যৱহাৰ৷ তেখেতৰ গল্পৰ ভৌতিকতা কেৱল অলৌকিকতা বা কুসংস্কাৰৰ ওপৰত নিৰ্ভৰশীল নহয়; বৰং ই বহু সময়ত বিজ্ঞান, পৰ্যবেক্ষণ আৰু যুক্তিনিষ্ঠ অনুসন্ধানৰ সৈতে সংযুক্ত হৈ এক নতুন ধৰণৰ ৰোমাঞ্চধৰ্মী অভিজ্ঞতা সৃষ্টি কৰে৷ এই দিশত তেখেতৰ গল্পসমূহ পৰম্পৰাগত ভূতৰ কাহিনীৰ সীমা অতিক্ৰম কৰি আধুনিক বিজ্ঞানভিত্তিক ভৌতিক-সাহিত্যৰ পৰিসৰত প্ৰৱেশ কৰে৷

‘‘ক্ষুধাতুৰ’’, ‘‘অবিশ্বাস্য’’, ‘‘সুধাৰ পাত্ৰত বিষ’’, ‘‘মৃত্যুৰ পদধবনি’’ আদি গল্পত দেখা যায় যে গল্পকাৰে ভয়ংকৰ বা অজানা ঘটনাৰ অন্তৰালত বৈজ্ঞানিক কাৰণ বিচাৰি উলিয়াবলৈ প্ৰয়াস কৰিছে৷ মাংসহাৰী উদ্ভিদ, প্ৰাগৈতিহাসিক জীৱৰ সম্ভাৱ্য অস্তিত্ব, ফেৰোমনৰ জৈৱ-ৰাসায়নিক প্ৰভাৱ, বা ভিন্নগ্ৰহী সত্তাৰ উপস্থিতি –এইবোৰ উপাদান কল্পনাপ্ৰসূত হ’লেও সম্পূৰ্ণ অযুক্তিসংগত নহয়; ইয়াক এক ধৰণৰ বৈজ্ঞানিক সম্ভাৱনা আৰু তত্ত্বৰ ভিত্তিত উপস্থাপন কৰা হৈছে৷ ফলত গল্পৰ কাহিনীবোৰে পঢ়ুৱৈৰ মনত কেৱল ভয় বা বিস্ময় সৃষ্টি নকৰে, একেসময়তে কৌতূহল আৰু অনুসন্ধিৎসাও জগাই তোলে৷

এই কৌশলৰ দ্বাৰা গল্পকাৰে মূলতঃ দুটা গুৰুত্বপূৰ্ণ সাহিত্যিক উদ্দেশ্য পূৰণ কৰে৷ প্ৰথমতে, অজানাক যুক্তিৰে বুজোৱাৰ চেষ্টা৷ মানুহে যি বস্তু বুজি নাপায়, তাক সাধাৰণতে ‘‘অলৌকিক’’ বুলি গণ্য কৰে৷ কিন্তু হাজৰিকাৰ গল্পত এই অজানাক যুক্তিনিষ্ঠভাৱে বিশ্লেষণ কৰি দেখুওৱাইছে যে বহু ক্ষেত্ৰত সেইবোৰৰ পিচত কোনো বাস্তৱসন্মত বৈজ্ঞানিক কাৰণ থাকিব পাৰে৷ এইদৰে তেখেতে পঢ়ুৱৈক অন্ধবিশ্বাসৰ পৰা আঁতৰাই আনি যুক্তিবাদী চিন্তাধাৰাৰ দিশে আগবঢ়াই নিবলৈ চেষ্টা কৰিছে৷

দ্বিতীয়তে, ভয়ৰ অন্তৰালত থকা বাস্তৱ সত্য উন্মোচন কৰা৷ তেওঁৰ গল্পসমূহত আৰম্ভণিতে যিবোৰ ঘটনা ভৌতিক বা অতিপ্ৰাকৃত যেন লাগে, শেষত সেয়া কেতিয়াবা বৈজ্ঞানিক ব্যাখ্যাৰে স্পষ্ট হৈ উঠে৷ এই উন্মোচনে গল্পসমূহক এক চমকপ্ৰদ নাটকীয়তা সৃষ্টি কৰাৰ লগতে পঢ়ুৱৈক উপলব্ধি কৰায় যে ভয়ৰ মূল উৎস বহু সময়ত অজ্ঞতা বা ভুল ব্যাখ্যা৷ উদাহৰণস্বৰূপে, অজানা জীৱ বা উদ্ভিদৰ আচৰণ বা মানৱ শৰীৰৰ ৰাসায়নিক প্ৰতিক্ৰিয়াই সৃষ্টি কৰা বিভ্ৰম –এইবোৰে ভৌতিকতাৰ অনুভূতি সৃষ্টি কৰিব পাৰে, কিন্তু ইয়াৰ পিছত থাকে বাস্তৱসন্মত বৈজ্ঞানিক প্ৰক্ৰিয়া৷

