অন্যযুগ/


অংকুৰণ আৰ্ফৰ 'সোণৰ হৰিণ নাথাকে জানকী' : এক সম্পৰীক্ষা

 ° প্ৰণৱ ঢেকিয়াল ফুকন

কবি অংকুৰণ আৰ্ফৰ সদ্য প্ৰকাশিত ‘সোণৰ হৰিণ নাথাকে জানকী’ শীৰ্ষক কাব্যগ্ৰন্থখন অসমীয়া কাব্যসাহিত্যৰ ক্ষেত্ৰখনত এক ব্যতিক্ৰমী প্ৰয়াস৷ গ্ৰন্থখনত মহাকাব্য ৰামায়ণৰ চিনাকি চৰিত্ৰসূহক মানৱীয় জীৱনবোধেৰে কাব্যিক ৰূপত উপস্থাপন কৰি কবিয়ে এক সম্পৰীক্ষা চলাইছে৷ ভাৰতীয় ঐতিহ্য আৰু পৰম্পৰাৰ গণ্ডীৰ আৱৰ্তত থাকি কবিয়ে এই সম্পৰীক্ষা চলাইছে৷ মহাকাব্য ৰামায়ণ ভাৰত তথা পৃথিৱীৰ বিভিন্ন ভাষালৈ অনূদিতও হৈছে৷ আধুনিক সাহিত্যতো ৰামায়ণৰ কাহিনী আৰু চৰিত্ৰৰ আধাৰত নাটক, উপন্যাস, কবিতা, খণ্ড কবিতা, চুটি গল্প আদি ৰচিত হৈছে৷ আধুনিক অসমীয়া কাব্য সাহিত্যত ৰামায়ণৰ প্ৰতিটো চৰিত্ৰ আৰু ভূমিখণ্ডক লৈ গাইগুটীয়াকৈ কবিতা ৰচনা কৰা আমাৰ চকুত পৰা নাই৷ সেয়ে আৰ্ফৰ সংকলনটি অসমীয়া কাব্য সাহিত্যত অভিনৱ সংযোজন৷ 

গ্ৰন্থখনিৰ কবিতাৰাজিৰ কথাবস্তু হ’ল ৰামায়ণৰ ঘটনাৱলী আৰু বস্তুতত্ত্ব বা বিষয়সাৰ হ’ল প্ৰেম, ত্যাগ, সেৱা, অনুতাপ আৰু বীৰত্ব আদি৷ সাহিত্যৰ বিষয়সাৰ (যাক ইংৰাজীত theme বুলি কোৱা হয়) হ’ল সাহিত্যকৃতিৰ মাজত প্ৰতিফলিত মূল বিচাৰ বা কেন্দ্ৰীয় দৃষ্টিকোণ৷ বিষয়সাৰৰ ইংৰাজী শব্দ theme-ৰ অভিধানগত অৰ্থ হ’ল “subject or topic on which a person speak, think or write”৷ অৱশ্যে আৰ্ফৰ সংকলনটিত দুই-এটা কবিতাত বিষয়সাৰৰ অনুপস্থিতি অনুভূত হয়৷ পাঠকক কাব্যৰসৰ নান্দনিক আনন্দ দানৰ বাহিৰেও কবিতাসমূহৰ আন মটিফ (motif) বা অভিপ্ৰায় সংকলনটিত পৰিস্ফুট নহ’ল৷ 

