অন্যযুগ/
মানৱ অতিযুগৰ কথা
ড˚ কুলেন্দু পাঠক
এনথ্ৰ’প’চিন ইপ’ক বা মানৱ
অধিযুগতে মানৱ সভ্যতা আৰু জীৱজগতে মহা বিপৰ্যয়ৰ সন্মুখীন হ’ব
নেকি— এই
প্ৰশ্নৰ আজি-কালি প্ৰায়ে আলোচিত হয়৷
পৃথিৱী, জীৱজগত, মহাবিশ্ব
আদিৰ উৎপত্তি কিদৰে হৈছিল? এই প্ৰশ্ন মানুহে বহুত প্ৰাচীন কালৰে
পৰাই কৰি আহিছে৷ প্ৰবল কল্পনাশক্তিৰ অধিকাৰী আৰু কাহিনী/ মিথ সৃষ্টি
কৰি ভাল পোৱা মানৱে উত্তৰো বিচাৰি উলিয়াইছিল৷ এনেবোৰ কাহিনীৰ ভিতৰত ‘এব্ৰাহ্মিক’ ধৰ্মপুথিত (হিব্ৰু, খৃষ্টান
আৰু ইছলাম)
বৰ্ণিত সৃষ্টিতত্ত্ব (Genesis) আটাইতকৈ বিখ্যাত৷ চমুকৈ ক’ব
খুজিলে ভগৱানে মাত্ৰ ছয় দিনৰ ভিতৰতে সকলো ধৰণৰ সৃষ্টিকাৰ্য সমাপ্ত কৰিছিল আৰু শেষৰ
দিনা মানুহক (আদম
আৰু ইভ) সৃষ্টি
কৰিছিল৷ তেতিয়াৰে পৰা হৰণ-ভগন নোহোৱাকৈ বিভিন্ন প্ৰজাতিৰ জীৱ
পৃথিৱীত আছে আৰু ভৱিষ্যতেও থাকিব (অৱশ্য ভগৱানে ইচ্ছা কৰিলে ধ্বংস
কৰিবও পাৰে)৷
সোতৰ শতিকাত জেইম্ছ আম্বাৰ নমৰ ধৰ্মযাজক আৰু পণ্ডিতে
বহুত অধ্যয়ন আৰু গৱেষণাৰ পাছত প্ৰকাশ কৰিছিল যে ৪০০৪ খৃ:পূৰ্বৰ ২৩ অক্টোবৰৰ দিনাখন ভগৱানে সৃষ্টিকৰ্মত হাত দিছিল [Ussher Chonology –
Wikipedia চাওক]৷ এই গণনা অনুসৰি বিশ্ব, পৃথিৱী
আৰু জীৱনৰ বয়স হ’ব ৪০০৪+২০২০= ৬০২৪ বছৰ; অৰ্থাৎ
প্ৰায় ছয় হাজাৰ বছৰ!
ওঠৰ, ঊনৈছ আৰু বিংশ শতিকাত আধুনিক ভূ-বিজ্ঞান
অধ্যয়নৰ ফলত ক্ৰমান্বয়ে গম পোৱা গ’ল যে পৃথিৱীৰ বয়স বহুত বেছি৷
য়ুৰেনিয়ামৰ তেজষ্ক্ৰিয়তাৰ সহায় লৈ নিৰ্ণয় কৰা পৃথিৱীৰ বয়স হ’ল— ৪.৫৪
বিলিয়ন বছৰ, অৰ্থাৎ ৪৫৪ কোটি বছৰ বা ৪৫৪,০০,০০,০০০ বছৰ! এই কালছোৱাক
ভূবিজ্ঞানীসকলে কেইবাধৰণে বিভক্ত কৰিছে৷ এনে কিছুমান বিভাজনৰ নাম হ’ল— ছুপাৰ ইয়’ন, ইয়’ন (Eon), ইৰা
(Era), পিৰিয়দ
(period),
ইপ’ক (Epoch) আৰু
এইজ (Age)৷
আমি এতিয়া ছেন’জয়িক ইৰাৰ, কোৱাটাৰ্নেৰিপিৰিয়দৰ হল’চিন ইপ’কৰ, মেঘালায়ান
এইজত বাস কৰিছোঁ৷ বহুতো বিজ্ঞানীয়ে ভাবে যে হল’চিন
ইপ’কৰ
অন্ত হৈ এতিয়া এনথ্ৰ’প’ছিন ইপ’কৰ আৰম্ভ
হৈছে৷ হল’চিন ইপ’কৰ আৰম্ভণি১১,৭০০ বছৰৰ পূৰ্বে
হৈছিল৷ তেতিয়া শেষ বৰফপ্ৰাধান্য যুগৰ অন্ত
পৰিছিল আৰু ক্ৰমান্বয়ে জলবায়ু আধুনিক কালৰ দৰে হ’বলৈ ধৰিছিল৷
