অন্যযুগ/


অব্যাহৃত

গুৰু দুজনাৰ সৃষ্টিসমূহ আৰু পাঠসমীক্ষা

ৰঞ্জুমণি মহন্ত

এই লেখিকাৰ দহ কি এঘাৰ বছৰমান বয়সৰ কথা৷ গোসাঁইঘৰৰ থাপনাত থকা কীৰ্ত্তনঘোষা আৰু নামঘোষা’-খন উৱলি যোৱা বাবে দেউতাই এখন নতুন কীৰ্ত্তনঘোষা আৰু নামঘোষাকিনি আনিছিল৷ সেইদিনা সন্ধিয়ালৈ গোসাঁইঘৰত নতুনকৈ কিনি অনা পুথিখনৰ পৰা চাই চাই ‘‘ব্ৰহ্মা আদি কৰি জীৱ য’ত’’ প্ৰাৰ্থনাটো গাই আমি (মই আৰু মোৰ সৰু দাদা) ওলাই আহোঁতেই দেউতাই “চাই চায়ো প্ৰাৰ্থনা এটা শুদ্ধকৈ গাব নোৱাৰ” বুলি ধমক দিলে৷ কি ভুল হ’ল আমি একো ততকে ধৰিব নোৱাৰিলোঁ যদিও দেউতাক সোধাৰো সাহস গোটাব নোৱাৰিলোঁ৷ এইদৰে কেইবাদিনো একেটা ঘটনাৰ পুনৰাবৃত্তি হোৱাত সেইদিনা দেউতাই নিজে পুথিখন মেলি প্ৰাৰ্থনাটো পঢ়ি চোৱাতহে উৰহী গছৰ ওৰ ওলাল৷ ভুল আমাৰ নাছিল৷ আচলতে আমাৰ ঘৰত থকা পুৰণা কীৰ্ত্তনঘোষা আৰু নামঘোষাপুথিখনত প্ৰাৰ্থনাটোৰ শেষৰ শাৰীটো “মনে সুৱৰ্ণৰ পদ্ম ধৰি…”-ৰ বিপৰীতে নতুনখনত “দেখি সুৱৰ্ণৰ পদ্ম ধৰি…” বুলি উল্লেখ আছে আৰু তাকে দেউতাই আমাৰ গোৱাত ভুল হৈছে বুলি ভাবি আমাক খং কৰি আছিল৷ সি যি কি নহওক, এটা কথা ঠিক যে বিভিন্ন সময়ত, বিভিন্ন প্ৰকাশন প্ৰতিষ্ঠানৰ উদ্যোগত, বিভিন্নজন পণ্ডিত ব্যক্তিৰ সম্পাদনাত প্ৰকাশ পোৱা গুৰু দুজনাৰ সৃ্ষ্টিসমূহৰ এটা সংস্কৰণৰ সৈতে থকা আন এটা সংস্কৰণৰ বিভিন্ন অমিলৰ কথা আচলতে উদাহৰণ দি শেষ কৰিব নোৱাৰি; যিটো কোৰান, বাইবেল আদি ধৰ্মগ্ৰন্থৰ ক্ষেত্ৰত ভাবিব নোৱৰা কথা৷ এয়া নিশ্চয়কৈ ইতিবাচক কথা নহয়৷ ছপাৰ প্ৰমাদবশতঃ হওক বা আন কাৰণতেই হওক শব্দৰ এনে ধৰণৰ হেৰ-ফেৰে অৰ্থৰ ব্যাপক তাৰতম্য ঘটোৱাৰ লগতে অদূৰ ভৱিষ্যতে গুৰু দুজনাৰ লেখাসমূহ সম্পূৰ্ণৰূপে বিকৃত হৈ পৰাৰ আশংকা এটা মুকলি কৰি ৰাখিছে। এইখিনিতে উল্লেখ কৰা উচিত হ’ব যে কোৰান, বাইবেল আদি গ্ৰন্থ যদি পৃথিৱীৰ দুটা কোণৰ দুখন ঠাইৰ পৰা দুখন সংগ্ৰহ কৰি তুলনা কৰা হয়, তাৰ মাজত কলন-ছেমিকলন, কমা-হাইফেন পৰ্যন্ত ক’তো কোনো অমিল দেখা