অন্যযুগ/


সুকৃতি বৰুৱাৰ সান্নিধ্যত

 অসীম তালুকদাৰ

 

চেলিব্ৰিটিবোৰ যেনে– খেল জগতৰ তাৰকা, চিনেমাৰ অভিনেতা-অভিনেত্ৰী, শিক্ষা তথা অন্যান্য দিশতো শীৰ্ষত আৰোহণ কৰা ব্যক্তিসকলৰ প্ৰতি সাধাৰণ মানুহৰ কিবা এক অনামী আকৰ্ষণ জাগি উঠে ৷ আমাৰ দৰেই তেজ-মঙহৰ মানুহ বুলি জানিও তেনে ব্যক্তিসকলে দৈনন্দিন জীৱনত কি কৰে, কি খায়, তেওঁলোকৰ পৰিয়ালৰ বিষয়ে নাইবা তেওঁলোকে ইমান মানুহৰ মৰমৰ চাপ কেনেকৈ চম্ভালে আদি কথা জানিবলৈ আমি উৎসুক হৈ থাকোঁ ৷ ব্যক্তিগতভাৱে লগ পালে কথাই নাই৷ ফটো এখন উঠিবলৈ সকলোৱে হেতা-ওপৰা লগায় ৷ এয়া যেন মানুহৰ স্বভাৱগত চৰিত্ৰ ৷ মই বেছি চেলিব্ৰিটিক ব্যক্তিগতভাৱে লগ পোৱা নাই  কিন্তু এদিন হঠাতে ঘটনাক্ৰমে মোৰো অসমীয়া চেলিব্ৰিটি এগৰাকীক লগ পোৱাৰ সৌভাগ্য হৈছিল ৷   

সুকৃতি বৰুৱা ৷ বৰ্তমান প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্না প্ৰতিভা ৷ কৰ্মসূত্ৰে বৰ্তমান অসমৰ বাহিৰত থাকোঁ কাৰণে অসমীয়া চিনেমা আৰু সংগীত জগতত কি কি ঘটি থাকে সকলো কথা মোৰ পক্ষে গম পোৱা সম্ভৱ নহয় ৷ সুকৃতি বৰুৱাক মই প্ৰথম দেখিছিলোঁ কেইবছৰমান আগতে কোনোবাই হোৱাটছ এপত পঠোৱা সৰু ভিডিঅ’ এটাত ৷ তেতিয়া চাগে ছোৱালীজনী বিছ-বাইছ বছৰীয়া আছিল ৷ ধাননি পথাৰৰ সন্মুখত জনপ্ৰিয় বিহুগীত এটাৰ তালে তালে তাই নাচিছিল ৷ দেখিলেই ভাল লাগি যোৱা দীপলিপ অসমীয়া ছোৱালী এজনী ৷ সেই ভিডিঅ’টো বাৰে বাৰে চায়ো মোৰ হেপাহ নপলাল ৷ সুকৃতিৰ বেলেগ ভিডিঅ’, ছবি আদিও চাবলৈ মোৰ মন গৈছিল ৷ সেয়েহে এদিন ইনষ্টাগ্ৰামত সুকৃতি বৰুৱা নামটো টাইপ কৰি চালোঁ ৷ বিচাৰি পাবলৈ অকণো কষ্ট নহ’ল ৷ ভবাৰ দৰেই লাখ লাখ মানুহে সুকৃতিৰ ইনষ্টাগ্ৰাম পেজটো ফ’ল  কৰিছে৷ ময়ো পেজটো লাইক কৰি এফালৰ পৰা ফটো আৰু ভিডিঅ’বোৰ চাবলৈ আৰম্ভ কৰিলোঁ ৷ সুকৃতিয়ে কিছুমান অসমীয়া গানৰ ভিডিঅ’, চুটি চিনেমাৰ লগতে ধাৰাবাহিক এখনতো অভিনয় কৰিছে ৷ তাইৰ প্ৰতি কিবা এটা অনামী আকৰ্ষণ অনুভৱ কৰিলোঁ ৷ আজিকালি য়ুটিউবত সুকৃতি বৰুৱাৰ ভিডিঅ’ খুব চাই থাকোঁ ৷ ইমানেই চাওঁ যে এদিন শ্ৰীমতীয়ে সুকৃতি মোৰ নতুন ক্ৰাছ বুলি মোক জোকালে ৷ লগতে এয়াও সোঁৱৰাই দিলে যে সময়ত বিয়াখন হৈ যোৱাহলে মোৰ ছোৱালীও সুকৃতিৰ বয়সৰেই হ’লহেঁতেন ৷ অৱশ্যে এইবোৰ কথাক লৈ আমাৰ কোনো সমস্যা নাই ৷ মোৰ পত্নী টম ক্ৰুজৰ মস্ত অনুৰাগী ৷ ময়ো তেওঁক কেতিয়াবা কেতিয়াবা জোকাওঁ ৷ 

