মূল : মহাকবি কালিদাস
অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত
দ্বিতীয় অধ্যায়
প্ৰহাৰ কৰিবলৈ উদ্যত সোঁহাতৰ আঙুলিয়ে স্পৰ্শ কৰাত
কাঁড়ৰ পাখি ৰঞ্জিত হ’ল নখচন্দ্ৰৰ পোহৰত ।
কিন্তু কি এই আড়ষ্টতা !
তুলিবই নোৱাৰিলে বাণ, ছবিৰ দৰেই স্থিৰ হৈ ৰ’ল সেই নিপুণ হাত ।
বামেতৰস্তস্য কৰঃ প্রহর্তুর্নখপ্রভাভূষিতকঙ্কপত্রে ।
সক্তাঙ্গুলিঃ সায়কপুঙ্খ এব চিত্রার্পিতাৰম্ভ ইবাবতস্থে ।। ২-৩১।।
ক্ৰোধত মত্ত হ’ল বীৰ অৱশ হ’ল হাত
অন্তৰ দগ্ধ হ’ল আপোন তেজত ।
চকুৰ আগতে শতুৰু অথচ বাহু হ’ল স্থবিৰ ।
যি গতি হয় মন্ত্ৰ আৰু ঔষধত বশীভূত ক্ৰোধিত সৰ্পৰ ।
বাহুপ্রতিষ্টম্ভবিবৃদ্ধমন্যুৰভ্যর্ণমাগস্কৃতমস্পৃশদ্ভিঃ।
ৰাজা স্বতেজোভিৰদহ্যতান্তর্ভোগীব মন্ত্রৌষধিৰুদ্ধবীর্যঃ ।। ২-৩২।।
সিংহসম বলৱান মনুবংশৰ ধ্বজাস্বৰূপ সজ্জনৰ প্ৰিয়
নিজৰ অসহায় অৱস্থা দেখি নিজৰে হ’ল অপাৰ বিস্ময় ।
তাতোকৈ আচৰিত কৰি ধনুৰ্দ্ধৰ ৰজাক
ধেনুৰ নিগ্ৰহকাৰী সিংহ হ’ল মানুহৰ মাতেৰে সবাক ।
তমার্যগৃহ্যং নিগৃহীতধেনুর্মনুষ্যবাচা মনুবংশকেতুম্।
বিস্মায়য়ন্বিস্মিতমাত্মবৃত্তৌ সিংহোৰুসত্ত্বং নিজগাদ সিংহঃ ।। ২-৩৩।।
আপোনাৰ কষ্টৰ প্ৰয়োজন নাই হে’ মহীপাল
বাণ নিক্ষেপ কৰিলেও অৱশ্যেই হ’ব নিস্ফল ।
বতাহৰ শক্তিয়ে কেৱল গছকহে কঁপায়
পাহাৰ ধুমুহাতো অলৰ-অচল হৈ ৰয় ।
অলং মহীপাল তব শ্রমেণ প্রয়ুক্তমপ্যস্ত্রমিতো বৃথা স্যাৎ ।
স পাদপোন্মূলনশক্তি ৰংহঃ শিলোচ্চয়ে মূর্চ্ছতি মাৰুতস্য।। ২-৩৪।।
যি আৰোহণ কৰে কৈলাসৰ দৰে শুকুলা বৃষভত
সেই সদাশিৱৰ অনুগ্ৰহ মোৰ ওপৰত ।
নিকুম্ভৰ সখা মই নাম মোৰ কুম্ভোদৰ
প্ৰিয় দাস মই অষ্টমূৰ্তি মহেশ্বৰৰ ।
কৈলাসগৌরং বৃষমারুরক্ষোঃ পাদার্পণানুগ্রহপূতপৃষ্ঠম্ ।
অবেহি মাং কিংকরমষ্টমূর্তেঃ কুম্ভোদরং নাম নিকুম্ভমিত্রম্ ।। ২-৩৫।।
সমুখত যে দেখিছা সৌ দেৱদাৰুজোপা
পুত্ৰ যেন প্ৰিয় সদাশিৱৰ
কিয়নো দুগ্ধপান কৰিছে এই দেৱদাৰুৱে
কাৰ্তিক-জননীৰ সোণৰ কলহৰ দৰে স্তনৰ।
অমুং পুৰঃ পশ্যসি দেবদাৰুং পুত্রীকৃতোঽসৌ বৃষভধ্বজেন ।
