অসীম তালুকদাৰ
মানুহজনে লাহে লাহে খোজ কাঢ়িছে। পিন্ধনত তেওঁৰ শুদ্ধ বগা কাপোৰ এসাজ। অবিন্যস্ত একোচা চুলি আৰু খালী ভৰিৰে মানুহজনক বহুত ভাগৰুৱা দেখিছে। ঠাইখন তেওঁৰ একেবাৰে অচিনাকি। সমগ্ৰ পৃথিৱী ভ্ৰমণ কৰিছে, কিন্তু এনে ধৰণৰ ঠাই এখন পূৰ্বতে দেখা মনত নাই। কাহিলি পুৱাৰ সময় । পূৰ্বাকাশত দিনমণিৰ আগমনৰ আভাস পাই পৰিবেশটো ব্যস্ত হৈ পৰিছে ।
ৰাস্তাটোৰ দুইফালে ধাননি পথাৰ। এফালে খেতি উভৈনদী
হৈ পৰিছে। ধানৰ ভৰত পুলিবোৰ হালি হালি পৰিছে। সূৰ্যৰ প্ৰথম কিৰণত হালধীয়াখিনি বেছি
মায়াময় হৈ উঠিছে। ধানখেতিৰ পৰা নাতি দূৰত সেউজীয়া পাহাৰ এখন। আনটো ফালৰ সমগ্ৰ পথাৰখন
চকু ৰৈ যোৱা ধৰণে সেউজীয়া। নতুনকৈ ভূঁই ৰুইছে। একে সময়তে সেয়া কেনেকৈ সম্ভৱ ? মানুহজনৰ মনত প্ৰশ্ন জাগিল। কিন্তু বিশেষ চিন্তা নকৰাকৈ তেওঁ পুনৰ খোজ ল’লে। অকণমান গৈয়েই মানুহজন থমকি ৰ’ল । ধাননি পথাৰত
চৰাইৰ কোৰ্হাল । সেইবোৰ টুনী চৰাই নহয়নে ? মানুহজনে বহুত
দিন টুনী চৰাই ওচৰৰ পৰা দেখা নাই ! তেওঁ চৰাইবোৰৰ
কাষলৈ সাৱধানে খোজ ল’লে । তেওঁ ভাবিছিল চৰাইবোৰে চাগে ভয় খাই উৰি যাব । সিহঁতে সামান্য সন্দিহান হৈ মানুহজনক চাইছে । কিন্তু একেবাৰে ভয় খোৱা যেন লগা নাই । উৰি যোৱা দূৰৰ কথা, মানুহজনক আচৰিত কৰি কেইটামান চৰাই উৰি আহি গাতে পৰিল । সিহঁতে যেন কিবা কবলৈ বিচাৰিছে। অমাতৰ মাতেৰে সিহঁতে স্বাগতম জনাইছে বুলি মানুহজন
নিশ্চিত হ’ল । চৰাইকেইটা খন্তেক পাছতে উৰি গুচি গ’ল। মানুহজনে তাতে ঠিয় হৈ দীঘলকৈ উশাহ এটা ল’লে। ভৰ খেতিৰ এই গোন্ধটো শেষবাৰ কেতিয়া পাইছিল তেওঁৰ একেবাৰে মনত নাই । অকল
সেয়াই নে ? মানুহজনৰ যে একো কথা মনত পৰা নাই । তেওঁৰ নাম কি, ক’ত ঘৰ, কেনেকৈ ইয়ালৈ
আহিল একোৱেই দেখোঁ মনত পৰা নাই ।
কিছুসময় খোজ কঢ়াৰ পাছত দুয়ো ফালৰ ধাননি পথাৰ শেষ হৈ সেউজীয়া ঘাঁহনি আৰম্ভ হ’ল । ঘাঁহনিৰ মাজে মাজে দুই এদাল প্ৰকাণ্ড গছ । ঘাঁহবোৰ যেন কোনোবাই এইমাত্ৰ চিকুণাই গৈছে । ক’তো অকণো জাবৰ-জোথৰ পৰি থকা নাই । মানুহজনে ৰাস্তাৰ পৰা ঘাঁহনিলৈ নামি গ’ল। নিয়ৰত তিতি থকা ঘাঁহবোৰৰ সংস্পৰ্শত মানুহজনৰ মনটো এক গভীৰ প্ৰশান্তিৰে ভৰি উঠিল। মানুহজনে গৈ গৈ পাহাৰ আৰু ঘাঁহনিডৰাক পৃথক কৰা সৰু নদীখনৰ পাৰ পালেগৈ । নদীৰ দুয়ো