মই সুকৃতিৰ অনুগামী হোৱাৰ পাছত ইতিমধ্যে দুবছৰমান পাৰ হৈ গৈছে ৷ মোৰ কণমানি ছোৱালীজনীয়েও আজিকালি য়ুটিউবত সুকৃতি বৰুৱাৰ গানবোৰ চাই ভাল পায় ৷ সুকৃতি টিভিৰ পৰ্দাত ওলালেই তাই ‘সুক্লিতি বলুৱা’ বুলি কৈ নাচিবলৈ ধৰে ৷ তেওঁৰ প্ৰতি মোৰ অনুৰাগ অকণো কমা নাই ৷ কোনেও নজনাকৈ সুকৃতিক লৈ মই দুই এটা কবিতাও লিখিছোঁ ৷ এদিন ফেচবুকত ছোৱালীজনীৰ প্ৰফাইল চাওঁতে দেখিলোঁ তেওঁৰ বন্ধু তালিকা অনুৰাগীৰে ভৰি থকা নাই৷ খুব সম্ভৱ তেওঁ সকলোৰে বন্ধুত্বৰ অনুৰোধ গ্ৰহণ নকৰে ৷ তেওঁ কিন্তু মোৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট এক্‌ছেপ্ত কৰিলে ৷ ধন্যবাদ জনাই মেছেজ এটা দিছিলোঁ ৷ উত্তৰ নিদিলে ৷ মাজতে ফেচবুকে এদিন সিদিনা সুকৃতিৰ জন্মদিন বুলি জনালে ৷ জন্মদিনৰ শুভেচ্ছা জনাই আগলৈকেও ভাল কাম কৰি যাওক, ভগৱানে সদায় আশীৰ্বাদ কৰক বুলি মেছেজ এটা লিখিলোঁ ৷ মোক আচৰিত কৰি পাছদিনাই তেওঁ মোক আন্তৰিক ধন্যবাদ জনাই উত্তৰ দিলে৷ তাৰ পাছত আৰু কেইমাহমান বাগৰি গৈছে ৷ ইনষ্টাগ্ৰামত সুকৃতিক মই আগৰ দৰেই ফ’লো কৰোঁ ৷ কিয় নাজানো, কিন্তু সুকৃতিয়ে অসংযত কাপোৰ পিন্ধা ফটো আপলোড কৰিলে মনে মনে ক্ষুণ্ণ হওঁ ৷ এয়াই চাগে সাহিত্যিকে কৈ যোৱা অহৈতুকী প্ৰীতি ৷ মই বিচাৰো সুকৃতিজনী সদায় এনেকৈ মৰম লগা ছোৱালী এজনী হৈ থাকক ৷ মৰম-চেনেহ আৰু ভালপোৱাৰ প্ৰতীক হৈ ৰওক ৷ কেতিয়াও কাৰো কোপ দৃষ্টি তাইৰ ওপৰত নপৰক ৷ 

এইজনী সুকৃতিকে হঠাতে লগ পাই গলোঁ নিউয়ৰ্ক চহৰত ৷ নিউয়ৰ্ক য়ুনিভাৰ্ছিটিত অনুষ্ঠিত হোৱা এসপ্তহীয়া কৰ্মশালা এখনৰ কাৰণে আহিছিলোঁ ৷ কৰ্মশালা শুক্ৰবাৰে ৰাতিয়েই শেষ হৈছে কিন্তু মোৰ ঘূৰি যোৱা ফ্লাইটৰ টিকট দেওবাৰে ৰাতিপুৱাহে আছে ৷ নিউয়ৰ্কলৈ আগতেও কেইবাবাৰো আহিছোঁ, কিন্তু এইখন চহৰৰ আকৰ্ষণ মোৰ কাৰণে এতিয়াও শেষ হোৱা নাই ৷ টাইমছ স্কোৱেৰ, চেণ্ট্ৰেল পাৰ্ক, ৰাষ্ট্ৰসংঘৰ হেড কোৱাৰ্টাৰ, লৱাৰ-আপাৰ মেনহাটন, নিউয়ৰ্ক পাব্লিক লাইব্ৰেৰী – তালিকাখন দেখোন শেষেই নহয় ৷ আজি শনিবাৰৰ দিনটো নিউয়ৰ্ক চহৰৰ বিভিন্ন ঠাই ঘূৰি পকি কটাম বুলি ঠিক কৰি ৰাতিপুৱাই হোটেলৰ পৰা ওলাই আহিছোঁ ৷ প্ৰথমেই খোজ কাঢ়িলোঁ হোটেলৰ অদূৰত অৱস্থিত ছেপ্টেম্বৰ ১১ স্মৃতিসৌধৰ ফালে ৷ ফটোগ্ৰাফীত মোৰ আগৰ পৰাই চখ৷ গতিকে লগত কেমেৰাও লৈ আহিছোঁ৷ সময় এতিয়া চাৰে দহ৷ সদ্যহতে পূৰ্বৰ ৱৰ্ল্ড ট্ৰেড চেম্টাৰৰ টুইন টাৱাৰৰ ঠাইত নতুনকৈ নিৰ্মাণ কৰা ৱান ৱৰ্ল্ড টাৱাৰৰ সন্মুখত ৰৈ ফটো তুলিছোঁ ৷ ঠাইখন পৰ্যটকেৰে ভৰি আছে ৷ বিভিন্ন দেশৰ বিভিন্ন বেশভূষাৰ মানুহ চাই মোৰ ভাল লাগে ৷ তেনেকৈ চাই থাকোঁতে পৰিয়াল এটালৈ চকু গল ৷ পৰিয়ালটোৰ দেউতাক যেন লগা মানুহজনে তেওঁলোকৰ ফটো এখন তুলি দিব পাৰিম নেকি সুধিলে ৷ কথা পাতি গম পালোঁ তেওঁলোক স্পেইনৰ ভেলেঞ্চিয়া চহৰৰ পৰা আমেৰিকালৈ ফূৰিবলৈ আহিছে ৷ তেওঁলোকে মোক ধন্যবাদ জনাই আঁতৰি যোৱাৰ পাছতেই অন্য এটি দম্পতীয়ে সেই একেই অনুৰোধ কৰিলে মোক ৷ ফটো তুলি দিয়াৰ পাছত তেওঁলোকৰ লগত দুই মিনিটমান কথা পাতিলোঁ ৷ তেওঁলোক নাইজেৰিয়াৰ, বৰ্তমান ফ্লৰিডাৰ মায়ামি চহৰত নিগাজীকৈ থাকে ৷ মই পুনৰ ঠাইখনৰ, মানুহবোৰৰ ফটো তুলিবলৈ আৰম্ভ কৰিলোঁ ৷ তেতিয়াই হঠাতে শুনিলোঁ – এক্সিউজ মী ৷ ঘূৰি চাই দেখিলোঁ এজনী ছোৱালী ৷ মোৰ দৰে তায়ো আপোন মনে ফটো তুলিছে ৷ মই চাগে নিজে গম নোপোৱাকৈ তাইৰ সন্মুখতে থিয় হৈছিলোঁ ৷ ছোৱালীজনীৰ মুখলৈ চাই মোৰ গাটো চিৰিংকৈ উঠিল ৷ এয়া সুকৃতি বৰুৱা নহয়নে ? কেতিয়াও লগ নোপোৱাকৈ মোৰ মনত প্ৰভাৱ পেলোৱা ছোৱালীজনী ৷ তাই বাৰু নিউয়ৰ্কত কি কৰিছে ? পাতল নীলা ৰঙৰ জীনছ আৰু হাত দীঘল ক’লা টপ এটা পিন্ধিছে তাই ৷ ক’লা দীঘল চুলিকোছা খুলি ৰাখিছে ৷ কপালৰ সামান্য ওপৰত হেডবেণ্ড এডাল মাৰিছে তাই ৷ পিঠিত ট্ৰেভেলাৰ্ছ বেগ এটা ৷  এইবাৰ তাই মোৰ ফালে চালে ৷ হাতৰ ফোনটো মোৰ ফালে আগবঢ়াই দি ফটো দুখনমান তুলি দিব পাৰিম নেকি সুধিলে ৷ কেইবাখনো ফটো তুলিলোঁ ৷ সুকৃতিৰ সৰহ ভাগ পজেই মোৰ চিনাকি কিয়নো ইনষ্ট্ৰাগ্ৰামত তেনে ধৰণৰ ফটোবোৰ দেখিয়েই থাকোঁ ৷ মোক অশেষ ধন্যবাদ জনাই ফোনটো লবলৈ হাতখন মোৰ ফালে আগবঢ়াই দিয়াৰ সময়তেই মই সুধিলোঁ – ইউ আৰ সুকৃতি বৰুৱা ৷ ৰাইট ?  

