ৰশ্মিৰেখা ভূঞা
গা ধুই আহি কপালত বেলি এটা আঁকিবলৈ লৈ তাই বহু সময় খিৰিকীখনেৰে বাহিৰলৈ চাই থাকিল। বাহিৰত কুঁৱলীৰ পাতল আচ্ছাদন। শৰতৰ এনে সময়বোৰতে তাইৰ তালৈ মনত পৰে। মনত পৰে সেই শেৱালি পাহলৈ যিপাহ তাই তাক এনে এটা কুঁৱলী সৰা পুৱা উপহাৰ দিছিল।
ফাগুনৰ সন্ধিয়া এটাত সি তাইৰ জীৱনলৈ আহিছিল৷ কোনো আগজাননী নাছিল৷ ফাগুনক লৈ বন্ধুসকলৰ মাজত অলপ আলোচনা হৈছিল৷ ফাগুন ভাল পাইছিল তাই৷ লঠঙা গছতো তাই সেউজীয়াৰ সপোন ৰচিছিল আৰু সি আছিল ফাগুন মানে এলাৰ্জি, ধূলি আৰু বদমেজাজৰ দিন বুলি অত্যন্ত বিৰক্তিৰে ফাগুন শব্দটো উচ্চাৰণ কৰা এটা ফাগুন বিদ্বেষী৷ তাই তাৰ বন্ধু নাছিল৷ নাছিল চিনাকি৷ কিন্তু ফাগুনৰ প্ৰতি থকা অনুৰাগৰ বাবেই তাই তাৰ কথাৰ মাজত মাত মাতিছিল৷ সোঁৱৰাই দিছিল ফাগুনে প্ৰকৃতিক দিয়া সেউজীয়াৰ প্ৰতিশ্ৰুতিৰ কথা৷ তেনেকৈয়েই সিহঁতৰ মাজত কথা-বতৰা আৰম্ভ হৈছিল৷ দুজন অচিনাকী মানুহক ফাগুনে চিনাকf কৰাই দিছিল৷
মত আৰু আদৰ্শৰ পাৰ্থক্য থাকিলেও সিহঁতৰ মাজত খুব কম দিনৰ ভিতৰতে বন্ধুত্ব গঢ় লৈ উঠিছিল৷ তাই সেই সম্পৰ্কক বন্ধুত্ব নাম দিলেও সি কিন্তু বন্ধু বুলি ভবা নাছিল৷ বাটত অহা-যোৱা কৰোঁতে, ৰে’লত ক’ৰবালৈ যাবলৈ ৰৈ থাকোঁতে বহু মানুহ লগ পোৱা যায়৷ সেই মানুহৰ লগত ভাবৰ আদান-প্ৰদানো কৰা হয়৷ কিন্তু সেই বুলি সেইসকলক বন্ধু বুলি ক’ব পাৰি জানো? ওহোঁ, নোৱাৰি৷ তাৰ মতেও সিহঁত সেই পলমকৈ অহা ৰে’লখনলৈ ৰৈ থকা যাত্ৰীৰ দৰে৷ ৰৈ থকা সময়খিনি দুই-এষাৰ কথা পাতি অপেক্ষাৰ আমনি দূৰ কৰিছে৷ সময়ত ৰে’লখন আহিলেই সিহঁত নিজ নিজ লক্ষ্য অভিমুখে গতি কৰিব৷ কথা সিমানেই৷
কিন্তু কথা সিমানেই আছিল জানো? তাৰ মাজত একো নাছিল নে? সেই যে কোনো মিটিঙত সি ভাষণ দি থকা ফ’টোখন তাইলৈ পঠিয়াই দিছিল, তেজপুৰ বিশ্ববিদ্যালয়ৰ ৱৰ্কশ্বপত গৈ বিশ্ববিদ্যালয়ৰ সেউজীয়াবোৰ তাইৰ কাৰণেই কেমেৰাত বন্দী কৰি লৈ আনিছিল, সপোনৰ তেজাল ঘোঁৰাটোত উঠি দৌৰি ফুৰোঁতে আড্ডা দিবলৈ তাইক কাষত বিচাৰিছিল, সেইবোৰ একোৱেই নাছিল নে? তাই ইখনৰ পাছত সিখন সভাত কোৱা জীৱনমুখী সাধুবোৰ তাক শুনাওঁতে সি যে নিৰ্মম অথচ গঠনমূলক সমালোচনা কৰি ভুলবোৰ দেখুৱাই দিছিল, সেইবোৰ কি একোৱেই নাছিল?