পাৰে কিছুমান গছ । বৈ থকা পানীৰ কুলু কুলু শব্দ আৰু চৰাইৰ মিশ্ৰিত কোলাহলে এক মায়াময়ী পৰিবেশৰ সৃষ্টি কৰিছে। মানুহজনে নদীৰ যুঁৱলিত থকা শিল এছটাত বহিল । পানীত বিভিন্ন ধৰণৰ মাছ । কিছুমানে উজাই সাঁতুৰিছে, কিছুমানে ভটীয়নীৰ দিশত নিজকে এৰি দিছে । দুই এটা মাছে আকৌ একে ঠাইতে ৰৈ গাটো মাজে মাজে লৰাই আছে, যেন বোৱঁতী পানীৰ শক্তিহে জুখিছে । মানুহজনে মন্ত্ৰমুগ্ধ হৈ চাই ৰ’ল। অলপ পাছত মানুহজনে পানীলৈ নামি গ’ল। একাঁঠু পানী। অকণমান হালি দুইখন হাত আঁজলি পাতি তেওঁ পানী অলপ তুলি ল’লে। পানীৰ লগতে কেইটামান পুঠি মাছ আৰু দৰিকণা মাছো উঠি আহিল। মাছকেইটাই আপোনমনে সাঁতুৰি থাকিল। সিহঁতে যেন অকণো ভয় খোৱা নাই। কিছুসময় চাই থাকি তেওঁ আলফুলকৈ পুনৰ মাছকেইটা পানীত এৰি দিলে ।
পাৰলৈ উঠি আহি কাষতে থকা গছ এজোপাৰ তলত মানুহজন বহিল। জলফাই গছ। কেইটামান কেঁচা জলফাই তলত পৰি আছে। তাৰে এটা বুটলি হাতেৰে এবাৰ মোহাৰি মানুহজনে কামোৰ এটা মাৰিলে। কিমান দিনৰ পাছত এই সোৱাদটো পাইছে তেওঁৰ মনতেই নাই। গছজোপাত আউজি চকু দুটা বন্ধ কৰি মানুহজনে দীঘলকৈ উশাহ এটা ল’লে । ইমান শান্ত সৌম্য পৰিৱেশৰ মাজত মানুহজনে পূৰ্বতে কাচিৎহে নিজকে পাইছে । কিছুসময় তেনেকৈ থকাৰ পাছত কিহবাৰ পৰশত মানুহজনৰ চকু দুটা মেল খাই গ’ল। কণমানি হৰিণা পোৱালি এটা। পোৱালিটোৱে তাৰ অকণমাণি মূৰটোৰে মানুহজনৰ কান্ধত লাহে লাহে খুন্দিয়াইছেহি। অদূৰত হৰিণাৰ জাক এটা। তাৰে মাজৰ এজনীয়ে ঘাঁহ খাবলৈ এৰি মানুহজনৰ ফালে চাইছে । সম্ভৱতঃ পোৱালিটোৰ মাক। মানুহজনে পোৱালিটোক কোলালৈ তুলি আনিলে। সি আৰামত বহি লৈ চকু দুটা বন্ধ কৰি আপোনমনে পাগুলিবলৈ ধৰিলে । মাকজনীও পুনৰ ঘাঁহ খোৱাত ব্যস্ত হৈ পৰিল। মানুহজনে পোৱালিটোৰ কাণ দুখন, বন্ধ চকু দুটা আৰু নাকৰ পাহি দুটা মাজে মাজে চুই থাকিল। কিছুসময় পাছত মাকজনী তেওঁলোকৰ কাষলৈ আহিল। সিহঁতৰ চাগে যোৱাৰ সময় হৈছে । পোৱালিটোৱে মানুহজনৰ কোলাৰ পৰা উঠি মাকৰ পিছে পিছে খোজ কাঢ়িবলৈ ধৰিলে। তাৰ পাছত হঠাতে সি চেঁকুৰ মাৰি জাকটোৰ একেবাৰে সন্মুখ পালেগৈ । মানুহজনৰ মুখত হাঁহি এটা ফুটি উঠিল । তেওঁ পুনৰ মূল ৰাস্তালৈ আহি খোজ কাঢ়িবলৈ ধৰিলে ।