এক মুহূৰ্তৰ কাৰণে সুকৃতিয়ে যেন চক খালে ৷ তাৰ পাছতেই চিনাকি হাঁহিটো তাইৰ মুখত জিলিকি উঠিল ৷ মই তাইক কেনেকৈ চিনি পাওঁ সুধিলে ৷ অসমীয়াতে মই আৰম্ভ কৰিলোঁ ৷ নিজৰ বিষয়ে চমুকৈ কলোঁ ৷ আজি নিউয়ৰ্ক চহৰখন ঘূৰি কাইলৈ ৰাতিপুৱাই ঘৰলৈ যাম বুলিও কলোঁ ৷ সুকৃতিয়েও নিজৰ বিষয়ে ক’লে ৷ তাই হেনো তিনি সপ্তাহৰ কাৰণে আমেৰিকালৈ ফুৰিবলৈ আহিছে ৷ সুকৃতিৰ পেহীয়েক নিউয়ৰ্কৰ সমীপৱৰ্তী কানেকটিকাট প্ৰদেশৰ ষ্টেমফ’ৰ্ড চহৰত থাকে ৷ আজি তাইৰ লগত পেহীয়েকো নিউয়ৰ্ক চহৰলৈ অহাৰ কথা আছিল ৷ কিন্তু পেহীয়েকৰ কিবা এটা অসুবিধা হোৱাৰ কাৰণে সুকৃতি অকলেই আহিব লগা হ’ল ৷ ৰাতিপুৱা এমট্ৰেক ট্ৰেইনত গ্ৰেণ্ড চেণ্ট্ৰেল ষ্টেচনলৈ আৰু  তাৰ পৰা চাবৱে ট্ৰেইনত ইয়ালৈ আহিছে ৷ কেইমাহমান আগতে সুকৃতিয়ে অসমীয়া চেনেল এটাক দিয়া সাক্ষাৎকাৰ এটা কথা মোৰ মনত পৰিল ৷ সুকৃতিক সোধা হৈছিল তাই কোন ঠাইলৈ ফুৰিবলৈ যাবলৈ ভাল পাব ৷ উত্তৰত তাই নিউয়ৰ্ক চহৰৰ কথা উল্লেখ কৰিছিল ৷ তাইৰ হেনো সৰুৰ পৰা মন আছে এবাৰ চহৰখন সচক্ষে চোৱাৰ ৷ মোৰ প্ৰতি সুকৃতিৰ পৰৱৰ্তী প্ৰশ্ন - আমি দুইজনেই যিহেতু অকলে আহিছোঁ, দুয়ো একেলগে ঘূৰিব পাৰিম নেকি ? মই ভালেই পালোঁ ৷ সুকৃতিয়ে ষ্টেচ্যু অৱ লিবাৰ্টি, এম্পায়াৰ ষ্টেট বিল্ডিং, টাইমছ স্কোৱেৰ, চেণ্ট্ৰেল পাৰ্ক, ৰকফেলাৰ চেণ্টাৰ আদি জনপ্ৰিয় পৰ্যটকস্থলী কেইখনমানলৈ যোৱাৰ ইচ্ছা আছে বুলি ক’লে ৷ তাৰ পাছত মুখত কৌতুকৰ হাঁহি এটা ফুটাই মই তাইৰ ফটো মাজে মাজে লৈ দিব লাগিব বুলিও ক’লে ৷ ইনষ্ট্ৰাগ্ৰামত সুকৃতিয়ে পষ্ট কৰা কিছুমান হাঁহি উঠা ৰীলৰ জৰিয়তে তাইৰ সেই হাঁহিটোও মোৰ চিনাকি ৷ 