যো হেমকুম্ভস্তননিঃসৃতানাং স্কন্দস্য মাতুঃ পয়সাং ৰসজ্ঞঃ।। ২-৩৬।।
এদিন এটা বনৰীয়া হাতীয়ে গা ঘঁহাই ছাল এৰুৱালে এই দেৱদাৰুৰ
পাৰ্বতী আয়ে এনে দুখ কৰিলে যেন আহত কাৰ্তিক বাণত অসুৰৰ।
কণ্ডূয়মানেন কটং কদাচিদ্বন্যদ্বিপেনোন্মথিতাৎবগস্য ।
অথৈনমদ্রেস্তনয়া শুশোচ সেনান্যমালীঢমিবাসুৰাস্ত্রৈঃ ।। ২-৩৭।।
তেতিয়াৰ পৰা সদাশিৱই কৰিছে মোক পাহাৰৰ গুহাত নিযুক্ত
ভয় দেখুৱাই বন্যহস্তীক সদায় কৰিম নিৰস্ত ।
যদি কোনো প্ৰাণী আহি গুহাত প্ৰৱেশ কৰে
সিয়ে হ’ব মোৰ জীৱন ধাৰণৰ উপায় প্ৰভূৰ বিধান মতে।
তদাপ্রভৃত্যেব বনদ্বিপানাং ত্রাসার্থমস্মিন্নহমদ্রিকুক্ষৌ ।
ব্যাপৰিতঃ শূলভৃতা বিধায় সিংহৎবমঙ্কাগতসত্ত্ববৃত্তি ।। ২-৩৮।।
ৰাহুৰ গ্ৰাসৰ বাবেই যিদৰে চন্দ্ৰমাৰ সুধা
প্ৰভূৱে পঠাইছে ৰক্ত-ভোজন
নিবাৰণ কৰিবলৈ মোৰ উপবাসৰ ক্ষুধা ।
তস্যালমেষা ক্ষুধিতস্য তৃপ্ত্যৈ প্রদিষ্টকালা পৰমেশ্বৰেণ ।
উপস্থিতা শোণিতপাৰণা মে সুৰদ্বিষশ্চান্দ্রমসী সুধেব ।। ২-৩৯।।
সেয়ে হে ৰাজন, লজ্জা পৰিহাৰ কৰি যোৱা উভতি
অনেক কৰিলা তুমি দেখুৱাই গুৰুভক্তি ।
যদি কাৰোবাক ৰক্ষা কৰিব নোৱাৰি অস্ত্ৰবলে
অস্ত্ৰধাৰীৰ যশ নহয় নষ্ট কোনোকালে ।
স ৎবং নিবর্তস্ব বিহায় লজ্জাং গুৰোর্ভবান্দর্শিতশিষ্যভক্তিঃ ।
শস্ত্রেণ ৰক্ষ্যং যদশক্যৰক্ষং ন তদ্যশঃ শস্ত্রভৃতাং ক্ষিণোতি ।। ২-৪০।।
শুনি পশুৰাজৰ বাণী প্রগল্ভ
বুজিলে ৰজাই অস্ত্ৰ বিফল হ’ল শিৱৰ প্ৰভাৱত ।
নিজৰ প্ৰতি ওপজা গ্লানি আঁতৰিল ।
ইতি প্রগল্ভং পুৰুষাধিৰাজো মৃগাধিৰাজস্য বচো নিশম্য ।
প্রত্যাহতাস্ত্রো গিৰিশপ্রভাবাদাত্মন্যবজ্ঞাং শিথিলীচকাৰ ।। ২-৪১।।
বাণ নিক্ষেপত প্ৰতিবন্ধকৰ বাবে ৰজা হ’ল ব্য়ৰ্থকাম
বজ্ৰনিক্ষেপত শিৱৰ দৃষ্টিত ইন্দ্ৰৰ জড়তা আহিল যেন।
সসম্ভ্ৰমে প্ৰত্যুত্তৰ দিলে পশুৰাজক।
প্রত্যব্রবীচ্চৈনমিষুপ্রয়োগে তৎপূর্বভঙ্গে বিতথপ্রয়ত্নঃ ।
জডীকৃতস্ত্র্যম্বকবীক্ষণেন বজ্রং মুমুক্ষন্নিব বজ্রপাণিঃ ।। ২-৪২।।
হে মৃগেন্দ্ৰ, শংকৰৰ প্ৰভাৱত ব্যৰ্থ মোৰ শৰ, স্থবিৰ মোৰ হাত