কিছুসময় খোজ কঢ়াৰ পাছত ঘৰ এটা তেওঁৰ চকুত পৰিল। মানুহজনে অলপ সকাহ পালে। কাৰ ঘৰ সেইবোৰ কথা তেওঁ ভবা নাই। ইমান সময়লৈ মানুহ দুনুহ কোনো নেদেখি তেওঁ সামান্য সন্দিহান হৈ পৰিছিল। দূৰৰ পৰা ঘৰটো দেখিয়েই তেওঁৰ ভাল লাগি গ’ল । খেৰীঘৰ আজিকালি দেখিবলৈ নায়েই । ঘৰটোৰ চৌহদত বিভিন্ন ধৰণৰ গছ। ওচৰা ওচৰিকৈ থকা দু়ডাল গছত কেঁচা আম আৰু বগৰীবোৰ দেখি মানুহজনৰ মুখলৈ পানী আহিল । ঘৰটোৰ পদূলিতে দুটা বলধ গৰু থিয় হৈ আছে । কেনে সুঠাম চেহেৰা দুয়োৰে! সিহঁতে আপোনমনে ঘাঁহ পাগুলি আছে আৰু মাজে মাজে মানুহজনৰ ফালে চাইছে। সিহঁতৰ গলধনত ওলমি থকা সৰু ঘণ্টা দুটাৰ চিনাকি শব্দই মানুহজনক যেন অতীতলৈ লৈ গ’ল। কিন্তু তেওঁৰ স্মৃতি এতিয়াও ধূসৰ। মানুহজন দুয়োৰে কাষলৈ গ’ল । অচিনাকী যদিও সিহঁত সামান্যও সন্ত্ৰষ্ট হোৱা নালাগিল । মানুহজনে দুই হাতেৰে দুয়োৰে কপালত পিহিবলৈ ধৰিলে। সিহঁতে যেন মানুহজনৰ মৰম উপভোগ কৰিছে। পাগুলিবলৈ এৰি সিহঁতে চকু মুদি দিসে।
-
“অ’, আহি পালা তুমি। ইয়ালৈকে আহাঁ। মই বাট চাই আছোঁ তোমালৈ।”
কাৰোবাৰ মাতত মানুহজনৰ তন্ময়তা ভাগিল। ঘৰটোৰ কাঁথিত আদহীয়া তিৰোতা মানুহ এজনী । মানুহজন আগবাঢ়ি গ’ল। শুদ্ধ বগা সাজ পৰিহিতা মানুহজনীক দেখিলেই তেওঁৰ শ্ৰদ্ধা উপজিল। বহলকৈ কপালখনৰ মাজতে সূৰ্যৰ দৰে জিলিকি থকা ডাঙৰ ফোঁটটোৱে যেন মানুহজনীৰ সৌষ্ঠৱ বঢ়াই তুলিছে। কিন্তু তেওঁৰ আগমনৰ কথা মানুহজনীয়ে কেনেকৈ আগতীয়াকৈ জানিব পাৰে ?
-
“দীপালী বাইদেউ, আপুনি !” - মানুহজনে চিঞৰি উঠিল।
-
“হয় । ময়েই আকৌ । ইমান আচৰিত হৈছা যে ।”
-
“আপোনাক চিনি
পাইছোঁ । আপোনাৰ নামটো মনত পৰিছে । কিন্তু বাকী মই একো মনত পেলাব পৰা নাই । মই কোন, ক’ৰ পৰা আহিছোঁ, ক’লৈ গৈ আছোঁ, একোৱেই মনত নাই ।”
-
“সকলো কথা গম
পাবা লাহে লাহে । এতিয়া অকণমান জিৰণি লোৱাঁ ।”
বাইদেউৰ পিছে পিছে গৈ মানুহজনে পিৰালিতে থকা মুঢ়া এটাত বহিল । বাইদেৱে ঢাৰি এখনত বহি চালনি এখনত থকা শাক অলপ যতনাবলৈ ধৰিলে ।
-
“তোমাৰ পিয়াহ লাগিছে নেকি ?”
-
“হয় বাইদেউ, অলপ পিয়াহ লাগিছে ।”
-
“সৌৱা, সেই মাটিৰ কলহটোত চেঁচা পানী আছে । খাই লোৱাঁ। কাষতে বাটি এটাও আছে ।”
পানী খাই আহি মানুহজনে বাইদেউৰ কাষতে বহিল ।
-
“ইমান ধৰণৰ শাক ? এয়া নেফাফু, তিতাবাহক, ঢেঁকীয়া, আৰু খুতৰা নহয় নে ? সেই দুবিধ কি
শাক বাইদেউ ?”