আমি কথা পাতি থকাৰ মাজতেই ভাৰতীয় যেন লগা দুজন ল’ৰা ওচৰলৈ আহিল ৷ সিহঁতে সুকৃতিৰ ফালে ফোন এটা আগবঢ়াই দি ফটো এখন তুলি দিবলৈ ক’লে ৷ তাৰ পাছতে সিহঁতে তাইক দুটামান অবান্তৰ প্ৰশ্ন সুধিলে ৷ সুকৃতিয়ে নাজানে কাৰণে উত্তৰকেইটা মই দিব লগা হ’ল ৷ মোৰ মনে মনে হাঁহি উঠিল ৷ মই মুখ ফুটাই ক’লো– সিহঁতে তোমাক চেনি দিছে ৷ তাই হাঁহি হাঁহি বাগৰি পৰাৰ উপক্ৰম হ’ল ৷ হাঁহিলে সুকৃতিক ইমান ধুনীয়া দেখি ! মই মন কৰিলোঁ, ওচৰ পাজৰৰ মানুহ কিছুমানেও তাইৰ ফালে ৰ লাগি চাইছে ৷ কাষেৰে পাৰ হৈ যোৱা আমেৰিকান মহিলা এজনীয়ে তাইক কৈ গল– “ইউ আৰ ছ বিউটিফুল”৷ সময়ত বিয়া হ’লে মোৰ ছোৱালী সুকৃতিৰ সমবয়সীয়া হ’লহেঁতেন বুলি মোৰ শ্ৰীমতীয়ে কোৱা কথাষাৰ মনলৈ আহিছে, তথাপি সুকৃতিৰ লগত ঘূৰি ফুৰিবলৈ পাই মই যেন মনে মনে গৰ্বতে ফুলি উঠিলোঁ ৷ ভাবিলোঁ অলপ পাছত ঘৰলৈ ফোন এটা কৰিম আৰু সুকৃতিক শ্ৰীমতীৰ লগত কথা পতাই দিম ৷ 

তাৰ পাছত ইফালে সিফালে অলপ ঘূৰিলোঁ৷ এমাজন গ ষ্টৰ, নিউয়ৰ্ক ষ্টক এক্সেঞ্জ, ৱালষ্ট্ৰীট আদিত অলপ ঘূৰিলোঁ ৷ মোৰ কেমেৰাৰে ফটো তুলিম বুলি প্ৰস্তাৱ দিছিলোঁ ৷ কিন্তু সুকৃতিয়ে তাইৰ ফোনেৰে ফটো লোৱাৰহে পোষকতা কৰিলে ৷ ৱালষ্ট্ৰীটত থকা ফিয়াৰলেছ গাৰ্লৰ মূৰ্তিৰ সন্মুখত তাইৰ সৰু ভিডিঅ’ এটাও ল’লোঁ ৷ কিবা এটা ৰীল প্ৰস্তুত কৰিব হেনো ৷ তাতেই তাই মই ইতিমধ্যে তুলি দিয়া ফটোবোৰ চালে৷ ফটোবোৰ ভাল হৈছে হেনো ৷ মোৰ সৈতে ফটো এখন লোৱাৰ প্ৰস্তাৱ দিলে ৷ সেই সময়তে পৰ্যটক যেন লগা ছোৱালী এজনী আমাৰ কাষ পালেহি ৷ আমি কিবা কোৱাৰ আগতে সেই ছোৱালীজনীয়ে নিজেই আমাৰ ফটো এখন লৈ দিয়াৰ প্ৰস্তাৱ দিলে ৷ সুকৃতি আৰু মোৰ ফোন দুইটাই আগবঢ়াই দিলোঁ ৷ তাৰ পাছত মই সুকৃতিৰ ফোনেৰে সিহঁত দুজনীৰো একলগে ফটো এখন তুলিলোঁ ৷

ষ্টেচু অৱ লিবাৰ্টি নামৰ বিশাল মূৰ্তিটো নিউয়ৰ্ক আৰু নিউজাৰ্চিৰ মাজৰ আপাৰ বে নামৰ সাগৰৰ অংশ এটাত থকা লিবাৰ্টি আইলেণ্ডত অৱস্থিত৷ সেই ঠাইলৈ মেনহাটানৰ পৰা জাহাজত যাব লাগে৷ পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বাণিজ্যিক কেন্দ্ৰ ৱাল ষ্ট্ৰীটৰ নিচেই কাষতেই সেই বন্দৰটো৷ জাহাজৰ টিকেটৰ কাৰণে এঘণ্টামান লাইনত থিয় হব লগা হ’ল৷ সেই সময়খিনিত আমি বিভিন্ন কথা পাতিলোঁ৷ মোৰ পৰিয়াল, মই কি কাম কৰোঁ আদি বহুত কথা সুধিলে৷ ময়ো কিছুমান কথা সুধিলোঁ৷ একো সংকোচ নকৰাকৈ সুকৃতিয়ে উত্তৰবোৰ দি গল৷ মাজতে সুকৃতিৰ এটা প্ৰশ্নত মই আচৰিত হ’লো৷ তাই মোক সুধিছে  – “আপোনালোক জীৱনত বহুত সুখী, নহয় নে ?” সেই প্ৰশ্নটোৰ উত্তৰ মই ভবা নাই কেতিয়াও৷ নিজৰ কামত ব্যস্ত থাকোঁ, নিজৰ পৰিয়াল এটা আছে, অসমতো পৰিয়াল আছে, চাকৰি এটা আছে, কাৰো ওচৰত হাত নপতাকৈ চলি আছোঁ, পৰিবাৰৰ লগত কোনো সংঘাত নাই৷ সেয়াই যদি সুখী পৰিয়ালৰ সংজ্ঞা মই নিশ্চয় সুখী৷ মই সুকৃতিক সুধিলোঁ তাই সুখী নহয় নেকি? অলপ সময়ৰ কাৰণে তলমূৰ কৰি তাই নিৰুত্তৰ হৈ ৰ’ল৷ অলপ পাছত মোৰ ফালে চাই তাই ম্লান হাঁহি এটা মাৰিলে৷ এক মিনিট আগলৈকে হাঁহিৰে মুকুটা মণি সৰোৱাই থকা সুকৃতিৰ চকুদুটা এতিয়া সজল৷ 