তেতিয়া কিন্তু মানৱ বা হম’ছেপিয়েন্ছ পৃথিৱীৰ প্ৰধান প্ৰজাতি হৈ উঠা নাছিল৷ খাদ্য উৎপাদনৰ বাবে
কৃষিকৰ্ম আৰু পশুপালন হল’চিন ইপ’কৰ
বৈশিষ্ট্য ১৷ বহুতৰে মতে হল’চিন
আৰু এনথ্ৰ’প’চিন শব্দ
দুটা সমাৰ্থক৷
কিন্তু বহুতো বিজ্ঞানীয়ে এই মত সমৰ্থন নকৰে৷ বিশেষকৈ পৰিৱেশ বিজ্ঞানীসকলৰ
বহুতেই ভাবে যে হল’চিন ইপ’ক শেষ হৈ এনথ্ৰ’প’চিন ইপ’ক ইতিমধ্যে
আৰম্ভ হৈছে৷ মানুহৰ বিভিন্ন কাৰ্যই পৃথিৱী নামৰ গ্ৰহটিত ব্যাপক ভূ-পৰিৱেশিক পৰিৱৰ্তনৰ সূচনা কৰিছে— এই কথা চিহ্নিত কৰিবলৈ
১৯৮০ চনত জীৱবিজ্ঞানী য়ুজিন ষ্ট’ৰমাৰে এনথ্ৰ’প’চিন২ শব্দটো ব্যৱহাৰ কৰিছিল৷ ২০০০ চনত বিখ্যাত
বিজ্ঞানী প’ল ক্ৰাটজেনে শব্দটোৰ ব্যৱহাৰ জনপ্ৰিয় কৰি তোলে৷ হল’চিন যুগৰ আৰম্ভণি কালত (১১,৭০০ বছৰ
পূৰ্ব) আৰু বৰফযুগৰ অন্তত পৃথিৱীৰ পৰিৱেশ
আৰু জলবায়ুত যি ভাৰসাম্য স্থাপিত হৈছিল, সেই
ভাৰসাম্য ক্ৰমান্বয়ে পৰিৱৰ্তন হ’বলৈ ধৰিছে৷
পৃথিৱীৰ পৰিৱেশ মানৱসৃষ্ট পৰিৱৰ্তনৰ প্ৰভাৱ জুখিবৰ বাবে বিভিন্ন প্ৰচেষ্টা
বিজ্ঞানীসকলে হাতত লৈছে৷ আৰু দেখা গৈছে যে
(বিশেষকৈ বিগত দুশ বছৰত) মানুহৰ সংখ্যা বৃদ্ধি আৰু বিভিন্ন কাৰ্যই বায়ুমণ্ডল, জলমণ্ডল আৰু স্থলমণ্ডলত অভাৱনীয় পৰিৱৰ্তনৰ সূচনা কৰিছে৷
যেনে— কয়লা আৰু তেল পুৰি দ্ৰুতভাৱে শক্তি
উৎপাদন আৰু ব্যৱহাৰ কৰাৰ ফলত বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ বাঢ়ি গৈ আছে৷ কাৰ্বন-ডাই-অক্সাইড
পানীত দ্ৰৱীভূত হোৱাৰ ফলত মহাসাগৰৰ পানীৰ অম্লতা (Acidity) বাঢ়িছে৷
আকৌ গৰুৰ গাখীৰ আৰু মাংসৰ অধিক উৎপাদনৰ
বাবে গৰুৰ সংখ্যা বঢ়োৱাৰ ফলত বায়ুমণ্ডলত মিথেনৰ পৰিমাণ বাঢ়িছে৷ এইবোৰ গেছে
পৃথিৱীয়ে এৰি দিয়া তাপ শুহি ৰাখি নিম্ন বায়ুমণ্ডলৰ আৰু লগতে পৃথিৱীৰ উষ্ণতা বঢ়ায়
বাবে ইহঁতক Green House Gas (GHG) বুলি কোৱা
হয়৷
এনথ্ৰ’প’চিন আৰু
বিয়াগোম ত্বৰণ: জেইম্ছ
ৱাটৰ উন্নত বাষ্প ইঞ্জিনৰ ব্যৱহাৰ বাঢ়ি অহাৰ পাছৰে পৰা এনথ্ৰ’প’চিন বা মানৱপ্ৰাধান্যৰ
যুগৰ আৰম্ভ হৈছিল বুলি কিছুমানে ক’ব খোজে যদিও বহুতৰে মতে ১৯৫০ চনকে এনথ্ৰ’প’চিন ইপ’কৰ আৰম্ভণিবুলি ধৰিব
পাৰি৷ ১৯৪৫ চনত এট’ম বোমা ব্যৱহাৰ কৰাৰ ফলত দ্বিতীয় মহাসমৰৰ অন্ত পৰে৷ পৰৱৰ্তী কালত পৃথিৱীৰ বহুত অঞ্চল পৰাধীনতাৰ (য়ুৰোপীয়) দাসত্বৰ পৰা
