মূলঃ অমৃতা প্ৰীতম (হিন্দী)
ভাবানুবাদঃ অংগনা ভট্টাচাৰ্য্য
আজি মই মোৰ ঘৰৰ নম্বৰটো আঁতৰাই পেলালোঁ
আৰু ইমানদিনে গোলাপৰ শিৰত
উন্মুক্তকৈ আঁকি থোৱা
গোলাপৰ পাহিৰ নামো গুচাই দিলোঁ
প্ৰতিটো পথৰ উপপথবোৰৰ নাম মচি পেলালোঁ৷
যদি মোক বিচাৰিবলৈ ইচ্ছা কৰাঁ
তেন্তে প্ৰতিখন দেশৰ প্ৰতিখন চহৰৰ আলিবাটবোৰৰ দুৱাৰবোৰ খটখটাবা
এয়াই সেই নিভাঁজ চেতনা
সজাগ-সচেতন সংবেদনা,
য’তেই এক
মুক্ত সত্ত্বাৰ প্ৰতিচ্ছবি দেখা পাবা
বুজিবা সেয়াই মোৰ ঘৰ৷