তথাপি ক’ব খোজোঁ যিটো তোমাক সেই কথা হাঁহি উঠা
যিহেতু জানাই তুমি প্ৰাণীৰ মনৰ সকলো কথা ।
সংৰুদ্ধচেষ্টস্য মৃগেদ্র কামং হাস্যং বচস্তদ্যদহং বিবক্ষুঃ ।
অন্তর্গতং প্রাণভৃতাং হি বেদ সর্বং ভবান্ভাবমতোঽভিধাস্যে ।। ২-৪৩।।
স্থাৱৰ-জংগম এই সৃষ্টিত
স্থিতি আৰু প্ৰলয় হেতু পূজ্য মহাদেৱ যিদৰে
গুৰুৰ যজ্ঞৰ সাধন এই ধেনুৰো নিধন চাব নোৱাৰোঁ সিদৰে ।
মান্যঃ স মে স্থাবৰজংগমানাং সর্গস্থিতিপ্রত্যবহাৰহেতুঃ ।
গুৰোৰপীদং ধনমাহিতগ্নের্নশ্যৎপুৰস্তাদনুপেক্ষণীয়ম্ ।। ২-৪৪।।
তুমি যিহেতু কাষলৈ অহা প্ৰাণীৰেই নিজৰ পেট পালন কৰা
মোৰ শৰীৰক গ্ৰহণ কৰিয়ে ভোক নিবাৰণ কৰাঁ ।
এৰি দিয়া দয়া কৰি প্ৰভুৰ এই গাই
কুমলীয়া দামুৰিটিয়ে আছে মাকলৈ বাট চাই ।
স ৎবং মদীয়েন শৰীৰবৃত্তিং দেহেন নির্বর্তয়িতুং প্রসীদ ।
দিনাবসানোৎসুকবালবৎসা বিসৃজ্য তাং ধেনুৰিয়ং মহর্ষেঃ ।। ২-৪৫।।
সেই কথা শুনি মাৰিলে হাঁহি শিৱৰ অনুচৰ সিংহ
দাঁতৰ উজ্জ্বলতাত গুহাৰ আন্ধাৰ হ’ল খণ্ড খণ্ড ।
আৰু পুনৰ ক’লে উদ্দেশ্য কৰি ৰজাক ।
অথান্ধকাৰং গিৰিগহ্বৰাণাং দংষ্ট্রাময়ূখৈঃ শকলানি কুর্বন্ ।
ভূয়ঃ স ভূতেশ্বৰপার্শ্ববর্তী কিংচিদ্বিহস্যার্থপতিং বভাষে ।। ২-৪৬।।
সুন্দৰ যুৱক আৰু শৰীৰ ৰমণীয়
জগতৰ একচ্ছত্ৰী প্ৰভূ আপুনি ।
সৰু কথাতে কৰিব খুজিছে বিস্তৰ ক্ষতি
আপোনাক বুলিলোঁ অবিবেকী ।
একাতপত্রং জগতঃ প্রভুৎবং নবং বয়ঃ কান্তমিদং বপুশ্চ ।
অল্পস্য হেতোর্বহু হাতুমিচ্ছন্বিচাৰমূঢঃ প্রতিভাসি মে ৎবম্ ।। ২-৪৭।।
জীৱৰ প্ৰতি দয়াত যদি এই ত্যাগ কৰিব খুজিছে
তেনে কল্যাণ হ’ব এজনী মাত্ৰ গাইৰহে ।
যদিহে বচাই ৰাখে আপোনাৰ জীৱন
পিতৃৰ দৰে কৰিব পাৰিব সকলো প্ৰজাকে পালন ।
ভূতানুকম্পা তব চেদিয়ং গৌৰেকা ভবেৎস্বস্তিমতী ৎবদন্তে ।
জীবন্পুনঃ শশ্বদুপপ্লবেভ্যঃ প্রজাঃ প্রজানাথ পিতেব পাসি ।। ২-৪৮।।
গাই হেৰুওৱা বাবে গুৰুৰ ক্ৰোধাগ্নিত পৰাৰ ভয়ো অমূলক
কোটি কোটি ঘটৰ দৰে ওহাৰৰ গাই আপুনি দিব পাৰে দানত ।
অথৈকধেনোৰপৰাধচণ্ডাদ্গুৰোঃ কৃশানুপ্রতিমাদ্বিভেষি ।
