অন্যযুগ/


আইতাৰ চশ্‌মা (শিশু অনুবাদ গল্প)

 মূল ৰচনা: ৰাস্কিন বণ্ডে
অনুবাদ: স্ৰোতস্বিনী তামুলী

অংকন: বৰ্ণিল মহন্ত

আইতাকে দূৰৈৰ নৈখনৰ কল্‌ কল্ শব্দ শুনা পাইছিল, ভৰিৰ তলুৱাত পাইন গছৰ বেজীৰ দৰে পাতবোৰৰ উমান পাইছিল, তেওঁ তেওঁৰ নাতি ল’ৰা মণিৰ  উপস্থিতি অনুভৱ কৰিছিল। কিন্তু তেওঁ নদীখন অথবা গছবোৰক দেখা নাপাইছিল, আনকি মণিকো। কিন্তু তেওঁ তাৰ জপৰা চুলিবোৰ ফণিয়াই দিছিল। 

 আইতাকে এযোৰ পুৰণা চশ্‌মা পিন্ধি থাকে। তেওঁৰ চকুৰ ৰশ্মি লাহে লাহে কমি আহিছে আৰু তেওঁৰ চশ্‌মাযোৰ অত্যন্ত পুৰণি হৈ পৰিছে। চশ্‌মাযোৰৰ গ্লাছ দুখনত দাগ পৰিছে। আইতাই খুব কম দেখা পাই চশ্‌মাযোৰৰ মাজেৰে। এক কথাত সেইযোৰ পিন্ধা নিপিন্ধা একেই কথা। 

আইতাই ঘৰলৈ অহা ৰাস্তাটো, পথাৰলৈ‌ যোৱা বাটটো ভালদৰে জানিছিল। ৰ’দ জিলমিল দুপৰীয়া তেওঁ হিমালয় পৰ্বতৰ বৰফে ঢকা শৃংগটো দেখিছিল। তেনেকুৱা সময়তে মণি আৰু তাৰ দেউতাকে তেওঁলৈ এযোৰ নতুন চশ্‌মা কিনাৰ বিষয়ে ভাৱিলে।

“তুমি জানা যে আমাৰ গাঁৱত চশ্‌মা পোৱা নাযায়”— আইতাই ক’লে।

তেতিয়া মণিয়ে ক’লে— “কাষৰ চহৰ মুছৌৰিত এখন চকু চিকিৎসালয় আছে।”

কিন্তু আইতাই কথাষাৰ অমান্য কৰি উত্তৰ দিলে—  “সেইটো প্ৰায় দুদিনৰ যাত্ৰা হ’ব। প্ৰথমে আমি প্ৰায় বাৰ মাইল খোজ কাঢ়ি নেইন বজাৰলৈ যাব লাগিব আৰু ৰাতি খুৰাৰ ঘৰত থাকিব লাগিব। তাৰ পাছত বাকীছোৱা পথ বাছেৰে যাব লাগিব। তুমি জানা মই বাছেৰে যাত্ৰা কৰিবলৈ কিমান অসুবিধা পাওঁ! দহ বছৰৰ আগেয়ে মই খোজ কাঢ়িয়েই মৌছোৰিলৈ অহা-যোৱা কৰি এই চশ্‌মাযোৰ আনিছিলোঁ৷”

“এতিয়াও সেই চকু চিকিৎসালয়খন তাতেই আছে”— মণিৰ দেউতাকে ক’লে।

“ভাল বাৰু! কিন্তু মোৰ চকুকেইটা এতিয়াও বহু বেছি বেয়া হোৱা নাই”— আইতাই অজুহাত দিলে। তেওঁ নিজৰ গাঁওখনৰ পৰা আঁতৰি যাবলৈ অলপো ইচ্ছা নকৰিছিল। লগতে তেওঁ তেওঁৰ এঘাৰ বছৰীয়া নাতি মণিৰ পৰা আঁতৰি যাব বিচৰা নাছিল। মণি সৰু হৈ থাকোঁতেই তাৰ মাক ঢুকাইছিল। গতিকে আইতাকেই তাক সৰুৰে পৰা তুলি-তালি ডাঙৰ-দীঘল কৰিছিল। তেওঁ তেতিয়াৰে পৰা এতিয়ালৈকে মণি আৰু তাৰ দেউতাকৰ যত্ন লৈ গৰু-গাই, হাঁহ-পাৰবোৰক চোৱা-চিতা কৰি আহিছে। ৰন্ধা-বঢ়াৰ পৰা আৰম্ভ কৰি খেতিলৈকে তেওঁ অনৱৰতে লাগি থাকিছিল।