-          আমাৰ দৰে তথাকথিত চেলিব্ৰিটিৰ জীৱন শুনিবলৈহে ভাল৷ চিনেমা, গান আদিৰ শ্বুটিঙৰ বাহিৰৰ সময়তো আমি অভিনয় কৰি থাকিবলগীয়া হয়৷ আপুনি নাজানিবও পাৰে, সামাজিক মাধ্যমত মোৰ লাখ লাখ ফ’লোৱাৰ আছে৷ মোক প্ৰেমৰ প্ৰস্তাৱ দিয়া ডেকা, বুঢ়াৰ অভাৱ নাই৷ কিন্তু মোৰ অন্তৰখন কিমান খালী সেয়া হয়তো কোনেও নাজানে৷ আপোন ঘৰত সৰুৰে পৰাই মই মা-দেউতাৰ মাজত অশান্তি দেখি দেখি ডাঙৰ হৈছোঁ৷ মোৰ দাদা আৰু বৌৰ যোৱা কেইবামাহ ধৰি মা-দেউতাৰ লগত মাতবোল নাই৷ পাঁচজন সদস্যৰ ঘৰখনত কেতিয়াবা দিনটোৰ চৌবিছ ঘণ্টা কাৰো লগত এষাৰ কথা নপতাকৈ পাৰ হৈ যায়৷ ভাত ৰন্ধা, ঘৰ চাফা কৰা আদি যাৱতীয় কাম কৰিবলৈ ঘৰত মানুহ আছে৷ কোনো কামেই নিজে কৰিবলগীয়া নহয়৷ কিন্তু ঘৰত কোনো আলহী নথকাকৈ আমি পাঁচজনে শেষবাৰ কেতিয়া একেলগে বহি এসাঁজ খাইছিলোঁ মোৰ মনতেই নাই৷ পাৰ্টী, চাহ বাগিছা, চিনেমা নিৰ্মাণ কৰা আদি কামতেই ঘৰৰ মানুহবোৰ ব্যস্ত৷ মই কি কৰো, কি বিচাৰো সেয়া খবৰ লবলৈ কাৰো আহৰিয়েই নাই৷ কেতিয়াবা মোৰ নিজকে শেষ কৰিব দিবলৈ মন যায়৷ 

মই চক খাই উঠিলোঁ৷ ইমান প্ৰাণোচ্ছল ছোৱালীজনীৰ অন্তৰখন ইমান দুখেৰে ভৰি আছে ! সুকৃতিৰ মনটো ভাল লগাবলৈ মই কি কোৱা উচিত হ’ব ধৰিব নোৱাৰিলো৷ অৱশ্যে তাই খন্তেক সময় পাছতেই আগৰ দৰে হৈ পৰিল৷ এতিয়া মোৰ ফালে চাই তাই হাঁহি এটা মাৰিছে, কিন্তু তাইৰ সোঁচকুৰ কোণত জিলিকি উঠা চকুপানী টোপাল মই ঠিকেই দেখিলোঁ৷ তাই ফোনটো উলিয়াই ছবি ল’বলৈ আৰম্ভ কৰিলে৷ মাজতে চিগল চৰাই কেইটামান উৰি আহি কাষতে পৰিল৷ সিহঁতে কিবা খাদ্য বস্তু লৈ কাজিয়া কৰিছে৷ চৰাইকেইটাৰ ভিডিঅ’ লৈ লৈ সুকৃতি সিহঁতৰ কাষ চাপি যোৱাত চৰাইকেইটাই ভয় খাই উৰি গুচি গ’ল৷   