শক্যোঽস্য মন্যুর্ভবতা বিনেতুং গাঃ কোটিশঃ স্পর্শয়তা ঘটোধ্নীঃ ।। ২-৪৯।।
সেয়ে ৰজাৰ পৰম্পৰাৰে কল্যাণ সাধি
নিজৰ শক্তিশালী আৰু সুস্বাস্থ্যৱান শৰীৰ কৰক ৰক্ষা ।
আপোনাৰ সমৃদ্ধ মহীতল আৰু স্বৰ্গৰ মাজত স্পৰ্শনমাত্ৰ ভিন্নতা ।
তদ্রক্ষ কল্যাণপৰম্পৰাণাং ভোক্তাৰমূর্জস্বলমাত্মদেহম্ ।
মহীতলস্পর্শনমাত্রভিন্নমৃদ্ধং হি ৰাজ্যং পদমৈন্দ্রমাহুঃ ।। ২-৫০।।
সিংহ হ’ল মৌন কৈ ইমানকে
পৰ্বতৰ গুহাই প্ৰতিধ্বনি তুলি যেন
একেই কথাকে ৰজাক সস্নেহে ক’লে ।
এতাবদুক্ত্বা বিৰতে মৃগেন্দ্রে প্রতিস্বনেনাস্য গুহাগতেন ।
শিলোচ্চয়োঽপি ক্ষিতিপালমুচ্চৈঃ প্রীত্যা তমেবার্থমভাষতেব ।। ২-৫১।।
ৰজাই দেখিলে নন্দিনীয়ে কাতৰ চকুৰে চাইছে তেওঁলৈকে
দয়াপৰৱশ ৰজাই দেৱানুচৰ পশুৰাজক পুনৰাই ক’লে ।
নিশম্য দেবানুচৰস্য বাচং মনুষ্যদেবঃ পুনৰপ্যুবাচ ।
ধেন্বা তদধ্যাসিতকাতৰাক্ষ্যা নিৰীক্ষ্যমাণঃ সুতৰাং দয়ালুঃ ।। ২-৫২ ।।
ক্ষত্ৰিয় জগতে কয়, যি পৰিত্ৰাণ কৰে ক্ষতৰ পৰা
ক্ষত্ৰিয়বৃত্তিৰ বিপৰীতে গৈ কি কৰিম মই হৈ ৰাজ্যৰ ৰজা ।
নিন্দাৰে মলিন প্ৰাণ ধাৰণ কৰি কৰিম কি তুমিয়ে কোৱাঁ ।
ক্ষতাৎকিল ত্রায়ত ইত্যুদগ্রঃ ক্ষত্রস্য শব্দো ভুবনেষু ৰূঢঃ ।
ৰাজ্যেন কিং তদ্বিপৰীতবৃত্তেঃ প্রাণৈৰূপক্রোশমলীমসৈর্বা ।। ২-৫৩।।
দান কথা যি ক’লা মুনিক আন পয়স্বিনী গাইৰ
যাক তুমি ভক্ষণ কৰিব খোজাঁ তেৱোঁ সমান সুৰভি আইৰ ।
মহৰ্ষি কিদৰে প্ৰসন্ন হ’ব নন্দিনীৰ বিকল্পত
তোমাৰ আক্ৰমণ সম্ভৱ হৈছে কেৱল ৰুদ্ৰৰ বলত ।
কথং নু শক্যোঽনুনয়ো মহর্ষের্বিশ্রাণনাচ্চান্যপয়স্বিনাম্ ।
ইমামনূনাং সুৰভেৰবেহি ৰুদ্রৌজসা তু প্রহৃতং ৎবয়াস্যাম্ ।। ২-৫৪ ।।
সেয়ে মুক্ত কৰিবলৈ পৰম পূজ্য এই গাইক
মোৰ নিজৰ শৰীৰ কৰিছোঁ অৰ্পণ তোমাক ।
ৰক্ষা হ’ব তেতিয়া তোমাৰো প্ৰাণ
অব্য়াহত থাকিব মুনিদেৱৰো যজ্ঞৰ কাম ।
সেয়ং স্বদেহার্পণনিষ্ক্রয়েণ ন্যায়্যা ময়া মোইচয়িতুং ভবত্তঃ ।
ন পাৰণা স্যাদ্বিহতা তবৈবং ভবেদলুপ্তশ্চ মুনেঃ ক্রিয়ার্থঃ ।। ২-৫৫ ।।
(ক্ৰমশঃ)