অন্যযুগ/


এখন খিৰিকীৰ গল্প

মূল : হাৰুকি মুৰাকামি
গল্প সংকলন :  The Elephant Vanishes
গল্প :  A Window
ইংৰাজী অনুবাদ : জয় ৰুবিন
অসমীয়া অনুবাদ : বিদ্যুৎ বিকাশ শৰ্মা

হাৰুকি মুৰাকামি


 শুভেচ্ছা লব।

এটা এটা দিন পাৰ হৈ গৈছে মানে শীতৰ ঠেঁটুৱৈ লগা ভাৱটো ক্ৰমে কমি আহিছে। কোমল ৰদজাকে যেন আহিব ধৰা বসন্তৰ ইংগিত কঢ়িয়াই আনিছে। আৰু আশা কৰিছোঁ আপুনি কুশলে আছে।

আপোনাৰ পৰা পোৱা শেহতীয়া চিঠিখন পঢ়ি বৰ ভাল লাগিছিল। হেমবাৰ্গাৰ ষ্টীক আৰু জাইফলৰ মাজৰ সম্পৰ্কটোৰ বিষয়ে আপুনি বৰ সুন্দৰকৈ লিখিছে। মোৰ এনে লাগিছে যে জীৱনৰ প্রাত্যহিকতাৰ সম্পৰ্কে লিখা গভীৰবোধসম্পন্ন কথাখিনি যেন আপোনাৰ অন্তৰৰ অন্তৰতম স্থলৰপৰা ওলাইছে। পঢ়ি থাকোঁতে এনে ভাব হৈছিল যেন আপোনাৰ ৰান্ধনিশালৰ লোভনীয় খাদ্যৰ গোন্ধ মোৰ নাকত আহি লাগিছে, পাছলি কুটাৰ মচ মচ শব্দ যেন মোৰ কাণত স্পষ্টকৈ পৰিছে।

আপোনাৰ চিঠিখন পঢ়ি থাকোঁতে মনত হেমবাৰ্গাৰ ষ্টীকৰ প্ৰতি এনে লোভ জাগি উঠিছিল যে মই সেইদিনা নিশা ওচৰৰ ৰেষ্টুৰেণ্ট এখনলৈ গৈ তেনে ষ্টীক এটা খাইহে শান্তি পাইছিলোঁ। অৰু এটা কথা মোৰ ঘৰৰ ওচৰৰ সেই ৰেষ্টুৰেণ্টখনত আঠ প্ৰকাৰৰ বেলেগ বেলেগ হেমবাৰ্গাৰ পায়৷ সেইবোৰৰ ভিতৰত টেক্সাছ-ষ্টাইলৰ হেমবাৰ্গাৰটো বেছ ডাঙৰ। সেইটো ইয়াত, এই টকিঅত দেখিলে আনকি টেক্সাছৰ মানুহো আচৰিত হৈ যাব। হাৱায়ান-ষ্টাইলৰ হেমবাৰ্গাৰটো আনাৰসৰ সৰু সৰু টুকুৰাৰে সজায়। জাপানীজ ষ্টাইলত আকৌ ষ্টাকটোৰ ওপৰত ৰুকি লোৱা মূলা দিয়ে। কেলিফৰ্নিয়া-ষ্টাইলৰ হেমবাৰ্গাৰ ষ্টীক কেনেকুৱা আছিল মোৰ মনত নাই। ৰেষ্টুৰেণ্টখন বৰ ধুনীয়া আছিল। চুটি স্কাৰ্ট পৰিহিতা পৰিচাৰিকাকেইজনীও আছিল একোজনী সুন্দৰী।

ৰেষ্টুৰেণ্টখনৰ সাজ-সজ্জা, আচবা অথবা পৰিচাৰিকাকেইজনীৰ উদং ভৰিবোৰ অধ্যয়ন কৰিবলৈ মই যোৱা নাছিলোঁ। মই মাত্ৰ এটা হেমবাৰ্গাৰ ষ্টীক খাবলৈ তালৈ গৈছিলোঁ। টেক্সাছ-ষ্টাইল অথবা কেলিফৰ্নিয়া-ষ্টাইলৰ বা সেই ধৰণৰ হেমবাৰ্গাৰ ষ্টীক নহয়, একেবাৰে মা-মছলা নথকা হেমবাৰ্গাৰ ষ্টীক এটা খাবলৈহে মই তালৈ গৈছিলোঁ

