অন্যযুগ/


বাস্তৱতা আৰু গণিত

° প্ৰিয়দেৱ গোস্বামী

ভাষা মানৱ সভ্যতাৰ প্ৰথমটো স্থায়ী খোজ। বাস্তৱ পৃথিৱীখনত ঘটা, দেখা পোৱা বিভিন্ন বস্তু, ঘটনা-পৰিঘটনা আদিৰ বিষয়ে এজনে আনজনৰ লগত হোৱা ভাব বিনিময়ৰ ফলতে কথিত ভাষাৰ উৎপত্তি হয়। ই মানুহৰ সভ্যতাৰ দিশত আগবঢ়াৰ আদিতম অৱস্থা। কথিত ভাষাক চিত্ৰলৈ ৰূপান্তৰিত কৰি লিখিত ভাষাৰ উদ্ভাৱন কৰা হল। ফলত মানুহৰ সমাজে এক গতি লাভ কৰিলে। লাহে লাহে মানুহৰ জীৱন ধাৰণৰ বাবে নতুন নতুন প্ৰয়োজন আহি পৰিল। ভাষাৰ পাছৰ প্ৰয়োজনটো আছিল গণনা কাৰ্যহিচাপ ৰখা প্ৰক্ৰিয়া। বিশেষকৈ সম্পদৰ ধাৰণা গঢ় লৈ উঠাৰ পাছৰে পৰাই নিজৰ মানুহৰ সংখ্যা, জন্তুৰ সংখ্যা, আন বয়-বস্তুৰ সংখ্যা, মাটিৰ পৰিমাণ আদিৰ হিচাপ ৰখাটো মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজন হৈ পৰিল। মানুহে ক্ৰমশঃ ভাবিব পৰা হল আৰু তেওঁলোকে সন্মুখীন হোৱা সমস্যাৰ সমাধান বিচাৰিবও জনা হল। এই অৱস্থা আছিল আমাৰ উপৰিপুৰুষৰ৷

বহু হাজাৰ বছৰৰ আগতে তেনে অৱস্থাত আমাৰ উপৰিপুৰুষসকলেই গনাকাৰ্যৰ বাবে আৱিষ্কাৰ কৰিছিল কিছুমান চিহ্ন। সেইবোৰেই কালক্ৰমত সংখ্যাৰ ৰূপ ললে। ভাষাৰ দৰেই যিহেতু গণনাৰ জ্ঞান আমাৰ বাবে অপৰিহাৰ্য, সেয়েহে যুগে যুগে পৃথিৱীৰ প্ৰায় সকলো প্ৰান্তত গণিতৰ চৰ্চা হৈ আহিছে। পুৰণি কালত কিন্তু প্ৰায়ভাগ চৰ্চা প্ৰয়োজনভিত্তিক আছিল। ক্ৰমে ক্ৰমে সম্পূৰ্ণ বাস্তৱ অৱস্থা কিছুমানৰ প্ৰতিফলিত ৰূপ মানুহে আৱিষ্কাৰ কৰিবলৈ সক্ষম হল। সংখ্যাৰ সহায়ত মানুহে কিছুমান চিন্তাৰ প্ৰকাশ কৰা আহিলা বিচাৰি পালে। গতিকে, অৱধাৰিতভাৱেই বিভিন্ন সমস্যাৰ সমাধানত ব্যৱহাৰ কৰাৰ ফলত লাহে লাহে গণিত হৈ পৰিল সাংকেতিক। আৰু হয়তো এই অৱস্থাৰ পৰাই আকৌ ই এক কিছু জটিল বিষয় বা সকলোৰে বাবে বোধগম্য নোহোৱা এক বিষয় হিচাপেও খ্যাত বা বিভূষিত হবলৈ আৰম্ভ কৰিলে। সেয়েহে হয়তো সংখ্যাৰ প্ৰসংগLeopald kronecker (1823-1891)- কৈছিল— ‘‘স্বাভাৱিক সংখ্যা ভগৱানৰ সৃষ্টি আৰু বাদ-বাকী সকলো মানুহৰ ক্ৰিয়া-কৰ্ম।’’