মুক্ত হয়৷ দ্বিতীয় মহাসমৰৰ পৰৱৰ্তী চাৰিটা দশকত পৃথিৱীৰ বহুতো দেশত দ্ৰুত
অৰ্থনৈতিক অগ্ৰগতি হোৱা দেখা যায়৷ বিশ্ব-বাণিজ্যৰ
দ্ৰুত প্ৰসাৰণ ঘটে৷ যুদ্ধৰ সময়ত ব্যৱহৃত প্ৰযুক্তি
আৰু বিজ্ঞান উৎপাদনকে আদি কৰি বিভিন্ন দিশত ব্যৱহাৰ কৰা হৈছিল৷ এই চাৰিটা দশকতে অৰ্থনৈতিক
অগ্ৰগতিৰ বিয়াগোম ত্বৰণ (Great Acceleration) ঘটে৷
সেইবাবে বহুতে ১৯৫০ চনকে এনথ্ৰ’প’চিন ইপ’কৰ আৰম্ভণিবুলি ক’ব খোজে৷
বিয়াগোম ত্বৰণৰ ফলত ঘটা কিছুমান
যুগান্তকাৰী পৰিৱৰ্তন হ’ল:
জনসংখ্যা
বৃদ্ধি আৰু মধ্যবিত্তৰ উত্থান: ঊনৈছ শতিকাৰ
আৰম্ভণিতে (১৮০০ খৃ:) পৃথিৱীৰ
জনসংখ্যা আছিল ৯০০ মিলিয়ন (=০.৯ বিলিয়ন, অৰ্থাৎ এক
বিলিয়নতকৈ কম)৷ ০.৯ বিলিয়নক
এক বিলিয়ন বুলি ধৰিলেও, পৃথিৱীত
মানুহৰ সংখ্যা এক বিলিয়ন হওঁতে প্ৰায় এক লাখ বছৰ লাগিছিল৷ কিন্তু মাত্ৰ ২০০ বছৰৰ
পাছত (২০০০ চনত) এই
সংখ্যা সাত বিলিয়নলৈ বাঢ়ি যায়৷ কয়লা আৰু খাৰুৱা তেলৰ ব্যৱহাৰে শক্তিৰ ব্যৱহাৰ আৰু প্ৰয়োগৰ পৰিমাণ অবিশ্বাস্যভাৱে বঢ়াই দিয়ে৷ দুখন মহাসমৰৰ সময়ত
যুদ্ধ আৰু উৎপাদনৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰয়োগ দ্ৰুতভাৱে বাঢ়ি যায়৷ মানুহৰ জীৱন ধাৰণ পদ্ধতি আৰু জীৱিকাৰো বৈপ্লৱিক পৰিৱৰ্তন
ঘটে৷
উল্লেখ্য যে
এনে অভাৱনীয় পৰিৱৰ্তন এজন মানুহৰ (যেনে, লেখকৰ) জীৱনকালতে
ঘটিছে৷ বিংশ শতিকাৰ পঞ্চাছৰ দশকৰ আৰম্ভণিকালত মোৰ বয়স দহ বছৰ৷ সেই সময়ৰ নগৰবেৰা অঞ্চলৰ পৰিৱেশ আৰু
জনগাঁথনিৰ অবিশ্বাস্য পৰিৱৰ্তন ঘটিছে৷ তেতিয়া তাত
কৃষিযুগৰ পৰিৱেশ৷ নতুনকৈ হাইস্কুল এখন আৰম্ভ হৈছে;
কিন্তু নাও, গৰুগাড়ী বা চাইকেলৰ বাহিৰে (অৱশ্যে খোজ কাঢ়িব পাৰি) বাহিৰলৈ ওলাই যোৱাৰ উপায়ো নাছিল৷
প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্য আছিল যদিও সাধাৰণভাৱে মানুহ দুখীয়া আছিল৷ কিন্তু নিজৰ
অৱস্থা জানি লৈ মানুহবোৰ সুখী আছিল৷ বসন্ত, কলেৰা, মেলেৰিয়া আদিৰ প্ৰাদুৰ্ভাৱ আছিল৷ বছৰত এবাৰ মেলেৰিয়া ৰোগত
ভোগা আৰু (আমাৰ পৰিয়ালত) সৰুবোৰে
অন্ততঃ এবাৰ পেলুৰ দৰৱ খোৱাটো স্বাভাৱিক কথা আছিল৷ মই বৃত্তি পৰীক্ষা দিবৰ বাবে ছয়গাঁৱলৈ গাড়ীৰেযাত্ৰা কৰাৰ
সময়ত পাৰাৰ আটাইবোৰ মহিলাই মৰম কৰি (কিছুমানে কন্দা-কটাও কৰিছিল) বিদায় দিয়াৰ দৃশ্য এতিয়াও মনত পৰে৷
