অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত
|| ৰঘুবংশ : অধ্যয় ১||
৬১)
হে মন্ত্ৰকুশল!
আপোনাৰ অদৃশ্য শত্ৰুবিনাশন মন্ত্ৰই
নিৰন্তৰ বিনাশ কৰে মোৰ শতৰু সৰ্বত্ৰ ।
শত্ৰুবিনাশী মোৰ শৰে ভেদ কৰে মাথোঁ দেখা পাওঁ যাক
আপোনাৰ মন্ত্ৰশক্তিৰ বলত ভেদ কৰিছোঁ বহু অদৃশ্য লক্ষ্যক ।
তব মন্ত্রকৃতো মন্ত্রৈর্দূৰাৎপ্রশমিতাৰিভিঃ |
প্রত্যাদিশ্যন্ত ইব মে দৃষ্টলক্ষ্যভিদঃ শৰাঃ || ১-৬১||
৬২)
হে যজ্ঞকাৰী হোতা!
আপুনি যেতিয়া কৰে যজ্ঞত ঘৃতৰ আহুতি
বৰষুণৰ অভাৱত শুকোৱা শস্যও উঠে জী ।
হবিৰাবর্জিতং হোতস্ত্বয়া বিধিবদগ্নিষু |
বৃষ্টির্ভবতি সস্যানামবগ্রহবিশোষিণাম্ || ১-৬২||
৬৩)
ৰাজ্যৰ প্ৰজাই কটাইছে নিশ্চিন্তে সুদীৰ্ঘ শতায়ু
নিঃশংক আৰু নিৰুপদ্ৰৱ সবাৰে জীৱন
আপোনাৰ ব্ৰহ্মতেজৰ আশিসেই ইয়াৰ কাৰণ ।
পুৰুষায়ুষ্যজীবিন্যো নিৰাতঙ্কা নিৰীতয়ঃ |
যন্মদীয়াঃ প্রজাস্তস্য হেতুস্ত্বদ্ব্রহ্মবর্চসম্ || ১-৬৩||
৬৪)
হে ব্ৰহ্মপুত্ৰ গুৰুদেৱ!
আপোনাৰ দৰে গুৰুৱে কৰে মোৰ শুভচিন্তা
কিয়নো নাথাকিব ৰাজ্য-সম্পদৰ সদা নিৰাপত্তা ।
ত্বয়ৈবং চিন্ত্যমানস্য গুৰুণা ব্রহ্ময়োনিনা |
সানুবন্ধাঃ কথং ন স্যুঃ সংপদো মে নিৰাপদঃ || ১-৬৪||
৬৫)
কিন্তু শূন্য কোলাৰে এতিয়াও আপোনাৰ বোৱাৰী
জন্মা নাই আমাৰ পুত্ৰ সৰ্বগুণী
যদিও অধীন সপ্তদ্বীপা ৰত্নপ্ৰসৱিনী পৃথিৱী
আমি হ'ব পৰা নাই সুখী ।
কিন্তু বধ্বাং তবৈতস্যামদৃষ্টসদৃশপ্রজম্ |
ন মামবতি সদ্বীপা ৰত্নসূৰপি মেদিনী || ১-৬৫||
৬৬)
শ্ৰাদ্ধত যেতিয়া মই অপুত্ৰকে কৰোঁ পিণ্ডদান
এনে লাগে যেন
পূৰ্বপুৰুষে মোৰ উদৰপূৰাই কৰা নাই পিণ্ডগ্ৰহণ
আশংকাত শ্ৰাদ্ধদ্ৰব্য সাঁচি থৈছে ভৱিষ্যতলৈ
মোৰ পাছত কোনেনো কৰিব পিণ্ডদান ।
নূনং মত্তঃ পৰং বংশ্যাঃ পিণ্ডবিচ্ছেদদর্শিনঃ |
ন প্রকামভুজঃ শ্রাদ্ধে স্বধাসংগ্রহতৎপৰাঃ || ১-৬৬||
