অন্যযুগ/


আপোনাৰ মূৰ!

অভিজিত শর্মা বৰুৱা

আমাৰ মূৰৰ ভিতৰত থকা মূল বস্তু মগজুটো সঁচাকৈয়ে বৰ আচৰিত বস্তু দেই! ই হল আমাৰ লাওখোলাৰ ভিতৰত থকা অলেখ স্নায়ুকোষৰ এক সংগঠন, যি দেহৰ ভিতৰৰ প্রায় সকলোবোৰ কার্যই পৰিচালনা কৰে।

আটাইতকৈ জটিল অংগ

মগজু হল কেন্দ্রীয় স্নায়ুতন্ত্রৰ মূল অংশ। আমাৰ সকলো অংগৰ ভিতৰত মগজুৱেই হল আটাইতকৈ জটিল অংগ। মানুহৰ মগজুৰ সাধাৰণ গঠন আন স্তন্যপায়ী জন্তুৰ সৈতে প্রায় একেই। কিন্তু ইয়াৰ আকাৰ হল সম ওজনৰ এক জন্তুৰ মগজুৰ আকাৰৰ প্রায় তিনিগুণ। এই যে আকাৰ বাঢ়িল, তাৰ বেছিভাগ বৃদ্ধি হল মূলত চেৰিব্রেল কর্টেক্স অংশত। তাৰো ভিতৰত বিবর্ধিত অংশ হ ফ্রণ্টেল্ লব্, যি অংশ আত্মনিয়ন্ত্রণ, পৰিকল্পনা, যুক্তিবাদ আৰু আজৱ চিন্তাৰ লগত জড়িত। মানুহৰ দৃষ্টিভংগীৰ সৈতে জড়িত মগজুৰ অংশও মানুহৰ ক্ষেত্রত বিশেষভাৱে‍ বর্ধিত। আন স্তন্যপায়ী জন্তুৰ পৰা মানুহলৈ বিবর্তনৰ কালছোৱাত মানুহৰ মগজুৰ ওজন আৰু শৰীৰৰ ওজনৰ অনুপাত ক্রমে বাঢ়ি আহিছে। সেইবাবেই মানুহ ক্রমান্বয়ে বেছি বুদ্ধিমান হৈ আহিছে। এই প্রক্রিয়া আজিও অব্যাহত।

কোটি কোটি নিউৰন, কোটি কোটি সংযোগ!

এতিয়া আমি কিহৰ কাৰণে মানুহৰ আত্মনিয়ন্ত্রণৰ সামর্থ্য, পৰিকল্পনাৰ দক্ষতা, যুক্তিবাদ, আজৱ চিন্তা, দৃষ্টিভংগী আদি আন জন্তুৰ তুলনাত বহু বেছি ওপৰত এই কথা অন্ততঃ জানিব পাৰিলোঁ। মানুহ লাহে লাহে কিয় বেছি বুদ্ধিমান আৰু উন্নত হৈ আহিছে, তাৰো এক আভাস পালোঁ। এটা কথা ভাবিলে বাৰু আচৰিত যেন নালাগেনে যে কেৱল মগজুৰ ওপৰত ভিত্তি কৰিয়েই মানৱ জাতি ইমান উন্নত আৰু শক্তিশালী হৈ আহিছে। নহলে বাঘ, হাতী বা আন জন্তুতকৈ মানুহৰনো কি বেছি আছে?