কিন্তু
এতিয়া? সকলো সলনি হ’ল৷
ৰাস্তা-ঘাট বহুত উন্নত হ’ল৷ মানুহৰ সংখ্যা বাঢ়িল৷ বন-জংঘল, বিল-খাল, পথাৰ আদি সংকুচিত হৈ নাইকিয়া হোৱাৰ দৰে৷ কলেজ, স্কুল আদিৰ সংখ্যা বাঢ়িল৷ জীৱিকাৰ প্ৰয়োজনত মানুহ নগৰমুখী হ’ল৷ (অৱশ্যে
মানুহবোৰ সুখী হৈছেনে— সেই প্ৰশ্নৰ উত্তৰ দিয়া টান৷ মানৱ
অতিযুগত এনে পৰিৱৰ্তন পৃথিৱীৰ সকলো মহাদেশতে ঘটিছে৷
পৃথিৱীৰ
পৰিৱেশ আৰু বাসযোগ্যতা উন্নত কৰিব পৰা জ্ঞান আৰু প্ৰযুক্তি আজি আছে৷ কিন্তু পৰিৱেশ
ধংস কৰিব পৰা প্ৰযুক্তি, মনোভাব আৰু সভ্যতাকে ধংস কৰিব পৰা প্ৰযুক্তি, মনোভাব আৰু
ৰাষ্ট্ৰনায়কৰো অভাৱ নাই৷ সেইবাবে পৃথিৱীৰ
বেছি সংখ্যক মানুহ সংকল্পবদ্ধ আৰু ঐক্যবদ্ধ হ’ব লাগিব৷
য়ুনাইটেড নেশ্বন্ছৰ ‘Transforming
our World’ শীৰ্ষক বিবৃতিৰ একাংশৰ উদ্ধৃতি দি সামৰিছোঁ: “We are resolved to free the human race from the tyranny of poverty and
want and to heal and secure our planet. We are determined to take the bold and
transformative steps which are urgently needed to shife the world onto a sustainable
and resilient path. As we embark on the collective journey, we pledge that no
one will be left behind.”
পাদটীকা
১) The Holocene corresponds with rapid proliferation, growth
and impact of the human species worldwide, including all of its written
history, technological revolutions, development of major civilizations and
overall significant transition towards urban living … (Wikipedia)
২) Anthropocene is a proposed new epoch to be added to
Geological time-scale describing very recent rupture in the functioning of
the Earth System as a whole arising from
the impact of human activity (Capable of disrupting the Earth System) … The
concept required the emergence of Earth System science in the 1980s and 1990s …
. The Anthropocene is the period during which human activity has had discernible
impact on the functioning of the Earth System. (Wikipedia)