৬৭)
এনে লাগে যেন
দুৰ্লভ হ'ব বুলি মোৰ মৃত্যৰ পাছত
পান কৰোঁতে মই কৰা জল-তৰ্পণ
উষ্ণ হৈ উঠিছে গভীৰ নিশ্বাসত ।
মৎপৰং দুর্লভং মৎবা নূনমাবর্জিতং ময়া |
পয়ঃ পূর্বৈঃ স্বনিঃশ্বাসৈঃ কবোষ্ণমুপভুজ্যতে || ১-৬৭||
৬৮)
আত্মশুদ্ধি কৰিছোঁ কৰি দেৱতাৰ অৰ্চনা
তথাপি দূৰ নহয় সন্তানহীনতাৰ বেদনা ।
লোকালোক পৰ্বতত যিদৰে
একেলগে পোহৰ আৰু আন্ধাৰ সমবেত
ময়ো সিদৰে দেৱঋণ পৰিশোধ কৰি তৃপ্ত
পিতৃঋণ পৰিশোধ কৰিব নোৱাৰি বিষাদগ্ৰস্ত ।
সোঽহমিজ্যাবিশুদ্ধাত্মা প্রজালোপনিমীলিতঃ |
প্রকাশশ্চাপ্রকাশশ্চ লোকালোক ইবাচলঃ || ১-৬৮||
৬৯)
পৰলোকৰ সুখৰ কাৰণ তপ আৰু দান
ইহলোক-পৰলোকৰ পৰমসুখ শুদ্ধবংশজাত সন্তান ।
লোকান্তৰসুখং পুণ্যং তপোদানসমুদ্ভবম্ |
সংততিঃ শুদ্ধবংশ্যা হি পৰত্রেহ চ শর্মণে || ১-৬৯||
৭০)
হে বিধাতা !
আপুনি কিয় দুখী হোৱা নাই মোৰ দুখত
অতি শোকাতুৰ মই অপুত্ৰক ।
নিজ পানী দিয়া স্নেহপালিত পুলিত
ফল নধৰাৰ দৰে আপোনাৰ আশ্ৰমত।
তয়া হীনং বিধাতর্মাং কথং পশ্যন্ন দূয়সে |
সিক্তং স্বয়মিব স্নেহাদ্বন্ধ্যমাশ্রমবৃক্ষকম্ || ১-৭০||
৭১)
হে ভগৱন্ !
স্তম্ভত বান্ধি থোৱা হাতী যাৰ নাই যতন-স্নান
শিকলিয়ে লগোৱা মৰ্মঘাতী ঘাৰ দৰে
মোৰ পিতৃঋণৰো অসহ্যপীড়ণ।
অসহ্যপীডং ভগবনৃণমন্ত্যমবেহি মে |
অৰুন্তুদমিবালানমনির্বাণস্য দন্তিনঃ || ১-৭১||
৭২)
হে গুৰুবৰ!
পিতৃঋণৰ পৰা কিদৰে মুক্ত হওঁ মই
তাৰ বাবে কৰক উপায়।
ইক্ষ্বাকুবংশীয়ৰ সকলো দুষ্প্ৰাপ্য কামনাতে
সিদ্ধিদান আপুনিয়ে কৰায় ।
তস্মান্মুচ্যে যথা তাত সংবিধাতুং তথার্হসি |
ইক্ষ্বাকূণাং দুৰাপেঽর্থে ত্বদধীনা হি সিদ্ধয়ঃ || ১-৭২||
৭৩)
ৰজাৰ প্ৰাৰ্থনাত দয়ালু ঋষিয়ে
ক্ষণিকৰ ধ্যানত দুচকু জপালে ।
যিদৰে সুস্থিৰ হয় ঢৌহীন পানী
শুই থকা মাছৰ সৰোবৰৰ দৰে ।