আন সকলো জন্তুৰ তুলনাত মানুহৰ মগজুত বহুত বেছি, মানে ৰেকর্ড পৰিমাণৰ ৫,০০০-১০,০০০ কোটি নিউৰণ আছে। তাৰ ভিতৰত ১,০০০ কোটি হল কর্টিকেল পিৰামিডেল কোষ। এইবোৰ কোষে প্রায় ১,০০,০০,০০০ কোটি ছিপ্‌নেটিক সংযোগৰ জৰিয়তে ইটোৱে সিটোলৈ সংকেত প্রেৰণ কৰে। গতিকে এইটো এটা অতি ডাঙৰ নেটৱর্ক। কিন্তু প্রায় ১.৫ কিলগ্রাম ভৰ আৰু ১,১৩০ ঘন চেণ্টিমিটাৰ আয়তনৰ মগজুৰ ভিতৰতে এই আটাইবোৰ থাকে আৰু মগজুৰ বিশাল কামবোৰ চলি থাকে।

মগজু ঠিকে থাকিলেহে মানুহ!

কেতিয়াবা কাৰোবাৰ যদি কিবা দুর্ঘটনা ঘটে, তেতিয়া সাধাৰণ লোকৰ পৰা বিশেষজ্ঞ চিকিত্সকলৈকে সকলোৱে চিন্তা কৰে মূৰ বা মগজুত কিমান বা আঘাত পাইছে? হাত-ভৰি ভাগিলে, বা আন অংগত বিজুতি ঘটিলে মানুহজন কিবা এটা কৰি চলি থাকিব পাৰিব। চৰম ক্ষেত্রত এখন হাত বা ভৰি কাটি পেলাবলগীয়া হলেও মানুহজনৰ জীৱনৰ প্রতি ভাবুকিৰ সৃষ্টি নহয় বা দৈনন্দিন কাম-কাজত অতি বেছি সমস্যাৰ উদ্ভৱ নহয়। কিন্তু মগজুৰ কিবা হলে, বা মগজুটো অথবা তাৰ কোনো অংশ কাটি পেলাবলগীয়া হলে? সেই কথা ভাবিবই নোৱাৰি। আনকি মগজুৰ ভিতৰত যদি কেনেবাকৈ কিছু তেজো জমা হৈ থাকে, তেন্তে সিও জীৱনৰ প্রতি মাৰাত্মক ভাবুকিৰ সৃষ্টি কৰে। ষ্টিফেন হকিং নামৰ প্রখ্যাত বিজ্ঞানীজনৰ নাম আমি সকলোৱে শুনিছোঁ। তেওঁৰ জীৱনৰ শেষৰ ভালেকেইটা বছৰ তেওঁ দুটা আঙুলিৰ বাহিৰে আন একো লৰচৰ কৰিব নোৱৰা অৱস্থাত আছিল। কিন্তু কেৱল মগজুটো ঠিকে আছিল বাবে দ্য হিষ্টৰি‍ অব্ ছায়েন্স গ্রন্থৰ ৰচয়িতা হকিঙে মানৱ সমাজলৈ প্রভূত বৰঙণি আগবঢ়াই যাব পাৰিলে।

এতিয়াও অনাৱিষ্কৃত বহু কথা!