গণিত প্ৰকৃততে এক শুদ্ধ চিন্তাৰ প্ৰতিফলন বা বিপৰীতক্ৰমে এজন ব্যক্তিৰ চিন্তা শুদ্ধ আৰু মৌলিক হবলৈ হলে গণিতৰ অধ্যয়ন কৰা প্ৰয়োজন। গণিতৰ অধ্যয়নে চিন্তাত দাৰ্শনিকভাৱে শুদ্ধতা প্ৰদান কৰে। ইয়াৰ অধ্যয়নে আমি প্ৰকৃত সত্য বিচাৰি উলিওৱাত পথপ্ৰদৰ্শক হিচাপে কাম কৰে। প্ৰকৃতি যিহেতু কিছুমান নীতি-নিয়মেৰে  চলে, এতেকে আমাৰ অজ্ঞাত সত্য অন্বেষণৰ আহিলা হব পাৰে গণিতৰ অধ্যয়ন। প্ৰকৃততে কিন্তু সেইটোৱেই সত্য বুলি প্ৰমাণিত হৈও আহিছে। যেনে— ভূমিৰ জোখৰ নথি প্ৰস্তুতকৰণৰ বিষয়টোকে ধৰা যাওক। মানৱ সভ্যতাৰ কোনোবা সময়ত বিভিন্ন প্ৰকাৰৰ ভূমিৰ কালিৰ পৰিমাণ বা ধৰ্মীয় আচাৰ-নীতিত বেলেগ বেলেগ আকাৰৰ জোখ-মাখ লোৱাৰ প্ৰয়োজন হল। আৰু এনে প্ৰচেষ্টাৰ ফলত জ্যামিতিৰ বিকাশ ঘটিবলৈ ধৰিলে। বিভিন্ন আকাৰৰ ক্ষেত্ৰত কালিৰ হিচাপ ৰাখিবলগীয়াল। ইয়াৰ ফলত জ্যামিতিক আকৃতি বৰ্গক্ষেত্ৰ, আয়তক্ষেত্ৰ, ত্ৰিভু, বৃত্ত আদি ধাৰণাৰ বিকাশ হল। কোনো কোনো অৱস্থাত বাস্তৱৰ পৰা উদ্ভৱ হোৱা সমস্যা নহলেও তাৰ ধৰ্ম, ব্যৱহাৰ, প্ৰকৃতি আদিৰ অধ্যয়নৰ বেলিকাও গণিত প্ৰকৃততে অধ্যয়নৰ ক্ষেত্ৰৰূপেই বিকশিত হয়। তেনে ক্ষেত্ৰত গণিত এক পাৰদৰ্শী মানুহৰ একচেটিয়া বিষয় হিচাপেও এটা ধাৰণা সৃষ্টি হব খুজিলে। কিন্তু গণিত প্ৰকৃততে কেতিয়াও বাস্তৱবিচ্ছিন্ন নহয়। গণিত অধ্যয়নৰ ফলত আৱিষ্কৃত তত্ত্ব এটা হয়তো তৎক্ষণাতে আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ আমাৰ আগত ধৰা নিদিবও পাৰে। কিন্তু সিয়েই কেতিয়াবা সমাজৰ উন্নতিৰ সুঁতি সলনি কৰাৰ আধাৰ হৈ পৰে। লগে লগে তেনে তত্ত্বই অধিক অধ্যয়ন আৰু প্ৰয়োগৰ বিভিন্ন সুযোগ সৃষ্টি কৰে।

