অন্যযুগ/


ৰঘুবংশ

মূল: মহাকবি কালিদাস

অনুবাদ: কৌস্তুভমণি শইকীয়া দত্ত

|| ২য় অধ্যায় ||


দিলীপ আৰু নন্দিনী


পুৱাই যশস্বী প্ৰজাধিপতিৰ  জায়াই 

দামুৰিক দিয়ে পিবলৈ আৰু বান্ধি থয় নিলগাই

নন্দিনী গাইক সুৱাসিত মালাৰে সজাই

গোমাতাক এৰি দিয়ে বনলৈ যাবলৈ ।


অথ প্রজানামধিপঃ প্রভাতে জায়াপ্রতিগ্রাহিতগন্ধমাল্যাম্ |

বনায় পীতপ্রতিবদ্ধবৎসাং যশোধনো ধেনুমৃষের্মুমোচ || ২-১||



শ্ৰৱণ কৰা বেদবাক্য যিদৰে অনুসৰণ কৰে স্মৃতিয়ে

নৰপতিৰ ধৰ্মপত্নীয়েও সেইদৰে

নন্দিনীৰ খুৰাই পবিত্ৰ কৰে যি পথৰ ধূলি 

সেই বাট অনুসৰণ কৰে ।


তস্যাঃ খুৰন্যাসপবিত্রপাংসুমপাংসুলানাং ধুৰি কীর্তনীয়া |

মার্গং মনুষ্যেশ্বৰধর্মপত্নী শ্রুতেৰিবার্থং স্মৃতিৰন্বগচ্ছৎ || ২-২||


আশ্ৰমৰ প্ৰান্তৰ পৰা মৰমী পত্নীক ঘূৰাই পঠায়

বনত সুৰভিকন্যাৰ  দায়িত্ব নিজে লয় ।

এনেদৰে ৰক্ষা কৰে যেন গাইৰ ৰূপত পৃথিৱী

চাৰিখন সাগৰ যেন দুগ্ধদায়িনী পয়োধৰা নন্দিনী।


নিবর্ত্য ৰাজা দয়িতাং দয়ালুস্তাং সৌৰভেয়ীং সুৰভির্যশোভিঃ |

পয়োধৰীভূতচতুঃসমুদ্রাং জুগোপ গোৰূপধৰামিবোর্বীম্ || ২-৩||


অকলে যায় বনৰ মাজলৈ ব্ৰতপালনৰ অৰ্থে

অংগৰক্ষক বাহিনী নিষেধ কৰে

দেহৰক্ষাৰ বাবে আনৰ সহায় নিষ্প্ৰয়োজন

আপোন শক্তিৰেই শক্তিমান মনুৰ সন্তান । 


ব্রতায় তেনানুচৰেণ ধেনোর্ন্যষেধি শেষোঽপ্যনুয়ায়িবর্গঃ |

ন চান্যতস্তস্য শৰীৰৰক্ষা স্ববীর্যগুপ্তা হি মনোঃ প্রসূতিঃ || ২-৪||


মুখত তুলি দিয়ে কোমল সোৱাদ ঘাঁহ

খেদি দিয়ে ছালত পৰা মহ-মাখি আৰু দিয়ে ভৰি খজুৱাই

অবাধে যাবলৈ দিয়ে য’লৈকে যায় সেই গাই

নন্দিনীৰ সেৱাতে নিজক সঁপি দিয়ে ৰজাই ।


আস্বাদবদ্ভিঃ কবলৈস্তৃণানাং কন্ডূয়নৈর্দংশনিবাৰণৈঃশ্চ |

অব্যাহতৈঃ স্বৈৰগতৈশ্চ তস্যাঃ সম্রাট্ সমাৰাধনতৎপৰোঽভূৎ || ২-৫||


নন্দিনী ৰ’লে দিলীপো ৰয় খোজ ল’লে লগতে খোজ লয়

বহিলে তেওঁ জিৰণি লয় আৰু পানী খায় নন্দিনীয়ে খালে ।