ঠিক এই কথাটোকেই মই অৰ্ডাৰ লবলৈ অহা ছোৱালীজনীক যেতিয়া কৈছিলোঁ তাই উত্তৰত কৈছিল কেৱল অমুক অমুক ষ্টাইলৰ হেমবাৰ্গাৰহে আমাৰ ইয়াত পোৱা যায়।

মই তাইক দোষ দিব খোজা নাই কাৰণ তাই নিশ্চয় ৰেষ্টুৰেণ্টৰ মেনু বনোৱা নাই। তাই বাটিবোৰ নিয়াৰ সময়ত তাইৰ উৰুৰ ভালেখিনি উদঙাই দিয়ে। মই তাইৰ কথাত হাঁহি এটা মাৰি হাৱায়ান-ষ্টাইলৰ হেমবাৰ্গাৰ ষ্টীক দিবলৈ কৈছিলোঁ। আৰু তাই দেখুৱাই দিয়াৰ নিচিনাকৈ খাবৰ সময়ত মই আনাৰৰ টুকুৰাবোৰ গুচাই লৈছিলোঁ

কি যে আচৰিত জগত এখনত আমি বাস কৰোঁ! মই খাবলৈ বিচাৰিছিলোঁ একেবাৰে সাধৰণ এটা হেমবাৰ্গাৰ ষ্টীক আৰু সেইটোকে পাবলৈ মই হাৱায়ান-ষ্টাইলৰ হেমবাৰ্গাৰ ষ্টীকৰ আনাৰসৰ টুকুৰাবোৰ গুচাই লবলগীয়া হৈছে।

আপোনাৰ চিঠিখন পঢ়ি মোৰ ধাৰণা হৈছে যে আপুনি বনোৱা হেমবাৰ্গাৰ ষ্টীকটো কোনো বিশেষ ষ্টাইল নোহোৱা স্বাভাৱিক এটা হেমবাৰ্গাৰ ষ্টীক। আপোনাৰ চিঠিখনক ধন্যবাদ, কাৰণ সেই চিঠিখনৰ বাবেই মই আপুনি বনোৱাৰ দৰে একেবাৰে সাধাৰণ এটা হেমবাৰ্গাৰ ষ্টীক বিচাৰিছিলোঁ

এটা কথা, আপুনি লিখা নেশ্বনেল ৰে’লৱেৰ স্বয়ংক্ৰিয় টিকেট মেশ্বিনৰ কথাখিনিত মই গভীৰতা বিচাৰি নাপালোঁ। সমস্যাটোক লৈ আপোনাৰ দৃষ্টিকোণ খুব সুন্দৰ, কিন্তু পাঠকৰ বাবে বৰ পৰিষ্কাৰ হোৱা নাই যেন ভাব হৈছে। ইমান খৰচি মাৰি লিখিবলৈ চেষ্টা নকৰাই ভাল। কাৰণ এই লিখা কামটো স্থায়ী কাম নহয়।

সকলো দিশ চালি-জাৰি চোৱাৰ পাছত আপুনি আপোনাৰ এই চিঠিখনত সত্তৰ শতাংশ নম্বৰ পাইছে। আপোনাৰ লিখাৰ শৈলী দিনে দিনে নিশ্চয়কৈ উন্নত হৈছে। অৱশ্যে ধীৰ গতিত। অধৈৰ্য নহব। ইমান দিনে কৰি অহাৰ নিচিনাকৈ মাথোঁ চেষ্টা কৰি যাওক। মই আপোনাৰ পাছৰখন চিঠিলৈ আগ্ৰহেৰে বাট চাই ৰ’লোঁ। এটা কথা কওকচোন, বসন্তকাল সঁচাকৈ যেতিয়া আহি পাবহি আপোনাৰ ভাল নালাগিবনে বাৰু?