ইয়াৰ উপৰিও, এই বৈজ্ঞানিক উপাদানসমূহে তেখেতৰ গল্পসমূহক আধুনিকতাৰ সৈতে সংযুক্ত কৰে৷ পঢ়ুৱৈয়ে গল্পসমূহ পঠনৰ মাজেৰে বিজ্ঞান, প্ৰযুক্তি আৰু অজানাৰ সম্ভাৱ্য জগতৰ সৈতে এক মানসিক যাত্ৰাত অংশগ্ৰহণ কৰে৷ ফলত গল্পসমূহে একেসময়তে ভৌতিক, ৰহস্যময় আৰু বৌদ্ধিক আনন্দ প্ৰদান কৰে৷

ৰঞ্জু হাজৰিকাৰ ৰহস্য-ভৌতিক-হৰৰ গল্পসমূহত বৈজ্ঞানিক ব্যাখ্যাৰ ব্যৱহাৰ তেখেতৰ সাহিত্যিক দৃষ্টিভংগীৰ এক মৌলিক অংশ৷ অজানাক যুক্তিৰে বুজোৱা আৰু ভয়ৰ অন্তৰালত থকা বাস্তৱ সত্য উদঘাটন কৰা –এই দুয়োটা উদ্দেশ্যৰ সময়ে তেখেতৰ গল্পসমূহক এক নতুন উচ্ছতালৈ লৈ গৈছে৷ এই দিশতেই তেখেতৰ গল্পসমূহে বিশ্বাসযোগ্য ৰূপ লাভ কৰিছে৷

লোকবিশ্বাস আৰু বাস্তৱতাৰ সংঘাত

অসমীয়া সমাজত যুগে যুগে প্ৰচলিত হৈ অহা লোকবিশ্বাস– যেনে ভূত, অপদেৱতা, অভিশাপ, অশুভ শক্তি এইবোৰে ৰঞ্জু হাজৰিকাৰ গল্পসমূহত এক গুৰুত্বপূৰ্ণ সাহিত্যিক উপাদান হিচাপে প্ৰতিফলিত হৈছে৷ কিন্তু তেখেতে এই বিশ্বাসসমূহক অন্ধভাৱে গ্ৰহণ কৰা নাই; বৰং সৃজনশীল কৌশলৰ জৰিয়তে ইয়াক কাহিনীৰ গঠনত ব্যৱহাৰ কৰি তাৰ অন্তৰালত লুকাই থকা বাস্তৱিক, সামাজিক আৰু মানসিক সত্যসমূহ উদঘাটন কৰিছে৷ এইদিশত তেখেতৰ গল্পসমূহে সমাজৰ চিন্তাধাৰাকো সমালোচনা কৰিছে৷

‘‘বতাহত তেজৰ গোন্ধ’’, ‘‘সিপাৰৰ ৰখীয়া’’, ‘‘ক্ষমা নাই’’ আদি গল্পত সাধাৰণতে কাহিনীৰ আৰম্ভণিতে এক প্ৰবল অলৌকিক পৰিৱেশ সৃষ্টি কৰা হৈছে৷ অজানা শব্দ, হঠাৎ মৃত্যু, অস্বাভাৱিক আচৰণ বা অদৃশ্য শক্তিৰ উপস্থিতিৰ আভাস –এইবোৰে চৰিত্ৰসমূহ আৰু পঢ়ুৱৈ উভয়কে একধৰণৰ ভৌতিক ব্যাখ্যাৰ দিশে ঠেলি দিয়ে৷ বিশেষকৈ গাঁওসমাজৰ মানুহে এই ঘটনাবোৰ সহজেই অপদেৱতা বা ভূতৰ সৈতে সংযুক্ত কৰে, কাৰণ ই তেওঁলোকৰ মানসিকতা আৰু পৰম্পৰাগত বিশ্বাসৰ অংশ৷ এইদৰে কাহিনীৰ আৰম্ভণিতে এক ভয়ংকৰ, ৰহস্যময় আৰু অলৌকিক আৱৰণ গঢ়ি তোলা হয়৷

কিন্তু কাহিনী আগবঢ়াৰ লগে লগে গল্পকাৰে এই অলৌকিক ধাৰণাবোৰক ভাঙিবলৈ আৰম্ভ কৰে৷ অনুসন্ধান, পৰ্যবেক্ষণ আৰু যুক্তিনিষ্ঠ বিশ্লেষণৰ জৰিয়তে প্ৰকাশ পায় যে ঘটনাবোৰৰ পিচত কোনো অশৰীৰী শক্তি নহয়, বৰং বাস্তৱসন্মত আৰু স্পষ্ট কাৰণ লুকাই আছে৷ এই উন্মোচনৰ মুহূৰ্ততে কাহিনীৰ মূল তাৎপৰ্য স্পষ্ট হয়– যি বস্তু প্ৰথমে ‘‘অপদেৱতা’’ বুলি ধৰা হৈছিল, সেয়া আচলতে কোনো প্ৰাকৃতিক কাৰণ, বৈজ্ঞানিক কাৰণ বা মানুহৰ নিজৰ কৰ্মৰ ফল৷