লিবাৰ্টি আইলেণ্ডলৈ যোৱা জাহাজ এখনৰ শেষৰ চিট দুটা আমি পালোঁ৷ সুকৃতি অৱশ্যে জাহাজত বহি নাথাকিল৷ তাই ভিডিঅ’ এটা লৈছে৷ “এয়া আমি ষ্টেচু অৱ লিবাৰ্টি চাবলৈ গৈ আছোঁ৷ মোৰ লগত আছে – “মোৰ চিনাকি দি প্ৰথমতে নিজৰ তাৰ পাছত মোৰ ভিডিঅ’ ল’লে৷ তাৰ পাছত তাই নিউয়ৰ্কৰ মেনহাটানৰ সুউচ্চ অট্টালিকা শাৰীৰ ভিডিঅ’ লবলৈ ধৰিলে৷ লিবাৰ্টি আইলেণ্ডত ভৰি দিয়েই সুকৃতিয়ে ভোক লগা বুলি ক’লে৷ মোৰো ভোক লাগিছিল৷ তাতেই আমি বাৰ্গাৰ, ফ্ৰাই আৰু কল্ড ড্ৰিংকচ একোটাকৈ ল’লো৷ সুকৃতিয়ে খাদ্যখিনিৰো ফটো ল’লে৷ খাই বৈ উঠি আমি লিবাৰ্টি আইলেণ্ড ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিলোঁ৷ লেডী লিবাৰ্টিৰ মুকুটলৈ উঠিলোঁ৷ মূৰ্তিটোৰ বিভিন্ন দিশৰ পৰা সুকৃতিৰ অসংখ্য ফটো তুলিলোঁ৷ মই নিজেই আচৰিত যে মোৰ অকণো আমনি লগা নাই৷ ঘূৰি ঘূৰি ভাগৰ লাগি অৱশেষত দুয়ো বেঞ্চ এখনত বহিলোঁ৷ নিউয়ৰ্ক মহানগৰী এতিয়া আমাৰ পিছফালে৷ সুকৃতিয়ে বেঞ্চখনৰ তলত কিবা এটা দেখি বুটলি আনি মোক দেখুৱালে৷ সেয়া দুটা কোৱাৰ্টাৰ মানে আমেৰিকান পঁচিছ চেণ্টৰ মুদ্ৰা৷ “আপুনি এটা লওক, ময়ো এটা লও৷ চুভেনিয়াৰ৷ ” – বুলি কৈ সুকৃতিয়ে হাঁহি এটা মাৰি এটা মুদ্ৰা মোৰ ফালে আগবঢ়াই দিলে৷ মোৰো হাঁহি উঠিল৷ মুদ্ৰাটোত অলপ বালি লাগি আছে৷  সেই ভাগেই মুদ্ৰাটো মই পকেটত ভৰালোঁ৷ অকণমান সময়ৰ পাছত পঞ্জাৱী পৰিয়াল এটা আমাৰ ফালে আগবাঢ়ি আহি থকা দেখিলোঁ৷ মোৰ ফোনটো আগবঢ়াই দি সুকৃতি আৰু মোৰ ফটো এখন তুলি দিবলৈ মানুহজনক অনুৰোধ কৰিলোঁ৷ সুকৃতিয়ে তাইৰ ফোনটোৱো আগবঢ়াই দিলে৷ আমাৰ ধন্যবাদৰ প্ৰত্যুত্তৰত ‘ইউ আৰ মোষ্ট ৱেলকাম’ বুলি কৈ মানুহজনে ফোন দুটা আমাৰ ফালে আগবঢ়াই দিলে৷ তাৰ পাছত হাঁহি এটা মাৰি তেওঁ পুনৰ ক’লে – গৰ্জিয়াছ ওৱেডাৰ৷ বতৰটো সঁচাকৈয়ে বৰ ধুনীয়া আছিল৷ আমাৰ ফটোখন চাই সুকৃতিয়ে ক’লে তাই হেনো ফটোখন “বিদেশত আপোন মানুহ” বুলি শিৰোনাম দি পোষ্ট কৰিব৷

       হঠাতে সুকৃতি সচকিত হৈ পৰিল৷ তাই বাৰে বাৰে মোৰ ফোনটোৰ ফালে চাইছে৷ মই আচৰিত হৈ সুধিলোঁ কি হৈছে৷ তাই একো কোৱা নাই৷ তাই মোৰ পৰা অলপ দূৰলৈ গুচি গ’ল৷ কিবা এটা শব্দ ভাহি আহিছে৷ হয়, ফোনটো ৰিং হৈছে৷ মোৰ পত্নীৰ ফোন৷ কিন্তু বাৰে বাৰে চেষ্টা কৰিও ফোনটো ৰিচিভ কৰিব পৰা নাই৷ কি হৈছে মই ধৰিব পৰা নাই৷ তেতিয়াই মোৰ চকু দুটা মেল খালে৷ ক’লৈ গল সুকৃতি ? বাকী মানুহবোৰ৷ বুজিবলৈ মোৰ অলপ সময় লাগিল৷ মই হোটেলৰ বিচনাতেই আছোঁ৷ মই ইমান সময়ে আচলতে সপোনহে দেখি আছিলোঁ৷ এতিয়া ৰাতিপুৱা ন বাজিবৰ হৈছে৷ ফোনটো উঠালোঁ৷ ইমান সময়ে মই কিয় ফোন কৰা নাই মোৰ পত্নীয়ে কৈফিয়ৎ বিচাৰিছে৷ মই সাৰ নোপোৱা বুলি কলোঁ৷ তাৰ পাছত দুই এটা গতানুগতিক কথা৷ হঠাতে মোৰ পৰিবাৰে সুধিলে মই আজি ফেইচবুক চোৱা নাই নেকি ? মই সাৰ পাইছোঁহে৷ আচলতে কালি ৰাতিও কৰ্মশালাৰ পৰা আহি ইমান ভাগৰ লাগিছিল যে ঘৰলৈ ফোন এটা কৰি মই শুই গৈছিলোঁ৷ ফেইচবুক, ইমেইল একো চোৱাই নহ’ল৷

-          তাৰ মানে তুমি খবৰটো পোৱা নাই৷

-          কি খবৰ ? কি হ’ল ?

-          ফেইচবুক, হোৱাটছএপ সকলোতে আজি এই খবৰটো ঘূৰি আছে৷

-          কি খবৰ কোৱা না৷

-          আই এম চ’ৰী৷ মই তোমাক খবৰটো দিবলগীয়া হোৱা কাৰণে৷ তোমাৰ ফেভাৰিট সুকৃতি বৰুৱাই কালি ৰাতি নিজৰ বেডৰুমত চিপজৰী লৈ আত্মহত্যা কৰিলে৷

-          হোৱাট ??