ছাঁ হৈ নৃপতিয়ে অনুগমন কৰে সেই গাইক ।


স্থিতঃ স্থিতামুচ্চলিতঃ প্রয়াতাং নিষেদুষীমাসনবন্ধধীৰঃ |

জলাভিলাষী জলমাদদানাং ছায়েব তাং ভূপতিৰন্বগচ্ছৎ || ২-৬||


যদিওবা ৰাজনে পৰিত্যাগ কৰিছিল সকলো ৰাজচিহ্ন

তেওঁৰ তেজোদ্দীপ্ত ৰূপতে ৰাজলক্ষ্মী প্ৰকাশিত 

কুমত যদিও নাই মদক্ষৰণৰ চিন 

তেওঁ যেন এক গজৰাজ মত্ত।


স ন্যস্তচিহ্নামপি ৰাজলক্ষ্মীং তেজোবিশেষানুমিতাং দধান |

আসীদনাবিষ্কৃতদানৰাজিৰন্তর্মদাবস্থ ইব দ্বিপেন্দ্রঃ || ২-৭||


বনৰ লতাৰে চুলি বান্ধি ধনু-কাঁড় হাতত লৈ 

এনেদৰে কৰি আছিল বনত বিচৰণ 

মুনিৰ গৰু-গাইৰ ৰক্ষণৰ ছলেৰে যেন

অৰণ্যৰ অশুভ শক্তিহে কৰিছে দমন । 


লতাপ্রতানোদ্গ্রথিতৈঃ স কেশৈৰধিজ্যধন্বা বিচচাৰ দাবম্ |

ৰক্ষাপদেশান্মুনিহোমধেনোর্বন্যান্বিনেষ্যন্নিব দুষ্টসত্ত্বান্ || ২-৮||


বনত ঘূৰি ফুৰা বৰুণৰ দৰে ৰজা অনুচৰবিহীন

কাষৰ বৃক্ষৰ পখীয়ে কলৰৱ কৰি

নৃপত্ৰ প্ৰশস্তিত যেন গায় জয়গান ।   


বিসৃষ্টপার্শ্বানুচৰস্য তস্য পার্শ্বদ্রুমাঃ পাশভৃতা সমস্য |

উদীৰয়ামাসুৰিবোন্মদানামালোকশব্দং বয়সাং বিৰাবৈঃ || ২-৯||


সমীৰণৰ দৰে কোমল হাতেৰে গছত বগাই যোৱা লতিকাই

অগ্নিসম উজ্জ্বল দিলীপৰ শৰীৰত ফুল দিয়ে ছটিয়াই ।

যেন ঘৰৰ ছাদত উঠি নগৰৰ বালিকাই 

আদৰে ৰজালৈ বুলি  চাউল ছটিয়ায় ।


মৰুৎপ্রয়ুক্তাশ্চ মৰুৎসখাভং তমর্চ্যমাৰাদভিবর্তমানম্ |

অবাকিৰন্বাললতাঃ প্রসূনৈৰাচাৰলাজৈৰিব পৌৰকন্যাঃ || ২-১০||


যদিও হাতত ধনুকাঁড় , 

বীৰ ৰজাৰ হৃদয় আছিল দয়াৰ সাগৰ

তেওঁৰ সুন্দৰ অৱয়ব দেখি 

বহলকৈ মেল খালে হৰিণীৰ ডাঙৰ চকুবোৰ ।


ধনুর্ভৃতোঽপ্যস্য দয়ার্দ্রভাবমাখ্যাতমন্তঃকৰণৈর্বিশঙ্কৈঃ |

বিলোকয়ন্ত্যো বপুৰাপুৰক্ষ্ণাং প্রকামবিস্তাৰফলং হৰিণ্যঃ || ২-১১||


ফোপোলা বাঁহৰ ফুটাৰে বতাহ সোমাই বাঁহীৰ সুৰ বিয়পি পৰিছে

তাৰ লগত কুঞ্জই কুঞ্জই বনদেৱতাই তেওঁৰ যশোগান গাইছে ।

 