কবি আৰ্ফে এক স্বকীয় শৈলীৰে কবিতাসমূহ নিৰ্মাণ কৰি উলিয়াইছে৷ ভাবনাৰ প্ৰকাশেই হ’ল শৈলী৷ শৈলীয়েহে কবিৰ ভাববস্তুক মূৰ্ত ৰূপ দিয়ে আৰু বিধাৰ নিৰ্ণয় কৰে৷ ৰামায়ণৰ চৰিত্ৰ সম্পৰ্কে কবিৰ মনৰ অমূৰ্ত ভাবনাক কবি আৰ্ফৰ স্বকীয় শৈলীয়ে বাংময় কৰি তুলিছে৷ চিনাকি চৰিত্ৰবোৰৰ বিষয়ে কবিৰ মনন আৰু চিন্তনত অমূৰ্ত হৈ থকা ভাব আৰু দৰ্শনক মূৰ্ত ৰূপ দিছে৷ সংকলনটিৰ ভাষা নিমজ আৰু পৰিমাৰ্জিত৷ কবিতাসমূহৰ ভাষাৰ জৰিয়তে কবিতাসমূহৰ মাজত মহাকাব্যিক গাম্ভীৰ্য ৰক্ষা কৰিবলৈ আৰু এটা মহাকাব্যিক পৰিৱেশ সৃষ্টি কৰিবলৈ কবি যত্নপৰ হৈছে৷  বহুবল্কিতা এৰাই চলিব পৰা বাবে ভাষা হৈ পৰিছে নিৰ্মেদ যি সংকলনটিৰ  সৌন্দৰ্য বৃদ্ধি কৰিছে৷ বিশেষকৈ কেইটামান কবিতাত তৎসম শব্দৰ প্ৰয়োগৰ ফলত ভাব-ভাষাৰ সুন্দৰ সংযোগ সাধিত হৈছে আৰু বিষয়ৰ গাম্ভীৰ্য ৰক্ষা হোৱাৰ লগতে মহাকাব্যিক পৰিৱেশৰ সৃষ্টি হৈছে৷ ঠিক যেন সাহিত্য  সম্পৰ্কে প্ৰাচ্য মনিষীয়ে কোৱাৰ দৰে, “ সহিতস্য ভাৱ সাহিত্যম্‌”৷ কাব্যগ্ৰন্থখনিৰ প্ৰথমটি কবিতা ৰামায়ণৰ ৰচক ‘বাল্মীকি’ শিৰোনামেৰে ৰচিত আৰু বাল্মীকি‍ৰ আত্মকথন৷ কবিতাটিত ব্যৱহৃত তৎসম শব্দই এক গাম্ভীৰ্য তথা মহাকাব্যিক বাতায়ন অনভূত কৰাইছে৷ যেনে—

       চেতনাক চুই মুখেৰে নিগৰি 

       আহিল যি চিৰঞ্জীৱ শ্লোক 

      

       এই শ্লোকৰ মাধুৰ্যৰে

       মনীষাৰ মূল্যবোধৰ মাটিময় 

       মহীৰে মহাভাৰতীয় এই মাটিত 

       মই  লিখিলো 

       এই কাব্যকথা, য’ত

       ফুলিছে সত্য-ত্যাগ-আদৰ্শৰ পাঁহি ... (পৃ. ১৫)

সংকলনটিৰ এটি উল্লেখযোগ্য কবিতা হ’ল ‘অহল্যা’৷ কবিতাটোৰ মাজত নাৰীৰ মৰ্মবেদনাক অন্তৰস্পৰ্শী ৰূপত তুলি ধৰিছে৷ নাৰী কিদৰে যুগে যুগে পুৰুষৰ দ্বাৰা অন্যায়, অৱহেলা আৰু নিৰ্যাতনৰ বলি হৈ আহিছে তাৰে কাব্যিক ৰূপ দিছে৷ কবিতাটোৰ বিষয়বস্তু (subject matter) হ’ল অহল্যাৰ প্ৰতি কৰা পুৰুষৰ অন্যায়-অবিচাৰ আৰু বিষয়সাৰ (theme) হ’ল নাৰীৰ ত্যাগ আৰু সমৰ্পণ৷ উদাহৰণ হিচাপে এটি স্তৱক তুলি ধৰা হ’ল—

       মই এই নাৰীৰে ত্যাগৰ প্ৰতীক

       মই এই নাৰীৰে সমপৰ্ণৰ প্ৰতীক

       মই এই নাৰীৰে শোকদগ্ধ হৃদয়ৰ প্ৰতীক (পৃ.২২)

সংকলনটিৰ শিৰোনামটোত কাব্যিক ব্যঞ্জনা আছে আৰু কবিতাটি বৰ সুন্দৰ হৈছে৷ কবিতাটিত কবিৰ জীৱনবোধৰ প্ৰকাশে সাৰ্বজনীন ৰূপ পৰিগ্ৰহ কৰিছে৷ কবিয়ে নিজা দৃষ্টিকোণেৰে সীতা আৰু সোণৰ হৰিণৰ পৰিঘটনাটোক কাব্যিক উপস্থাপন কৰিছে৷ কবিয়ে কৈছে যে সোণৰ হৰিণ মাথোঁ এক মায়া আৰু এই সংসাৰত মায়াত নিমজ্জিত আমাৰো অৱস্থা জানকীৰ দৰেই হৈ পৰে৷ কবিতাটোৰ ভাষা সুন্দৰ আৰু শব্দচয়ন যথাযথ— 

