অন্যযুগ/


‘অন্যযুগ সাহিত্য সন্মান ২০২১’ - ৰ প্ৰাপক শিবানন্দ কাকতিয়ে সন্মান গ্ৰহণ কৰি দিয়া অভিভাষণ

 


শ্ৰদ্ধাভাজন সমবেত সুধীবৃন্দ, শৈশৱৰ এটা অতি সুমধুৰ কাল কটোৱা যোৰহাট চহৰখনত ঠিয় হৈ মই আপোনালোক সকলোলৈকে সশ্ৰদ্ধ কৃতজ্ঞতা আৰু নমস্কাৰ আগবঢ়াইছোঁ৷

জীৱনৰ অনেক শিক্ষাৰ আদিপাঠ যিকোনো পৰিৱেশতে যিকোনো সময়তে সন্ধান কৰিবলৈ অবিৰতভাৱে যত্ন কৰোঁ৷ সমুখত আহি পৰা যিকোনো শিক্ষা পাঠ হিচাপে গ্ৰহণ কৰোঁ৷ কিছুমান ঘটনাই আঘাতপ্ৰাপ্ত, wounded কৰি যোৱাৰ সমান্তৰালভাৱে সেই একেবোৰ ঘটনাকে শিক্ষাদায়িনী হিচাপে গ্ৰহণ কৰি নিজকে wise কৰিবলৈ যত্ন কৰোঁ৷ এই আদিপাঠবোৰকো সদায়েই আঘাতপ্ৰাপ্ত আৰু শিক্ষাদায়িনী হিচাপে চাবলৈ যত্ন কৰোঁ– both wise and wounded. শৈশৱৰ এই চহৰখনৰ পৰাই, কিছু বুজা হোৱাৰ পৰাই জীৱন পঢ়াশালিৰ আদিপাঠবোৰ আৰম্ভ হৈছে৷

ইয়াৰ পাছত নগাঁৱৰ এখন ভিতৰুৱা আমাৰ গাঁও শেতালিলৈ আহি মোৰ প্ৰাক কৈশোৰ জীৱন আৰম্ভ হয়৷ সম্পূৰ্ণ চহৰ আৰু গাঁৱৰ বৈপৰীত্যৰ পৰিৱেশে মোৰ মন ভৰাই তুলিলে৷ চৌদিশে অন্তহীন প্ৰশ্ন আৰু অপাৰ বিস্ময়৷ গাৱঁত সকলোতে অপাৰ বৈভৱ, প্ৰাকৃতিক চহৰীয়া জীৱনৰ শৈশৱ আৰু গ্ৰাম্য জীৱনৰ অকৃত্ৰিম বৈভৱৰ এই বিশাল সম্পদক সমুখত লৈ যিমান পাৰি সিমান আহৰণ কৰিবলৈ মোৰ অহৰহ চেষ্টা চলি থাকিল৷ মোৰ জীৱনত গদ্য সাধনা বা অভ্যাস৷ গদ্য মানে কেৱল যিকোনো কাৰণত তথাকথিত prose বুলি মই নুবুজোঁ৷ মোৰ বাবে গদ্য মানে সমগ্ৰ সাহিত্য, সংস্কৃতি, কলাৰ এক অফুৰন্ত ভঁৰাল৷ এই ভঁৰাল মই আমাৰ গাঁও অঞ্চলত যতে ততে দেখোঁ, মাত্ৰ মোৰ আয়ত্তৰে ইয়াৰ পৰা আহৰণৰ যত্ন কৰোঁ– মোৰ সাধ্য আৰু সামৰ্থ্য অনুসাৰে৷

যি কোনো সাহিত্যৰ চেষ্টা কৰা বা নকৰা লোকেই নিঃসন্দেহে কবিতাৰেই প্ৰথম আৰম্ভ কৰে৷ ৰজামৈদামৰ কল্যা সংঘ বুনিয়াদী বিদ্যালয়ৰ এটা অনুষ্ঠানত তৃতীয় নে চতুৰ্থ শ্ৰেণীত এটা গানৰ আবৃত্তি আৰু অভিনয়ত অংশ গ্ৰহণ কৰিছিলোঁ৷ সাজি-কাচি গান এটা গাই গাই মঞ্চত প্ৰৱেশ কৰিছিলোঁ– ‘ওলাই আহিলোঁ মই ঘৰ-বাৰী এৰি আৰু মই উলটি নাযাওঁ’... ইত্যাদি গানটোৰ text-টোতকৈ কিবা কাৰণত সুৰটোৱেহে মোক আকৰ্ষণ কৰিছিল আৰু সেই সুৰতে ঢালি আবৃত্তি কৰিব পৰাকৈ কবিতা এটা লিখি মাক দেখুৱাইছিলোঁ৷ মাকবোৰ সদায়েই মূলতঃ ৰা-ছোৱালীবোৰৰ অফুৰন্ত প্ৰেৰণাৰ উৎস৷ মা আৰু দেশক লৈ বহুতো ডাঙৰ হাতৰ আখৰেৰে সৰু-বৰ কবিতা৷ যথাৰীতি মা একমাত্ৰ পাঠক, দেউতা মাজে মাজে নিৰ্লিপ্ত শ্ৰোতা৷

কৈশোৰত গদ্য৷ গদ্য মানে নাটক আৰু লাহে লাহে গল্প৷ এতিয়া মূলতঃ গল্প আৰু মাজে মাজে দুই এখন সৰু সৰু উপন্যাস৷