প্ৰসংগৰ বাহিৰৰ কথা এটা কওঁ- আপুনি পঠিওৱা বিস্কুটবোৰৰ বাবে ধন্যবাদ। সেইবোৰ খাবলৈ বেছ ভাল। অৱশ্যে আমাৰ ছচাইটিৰ নিয়ম মতে চিঠি-পত্ৰৰ বাহিৰে এনে ব্যক্তিগত আদান-প্ৰদান কঠোৰভাৱে নিষিদ্ধ। এই কথাটো ভৱিষ্যতে মনত ৰাখিবলৈ অনুৰোধ কৰিলোঁ।

শেষত আপোনাক আকৌ ধন্যবাদ জনালোঁ

এবছৰ ধৰি মই এই পাৰ্ট-টাইম চাকৰিটো কৰিছিলোঁ। সেই সময়ত মোৰ বয়স আছিল বাইছ বছৰ।

প্রতিমাহে মই ত্ৰিছখন বা ততোধিক এনে চিঠিৰ লগত কছৰৎ কৰিবলগীয়া হৈছিল। এখন চিঠিৰ বাবদ মই পাইছিলোঁ দুহেজাৰ য়েন। মোৰ কোম্পানীটোৰ নাম আছিল দ পেন ছচাইটি এই সৰু অথচ অদ্ভুৎ কোম্পানীটোৰ কাৰ্যালয় আছিল ইদাবাচি জিলাত। কোম্পানীত মোৰ পদবী আছিল পেন মাষ্টাৰ।

কোম্পানীটোৱে বৰ বৰ হৰফেৰে বিজ্ঞাপন দিছিল - “মনোগ্ৰাহী চিঠি লিখাৰ কিটিপ আপুনিও শিকিব পাৰেনতুন সদস্যসকলে সদস্যভৰ্তি মাচুল আৰু মাহেকীয়া মাচুল দিব লাগে। সেই মাচুলৰ বিনিময়ত তেওঁলোকে কোম্পানীলৈ, মানে পেন ছচাইটিলৈ মাহেকত চাৰিখন চিঠি লিখাৰ সুযোগ পাইছিল। আমি পেন মাষ্টাৰ”সকলে এনে চিঠিৰ প্ৰত্যুত্তৰত সদস্যসকললৈ চিঠি লিখিবলগীয়া হৈছিল। চিঠিত আমি আমাৰ মন্তব্য, শুধৰণি, লিখনি উন্নত কৰিবলৈ দৰকাৰী উপদেশ আদি লিখিব লাগিছিল। ওপৰত তেনে এখন চিঠিৰ নমুনা দিয়া হৈছে। আচলতে সেই সময়ত দুটামান এৰাব নোৱৰা কাৰণবশতঃ মোৰ ডিগ্ৰী পাঠ্যক্ৰম এবছৰ পিছুৱাই দিবলগীয়া হৈছিল আৰু মা-দেউতাই মোক দিয়া মাহেকীয়া ধনৰ পৰিমাণ কমাবলৈ বাধ্য হব বুলি জনাইছিল। গতিকে জীৱনত সেইবাৰেই প্ৰথম মই নিজে উপাৰ্জন কৰিবলগীয়া অৱস্থা হৈছিল। সাক্ষাকাৰৰ উপৰি মই কেইবাটও লেখা জমা দিবলগীয়া হৈছিল, আৰু এসপ্তাহৰ পাছত মোক চাকৰিত নিযুক্তি দিছিল। নিযুক্তিৰ পাছত আছিল এসপ্তাহৰ প্ৰশিক্ষণ। প্ৰশিক্ষণত আমাক শিকোৱা হৈছিল কেনেকৈ পত্ৰলেখকসকলৰ ভুলৰ শুধৰণি কৰা হয়, কেনেকৈ তেওঁলোকক উন্নত মানৰ চিঠি লিখাত সহায় কৰা যায়, অথবা এই ব্যৱসায়ৰ অইন কিছু কলা-কৌশল এইবোৰৰ এটাও মোৰ বাবে কঠিন নাছিল।

পেন ছচাইটিৰ সকলো সদস্য বিপৰীত লিংগৰ পেন মাষ্টাৰ”ৰ লগত যুক্ত হব লাগিছিল। মোৰ লগত সৰ্বমুঠ চৌব্বিছজন সদস্য সংযুক্ত হৈ আছিল। সদস্যসকলৰ বয়স চৈধ্য বছৰৰ পৰা তেপন্ন বছৰলৈ আছিল। সৰহসংখ্যক সদস্যৰ বয়স পচিছৰ পৰা পঁয়ত্ৰিছ বছৰৰ ভিতৰত আছিল। অৰ্থাৎ বেছিভাগেই মোতকৈ বয়সিয়াল আছিল। প্ৰথম মাহত মই বৰ ভয় খাইছিলোঁ। বেছিভাগ মহিলাই লেখক হিচাপে মোতকৈ পৰিপক্ক আছিল। অভিজ্ঞতাও আছিল বেছি। ছিৰিয়াছ ধৰণৰ এখনো চিঠি মই তেতিয়ালৈ লিখাই নাছিলোঁ বুলি কলেও ভুল নহব। সেই প্ৰথম মাহটো কেনেকৈ যে পাৰ হৈছিল মই নাজানো। মই মনে মনে শংকিত হৈ আছিলোঁ— ভাবিছিলোঁ বেছিভাগ সদস্যই কিজানি কোম্পানীৰ পৰা নতুন এজন পেন মাষ্টাৰবিচাৰিব।