নাযায়৷ ইয়াৰ কাৰণ হৈছে, সেইসমূহ গ্ৰন্থ বিজ্ঞানসন্মতভাৱে ‘পাঠ সমীক্ষা’ (Textual Criticism) কৰি প্ৰকাশ কৰা হয়৷ এতিয়া প্ৰশ্ন হয়— ‘পাঠ সমীক্ষা’ কি? পাঠ সমীক্ষা হৈছে ভাষাবিজ্ঞানৰ এটা বিষয়৷ ইয়াৰ লক্ষ্য হৈছে প্ৰাচীন যুগতে লেখা একোটা লেখা বৰ্তমান কালত বিজ্ঞানসন্মত পদ্ধতিৰে মূল লেখাৰ নিকটতম ৰূপ এটা নিৰ্ধাৰণ কৰা৷ প্ৰায় দুহাজাৰ বছৰ ধৰি পশ্চিমত চলি থকা এই পদ্ধতি ভাৰতত প্ৰৱেশ কৰে ১৯ শতিকাত৷ অসমত এই পদ্ধতি অৱলম্বন কৰি পুথি প্ৰকাশ কৰাৰ ক্ষেত্ৰত বাটকটীয়া আছিল আনন্দৰাম বৰুৱা৷ তেওঁ এই পদ্ধতিৰে ভৱভূতিৰ মহাবীৰ চৰিত’-খন সম্পাদনা কৰি প্ৰকাশ কৰিছিল৷ ঠিক সেইদৰে ভাষাবিদ কালিৰাম মেধিয়ে হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিতপুথিখন পাঠ সমীক্ষা কৰি প্ৰকাশ কৰিছিল৷ আমি বিচাৰোঁ, গুৰু দুজনাৰ পুথিসমূহো পাঠসমীক্ষা কৰি প্ৰকাশ কৰা হওক৷ হাজাৰ হাজাৰ বছৰ পুৰণি ঋক্‌বেদ, ইলিয়াদ প্ৰভৃতি গ্ৰন্থ যদি পাঠ সমীক্ষাৰ জৰিয়তে নিৰ্ভুল ৰূপত প্ৰকাশ কৰাটো সম্ভৱ হৈ উঠিছে, ২০০০ বছৰ পুৰণি বাইবেল, ,৫০০ বছৰ পুৰণি কোৰান যদি এই পদ্ধতিৰে মূলৰ সৈতে অবিকলৰূপত  প্ৰকাশ কৰাটো সম্ভৱ হৈছে, তেন্তে মাথোঁ ৪৫০ বছৰৰ পুৰণি গুৰু দুজনাৰ পুথিসমূহৰ পাঠ সমীক্ষা কৰি প্ৰকাশ কৰাটো নিশ্চয় দুৰুহ নহ’ব৷ কিন্তু দুখৰ বিষয়, বৰ্তমান সময়ত অসমত এই বিষয়ৰ চৰ্চা কৰা মানুহ আঙুলিৰ মূৰত লেখিব পৰা ধৰণৰ৷ উল্লেখযোগ্য যে, ‘ভাষা, সংস্কৃতি আৰু শংকৰদেৱ গৱেষণা পৰিষদ, অসম’ নামৰ এক অনুষ্ঠানৰ উদ্যোগত অনুষ্ঠানটিৰ প্ৰথম কাৰ্যসূচী হিচাপে কীৰ্ত্তনঘোষাআৰু নামঘোষা-ৰ পাঠ সমীক্ষা কৰিবলৈ লোৱা হৈছে৷ এয়া নিশ্চয়কৈ আশাব্যঞ্জক কথা৷ আমি আশা ৰাখিছোঁ, অসম সাহিত্য সভাৰ দৰে অনুষ্ঠান, অসম সত্ৰ মহাসভা, শংকৰদেৱ সংঘৰ দৰে শংকৰদেৱকেন্দ্ৰিক অনুষ্ঠানে গুৰু দুজনাৰ আন আন পুথিসমূহো পাঠ সমীক্ষা কৰি প্ৰকাশ কৰাৰ ক্ষেত্ৰত আগভাগ ল’ব৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