এইধৰণৰ সংঘাতে প্ৰথমতে উন্মোচন কৰে অন্ধবিশ্বাসৰ সীমাবদ্ধতা৷ হাজৰিকাই দেখুৱাইছে যে মানুহে যেতিয়া ভয় আৰু অজ্ঞতাৰ বশৱৰ্তী হৈ সকলো ঘটনাক অলৌকিকতাৰ সৈতে সংযুক্ত কৰে, তেতিয়া তেওঁলোকে বাস্তৱিক সমস্যাটো অনুধাৱন কৰিব নোৱাৰে৷ অন্ধবিশ্বাসে যুক্তিবোধক স্তব্ধ কৰি তোলে আৰু সত্য অনুসন্ধানৰ পথত বাধা সৃষ্টি কৰে৷ ফলত সমাজ ভুল দিশে আগবাঢ়ে আৰু বাস্তৱিক কাৰণকো অৱহেলা কৰে৷ মূলতঃ গল্পকাৰে পঢ়ুৱৈক সতৰ্ক কৰি দিছে যে অন্ধবিশ্বাসে মানুহক বিভ্ৰান্ত কৰে আৰু সমস্যাৰ মূল কাৰণৰ পৰা আঁতৰাই ৰাখে৷

দ্বিতীয়তে, এই সংঘাতে স্পষ্টকৈ প্ৰকাশ কৰে বাস্তৱ কাৰণৰ অস্তিত্ব৷ হাজৰিকাৰ গল্পসমূহত দেখা যায় যে অলৌকিকতাৰ আৱৰণ আঁতৰাৰ পিছত যি সত্য প্ৰকাশ পায়, সেয়া বহু সময়ত অধিক ভয়ংকৰ আৰু বাস্তৱিক৷ কেতিয়াবা সেইটো হয় প্ৰকৃতিৰ অজানা শক্তি, কেতিয়াবা কোনো বৈজ্ঞানিক বা জৈৱিক কাৰণ, আৰু কেতিয়াবা মানুহৰ নিজৰ নিষ্ঠুৰতা বা সামাজিক অন্যায়৷ অৰ্থাৎ, যাক মানুহে ‘‘ভূত’’ বুলি ভয় কৰে, সেয়া আচলতে বাস্তৱ জগতৰ এক গুৰুত্বপূৰ্ণ কাৰণ হ’ব পাৰে, যাক বুজিবলৈ যুক্তি আৰু সচেতনতাৰ প্ৰয়োজন৷

লোকবিশ্বাস আৰু বাস্তৱতাৰ মাজৰ এইধৰণৰ সংঘাতে হাজৰিকাৰ গল্পসমূহত এক গভীৰ সাহিত্যিক তাৎপৰ্য বহন কৰে৷ তেখেতে লোকবিশ্বাসক সম্পূৰ্ণভাৱে নস্যাৎ নকৰি, ইয়াক এক কাহিনী-কৌশল হিচাপে ব্যৱহাৰ কৰি তাৰ সীমা আৰু প্ৰভাৱ উন্মোচন কৰে৷ ফলত পঢ়ুৱৈয়ে একেসময়তে ভয় আৰু চিন্তাৰ অভিজ্ঞতা লাভ কৰে৷ পঢ়ুৱৈয়ে বুজি পায় যে সকলো অজানা ঘটনা অলৌকিক নহয়, আৰু বাস্তৱক বুজিবলৈ যুক্তিবাদী দৃষ্টিভংগী অতি প্ৰয়োজনীয়৷

শক্তিশালী চৰিত্ৰ নিৰ্মাণ

ৰঞ্জু হাজৰিকাৰ গল্পসমূহত চৰিত্ৰ নিৰ্মাণ আন এক গুৰুত্বপূৰ্ণ আৰু সূক্ষ্ম সাহিত্যিক কৌশল, য’ত তেখেতে দৈনন্দিন জীৱনৰ পৰা সংগ্ৰহ কৰা একেবাৰে সাধাৰণ মানুহক কাহিনীৰ কেন্দ্ৰত স্থাপন কৰে৷ ডাক্তৰ, আৰক্ষী, শিক্ষক, বন্ধু, খেতিয়ক, গৃহিণী –এইবোৰ পৰিচিত সামাজিক ভূমিকা পালন কৰা মানুহেই তেখেতৰ গল্পৰ মুখ্য চৰিত্ৰ৷ এই স্বাভাৱিকতাই গল্পৰ কাহিনীক এক দৃঢ় বাস্তৱভিত্তি প্ৰদান কৰে আৰু পঢ়ুৱৈয়ে সহজেই সেই চৰিত্ৰসমূহৰ সৈতে আত্মীয়তা অনুভৱ কৰিব পাৰে৷ কিন্তু এই বাহ্যিক স্বাভাৱিকতাৰ অন্তৰালত লুকাই থাকে গভীৰ নৈতিক দ্বন্দ্ব, মানসিক জটিলতা আৰু অন্তৰ্নিহিত অন্ধকাৰ –যিয়ে তেখেতৰ চৰিত্ৰসমূহক অসাধাৰণ আৰু বহুমাত্ৰিক কৰি তোলে৷