ইতি বিজ্ঞাপিতো ৰাজ্ঞা ধ্যানস্তিমিতলোচনঃ |
ক্ষণমাত্রমৃষিস্তস্থৌ সুপ্তমীন ইব হ্রদঃ || ১-৭৩||
৭৪)
ধ্যানৰে জানিলে পৱিত্ৰপ্ৰাণ ঋষি
কিয় পুত্ৰহীন পৃথিৱীৰ অধিপতি।
সকলো কাৰণ জানি পুত্ৰহীনতাৰ
ৰজাক কৰিলে অৱগত ।
সোঽপশ্যৎপ্রণিধানেন সন্ততেঃ স্তম্ভকাৰণম্ |
ভাবিতাত্মা ভুবো ভর্তুৰথৈনং প্রত্যবোধয়ৎ || ১-৭৪||
৭৫)
পূৰ্বতে এদিন তুমি ঘূৰিছিলা ইন্দ্ৰৰ সেৱা কৰি
বাটতে শুই আছিল কল্পবৃক্ষৰ তলত কামধেনু সুৰভি ।
পুৰা শক্রমুপস্থায় তবোর্বীং প্রতি যাস্যতঃ |
আসীৎকল্পতৰুচ্ছায়ামাশ্রিতা সুৰভিঃ পথি || ১-৭৫||
৭৬)
সেই সময়ত ৰাণী আছিল ঋতুস্নাত
ধৰ্ম ৰক্ষাৰ্থে তুমি আছিলা ৰমণত ব্যস্ত ।
নকৰিলা কামধেনুক সৎকাৰ-প্ৰদক্ষিণ
সেই দোষতে তুমি হৈ আছা পুত্ৰহীন ।
ধর্মলোপভয়াদ্রাজ্ঞীমৃতুস্নাতামনুস্মৰন্ |
প্রদক্ষিণক্রিয়ার্হায়াং তস্যাং ত্বং সাধু নাচৰঃ || ১-৭৬||
৭৭)
সুৰভি গাভী হৈ বিতুষ্ট
কৰিলে ৰাজন তোমাক অভিশপ্ত -
যিহেতু কৰিলা তুমি মোক অৱজ্ঞা
সন্তান নজন্মে নকৰিলে মোৰ কন্যাৰ আৰাধনা ।
অবজানাসি মাং যস্মাদতস্তে নাভবিষ্যতি |
মৎপ্রসূতিমনাৰাধ্য প্রজেতি ত্বাং শশাপ সা || ১-৭৭||
৭৮)
সেই সময়ত মন্দাকিনীৰ পানীত
দিগ্গজসকল আছিল উদ্দাম জলক্ৰীড়াত ।
জলস্ৰোত আৰু প্ৰচণ্ড নিনাদত
সাৰথি বা তুমি কেউ নুশুনিলা সেই অভিশাপ ।
স শাপো ন ৎবয়া ৰাজন্ন চ সাৰথিনা শ্রুতঃ |
নদত্যাকাশগঙ্গায়াঃ স্রোতস্যুদ্দামদিগ্গজে || ১-৭৮||
৭৯)
অৱজ্ঞা কৰিছিলা বুলিয়ে সুৰভিক
অৱৰুদ্ধ হৈ আছে ইষ্টলাভৰ পথ ।
পূজনীয়ক নকৰিলে যথোচিত সন্মান
কেনেকৈ সাধন হ'ব তোমাৰ কল্যাণ ।
ঈপ্সিতং তদবজ্ঞানাদ্বিদ্ধি সার্গলমাত্মনঃ |
প্রতিবধ্নাতি হি শ্রেয়ঃ পূজ্যপূজাব্যতিক্রমঃ || ১-৭৯||
৮০)
পাতালত বৰুণে কৰিছে যজ্ঞ দীৰ্ঘদিন ধৰি
যজ্ঞৰ বাবে অহৰহ লাগে দধি ঘৃতাদি ।
সেই নিমিত্তে পাতালপুৰীত আছে আই সুৰভি