গণিতৰ কিছুমান অন্তৰ্নিহিত ধাৰণা প্ৰায়োগিকভাৱে প্ৰদৰ্শন কৰি ন-শিকাৰুসকলক ইয়াৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰি। প্ৰয়োগ কৰিব পাৰিলে কোনো এজনে ইয়াৰ লগত জড়িত তত্ত্বগত কথাকেইটা সহজে আয়ত্ত কৰিবও পাৰে। দেখাত অসাধ্য যেন লগা কিছুমান কথা গণিতৰ ধাৰণাৰ সহায়ত সহজে সমাধান কৰিব পাৰি। উদাহৰণস্বৰূপে পাহাৰ এটাৰ বা গছ এডালৰ উচ্চতা বা নদী এখন কিমান বহল আমি ত্ৰিকোণমিতিৰ ধাৰণা প্ৰয়োগ কৰি নিৰ্ণয় কৰিব পাৰোঁ। গ্ৰহ-নক্ষত্ৰৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি বছৰৰ দিন-মাহ গণনা কৰা হয়। আগৰ দিনত ঋতু আগমনৰ বতৰা দিবলৈ প্ৰয়োজন হোৱা ত্ৰিকোণমিতীয় অনুপাত Sin বা Cosine-ৰ মান গণনা কৰাৰ পদ্ধতি ভাৰতত আৱিষ্কাৰ হৈছিল। কাৰণ সেই সময়ৰ অৰ্থনীতি কৃষিভিত্তিক আছিল। ৰাজন্যবৰ্গৰ অৰ্থভঁৰাল টনকিয়াল কৰাত কৃষিৰ উৎপাদনে বিশেষ ভূমিকা পালন কৰিছিল আৰু কৃষিকাৰ্য আছিল সদায় বতৰৰ ওপৰত নিৰ্ভৰশীল। বিভিন্ন বতৰ আগমনৰ সময় নিৰ্ধাৰণ অকল গণিতৰ অধ্যয়নৰ সহায়তহে সম্ভৱ হৈছিল। এনে অধ্যয়নৰ সময়তে বিষয়বিলাক বিভিন্ন দিশত আগ বাঢ়ে আৰু তাতেই কেতিয়াবা ই সাধাৰণ মানুহৰ বাবে কিছু দুৰ্বোধ্য হৈ পৰে। এনে ধৰণৰ অধ্যয়নো কিন্তু অতি প্ৰয়োজন। তেতিয়াহে বহু তত্ত্বৰ শুদ্ধতা বিশ্লেষণ সম্ভৱ হয়। প্ৰকৃততে উচ্চস্তৰৰ প্ৰায় সকলো বিষয়ৰ অধ্যয়নেই তাত্ত্বিক হৈ পৰে।

আমাৰ বৰ্তমান সমাজখন তথ্য-প্ৰযুক্তিনিৰ্ভৰ। আমাৰ জীৱনযাত্ৰাৰ সৈতে জড়িত বিভিন্ন প্ৰযুক্তি কিন্তু কেইদিনমানতে গঢ় লৈ উঠা নাই। শতিকাজোৰা বিভিন্ন ধাৰণাৰ বিকাশৰ কালত এইবোৰ সম্ভৱ হৈছে। ব্ৰিটিছ দাৰ্শনিক জৰ্জ বুলৰ তত্ত্ব এই বিষয়ত অতি গুৰুত্বপূৰ্ণ আৰু মৌলিক। ১৮৪৭ চনত বুলে An Invertigation of Laws of Thought শীৰ্ষক এখন পুথি প্ৰকাশ কৰে। তাত তেখেতে  মানুহে কেনেভাৱে চিন্তা কৰে আৰু তাৰ ফলাফল কেনেদৰে প্ৰকাশ কৰা হয় তাৰ বিস্তৃত ব্যাখ্যা দাঙি ধৰিছে। তেওঁৰ ধাৰণাৰ মূল কথা হল বস্তুৰ অৱস্থিতি সম্পৰ্কে আমাৰ মগজুৱে কৰা ধাৰণা; ইয়াত পৰিমাণে প্ৰভাৱ নেপেলায়। এই চিন্তাৰ লগত ধৰ্মীয় এক ভাবৰো মিল আছে। তেওঁৰ মতে অলেখ উপাস্য দেৱ-দেৱী থাকিলেও পৰমেশ্বৰ এজন। এতেকে একৰ সৈতে এক যোগ কৰিলেও একেই পোৱা যায়। আমাৰ মগজুৱে বস্তু এটাৰ বিষয়েহে চিন্তা বা ধাৰণা কৰে, পৰিমাণ নহয়। এনে অদ্ভুত ধাৰণা সেই সময়ৰ ইংৰাজ সমাজে‍ গ্ৰহণ নকৰি তেওঁৰ পুথিখন নিষিদ্ধহে কৰিছিল। কিন্তু পুথিখন প্ৰকাশৰ ১০০ বছৰৰ পাছত তেওঁৰ তত্ত্বৰ আধাৰত বৈদ্যুতিক আহিলা আৱিষ্কাৰ সম্ভৱ হৈ উঠিল, আৰু তেওঁৰ ধাৰণাই কম্প্যুটাৰ বিজ্ঞানৰো মূল ভেঁটি হৈ পৰিল। বুলৰ ধাৰণাই এক সুন্দৰ উদাহৰণ দাঙি ধৰিলে যে মানুহৰ চিন্তাৰ গাণিতিক ৰূপ দিব পৰা যায় আৰু পাছৰ পৰ্যায়ত সেই গণিত প্ৰয়োগৰ দিশত আগ বাঢ়ে।