হাজৰিকাৰ চৰিত্ৰসমূহ একৰৈখিক নহয়; ইহঁত কেৱল ‘‘ভাল’’ বা ‘‘বেয়া’’ৰ সৰল বিভাজনত আবদ্ধ নহয়৷ বৰং চৰিত্ৰসমূহৰ অন্তৰ্জীৱনত চলি থাকে এক অবিৰত মানসিক দ্বন্দ্ব– নৈতিকতা বনাম প্ৰবৃত্তি, যুক্তি বনাম ভয়, দায়িত্ব বনাম স্বাৰ্থ৷ এই অন্তদ্বৰ্ন্দ্বই গল্পৰ কাহিনীৰ নাটকীয়তা বৃদ্ধি কৰাৰ লগতে চৰিত্ৰসমূহক বাস্তৱসন্মত আৰু বিশ্বাসযোগ্য কৰি তোলে৷

‘‘প্ৰতিবেশী’’ গল্পটোত ‘মনা’ নামৰ চৰিত্ৰটো এই দিশৰ এক তাৎপৰ্যপূৰ্ণ উদাহৰণ৷ বাহ্যিকভাৱে ‘মন’ সাধাৰণ মানুহ, সমাজৰ এক পৰিচিত সদস্য; কিন্তু ‘মনা’ৰ অন্তৰালত লুকাই আছে এক নিষ্ঠুৰ আৰু বিকৃত মানসিকতা৷ এই দ্বৈত স্বভাৱে দেখুৱাই যে মানুহৰ ভিতৰত কিমান অসৎ মানসিকতা লুকাই থাকিব পাৰে, যাক বাহ্যিক আচৰণত সদায়ে প্ৰকাশ নাপায়৷ ‘মনা’ কেৱল এটা ব্যক্তিগত চৰিত্ৰ নহয়; ‘মনা’ সমাজৰ সেই অদৃশ্য, বিপজ্জনক মানসিকতাৰ প্ৰতীক, যি কেতিয়াবা হঠাৎ প্ৰকাশ পাই ভয়ংকৰ ৰূপ ল’ব পাৰে৷ আনহাতে ‘‘হিংস্ৰ নখৰ’’ত শান্তনুৰ চৰিত্ৰটোৱে সম্পূৰ্ণ পৃথক দিশ উন্মোচন কৰে৷ শান্তনু তেনেই সাধাৰণ মানুহ, কিন্তু শান্তনুৰ অন্তৰ্জীৱনত আছে এক উচ্ছ মানৱীয়তা আৰু আত্মত্যাগৰ মনোভাৱ৷ সংকটৰ মুহূৰ্তত শান্তনুৱে নিজৰ স্বাৰ্থ ত্যাগ কৰি অন্যৰ মংগলৰ বাবে আগবাঢ়ে৷ এইফালৰ পৰা শান্তনু হৈছে নৈতিক দৃঢ়তা আৰু মানৱীয় মহত্ত্বৰ প্ৰতীক৷ হাজৰিকাই এই চৰিত্ৰসমূহৰ জৰিয়তে দেখুৱাইছে যে মানুহৰ মনৰ ভিতৰত অন্ধকাৰ থাকিলেও, একে সময়তে সুকীয়া আলোকো থাকে৷

এইদৰে দেখা যায় যে হাজৰিকাৰ চৰিত্ৰসমূহৰ মূল শক্তি নিহিত আছে চৰিত্ৰসমূহৰ অন্তৰ্জীৱনৰ জটিলতাত৷ চৰিত্ৰসমূহৰ মানসিক অৱস্থা, সিদ্ধান্ত আৰু দ্বন্দ্বই কাহিনীৰ গতি আৰু অৰ্থ নিৰ্ধাৰণ কৰে৷ এই কৌশলে গল্পসমূহক অধিক মনস্তাত্ত্বিক আৰু দাৰ্শনিক গভীৰতা প্ৰদান কৰে৷