       সোণ হৰিণৰ ধুনীয়া 

       সোণালীখিনি দেখি

       যিদৰে মোহত বন্দী হৈছিল 

       জনকনন্দিনী

       ঠিক তেনেদৰে ডালিমপকা

       দুপৰৰ ৰ’দত

       চিকমিকাই উঠোতে কাৰোবাৰ

       দেহ উদ্যানৰ ধুনীয়াখিনি দেখি 

       আমিও বন্দী হৈ পৰো মোহত (পৃ.১০৩-১০৪)

সংকলনটিৰ শিৰোনামটোৱে এটি ইংগিত বহন কৰে যে কবিতাখিনিৰ চৰিত্ৰসমূহ সীতা চৰিত্ৰটোক কেন্দ্ৰ কৰি সৃষ্টি হ’ব৷ কবিয়ে সীতা চৰিত্ৰটোক লৈ মুঠ ছটা কবিতা ৰচনা কৰিছে৷ তাৰ ভিতৰত সোণোৱালী সীতা শীৰ্ষক কবিতাটি উৎকৃষ্ট হৈছে৷ কবিতাটো ভাব-ভাষা সকলো দিশৰ পৰা উন্নত৷ কবিয়ে কৈছে সীতা এটা চৰিত্ৰ নহয়, সীতা হ’ল এক সভ্যতা, এক সংস্কৃতি—

       আচলতে সীতা উৰ্বৰা পৃথিৱীৰ পূৰ্ণিমাময় পথাৰৰ 

       পোহৰৰ শস্যমালাৰ নাম

       আচলতে সীতা সংস্কৃতিৰ সোণবৰণীয়া শংখৰ 

       অমিয়া সুৰৰ নাম ... (পৃ. ৪১)

কবিয়ে কবিতাখিনি ৰচনা কৰোঁতে সন্মুখত এটা নিৰ্দিষ্ট দৃষ্টিকোণ ৰাখি লৈছে৷ কবিৰ এই দৃষ্টিকোণ পৰম্পৰাগত৷ সি হ’ল ৰাম ত্যাগ আৰু প্ৰেমৰ মূৰ্তি অৰ্থাৎ ৰাম শুভ শক্তিৰ প্ৰতীক৷ আনহাতে ৰাৱণ হ’ল অশুভ শক্তিৰ প্ৰতীক৷ এই দৃষ্টিকোণ তথা পৰম্পৰাগত ভাবনাৰ মাজত নিমজ্জিত হৈ থকাৰ বাবেই কবি এটা বৃত্তৰ মাজৰ পৰা ওলাই আহি ৰামায়ণৰ চৰিত্ৰসমূহক পৃথককৈ অৰ্থাৎ স্বদৃষ্টিৰে চাব পৰা নাই৷ তাৰ উপৰি চৰিত্ৰ কিছুমানৰ কবিৰ কবিতাত কোনো বিকাশ নঘটিল অৰ্থাৎ যথোচিত মূল্যায়ন হোৱা নাই৷ ৰাৱণ কবিতাটোৰ মাজতো ৰাৱণ চৰিত্ৰটোৰ বীৰত্ব, স্বাভিমান আদি প্ৰকাশ পোৱা নাই৷ 