বিজ্ঞান ইমান উন্নত হৈ উঠাৰ পাছতো আমি মগজুৰ সকলো ৰহস্যৰ সম্ভেদ পাব পৰা নাই। এই ৰহস্য উদ্ধাৰৰ বাবে নিৰৱচ্ছিন্ন গৱেষণা চলি আছে। আমি যেতিয়া শুই থাকোঁ বা আমাৰ প্রায়বোৰ অংগই যেতিয়া জিৰণি লয়, তেতিয়া মগজুৰ কোষবোৰে কিন্তু কাম কৰি থাকে। আনকি আমি যদি কিবা কাৰণত অচেতন হৈও পৰোঁ, তেতিয়াও মগজু সক্রিয় হৈ থাকে। কিন্তু মগজুৰ সকলো নিউৰনে‍ অনবৰতে কাম কৰি কৰি বাৰু ভাগৰি নপৰেনে? বিজ্ঞানীসকলে অলপতে আৱিষ্কাৰ কৰিছে যে এজন মানুহ যেতিয়া শুই থাকে তেতিয়া মগজুৰ নিউৰনবোৰৰ ওপৰত কামৰ হেঁচা কমি যায় আৰু সেই সময়তে মগজুৰ নিউৰনবোৰে পাল পাতি জিৰণি লয়। তাৰ মানে ২৪ ঘণ্টাই চলি থকা কোনোবা পাৱাৰ হাউছ বা কণ্ট্ৰল ৰুমত ছিফ্‌ট ডিউটি কৰাৰ দৰে হয়। ওচৰতে শব্দ হৈ থকা বা কোনোবাই স্পর্শ কৰা সত্ত্বে‍ও মানুহজনক টোপনি গৈ থকাত এই জিৰণি লোৱা নিউৰনবোৰেই আচলতে সহায় কৰে। আমি এতিয়া যি অধ্যয়নৰ কথা কলোঁ, তাৰ মূল ব্যক্তি আছিল মাছাচুছেটছ জেনেৰেল হস্পিটেল আৰু বষ্টনৰ হার্ভার্ড মেডিকেল স্কুলৰ এজন নিউৰবিজ্ঞানী ছিড্‌নি‍ কাশ্ব্। তেওঁ আচলতে মৃগী ৰোগত ভোগা ৰোগীৰ ক্ষেত্রত মগজুৰ ভিতৰলৈ ইলেক্‌ট্রড সুমুৱাই মগজুৰ কোষৰ ক্রিয়া নিৰীক্ষণ কৰিছিল। তাৰ পাছত তেওঁ দেখিলে এনে ইলেক্‌ট্রডবোৰ আৰু কিছু গভীৰলৈ ভৰাই, তাৰ পৰা তথ্য আহৰণ কৰি, আৰু একে সময়তে মগজুৰ পৃষ্ঠৰ ক্রিয়া নিৰীক্ষণ কৰিব পৰা EEG-ৰ পৰা পোৱা তথ্য তুলনা কৰি মগজুৰ কাম-কাজৰ বিষয়ে অধিক কিছু কথা জানিব পৰা যায়। এই বিশ্লেষণৰ পৰাই তেওঁ নিউৰনবোৰে যে পাল পাতি জিৰণি লয়, এই নতুন কথাটো আমাক জানিবলৈ দিলে।

দুটামান আচৰিত কথা

এখন গাড়ীৰ ইঞ্জিন গৰম হলে বন্ধ হৈ যাব পাৰে বা আন কাৰণতো তেনে হব পাৰে। সেয়া স্বাভাৱিক কথা। তেনেকৈ আমাৰ দেহাটোৱে‍ও বেছি কষ্ট কৰিলে বা আন স্বাভাৱিক কাৰণৰ বাবে অৱসন্ন হৈ পৰিব পাৰে। তেতিয়া আমাৰ টোপনি আহে। কিন্তু টোপনি অহাৰ পাছত আমি কেনেকৈ সাৰ পাওঁ? বা মগজুৱে কেনেকৈ আমাক জগাই দিয়ে? গৰম হৈ বন্ধ হৈ যোৱা ইঞ্জিনটোতো ঠাণ্ডা হৈ নিজে নিজে ষ্টার্ট হৈ নাযায়! তদুপৰি আমাৰ দেহত কোনো টাইমাৰ (টি ভিৰ দৰে) বা থার্মষ্টেটো (ফ্রিজৰ দৰে) লগোৱা নাথাকে। আচলতে আমাৰ টোপনি অহাতকৈ সাৰ পোৱা ঘটনাটোহে বেছি বিস্ময়কৰ। মগজুৰ এইবোৰ আচৰিত কামৰ বিষয়ে আমি কিছু কথা জানিলেও আন বহুতো কথাই নাজানো। মুঠতে আমাৰ মূৰটো বা মগজুটো হল গভীৰ বিস্ময়ৰ ভঁৰাল। আমাৰ অনন্য সম্পদ মগজুটোৱে তাৰ নিজৰ কাম-কাজৰ কথাই ভালকৈ নাজানে! সেয়াও এক আচৰিত কথা।   

*****

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