মণিৰ দেউতাকে ক’বলৈ ধৰিলে— “এতিয়া শুনা! মই জানো তোমাৰ যাবলৈ মন নাই ঘৰখন এৰি। কিন্তু তোমাক অকলে যাবলৈ কোৱা নাই নহয়। মই তোমাক লৈ যাম।”

“মণিক ইয়াত অকলে থৈ যাম নহয়নে! তুমি ভাবিব কেনেকৈ পাৰিলা এনে কথা?”— আইতাই খঙেৰে ক’লে।

“তেন্তে ময়ে আইতাক লৈ যাম। মই আগেয়ে মোৰ স্কুলৰ বন্ধুৰ সৈতে তালৈ গৈছোঁ”— মণিয়ে হেঁপাহেৰে ক’লে। কিন্তু পাছ মুহূৰ্ততে সি সন্দেহেৰে সুধিলে আইতাকক— “তুমি পিছে ইমান দূৰ খোজ কাঢ়ি নেইন বজাৰলৈ যাব পাৰিবানে?”

“নিশ্চয়। মই পাৰিম। মোৰ চকু দুটাহে দুৰ্বল হৈছে। ভৰি দুখন এতিয়াও ঠিকেই আছে।” 

“মুছৌৰিৰ পৰা আমি অলপ বীঁজ, বিজুলী চাকি আৰু গৰুজনীৰ বাবে এটা টিলিঙা কিনি আনিম”— আইতাই মণিক ক’লে।

তেনেকুৱাতে মণিৰ দেউতাকে আইতাকৰ হাতত ১০০ টকাৰ নোট এখন দি ক’লে— “তুমি তালৈ বজাৰ কৰিবৰ বাবে নহয় চকুৰ চিকিৎসাৰ বাবেহে যাবা। এই ১০০ টকাৰ ভিতৰতে সকলো কৰিব লাগিব।”

মণিয়ে ক’লে— “আমি বাছ ষ্টেচনতেই শুম৷”

“নহয় আমি হোটেলত থাকিম। মোৰ হাতত আৰু পঞ্চাছ টকা আছে। 

*******

পাছদিনা ৰাতিপুৱা খুব সোনকালে মণি আৰু আইতাক ওলাই গ’ল নেইন বজাৰৰ অভিমুখে। মণিৰ কান্ধত এটা সৰু বেগ আৰু আইতাকৰ হাতত এটা ডাঙৰ কাপোৰৰ মোনা আৰু এটা ছাতি। সৰু-সুৰা পাহাৰ, শিল আৰু পথাৰবোৰ পাৰ হৈ তেওঁলোক আগ বাঢ়ি গ’ল। 

“আমাৰ ভাগৰ লাগিলে জিৰণি ল’ম দেই”— মণিয়ে ক’লে।

“আমি যাত্ৰা আৰম্ভ কৰিছোঁহে মাথোন। তোমাৰ ভোক লাগিলেহে আমি জিৰণি ল’ম”— আইতাকে ক’লে। 

 তেওঁলোকে বেছি কথা-বতৰা নপতাকৈ গৈ থাকিল। ভাটৌৰ জাক এটা তেওঁলোকৰ মূৰৰ ওপৰেৰে পাৰ হৈ গ’ল। মণিয়ে লৰালৰিকৈ বনৰীয়া ক’লাজামু কেইটামান ছিঙি আনিলেগৈ। আইতাই ক’লা জামু খাই ভাল নাপাইছিল আৰু তেওঁ মণিলৈ ৰৈ থকাও নাছিল। মণিয়ে দৌৰি দৌৰি গৈ তেওঁৰ কাষ পালগৈ। খুব কম সময়তে তাৰ জিভাখন বেঙুনীয়া হৈ পৰিছিল। 

