মই মোৰ নীলা কুকুৰাজনীক
এটা গান শুনাওঁ ৷ মই তাইৰ ডেউকা দুখন
মোৰ গাত
মেৰিয়াই লওঁ ৷ শিয়ালটোৱে তাইৰ প্ৰেমিকক ভক্ষণ কৰিছিল,
মনে মনে
ৰুক্ষ ঘাঁহবোৰৰ
মাজেদি,
বৰষুণে
ধোৱা আকাশেৰে আহি ৷ মই তাইক কওঁ, ময়েই নীলা বগলী,
আৰু নীলা
ভাটৌ৷ আমি অনুচ্চ
সুৰত
ফৰাচী ভাষাত
কথা পাতোঁ৷ মই তাইক কওঁ
ঘোঁৰা, ষাঁড়, আৰু সিংহ এই
সকলোৱেই তৰাবোৰত আছিল
আমাৰ জীৱনৰ
বেলেগে বেলেগ সময়ত৷ মই তাইক কওঁ আনকি
সাগৰেও কৰিব
নোৱৰা বহুত কিবাকিবিয়েই আছে, যেনে ঘূৰি অহাটো
যেতিয়া সেয়া
যোৱাৰ সময় ৷ মই তাইক কওঁ
মোৰ হৃদয় প্ৰলয়
জলধিত এখন
নাও, এটা কফিন, এখন পালতৰা জাহাজ ৷
মই তাইক কওঁ
বৰ্তমান সময় বুলিবলৈ একোৱেই নাই,
কঁহুৱাৰ
গোটেই পথাৰখনেই তাইক এহেজাৰ
ভিন্ন উত্তৰ
দিব পাৰে৷ মই তাইক কওঁ এটা কুকুৰ
লাইটহাউছ
এটা হ’ব পাৰে, এটি
ঘৰচিৰিকাই সপোন দেখিব পাৰে
তাৰ গানৰ, টোপনিত
কঁপাই তুলিব পাৰে তাৰ কণ্ঠ ৷
মই তাইক কওঁ
কেনেকৈ এজনী মায়াৱিনী ধাত্ৰীয়ে গীত গাই প্ৰত্যেক কেঁচুৱাকে তাৰ
নিজৰ নি:শংক
গীতটোলৈ লৈ যাব পাৰে৷ এই নিশা, জোনটোৱে এন্ধাৰবোৰ
ঠেলি পঠিয়ায়
৷ মোৰ চুলি তাল গছবোৰত লাগি ধৰে৷ মই তাইক কওঁ মই এজোপা গছ
হ’ব
পাৰিলোঁহেঁতেন, তুমি যদি মোক ইয়াত অলপ বেছি সময় ধৰি ৰাখিলাহেঁতেন ৷
মই তাইৰ
ডিঙিটো স্পৰ্শ কৰোঁ৷ তাই অস্পষ্ট শব্দ কৰে,
কণী আৰু
পাখিৰ তাইৰ গান৷ মই তাইক কওঁ
তুমি
এক উচ্ছল
তৰংগ আছিলা, বৰ্ষাৰ
বিজুলী চমকনিৰে ধুমুহাৰ এজন
পুৰুষ৷
অন্যযুগ/
মোৰ নীলা কুকুৰা
মূল : এন গ্ৰে
ভাবানুবাদ : যশোৱন্ত নিপুণ