-
“অ’ এয়া মানধনীয়া আৰু মচন্দৰি । তুমি আজি দুপৰীয়াৰ সাজ ইয়াতে খাবা।৷ তুমি এইবোৰ
খাই ভাল পোৱাঁ বুলি জানো নহয় । এওঁ ৰাতিপুৱাই যোগাৰ কৰি আনিছে ।”
-
“এওঁ মানে ? মই যে একো বুজি পোৱা নাই । মই আহিম বুলি আপুনি কেনেকৈ জানিলে বাৰু ?”
-
“কিয়, বহুত দিন আগতে তোমাক কোৱা নাছিলোঁ জানো যে সময় পালে আমাৰ ফালে এবাৰ আহি যাবা !”
-
“হয় নেকি? মোৰ যে একেবাৰে মনত পৰা নাই । এই ঠাইখন কি ? সৌ ঘৰবোৰত কোন থাকে ?”
-
“সকলো গম পাবা
লাহে লাহে । মানুহবোৰক দেখিলেই চিনি পাবা । এই গাঁওখনৰ নাম অমৰাৱতী । গুৰুজনাই কোৱা
মতে ইয়ালৈ অকল অসমক মনে প্ৰাণে ভাল পোৱা মানুহবোৰহে আহিব পাৰে । অসমৰ অহিত আৰু অমংগল
চিন্তা কৰা কোনো মানুহৰ স্থান নাই । বহুত মানুহ আছে ইয়াত । সকলো নিজৰ কামত ব্যস্ত থাকে । আমি ইয়াত সকলোৱে খেতি কৰোঁ, গান গাওঁ, নাটক কৰোঁ, গল্প-কবিতা লিখোঁ । মুঠতে ভাল পোৱা সকলো কাম কৰোঁ ।”
-
“বাটত মই পথাৰ
এখন দেখিছিলোঁ । ইমান ভাল ধান খেতি হৈছে ।”
-
“সেয়া ভোলানাথদাই
তদাৰক কৰা পথাৰ । গাঁওখনৰ চাৰিওফালে পথাৰ । ৰাস্তাটোৰে অলপ গলেই মণিৰামদাৰ চাহ খেতিও
পাবা ।”
-
“ময়ো খেতিপথাৰত কাম
কৰিম ।”
-
“নিশ্চয় । প্ৰথমতে
তুমি মানুহবোৰক লগ পাই লোৱাঁ । তোমাক লগ পাবলৈ সকলো উদগ্ৰীৱ হৈ আছে । সকলোকে লগ পাবলৈ
কেইবাদিনো লাগিব তোমাক ।”
-
“পিছে মই কোন ? মোৰ কি নাম ?”
-
“তোমাৰ নামটো
কি ময়ো নাজানো । গুৰুজনাইহে তোমাক নাম এটা দিব ।”
-
“ঠিক আছে বাৰু । অকণমান টোপনি আহিছে মোৰ । অকণমান ঢাৰিখনতেই শুই লওঁ নে ?”
-
“নিশ্চয় । এটা
কাম কৰাঁ । মোৰ কোলাতেই মূৰটো থৈ শুই দিয়াঁ । মই জানো তুমি বহুত ভাগৰুৱা ।”
-
“ধন্যবাদ বাইদেউ । মোৰ গান শুনিবলৈ মন গৈছে । আপুনি কিবা গান এটা গাওকচোন ।”
দীপালি বাইদেৱে মূৰটো দুপিয়ালে । তাৰ পাছত তেওঁ গুণগুণাবলৈ
আৰম্ভ কৰিলে - “বকুল বনত জোনাক যামিনী …।”
অলপ সময় পাছত মানুহজনে চকু মেলিলে । তেওঁ পৰিস্থিতিটো অনুমান কৰিবলৈ চেষ্টা কৰিলে । বাইদেউৰ মৰমসনা মুখখন দেখি তেওঁৰ কিছু কথা মনত পৰিল ।
-
“বহুত সময় শুলোঁ
নেকি বাইদেউ ?”