প্ৰথম মাহ পাৰ হৈ গৈছিল। এজনো সদস্যই মোৰ লিখনি সম্পৰ্কে কোনো অভিযোগ দিয়া নাছিল। কোম্পানীৰ মালিকে কৈছিল যে মই হেনো সদস্যসকলৰ মাজত বেছ জনপ্ৰিয় হৈ উঠিছিলোঁ। আৰু দুটা মাহ পাৰ হৈ গৈছিল। আশ্চৰ্যৰ বিষয় যে পেন মাষ্টাৰহিচাপে মোৰ মাচুল বৃদ্ধি পাবলৈ ধৰিছিল। সদস্য মহিলাসকলে সম্পূৰ্ণ বিশ্বাসেৰে শিক্ষক হিচাপে মোৰ ওপৰত ভৰসা কৰিবলৈ আৰম্ভ কৰিছিল। আৰু সেয়া জানি উঠাৰ পিছত অলপো চিন্তা নকৰাকৈ অনায়াসে মই মোৰ সমালোচনাসমূহ সদস্যসকললৈ পঠিয়াই দিছিলোঁ।

 

সেই সময়ত মই অনুভৱ কৰিব পৰা নাছিলোঁ যে সেই মহিলাসকল পুৰুষ সদস্যসকলৰ নিচিনাই অকলশৰীয়া আছিল। তেওঁলোকে চিঠি লিখিব বিচাৰিছিল, কিন্তু চিঠি লিখি পঠিয়াবলৈ তেওঁলোকৰ কোনো নাছিল। তেওঁলোক ডি জে-সকললৈ অনুৰাগী হিচাপে চিঠি লিখা ধৰণৰ মহিলা নাছিল। তেওঁলোকে অলপ বেছি আত্মীয়তা, বেছি ঘনিষ্ঠতা বিচাৰিছিল। লাগিলে সেয়া শুধৰণি অথবা সমালোচনাই নহওক কিয়।

গতিকে মোৰ যৌৱনৰ বেছ কিছু সময় মই অলেখ উমাল চিঠিৰ কোমল উত্তাপেৰে উমাল কাৰেং ঘৰত পাৰ কৰিছিলোঁ

সেই চিঠিবোৰৰ ৰং-ৰূপ আছিল হৰেক ৰকমৰ। আমনিদায়ক, ফুৰ্তিবাজ, বিষণ্ণ- বিভিন্ন ধৰণৰ চিঠি মই পঢ়িছিলোঁ। কোম্পানীৰ নিয়মমতে সকলোবোৰ চিঠি মই কোম্পানীক গতাই দিব লাগিছিল। গতিকে স্বাভাৱিকতে চিঠিৰ ভিতৰৰ কথাবোৰ মোৰ মনত নাই। এটা কথাই মোৰ মনত আছেচিঠিবোৰ আছিল জীৱনৰ সমস্ত উচ্ছ্বাসেৰে পৰিপূৰ্ণ, গভীৰ ভাবে চিন্তনীয় প্ৰশ্নৰপৰা মামুলি কথালৈসকলো উপাদানেৰে ভৰা। আৰু চিঠিৰ জৰিয়তে সদস্যসকলে যি বাৰ্তা মোলৈ পঠিয়াইছিল – এজন বাইছ বছৰীয়া যুৱকলৈমোৰ মতে সেইবোৰ আচৰিতভাৱে বাস্তৱৰ পৰা বহু দূৰৈত আছিল, বহু সময়ত সেইবোৰ আছিল অৰ্থহীন। জীৱনৰ বিষয়ে মোৰ অভিজ্ঞতাহীনতাৰ বাবেই যে তেনে বোধ হৈছিল তেনে নহয়। এতিয়া অনুভৱ হয়, জীৱনৰ অৰ্থ এনে এটা বস্তু নহয় যে সেইটো মই কাৰোবাক বুজাব পাৰোঁ। বৰঞ্চ ই নিজে তৈয়াৰ কৰি লোৱা। সেই সময়ত এই কথা মহিলা সদস্যসকল অথবা মই জনা নাছিলোঁ। সেয়ে হয়তো তেওঁলোকৰ চিঠিবোৰ মোৰ বাবে দ্বি-মাত্ৰিক যেন লাগিছিল।