ইয়াৰ উপৰিও, এই সাধাৰণ চৰিত্ৰসমূহৰ মাজত অস্বাভাৱিক বা ভৌতিক অভিজ্ঞতাৰ সংযোজনে গল্পৰ কাহিনীৰ প্ৰভাৱ বহুগুণে বৃদ্ধি কৰে৷ কাৰণ পঢ়ুৱৈয়ে অনুভৱ কৰে যে এই ঘটনাবোৰ সেইসকল মানুহৰ সৈতে ঘটিছে, যিসকলৰ সৈতে তেওঁলোকে নিজে দৈনন্দিন জীৱনত সংযোগ স্থাপন কৰে৷ ফলত ভয় আৰু ৰোমাঞ্চ অধিক বাস্তৱ আৰু তীব্ৰ হৈ উঠে৷

ৰঞ্জু হাজৰিকাৰ চৰিত্ৰ নিৰ্মাণত সাধাৰণতা আৰু জটিলতাৰ এক সুক্ষ্ম সময় প্ৰত্যক্ষ কৰা যায়৷ দৈনন্দিন জীৱনৰ পৰা সংগৃহীত চৰিত্ৰসমূহৰ নৈতিক দ্বন্দ্ব, মানসিক গভীৰতা আৰু অন্তৰ্নিহিত অন্ধকাৰৰ সৃষ্টিশীল উপস্থাপনে হাজৰিকাৰ গল্পসমূহক অধিক জীৱন্ত, বিশ্বাসযোগ্য আৰু তাৎপৰ্যপূৰ্ণ কৰি তোলে৷ এই দিশতেই তেখেতৰ গল্পসমূহৰ এক বিশেষ শক্তি নিহিত হৈ আছে৷

চাচপেন্স, misdirection আৰু টুইষ্ট

ৰঞ্জু হাজৰিকাৰ গল্পসমূহৰ অন্যতম প্ৰধান শক্তি হৈছে ঘটনাৰ আকস্মিকতা বা twist endingৰ সুদক্ষ আৰু কৌশলগত ব্যৱহাৰ৷ তেখেতৰ গল্পৰ কাহিনী গঠন সাধাৰণতে এনেদৰে আগবাঢ়ে যে আৰম্ভণিৰ পৰা পঢ়ুৱৈয়ে এক নিৰ্দিষ্ট ধাৰণাৰ দিশে লৈ যোৱাৰ পিছত শেষ মুহূৰ্তত সেই ধাৰণাক সম্পূৰ্ণৰূপে ওলোটা কৰি দিয়ে৷ এই আকস্মিকতাই কেৱল চমক সৃষ্টি নকৰে; ই কাহিনীৰ অৰ্থক নতুনকৈ পুনৰব্যাখ্যা কৰিবলৈ বাধ্য কৰে আৰু পঢ়ুৱৈৰ মনত দীৰ্ঘস্থায়ী প্ৰভাৱ এৰি থৈ যায়৷

এই কৌশলৰ মূল ভিত্তি হৈছে সুসংহত misdirection– অৰ্থাৎ সচেতনভাৱে পঢ়ুৱৈক ভুল দিশে পৰিচালিত কৰা৷ কাহিনীৰ মাজভাগত দিয়া সূক্ষ্ম সংকেত, ঘটনাৰ বৰ্ণনা আৰু চৰিত্ৰৰ আচৰণে এক ধৰণৰ বিশ্বাসযোগ্য বাস্তৱতা গঢ়ি তোলে, যাক পঢ়ুৱৈয়ে সঁচা বুলিয়েই গ্ৰহণ কৰি লয়৷ কিন্তু অন্তিম মুহূৰ্তত প্ৰকাশ পোৱা সত্যই এই সমগ্ৰ ধাৰণাটোকে মিছা বুলি প্ৰমাণ কৰি দিয়ে৷ ফলত পঢ়ুৱৈয়ে আগৰ সকলো ঘটনাক নতুন দৃষ্টিকোণৰ পৰা পুনৰ বিবেচনা কৰিবলগীয়া হয়৷