বৰষুণ বন্ধ হৈছিল আৰু বেলিটো মুকলিকৈ ওলাই আহিছিল। 

“তুমি এতিয়া ঠিকেই দেখি আছানে?”— মণিয়ে হঠাৎ সুধিলে।

“মই এই ৰাস্তাটো দেখিছোঁ, তোমাৰ বগা ছাৰ্টটো দেখিছোঁ আৰু মোৰ বাবে ইমানখিনি যথেষ্ট”— আইতাই উত্তৰ দিলে।

কিছুমান ঘোঁৰাচালক সেই পথটোৰে আহি আছিল বিপৰীত দিশৰ পৰা। তেওঁলোকৰ এজনে এটি গীত গাই মণিহঁতৰ মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিলে। এটা ঘোঁৰাই মূৰ দাঙি সিহঁতলৈ চালে। আইতাই তেতিয়া ছাতিটো মেলি ধৰিলে তাৰ সমুখত আৰু তেনেদৰেই ছাতিটোৰে আৱৰণ এখন সৃষ্টি কৰি লাহেকৈ পাৰ হৈ গ’ল। বেচেৰা ঘোঁৰাটো! আইতাই মনতে ভাবিলে। 

তেওঁলোকে ৰাস্তাৰ কাষৰে ঠাই এডোখৰত বহি দুপৰীয়াৰ আহাৰ খালে। আবেলি সময়ত তেওঁলোকে নেইন পাৰ হৈ আহিল।‌ 

মণিয়ে আঙুলি টোঁৱাই আইতাকক ৰাজু খুৰাকৰ ঘৰৰ কাষৰ মন্দিৰটো দেখুৱালে। 

কিন্তু ৰাজু খুৰাৰ ঘৰ পোৱাৰ অলপ আগতেই হঠাৎ এজাক ডাঙৰ বৰষুণ আহিল আৰু সিহঁত তিতিল। সিহঁতে লৰালৰিকৈ গৈ খুৰাকৰ ঘৰ সোমালগৈ আৰু কাপোৰ-কানি সলাই ল’লে। খুৰাকে গৰম গাখীৰৰ চাহ দুকাপ আলহীলৈ আগ বঢ়াই দিলে। 

পুৱা মণি সোনকালে উঠি সৰু পথ এটাৰে দৌৰি গৈ নদীখন পালেগৈ। এই নদীখনক সেই ঠাইৰ মানুহে বহুত পৱিত্ৰ বুলি বিশ্বাস কৰে। সেয়ে মানুহে সেই নদীখনত স্নান কৰি পানীখিনিত ফুল অৰ্পণ কৰে। 

মণিয়ে কাপোৰ-কানি পিন্ধি সাজু হ’ল। বাছৰ হৰ্ন কাণত পৰিল তাৰ। সি লৰালৰিকৈ গৈ আইতাকৰ কাষ পালেগৈ। আইতাক বাছ ষ্টেচনতেই ৰৈ আছিল তাৰ বাবে। আইতাকে ইতিমধ্যে বাছৰ টিকেট কাটি থৈছিল।

*******

বাছখন বহুত পুৰণা। বাছখনে ইমানেই শব্দ কৰিছিল যে যাত্ৰীসকলে কোনেও কাৰো লগত কথা পাতিব পৰা নাছিল। কোনোবা এজনে কাষৰে দ খাৱৈত পৰি থকা বাছ এখনলৈ আঙুলিয়াই দেখুৱালে। চালকজনে যথেষ্ট বেগেৰে বাছখন চলাইছে। আইতাই মণিৰ কান্ধত মূৰ থৈ শুই গৈছে। 