- “নাই শোৱা, কিন্তু মই কামটো শেষ কৰিলোঁ ।” কোনোবা পুৰুষৰ কণ্ঠ । মানুহজনে ঘূৰি চালে ।
- “নীলপৱনদা, আপুনি ?” মানুহজনে চিঞৰি উঠিল । নীলপৱনদাৰ মুখত হাঁহি এটা ফুটি উঠিল ।
- “কৈছিলোঁ নহয় তোমাক, মানুহবোৰক দেখিলে তোমাৰ মনত পৰিব ।” দীপালী বাইদেৱে সহজভাৱে কৈ উঠিল ।
নীলপৱনদাই ছবি এখন আঁকিছে । মানুহজনে দীপালী বাইদেউৰ কোলাত মূৰ থৈ সৰু ল’ৰা এজনৰ দৰে শুই থকা ছবি এখন । ইমান জীৱন্ত হৈছে ছবিখন ।
-
“তোমালোকে কথা
পাতাঁ। মই সকলোৰে কাৰণে চাহ কৰি আনোগৈ । টেকেলি পিঠা আছে । তুমি টেকেলি পিঠা বৰ ভাল
পোৱাঁ, নহয় জানো ?“
নীলপৱনদাৰ কথাবোৰ মানুহজনৰ কিবা সাঁথৰ সাঁথৰ যেন লাগিল । কেইবাটাও নাম কৈছে । সেই নামৰ মানুহবিলাকে হেনো বাট চাই আছে । কিন্তু নামকেইটা আগতে কেতিয়াও শুনা নাই বুলি মানুহজন নিশ্চিত । মানুহ কেইজনক লগ পালেই মনত পৰিব বুলি নীলপৱনদাই কোৱা কথাটোৱো হজম হোৱা নাই । গাঁওখনৰ আনটো মূৰত হেনো নাটকৰ আখৰা চলিছে । মাজত মাথোঁ তিনিসপ্তাহ আছে । জ্যোতি ককাইদেৱে হেনো হেমন্তদাৰ সহযোগত ভবেনদাৰ নতুন কাহিনী এটাক নাট্যৰূপ দিছে । ভূপেনদাৰ সংগীত পৰিচালনা আৰু বিষ্ণু ককাইদেউৰ নৃত্য পৰিচালনাৰে পাৰ্বতীপ্ৰসাদ ককাইদেউ, ৰুদ্ৰদা, আৰু নিৰ্মলপ্ৰভা বাইদেউৰ কেইবাটাও গানত ইতিমধ্যে বীৰেনদা, তাৰিকুদ্দিনদা, প্ৰতিমা বাইদেউ, জয়ন্তদা আৰু দীপালী বাইদেৱে কণ্ঠদান কৰিছে । নাটকখনৰ মুখ্য চৰিত্ৰ কেইটাত হেনো কোনোবা বলিনদা, বিজুদা, নিপনদা আৰু আইদেউ বাইদেৱে অভিনয় কৰিব । দীপালী বাইদেউৰ বাহিৰে কোনো এটা নামেই মানুহজনৰ চিনাকি লগা নাই । মানুহজন আটাইতকৈ আচৰিত হ’ল তেতিয়া যেতিয়া নীলপৱনদাই ক’লে যে নৱকান্তদা আৰু লক্ষহীৰা বাইদেৱে হেনো কেইবাটাও গান ৰচনা কৰি থৈছে যিকেইটাত তেওঁ কণ্ঠদান কৰিব লাগিব । কিন্তু কেনেকৈ ? মানুহজনে নিজেই নাজানে তেওঁ গাব পাৰে নে নোৱাৰে । বাৰে বাৰে চেষ্টা কৰিও কেতিয়াও নিজে গুনগুনোৱাৰ কথা মানুহজনৰ মনত নপৰিল । তাৰ পাছত দুয়ো পাকঘৰলৈ গৈ দীপালী বাইদেউক ৰন্ধা বঢ়াৰ কামত সহযোগ কৰিলেগৈ । আজি হেনো ভালেমান মানুহ ভাত খাবলৈ আহিব ।