‘‘অৰ্ধসত্য’’ গল্পত এই কৌশলটো সফলভাৱে প্ৰয়োগ কৰা হৈছে৷ কাহিনীটো আৰম্ভ হয় একেবাৰে স্বাভাৱিক আলাপ-আলোচনাৰ মাজেৰে, য’ত যুক্তিবাদী আৰু বিশ্বাসভিত্তিক দৃষ্টিভংগীৰ সংঘাত দেখা যায়৷ পঢ়ুৱৈয়ে এই আলোচনাক তেনেই সাধাৰণ বৌদ্ধিক বিতৰ্ক বুলি ধৰি লয়৷ কিন্তু শেষত প্ৰকাশ পায় যে আলোচনাৰ কেন্দ্ৰীয় চৰিত্ৰটো ইতিমধ্যে মৃত৷ এই উন্মোচনে কাহিনীৰ সমগ্ৰ বাস্তৱতাক সমালোচিত কৰি তোলে আৰু ‘‘সত্য’’ আৰু ‘‘অৰ্ধসত্য’’ৰ মাজৰ সীমাৰেখা অস্পষ্ট কৰি দিয়ে৷ একেদৰে ‘‘শৱ কটা সনাতন’’ত কাহিনীৰ গঠন আৰম্ভণিৰ পৰা এক বাস্তৱধৰ্মী পৰিৱেশত প্ৰতিষ্ঠা কৰা হৈছে৷ সনাতনক সাধাৰণ মানুহ হিচাপে পঢ়ুৱৈৰ আগত পৰিচয় কৰাই দি আৰু তাৰ সৈতে হোৱা কথোপকথনৰ ভিত্তিত কাহিনী আগবাঢ়ে৷ কিন্তু অন্তিম দৃশ্যত উন্মোচিত হয় যে সনাতন নিজেই মৃত৷ ঘটনাৰ এই আকস্মিকতাই কাহিনীৰ সকলো ঘটনাক নতুন অৰ্থ প্ৰদান কৰে আৰু পঢ়ুৱৈৰ মনত তীব্ৰ শিহৰণৰ সৃষ্টি কৰে৷ ‘‘শেষ মুহূৰ্তত’’ গল্পত আকৌ এই twist ending কৌশলটোৰ আন এক ৰূপ দেখা যায়৷ ইয়াত পঢ়ুৱৈক এক বিশ্বাসযোগ্য, নিৰ্ভৰযোগ্য চৰিত্ৰৰ ওপৰত আস্থা ৰাখিবলৈ প্ৰেৰণা দিয়া হয়৷ কাহিনীৰ সমগ্ৰ গতি সেই বিশ্বাসৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে৷ কিন্তু শেষ মুহূৰ্তত প্ৰকাশ পায় যে সেই বিশ্বাসযোগ্য ব্যক্তিজনেই প্ৰকৃত হত্যাকাৰী৷ এই উন্মোচনে পঢ়ুৱৈৰ মনত এক ধৰণৰ মানসিক আঘাত সৃষ্টি কৰে আৰু বিশ্বাস, সন্দেহ আৰু সত্যৰ ধাৰণাক পুনৰ ভাবিবলৈ বাধ্য কৰে৷

এইধৰণৰ ঘটনাৰ আকস্মিক কৌশলৰ সাহিত্যিক তাৎপৰ্য অত্যন্ত গভীৰ৷ প্ৰথমতে, ই পঢ়ুৱৈৰ মনত কৌতূহল আৰু আগ্ৰহ বজাই ৰাখে, কাৰণ কাহিনীৰ শেষলৈকে সত্য সম্পূৰ্ণৰূপে গোপন হৈ থাকে৷ দ্বিতীয়তে, ই কাহিনীৰ নাটকীয়তা বহুগুণে বৃদ্ধি কৰে আৰু এক তীব্ৰ অভিঘাত সৃষ্টি কৰে৷ তৃতীয়তে, এই কৌশলে পঢ়ুৱৈক সক্ৰিয়ভাৱে চিন্তা কৰিবলৈ বাধ্য কৰে– যি দেখা গৈছে, সেয়াই নেকি সম্পূৰ্ণ সত্য, নে তাৰ অন্তৰালত আৰু কিবা আছে?

সামাজিক বাস্তৱতা আৰু সমালোচনা

ৰঞ্জু হাজৰিকাৰ ভৌতিক আৰু ৰহস্যধৰ্মী গল্পসমূহৰ এক গভীৰ তাৎপৰ্য এইখিনিত নিহিত যে এইবোৰ কেৱল আতংক বা ৰোমাঞ্চ সৃষ্টিৰ মাধ্যম নহয়; ইসমূহ সমাজজীৱনৰ এক জীৱন্ত দলিল হিচাপেও প্ৰতিষ্ঠিত৷ তেখেতৰ গল্পৰ কাহিনীত ভৌতিকতা বহু সময়ত এক আৱৰ্তন বা আৱৰণ হিচাপে ব্যৱহৃত হয়, যাৰ অন্তৰালত লুকাই থাকে সমাজৰ বাস্তৱিক সমস্যাসমূহ– যেনে দাৰিদ্ৰ্য, নাৰীৰ অসুৰক্ষা, সামাজিক সংকীৰ্ণতা আৰু পিতৃতান্ত্ৰিক মানসিকতা আদি৷ এই উপাদানসমূহে গল্পসমূহক এক গভীৰ সামাজিক আৰু সমালোচনামূলক মাত্ৰা প্ৰদান কৰে৷