এসময়ত এনে এটা দিন আহিছিল যে মই অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিলোঁ যে চিঠি-পত্ৰ লিখা-লিখিৰ এই অন্তহীন কাৰবাৰটো যথেষ্ট হৈছে৷ গতিকে এই চাকৰিটো এৰিবলৈ স্থিৰ কৰিছিলোঁ। মোৰ তত্তাৱধানত থকা সদস্যসকলে দুখ প্ৰকাশ কৰিছিল। এটা কথা ভাবি মোৰ মনতো যন্ত্ৰণা হৈছিল যে হয়তো জীৱনত কেতিয়াও কোনোকালে ইমান সংখ্যক মানুহে মোৰ ওচৰত সম্পূৰ্ণ সততাৰে তেওঁলোকৰ হৃদয় উদঙাই নিদিব।

হেমবাৰ্গাৰ ষ্টীক। এই গল্পৰ আৰম্ভণিতেই যিখন চিঠিৰ কথা উল্লেখ কৰা হৈছিল, সেইখন চিঠি যিগৰাকী মহিলালৈ পঠিওৱা হৈছিল, সেই মহিলাই তৈয়াৰ কৰা হেমাবাৰ্গাৰ ষ্টীক এটা খোৱাৰ সুযোগ মই সচাঁকৈ পাইছিলোঁ।

তেওঁৰ বয়স আছিল বত্ৰিছ। তেতিয়ালৈ তেওঁৰ কোনো সন্তান নাছিল। তেওঁ স্বামী আছিল দেশৰ পঞ্চম স্থানৰ কোম্পানী এটাৰ চাকৰিয়াল। মই যেতিয়া তেওঁক পেন ছচাইটিৰ চাকৰিটো এৰি দিম বুলি জনাইছিলোঁ, তেওঁ মোক দুপৰীয়াৰ আহাৰৰ বাবে নিমন্ত্ৰণ জনাইছিল। তেওঁ লিখিছিল, “মই তোমাক এটা সম্পূৰ্ণ স্বাভাৱিক হেমবাৰ্গাৰ ষ্টীক তৈয়াৰ কৰি খুৱাম।সেয়া কোম্পানীৰ নীতিবিৰুদ্ধ কথা আছিল। কিন্তু বাইছ বছৰীয়া যুৱক এজনৰ উৎসুকতাক বাধা দিয়া নাযায়।

মহিলাগৰাকীৰ এপাৰ্টমেণ্টৰ সন্মুখৰে অডাকু্যুলৈ যোৱা ৰেল লাইনটো গৈছিল। এপাৰ্টমেণ্টৰ কোঠালিবোৰ বেছ পৰিপাটিকৈ সজোৱা আছিল। সন্তানহীন দম্পতীৰ বাবে সেয়াই স্বাভাৱিক। কোঠালিৰ আচবাব, বিজুলী লাইটবোৰ অথবা মহিলাগৰাকীয়ে পিন্ধি থকা ছুৱেটাৰটোৰ এটাও সাংঘাটিক দামী নাছিল। কিন্তু সেই সকলোবোৰ বেছ ধুনীয়া আছিল। আমাৰ কথোপকথন আৰম্ভ হৈছিল মুখামুখি হোৱাৰ পাছৰ স্বাভাৱিক আশ্চৰ্য প্ৰকাশৰ জৰিয়তে। মই আচৰিত হৈছিলোঁ তেওঁৰ মুখত লাগি থকা কম বয়সীয়া ভাবটোৰ বাবে, তেওঁ আচৰিত হৈছিল মোৰ আচল বয়সৰ কথা জানি। তেওঁ মোক তেওঁতকৈ বেছি বয়সৰ বুলি ভাবিছিল। কাৰণ পেন চছাইটিয়ে পেন মাষ্টাৰসকলৰ বয়স সদস্যসকলক জানিবলৈ নিদিছিল।