যুগে যুগে আহৰণ কৰা জ্ঞান নতুন প্ৰজন্মক অনুষ্ঠানিক শিক্ষাৰ দ্বাৰা প্ৰদান কৰা হয়। জীৱন-জীৱিকাৰ বাবে সংখ্যাৰ জ্ঞান অপৰিহাৰ্য। গতিকে বিদ্যালয় পৰ্যায়ত গণিত শিক্ষাক বাধ্যতামূলক কৰা হৈছে। এই শিক্ষাৰ দুটা উদ্দেশ্য আছে। প্ৰথমটো এক ক্ষুদ্ৰ উদ্দেশ্য যত অকল সংখ্যাৰ আৰু ইয়াৰ বাস্তৱ প্ৰয়োগ সম্পৰ্কে জ্ঞান দিয়া হয়। আনটো এক উচ্চ লক্ষ্য। ইয়াত শিক্ষাৰ্থীজনৰ চিন্তাক শুদ্ধতাৰ দিশলৈ আনি তেওঁৰ মাজত নিহিত প্ৰতিভা বিকাশৰ লক্ষ্য লোৱা হয়। এনে ক্ষেত্ৰত যুক্তিগত চিন্তাৰ বিকাশ ঘটে, শুদ্ধ সিদ্ধান্তত উপনীত হোৱাৰ কৌশল বিকাশ ঘটাৰ পথ প্ৰস্ত হয়। ইয়াৰ ফলত তেনে চিন্তাৰ বিমূৰ্তকৰণ ঘটে আৰু তেতিয়াই শিক্ষাৰ্থী নতুন জ্ঞানৰ অন্বেষণৰ দিশলৈ আগ বাঢ়ি যাবলৈ সমৰ্থ হৈ উঠে।

প্ৰথমবাৰৰ বাবে গণিতৰ বিমূৰ্ত ধাৰণাসমূহৰ মুখামুখি হৈ বহু শিক্ষাৰ্থীয়ে বিষয়টো টান বুলি ভাবিবলৈ আৰম্ভ কৰে আৰু গণিত শিক্ষাৰ প্ৰতি অনিচ্ছা বাঢ়ি আহে। আমাৰ ৰাজ্যখনৰ দশম শ্ৰেণীৰ বৰ্ড পৰীক্ষাত অকৃতকাৰ্য শিক্ষাৰ ভিতৰত গণিত বিষয়ত বিফল হোৱা শিক্ষাৰ্থীৰ সংখ্যাই সৰহ। আচলতে বিষয়টো কেনেকৈ ব্যৱহাৰিক দিশত প্ৰয়োগ কৰা হয়, সেই বিষয়ে  শিক্ষকে মনোগ্ৰাহীকৈ বুজাব পাৰিলে বিষয়টোত ছাত্ৰ-ছাত্ৰীৰ কৃতকাৰ্যতা বৃদ্ধি পাব। যিহেতু গণিত শিক্ষাই আমাৰ মনলৈ চিন্তাৰ শুদ্ধতা আনে, এতেকে এখন সভ্য তথা পৰিকল্পিত সমাজ গঢ় দিয়াত বিষয়টোৰ গুৰুত্ব অপৰিসীম। নিউটনৰ সূত্ৰসমূহৰ আধাৰত ঔদ্যোগিক বিপ্লৱৰ সূচনা হৈ পৃথিৱীলৈ যুগান্তকাৰী পৰিৱৰ্তন আহিছিল। বৰ্তমানে তথ্য-প্ৰযুক্তিবিদ্যাৰ জোৱাৰে আন এক পৰিৱৰ্তন কঢ়িয়াই আনিছে। এই সকলোৰে ভেঁটি হৈছে গণিত। গণিতৰ বিকাশৰ ইতিহাসেই হল সভ্যতাৰ চকৰিটোৰো ইতিহাস।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