-          হয়৷ সকলো আচৰিত হৈছে৷ পুলিচে তাইৰ কোঠাৰ পৰা চুইচাইদ নোট এটাও উদ্ধাৰ কৰিছে৷ মৃত্যুৰ বাবে কোনো দায়ী নহয় বুলি হেনো লিখি থৈ গৈছে৷ ইমান বেয়া লাগিছে মোৰ৷ কিয় যে তেনে কাম কৰা মানুহবিলাকে৷ ভিতৰি ভিতৰি তাই দুখী আছিল চাগে৷ ইমান প্ৰতিভাশালী ছোৱালীজনীয়ে নিজকে কিয়নো শেষ কৰি পেলালে?

তাৰ পাছত দুই এটা কথা পাতি ফোন ৰাখিলোঁ৷ মোৰ মনটো অশান্ত হৈ পৰিল৷ ফেইচবুক খুলিলোঁ৷ হয় – সুকৃতিৰ খবৰেৰে ফেইচবুক ভৰি আছে৷ ইমান প্ৰতিশ্ৰুতিসম্পন্না অভিনেত্ৰী গৰাকীক হেৰুৱাই সকলো ম্ৰিয়মান৷ প্ৰায় সকলোৱে শ্ৰদ্ধা নিবেদন কৰিছে৷ আত্মহত্যা কোনো সমস্যাৰে সমাধান নহয় বুলি বহুতেই মত পোষণ কৰিছে৷ বহুতেই ফটো এখন শ্বেয়াৰ কৰিছে৷ দুজনী বান্ধৱীৰে সৈতে কালি সন্ধিয়া সুকৃতি হেনো কোনোবা ৰেষ্টোৰাঁলৈ গৈছিল৷ তাতেই তোলা ফটোখন দেখি মই চক খাই উঠিলোঁ৷ মই সপোনত দেখা সুকৃতিয়ে পিন্ধি থকা কাপোৰযোৰেই পিন্ধি আছে৷ লাইট ব্লু জীনছ, হাত দীঘল ক’লা টপ,  দীঘল চুলিকোচা মেলা আৰু কপালৰ সামান্য ওপৰত হেডবেণ্ড এদাল৷ তাইৰ হাতত থকা ফোনটোৱো হুবহু একে৷ মূৰে কপালে হাত দি বহি ৰ’লো মই কিছু সময়৷ এয়া কেনেকৈ সম্ভৱ ? মই অস্থিৰ হৈ পৰিলোঁ৷ হোটেলৰ ৰুমত বহি থাকিব নোৱাৰা হ’লো৷ বাহিৰলৈ গলে ভাল লাগিব বুলি ওলাই গ’লো৷ খোজ কাঢ়ি কাঢ়ি মই নিজে উপলব্ধি নকৰাকৈ মই ছেপ্টেম্বৰ ১১ স্মৃতি সৌধ পালোগৈ৷ সময় এতিয়া চাৰে দহ বাজিবৰ হৈছে৷ ইয়াতেই ক’ৰবাত সপোনত মই সুকৃতিক লগ পাইছিলোঁ৷ মই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে ৰাতি সপোনত দেখা সুকৃতিজনী এই মুহূৰ্তত পৃথিৱীত নাই৷ হঠাতে মোৰ চকু ডাঙৰ হৈ গল৷ মোৰ ফালে আহি থকা সেয়া স্পেইনৰ পৰিয়ালটো নহয় নে ? দেউতাক যেন লগা মানুহজনে তেওঁলোকৰ ফটো এখন তুলি দিবলৈ অনুৰোধ কৰিলে৷ কথা পাতি গম পালো তেওঁলোকৰ ঘৰ স্পেইনৰ ভেলেঞ্চিয়াত৷ তাৰে ঠিক পাছতেই সেই নাইজেৰিয়ান দম্পতীহাল৷ তেওঁলোককো ফটো লৈ দিলোঁ৷ তাতেই মই ৰৈ থাকিলোঁ কিছুসময়৷ হয়তো আশা কৰিছিলোঁ সুকৃতি বৰুৱা আৱিৰ্ভাৱ হওক৷ কিন্তু নাই, সুকৃতি নাহিল৷ অলপ পাছত সপোনত দেখা সেই ভাৰতীয় যেন লগা ল’ৰা দুজনক দেখিলোঁ৷ সিহঁতে কিন্তু মোৰ ফালে নাচালেই৷ গোটেই ঘটনাটো কিবা প্ৰহেলিকা প্ৰহেলিকা যেন লাগিছে৷ কেবাবাৰো মই নিজকে চিকুটি চাইছোঁ৷ নাই, মই সপোন দেখা নাই৷