তেওঁৰ যে ঘাই-দুৱাৰ নাগেগণে আছে ৰখি ।
হবিষে দীর্ঘসত্রস্য সা চেদানীং প্রচেতসঃ |
ভুজঙ্গপিহিতদ্বাৰং পাতালমধিতিষ্ঠতি || ১-৮০||
৮১)
সেয়ে প্ৰতিনিধি কৰা তেওঁৰ জীয়ৰীক
শুদ্ধভাৱে যোৱা তুমি পত্নীৰ সহিত ।
তেওঁৰ কন্যা নন্দিনীৰ কৰা আৰাধনা
নন্দিনী প্ৰসন্ন হলে পূৰ্ণ হব অভিলাষা ।
সুতাং তদীয়াং সুৰভেঃ কৃৎবা প্রতিনিধিং শুচিঃ |
আৰাধয় সপত্নীকঃ প্রীতা কামদুঘা হি সা || ১-৮১||
৮২)
বশিষ্ঠৰ আশ্ৰমত যত হোম-যজ্ঞ সুমংগল
যাৰ দধি-ঘৃতাদিৰে হয় আহুতি সাধন ।
সুৰভিৰ কন্যা আই নন্দিনী সুলক্ষণা
ঘূৰিল বনৰ পৰা গুৰুৱে কওঁতেই তেওঁৰ কথা ।
ইতি বাদিন এবাস্য হোতুৰাহুতিসাধনম্ |
অনিন্দ্যা নংদিনী নাম ধেনুৰাববৃতে বনাৎ || ১-৮২||
৮৩)
কুঁহিপাতৰ দৰে উজ্জ্বল ৰঙা নন্দিনীৰ গাৰ ৰং
কপালত ধেনুভিৰীয়াকৈ আছে শুকুলা নোম ।
দেখি এনে লাগে যেন
সন্ধিয়াৰ আকাশত উদয় হৈছে ন-জোন ।
ললাটোদয়মাভুগ্নং পল্লবস্নিগ্ধপাটলা |
বিভ্রতী শ্বেতৰোমাঙ্কং সন্ধ্যেব শশিনং নবম্ || ১-৮৩||
৮৪)
ওলায় ঈষদুষ্ণ দুগ্ধ দেখিলেই দামুৰি
কলহৰ দৰে ওহাৰৰ পৰা নিগৰি ।
যদিও পবিত্ৰ যজ্ঞৰ শেষৰ শান্তিজল
তাতোকৈ পবিত্ৰ দুগ্ধই অভিষিক্ত কৰে ধৰাতল ।
ভুবং কোষ্ণেন কুণ্ডোধ্নী মেধ্যেনাবভৃথাদপি |
প্রস্রবেণাভিবর্ষন্তী বৎসালোকপ্রবর্তিনা || ১-৮৪||
৮৫)
নন্দিনীৰ খুৰাই উৰুওৱা ধূলি
মহাৰাজৰ গাত পৰি
দান কৰিলে ৰজাক তীৰ্থাভিষেকৰ শুদ্ধি ।
ৰজঃকণৈঃ খুৰোদ্ধূতৈঃ স্পৃশদ্ভির্গাত্রমন্তিকাৎ |
তীর্থাভিষেকজাং শুদ্ধিমাদধানা মহীক্ষিতঃ || ১-৮৫||
৮৬)
পুণ্যদৰ্শনা নন্দিনীক দেখি বুজিলে মুনিয়ে
হ'ব ৰাজনৰ মনোৰথ পূৰণ ।
তপোনিধিয়ে ক'লে পুনৰাই দেখি শুভলক্ষণ ।
তাং পুণ্যদর্শনাং দৃষ্ট্বা নিমিত্তজ্ঞস্তপোনিধিঃ |
যাজ্যমাশংসিতাবন্ধ্যপ্রার্থনং পুনৰব্রবীৎ || ১-৮৬||
৮৭)
হে ৰাজন !