কিন্তু হঠাতে পাহাৰত ভূমিস্খলন হ’বলৈ ধৰিলে। বাছখন বাটতে ৰৈ গ’ল। যাত্ৰীসকলে খিৰিকীৰে মূৰ উলিয়াই চাবলৈ ধৰিলে সমুখলৈ। আনকি বাছখনৰ ওপৰতো শিল পৰিবলৈ ধৰিলে। যাত্ৰীসকলে ভয়তে চিঞৰ-বাখৰ আৰম্ভ কৰিলে। 

আইতা আৰু মণি বাছৰ পৰা নামিল। সৰহ সংখ্যক যাত্ৰীয়েই উভতি যাবলৈ সিদ্ধান্ত ল’লে। 

কিন্তু সিহঁতৰ গন্তব্য স্থান পাবলৈ আৰু দহ মাইল বাট আছিল। 

মণিয়ে আইতাকক সুধিলে—  “আমি উভতি যাম নেকি?” 

“দহ মাইল কিমান বাটনো! কালি আমি তাতকৈ বেছি দূৰ খোজ কাঢ়িছোঁ”— আইতাই ক’লে।

তেওঁলোকে সৰু পাহাৰটোৰে খোজ কাঢ়ি গৈ থাকিল। গৈ গৈ তেওঁলোক পাহাৰটোৰ ওখ শৃংগটোত উঠিলেগৈ। বহু দূৰৈত সোণালী ঈগল চৰাই এজনী বৃত্তাকাৰে বনাই ফুৰিছিল।

********

“ৰাজু খুৰাৰ ঘৰৰ পৰা তুমি খাবলৈ কিবা আনিছিলানে?”— মণিয়ে আইতাকক সুধিলে।

“স্বাভাৱিকতে আনিম। কাৰণ তোমাৰ যে খুব সোনকালে ভোক লাগে মই জানো”— আইতাকে ক’লে। 

“ভাল ভাল। এবাৰ খাই ল’লে আৰু গৈ থাকোঁতে ভাগৰ নালাগে।”— মণিয়ে ক’লে।

“এতিয়া খাবানে খোজ কাঢ়িবা?” 

“খাম। আমাৰ যেতিয়াই ভাগৰ লাগিব তেতিয়াই জিৰণি ল’ম, আইতা৷”

“মই অনবৰতে খোজ কাঢ়ি ফুৰিব পাৰোঁ। মইতো গোটেই জীৱন খোজকে কাঢ়িছোঁ। “

তেওঁলোকে এখন হাবিৰ মাজেৰে পাৰ হৈ গৈছে। হাবিখনৰ পৰা বান্দৰৰ জাক এটা ওলাই আহি তেওঁলোকৰ পিছে পিছে যাবলৈ ধৰিলে। মণিয়ে পকৰি দুটামান দিয়াৰ পাছতহে সিহঁত আঁতৰি গ’ল। 

লাহে লাহে আন্ধাৰ নামি আহিল। সিহঁত গৈ ইতিমধ্যে মুছৌৰিৰ এখন বজাৰ পাইছেগৈ। বজাৰত ৰং-বিৰঙৰ চাকিবোৰ জ্বলি উঠিছে। দোকানী, গ্ৰাহক আৰু পৰ্যটকসকলে এক কোলাহলৰ সৃষ্টি কৰিছে। আইতাকে মণিৰ কান্ধত ভালদৰে ধৰি ল’লে যাতে সি বজাৰত হেৰাই নাযায়। 

তেওঁলোকে বজাৰত ৰাতিটো কটাবলৈ এখন হোটেল বিচাৰিবলৈ ধৰিলে। কিন্তু হোটেল এখনো বিচাৰি নাপালে। সেয়ে ৰাতিটো তেওঁলোকে এখন ধৰমশালাত কটালে। 

*******

পাছদিনা ৰাতিপুৱা তেওঁলোকে চকু চিকিৎসালয়লৈ যাবলৈ ওলাল। চকু চিকিৎসকজন যথেষ্ট দয়ালু লোক। এঘণ্টা অপেক্ষা কৰাৰ পাছত চিকিৎসকজনে আইতাকক ভিতৰলৈ মাতিলে।