       অনাই বনাই ইফালে সিফালে ঘূৰি ফুৰি কেতিয়া ৱাল ষ্ট্ৰীট পালোগৈ গমেই নাপালোঁ৷ ফিয়াৰলেছ গাৰ্লৰ মূৰ্তিৰ কাষত থিয় হৈ মই ইফালে সিফালে চালোঁ৷ মোৰ চকুৱে যেন সেই পৰ্যটকজনীৰ সন্ধান কৰিছে৷ মই ভবাৰ দৰেই তাইৰ আৱিৰ্ভাৱ হ’ল৷ তাইৰ অনুৰোধ মৰ্মে মই ফটো এখন তুলি দিলোঁ৷ তাৰ পাছত মন্ত্ৰমুগ্ধ মানুহ এজনৰ দৰে বন্দৰলৈ গৈ ষ্টেচু অৱ লিবাৰ্টিলৈ যাবলৈ টিকেটৰ শাৰীত থিয় হ’লো৷ কিছুসময় থিয় হোৱাৰ পাছত সপোনত দেখাৰ দৰেই চিগলৰ জাক এটা কাষতে আহি পৰি কোৰ্হাল কৰিবলৈ ধৰিলে৷ আজি সিহঁতক খেদিবলৈ কোনো নাই৷ তাৰ পাছত লিবাৰ্টি আইলেণ্ড অভিমুখী জাহাজত উঠিলোঁ৷ অনুমান কৰাৰ দৰেই শেষৰ ছিটটো মোৰ৷ আচৰিত ভাবে কাষৰ চিটটো খালী হৈ থাকিল৷ লিবাৰ্টি আইলেণ্ডত নামি সেই একেখন দোকানৰ পৰাই মই বাৰ্গাৰ, ফ্ৰাই আৰু ড্ৰিংক কিনিলোঁ৷ খাদ্যখিনি লৈ আহি সেই একে ঠাইতে মই বহিলোঁ৷ মোৰ সন্মুখৰ ছিটটো খালী৷ বাৰে বাৰে মোৰ ভাব হ’ল সুকৃতি যেন তাতেই বহি আছে আৰু মোক লক্ষ্য কৰি আছে৷ সুকৃতিৰ সৈতে সপোনত যিবোৰ ঠাইলৈ গৈছিলোঁ সেই ঠাইবোৰলৈ গ’লো৷ বুজাব নোৱাৰিম, কিন্তু মই বাৰে বাৰে তাইৰ উপস্থিতি অনুভৱ কৰিলোঁ৷ ঘূৰি ঘূৰি ভাগৰ লাগি সেই একেখন বেঞ্চৰ ফালে আগবাঢ়ি গলোঁ৷ তাতে বহি চকুদুটা বন্ধ কৰি অলপ সময় বহি থাকিলোঁ৷ কি হৈছে মোৰ ? সুকৃতি সঁচাকৈয়ে মোৰ ওচৰলৈ আহিছিল নেকি? যদি সঁচাকৈয়ে আহিছিল - কিয় আহিছিল? তাৰ উত্তৰ কেতিয়াবা পামনে? চকুদুটা মেলিলোঁ৷ সপোনত দেখাৰ দৰে সেই পঞ্জাৱী পৰিয়ালটো এতিয়া মোৰ ফালে আহি আছে৷ স্বয়ংক্ৰিয়ভাৱে ফোনটো দেউতাক যেন লগা মানুহজনৰ ফালে আগবঢ়াই দি ফটো এখন তুলি দিবলৈ অনুৰোধ কৰিলোঁ৷ তেওঁক ধন্যবাদ জনোৱাৰ পাছত তেওঁ “য়ু আৰ মোষ্ট ৱেলকাম” বুলি কলে৷ মই জানো  তেওঁ তাৰ পাছত কি ক’ব৷ আশা কৰা ধৰণেই তেওঁ কৈ উঠিল – “গৰ্জিয়াছ ওৱেদাৰ”৷

       কাৰোবাক কথাটো ক’লে বিশ্বাস কৰিবনে? মই নিশ্চিত যে কোনেও বিশ্বাস নকৰে৷ আনকি মোৰ পৰিবাৰেও বিশ্বাস নকৰিব৷ মোৰ হাতত যে একো প্ৰমাণ নাই সপোনৰ কথা এটা মনত পৰিল৷ মই নিশ্চিত যে বেঞ্চখনৰ তলত দুটা পঁচিছ চেণ্টৰ মুদ্ৰা পৰি আছে৷ তললৈ চালোঁ৷ কিন্তু আচৰিত – দুটা নহয়৷ তাত এটা মুদ্ৰাহে পৰি আছে৷ মোৰ স্পষ্টকৈ মনত আছে সুকৃতিৰ হাতত দুটা মুদ্ৰা আছিল৷ এটা তাই মোক দিছিল আৰু আনটো নিজৰ বেগত ভৰাইছিল৷ সেইটো মুদ্ৰা হাতত লৈ কিছুসময় বহি থাকিলোঁ৷

       হঠাতে কথা এটা মনত পৰি চক খাই উঠিলোঁ৷ থিয় হৈ মই পেণ্টৰ পকেটত হাত ভৰালোঁ৷ ঠিকেই অনুমান কৰিছিলোঁ৷ মোৰ পকেটত এটা পঁচিছ চেণ্টৰ মুদ্ৰা৷ সেই মুদ্ৰাটো মই কেতিয়াও পকেটত ভৰোৱা নাই বুলি মই নিশ্চিত৷ মুদ্ৰাটোত এতিয়াও অলপ অলপ বালি লাগি আছে৷ বেঞ্চখনত বহি লৈ এইবাৰ ফোনটো খুলি ছবিবোৰ চাবলৈ ল’লোঁ৷ প্ৰথম ছবিখন অলপ আগতে পঞ্জাবী ভদ্ৰলোকজনে তুলি দিয়া ফটোখন৷ মোৰ পিছফালে মেনহাটানৰ অট্টালিকাৰ শাৰী৷ পৰৱৰ্তী ফটোখন??? এই বেঞ্চখনতে মোৰ ফটো এখন৷ একেই বেকগ্ৰাউণ্ড৷ কিন্তু মোৰ কাষত চিনাকি হাঁহিটোৰে সৈতে সেয়া সুকৃতি বৰুৱা বহি আছে৷ কথমপিহে ফোনটো মোৰ হাতৰ পৰা সৰি নপৰিল৷ পৰৱৰ্তী ফটোখন চালোঁ – সেয়া ফিয়াৰলেছ গাৰ্লৰ মূৰ্তিটো মাজত লৈ সুকৃতি আৰু মোৰ অন্য এখন ফটো৷

মেডিচনভিল, কেণ্টাকী

আমেৰিকা যুক্তৰাষ্ট্ৰ

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