তোমাৰ সিদ্ধিলাভ অচিৰেই হ'ব
শুভনাম কৰোঁতেই স্মৰণ
কল্যাণী নন্দিনীৰ হ'ল আগমন ।
অদূৰবর্তিনীং সিদ্ধিং ৰাজন্ বিগণয়াত্মনঃ |
উপস্থিতেয়ং কল্যাণী নাম্নি কীর্তিত এব যৎ || ১-৮৭||
৮৮)
যিদৰে বিদ্যাক প্ৰসন্ন কৰিব পাৰি
নিয়মিত অভ্যাসন কৰি ।
নন্দিনীৰ হোৱা তুমি ভক্তিভাৱে অনুগামী
বনবাসী হোৱা বনজাত ফলাহাৰ কৰি ।
বন্যবৃত্তিৰিমাং শশ্বদাত্মানুগমনেন গাম্ |
বিদ্যামভ্যসনেনেব প্রসাদয়িতুমর্হসি || ১-৮৮||
৮৯)
নন্দিনীয়ে গমন কৰিলে গমন কৰিবা
তেওঁ ক'ৰবাত ৰ'লে তুমিও ৰ'বা ।
তেওঁ বহিলেহে তুমিও বহিবা
তেওঁ যেতিয়া খাব পানী
তাৰ পাছতহে তুমি পিয়াহ গুচাবা ।
প্রস্থিতায়াং প্রতিষ্ঠেথাঃ স্থিতায়াং স্থিতিমাচৰেঃ|
নিষণ্ণায়াং নিষীদাস্যাং পীতাম্ভসি পিবেৰপঃ || ১-৮৯||
৯০)
বোৱাৰী সুদক্ষিণায়ো সভক্তিৰে হৈ শুচিতা
পুৱা লগতে যাওক তপোবনৰ সীমা ।
সন্ধিয়া যেতিয়া আই আহিব বনৰ পৰা ঘূৰি
তাৰপৰাই ৰাণীয়ে সদায় আনিব আদৰি ।
বধূর্ভক্তিমতী চৈনামর্চিতামা তপোবনাৎ |
প্রয়তা প্রাতৰন্বেতু সায়ং প্রত্যুদ্ব্রজেদপি || ১-৯০||
৯১)
যেতিয়ালৈকে প্ৰসন্ন নহয় নন্দিনী
তেতিয়ালৈকে এইদৰেই থাকাঁ সেৱা কৰি।
দূৰ হওক তোমাৰ সকলো বিঘিনি
পিতৃপুৰুষৰ দৰেই সুপুত্ৰৱান হ'বা তুমি ।
ইত্যাপ্রসাদাদস্যাস্ত্বং পৰিচর্যাপৰো ভব |
অবিঘ্নমস্তু তে স্থেয়াঃ পিতেব ধুৰি পুত্রিণাম্ || ১-৯১||
৯২)
দেশকালজ্ঞ শিষ্যই গুৰুৰ আদেশ শুনি
সন্তোষমনে পত্নীৰ সৈতে হৈ অতি বিনয়ী
পালিলে গুৰুবাক্য নতশিৰে গ্ৰহণ কৰি ।
তথেতি প্রতিজগ্রাহ প্রীতিমান্সপৰিগ্রহঃ |
আদেশং দেশকালজ্ঞঃ শিষ্যঃ শাসিতুৰানতঃ || ১-৯২||
৯৩)
এই আলোচনাৰ শেষত গভীৰ হ'ল নিশা
মধুৰভাষী বিদ্বান সত্যবাদী ব্ৰহ্মাৰ পুত্ৰই
উজ্জ্বল সুশ্ৰী নৰপতিক শুবলৈ দিলে দিহা ।
অথ প্রদোষে দোষজ্ঞঃ সংবেশায় বিশাংপতিম্ |
সূনুঃ সূনৃতবাক্স্রষ্টুর্বিসসর্জোর্জিতশ্রিয়ম্ || ১-৯৩||
৯৪)
তপোবলে কৰিব পাৰে ৰাজসিক আয়োজন
তথাপি ঋষিয়ে ৰজা-ৰাণীৰ বাবে কৰিলে
ব্ৰতৰ নিয়মে ফল-মূল কুশশয্যাৰ উপকৰণ ।
সত্যামপি তপঃসিদ্ধৌ নিয়মাপেক্ষয়া মুনিঃ |
কল্পবিৎকল্পয়ামাস বন্যামেবাস্য সংবিধাম্ || ১-৯৪||
৯৫)
মুনিশ্ৰেষ্ঠৰ পৰ্ণশালাত মহাৰাজ দিলীপে
কুশশয্যাত শয়ন কৰিলে পবিত্ৰপ্ৰাণা ৰাণীৰ সৈতে ।
যেতিয়া ধ্বনিত হ'ল
ঋষিৰ শিষ্যৰ সমবেত মন্ত্ৰোচাৰণ
সেই বিশেষ ৰাতিৰো হ'ল অৱসান ।
নির্দিষ্টাং কুলপতিনা স পর্ণশালা-
মধ্যাস্য প্রয়তপৰিগ্রহদ্বিতীয়ঃ |
তচ্ছিষ্যাধ্যননিবেদিতাবসানাং
সংবিষ্টঃ কুশশয়নে নিশাং নিনায় || ১-৯৫||
(প্ৰথম অধ্যায় সমাপ্ত)