কিছু সময়ৰ ভিতৰতে প্ৰথম মুখামুখিৰ আশ্চৰ্যৰ ৰেশ কাটি গৈছিল। আমি দুয়ো সহজ হৈ পৰিছিলোঁ। আমি হেমবাৰ্গাৰ ষ্টীক আৰু কফি খাইছিলোঁ। এনে লাগিছিল যেন আমি দুয়ো একেখন ৰেলৰ সহযাত্ৰী আৰু এইমাত্ৰ সেই ৰেলগাড়ীখন আমাক এৰি থৈ গুচি গল। ৰেলগাড়ীৰ কথা মনলৈ অহাত গম পাইছিলোঁ তেওঁৰ তিনি মহলাৰ এপাৰ্টমেণ্টৰ খিৰিকীৰে তলৰ বৈদ্যুতিক ৰেলৰ চিৰিবোৰ ভালকৈ দেখা যায়। সেইদিনা বতৰ বেছ সুন্দৰ আছিল। এপাৰ্টমেণ্ট বিল্ডিংটোৰ বাৰাণ্ডাবোৰৰ ৰেলিংবোৰত এসোপা ৰঙীণ বিছনাচাদৰ, তুলী আদি ৰদত শুকাবলৈ মেলি দিয়া হৈছিল। মাজে মাজে তুলীবোৰত বাঁহৰ লাঠীৰে চটপ চটপকৈ কোবোৱাৰ শব্দ ভাহি আহিছিল। সেই শব্দটো এতিয়াও যেন মোৰ কাণত বাজি উঠে মাজে মাজে।

অলপ আগতে খোৱা হেমবাৰ্গাৰ ষ্টীকটো একেবাৰে নিখুঁত আছিল – গোন্ধ আছিল সম্পূৰ্ণ নিখুঁত, বাহিৰ ফালটো ডাঠ মুগা বৰণ হোৱাকৈ পোৰা, আৰু ভিতৰখন ৰসাল। তেওঁক মই কৈছিলোঁ যে ঠিক এনে এটা সুন্দৰ সোৱাদৰ হেমবাৰ্গাৰ ষ্টীক যে মই আগতে খাই পোৱা নাই, তেনে নহয়। কিন্তু যোৱা ভালেমান দিনত খোৱা হেমবাৰ্গাৰবোৰৰ ভিতৰত সেইটো আছিল সৰ্বশ্ৰেষ্ঠ। মোৰ কথাত তেওঁ বেছ আনন্দ পাইছিল।

ফী খাই শেষ হোৱাত আমি নিজৰ জীৱনৰ গল্প আৰম্ভ কৰিছিলোঁ। কোঠালিৰ এচুকত থকা মিউজিক ছিষ্টেমত আমেৰিকান গীতিকাৰ Burt Bacharach-ৰ ৰেকৰ্ড এখন বাজি আছিল। মোৰ নিজৰ জীৱনৰ গল্প বুলিবলৈ বিশেষ নাছিল, গতিকে বেছিভাগ সময়ত তেঁৱেই কথা কৈছিল। কলেজত পঢ়ি থকা সময়ত তেওঁ হেনো লেখক হব বিচাৰিছিল। তেওঁৰ প্ৰিয় ফৰাচী লেখক Francoise Sagan-ৰ কথা কৈছিল। Francoise Sagan-Aimez-vous Brahms নামৰ উপন্যাসখন তেওঁৰ বেছ প্রিয় আছিল। মই নিজে Sagan-লেখা বেয়া নাপাওঁ৷ বহুতে কোৱাৰ দৰে মই Sagan-ক সস্তীয়া লেখক বুলি নাভাবোঁএনে কোনো নিয়ম নাই যে সকলোৱে Henry Miller অথবা Jean Genet-ৰ দৰে গহীন গম্ভীৰ লেখা লিখিবই লাগিব।

লিখা-মেলাত মোৰ হাত নাই।“ তেওঁ কৈছিল।

উত্তৰত মই কৈছিলোঁ, “জীৱনৰ যিকোনো সময়তে লিখা-মেলা আৰম্ভ কৰা যায়।

তেওঁ মিচিকিয়াই হাঁহি কৈছিল, “মই জানো, মই লিখিব নোৱাৰোঁ। তোমাৰপৰাই মই সেই কথা জানিব পাৰিছিলোঁ। তোমালৈ চিঠি লিখি লিখি অৱশেষত মই বুজিব পাৰিছিলোঁ যে লিখিবলৈ যি পৰিমাণৰ মেধাৰ দৰকাৰ সেয়া মোৰ নাই।