স কীচকৈর্মাৰুতপূর্ণৰৈন্ধ্রৈঃ কূজদ্ভিরাপাদিতবংশকৃত্যম্ |

শুশ্রাব কুঞ্জেষু যশঃ স্বমুচ্চৈৰুদ্গীয়মানং বনদেবতাভিঃ || ২-১২||


ৰ’দত ক্লান্ত ছত্ৰহীন সেই ব্ৰতচাৰী ৰাজনৰ সেৱা কৰিলেহি

পাহাৰী নিজৰাৰ হিমকণা সিক্ত আৰু

ফুলৰ সুবাসেৰে সুবাসিত মলয়াই ।


পৃক্তস্তুষাৰৈর্গিৰিনির্ঝৰাণমনোকহাকম্পিতপুষ্পগন্ধী |

তমাতপক্লান্তমনাতপত্রমাচাৰপূতং পবনো নিষেবে || ২-১৩||



বৃষ্টি অবিহনেও নিৰ্বাপিত হ’ল বনজুই 

ৰক্ষক ৰজাৰ প্ৰৱেশৰ লগে লগে বনত।

ফল-ফুলেৰে ভৰি পৰিল বননি

কোনো শক্তিমন্তই পীড়া নিদিয়া হ’ল দুৰ্বলক ।


শশাম বৃষ্ট্যাপি বিনা দবাগ্নিৰাসীদ্বিশেষা ফলপুষ্পবৃদ্ধিঃ |

ঊনং ন সত্ত্বেষ্বধিকো ববাধে তস্মিন্বনং গোপ্তৰি গাহমানে || ২-১৪||


দিন ব্যতীত হ’লে

কুঁহিপাতৰ দৰে তামৰঙী কিৰণৰ সূৰুয

আৰু গোধেনু উভয়েই নিজ নিজ পৰিভ্ৰমণেৰে

পৱিত্ৰ কৰে দিগন্ত আৰু ওভতে নিজা আৱাসলৈ ।


সংচাৰপূতানি দিগন্তৰাণি কৃৎবা দিনান্তে নিলয়ায় গন্তুম্ |

প্রচক্রমে পল্লবৰাগতাম্রা প্রভা পতংগস্য মুনেশ্চ ধেনুঃ || ২-১৫||


যি গাইৰ দুগ্ধৰে হয় দেৱকাৰ্য, পিতৃকাৰ্য আৰু অতিথিকাৰ্য সমাপণ

মধ্যম লোকপাল দিলীপে কৰে তেওঁৰ অুনগমন

এনে শোভা পায় যেন স্বয়ং শ্ৰদ্ধাই কৰে  সুমংগল অনুষ্ঠান।


তাং দেবতাপিত্রতিথিক্রিয়ার্থামন্বগ্যয়ৌ মধ্যমলোকপালঃ |

বভৌ চ সা তেন সতাং মতেন শ্রদ্ধেব সাক্ষাদ্বিধিনোপপন্না || ২-১৬||


তেওঁ গৈ থাকিল বনশোভা চাই চাই

পল্লৱিত জোপোহাৰ পৰা ওলাই আহিছিল বনগাহৰিৰ জাক

ময়ূৰবোৰ নিজ নিজ গছলৈ উভতিছিল 

হৰিণবোৰ শ্যামল বননিত শুই পৰিছিল

অৰণ্যলৈ ক্ৰমশঃ এন্ধাৰ নামিছিল ।


স পল্বলোত্তীর্ণবৰাহয়ূথান্যাবাসবৃক্ষোন্মুখবর্হিণানি |

যয়ৌ মৃগাধ্যাসিতশাদ্বলানি শ্যামায়মানানি বনানি পশ্যন্ || ২-১৭||


দুগ্ধপূৰ্ণ ওহাৰেৰে নন্দিনীৰ গমনত আছিল ধীৰ ছন্দ

ৰাজপুৰুষ থূলন্তৰ দিলীপৰো খোজ গধুৰ মনোজ্ঞ

দুয়ো কৰিছিল তপোবনৰ পথ অলংকৃত ।


আপীনভাৰোদ্বহনপ্রয়ত্নাদ্গৃষ্টির্গুৰুৎবাদ্বপুষো নৰেন্দ্রঃ |

উভাবলংচক্রতুৰঞ্চিতাভ্যাং তপোবনাবৃত্তিপথং গতাভ্যাম্ || ২-১৮|


বশিষ্ঠৰ গোৰত্নক লৈ বনৰ পৰা উভতা নৃপতিলৈ

ৰাণীয়ে বনৰ প্ৰান্তত ৰৈ সতৃষ্ণ নয়নেৰে চাই ৰ’ল 

ধুনীয়া দুচকুৱে পলক পেলাবলৈও পাহৰি গ’ল ।


বশিষ্ঠধেনোৰনুয়ায়িনং তমাবর্তমানং বনিতা বনান্তাৎ |

পপৌ নিমেষালসপক্ষ্মপঙ্ক্তিৰুপোষিতাভ্যামিব লোচনাভ্যাম্ || ২-১৯||



নন্দিনীক আগত লৈ আহি আছিল নৃপতি

তেওঁলোকক আগবঢ়াই নিবলৈ আহিছিল ৰাজনৰ ধৰ্মপত্নী ।

এনে লাগিছিল  মাজত সন্ধ্যাৰ কিৰণ যেন নন্দিনী 