গল্পৰ কথা ভাবিলেই আকৌ সেই শৈশৱতে আৰম্ভ হোৱা জীৱন পঢ়াশালিৰ আদিপাঠবোৰৰ কথা মনলৈ  আহে৷ আদিগন্ত গাঁওখন, বিশাল পথাৰখন, পানী ভৰা পুখুৰী, দলনি, নামঘৰ ভৰা ৰাইজ, গাঁওখনৰ সৰু সৰু খেলবোৰ, নামঘৰৰ পাঠ আৰু প্ৰসংগীয়া নাম, দূলিয়ে পদূলিয়ে অত তত জুম বন্ধা আইতা, বৰমা, ককাইদেউহঁতৰ অন্তহীন কথাৰ মেল, আনন্দ, হাঁহি, দুঃখ এই সকলোবোৰতেই ক’ত জানো কেনেকৈ চেপে চেপে গল্প-উপন্যাস সোমাই থাকে তাকেই যেন বিচাৰি ফুৰোঁ৷ বিশেষ ব্যাকৰণ, ৰীতি-নীতি অথবা ইজম্ ছিম্বল ইত্যাদিক সমুখত লৈ মই গল্প নিলিখোঁ– লিখিবলৈ যত্নও নকৰোঁ ‘বৰণীয়া আলিবাট নামৰ এটা গল্পৰ ছিৰিজ আছে৷ অন্বেষা প্ৰকাশিত গল্প সংকলন বৰণীয়া আলিবাট৷ তাত এটা গল্প আছে বৰণীয়া আলিবাট ৰূপোৱালী৷ মৃত্যু পথযাত্ৰী এগৰাকী আইতাই মনৰ গুপুত কথা বেকত কৰিব নোৱাৰা বেদনা বা যন্ত্ৰণা৷ মই এই গল্পটোক মোৰ এটা প্ৰেমৰ গল্প বুলিয়েই ভাবোঁ৷

শ্ৰদ্ধেয় চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰ মোৰ গল্প যাত্ৰাৰ সৰু গল্পতৰীৰ এজন প্ৰধান নাৱিক৷ মোৰ প্ৰথম পৰ্যায়ৰ প্ৰায়বোৰ গল্প গৰীয়সী আলোচনীতে প্ৰকাশিত৷ তেওঁ মোৰ এই ‘বৰণীয়া আলিবাট ৰূপোৱালী’ ‘মায়াময়’ আদি গল্পত মেজিক ৰিয়েলিজমৰ আভা আছে বুলি উল্লেখ কৰিছিল৷ কোৱা বাহুল্য, মই কবলৈ দ্বিধাবোধ নকৰোঁ, তেতিয়াও আনকি এতিয়াও এই মেজিক ৰিয়েলিজমৰ তত্ত্ব মোৰ সম্পূৰ্ণ আয়ত্তৰ বাহিৰত৷

যি কি নহওক, এই যে আদিপাঠ, পাঠ আদিৰ পাঠশালাবোৰ জীৱন পাঠশালাৰ কথা মই প্ৰায়ে ভাবোঁ আৰু উল্লেখ কৰোঁ আৰু মই বিশ্বাস কৰোঁ, এই পাঠশালাৰেই মই আজীৱন ছাত্ৰ মাত্ৰ৷ অনেক শিক্ষকে মোক সমৃদ্ধ কৰিছে৷ কাহানিও আনুষ্ঠানিক স্কুললৈ নোযোৱা প্ৰচুৰ অভিজ্ঞতাসম্পন্ন আমাৰ গাঁৱৰে বৰপিতাই এজনে তেওঁ কথা ইমানবোৰ কেনেকৈ জানিলে বুলি সোধা প্ৰশ্নৰ উত্তৰত কোৱা জীৱনৰ আলিবাটত লগ পোৱা বা জনা কথাৰ উত্তৰ মোৰ প্ৰায় মনত থাকে৷

আলিবাট মোৰ এটা প্ৰিয় শব্দ৷ কোনো এটা গল্পত আলিবাটৰ কথা মই উল্লেখ কৰিছোঁ৷ পৃথিৱীৰ সকলোবোৰ সলনি হয় বা সলনি হব পাৰে কিন্তু আলিবাটবোৰ ঘাই পথ, উপপথ, গৰু বাট, বাঁহতললৈ যোৱা বাট, দলনি পথাৰলৈ যোৱা বাট, বহল পথাৰখন দুভাগ কৰি স্কুললৈ যোৱা বাট– এই সকলোবোৰ একেই থাকে৷ ধ্ৰুৱকৰ দৰে universally constant দুই-এক মেৰামতি, আহল বহল হোৱা, শিল আলকাতৰা পৰা, পকী হোৱা- এইবোৰৰ বাহিৰে আলিবাটবোৰ মূলতঃ একেই থাকে৷

একেই আলিবাট এই আলিবাটবোৰৰেই আহি থাকোঁতে ৰচনা কৰা দুই এক লেখা, দুই এটা গল্প আপোনালোকৰ চকুত পৰিছে, অন্যযুগ আলোচনীখনে আজি মোক সন্মান প্ৰদৰ্শন কৰিছে৷

মই অনুগৃহীত আৰু বাধিত৷ আপোনালোক সকলোকে পুনৰ কৃতজ্ঞতা ভৰা সেৱা আৰু নমস্কাৰ৷


শিৱানন্দ কাকতি

যোৰহাট, ১৩ ফেব্ৰুৱাৰি, ২০২২

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