আবেলিৰ চাহকাপত সোহা মাৰি তাই প্ৰায়েই এইবোৰ কথাই ভাবিছিল৷ নিজৰ মনৰ মাজত গুজৰি-গুমৰি থকা কথাবোৰ তাৰ আগত মুকলি কৰি দিছিল৷ মুকলি কৰি দিছিল নতুনকৈ দেখা কিছুমান সপোনৰ কলিও৷
সি আঁজলি পাতি লৈছিল সেই সপোনৰ কলিবোৰ৷ ক্ষন্তেক লিৰিকি বিদাৰি চাই পুনৰ তাইৰ হাতত তুলি দিছিল তাইৰেই সপোনৰ অপ্ৰস্ফুটিত কলি৷ স্থানু হৈছিল তাই৷ বুজি পায়ো যেন বুজি নোপোৱা কথাৰ মাজত তাই হেৰাই গৈছিল৷ মন গৈছিল সি কঢ়িয়াই অনা তেজপুৰ বিশ্ববিদ্যালয়ৰ সেউজীয়াবোৰ তাইৰ একান্তই নিজৰ কৰি লোৱাৰ৷ মন গৈছিল চেৰাপুঞ্জীৰ সেই পাতল কুঁৱলীৰ মাজত তাৰ লগত হেৰাই যোৱাৰ৷ মন গৈছিল তাৰ নামত সেউজীয়া মাথোঁ সেউজীয়া এপাহ পদুম বুকুত চিৰদিন ফুলাই ৰখাৰ৷ তাই নজনাকৈয়েই সি তাইৰ হৃদয়ৰ ইমান গভীৰত নিগাজীকৈ বহি লৈছিল যে য’ৰ পৰা তাক উলিয়াই দিয়াটো এই জনমত তাইৰ বাবে সম্ভৱপৰ নাছিল৷ সি তাইৰ আত্মা হৈছিল৷
কিন্তু ৰে’ল ষ্টেচনত ৰৈ থাকোঁতে চিনাকি হোৱা মানুহ এজনক জানো হৃদয়ৰ বৰঘৰত বহিবলৈ দিব পাৰি? সি পৰা নাছিল৷ হয়তো তাইতকৈ তাৰ হৃদয়ৰ কপাটখন বেছি মজবুত আছিল যাক খুলি ভিতৰত প্ৰৱেশ কৰা তাইৰ কাৰণে অসম্ভৱ আছিল৷
সময় হৈছিল নিজ নিজ লক্ষ্যস্থান অভিমুখে আগুৱাই যোৱাৰ৷ একান্ত অনিচ্ছা সত্ত্বেও একমাত্ৰ তাৰ সিদ্ধান্তক সন্মান জনায়েই তাই পথ সলনি কৰিছিল৷ হৃদয়ৰ গোপন কুঠৰীত তাৰ নামত ৰোৱা সেউজীয়া পদুমপাহ জঁয় পৰিছিল৷
সময় আগুৱাই গৈছিল৷ তায়ো আগুৱাই গৈছিল৷ কিন্তু সঁচা অৰ্থত তাই আগুৱাই যাব পাৰিছিল জানো? সেই ষ্টেচনটোতে তাই ৰৈ গৈছিল মনেৰে, আত্মাৰে৷ জঁয় পৰিবলৈ ধৰা পদুমপাহ আত্মাৰ পানীৰে জীয়াই ৰখাৰ তীব্ৰ আকাংক্ষাই তাইক তাতেই ৰৈ যাবলৈ বাধ্য কৰিছিল৷ অথচ তাই আগুৱাই গৈছিল৷
অনাকাংক্ষিতভাৱে সিও ৰৈ গৈছিল সেইটো ষ্টেচনতে নিৰলে, তাইৰ অজ্ঞাতে৷ বাটত লগ পোৱা মানুহক বন্ধু বুলি নভবা, ফাগুন মানেই মূৰৰ টিংটিঙণি আৰু বদমেজাজ বুলি ভবা ল’ৰাজন ৰৈ যাবলৈ বাধ্য হৈছিল৷ সি জনাই নাছিল গম নোপোৱাকৈ তাৰ হৃদয়ৰ মাজতো যে এপাহ খৰিকাজাঁই ফুলি উঠিছিল৷ সি জনাই নাছিল, বাটত লগ পোৱা মানুহো যে বন্ধু হ’ব পাৰে, খুলি দিব পাৰে হৃদয়ৰ বন্ধ কপাট৷ মামৰে ধৰা সঁচাৰ কাঠিৰেও সেই কপাট খুলিব পৰাকৈ কিছুমান মানুহ যে সেউজীয়াৰ সঁফুৰা সেই কথা সি বুজি পোৱালৈ সময় ৰৈ থকা নাছিল৷
সেউজীয়াৰ পৃথিৱীখনত
নিজক হেৰুৱাই পেলোৱাৰ দুৰ্বাৰ আকাংক্ষাত বুৰ গৈ থকা তাইক সময়ে হাতত ধৰি এটি সেন্দূৰীয়া
পথেৰে লৈ গৈছিল৷ সেন্দূৰীয়া হৈছিল তাইৰ জীৱন৷ নতুন ৰূপত নিজকে সজাই তোলা তাইৰ ওচৰত
নিজৰ বুলি ক’বলৈ এটা নতুন বেলি আছিল, আছিল নতুন গন্তব্যস্থল আৰু হাত মেলিলেই ধৰিব পৰাকৈ এজন সহযাত্ৰী৷ কিন্তু কোনেও
জনা নাছিল যিটো বেলিয়ে তাইক উজলাই তুলিছিল সেই বেলিটোৰ কাৰণে তাই পুৰণি ষ্টেচনটোত
এৰি থৈ গৈছিল তাইৰ সেউজীয়া আত্মা, সেউজীয়া মন আৰু শৰতৰ সেই বিশেষ শেৱালিপাহ৷ যি পাহ
তাই শৰতৰ কুঁৱলীৰে আৱৰা ৰাতিপুৱা এটা তাক উপহাৰ দিছিল৷
* * *
ভ্ৰাম্যভাষ - ৬৯০০৯২৫৮৭৭