‘‘বিহংগ নিষাদ’’ত দাৰিদ্ৰ্য আৰু বঞ্চনাৰ কঠোৰ বাস্তৱতা স্পষ্টভাৱে ফুটাই তোলা হৈছে৷ জীৱন-সংগ্ৰামৰ মাজত আবদ্ধ মানুহৰ অসহায় অৱস্থা আৰু সপোনভংগৰ বেদনা ইয়াত ভৌতিকতাৰ আৱৰ্তনৰ মাজেৰে প্ৰকাশ পাইছে৷ ইয়াত ভয়ৰ উৎস কোনো অশৰীৰী শক্তি নহয়; বৰং দাৰিদ্ৰ্যৰ নিষ্ঠুৰতা আৰু সামাজিক বৈষম্যই মানুহক এক ভয়ংকৰ বাস্তৱৰ মুখামুখি কৰায়৷ ‘‘কলংক’’ গল্পত নাৰীৰ অসুৰক্ষিত আৰু সমাজৰ দ্বিচাৰিতা প্ৰধান বিষয় হিচাপে উদ্ভাসিত হয়৷ নাৰীৰ ওপৰত আৰোপিত সামাজিক নিয়ন্ত্ৰণ, মান-মৰ্যাদাৰ নামত কৰা অত্যাচাৰ আৰু পিতৃতান্ত্ৰিক মানসিকতাৰ নিষ্ঠুৰতা–এই সকলো দিশ কাহিনীৰ মাজেৰে স্পষ্টকৈ প্ৰকাশ পাইছে৷ ইয়াত ভৌতিকতাই এক প্ৰতীকাত্মক ৰূপ ধাৰণ কৰিছে, যাৰ জৰিয়তে নাৰীৰ দমন আৰু অপমানৰ গভীৰ বেদনা প্ৰকাশিত হয়৷ ‘‘সিপাৰৰ ৰখীয়া’’ত সমাজৰ সংকীৰ্ণতা আৰু কুসংস্কাৰমূলক মানসিকতাৰ এক তীক্ষ্ণ সমালোচনা দেখা যায়৷ গাঁওসমাজৰ অন্ধবিশ্বাস, ভিন্নতাক গ্ৰহণ কৰিব নোৱাৰা মনোভাৱ আৰু অজ্ঞতাৰ ফলত সৃষ্টি হোৱা ভয় –এইবোৰ কাহিনীৰ মুখ্য উপাদান৷ ইয়াত ভৌতিকতাৰ আৱৰণ আঁতৰিলে দেখা যায় যে প্ৰকৃত সমস্যাটো হৈছে মানুহৰ মানসিক সংকীৰ্ণতা আৰু সামাজিক অসংগতি৷

এইবোৰ কাহিনীত পিতৃতান্ত্ৰিকতাৰ প্ৰভাৱো সুস্পষ্ট৷ সমাজৰ গঠন আৰু মূল্যবোধত পুৰুষ-প্ৰধান আধিপত্যই কেনেদৰে নাৰীৰ জীৱন, স্বাধীনতা আৰু সুৰক্ষাক প্ৰভাৱিত কৰে, সেয়া সূক্ষ্মভাৱে উপস্থাপন কৰা হৈছে৷ হাজৰিকাই এই বিষয়সমূহক উপদেশৰ ৰূপত নিলিখি কাহিনীৰ ঘটনাপ্ৰবাহ আৰু চৰিত্ৰসমূহৰ অভিজ্ঞতাৰ মাজেৰে প্ৰকাশ কৰিছে, যাৰ ফলত এই সমালোচনা অধিক প্ৰভাৱশালী আৰু শিল্পসন্মত ৰূপত প্ৰকাশ পাইছে৷

ভাষা আৰু শৈলী

ৰঞ্জু হাজৰিকাৰ গল্পসমূহৰ ভাষা আৰু কথনশৈলী তেখেতৰ সাহিত্যিক সাফলতাৰ অন্যতম মুখ্য আধাৰ৷ এই ভাষা তেনেই সৰলতা, স্বাভাৱিক আৰু প্ৰাঞ্জল৷ কিন্তু এই সৰলতাই গল্পসমূহৰ সৃজনশীল শক্তি, যাৰ জৰিয়তে তেখেতে অতি সহজ শব্দ আৰু বাক্যগঠনেৰে গভীৰ ভয়, উত্তেজনা আৰু মানসিক অভিঘাত সৃষ্টি কৰিব পাৰে৷