ভাত খাবলৈ অহা আলহী কেইজনক দেখি মানুহজনৰ মুখ মেল খাই গ’ল । সেয়া দেখোঁ এৰী চাদৰ এখন গাত মেৰিয়াই লক্ষ্মীনাথ ককাইদেউ, লগত পদ্মনাথ ককাইদেউ, আনন্দৰামদা, সত্যনাথদা, হেমচন্দ্ৰদা, কৃষ্ণকান্তদা, প্ৰসন্নলালদা, ৰঘুনাথদা, অম্বিকাগিৰীদা, সাধিনী বাইদেউ, চন্দ্ৰপ্ৰভা বাইদেউ, নলিনী বাইদেউ আৰু বীৰুবালা বাইদেউ । তেওঁলোক আটায়ে মানুহজনক উষ্ম আদৰণি জনালে । মানুহজন ভাবুক হৈ পৰিছে । চিৰনমস্য ব্যক্তিকেইজনৰ লগত কথা পাতিবলৈ তেওঁৰ ভাষা হেৰাই গৈছে । ভাত খোৱাৰ পাছত সকলোকে মাত লগাই মানুহজন ওলাই গ’ল । কিছুসময় আগলৈকে কাকো মনত নপৰা মানুহজনৰ হঠাতে ইমানবোৰ চিনাকি মানুহ ওলাল । আটাইবোৰ মানুহকে তেওঁৰ লগ পাবলৈ মন গৈছে । বীৰুবালা বাইদেৱে কৈছিল কোনোবা কুশল ককাইদেউ, কনকলতা বাইদেউ, মূলা বাইদেউ, পিয়লি ককাইদেউ আৰু মুকুন্দ ককাইদেউও হেনো অহা কথা আছিল । কিবা কামত ব্যস্ত হৈ পৰা কাৰণে আহিব নোৱাৰিলে ।
কিছুসময় খোজ কঢ়াৰ পাছত মানুহজনৰ খোজ মন্থৰ হ’ল । বিপৰীত ফালৰ পৰা তিনিজন মানুহ খোজ কাঢ়ি আহি আছে । তেওঁলোকক চিনি পাবলৈ মানুহজনৰ এক মুহূৰ্তও নালাগিল । ভবেনদা, যোগেশদা আৰু হোমেনদা । তেওঁলোক ইয়াত কেনেকৈ ? দীপালী বাইদেউই কোৱা কথা এটা মনত পৰিল । অসমক ভাল পোৱা আৰু অসমী আইৰ হকে নিঃস্বাৰ্থভাবে কাম কৰা মানুহবোৰৰ কাৰণে হেনো সৃষ্টিকৰ্তাই নতুন অমৰাৱতী এখন সৃষ্টি কৰিছে । তেওঁলোকৰ লগত কথা পাতি থাকোতেই হঠাতে কৰবাৰ পৰা বগলী এজনী উৰি আহি মানুহজনৰ কান্ধত পৰিল । বগলীজনীক মানুহজনৰ ইমান আপোন আপোন লাগিল । হোমেনদাই কোৱা কথা এষাৰেহে মানুহজনক আচৰিত কৰি তুলিলে । উদাসিনী নামৰ বগলীজনীয়ে আজি হেনো বহুদিনৰ মূৰত হাঁহিছে । কিন্তু কিয় ? তেওঁলোকৰ পৰা বিদায় লৈ মানুহজন পুনৰ গৈ থাকিল । ৰাস্তাটোত বহুত ঘৰ । কিছুমান ঘৰত কোনো নাই । কিছুমানত মানুহ আছে। তেওঁলোকৰ বহু কেইজনক তেওঁ চিনি পালে ।
অলপ পাছত আঁহত গছ এজোপাৰ তলত সৰু ল’ৰা-ছোৱালী কিছুমান চকুত পৰিল । সিহঁত শৰীৰ চৰ্চা আৰু সমৰ কলা আহৰণত ব্যস্ত । সিহঁতক প্ৰশিক্ষণ দিছে ভীমহেন চেহেৰাৰ দুজন মানুহে । তেওঁলোকৰ শৌৰ্য-বীৰ্যৰ কথা দেখিয়েই অনুমান কৰিব পাৰি । মানুহজনে চিনি পোৱা নাছিল তেওঁলোকক । তেওঁলোকে মানুহজনক অভিবাদন জনাই নিজেই চিনাকি দিলে - লাচিত আৰু চিলাৰায় । এইবাৰ মানুহজনৰ চকু গ’ল আহতজোপাৰ তলত দুখন চকীত বহি থকা দুজন মানুহলৈ । তেওঁলোকৰ আকাশলংঘী ব্যক্তিত্বৰ প্ৰভাৱত তেওঁলোকৰ প্ৰতি মুহূৰ্ততে মানুহজন শ্ৰদ্ধা উপজিল । নিজে গম নোপোৱাকৈ তেওঁলোকৰ সন্মুখত মানুহজনে আঁঠু ল’লে। কাষতে ঢাৰি এখনত অন্য তিনিজন মানুহো বহি আছিল । তেওঁলোক চিনি পাবলৈ অৱশ্যে সমস্যা নহ’ল । সেয়া গোপীনাথদা, তৰুণৰামদা আৰু নবীনদা । নবীনদাই নমস্য ব্যক্তি দুজনক চিনাকি কৰি দিলে - তেওঁলোক হেনো চুকাফা আৰু নৰনাৰায়ণ ।