লাজত মোৰ মুখ ৰঙা পৰিছিল। বাইছ বছৰ বয়সত মোৰ প্ৰায়েই তেনে হৈছিল। কিন্তু আজিকালি নহয়। লাজুক মুখেৰে মই কৈছিলোঁ, “সচাঁকৈ আপোনাৰ লিখাত বেছ সততা আছিল।

মোৰ কথাৰ উত্তৰত একো নকৈ তেওঁ মাথোঁ হাঁহিছিল- ক্ষীণ হাঁহি।

অন্ততঃ এখন চিঠিয়ে মোক এটা হেমবাৰ্গাৰ বিচাৰি বাহিৰলৈ যাবলৈ বাধ্য কৰিছিল।”  মই কৈছিলোঁ

সেই সময়ত তোমাৰ কিজানি ভোক লাগিছিল।

কথাটো সঁচা হবও পাৰে মই ভাবিছিলোঁ।

কৰ্কশ শব্দৰ কোৰ্হাল তুলি এখন ৰেলগাড়ী পাৰ হৈ গৈছিল। ঘড়ীত যেতিয়া পাঁচ বাজিছিল, মই বিদায় লবলৈ সাজু হৈছিলোঁ। মই তেওঁক সুধিছিলোঁ, “আপুনি এতিয়া গৃহস্থৰ বাবে নিশাৰ খাদ্য তৈয়াৰ কৰিব নিশ্চয়?”

গালত হাত থৈ তেওঁ কৈছিল, “তেওঁ নিশা দেৰিকৈ উভতে। মাজনিশাৰ আগত তেওঁ আহি নাপাব।

তেখেত নিশ্চয় বৰ ব্যস্ত মানুহ।

মোৰো তেনেকুৱাই ভাব হয়,” সামান্য ৰৈ তেওঁ কৈছিল। তেওঁ আৰু কৈছিল, “যিমান দূৰ মনত পৰে মই তোমালৈ এবাৰ মোৰ সমস্যাৰ বিষয়ে লিখিছিলোঁ। কিছুমান কথা আছে যিবোৰ মই মানুহজনৰ আগত কব নোৱাৰোঁ। মোৰ মনৰ ভাববোৰে তেওঁক চুব নোৱাৰে। বহু সময়ত মোৰ ভাব হয় আমি দুয়ো যেন দুটা বেলেগ বেলেগ ভাষাত কথা পাতি আছোঁ।

তেওঁৰ কথাৰ উত্তৰত কি কোৱা উচিত মই নাজানিছিলোঁ। যিজন মানুহক হৃদয়খন উদঙাই দেখুৱাব নোৱাৰি, তেওঁৰ লগত কেনেকৈ সংসাৰ কৰা যায় মই বুজি পোৱা নাছিলোঁ।

খুব কোমলকৈ তেওঁ কৈ উঠিছিল, “কিন্তু চ ঠিকেই চলি আছেকথাখিনি তেওঁ এনে ধৰণে কৈছিল যেন সকলোবোৰ সচাঁকৈ ঠিকেই চলি আছিল। তেওঁ আৰু কৈছিল, “ইমানদিনে মোলৈ চিঠি লিখা বাবে তোমাক ধন্যবাদ। চিঠিবোৰ মই বেছ উপভোগ কৰিছিলোঁ। সচাঁকৈ। আৰু তোমাৰ চিঠিৰ উত্তৰ লিখাটো যেন মোৰ বাবে এটা মুক্তিৰ উপায় আছিল।

মইও আপোনাৰ চিঠিবোৰ খুব ভাল পাইছিলোঁ,” মই তেওঁক তেনেকৈ কৈছিলোঁ যদিও বাস্তৱিকতে তেওঁনো মোলৈ কি লিখিছিল মোৰ একো মনত নাছিল।

কেই মুহূৰ্তমান তেওঁ নীৰৱ হৈ ৰৈছিল। তেওঁ দেৱালঘড়ীটোৰ ফালে চাই আছিল। তেওঁক দেখিলে এনে ভাব হৈছিল যেন তেওঁ সময়ৰ গতি নিৰীক্ষণ কৰিহে আছিল।

তেওঁ মোক সুধিছিল, “ডিগ্ৰী লাভ কৰাৰ পিছত তুমি কি কৰিম বুলি ভাবিছা?”