তেখেতৰ ভাষাৰ প্ৰথম বৈশিষ্ট্য হৈছে সৰলতা৷ দৈনন্দিন কথোপকথনত ব্যৱহৃত শব্দ আৰু বাক্যৰূপেৰে তেখেতে গল্পৰ কাহিনী আগবঢ়াই নিছে, যাৰ ফলত পঢ়ুৱৈয়ে সহজেই কাহিনীৰ সৈতে সংযুক্ত হয়৷ এই সৰল ভাষাই কাহিনীৰ বাস্তৱতা বৃদ্ধি কৰে আৰু ভৌতিক ঘটনাবোৰকো অধিক বিশ্বাসযোগ্য কৰি তোলে৷ যেতিয়া জটিল শব্দৰ প্ৰয়োভৰ নাথাকে, তেতিয়া ঘটনাৰ প্ৰভাৱ অধিক তীব্ৰভাৱে পঢ়ুৱৈক মনোজগতত প্ৰৱেশ কৰে৷ এইদৰে সহজ ভাষাৰ মাজেৰে গভীৰ ভয় সৃষ্টি কৰাৰ ক্ষমতাই তেখেতৰ গল্পৰ এক অনন্য বৈশিষ্ট্য৷

দ্বিতীয়তে, তেখেতৰ গল্পৰ কাহিনীত সংলাপৰ প্ৰাধান্য লক্ষ্যণীয়৷ সংলাপসমূহ হৈছে তেখেতৰ গল্পৰ কাহিনীৰ অগ্ৰগতিৰ এক মুখ্য মাধ্যম৷ সংলাপৰ জৰিয়তে তথ্য উন্মোচিত হয়, চৰিত্ৰৰ মানসিক অৱস্থা প্ৰকাশ পায় আৰু উত্তেজনা বৃদ্ধি পায়৷ এই কৌশলে কাহিনীটোক এক গতিশীল ৰূপ প্ৰদান কৰে আৰু পঢ়ুৱৈক ঘটনাৰ মাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ বাধ্য কৰে৷ সংলাপসমূহ সাধাৰণতে স্বাভাৱিক আৰু প্ৰাঞ্জল, যাৰ ফলত চৰিত্ৰসমূহ জীৱন্ত হৈ উঠে আৰু কাহিনীৰ বাস্তৱধৰ্মিতা অধিক দৃঢ় হয়৷

তৃতীয়তে, তেখেতৰ ভাষাৰ এক বিশেষ শক্তি হৈছে চিত্ৰধৰ্মী বৰ্ণনা৷ শব্দৰ সঠিক আৰু সংযত ব্যৱহাৰে তেখেতে এনে দৃশ্য সৃষ্টি কৰে, যি পঢ়ুৱৈৰ মনত স্পষ্ট চাক্ষুষ ৰূপ লয়৷ অন্ধকাৰ কোঠা, কুঁৱলীৰ মাজত আবৃত অৰণ্য, পঁচা গোন্ধই ভৰা মৰ্গ, বা ধিমিক-ধামাক পোহৰত দেখা অস্পষ্ট ছায়া –এই সকলো বৰ্ণনাই এক জীৱন্ত আৰু শিহৰণকাৰী পৰিৱেশ গঢ়ি তোলে৷ এই দৃশ্যসমূহ পঢ়ুৱৈৰ অনুভূতিতো প্ৰৱেশ কৰে, যাৰ ফলত ভয়ৰ অভিজ্ঞতা অধিক গভীৰ হয়৷

এই তিনিওটা দিশ– সৰল ভাষা, সংলাপধৰ্মিতা আৰু চিত্ৰধৰ্মী বৰ্ণনাৰ মাজেৰে গল্পৰ কাহিনীৰ এক স্বকীয় শৈলী গঢ়ি তুলিছে৷ গল্পকাৰে জটিল সাহিত্যিক কৌশলৰ ওপৰত নিৰ্ভৰ নকৰি স্বাভাৱিক ভাষাৰ মাজেৰে গভীৰ শিল্পসৌন্দৰ্য সৃষ্টি কৰিছে৷ এইদৰে তেওঁৰ গল্পসমূহ সহজপাঠ্য হোৱাৰ লগতে গভীৰ প্ৰভাৱশালী হৈ উঠিছে৷

উপসংহাৰ

ৰঞ্জু হাজৰিকাৰ ৰহস্যধৰ্মী-ভৌতিক-হ’ৰৰ গল্পসমূহে অসমীয়া সাহিত্যত এক স্বতন্ত্ৰ আৰু সুসংহত ধাৰাৰ সৃষ্টি কৰিছে৷ এই ধাৰাৰ মুখ্য বৈশিষ্ট্য হৈছে– মানুহৰ অন্তৰ্জগত, সমাজ-বাস্তৱতা আৰু জ্ঞান-বোধৰ সীমা অন্বেষণ কৰা এক গভীৰ সাহিত্যিক প্ৰয়াস৷ তেখেতৰ গল্পৰ কাহিনীসমূহত বহুস্তৰীয় ঘটনাপ্ৰৱাহ প্ৰত্যক্ষ কৰা যায়, যাৰ ফলত এইবোৰে পঢ়ুৱৈক এক বহুমাত্ৰিক অভিজ্ঞতালৈ ৰূপান্তৰিত কৰে৷

***

দূৰভাষ : ৭০০২৯-৬৬১৯৯

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