তেওঁলোকৰ পৰা বিদায় লৈ মানুহজন পুনৰ গৈ থাকিল । একে ঘটনাৰে পুনৰাবৃত্তি হ’ল । বহুত মানুহক লগ পালে । কিছুমানক তেওঁৰ মনত পৰিছে । প্ৰত্যেকেই নিজৰ চিনাকি দি মানুহজনক স্বাগতম জনাইছে । মানুহজনে এটা কথা মন কৰিছে । প্ৰত্যেকেই নিজৰ নাম কৈছে । কিন্তু কাৰো উপাধি নাই । তেওঁ যেন প্ৰতি মুহূৰ্ততে নতুন ৰহস্যৰ মাজলৈ সোমাই গৈছে । গৈ গৈ এটা ঘৰৰ সন্মুখত মানুহজন ৰৈ গ’ল । ঘৰটোৰ পৰা সামান্য দূৰত এটা পুখুৰী । তাৰ পৰা চৰাই-চিৰিকতিৰ মাত ভাহি আহিছে । চোতালত ডাঙৰ ঢাৰি কেইজনমানত মানুহে বহি কথা পাতি আছে । তেওঁলোকে মানুহজনক মাতিছে । মানুহজনে দূৰৰ পৰাই তেওঁলোকক চিনি পালে । সেয়া যে ভুপেনদা, আব্দুলদা, হীৰুদা আৰু নীলমণিদা ! কি কওঁ, কি নকওঁ ভাবি মানুহজনৰ খোকোজা লাগিল । কিছুসময় কথা পতাৰ পাছত নীলমণিদাই কৈ উঠিল
-
“হীৰুৱে নতুন
বিহু গান লিখিছে । ভূপেনদা, খগেনদা আৰু তুমি
একেলগে গাব লাগিব ।”
-
“কিন্তু কেনেকৈ ? মই নিজে কেতিয়াও গান গোৱা মনত নাই ।”
-
“কোনো কথা নাই । তুমি একেবাৰতে শিকি যাবা ।”
ভূপেনদাই কোৱা কথাখিনি মানুহজনৰ হজম নহ’ল । তেওঁ কেনেকৈ গান গাবলৈ শিকিব । হঠাতে মানুহজনৰ কথা এটা মনত পৰিল।
-
“সকলোৱে মোক ইমান
মৰম কৰিছে যেন তেওঁলোকে মোক আগৰ পৰাই জানে । কিন্তু কোনেও মোক নাম কাঢ়ি মতা নাই । কিয় ? মোৰ কি নাম কি মই নিজেও নাজানো । অন্য এটা কথা, সকলোৰে নামবোৰ গম পাইছোঁ, কিন্তু কাৰো
একো উপাধি কিয় নাই ?”
উত্তৰটো আব্দুলদাই দিলে - “উপাধিবোৰে সমাজত বহুত সমস্যাৰ সৃষ্টি কৰে । সেয়েহে ইয়াত নামৰ লগত আমি কোনো উপাধি সংযোগ নকৰোঁ ।” মানুহজনৰ মুখত হাঁহি এটা ফুটি উঠিল । সেই কথাটো তেওঁ সদায়েই উপলব্ধি কৰিছিল ।
“তোমাৰ নামটো আচলতে আমি এতিয়াও নাজানো। আহাঁচোন মোৰ লগত ।” ভূপেনদাই থিয় হৈ পুখুৰীটোৰ ফালে খোজ ল’লে । মানুহজনে তেওঁক অনুসৰণ কৰিলে । আব্দুলদা, হীৰুদা আৰু নীলমণিদা তাতেই বহি ৰ’ল । প্ৰকাণ্ড পুখুৰীটোত শহা পহু, গাই গৰু আৰু হৰিণা কেইটামানে পানী খাইছে । ৰাজহাঁহ কেইটামানেও আপোনমনে সাঁতুৰি আছে । কাষত থকা গছবোৰৰ বিভিন্ন ধৰণৰ চৰাই । সিহঁতে এজোপা গছৰ পৰা আনজোপালৈ উৰি উৰি নিজৰ মাজতে ধেমালি কৰিছে । কিবা যেন এটা অচিন ভাষাত সিহঁতে গান গাইছে । হঠাতে দুটা ভাটৌ চৰাই উৰি আহি মানুহজনৰ দুই কান্ধত বহিল । সিহঁতে একেলগে স্পষ্টকৈ কৈছে - “স্বাগতম ।” মানুহজনৰ মনটো ভাল লাগি গ’ল । দুয়োকে মানুহজনে এটাকৈ চুমা খালে । “ইহঁত দুটা ৰংদৈ আৰু ৰাঙলী । বৰ দুষ্ট হৈছে দুইটা ।” ভূপেনদাই কৈ উঠিল ।