দুকাষে ৰজা-ৰাণী যেন দিন আৰু ৰাতি ।


পুৰস্কৃতা বর্ত্মনি পার্থিবেন প্রত্যুদ্গতা পার্থিবধর্মপত্ন্যা |

তদন্তৰে সা বিৰৰাজ ধেনুর্দিনক্ষপামধ্যগতেব সন্ধ্যা || ২-২০||


পয়স্বিনী গাইক সুদক্ষিণাই কৰিলে প্ৰদক্ষিণ 

নন্দিনীৰ শিৰৰ মধ্যস্থানতে যেন আছে সিদ্ধিৰ দ্বাৰ

দুই শিঙৰ মাজত কৰে অৰ্চন-পূজন হাতত পাত্ৰ আখৈৰ । 


প্রদক্ষিণীকৃত্য পয়স্বিনীং তাং সুদক্ষিণা সাক্ষতপাত্রহস্তা |

প্রণম্যচানর্চ বিশালমস্যাঃ শৃঙ্গান্তৰং দ্বাৰমিবার্থসিদ্ধেঃ || ২-২১||


যদিও আছিল আই দামুৰীৰ বাবে উৎসুক 

ধৈৰ্য ধৰি অৰ্চন-পূজন কৰিলে গ্ৰহণ ।

সুখী হ’ল ৰজা-ৰাণী সেই সঁহাৰিত

এয়াযে ভক্তৰ প্ৰতি অনুগ্ৰহৰ লক্ষণ ।


বৎসোৎসুকাপি স্তিমিতা সপর্যাং প্রত্যগ্রহীৎসেতি ননদুতুস্তৌ |

ভক্ত্যোপপন্নেষু হি তদ্বিধানানাং প্রসাদচিহ্নানি পুৰঃফলানি || ২-২২||


বাহুবলেৰে শত্ৰু নিধনকাৰী দিলীপে 

জায়াসহ গুৰুৰ চৰণ সেৱি সামৰিলে সান্ধ্যকৃত্য ।

পুনৰ দোহনৰ শেষত জিৰণি লোৱা গোমাতাৰ সেৱাত হ’ল মগ্ন ।


গুরোঃ সদারস্য নিপীড্য পাদৌ সমাপ্য সাংধ্যং চ বিধিং দিলীপঃ |

দোহাবসানে পুনরেব দোগ্ধ্রীং ভেজে ভুজোচ্ছিন্নরিপুর্নিষণ্ণাম্ || ২-২৩||


ৰক্ষকস্বৰূপ ৰজা গৃহিনীৰ সৈতে

এগছি প্ৰদীপ জ্বলাই নৈবেদ্য গাইৰ সমুখত ৰাখে 

শয়ন কৰিলে শোৱে জাগিলে জাগে ।


তামন্তিকন্যস্তবলিপ্রদীপামন্বাস্য গোপ্তা গৃহিণীসহায়ঃ |

ক্রমেণ সুপ্তামনু সংবিবেশ সুপ্তোত্থিতাং প্রাতৰনূদতিষ্ঠৎ || ২-২৪||


সন্তান বিচাৰি প্ৰজাৰঞ্জক মহীয়ান ৰাজনে মহিষী সহিতে

ব্ৰত পালনত মগ্ন হৈ ৰ’ল একেধাৰে তিনি সপ্তাহে ।


ইত্থং ব্রতং ধাৰয়তঃ প্রজার্থং সমং মহিষ্যা মহনীয়কীর্তেঃ |

সপ্ত ব্যতীয়ুস্ত্রিগুণানি তস্য দিনানি দীনোদ্ধৰণোচিতস্য || ২-২৫||


পশুৰাজ আৰু ৰাজন 


এই কথা তাৰ পিছদিনাৰ-

অনুচৰ দিলীপৰ মনোভাৱ পৰীক্ষাৰ ভাব হ’ল মুনিৰ ধেনুৰ ।

নতুন ঘাঁহে গজালি মেলিছে হিমালয়ৰ গংগাপ্ৰপাতৰ সমুখত

নন্দিনী গৈ সোমাই থাকিল তাৰ নিকটৰ গৌৰীগুৰু গহ্বৰত  ।

 

অন্যেদ্যুৰাত্মানুচৰস্য ভাবং জিজ্ঞাসমানা মুনিহোমধেনুঃ |

গঙ্গাপ্রপাতান্তবিৰূঢশষ্পং গৌৰীগুৰোর্গহ্বৰমাবিবেশ || ২-২৬||


কোনো হিংস্ৰপ্ৰাণীয়ে গোপনে আক্ৰমণ নকৰক বুলি 

বনৰ শোভা চাই চাই আছিল যজ্ঞধেনু ৰখি ।

হঠাতে  ক’ৰবাৰ পৰা ওলালহি সিংহ

পলকতে নন্দিনীক ধৰিলে নোৱাৰিলে ততকে ধৰিব ।


সা দুষ্প্রধর্ষা মনসাপি হিংস্রৈৰিত্যদ্রিশোভাপ্রহিতেক্ষণেন |

অলক্ষিতাভ্যুৎপতনো নৃপেণ প্রসহ্য সিংহঃ কিল তাং চকর্ষ || ২-২৭||


(ক্ৰমশঃ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