চিকিৎসকজনে চশ্‌মাযোৰ চালে আৰু ‌ডাষ্ট্‌বিনলৈ দলি মাৰি দিলে। “এইযোৰ আপুনি আগতেই সলনি কৰিব লাগিছিল। এইযোৰে আপোনাৰ চকুদুটা ভাল কৰাতকৈ বেয়াহে কৰিব”— চিকিৎসকজনে ক’লে। তেওঁ শক্তিশালী পোহৰ এটা লৈ আইতাৰ চকু দুটা পৰীক্ষা কৰিলে। 

 “আপোনাৰ চকু দুটা যথেষ্ট দুৰ্বল যদিও আপুনি অন্ধ হৈ নাযায়। আপুনি এযোৰ শক্তিশালী চশ্‌মা ল’ব লাগিব”— ডাক্তৰজনে ক’লে।

 ডাক্তৰজনে এইবাৰ ব’ৰ্ড এখনত ডাঙৰ ডাঙৰ আখৰ দুটামান লিখিলে আৰু আখৰবোৰ দেখা পাইছেনে নাই আইতাকক সুধিলে।

“মই ব’ৰ্ডখনো দেখা পোৱা নাই”— আইতাই ক’লে।

“মোক দেখিছেনে?” 

“কিছু পৰিমাণে দেখিছোঁ”।

“মই আপুনি মোক সম্পূৰ্ণভাৱে দেখাটো বিচাৰোঁ”— ডাক্তৰে ক’লে।

এইবাৰ ডাক্তৰজনে চশ্‌মা এযোৰ আনি আইতাকক পিন্ধাই দিলে। আইতাকে হঠাতে যথেষ্ট ভালদৰে দেখা পোৱা যেন অনুভৱ কৰিলে। তেওঁ ব’ৰ্ডখনৰ আখৰবোৰো দেখা পালে। 

“এতিয়া আপুনি আপোনাৰ নাতিটোক ভালদৰে দেখা পাইছেনে মোক কওকচোন?”— ডাক্তৰজনে ক’লে।

আইতাকে বহু বছৰৰ মূৰত মণিক ভালদৰে দেখা পালে। 

“মণি! তোমাক কি যে ধুনীয়া লাগিছে! কি ধুনীয়া ল’ৰা এটি মই ডাঙৰ কৰিলোঁ। কিন্তু তুমি চুলিখিনি কটাব লাগিব।এযোৰ নতুন জোতা কিনিব লাগিব।”— তেওঁ উৎসাহেৰে ক’লে।

*******

আইতাকে বাছখনৰ খিৰিকীৰ কাষৰ ছিটটোত বহি ল’লে। তেওঁৰ কাষত বহি আছে মণি। মণিয়ে এযোৰ নতুন জোতা কিনিলে আৰু আইতাই এটা ছাতি কিনিলে। লগতে মণিৰ দেউতাকলৈ এটা ছুৱেটাৰ, অলপ বীজ, টিলিঙা আৰু বিজুলী চাকি কিনিলে।

বাছখন চলিবলৈ ধৰিলে। আইতাকে কৌতূহলেৰে দৃশ্যবোৰ চাই যাবলৈ ধৰিলে। তেওঁ বহুতো নেদেখা দৃশ্য চাবলৈ পালে— গাঁও, গছত থকা বান্দৰৰ জাক, আকাশত জিলিকি থকা ৰামধেনু। 

“ইমান ডাঙৰ গৰু!”— মণিয়ে আচৰিত হৈ ক’লে। 

“এইটো গৰু নহয়। ম’হহে৷”— আইতাকে ক’লে।

মণিয়ে বহু সময়লৈকে আইতাকৰ উৎসুকতাৰে ভৰা মুখখন চাই থাকিল। এটা সময়ত তাৰ টোপনি আহিল। সি আইতাকৰ কান্ধতে মূৰ থৈ শুই থাকিল। 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