মই তেওঁক কৈছিলোঁ যে মই একো ভবা নাই। আচলতে কি কৰা উচিত সেই বিষয়ে মোৰ কোনো ধাৰণা নাছিল। মই মোৰ মনৰ কথা কোৱাত তেওঁ হাঁহিছিল। তেওঁ কৈছিল, “তুমি কিজানি লিখা-মেলা জড়িত হৈ থকা কাম এটা বাচি লোৱা উচিত হব৷তেওঁ আকৌ কৈছিল, “তুমি লিখা আলোচনাবোৰ বেছ সুন্দৰ আছিল। মই প্ৰায়েই তোমাৰ লেখালৈ আগ্ৰহেৰে বাট চাই থাকিছিলোঁ। সচাঁকৈ। মই এটা কথা জানিছিলোঁ যে তুমি হয়তো তোমাৰ দায়িত্ব সম্পূৰ্ণ কৰিবলৈহে চিঠিবোৰ লিখিছিলা, কিন্তু তথাপি চিঠিবোৰত যেন বেছ আন্তৰিকতা আছিল। মই তোমাৰ সকলোবোৰ চিঠি সযতনে ৰাখি থৈছো। সেইবোৰ মই মাজে মাজে উলিয়াই পঢ়োঁ। মোৰ কথাখিনি তোষামোদ কৰিবলৈ কোৱা বুলি নাভাবিবা।

ধন্যবাদ,” মই কৈছিলোঁ। হেমবাৰ্গাৰ ষ্টীকটোৰ বাবেও আপোনাক ধন্যবাদ।

 ইতিমধ্যে দহ বছৰ পাৰ হৈ গৈছিল। কিন্তু যেতিয়াই মই তেওঁ থকা ঠাইখিনিৰ মাজেৰে অদাকুযু লাইনেৰে ৰেলত গৈছিলোঁ মোৰ তেওঁলৈ মনত পৰিছিল, লগতে সেই মচমচীয়া হেমবাৰ্গাৰ ষ্টীকটোৰ কথাও মনলৈ আহিছিল। ৰেল লাইনৰ সমান্তৰালকৈ থকা শাৰী শাৰী অট্টালিকাবোৰলৈ চাই চাই মই নিজকে সুধিছিলোঁকোনখন খিৰিকী তেওঁৰ হব পাৰে বাৰু। মই তেওঁৰ ঘৰৰ খিৰিকীৰে দেখা দৃশ্যটোৰ কথা চিন্তা কৰি ভাবিছিলোঁ সেই ঠাইটুকুৰা কোনখিনিত হব পাৰে। কিন্তু মই কেতিয়াও মনত পেলাব পৰা নাছিলোঁ।

সম্ভৱতঃ তেওঁ সেই ঠাইত নাথাকে। কিন্তু যদি তেওঁ এতিয়াও সেই ঠাইত আছে, তেওঁ কিজানি তেওঁৰ এপাৰ্টমেণ্টৰ খিৰিকীৰ সিটো পাৰে এতিয়াও Burt Bacharach সেই ৰেকৰ্ডখনকেই শুনি থাকে।

মই সেইদিনা তেওঁৰ লগত শাৰীৰিকভাৱে মিলিত হব লাগিছিল নেকি? এই গোটেই কথাখিনিৰ মূল প্ৰশ্ন সেইটোৱেই।

উত্তৰটো মোৰ চিন্তাৰ পৰিধিৰ বাহিৰত। আনকি এতিয়াও মোৰ সেই বিষয়ে ধাৰণা নাই। যিমান বছৰেই পাৰ হৈ নাযাওক কিয়, যিমানেই অভিজ্ঞতা নহওক কিয় জীৱনটোৰ বহু কথাই আমি বুজি নাপাওঁ৷ মই মাথো অদাকুযু লাইনেৰে যোৱা ৰেলগাড়ীৰ ভিতৰৰ পৰা সেই অট্টালিকাবোৰৰ খিৰিকীবোৰলৈ চাব পাৰোঁ। তাৰ মাজৰ কোনোবা এখন খিৰিকী হয়তো তেওঁৰ। কেতিয়াবা ভাব হয় প্ৰতিখন খিৰিকীয়েই তেওঁৰ খিৰিকী, কিন্তু অইন কেতিয়াবা ভাবোঁ সেইবোৰৰ এখনো তেওঁৰ খিৰিকী নহয়।

তাত বহুত খিৰিকী আছে ...৷।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