পুখুৰীটোৰ আনটো ফালে এজোপা বৃহৎ বৰগছ । গছজোপাৰ তলত ঢাৰি এখনত দুজন মানুহ । তেওঁলোকে এইফালেই চাই আছে । তেওঁলোকৰ মুখত স্বৰ্গীয় হাঁহি । খালী গা, সামান্য দীঘল চুলি, শুদ্ধ বগা চুৰিয়াৰে তেওঁলোক যেন সাক্ষাৎ ভগৱানৰ ৰূপ । ইমান প্ৰাণোচ্ছ্বল তেওঁলোকৰ চকুকেইটা । তেওঁলোকৰ শৰীৰৰ পৰা কিবা যেন জ্যোতি নিগৰিছে । যিমানেই ওচৰ চাপি গ’ল, সিমানেই মানুহজনৰ মূৰটো শ্ৰদ্ধাত দোঁ খাই গ’ল । এনে ধৰণৰ অসাধাৰণ, আকৰ্ষণীয় ব্যক্তিত্বৰ কাহানিও আগতে সন্মূখীন হোৱা মানুহজনৰ মনত নাই । আগতে কেতিয়াও দেখা নাই, কিন্তু মানুহজনৰ এনে লাগিল যেন তেওঁ সদায়েই এই দুজন মানুহৰ সন্ধানত আছে ।
ভূপেনদাই দুয়োজনকে সেৱা কৰি কাষতে বহিল । মানুহজনেও
তাকেই কৰিলে । মানুহজনে মুগ্ধ দৃষ্টিৰে তেওঁলোকৰ ফালে চাই ৰ’ল ৷ ঠিক ধৰিব পৰা নাই । কিন্তু দুটা নাম বাৰে বাৰে তেওঁৰ মনলৈ আহিছে - “শংকৰ-মাধৱ ।”
- “গুৰুদেৱ, আমাৰ নতুন আলহীক আমি কি বুলি সম্বোধন কৰিম ?” ভূপেনদাই সুধিলে ।
তেওঁলোকে কিবা কোৱাৰ আগতেই ৰংদৈ আৰু ৰাঙলীয়ে একেস্বৰে
কৈ উঠিল - “জুবিন - জুবিন - জুবিন ।”
সন্মতিৰ সুৰত দুয়োজনা গুৰুৱে মূৰ দুপিয়ালে । তেতিয়াই
কাৰোবাৰ খোজৰ শব্দত তেওঁলোক আটায়ে ঘূৰি চালে । দীঘল চুলিৰে কুৰ্তা পাইজামা পিন্ধা মানুহ
এজন । দুজনা গুৰুৰ পৰা আশীৰ্বাদ লৈ আৰু ভূপেনদা, জুবিনক অভিবাদন জনাই নতুন মানুহজন তেওঁলোকৰ লগতেই বহিল । ভূপেনদাই নতুন মানুহজনৰ
আশীৰ্বাদ ল’লে । জুবিনেও মন্ত্ৰমুগ্ধৰ দৰে একেই কৰিলে । গুৰু
দুজনা আৰু ভূপেনদাৰ মুখত হাঁহি বিৰিঙিল । বিজুলীৰ দৰে নাম এটা জুবিনৰ মনলৈ আহিল - “আজান !”
তেতিয়াই ৰংদৈ আৰু ৰাঙলীয়ে জুবিনৰ কান্ধৰ পৰা উৰা মাৰিলে । উৰি যাওতে সিহঁতে বাৰে বাৰে কৈ গ’ল - “মণিকাঞ্চন, মণিকাঞ্চন, মণিকাঞ্চন।”
***
( জুবিন গাৰ্গৰ প্ৰস্থানৰ পাছত সামাজিক মাধ্যমত জুবিনদাৰ আত্মাই স্বৰ্গলৈ গৈ তেওঁৰ ভগ্নী জংকি আৰু অন্যান্যক লগ পোৱাৰ কথা বৰ্ণনা কৰি কোনোবাই কবিতা এটা লিখিছিল ৷ গল্পটোৰ বিষয়বস্তুৰ লগত পাঠকে অলপ সাদৃশ্য বিচাৰি পাব পাৰে ৷ )
ঠিকনা :
Dr. Aseem Talukdar
Office: 270.824.1836
Professor and Chair, Division of Math and Sciences
Madisonville Community College
Madisonville-KY 42431 USA