সংকলনটিত আন কিছু দোষ-ত্ৰুটিৰ লগতে কবিৰ কিছু সীমাবদ্ধতাও চকুত পৰে৷ কবিয়ে ভাৰতীয় ঐতিহ্য আৰু পৰম্পৰাগত সীমাৱদ্ধতাৰ পৰিধি ভেদি বাহিৰলৈ ওলাই আহিব নোৱাৰিলে৷ লগতে সংকলনটিৰ কেইটামান কবিতাত  কবিৰ স্বকীয় জীৱনবোধ প্ৰকাশ ঘটা নাই যাৰ বাবে কেবাটাও কবিতা একেআগি হৈ থাকিল৷ অৱশ্যে কবিয়ে প্ৰতিটো কবিতাতে ৰামায়ণৰ চৰিত্ৰসমূহৰ মৌলিক বৈশিষ্ট্য ৰক্ষা কৰিবলৈ প্ৰযত্নৰ ত্ৰুটি কৰা নাই৷ তথাপি কিছুমান কবিতাৰ বিষয়ত জীৱনবোধৰ অধিক গভীৰলৈ যোৱাৰ অৱকাশ ৰৈ গ’ল৷

 ‘ৰাকক্ষ’ শব্দটোৰ সঘন ব্যৱহাৰ, অপসংস্কৃতি, শূপৰ্নখা, কৈকেৰীৰ আদি বৰ্ণাশুদ্ধি বিসংগতিপূৰ্ণ তথা ভুল শব্দৰ ব্যৱহাৰ আৰু ‘ৰাৱণ’ কবিতাটোত একেটা স্তৱক পুনৰাই মুদ্ৰিত হোৱা কাৰ্যই সংকলনটিৰ সৌন্দৰ্য হানি কৰিছে৷ ভালেকেইটা কবিতাৰ নিৰ্মাণশৈলী গদ্যধৰ্মী হৈছে৷ এই দিশত কবিয়ে সাৱধানে  আগ বঢ়াটো অতিকে প্ৰযোজন৷ উদাহৰণস্বৰূপে ‘ৰাম-১৩’ কবিতাটোৰ প্ৰথমটো স্তৱক দাঙি ধৰা হ’ল—

       ধুনীয়া বস্তু নিজৰ কৰি লোৱাৰ 

       বাসনা সকলোৰে থাকে 

       এই বাসনাৰে অযোধ্যাৰ সিংহাসনৰ

       প্ৰতি কৈকেৰীৰ (কৈকেয়ীৰ) লোভ জন্মিছিল

       এই বাসনাৰে সীতাৰ প্ৰতি 

       ৰাৱণৰ লোভ জাগিছিল ...

এই স্তৱকটোত কাব্যছন্দৰ ছন্দস্পন্দ (rhythm) আৰু ছন্দবন্ধ (metre) বুলিবলৈ একো নাই৷ শাৰীকেইটা আচলতে গদ্যহে  যাক এনেকৈ সজাব পাৰি— “ধুনীয়া বস্তু নিজৰ কৰি লোৱাৰ বাসনা সকলোৰে থাকে৷ এই বাসনাৰে অযোধ্যাৰ সিংহাসনৰ প্ৰতি কৈকেয়ীৰ লোভ জন্মিছিল৷ এই বাসনাৰ বাবেই সীতাৰ প্ৰতি ৰাৱণৰ লোভ জাগিছিল৷” ইয়াৰ উপৰি কবিতাটোৰ এই শাৰীকেইটাই চৰিত্ৰকেইটাক শুদ্ধ ৰূপত উপস্থাপন কৰিব পৰা নাই৷ গতিকে সাহিত্যৰূপ (genre) হিচাপে যি শৈলী নিৰ্ভৰতাৰ কথা আহি পৰে সি এই কবিতাটোত অনুপস্থিত৷ 

এনেদৰে সামান্য দোষ-ত্ৰুটি থকা সত্ত্বে‍ও ‘সোণৰ হৰিণ নাথাকে জানকী’ কাব্যগ্ৰন্থখনিত কবিয়ে যি পৰীক্ষা-নিৰীক্ষা চলাইছে সি অসমীয়া কাব্যসাহিত্যৰ বাবে অতীৱ প্ৰয়োজনীয় কথা৷ আমি আশাবাদী যে পাঞ্চজন্য বুক্‌ছে প্ৰকাশ কৰি উলিওৱা কবি অংকুৰণ আৰ্ফৰ এই সংকলনটি পাঠকে আদৰি ল’ব৷

ঠিকনা :
বিভাগীয় প্ৰধান
অসমীয়া বিভাগ, সৰুপথাৰ মহাবিদ্যালয়
সৰুপথাৰ— ৭৮৫৬০১, ভ্ৰাম্যভাষ: ৭০০২৭০২৮৯৭

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